এই বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অৰ্থনৈতিক বিকাশ অব্যাহত ৰখাৰ লগতে শক্তিশালী কৰিবলৈ আমাৰ প্ৰতিশ্ৰুতি দোঁহাৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট, অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ স্থাপন কৰক, অধিক ৰপ্তানি কৰকঃ প্ৰধানমন্ত্ৰী
বিশ্বই নিৰ্ভৰযোগ্য আৰু সামৰ্থবান নিৰ্মাণ সহযোগীৰ সন্ধানত আছে আৰু আজি ভাৰতে এই ভূমিকাত গুৰুত্ব সহকাৰে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে: প্ৰধানমন্ত্ৰী
ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিছে, আমাৰ বাবে সুযোগৰ বৃহৎ দুৱাৰ মুকলি হৈছে আৰু এনে পৰিস্থিতিত গুণগত মানৰ সৈতে কেতিয়াও আপোচ নকৰাই আমাৰ দায়িত্বঃ প্ৰধানমন্ত্ৰী
কাৰ্বন কেপচাৰ, ব্যৱহাৰ আৰু মজুত মিছন এক গুৰুত্বপূৰ্ণ পদক্ষেপ, মূল ব্যৱসায়িক কৌশলত বহনক্ষমতা অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়: প্ৰধানমন্ত্ৰী
যিসমূহ উদ্যোগে সময়মতে স্বচ্ছ প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব, তেওঁলোকে অনাগত বছৰসমূহত নতুন বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'বঃ প্ৰধানমন্ত্ৰী
আজি বিশ্ব অৰ্থনীতিত এক ডাঙৰ পৰিৱৰ্তন হৈছে, কাৰণ বজাৰসমূহে এতিয়া কেৱল খৰচৰ ওপৰতে নহয়, স্থায়িত্বৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে উৎপাদন, পৰিবহণ, আমাৰ এম এছ এম ই, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ আৰু কেৱল সেয়াই নহয়, আমাৰ সৰু-বৰ চহৰবোৰ অৰ্থনীতিৰ পৃথক স্তম্ভ যেন লাগিব পাৰে, কিন্তু এই সকলোবোৰ আন্তঃসংযোগী। উদাহৰণস্বৰূপে, শক্তিশালী উৎপাদনে নতুন সুযোগৰ সৃষ্টি কৰে, যি পাছলৈ ৰপ্তানি বৃদ্ধি কৰে। প্ৰতিযোগিতামূলক এম এছ এম ইয়ে নমনীয়তা আৰু উদ্ভাৱনক লাভান্বিত কৰে। উন্নত পৰিবহণ ব্যৱস্থাৰ দ্বাৰা ব্যয় হ্ৰাস পায়। সুপৰিকল্পিত চহৰবোৰে বিনিয়োগ আৰু প্ৰতিভা দুয়োটাকে আকৰ্ষণ কৰে। এইবাৰৰ বাজেটত এই সকলোবোৰ স্তম্ভ যথেষ্ট শক্তিশালী হৈছে।

 

কিন্তু বন্ধুসকল,

কোনো দিশ স্বয়ংক্ৰিয়ভাৱে ফল নহয়; ক্ষেত্ৰভিত্তিক পৰিৱৰ্তন তেতিয়াহে ঘটে যেতিয়া উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি ইয়াক বাস্তৱত পৰিণত কৰে। মই আশা কৰোঁ যে এই ৱেবিনাৰত আপুনি আপোনাৰ চিন্তা-চেতনাত কিছুমান বিশেষ বিষয়ক অগ্ৰাধিকাৰ দিব, যেনে- কেনেকৈ নিৰ্মাণ তথা উৎপাদন বৃদ্ধি কৰিব পাৰি, ব্যয় গাঁথনি কেনেকৈ প্ৰতিযোগিতামূলক কৰিব পাৰি, বিনিয়োগৰ প্ৰবাহ কেনেকৈ ত্বৰান্বিত কৰিব পাৰি আৰু উন্নয়ন কেনেকৈ দেশৰ প্ৰতিটো চুকে-কোণে পোৱাটো নিশ্চিত কৰিব পাৰি। আপোনাৰ পৰামৰ্শ এই দিশত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।

