‘বহনক্ষম শক্তি উতসৰ মাধ্যমেৰেহে বহনক্ষম বিকাশ সম্ভৱ’
‘ভাৰতে যিয়েই লক্ষ্য নিৰ্ধাৰণ নকৰক, মই ইয়াক কেতিয়াও প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰো, আমাৰ বাবে এয়া এক সুযোগ’
‘উচ্চ-ক্ষমতাসম্পন্ন সৌৰ মডেল নিৰ্মাণৰ বাবে বাজেটত ১৯.৫ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে, য়িয়ে ভাৰতক এই ক্ষেত্ৰখনৰ এক গোলকীয় কেন্দ্ৰস্থানত পৰিণত কৰিব’
‘বেটাৰী শ্বেপিং নীতি আৰু আন্তঃপৰিচালন মাপক সন্দৰ্ভতো এইবাৰৰ বাজেটত ব্যৱস্থা ৰখা হৈছে। ই বৈদ্যুতিক বাহনৰ সমস্যা লাঘৱ কৰিব’
‘শক্তি ভাণ্ডাৰৰ প্ৰত্যাহ্বানে বাজেটত উল্লেখনীয় গুৰুত্ব লাভ কৰিছে’
‘বিশ্বই সকলো প্ৰকাৰৰ অবক্ষয় প্ৰত্যক্ষ কৰিছে। এনে এক পৰিস্থিতিত, চক্ৰিয় অৰ্থনীতি সময়ৰ আহ্বান আৰু আমি ইয়াক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ কৰিব লাগিব’

নমস্কাৰ!

‘বহনক্ষম উন্নয়নৰ বাবে শক্তি উৎপাদন’–এয়া আমাৰ প্ৰাচীন পৰম্পৰাৰ পৰা প্রেৰণা লৈ আৰুম্ভ কৰা অভিযান যি ভৱিষ্যতৰ প্রয়োজনীয়তা আৰু আশা-আকাংক্ষা পূৰণৰ পথ। ভাৰতৰ স্বচ্ছ দৃষ্টিকোণ হ’ল বহনক্ষম উন্নয়ন যি বহনক্ষম শক্তিৰ উৎসসমূহৰ পৰাই সম্ভৱ হৈ উঠিব পাৰে। গ্লাছগ’ত আমি ২০৭০ চনৰ ভিতৰত ‘নেট জিৰ’’ পৰ্যায়ত উপনীত হোৱা প্রতিশ্রুতি দিছো৷ মই চিঅ’পি-২৬ত দীর্ঘস্থায়ী জীৱনশৈলীক উৎসাহ যোগোৱাৰ বাবে ‘লাইফ’ মিচনৰ কথা কৈছিলো। ‘লাইফ’ মানে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টৰ দূৰদৃষ্টি সন্মুখত ৰাখিছিলো। আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে বিশ্ব সংঘৰ নেতৃত্ব দিছো৷ অজীৱাশ্ম ইন্ধন শক্তিৰ ক্ষেত্রত আমি ৫০০ গিগাৱাট লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ ২০৩০লৈকে আমাৰ ইনষ্টল কৰা শক্তি ক্ষমতাৰ ৫০ শতাংশ আমি অজীৱাশ্ম ইন্ধন শক্তিৰ পৰা অর্জন কৰিব লাগিব৷ ভাৰতে নিজৰ বাবে যি লক্ষ্য স্থিৰ কৰিছে, সেয়া মই চেলেঞ্জ হিচাপে লোৱা নাই, বৰঞ্চ, এক সুযোগ হিচাপে লৈছো৷ আমাৰ বাবে এয়া এক ডাঙৰ সুযোগ বুলি ভাৱিছো৷ এই দৃষ্টিকোণেৰে ভাৰতে বিগত কেইবা বছৰ ধৰি কাম কৰিছে আৰু এইবাৰৰ বাজেটত এই ভাৱনাক নীতি পর্যায়লৈ উন্নীত কৰা হৈছে।

