In the Information era, first-mover does not matter, the best-mover does : PM
It is time for tech-solutions that are Designed in India but Deployed for the World :PM

নমস্কাৰ,

 

আমাৰ মন্ত্রীসভাৰ সহকর্মী শ্রী ৰবিশঙ্কৰ প্রসাদ জী, কর্ণাটকৰ মুখ্যমন্ত্রী শ্রী বি এস ইয়াদুৰিয়াপ্পা জী তথা প্রযুক্তি জগতৰ আমাৰ প্রিয় বন্ধুসকল, এই গুৰুত্বপূর্ণ প্রযুক্তিৰ শীর্ষ সম্মিলন প্রযুক্তিৰ মাধ্যমত অনুষ্ঠিত হৈছে, যি অত্যন্ত সময়োপযোগী হিচাপে বিবেচিত হৈছে।

 

বন্ধুসকল, পাঁচ বছৰ আগেয়ে আমি ডিজিটেল ইণ্ডিয়া অভিযানৰ সূত্রপাত কৰিছিলো। আজি আমি অত্যন্ত আনন্দে জনাইছো যে, এতিয়া কেৱল চৰকাৰী উদ্যোগ হিচাপেই ডিজিটেল ইণ্ডিয়া সীমাবদ্ধ নহয়। ডিজিটেল ইণ্ডিয়া জীৱনৰ অংগ হৈ উঠিছে, বিশেষকৈ দৰিদ্র, প্রান্তিক মানুহৰ বাবে৷ ডিজিটেল ইণ্ডিয়াক ধন্যবাদ, কাৰণ, আমাৰ দেশবাসীয়ে মানৱকেন্দ্রিক উন্নয়ন দেখিবলৈ পাইছে, আমাৰ নাগৰিকৰ জীৱনলৈ বিৰাট পৰিৱর্তন অনা হৈছে প্রযুক্তিৰ জৰিয়তে। ইয়াৰ সুফল আপোনালোকে প্রত্যেকেই দেখিবলৈ পাইছে।

 

আমাৰ চৰকাৰে সফলভাৱে ডিজিটেল তথা প্রযুক্তিৰ জৰিয়তে সমস্যা সমাধানৰ বাবে এখন বজাৰ গঢ়ি তুলিছে৷ সমস্ত প্রকল্পৰ মূল হৈছে প্রযুক্তি। আমাৰ প্রশাসনিক মডেলত প্রযুক্তিক অগ্রাধিকাৰ দিয়া হৈছে। আমি মানুহৰ মর্যাদা বৃদ্ধি কৰিব পাৰিছো প্রযুক্তিৰ জৰিয়তে। লক্ষ লক্ষ কৃষকে মাত্র একেটা ক্লিকতে আর্থিক সাহায্য লাভ কৰিছে। ক’ভিড–১৯ ৰ বাবে লকডাউনৰ সময়ত ভাৰতৰ দৰিদ্র মানুহে যাতে যথাযথ আৰু দ্রুত সাহায্য লাভ কৰিব পাৰে, প্রযুক্তিয়ে সেয়া নিশ্চিত কৰিছে। এই সাহায্য অতুলনীয়। বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য সেৱা ব্যৱস্থা ౼আয়ুষ্মান ভাৰত, প্রযুক্তিৰ বাবেই সফলভাৱে পৰিচালিত হৈছে। ভাৰতৰ দৰিদ্র মানুহসকল এই প্রকল্পৰ জৰিয়তে উপকৃত হৈছে। এতিয়া ভাল আৰু ব্যয়সাধ্য চিকিৎসা সেৱা দেশৰ যিকোন প্রান্তত লাভ কৰাটো কোনো সমস্যাই নহয়।

 