 

বন্ধুসকল,

আজি দেশখনে উৎপাদন খণ্ডত নিজৰ মূল ঔদ্যোগিক সামৰ্থ্য শক্তিশালী কৰি তুলিছে। আৰু এই পথত থকা প্ৰত্যাহ্বানসমূহো মোকাবিলা কৰা হৈছে। ডেডিকেটেড ৰেয়াৰ আৰ্থ কৰিডৰ আৰু কণ্টেইনাৰ নিৰ্মাণৰ দৰে খণ্ডত গুৰুত্ব দি আমি আমাৰ বাণিজ্যিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছোঁ। বাজেটত বায়’ফাৰ্মা শক্তি অভিযানৰ কথাও ঘোষণা কৰা হয়। এই অভিযানৰ লক্ষ্য হৈছে- ভাৰতক বায়’লজিকেল আৰু পৰৱৰ্তী প্ৰজন্মৰ থেৰাপীৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলা। আমি উন্নত বায়’ফাৰ্মা গৱেষণা আৰু উৎপাদনত নেতৃত্বৰ দিশত আগবাঢ়িব বিচাৰো।

 

বন্ধুসকল,

আজি বিশ্বই নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক উৎপাদন অংশীদাৰৰ সন্ধানত আছে। এই ভূমিকা শক্তিশালীভাৱে পালন কৰাৰ সুযোগ ভাৰতে লাভ কৰিছে। ইয়াক লাভ কৰিবলৈ সকলো অংশীদাৰে আত্মবিশ্বাসেৰে বিনিয়োগ কৰিব লাগিব, নতুন প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব আৰু গৱেষণাৰ ক্ষেত্ৰত কৃপণালি কৰাৰ যুগ শেষ হ’ল। এতিয়া আমি গৱেষণাত যথেষ্ট বিনিয়োগ কৰিব লাগিব আৰু বিশ্ব মানদণ্ডৰ সৈতে সংগতি ৰাখি গুণগত মান নিশ্চিত কৰিব লাগিব। মই বাৰে বাৰে কওঁ যে এতিয়া আমি আগবাঢ়ি যোৱাৰ সুযোগ পাইছোঁ, আমাৰ একমাত্ৰ মন্ত্ৰ হ’ব লাগে গুণগত মান, গুণগত মান, গুণগত মান।

 