বন্ধুসকল,

এইবাৰৰ বাজেটত সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে উচ্চ-দক্ষতাসম্পন্ন সৌৰ মডিউল উৎপাদনৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় আৱণ্টন ঘোষণা কৰা হৈছে। এই বাজেট আৱণ্টনৰ জৰিয়তে সৌৰ মডিউল আৰু ইয়াৰ সংশ্লিষ্ট পণ্যৰ উৎপাদন আৰু গৱেষণা আৰু উন্নয়নৰ দিশত ভাৰতক এক ‘গ্ল’বেল হাব’ হিচাপে গঢ়ি তোলাত সুবিধা হ’ব।

বন্ধুসকল,

আমি ‘ৰাষ্ট্ৰীয় হাইড্ৰ’জেন অভিযানো’ ঘোষণা কৰিছে৷ ভাৰতৰ ওচৰত নবীকৰণযোগ্য শক্তিৰ এক প্ৰকৃতিপ্ৰদত্ত সুবিধা আছে। ইয়াৰ জৰিয়তে ভাৰতে বিশ্বত সেউজ হাইড্র’জেন উৎপাদনৰ হাবত পৰিণত হ’ব৷ হাইড্র’জেন ইকো-চিষ্টেমত সাৰ, শোধনাগাৰ আৰু টান্সপোর্টেচন চেক্টৰৰ মাজত আন্তঃসংযোগ আছে। এয়া এক এনে ক্ষেত্র, যাতে বেচৰকাৰি ক্ষেত্রৰ দ্বাৰা উদ্ভাৱনক উৎসাহ যোগোৱা উচিৎ যাতে ভাৰতৰ সম্পূর্ণ ক্ষমতা ব্যৱহাৰ কৰিব পৰা যায়।

বন্ধুসকল,

নবীকৰণযোগ্য শক্তিৰ সমান্তৰালভাৱে শক্তি সংৰক্ষণক লৈও এক ডাঙৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত ধৰা দিছে। সেইবাবে সমাধান বিচাৰি উদ্দেশ্যে বাজেটত সংৰক্ষণ ক্ষমতা ক্রমে উন্নয়নৰ গতি বজাই ৰখাৰ বাবে অগ্রাধিকাৰ দিয়া হৈছে। এই বছৰৰ বাজেটত ‘বেটাৰী স্বোপিং পলিচি’ আৰু ‘ইণ্টাৰ-অপাৰেবিলিটি ষ্টেণ্ডাৰ্ডছ’ সম্পর্কেও ব্যৱস্থা ৰখা হৈছে। এইসমূহৰ জৰিয়তে ভাৰতত ইলেক্ট্রিক ভেহিকেল ব্যৱহাৰৰ ক্ষেত্রত সৃষ্টি হোৱা সমস্যাসমূহ হ্রাস পাব৷ ‘প্লাগ-ইন চার্জিঙত’ অধিক সময় আৰু অধিক টকা খৰচ হয় কাৰণ ইলেক্ট্রিক ভেহিকেলৰ দামৰ ৪০ৰ পৰা ৫০ শতাংশ বেটাৰীৰে হয়। সেইবাবে স্বোৱাপিঙৰ জৰিয়তে ইলেক্ট্রিক ভেহিকেলৰ অগ্রিম খৰচ হ্ৰাস পাব৷ এই ক্ষেত্রত ম’বাইলৰ বেটাৰী উৎপাদন আৰু সৌৰশক্তি সংৰক্ষণ-এইবোৰ ক্ষেত্রতো বহু সম্ভাৱনা আছে। এই ক্ষেত্রতো মই ভাৱো আমি সকলোৱে মিলি কাম কৰিব পাৰো৷

