প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে আল্লুৰী সীতাৰামা ৰাজুৰ ৩০ ফুট ওখ প্ৰতিমূৰ্তি
“স্বাধীনতা সংগ্ৰাম কেৱল কেইটামান বছৰৰ, কেতবোৰ অঞ্চলৰ অথবা কিছু সংখ্যক মানুহৰ মাজত সীমাবদ্ধ ইতিহাস নহয়”
“আল্লুৰী সীতাৰামা ৰাজু হৈছে ভাৰতীয় সংস্কৃতি, জনজাতীয় পৰিচয়, বীৰত্ব, আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক”
“আমাৰ নতুন ভাৰত হ’ব লাগিব আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ ভাৰতখন। এখন ভাৰত- য’ত থাকিব দুখীয়া-নিচলা, খেতিয়ক, শ্ৰমিক, পিচপৰা, জনজাতীয় সকলোৰে বাবে সম সুযোগ”
“আজি, নতুন ভাৰতত নতুন সুযোগ, পথ, চিন্তা-প্ৰক্ৰিয়া আৰু সম্ভাৱনীয়তা বিদ্যমান, আৰু আমাৰ যুৱ-প্ৰজন্মই এইসমূহ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে”
“অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমিকৰ জন্মভূমি”
“১৩০ কোটি ভাৰতীয়ই প্ৰতিটো প্ৰত্যাহ্বানকে কয়- ‘শক্তি আছে যদি আমাক ৰখাইতো চা’!”

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

मण्यम वीरुडु, तेलेगु जाति युगपुरुषुडु, "तेलुगु वीर लेवारा, दीक्ष बूनी सागरा" स्वतंत्र संग्राममलो, यावत भारता-वनिके, स्पूर्तिधाय-कंगा, निलिचिन-अ, मना नायकुडु, अल्लूरी सीताराम राजू, पुट्टी-न, ई नेल मीदा, मन मंदरम, कलुसुकोवडम्, मन अद्रुष्टम।

আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনজী, কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী মুখ্যমন্ত্ৰী শ্ৰী জগন মোহন ৰেড্ডীজী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু অন্ধ্ৰ প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল,

আপোনালোক সকলোকে নমস্কাৰ।

যিখনি ধৰাৰ ঐতিহ্য ইমান মহান সেইখনি ধৰণীক নমস্কাৰ জনাই আজি মই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ। দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে আজি আল্লুৰী সীতাৰাম ৰাজু গাৰুৰ ১২৫ তম জন্ম জয়ন্তীও উদযাপিত হৈছে। একেই সময়তে, দেশৰ স্বাধীনতাৰ বাবে হোৱা "ৰম্পা বিপ্লৱ"ৰো ১০০বছৰ সম্পূৰ্ণ হৈছে। এই ঐতিহাসিক মুহুৰ্তত মই "মান্যম বীৰুদু" আল্লুৰী সীতাৰামা ৰাজুৰ চৰণত সেৱা জনাইছোঁ আৰু সমগ্ৰ দেশৰ হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি তেওঁৰ পৰিয়ালৰ সদস্যসকলেও আমাক আশীৰ্বাদ দিবলৈ আহিছিল, এয়া আমাৰ সৌভাগ্য। আমি সকলোৱে সেই মহান পৰম্পৰাৰ পৰিয়ালৰ পদৰেণু লোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। মই অন্ধ্ৰৰ এই দেশৰ মহান জনজাতীয় পৰম্পৰা, এই পৰম্পৰাত জন্ম গ্ৰহণ কৰা সকলো মহান বিপ্লৱী আৰু ত্যাগী পুৰুষক সন্মানসহকাৰে অভিবাদন জনাইছোঁ।