ভাল আৰু দক্ষ সেৱা মানুহৰ কাষলৈ আগবঢ়াই নিয়াত আমাৰ চৰকাৰে তথ্য বিশ্লেষণৰ ক্ষমতাক প্রয়োগ কৰিছে। ভাৰতলৈ ২৫ বছৰ পূৰ্বেই ইন্টাৰনেট আহিছে। ৰিপোর্ট অনুসাৰে দেশত ৭৫ কোটি ইন্টাৰনেট সংযোগ প্ৰদান কৰা হৈছে। কিন্তু আপোনালোকে জানেনে, ইয়াৰ অর্ধেক সংযোগ বিগত চাৰি বছৰত দিয়া হৈছে? আমাৰ বিভিন্ন প্রকল্প আজি ফাইলৰ মেৰপাকৰ পৰা বাহিৰ ওলাই দ্রুতগতিত মানুহৰ জীৱনলৈ যি পৰিৱর্তন ঘটাব পাৰিছে তাৰ মূল হৈছে প্রযুক্তি। আজি আমি যেতিয়া দৰিদ্র মানুহৰ বাবে দ্রুতগতিত স্বচ্ছতাৰ সৈতে গৃহ নিৰ্মাণ কৰিছো তাতো প্রযুক্তিৰ অৱদান আছে। আজি যেতিয়া আমি প্রায় সকলো ঘৰলৈ বিদ্যুৎ যোগান ধৰিছো, তাতেও প্রযুক্তিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। আজি যেতিয়া টোল বুথৰে অলেখ গাড়ী চলাচল কৰিছে, তাৰ অন্তৰালতো প্রযুক্তি আছে। প্রযুক্তি আমাৰ সেই আস্থাৰ সৈতে জড়িত হৈছে যে, খুব কম সময়তেই আমি বিপুলসংখ্যক জনগোষ্ঠীৰ মাজত টীকাকৰণৰ কাম কৰিব পাৰিছো।

 

বন্ধুসকল, যেতিয়াই প্রযুক্তিৰ কথা আহে, তেতিয়াই শিক্ষা আৰু উন্নয়নৰ মিলা–মিছা হয়। এই উদ্যোগৰ বাবে ভাৰতত প্রচুৰ ইনকিউবেছন চেণ্টাৰ গঢ়ি তোলা হৈছে। বিগত বহু বছৰ ধৰি ভাৰতত হেকাথনৰ এটি সংস্কৃতি গঢ়ি উঠিছে। মই নিজেও এই ধৰণৰ বহু হেকাথনত যোগ দিছো। আমাৰ তৰুণ প্রজন্মৰ বন্ধুসকলৰ সৈতে বহি আমাৰ দেশৰ তথা গ্রহৰ বিভিন্ন গুৰুত্বপূর্ণ সমস্যাৰ সমাধান কৰা হৈছে। এই ধৰণৰ হেকাথন ছিংগাপুৰ আৰু আছিয়ান গোষ্ঠীভুক্ত দেশসমূহৰ সৈতেও আয়োজিত কৰা হৈছে। আমাৰ প্রাণৱন্ত ষ্টার্ট আপ গোষ্ঠীৰ দক্ষতা তথা সাফল্য এতিয়া বিশ্বজুৰি সমাদৃত। ভাৰত চৰকাৰে তেওঁলোকক সকলোধৰণে সাহায্য কৰিছে।

 