বন্ধুসকল,

বহনক্ষম উন্নয়নৰ বাবে শক্তি উৎপাদনৰ লগতে শক্তি সংৰক্ষণ প্রক্রিয়াও সিমানেই প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ। আমাৰ দেশত আৰু অধিক শক্তি সক্ষম এ/চি’ কিদৰে উৎপাদিত হ’ব আৰু অধিক শক্তি সক্ষম হিটাৰ, গিজাৰ, অ’ভেন ইত্যাদি কিদৰে উৎপাদিত হ’ব সেই সম্পর্কে আমি বহু কিবা কিবি কৰাৰ প্রয়োজন আছে বুলি মই ভাৱো৷ য’ত অধিক বিদ্যুৎ ব্যয় হয়, তাত শক্তি সক্ষম সামগ্ৰী উৎপাদনক আমি অগ্রাধিকাৰ দিব লাগিব৷

মই আপোনালোকক এটা উদাহৰণ দিও৷ ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ ক্ষমতালৈ আহে, তেতিয়া দেশত এলইডি বাল্বৰ দাম ৩০০-৪০০ টকা আছিল। আমাৰ চৰকাৰে এলইডি বাল্বৰ উৎপাদন বৃদ্ধি পাইছে আৰু উৎপাদন বৃদ্ধিৰ ফলত স্বাভাৱিকতে ইয়াৰ দাম হ্ৰাস পাই ৭০-৮০ টকা হৈছে। ‘উজ্জ্বলা যোজনা’ৰ জৰিয়তে আমি দেশত প্রায় ৩৭ কোটি এলইডি বাল্ব বিতৰণ কৰিছো। ইয়াৰ ফলত দেশত প্রায় ৪৮ হাজাৰ মিলিয়ন কিলোৱাট ঘণ্টা বিদ্যুৎ ৰাহি হৈছে। আমাৰ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বিদ্যুতৰ বিলত বছৰি প্রায় ২০হাজাৰ কোটি টকা ৰাহি হৈছে আৰু প্রতি বছৰ প্রায় ৪ কোটি টন কার্বন নিৰ্গমণ হ্রাস পাইছে। আমি পৰম্পৰাগত ষ্ট্ৰীট লাইট প্রায় ১.২৫ কোটি স্মার্ট এলইডি বাল্ব সলনি কৰিছো। ইয়াত আমাৰ দেশত যি স্থানীয় প্রশাসন আছে, মহানগৰৰ পৌৰসভা আৰু অন্যান্য চহৰৰ পৌৰসভাসমূহৰ লগতে পঞ্চায়তসমূহত ষ্ট্ৰীট লাইট সলনি কৰাৰ ফলত তেওঁলোকৰ বছৰি বিদ্যুতৰ বিল ৬,০০০ কোটি টকা ৰাহি হৈছে। এই ক্ষেত্রতো বিদ্যুৎ ৰাহি হৈছে আৰু প্রায় ৫০লাখ টন কার্বন নিৰ্গমণ হ্রাস পাইছে। আপোনালেকে কল্পনা কৰকছো এইটো প্রকল্পৰ জৰিয়তে আমি পৰিৱেশ প্ৰদূষণ ৰোধত কিমান ডাঙৰ সাফল্য পাইছো?

বন্ধুসকল,

কয়লাৰ গেছীকৰণক আমি কয়লাৰ এক বিকল্প ৰূপত চিন্তা কৰিব পাৰো। এই বছৰৰ বাজেটত কয়লাৰ গেছীকৰণৰ বাবে চাৰিটী পাইলট প্রজেক্ট ৰখা হৈছে যাতে প্রযুক্তিগত আৰু অর্থনৈতিক কার্যক্ষমতা বৃদ্ধিৰ ক্ষেত্রত সহায়ক হয়৷ এই ক্ষেত্রত আৰু অধিক উদ্ভাৱনৰ প্রয়োজনীয়তা আছে। মই বিচাৰো যে এই ক্ষেত্ৰত কর্মৰত সকলে কয়লা গেছীকৰণক ভাৰতৰ প্রয়োজনীয়তা অনুসৰি আৰু অধিক নতুন নতুন উদ্ভাৱনৰ জৰিয়তে কিদৰে উন্নত কৰিব পৰা যায়, ৰাহি কৰিব পৰা যায়, তাক লৈ প্ৰচেষ্টা হাতত ল’ব৷

