এই বছৰৰ কেন্দ্ৰীয় বাজেটে কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনক এক শক্তিশালী অগ্ৰগতি প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে কৃষি খণ্ডক নিৰন্তৰভাৱে শক্তিশালী কৰি আহিছে, বৃহৎ প্ৰচেষ্টাই কৃষকসকলৰ বিপদৰ আশংকা হ্ৰাস কৰিছে আৰু তেওঁলোকক মৌলিক অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
যদি আমি একেলগে উচ্চ মূল্যৰ কৃষিৰ পৰিসৰ বৃদ্ধি কৰো, ই কৃষিক গোলকীয়ভাবে প্ৰতিযোগিতামূলক খণ্ডলৈ ৰূপান্তৰিত কৰিবঃ প্ৰধানমন্ত্ৰী
ৰপ্তানি ভিত্তিক উৎপাদন বৃদ্ধি হোৱাৰ লগে সংসাধন আৰু মূল্য সংযোজনৰ জৰিয়তে গ্ৰাম্য অঞ্চলত নিযুক্তিৰ সৃষ্টি হ’বঃ প্ৰধানমন্ত্ৰী
ৰপ্তানি বৃদ্ধিৰ বাবে মীন পালন এক প্ৰধান ক্ষেত্ৰ হ'ব পাৰে, গ্ৰাম্য সমৃদ্ধিৰ এক উচ্চ মূল্যৰ, উচ্চ প্ৰভাৱযুক্ত খণ্ডঃ প্ৰধানমন্ত্ৰী
চৰকাৰে এগ্ৰিষ্টেকৰ জৰিয়তে কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি বিকাশ ঘটাই আছেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তিয়ে ফলাফল প্ৰদান কৰে যেতিয়া প্ৰণালীয়ে ইয়াক গ্ৰহণ কৰে, প্ৰতিষ্ঠানসমূহে ইয়াক একত্ৰিত কৰে আৰু উদ্যোগীসকলে ইয়াৰ ওপৰত উদ্ভাৱন গঢ়ি তোলেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ?  আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে কৃষি, এগ্ৰিকালচাৰ আৰু বিশ্বকৰ্মা আমাৰ অৰ্থনীতিৰ মূল ভেটি। এগ্ৰিকালচাৰ ভাৰতৰ দীৰ্ঘম্যাদী উন্নয়ন যাত্ৰাৰ এক কৌশলগত স্তম্ভ, আৰু এই দৃষ্টিভংগীৰে আমাৰ চৰকাৰে কৃষি খণ্ডক ধাৰাবাহিকভাৱে শক্তিশালী কৰি তুলিছে। প্ৰায় ১০ কোটি কৃষকে লাভ কৰিছে ৪ লাখ কোটিৰো অধিক মূল্যৰ পি এম কিষাণ সন্মান নিধি। এম এছ পিৰ সংস্কাৰে এতিয়া কৃষকসকলক তেওঁলোকৰ আয়ৰ ডেৰগুণ পৰ্যন্ত লাভৰ সুবিধা প্ৰদান কৰিছে। প্ৰতিষ্ঠানিক ঋণ কভাৰেজ ৭৫ শতাংশ অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত প্ৰায় ২ লাখ কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। এনে বহু প্ৰচেষ্টাই কৃষকৰ বিপদ বহু পৰিমাণে হ্ৰাস কৰি তেওঁলোকক মৌলিক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰিছে। ইয়াৰ ফলত কৃষি খণ্ডৰ আত্মবিশ্বাসো বৃদ্ধি পাইছে। আজি দেশত খাদ্য শস্য আৰু দাইলৰ পৰা আৰম্ভ কৰি তৈলবীজ উতপাদনলৈকে অভিলেখ সৃষ্টি হৈছে। কিন্তু এতিয়া একবিংশ শতিকাৰ দ্বিতীয় চতুৰ্থাংশ আৰম্ভ হোৱাৰ লগে লগে ২৫ বছৰ পাৰ হৈ গ’ল, কৃষি খণ্ডতো নতুন শক্তিৰ সঞ্চাৰ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। এইবাৰৰ বাজেটত এই দিশত নতুন প্ৰচেষ্টা হাতত লোৱা হৈছে। মই নিশ্চিত যে এই ৱেবিনাৰত আপোনালোক সকলোৰে মাজত হোৱা আলোচনা আৰু ইয়াৰ পৰা ওলোৱা পৰামৰ্শই বাজেটৰ বিধানসমূহ যিমান পাৰি সোনকালে কাৰ্যকৰী কৰাত সহায় কৰিব।