বন্ধুসকল,

ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে। আমাৰ বাবে সুযোগৰ এটা বিশাল পথ মুকলি হৈছে। এনে পৰিস্থিতিত গুণগত মানৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰাটো আমাৰ দায়িত্ব। যদি আমি আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা, বুদ্ধিমত্তা, শক্তি, বুজাবুজি এটা কথাত কেন্দ্ৰীভূত কৰিব বিচাৰোঁ তেন্তে আমি গুণগত মানৰ ওপৰত প্ৰবল গুৰুত্ব দিব লাগিব। আমাৰ সামগ্ৰীৰ মানদণ্ডই গোলকীয় মানদণ্ডই নহয়, তাতোকৈ অধিক মানদণ্ড পূৰণ কৰিব লাগে । আৰু ইয়াৰ বাবে আমি আন দেশৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ মানুহৰ আশা-আকাংক্ষাৰ বিষয়ে অধ্যয়ন, গৱেষণা আৰু বোধগম্য হব  লাগিব। আন দেশৰ মানুহৰ পছন্দ আৰু সুচলতাৰ স্তৰ অধ্যয়ন কৰাটো এটা সৰ্বোচ্চ প্ৰয়োজনীয়তা আৰু আমি এই বিষয়ে গৱেষণা কৰিব লাগিব। ধৰি লওক, কোনোবাই সৰু অংশ এটা বিচাৰিছে আৰু তেওঁলোকে এখন ডাঙৰ জাহাজ নিৰ্মাণ কৰি আছে। কিন্তু আমি সেইটো যদি দিব পাৰোঁ, কি লাভ হব ? আপোনাৰ অংশ কোনে কিনিব? আপোনাৰ বাবে ই এটা সৰু অংশ হ’ব পাৰে যদিও এটা বৃহৎ উৎপাদন গোটৰ বাবে ইয়াৰ তাৎপৰ্য অপৰিসীম। গতিকে এই প্ৰতিযোগিতামূলক জগতখনত গুণগত মানে আমাৰ বাবে এক সোণালী সুযোগৰ সৃষ্টি কৰে। সেই অনুসৰি আমি ব্যৱহাৰকাৰী-অনুকূল সামগ্ৰী সৃষ্টি কৰিব লাগিব। তেতিয়াহে আমি এই সুযোগসমূহক মূলধন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া মুক্ত বাণিজ্য চুক্তিখন স্থাপন হোৱাৰ লগে লগে উন্নয়নৰ এই মূল পথটো এতিয়া আপোনালোকৰ বাবে মুকলি। আশা কৰোঁ আপোনালোক সকলোৱে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব আৰু এই ৱেবিনাৰত আলোচনা কৰিব।

 

বন্ধুসকল,

এম এছ এম ই শ্ৰেণীবিভাজনত আমি ৰূপায়ণ কৰা সংস্কাৰে যথেষ্ট প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত উদ্যোগসমূহৰ মাজত এই আশংকা দূৰ হৈছে যে উক্ত সম্প্ৰসাৰণৰ ফলত চৰকাৰী সুবিধা হেৰুৱাব লাগিব। এম এছ এম ইসমূহৰ ঋণ লাভৰ সুবিধা, প্ৰযুক্তি উন্নীতকৰণৰ প্ৰসাৰতা আৰু সামৰ্থ্য গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে।

 

কিন্তু বন্ধুসকল,

এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ তেতিয়াহে দেখা যাব যেতিয়া এম এছ এম ইসমূহে উন্নয়ন সাধনৰ লক্ষ্যৰে অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । এতিয়া এম এছ এম ইসমূহে নিজৰ উৎপাদনশীলতা আৰু অধিক বৃদ্ধি কৰাৰ সময়, গুণগত মান বৃদ্ধি কৰাৰ, ডিজিটেল প্ৰক্ৰিয়াসমূহ একত্ৰিত কৰাৰ আৰু মূল্য শৃংখল শক্তিশালী কৰাৰ সময়। এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ’ব।

 

বন্ধুসকল,

আন্তঃগাঁথনি আৰু সামগ্ৰী পৰিবহণ আমাৰ উন্নয়ন কৌশলৰ মূল স্তম্ভ। এইবাৰৰ বাজেটত অভিলেখ সৃষ্টিকাৰী মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে। উচ্চ ক্ষমতাসম্পন্ন পৰিবহণ ব্যৱস্থা নিৰ্মাণ, ৰেলপথ, ঘাইপথ, বন্দৰ, বিমানবন্দৰ আৰু জলপথৰ মাজত উন্নীত সমন্বয় আৰু বিভিন্ন মালবাহী কৰিডৰ তথা মাল্টিমডেল সংযোগ সম্প্ৰসাৰণ আদি সকলোবোৰ ব্যয় হ্ৰাস আৰু দক্ষতা বৃদ্ধিৰ বাবে অপৰিহাৰ্য পদক্ষেপ। গতিকে নতুন জলপথ, জাহাজ মেৰামতিৰ সুবিধা আৰু আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰই আমাৰ লজিষ্টিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব। সাতটা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ  সংযোগ কৰা হ’ব। কিন্তু আপুনি এইটোও জানে যে এই আন্তঃগাঁথনিৰ প্ৰকৃত সুবিধা তেতিয়াহে উপলব্ধি হ’ব যেতিয়া উদ্যোগ আৰু বিনিয়োগকাৰীয়ে এই দৃষ্টিভংগীৰ সৈতে নিজৰ কৌশলসমূহ একত্ৰিত কৰিব। এই কৌশলসমূহৰ বিষয়েও আপুনি বিতংভাৱে আলোচনা কৰা উচিত আৰু মই নিশ্চিত যে আপুনি এই কৌশলসমূহৰ প্ৰতি নিশ্চয় গুৰুত্ব আৰোপ কৰিব।