এনেদৰেই আপোনালোকে দেখিছে চৰকাৰে এক বৃহৎ মিচন মোডত পেট্র’ল আৰু ডিজেলত ইথানল মিশ্রণৰ মাত্রাক নিৰন্তৰ বৃদ্ধি পাইছে আৰু অধিক বৃদ্ধিত উৎসাহ যোগোৱা হৈছে৷ এইবাৰৰ বাজেটত অমিশ্রিত ইন্ধনৰ ওপৰত অতিৰিক্ত আৱকাৰি শুল্ক আৰোপ কৰা হৈছে। আমাৰ দেশীয় চেনি কাৰখানাসমূহ আৰু ডিষ্টিলাৰীসমূহক আৰু অধিক আধুনিক কৰি তোলাৰ প্রয়োজনীয়তা আছে। এই ক্ষেত্ৰতো আমাৰ প্রযুক্তিৰ উন্নয়নৰ প্রয়োজনীয়তা আছে। সেইবাবে আমি এই ধৰণৰ ডিষ্টিলিং প্রচেছক লৈ কাম কৰিব লাগিব, যাতে পটাচ আৰু কম্প্রেছড জৈৱ গেছৰ দৰে অতিৰিক্ত বায়’-প্রডাক্টো আমি লাভ কৰো।

কেইসপ্তাহমানৰ পূৰ্বে মই বাৰাণসী আৰু ইন্দোৰত গোৱৰ গেছ প্লাণ্ট উদ্বোধন কৰিছো। আমি অহা দুবছৰত দেশত ৫০০ৰ পৰা ১,০০০ গোৱৰ গেছ প্লাণ্ট ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত স্থাপন কৰিব নোৱাৰে নে? আমাৰ উদ্যোগসমূহে যেন এই ধৰণৰ সম্ভাৱনাক কামত লগোৱাৰ বাবে উদ্ভাৱনী বিনিয়োগ কৰাৰ প্রয়োজন আছে বুলি মই ভাৱো৷

বন্ধুসকল,

আমাৰ শক্তিৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পাইছে। সেইবাবে নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰে ৰূপান্তৰণ ভাৰতৰ বাবে আৰু অধিক গুৰুত্বপূর্ণ। এটা সমীক্ষাত ভাৰতত ২৪ৰ পৰা ২৫ কোটি বৃদ্ধি হৈছে। আমি স্বচ্ছ ৰন্ধন গেছৰ ক্ষেত্রত আৰু অধিক আগুৱাই যাব নোৱিৰেনে? মই ভাৱো আমাৰ ষ্টার্ট-আপসমূহে এই কাম বহু সহজে আগুৱাই নিব পাৰে৷ আপোনালোকৰ বাবে সৌৰ ৰন্ধন গেছৰ ক্ষেত্রতো বৃহৎ বজাৰ অপেক্ষা কৰিছে যি স্বচ্ছ ৰন্ধন গেছৰ অভিযান চলোৱাৰ বাবে অতি প্রয়োজনীয়। আপোনালোকে হয়তো লক্ষ্য কৰিছে, গুজৰাটত ইয়াৰ সফল প্রয়োগ হৈছে। গুজৰাটত যিমান পুখুৰী আছে, সেইবোৰ আমি সৌৰ পেনেল লগাইছো। ফলত ভূমিৰ ব্যয় ৰাহি হৈছে, পানীৰ ৰাহিও হৈছে, বিদ্যুতো উৎপাদন হৈছে। অর্থাৎ, বহুমুখী লাভ হৈছে। এনে প্ৰচেষ্টা এতিয়া দেশৰ অন্যান্য অঞ্চলত প্রবাহিত নদীসমূহ আৰু সৰোবৰসমূহত কৰিব পৰা যায়৷ এই প্ৰচেষ্টাক আমি যিমানদূৰ পাৰো বৃদ্ধি কৰিব লাগিব৷