বন্ধুসকল,

আল্লুৰী সীতাৰামা ৰাজু গাৰুৰ ১২৫ তম জন্ম জয়ন্তী আৰু ৰম্পা বিপ্লৱৰ ১০০তম বাৰ্ষিকী গোটেই বছৰজুৰি উদযাপন কৰা হ'ব। পাণ্ডাৰংগীত তেওঁৰ জন্মস্থান পুনৰুদ্ধাৰ, চিন্তাপল্লী আৰক্ষী থানাৰ পুনৰুদ্ধাৰ, মোগল্লুত আল্লুৰী ধ্যান মন্দিৰ নিৰ্মাণ, এই কামবোৰ আমাৰ অমৃত ভাবনাৰ প্ৰতীক। এই সকলো প্ৰচেষ্টা আৰু এই বাৰ্ষিক উদযাপনৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। বিশেষকৈ,  সেই সকলো বন্ধুক মই অভিনন্দন জনাইছোঁ যিসকলে আমাৰ মহান গৌৰৱবোৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে কাম কৰি আছে। স্বাধীনতাৰ অমৃত মহোৎসৱত, আমি সকলোৱে সংকল্প লৈছোঁ যে দেশে ইয়াৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস আৰু ইয়াৰ অনুপ্ৰেৰণাৰ সৈতে পৰিচিত হওক। আজিৰ কাৰ্যসূচী ইয়াৰেই প্ৰতিফলন।

বন্ধুসকল,

স্বাধীনতা সংগ্ৰাম কেৱল কেইবছৰমানৰ, কিছুমান ক্ষেত্ৰৰ বা কিছুমান লোকৰ ইতিহাস নহয়। এই ইতিহাস ভাৰতৰ প্ৰতিটো কোণৰ লোকসকলৰ ত্যাগ, তপস্যা আৰু বলিদানৰ ইতিহাস। আমাৰ স্বাধীনতা আন্দোলনৰ ইতিহাস আমাৰ বৈচিত্ৰ্যৰ শক্তি, আমাৰ সাংস্কৃতিক শক্তি, এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংহতিৰ প্ৰতীক। আল্লুৰী সীতাৰাম ৰাজু গাৰু হৈছে ভাৰতৰ সাংস্কৃতিক আৰু জনজাতীয় পৰিচয়, ভাৰতৰ বীৰত্ব, ভাৰতৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক। সীতাৰাম ৰাজু গাৰু হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শৰ প্ৰতীক, যি হাজাৰ হাজাৰ বছৰ ধৰি এই দেশক এডাল ডোলেৰে সংযোগ কৰি আহিছে। সীতাৰাম ৰাজু গাৰুৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ ত্যাগলৈকে, তেওঁৰ জীৱন যাত্ৰা আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা। তেওঁ জনজাতীয় সমাজৰ অধিকাৰ, তেওঁলোকৰ সুখ আৰু দুখ আৰু দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। যেতিয়া সীতাৰাম ৰাজু গাৰুৱে বিপ্লৱৰ ধ্বজ্জা উৰুৱাইছিল, তেতিয়া তেওঁৰ শ্লোগান আছিল মন্দে ৰাজ্যম, অৰ্থাৎ আমাৰ ৰাজ্য। বন্দে মাতৰমৰ ভাবনাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ প্ৰচেষ্টাৰ এয়া এক উৎকৃষ্ট উদাহৰণ।