বন্ধুসকল, আমি প্রায়েই এটা কথা শুনিবলৈ পাও যে প্রতিকূল পৰিস্থিতিত সেৱা প্রতিভা বৃদ্ধি হয়। ভাৰতৰ প্রযুক্তিবিদসকলৰ বাবে এয়া অত্যন্ত প্রাসংগিক । উপভোক্তাই যেতিয়া কোনো সামগ্ৰী দাবী জনায় বা যেতিয়া নির্দিষ্ট সময়ৰ ভিতৰত কোনো কাম কৰিবলগীয়া হয়, আপোনালোকে প্ৰত্যক্ষ কৰিব, সেই সময়ত কিছু প্রতিভা বিকশিত হয়, যাক আপোনালোকে ইয়াৰ পূৰ্বে দেখা পোৱা নাছিল। বিশ্বজুৰি লকডাউন, যাতায়াতৰ বিধি নিষেধৰ ফলত মানুহে তেওঁলোকৰ কর্মস্থললৈ নগৈ ঘৰতে আছিল। এই সময়ত আমাৰ প্রযুক্তি ক্ষেত্রৰ প্রাণৱন্ততা প্রতিফলিত হৈছে। আমাৰ প্রযুক্তিবিদসকলে প্রযুক্তিৰ জৰিয়তে ঘৰৰ পৰাই বা যি কোনো স্থানৰ পৰা কাম কৰাৰ বাবে প্রযুক্তিগত সমাধান বাহিৰ কৰি উলিয়াইছে।

ক’ভিড–১৯ মহামাৰীয়ে আমাক পথভ্রষ্ট কৰিছে কিন্তু আগবাঢ়ি যোৱাৰ পথক শেষ কৰিব পৰা নাই। আজি যি ভাৱে প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে, সমগ্ৰ দশকতেই কেতিয়াও কৰা হোৱা নাছিল। মাত্র কেইমাহৰ ভিতৰতেই প্রযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে। যিকোনো স্থানৰ পৰা কাম কৰা এতিয়া স্বাভাৱিক হৈ উঠিছে আৰু এই ধাৰা অব্যাহত থাকিব। শিক্ষা, স্বাস্থ্য, বজাৰ–হাট কৰা এই ধৰণৰ আৰু অনেক ক্ষেত্রত প্রযুক্তিৰ বিপুল ব্যবহাৰ আমি দেখিবলৈ পাইছো। যিহেতু, প্রযুক্তি জগতৰ কিছু উজ্জ্বল ব্যক্তিত্বৰ সৈতে আমাৰ প্ৰত্যক্ষ যোগাযোগৰ সৌভাগ্য হৈছে, সেয়ে আমি অত্যন্ত আস্থাৰ সৈতে ক’ব পাৰো, আপোনালোকৰ বিভিন্ন উদ্যোগক ধন্যবাদ। উন্নত মানৰ প্রযুক্তিৰ জৰিয়তে ব্যক্তিগত তথা ডিজিটেল পদ্ধতিত যোগাযোগৰ অভিজ্ঞতাৰ সুযোগ ভৱিষ্যতেও বৰ্তাই ৰাখিব। আমাৰ এই প্রযুক্তিসমূহক আৰু অধিকভাৱে যাতে ব্যৱহাৰ কৰা যায় সেয়া নিশ্চিত কৰিব।

 

বন্ধুসকল, শিল্প যুগৰ সাফল্য এতিয়া অতীত, আমি এতিয়া তথ্য যুগৰ মাজৰ পর্যায়ত আছো। আগতে যিদৰে ভবা হৈছিল, এতিয়া তাতকৈও দ্রুতগতিত ভৱিষ্যৎ আমাৰ কাষলৈ আহিছে। শিল্প যুগৰ পৰিৱর্তন আছিল সময়োচিত। কিন্তু তথ্য যুগৰ পৰিৱর্তন বিপুল তথা ব্যাপক হৈছে। শিল্প যুগত সকলো দ্রুতগতিত হ’ল, তথ্যৰ যুগত দ্রুতগতিত চিন্তা নহয়, শ্রেষ্ঠ সামগ্ৰী পোৱাটোহে গুৰুত্বপূর্ণ। যিকোনো লোকে এতিয়া এনে পণ্য তৈয়াৰ কৰিব পাৰে, যিয়ে বর্তমান বজাৰ ব্যৱস্থাকে বিঘ্নিত কৰিব পাৰে।

 