আন এটা কাম আমি ঘৰত বহিয়েই কৰিব পাৰো৷ আপোনালোকৰ ঘৰৰ চৌপাশে যিমান বাগান আছে বা বেলকনি আছে, আমাৰ যি গার্ডেনিং ধাৰণা আছে, তাত আমি সৌৰ বৃক্ষ লগাব নোৱাৰোনে? প্রত্যেক পৰিয়ালৰ এক নিজা সৌৰ বৃক্ষ থাকিব। এনে এক নতুন চিন্তাধাৰা আমি গঢ়ি তুলিব পাৰো। যি সৌৰ বৃক্ষই ঘৰৰ মুঠ প্রয়োজনীয় শক্তিৰ ১০ৰ পৰা ১৫ শতাংশ বা কোনো কোনো ক্ষেত্রত ২০ শতাংশলৈকে বিদ্যুতৰ যোগান ধৰিব পাৰিব আৰু ঘৰৰো এটা পৰিচয় গঢ় লৈ উঠিব যে এইটো সৌৰ বৃক্ষসম্পন্ন ঘৰ। অর্থাৎ, পৰিৱেশৰ প্রতি সচেতন নাগৰিকৰ ঘৰ। এখন সমাজক ভৰসাযোগ্য সমাজ হিতাপে আমি নিজেই গঢ়ি তুলিব পাৰো আৰু এই বিষয়টোক অতি সহজে আৰু সুন্দৰভাবে গঢ়ি তুলিব পৰা যায়৷ এই সৌৰ বৃক্ষৰ চিন্তাধাৰাক মই আমাৰ যি গৃহ নির্মাণকাৰী ব্যক্তিসকল আছে, বিল্ডাৰ আছে, আর্কিটেক্টসকল আছে, তেওঁলোককো কও যে ঘৰ নিৰ্মাণত এই নতুন পদ্ধতি আমি যুক্ত কৰিব নোৱাৰো নে? আপোনালোকে ভাৱক৷

আমাৰ দেশত ক্ষুদ্র জলবিদ্যুৎ প্রকল্পৰ সংখ্যা বহুত। উত্তৰাখণ্ড-হিমাচল প্রদেশত আমি দেখিছো ‘ঘৰাট’ নামৰ এটা জলবিদ্যুৎ উৎপাদনৰ চকা থাকে। ক্ষুদ্র জলবিদ্যুৎ প্রকল্প লৈ আৰু অধিক গৱেষণা কৰি আমি এইবোৰৰ জৰিয়তে বিদ্যুৎ উৎপাদন কিদৰে বৃদ্ধি কৰি পাৰো, তাক লৈও চিন্তাভাৱনা কৰা উচিৎ। বিশ্বত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰ নাটনি হোৱাৰ দিশে গতি কৰিছে, সকলো ধৰণৰ প্রাকৃতিক সম্পদৰ অভাৱ হোৱাটো নিশ্চিত৷ এই ক্ষেত্ৰত চার্কুলাৰ ইকন’মি বৰ্তমান সময়ৰ দাবী আৰু ই জীৱনৰ অপৰিহাৰ্য অংগত হিচাপে গঢ়ি তুলিব লাগিব৷ আমাৰ বাবে প্রত্যেক ক্ষেত্রত উদ্ভাৱন অতি প্রয়োজনীয় আৰু নতুন নতুন সামগ্ৰী উৎপাদনো দৰকাৰ। সেইবাবে মই দেশৰ ব্যক্তিগত খণ্ডক আশ্বাস দিব বিচাৰো যে চৰকাৰে আপোনালোকৰ সকলো প্রচেষ্টাত আপোনালোকৰ সৈতে আজি যিদৰে ঠিয় দিছে, ভৱিষ্যতেও সেইদৰেই ঠিয় দি থাকিব৷