ভাৰতৰ আধ্যাত্মিকতাই সীতাৰাম ৰাজু গাৰুক সহানুভূতি আৰু সত্যৰ বোধ দিছিল, জনজাতীয় সমাজৰ বাবে সমভাব আৰু সন্মান দিছিল, ত্যাগ আৰু সাহস প্ৰদান কৰিছিল। যেতিয়া সীতাৰাম ৰাজু গাৰুৱে বিদেশী অধিকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪-২৫ বছৰ। ২৭ বছৰ বয়সত, তেওঁ এই ভাৰত মাতৃৰ বাবে শ্বহীদ হৈছিল। ৰম্পা বিপ্লৱত অংশগ্ৰহণ কৰা কিমান যুৱকে একে বয়সতে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। স্বাধীনতা সংগ্ৰামৰ এই বীৰ-বীৰংগনাসকল আজিৰ অমৃত কালত আমাৰ দেশৰ বাবে শক্তি আৰু অনুপ্ৰেৰণাৰ উৎস। দেশৰ স্বাধীনতাৰ বাবে স্বাধীনতা আন্দোলনত যুৱসকলে আগবাঢ়ি আহি  নেতৃত্ব দিছিল। আজি নতুন ভাৰতৰ সপোন পূৰণৰ বাবে যুৱপ্ৰজন্ম আগবাঢ়ি অহাৰ এয়া সৰ্বশ্ৰেষ্ঠ সুযোগ। আজি দেশত নতুন সুযোগ আছে, নতুন মাত্ৰা মুকলি হৈছে। নতুন চিন্তা ধাৰণ হৈছে, নতুন সম্ভাৱনাৰ জন্ম হৈছে। এই সম্ভাৱনাবোৰ সাকাৰ কৰিবলৈ, আমাৰ বহু সংখ্যক যুৱক-যুৱতীয়ে এই দায়িত্ববোৰ তেওঁলোকৰ কান্ধত লৈ দেশক আগুৱাই লৈ গৈছে। অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমীসকলৰ ধৰণী। পিংগলী ভেংকায়াৰ দৰে স্বাধীনতা সংগ্ৰামী আছিল, যিয়ে দেশৰ পতাকা প্ৰস্তুত কৰিছিল। ই কন্নেগন্তী হনুমন্তু, কন্দুকুৰি বীৰেচলিংগম পন্টুলু আৰু পোট্টি শ্ৰীৰামুলুৰ দৰে নায়কৰ দেশ। ইয়াত উয়া-লাবাদা নৰসিংহ ৰেড্ডীৰ দৰে যোদ্ধাসকলে ব্ৰিটিছসকলৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। আজি অমৃত কালত এই যোদ্ধাসকলৰ সপোন পূৰণ কৰাটো আমাৰ সকলো দেশবাসীৰ দায়িত্ব। ১৩০ কোটি দেশবাসীৰ দায়িত্ব। আমাৰ নতুন ভাৰত তেওঁলোকৰ সপোনৰ ভাৰত হ'ব লাগে। এনে এখন ভাৰত য'ত দৰিদ্ৰ, কৃষক, শ্ৰমিক, পিছপৰা, জনজাতীয় লোকসকলৰ বাবে সমান সুযোগ থাকে। যোৱা আঠ বছৰত, দেশখনে এই সংকল্প পূৰণ কৰাৰ বাবে নীতিও প্ৰস্তুত কৰিছে, আৰু লগতে অতি আন্তৰিকতাৰে কাম কৰিছে। বিশেষকৈ, দেশখনে জনজাতীয় ভাই-ভনীসকলৰ বাবে, তেওঁলোকৰ কল্যাণৰ বাবে, তেওঁলোকৰ বিকাশৰ বাবে, শ্ৰী আল্লুৰী আৰু অন্যান্য যুঁজাৰুসকলৰ আদৰ্শ অনুসৰণ কৰি দিনে-ৰাতিয়ে কাম কৰিছে।

স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অপৰিসীম অৱদানৰ বিষয়ে প্ৰতিটো পৰিয়ালক পৰিচিত কৰোৱাৰ বাবে অমৃত মহোৎসৱত অশেষ প্ৰচেষ্টা অব্যাহত আছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে, দেশত জনজাতীয় গৌৰৱ আৰু ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ জনজাতীয় সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ লম্বচিংঙীত "আল্লুৰী সীতাৰাম ৰাজু মেম'ৰিয়েল জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়" নিৰ্মাণ কৰা হৈছে। যোৱা বছৰতেই, দেশে ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডা জয়ন্তীক "ৰাষ্ট্ৰীয় জনজাতীয় গৌৰৱ দিৱস" হিচাপে উদযাপন কৰা আৰম্ভ কৰিছে। বিদেশী শাসনৰাজে আমাৰ জনজাতীয় লোকসকলৰ ওপৰত আটাইতকৈ বেছি অত্যাচাৰ কৰিছিল, তেওঁলোকৰ সংস্কৃতি ধ্বংস কৰিবলৈ চেষ্টা চলাইছিল। এই প্ৰচেষ্টাবোৰে সেই ত্যাগৰ অতীতক জীৱিত কৰিব। আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। সীতাৰাম ৰাজু গাৰুৰ আদৰ্শ অনুসৰণ কৰি আজি দেশে জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। আমাৰ বন সম্পদক জনজাতীয় সমাজৰ যুৱকসকলৰ বাবে নিযুক্তি আৰু সুযোগৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ বহুতো প্ৰচেষ্টা কৰা হৈছে।