শিল্প যুগত সীমান্ত অত্যন্ত গুৰুত্বপূর্ণ বিষয় আছিল। কিন্তু তথ্য যুগত সীমাক অতিক্রম কৰা হৈছে। শিল্প যুগত কেঁচামাল লাভ কৰাটো এটা প্ৰত্যাহ্বানৰ বিষয় আছিল। খুব কম মানুহেই সেয়া লাভ কৰিছিল। তথ্য যুগত যিহেতু তথ্যই হ’ল মূল কেঁচামাল, সেয়ে ই আমাৰ সকলোৰে সন্মুখত সর্বত্রে আছে। সকলোৱে এই তথ্য লাভ কৰিব পাৰে। ভাৰতে তথ্য যুগৰ নিৰিখত যথেষ্ট আগবাঢ়ি গৈছে। আমাৰ দেশত সেৱা প্রতিভা আছে তথা সবাতোকৈ বৃহৎ বাজাৰো আছে। আমাৰ স্থানীয় প্রযুক্তি বিশাৰদসকলৰ আন্তর্জাতিক বজাৰ লাভ কৰাৰ ক্ষমতা আছে। ভাৰত হ’ল আদর্শ স্থান, এতিয়া সময় আহিছে ভাৰতত যি প্রযুক্তি প্ৰস্তুত কৰা হ’ব, সেয়া সমগ্ৰ বিশ্বতে ব্যৱহাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হ’ব।

 

বন্ধুসকল, প্রযুক্তি তথা উদ্ভাৱন শিল্পক মুক্ত কৰাই আমাৰ অন্যতম নীতি। আপোনালোকে হয়তো সম্প্রতি শুনিছে, তথ্য প্রযুক্তি শিল্পত অনেক বাধ্যবাধতাকে আমি পৰিহাৰ কৰিছো। তাৰোপৰি, প্রযুক্তি শিল্পৰ সৈতে যি জড়িত হৈছে, তেওঁলোককেই আমাৰ ভৱিষ্যৎ নীতি প্রণয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে। আপোনালোকেই এই শিল্পৰ চালিকা শক্তি। আচ্ছা, আমি কি আমাৰ উদ্ভাৱনসমূহক সচেতনভাৱে আৰু অত্যাধুনিক কৰি তুলিব পাৰি নেকি? আমি এনে এক পৰিকাঠামো গঢ়ি তুলিব লাগিব, য’ত সম্ভাৱনাময় বিভিন্ন পণ্য উৎপাদন কৰা যায়। যেনে ধৰক, মাছ অনেকেই ধৰিব পাৰে, কিন্তু তেওঁলোকক এনে কিছু প্রশিক্ষণ দিব লাগিব, তাৰ জৰিয়তে তেওঁলোকে মাছ ভর্তি এটি হ্রদত সহজেই জাল পেলাই মাছ ধৰিব পাৰিব।

 

এইৰকমৰ আন এটি উদাহৰণ হ’ল – ইউপিআই। প্রথাগত পদ্ধতিত আমি ডিজিটেল লেনদেনৰ বাবে বিভিন্ন পন্থাৰ ভাবনা চিন্তা কৰিছো। কিন্তু ভাৰতত আমি ইউপিআই ব্যৱস্থা গঢ়ি তুলিছো, যাতে প্রত্যেককেই ডিজিটেল লেনদেনৰ প্রক্রিয়াৰ সৈতে যুক্ত কৰিব পাৰি। তাৰ ফলত অনেক প্রক্রিয়া লাভৱান হৈছে। বিগত মাহত ২০০ কোটি লেনদেন হৈছে। আমি নেচনেল ডিজিটেল স্বাস্থ্য অভিযানতো এই ধৰণৰ কিছু কৰাৰ চেষ্টা কৰিছো। আপোনালোকৰ হয়তো বহুতে স্বামীত্ব প্রকল্পৰ কথা শুনিছে। এই উচ্চাকাংখী প্রকল্পৰ জৰিয়তে আমাৰ গ্রামাঞ্চলৰ লক্ষ লক্ষ মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই কামটি কৰাৰ ক্ষেত্রত ড্রোণ প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত, বিবাদ নিষ্পত্তি যিদৰে হ’ব, তেনেদৰে মানুহৰ ক্ষমতায়নো হ’ব। যেতিয়া সম্পত্তিৰ অধিকাৰ দিয়া হ’ব, তেতিয়াই প্রযুক্তিৰ জৰিয়তে যাতে সমৃদ্ধিও আহে, সেয়া নিশ্চিত কৰা হ’ব।