আমাৰ সকলোৰে ঐক্যবদ্ধ প্রচেষ্টাত আমি নতুন নতুন উপনীত হোৱাৰ উপৰি সম্পূর্ণ মানৱতাও প্রদর্শন কৰিম।

বন্ধুসকল,

মই এইকথাও ক’ব বিচাৰো যে সাধাৰণতে বাজেট প্ৰস্তুত হোৱাৰ বহু পূৰ্বে বহুত আলোচনা হয়। আমাৰ টিভি চেনেলসমূহে সংসদৰ যি বাজেট কাৰ্যসূচী সেয়া দেখুওৱাত ব্যস্ত থাকে। আমি দেখিছো যে সংসদত কিমান ভাল চিন্তাধাৰাৰ মন্থন হয় আৰু তাৰ পৰাও বাজেট কিছু লাভ হয়। বাজেট প্ৰস্তুত কৰাৰ সময়ত খুব ভাল ভাল চিন্তা সংকলন কৰা হয়। কিন্তু এতিয়া আমি অন্যদিশত গুৰুত্ব দিছো৷ যিকি নহওক বাজেট প্ৰস্তুত কৰা হ’ল৷ এতিয়া বাজেটত আৰু কোনো পৰিৱর্তন নাহে। এয়া আমাৰ সংসদৰ সম্পত্তি আৰু এই ক্ষেত্ৰত সকলো সিদ্ধান্ত সংসদে ঠিক কৰে। আমাৰ হাতত যি দুমাহ সময় থাকে, (১ এপ্রিলৰ পৰা বাজেট বাস্তবায়িত হ’ব) এই দুমাহ আমি এইদৰে বাস্তবায়িত কৰাৰ ৰোডমেপক সুন্দৰভাৱে ব্যৱহাৰ কৰাৰ দিশত কিদৰে জোৰ দিম আৰু প্রকল্পটো ভালদৰে কিদৰে বাস্তবায়িত কৰিম– সেইটো চাব লাগিব৷ বাজেটক আমি কিমান ভালদৰে ব্যৱহাৰ কৰিব পাৰো সেই প্ৰচেষ্টা কৰিব লাগিব৷

চৰকাৰৰ চিন্তাধাৰাৰ প্রক্রিয়া আৰু তৃণমূল স্তৰত কাম কৰাৰ পদ্ধতি আৰু বাণিজ্যিক জগতৰ পদ্ধতিৰ মাজত বহু পার্থক্য থাকে। বৰ্তমানৰ চেমিনাৰত সেই উত্তৰসমূহ পুনৰ উচ্চাৰণৰ চেষ্টা থাকিব লাগিব, যি সংশ্লিষ্ট সকলো পক্ষৰ, তেওঁলোকৰ চিন্তা প্রক্রিয়া আৰু চৰকাৰৰ যিমান সিদ্ধান্ত, সেইসমূহৰ চিন্তা প্রবাহ। ইয়াত মতপাৰ্থক্য থাকিলে নহ’ব৷ এই ক্ষেত্ৰত পৰস্পৰৰ মাজত দূৰত্ব ৰাখিলে নহ’ব। যদি এইখিনি সম্ভৱ হয়, তেতিয়াহ’লে বহু দিশ দ্রুতগতিত বাস্তবায়িত হ’ব। কাৎচিৎ দুই-এটা বাক্য শুনিবলৈ পোৱা যায়, ফাইলসমূহত এনে শব্দৰ কথা জনা গৈছে, যিবোৰ সংশোধন কৰিবলৈ ৬ পৰা ৮ মাহ লাগি যাব আৰু বাজেটৰ নির্ধাৰিত সময়ো পাৰ হৈ যাব!