বন্ধুসকল,

আজি বিশ্বৰ বজাৰ মুকলি হৈছে, বিশ্বৰ চাহিদা সলনি হৈছে। এই ৱেবিনাৰত আমাৰ কৃষিক ৰপ্তানিমুখী কৰাৰ বিষয়ে অধিক আলোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ জলবায়ু বৈচিত্ৰ্যময় আৰু আমি ইয়াৰ সম্পূৰ্ণ সুবিধা লোৱাটো প্ৰয়োজন। কৃষি উপযোগী জলবায়ুৰ ক্ষেত্ৰত আমি অতি চহকী। এই সকলোবোৰৰ বাবে এইবাৰৰ বাজেটত অগণন নতুন সুযোগ আছে। ই উৎপাদনশীলতা বৃদ্ধি আৰু ৰপ্তানি উন্নয়্নৰ দিশ নিৰ্ধাৰণ কৰে। বাজেটত আমি উচ্চ মূল্যৰ কৃষিৰ ওপৰত গুৰুত্ব দিলোঁ। আমি নাৰিকল, কাজু, কোকো, চন্দন কাঠৰ দৰে সামগ্ৰীৰ অঞ্চলভিত্তিক নিৰ্দিষ্ট প্ৰচাৰৰ কথা ক’লোঁ। আপোনালোকে জানেনে, আমাৰ দক্ষিণৰ ৰাজ্য, বিশেষকৈ কেৰালা আৰু তামিলনাডুত তামোল যথেষ্ট উৎপাদন হয়। কিন্তু এতিয়া সেই ফচলবোৰ, সেই গছবোৰ ইমানেই পুৰণি যে সেইবোৰৰ পূৰ্বৰ ক্ষমতা আৰু নাই। এইবাৰ কেৰালা আৰু তামিলনাডুৰ কৃষকসকলে এই অতিৰিক্ত সুবিধা লাভ কৰিব। সেয়েহে এইবাৰ নাৰিকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে, যাৰ ফলত ভৱিষ্যতে আমাৰ কৃষকসকল উপকৃত হ’ব।

বন্ধুসকল,

উত্তৰ-পূবলৈ চাওকচোন। আগৰ খেতিৰ বিষয়ে অতি কমসংখ্যক লোকেহে জানে। "ধূপৰ কাঠি" শব্দটো আগৰ কাঠৰ পৰা আহিছে। এতিয়া হিমালয়ৰ ৰাজ্যসমূহত নাতিশীতোষ্ণ বাদাম শস্যৰ প্ৰচাৰৰ বাবে বাজেটত এটা প্ৰস্তাৱ দিয়া হৈছে। ৰপ্তানিমুখী উৎপাদন বৃদ্ধিৰ লগে লগে প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ জৰিয়তে গ্ৰাম্য অঞ্চলত কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব। এই দিশত কেনেকৈ সমন্বিত পদক্ষেপ ল’ব পাৰি সেই বিষয়ে সকলো অংশীদাৰে একেলগে মন্থন কৰিব লাগিব। যদি আমি যৌথভাৱে উচ্চ মূল্যৰ কৃষিক পৰিমাপ কৰোঁ তেন্তে ই কৃষিক গোলকীয় প্ৰতিযোগিতামূলক খণ্ডলৈ ৰূপান্তৰিত কৰিব পাৰে। কৃষি বিশেষজ্ঞ, উদ্যোগ আৰু কৃষকসকল কেনেকৈ একত্ৰিত হ’ব পাৰে, কৃষকসকলক বিশ্বৰ বজাৰ, গুণাগুণ, ব্ৰেণ্ডিং আৰু মানদণ্ডৰ সৈতে কেনেকৈ সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰি— প্ৰতিটো দিশ, আৰু এই সকলোবোৰ কেনেকৈ প্ৰচাৰ কৰিব পাৰি— সেই আলোচনাই এই ৱেবিনাৰৰ গুৰুত্ব বৃদ্ধি কৰিব। মই আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আজি পৃথিৱীখন অধিক স্বাস্থ্য সচেতন। সামগ্ৰিক স্বাস্থ্যসেৱাৰ প্ৰতি আগ্ৰহ বহুত, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ হল জৈৱিক সুষম আহাৰ আৰু জৈৱিক খাদ্য। ভাৰতত আমি ৰাসায়নিক পদাৰ্থমুক্ত কৃষি আৰু প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাসায়নিক সাৰমুক্ত সামগ্ৰীৰে প্ৰাকৃতিক কৃষিয়ে আমাৰ বাবে বিশ্ববজাৰত উপনীত হোৱাৰ পথৰ সৃষ্টি কৰে। ইয়াৰ বাবে চৰকাৰে প্ৰমাণপত্ৰ আৰু পৰীক্ষাগাৰৰ কথা চিন্তা কৰিছে। এই বিষয়েও আপোনালোকৰ মতামত শ্বেয়াৰ কৰিব।