স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে জনজাতীয় কলা-কৌশলে আজি এক নতুন পৰিচয় লাভ কৰিছে। "লোকেল ফৰ ভোকেল"-এ জনজাতীয় কলা দক্ষতাক উপাৰ্জনৰ এক মাধ্যম কৰি তুলিছে। কেইবা দশক পুৰণি যি আইনে জনজাতীয় লোকসকলক বাঁহৰ দৰে বনজাত সামগ্ৰী কাটিবলৈ বাধা দিছিল, আমি সেইবোৰ সলনি কৰি বন উৎপাদনত অগ্ৰাধিকাৰ দিলোঁ। আজি চৰকাৰে বনজাত সামগ্ৰীৰ প্ৰচাৰৰ বাবে বহুতো নতুন প্ৰচেষ্টা চলাই আছে। আঠ বছৰ আগতে, মাত্ৰ ১২টা বন সামগ্ৰী এমএছপিত ক্ৰয় কৰা হৈছিল, কিন্তু আজি এমএছপিৰ ক্ৰয় তালিকাত প্ৰায় ৯০বিধ সামগ্ৰীক বন-উৎপাদন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। দেশে বন ধন যোজনাৰ জৰিয়তে বন সম্পদক আধুনিক সুযোগৰ সৈতে সংযোগ কৰাৰ দায়িত্বও গ্ৰহণ কৰিছে। দেশত ৩,০০০তকৈও অধিক বন-ধন উন্নয়ন কেন্দ্ৰৰ লগতে ৫০,০০০ তকৈও অধিক বন-ধনৰ আত্মসহায়ক গোটেও কাম কৰি আছে। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানো স্থাপন কৰা হৈছে। উচ্চাকাংক্ষী জিলাসমূহৰ উন্নয়নৰ বাবে দেশে যি অভিযান চলাই আছে, সেই অভিযানে জনজাতীয় অঞ্চলসমূহকো লাভান্বিত কৰিছে। জনজাতীয় যুৱক-যুৱতীসকলৰ শিক্ষাৰ বাবে ৭৫০ খন একলব্য আদৰ্শ বিদ্যালয়ো স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষা লাভৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিয়ে  জনজাতীয় শিশুসকলক তেওঁলোকৰ অধ্যয়নত যথেষ্ট সহায় কৰিব।