আমি এই সকলো ভুলৰ পৰা শিক্ষা লৈ সেইবোৰৰ পৰা নিজক ৰক্ষা কৰিব বিচাৰো। সেইবাবেই আমি এই ৱেবিনাৰসমূহৰ আয়োজন কৰিছো। এয়া আমি চৰকাৰৰ ফালৰ পৰা আপোনালোকক কোনো জ্ঞান যিয়াৰ বাবে আয়োজন কৰা নাই। আমাৰ বাজেট কি, সেয়া বুজাবলৈও চেষ্টা কৰা নাই। আমাতকৈ আপোনালোকে ইতিমধ্যে অধিক বুজিছে৷ আমি আপোনালোকৰ বক্তব্য শুনাৰ বাবেই এই ধৰণৰ ৱেবিনাৰৰ আয়োজন কৰিছো আৰু শুনাৰ ক্ষেত্রতো বাজেটৰ বাবে কোনো পৰামর্শ নহয় বৰঞ্চ যি বাজেট প্ৰস্তুত কৰা হৈছে তাক সম্পূর্ণৰূপে কিদৰে আমি বাস্তবায়িত কৰিব পাৰো, তাৰহে আলোচনা হৈছে আৰু এই ৰূপায়ণ অতি ক্ষিপ্ৰতাৰে কিদৰে কৰিম, যাতে যিমান পাৰি অধিক সোনকালে আমি ফল পাব পাৰো। আমি এনে কোনো বেহু ৰচনা কৰিলে নহ’ব, যি বিনা কাৰণতে সময় অপচয় কৰে৷ সেইবাবে অধিক গতি অনাৰ বাবে মই বিচাৰো আপোনালোকে স্পষ্ট ব্যৱহাৰিক উদাহৰণ আৰুও পৰামৰ্শ দি এই ৱেবিনাৰখন সফল কৰি তুলিব।

আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছো।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts

Media Coverage

Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival
February 10, 2026

The Prime Minister, Shri Narendra Modi has congratulated the people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival, between February 7 and 9 in Chhattisgarh. During the festival, the rich culture, traditions, and tribal heritage of Bastar were showcased in a magnificent way. Shri Modi stated that such events play a vital role in preserving our cultural heritage and empowering local communities.

"Earlier, whenever the name of Bastar was mentioned, images of Maoism, violence, and backwardness in development would come to mind. But now the situation has completely changed. Today, Bastar is known not only for its development but also for the growing self-confidence of its local people. My only wish is that the coming time for this region be filled with the spirit of peace, progress, and cultural pride", Shri Modi stated.

Responding to a post by Union Minister, Shri Amit Shah on X, Shri Modi said:

"7 से 9 फरवरी के बीच छत्तीसगढ़ में ‘बस्तर पंडुम’ का विशेष आयोजन किया गया। इस उत्सव के दौरान बस्तर की समृद्ध संस्कृति, परंपरा और जनजातीय विरासत का भव्य रूप दिखा। इस प्रयास से जुड़े अपने सभी परिवारजनों को मेरी हार्दिक बधाई। ऐसे आयोजन हमारी सांस्कृतिक विरासत को संरक्षित करने और स्थानीय समुदायों को सशक्त बनाने में अहम भूमिका निभाते हैं।

पहले जब बस्तर का नाम लिया जाता था तो माओवाद, हिंसा और विकास में पिछड़ेपन की छवि उभरती थी। लेकिन अब हालात बिल्कुल बदल चुके हैं। आज बस्तर विकास के साथ-साथ स्थानीय लोगों के बढ़ते आत्मविश्वास के लिए जाना जाता है। मेरी यही कामना है कि यहां का आने वाला समय शांति, प्रगति और सांस्कृतिक गौरव की भावना से परिपूर्ण हो।"