বন্ধুসকল,

ৰপ্তানি বৃদ্ধিৰ এটা প্ৰধান কাৰক হৈছে মীন খণ্ডৰ সম্ভাৱনা। বিশ্বৰ দ্বিতীয় বৃহত্তম মাছ উৎপাদনকাৰী দেশ ভাৰত। আজি আমাৰ বিভিন্ন জলাশয় আৰু পুখুৰীবোৰত প্ৰায় ৪ লাখ টন মাছ উৎপাদন হয়। অতিৰিক্ত ২০ লাখ টন উতপাদনৰ সম্ভাৱনা আছে। এতিয়া বিবেচনা কৰক- যদি আমি ৪ লাখ টনত আৰু ২০ লাখ টন যোগ কৰো আমাৰ দুখীয়া মাছমৰীয়া ভাই-ভনীসকলৰ জীৱন কেনেকৈ সলনি হ’ব। গ্ৰাম্য আয়ৰ বৈচিত্ৰ্য আমাৰ হাততে আছে। মীন ক্ষেত্ৰৰ ৰপ্তানি বৃদ্ধিৰ বাবে ই এক ডাঙৰ মঞ্চ হ’ব পাৰে; ইয়াৰ বাবে গোলকীয় চাহিদা আছে। এই ৱেবিনাৰখনে জলাশয় আৰু ইয়াৰ সম্ভাৱনাৰ সঠিক নক্সা কেনেকৈ অংকন কৰিব পাৰি, ক্লাষ্টাৰ পৰিকল্পনা কেনেকৈ ৰূপায়ণ কৰিব পাৰি, মীন বিভাগ আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত কেনেকৈ শক্তিশালী সমন্বয় গঢ়ি তুলিব পাৰি, সেইবোৰকে ধৰি ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ালে সেয়া অতি উত্তম হ’ব। আমি প্ৰতিটো স্তৰতে নতুন ব্যৱসায়িক আৰ্হি বিকশিত কৰিব লাগিব : হেচাৰী, খাদ্য, প্ৰক্ৰিয়াকৰণ, ব্ৰেণ্ডিং, ৰপ্তানি আৰু এইবোৰৰ বাবে প্ৰয়োজনীয় পৰিবহণ ব্যৱস্থা। এয়া আমাৰ বাবে গ্ৰাম্য সমৃদ্ধিক উচ্চ মূল্যৰ, উচ্চ প্ৰভাৱৰ খণ্ডলৈ ৰূপান্তৰিত কৰাৰ এক সুযোগ। আমি সকলোৱে এই দিশত একেলগে কাম কৰিব লাগিব, আৰু আজি আপোনালোকে যি বিচাৰ-বিবেচনা কৰিব, সেয়াই এই কামৰ বাট মুকলি কৰিব।