 

বন্ধুসকল, প্রতিৰক্ষা ক্ষেত্রতো প্রযুক্তিৰ দ্রুত ব্যৱহাৰ কৰা হৈছে। অতীতত , যাৰ ভাল হাতী বা ঘোঁৰা আছিল – তাৰ জৰিয়তে যুদ্ধৰ গতি–প্রকৃতি নির্ধাৰিত হৈছিল। ইয়াৰ পিছত আহিল আগ্নেয়াস্ত্রৰ যুগ। এতিয়া আন্তর্জাতিক সংঘাতত প্রযুক্তিয়ে অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। প্রতিৰক্ষা ক্ষেত্রত ড্রোণ, ইউএভি সহ ছফটৱেৰ – ৰ জৰিয়তে প্রযুক্তিয়ে নতুন যুগৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল, প্রযুক্তিৰ ব্যাপক ব্যৱহার, তথ্যৰ সুৰক্ষা তথা চাইবাৰ নিৰাপত্তা এতিয়া অত্যন্ত গুৰুত্বপূর্ণ। চাইবাৰ নিৰাপত্তা সমাধানত আমাৰ তৰুণ সম্প্রদায়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। চাইবাৰ আক্রমণ আৰু ভাইৰাছৰ বিৰুদ্ধে তেওঁলোকে ডিজিটেলী নানা সুৰক্ষা কৱচ গঢ়ি তুলিছে। আজি আমাৰ আর্থিক প্রযুক্তি ক্ষেত্রত খুব ভাল কাম হৈছে। লক্ষ লক্ষ মানুহে সংকোচবিহীনভাৱে লেনদেন কৰিছে। ইয়াৰ বাবে, জনসাধাৰণৰ আস্থাও অধিক বৃদ্ধি হৈছে, যি খুবেই জৰুৰী। এটি শক্তিশালী তথ্য সম্পর্কিত প্রশাসনিক পৰিকাঠামো গঢ়ি তোলাৰ অগ্রাধিকাৰক তালিকাভুক্ত কৰা হৈছে।

 

বন্ধুসকল, আমি আজি মূলতঃ তথ্য প্রযুক্তিৰ বিষয়েই কথা ক’লো। কিন্তু বিজ্ঞানৰ অন্যান্য ক্ষেত্রতো উদ্ভাৱনৰ প্রয়োজন আৰু সুযোগো অত্যন্ত প্রাসংগিক হৈছে। জীৱ বিজ্ঞান বা ইঞ্জিনিয়াৰীং – সৰ্বক্ষেত্রতেই উন্নয়ন গুৰুত্বপূর্ণ উপাদান। ভাৰত উদ্ভাৱনৰ বিষয়ত যথেষ্ট আগবাঢ়ি গৈছে। কাৰণ, আমাৰ যুৱ সম্প্রদায়ৰ প্রতিভা আৰু উৎসাহ অপৰিসীম।

 

বন্ধুসকল, আমাৰ যুৱ সম্প্রদায় আৰু প্রযুক্তিৰ সম্ভাৱনা সীমাহীন। তেওঁলোকে সবাতোকৈ ভাল কিছু প্ৰদান কৰাৰ এয়াই উপযুক্ত সময়। আমি নিশ্চিত যে, তথ্য প্রযুক্তি ক্ষেত্রত আমাক তেওঁলোকে গর্বিত কৰিব।

 

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”