"মান্যম বীৰুদ" আল্লুৰী সীতাৰাম ৰাজুৱে ব্ৰিটিছসকলৰ সৈতে সংগ্ৰামৰ সময়ত "সাহস আছে যদি মোক বাধা দিয়ক"-বুলি প্ৰত্যাহ্বান জনাইছিল। আজি দেশেও সন্মুখলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান, সমস্যাক একেই সাহসেৰে সৈতে ১৩০ কোটি দেশবাসীৰ একতাৰে, শক্তিৰে সৈতে যুঁজি কৈছে-"সাহস আছে যদি আমাক বাধা দিয়ক"। আমাৰ যুৱ, আমাৰ জনজাতীয়, আমাৰ মহিলা, দলিত-নিপীড়িত-শোষিত-বঞ্চিতসকলে যেতিয়া দেশৰ নেতৃত্ব বহন কৰিব তেতিয়া একোৱেই নতুন ভাৰত গঢ় দিয়াত বাধা দিব নোৱাৰে। মই সম্পূৰ্ণ বিশ্বাসী যে সীতাৰাম ৰাজু গাৰুৰ অনুপ্ৰেৰণাই আমাক এখন ৰাষ্ট্ৰ হিচাপে অসীম উচ্চতালৈ লৈ যাব। এই মনোভাৱৰ সৈতে মই আকৌ এবাৰ অন্ধ্ৰৰ মাটিৰ পৰা মহান স্বাধীনতা সংগ্ৰামীসকলৰ চৰণত সেৱা জনাইছোঁ, আৰু আজিৰ এই দৃশ্যই, এই উৎসাহে, এই জনস্ৰোতে বিশ্বক কৈছে, দেশবাসীক কৈছে যে আমি আমাৰ স্বাধীনতাৰ নায়কসকলক পাহৰি যোৱা নাই, নাপাহৰোঁ, আমি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লৈ আগবাঢ়ি যাম। বীৰ সেনানীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা ইমান বৃহৎ সংখ্যক লোক, আপোনালোক সকলোকে মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ।  আপোনালোক সকলোকে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতৃৰ জয়হওক!

বন্দে-মাতৰম!

বন্দে-মাতৰম!

বন্দে-মাতৰম!

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-New Zealand friendship has gained new momentum and a new direction: PM Modi during the Gala Lunch
July 11, 2026

Your Excellency, Prime Minister क्रिस्टोफर लक्सन,

दोनों देशों के delegates,

नमस्कार!

किया ओरा!

मेरे और मेरे delegation के ऊष्मा भरे स्वागत और आतिथ्य के लिए मैं मेरे मित्र प्रधानमंत्री लक्सन का हार्दिक आभार व्यक्त करता हूँ। उन्होंने स्वागत में इतनी गर्मजोशी दिखाई है, कि ऑकलैंड की सर्दी भी आज कुछ कम लग रही है। इस यात्रा के दौरान न्यूजीलैंड के लोगों से जो स्नेह और अपनापन मिला है, वह हमारे हृदय में हमेशा रहेगा।

पिछले वर्ष प्रधानमंत्री लक्सन की भारत यात्रा से हमारे संबंधों के हर क्षेत्र में नई ऊर्जा आई है। उनके नेतृत्व, स्पष्ट विजन, और मजबूत प्रतिबद्धता से, भारत और New Zealand की मित्रता को नयी गति और नयी दिशा मिली है। आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की यात्रा हो रही है। और मैं हमेशा कहता हूँ, कि बहुत सारे अच्छे काम है, जो मेरे पहले वाले लोग मेरे लिए छोड़ के गए हैं, जो मैं पूरा कर रहा हूँ। साथियों, यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है।

Friends,

भारत और न्यूजीलैंड का लोकतान्त्रिक मूल्यों में दृढ़ विश्वास हमें मिलकर आगे बढ़ने के लिए natural comfort प्रदान करता है। पिछले कुछ वर्षों में हमने हमारे सबंधों को अभूतपूर्व गति प्रदान की है।

आज आज की बैठक में हमने हमारे सहयोग को नई गहराई और व्यापकता देने पर विस्तार से चर्चा की। हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है। इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे।

इस वर्ष हमने रिकॉर्ड समय में Free Trade Agreement किया। इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे। हम trade के साथ साथ trust, technology और talent का blue print तैयार कर रहे हैं।

पिछले तीन वर्षों में हमारे व्यापार में 50 पर्सेन्ट से अधिक की बढ़ोतरी हुई है। हमें विश्वास है कि FTA अगले पाँच वर्षों में हमारे व्यापार को दोगुना करने का मजबूत आधार बनेगा।

न्यूजीलैंड द्वारा भारत में बीस बिलियन डॉलर के investment commitment का भी हम विशेष स्वागत करते हैं। यह न्यूज़ीलैंड की companies को भारत की growth story में long-term partner बनने का अवसर देगा।