বন্ধুসকল,

পশুপালন খণ্ডটো গ্ৰাম্য অৰ্থনীতিৰ এক উচ্চ উন্নয়ন স্তম্ভ। ভাৰত আজি বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ আৰু কণী উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয়। ইয়াক আগুৱাই নিবলৈ আমি প্ৰজননৰ গুণগত মান, ৰোগ প্ৰতিৰোধ আৰু বৈজ্ঞানিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল পশুধনৰ স্বাস্থ্য। যেতিয়া মই "এক পৃথিৱী, এক স্বাস্থ্য"ৰ কথা কওঁ, তেতিয়া ইয়াত উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক সকলো জীৱৰ স্বাস্থ্যক সামৰি লোৱা হয়। ভাৰত এতিয়া প্ৰতিষেধক উৎপাদনত স্বাৱলম্বী হৈছে। জীৱ-জন্তুক ভৰি আৰু মুখৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ১২৫ কোটিতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় গোকুল অভিযানৰ অধীনত প্ৰযুক্তি সম্প্ৰসাৰণ কৰা হৈছে। আমাৰ চৰকাৰৰ অধীনত পশুপালন খণ্ডৰ কৃষকসকলেও এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা উপকৃত হৈছে। ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰিবলৈ পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰম্ভ কৰা হৈছে। আপোনালোকে জনা উচিত যে আমি গোবৰ্ধন যোজনা ৰূপায়ণ কৰিছোঁ। ইয়াৰ ভিতৰত গাঁৱৰ জীৱ-জন্তুৰ মল-মূত্ৰ, আৱৰ্জনা আদিও অন্তৰ্ভুক্ত। আমি গোবৰ্ধন যোজনাত ইয়াক ব্যৱহাৰ কৰি গাঁওখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। গাখীৰৰ পৰা উপাৰ্জন হয়, আৰু গৰুৰ গোবৰেও উপাৰ্জন কৰিব পাৰে। গেছ উতপাদনত সহায় কৰি শক্তি সুৰক্ষাৰ ক্ষেত্ৰতো গোবৰ্ধনে যথেষ্ট অৰিহণা যোগাব পাৰে। এই পদক্ষেপৰ বহুমুখী সুবিধা আছে আৰু গাঁৱৰ বাবে ই অতি উপযোগী। মই বিচাৰোঁ যে সকলো ৰাজ্য চৰকাৰে ইয়াক অগ্ৰাধিকাৰ দি ইয়াৰ প্ৰচাৰ কৰক।

বন্ধুসকল,

আমি পূৰ্বৰ অভিজ্ঞতাৰ পৰা জানিব পাৰিছোঁ যে কেৱল এবিধ শস্যৰ ওপৰত নিৰ্ভৰ কৰাটো কৃষকৰ বাবে বিপজ্জনক। ইয়াৰ ফলত আয়ৰ বিকল্পও সীমিত হৈ পৰে। সেয়েহে আমি শস্যৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিছোঁ। ইয়াৰ উপৰি খোৱা তেল আৰু দাইলজাতীয় শস্যৰ বিষয়ে ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযানে কৃষি খণ্ডক শক্তিশালী কৰি তুলিছে।

 

বন্ধুসকল,

আপোনালোকে জানে যে কৃষি এটা ৰাজ্যিক বিষয়। ৰাজ্যসমূহৰ কৃষি বাজেটতো বৃহৎ। আমি ৰাজ্যবোৰক তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ, তেওঁলোকক সহায় কৰিবলৈ আৰু আমাৰ পৰামৰ্শসমূহ তেওঁলোকৰ বাবে উপযোগী কৰিবলৈ অহৰহ প্ৰেৰণা দিব লাগিব। গাঁও আৰু কৃষকৰ বাবে ৰাজ্যই আবণ্টন দিয়া প্ৰতিটো পইচা সদ্ব্যৱহাৰ কৰিব লাগে। আমি জিলা পৰ্যায়লৈকে বাজেট বিধানবোৰ সুদৃঢ় কৰিব লাগিব। তেতিয়াহে নতুন নীতিসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা যাব।