 

বন্ধুসকল,

ভাৰতৰ উন্নয়ন যাত্ৰাত নগৰায়নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ভৱিষ্যতৰ বৃদ্ধি নিৰ্ভৰ কৰিব আমি আমাৰ চহৰসমূহ কিমান ফলপ্ৰসূভাৱে পৰিকল্পনা আৰু পৰিচালনা কৰোঁ তাৰ ওপৰত। এই বাজেট ৱেবিনাৰত আপোনাৰ পৰামৰ্শসমূহ আমাৰ টায়াৰ-টু আৰু টায়াৰ-থ্ৰী চহৰসমূহ কেনেকৈ নতুন উন্নয়নৰ প্ৰতিভূ হ’ব পাৰে তাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।

 

বন্ধুসকল,

আজি বিশ্ব অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন অব্যাহত আছে। বজাৰসমূহে এতিয়া কেৱল খৰচৰ কথালৈয়ে নাচায়, তেওঁলোকে বহনক্ষমতাৰ কথাও বিবেচনা কৰে। কাৰ্বন কেপচাৰ, ইউটিলাইজেচন এণ্ড ষ্ট’ৰেজ মিছন এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়া, বহনক্ষমতাক আপোনাৰ মূল ব্যৱসায়িক কৌশলৰ অংশ হিচাপে গঢ়ি তুলিব লাগিব। সময়মতে স্বচ্ছ প্ৰযুক্তিত বিনিয়োগ কৰা উদ্যোগসমূহে অনাগত বছৰবোৰত নতুন বজাৰত দ্ৰুততাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। এইবাৰৰ বাজেটত নতুন দিশৰ সৃষ্টি হৈছে। উদ্যোগ, বিনিয়োগকাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানক এই লক্ষ্যত উপনীত হ’বলৈ একেলগে কাম কৰিবলৈ আহ্বান জনাইছোঁ।

 

বন্ধুসকল,

এখন বিকশিত ভাৰতৰ লক্ষ্য সামূহিক মালিকীস্বত্বৰ জৰিয়তেহে লাভ কৰিব পৰা যায়। এই বাজেট ৱেবিনাৰখন কেৱল আলোচনাৰ মঞ্চ হ’ব নালাগে, য’ত আমি কেৱল আমাৰ জ্ঞান বিতৰণ কৰোঁ। বৰঞ্চ ইয়াত সামূহিক মালিকীস্বত্ব প্ৰতিফলিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। এই বাজেটত পৰিকাঠামোৰ ব্যৱস্থা কৰা হৈছে; এতিয়া আপোনালোকে সামূহিকভাৱে গতি দিব লাগিব। আপুনি আমাৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ’ব লাগিব। আপোনাৰ প্ৰতিটো পৰামৰ্শ আৰু প্ৰতিটো অভিজ্ঞতাই তৃণমূল পৰ্যায়লৈ উৎকৃষ্ট ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। আপোনাৰ পৰামৰ্শ দেশৰ প্ৰগতিৰ মাইলৰ খুঁটি হৈ পৰিব বুলি বিশ্বাস কৰি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

নমস্কাৰ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!