Friends,

हमारी Strategic Partnership को सार्थक बनाने के लिए हम दोनों देशों की strengths को practical cooperation में बदल रहे हैं। Fin Tech के क्षेत्र में हम भारत के UPI और न्यूजीलैंड के payment systems को जोड़ने पर आगे बढ़ रहे हैं।

Agriculture, dairy और food processing में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशु-पालकों को मिलेगा।

Traditional medicine में न्यूज़ीलैंड और भारत दोनों की समृद्ध और जीवंत परंपराएं हैं। आज हमने हमारे स्वास्थ्य सहयोग में traditional medicines की भूमिका बढ़ाने पर सहमति व्यक्त की।

रक्षा और सुरक्षा में हमारा बढ़ता सहयोग हमारे गहरे strategic trust का प्रतीक है। पिछले वर्ष किए गए Defence Cooperation Agreement से हमारे सहयोग का मजबूत ढांचा तैयार हुआ है। आज हमने इंडो-पैसिफिक में maritime cooperation के लिए एक फ्रैम्वर्क पर सहमति बनाई है। Bilateral naval exercises, Logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा।

Friends,

हमारे संबंधों की सबसे मजबूत ताकत हमारे people-to-people ties हैं। भारतीय समुदाय के लोगों ने अपने परिश्रम और talent से न्यूजीलैंड में विशेष स्थान बनाया है। उनकी देखरेख के लिए मैं प्रधानमंत्री लक्सन और न्यूजीलैंड सरकार और न्यूजीलैंड के लोगों का आभार व्यक्त करता हूँ।

आज हुआ Cultural Cooperation MOU दोनों देशों के art, culture, heritage तथा creative industries में exchanges को गति देगा। न्यूजीलैंड भारतीय students के लिए एक महत्वपूर्ण destination रहा है। हम न्यूजीलैंड की universities को भारत में campus खोलने के लिए आमंत्रित करते हैं।

इस वर्ष हम दोनों देशों के बीच खेल संबंधों की सौवीं वर्षगांठ मना रहे हैं। सौ साल पहले मेजर ध्यानचंद के नेतृत्व में हॉकी टीम ने यहाँ आकर जो इतिहास रचा था, वह हमारी खेल साझेदारी को आज भी प्रेरित कर रहा है। इस उपलक्ष्य पर हम दोनों देशों में कई स्पोर्ट्स इवेंट्स आयोजित कर रहे हैं। क्रिकेट के साथ-साथ अन्य खेलों में भी सहयोग बढ़ाने के लिए हम Sports Joint Action Plan बनाया है। हाल ही में भुवनेश्वर में न्यूजीलैंड रग्बी और रग्बी इंडिया के कोचिंग प्रोग्राम से अच्छी शुरुवात हुवी है।

Friends,

वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है।

आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने Joint Working Group का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो-पेसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है।

Friends, मैं आप सभी को माओरी नव वर्ष “मातरिकी” की हार्दिक शुभकामनाएँ देता हूँ। जिस तारा-समूह को यहाँ “मातरिकी” नाम दिया गया है, जैसे आपने भी बताया, उसे भारत में प्राचीन काल से “कृत्तिका नक्षत्र” के रूप में जाना जाता है। मुझे विश्वास है कि “मातरिकी” का यह पर्व, हमारे संबंधों को इन्हीं सितारों की तरह जगमगाने की प्रेरणा देगा।

Prime Minister लक्सन,

आपकी मित्रता, आपकी प्रतिबद्धता और मेरी न्यूज़ीलैंड यात्रा को यादगार बनाने के लिए मैं आपका आभार व्यक्त करता हूँ। जैसे रग्बी में टीमवर्क और भरोसा ज़रूरी होता है, वैसे ही हम भी आपसी विश्वास के साथ आगे बढ़ेंगे। हम एक ही टीम में है, इसलिए टैकल केवल चुनौतियों को करेंगे।

बहुत-बहुत धन्यवाद।