বন্ধুসকল,

এয়া প্ৰযুক্তিৰ যুগ, চৰকাৰে কৃষিক্ষেত্ৰলৈ প্ৰযুক্তি সংস্কৃতি অনাৰ ক্ষেত্ৰতো অত্যধিক গুৰুত্ব আৰোপ কৰিছে। আজি ই-নামৰ জৰিয়তে বজাৰৰ প্ৰৱেশ সাৰ্বজনীন কৰা হৈছে। চৰকাৰে এগ্ৰিষ্টেকৰ জৰিয়তে কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তুলিছে। ইয়াৰ অধীনত ডিজিটেল পৰিচয় অৰ্থাৎ কিষাণ আইডি সৃষ্টি কৰা হৈছে। আজিলৈকে প্ৰায় ৯ কোটি কৃষকৰ বাবে কিষাণ আইডি প্ৰস্তুত কৰা হৈছে, আৰু প্ৰায় ৩০ কোটি ভূমি খণ্ডৰ ডিজিটেল জৰীপ কৰা হৈছে। ভাৰত বিস্তাৰৰ দৰে এ আই ভিত্তিক প্লেটফৰ্মে গৱেষণা প্ৰতিষ্ঠান আৰু কৃষকৰ মাজত থকা ব্যৱধান দূৰ কৰিছে।

কিন্তু বন্ধুসকল,

প্ৰযুক্তিয়ে কেৱল তেতিয়াহে ফলাফল প্ৰদান কৰে যেতিয়া ব্যৱস্থাসমূহে ইয়াক গ্ৰহণ কৰে, প্ৰতিষ্ঠানসমূহে ইয়াক একত্ৰিত কৰে আৰু উদ্যোগীসকলে ইয়াৰ ওপৰত উদ্ভাৱন কৰে। এই ৱেবিনাৰত আপোনালোকে ইয়াৰ সৈতে জড়িত পৰামৰ্শসমূহ সবলভাৱে দাঙি ধৰিব লাগিব। এই ৱেবিনাৰৰ পৰা ওলোৱা পৰামৰ্শসমূহে আমি প্ৰযুক্তি কেনেকৈ সঠিকভাৱে একত্ৰিত কৰিম তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

গ্ৰাম্য সমৃদ্ধি গঢ়াৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বামীত্ব যোজনা, প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা, আত্মসহায়ক গোটসমূহক আৰ্থিক সাহায্যই গ্ৰাম্য অৰ্থনীতি নিৰন্তৰ শক্তিশালী কৰি তুলিছে। লাখপতি দিদি অভিযানৰ সফলতাকো আমি নতুন শিখৰলৈ লৈ যাব লাগিব। এই পৰ্যন্ত আমি ৩ কোটি গ্ৰাম্য মহিলাক লাখপতি দিদি কৰি তোলাত সফল হৈছোঁ। এতিয়া ২০২৯ চনৰ ভিতৰত আমি ৩ কোটিৰ লগত আৰু ৩ কোটি যোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। এই লক্ষ্য কেনেকৈ অধিক সোনকালে লাভ কৰিব পাৰি সেই সন্দৰ্ভতো আপোনালোকৰ পৰামৰ্শসমূহ গুৰুত্বপূৰ্ণ হ’ব।

 

বন্ধুসকল,

দেশত ব্যাপক ৰূপত ভঁৰাল স্থাপন অভিযান চলি আছে। লাখ লাখ গুদাম নিৰ্মাণ কৰা হৈছে। ভঁৰালসমূহৰ উপৰি ইয়াৰ অন্যতম প্ৰয়োজনীয়তা হৈছে কৃষি উদ্যোগী, প্ৰক্ৰিয়াকৰণ, যোগান শৃংখল, কৃষি প্ৰযুক্তি, কৃষি ফিনটেক আৰু ৰপ্তানিৰ ক্ষেত্ৰত উদ্ভাৱন আৰু বিনিয়োগ বৃদ্ধি কৰা। মোৰ বিশ্বাস, আজি আপোনালোকে মন্থন কৰে, ইয়াৰ পৰা উতপন্ন অমৃতে গ্ৰাম্য অৰ্থনীতিক নতুন শক্তি প্ৰদান কৰিব। এই ৱেবিনাৰৰ বাবে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ, আৰু মই নিশ্চিত যে এই তৃণমূল পৰ্যায়ত শিপাই থকা ধাৰণাবোৰে এই বাজেটখন সফল কৰি প্ৰতিখন গাঁৱত উপনীত হোৱাত অতি উপযোগী হ’ব। আপোনালোকলৈ মোৰৰ ফালৰ পৰা বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ।

আপোনালোকক অশেষ ধন্যবাদ। নমস্কাৰ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"