Launches Acharya Chanakya Kaushalya Vikas Scheme and Punyashlok Ahilyabai Holkar Women Start-Up Scheme
Lays foundation stone of PM MITRA Park in Amravati
Releases certificates and loans to PM Vishwakarma beneficiaries
Unveils commemorative stamp marking one year of progress under PM Vishwakarma
“PM Vishwakarma has positively impacted countless artisans, preserving their skills and fostering economic growth”
“With Vishwakarma Yojna, we have resolved for prosperity and a better tomorrow through labour and skill development”
“Vishwakarma Yojana is a roadmap to utilize thousands of years old skills of India for a developed India”
“Basic spirit of Vishwakarma Yojna is ‘Samman Samarthya, Samridhi’”
“Today's India is working to take its textile industry to the top in the global market”
“Government is setting up 7 PM Mitra Parks across the country. Our vision is Farm to Fibre, Fiber to Fabric, Fabric to Fashion and Fashion to Foreign”

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অমৰাৱতী আণি ৱাৰ্ধাসহ মহাৰাষ্ট্ৰাতীল তমাম নাগৰিকঅন্না মাঝা নমস্কাৰ!

মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি আমৰাৱতীত পিএম মিত্ৰ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আজিৰ ভাৰতে নিজৰ বস্ত্ৰ উদ্যোগক বিশ্বৰ বজাৰত শীৰ্ষস্থানলৈ লৈ যোৱাৰ বাবে কাম কৰি আছে। ভাৰতৰ লক্ষ্য হৈছে- দেশৰ বস্ত্ৰ খণ্ডৰ হাজাৰ হাজাৰ বছৰ পুৰণি গৌৰৱ পুনৰ ঘূৰাই অনা। অমৰাৱতীৰ পিএম মিত্ৰ পাৰ্ক এই দিশত আন এক ডাঙৰ পদক্ষেপ। মই এই কৃতিত্বৰ বাবেও আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

আমি বিশ্বকৰ্মা যোজনাৰ প্ৰথম বৰ্ষপূৰ্তিৰ বাবে মহাৰাষ্ট্ৰক বাছি ল’লোঁ, আমি ৱাৰ্ধাৰ এই পৱিত্ৰ ভূমিক বাছি ল’লোঁ, কাৰণ বিশ্বকৰ্মা যোজনা কেৱল চৰকাৰী কাৰ্যসূচী নহয়। এই আঁচনিখন হৈছে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি দক্ষতাক এখন উন্নত ভাৰতৰ বাবে ব্যৱহাৰ কৰাৰ এক ৰোডমেপ। আপোনালোকে মনত পেলাওক, আমি ইতিহাসত ভাৰতৰ সমৃদ্ধিৰ কিমান যে গৌৰৱময় অধ্যায় চাবলৈ পাওঁ। এই সমৃদ্ধিৰ মূল ভিত্তি কি আছিল? ইয়াৰ ভিত্তি আছিল, আমাৰ পৰম্পৰাগত দক্ষতা! সেই সময়ৰ আমাৰ শিল্প, আমাৰ অভিযান্ত্ৰিক, আমাৰ বিজ্ঞান! আমি আছিলোঁ বিশ্বৰ আটাইতকৈ ডাঙৰ বস্ত্ৰ নিৰ্মাতা। আমাৰ ধাতুবিদ্যা, আমাৰ মেটলজীও পৃথিৱীত অতুলনীয় আছিল। সেই সময়ত নিৰ্মিত মৃৎশিল্পৰ পৰা আৰম্ভ কৰি অট্টালিকাৰ ডিজাইনলৈকে কোনো প্ৰতিযোগিতা নাছিল। কোনে এই জ্ঞান আৰু বিজ্ঞানক প্ৰতি ঘৰলৈ লৈ গৈছিল? কাঠমিস্ত্ৰী, লোহাৰ মিস্ত্ৰী, সোণাৰি, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচিয়াৰ, বাঢ়ৈ-মিস্ত্ৰী এনে বহু বৃত্তি, আগতে ভাৰতৰ সমৃদ্ধিৰ ভেটি আছিল। সেইবাবেই, দাসত্বৰ সময়ত ইংৰাজে এই থলুৱা দক্ষতাক ধ্বংস কৰাৰ বাবেও বহু ষড়যন্ত্ৰ কৰিছিল। সেইবাবেই ৱাৰ্ধাৰ এই ভূমিৰ পৰাই গান্ধীজীয়ে গ্ৰাম্য উদ্যোগক উদ্গনি দিছিল।

 

কিন্তু বন্ধুসকল,

এয়া দেশৰ দুৰ্ভাগ্য যে স্বাধীনোত্তৰ চৰকাৰসমূহে এই দক্ষতাক সেই সন্মান নিদিলে যি দিব লাগিছিল, সেই চৰকাৰসমূহে বিশ্বকৰ্মা সমাজক অহৰহ অৱহেলা কৰিছিল। আমি শিল্পকলা আৰু দক্ষতাক সন্মান কৰিবলৈ পাহৰি যোৱাৰ লগে লগে, প্ৰগতি আৰু আধুনিকতাৰ দৌৰতো ভাৰত পিছ পৰি ৰ’ল।

বন্ধুসকল,

এতিয়া স্বাধীনতাৰ ৭০ বছৰৰ পাছত আমাৰ চৰকাৰে এই পৰম্পৰাগত দক্ষতাক নতুন শক্তি দিয়াৰ সংকল্প লৈছে৷ এই সংকল্প পূৰণৰ বাবে আমি ‘পিএম বিশ্বকৰ্মা’ৰ দৰে আঁচনি আৰম্ভ কৰিলোঁ। বিশ্বকৰ্মা যোজনাৰ মূল ভাব হ’ল – সন্মান, সামৰ্থ্য আৰু সমৃদ্ধি! অৰ্থাৎ, পৰম্পৰাগত দক্ষতাৰ প্ৰতি সন্মান! শিল্পকাৰৰ সবলীকৰণ! আৰু বিশ্বকৰ্মা বন্ধুসকলৰ জীৱনত সমৃদ্ধি, এয়াই আমাৰ লক্ষ্য।

আৰু বন্ধুসকল,

বিশ্বকৰ্মা যোজনাৰ আন এটা বৈশিষ্ট্য আছে। এই আঁচনিৰ বাবে যি পৰিসৰত, যি বৃহৎ পৰিসৰত বিভিন্ন বিভাগ একত্ৰিত হৈছে, সেয়াও অভূতপূৰ্ব। দেশৰ ৭০০খনতকৈও অধিক জিলা, দেশৰ ২.৫ লাখৰো অধিক গ্ৰাম পঞ্চায়ত, দেশৰ ৫ হাজাৰ নগৰীয়া স্থানীয় সংস্থা, এই সকলোবোৰ মিলি এই অভিযানক গতি প্ৰদান কৰিছে। এই এবছৰতে ১৮টা ভিন্ন বৃত্তিৰ ২০ লাখৰো অধিক লোক ইয়াৰ সৈতে জড়িত হৈ পৰিছে। মাত্ৰ এবছৰৰ ভিতৰতে ৮ লাখৰো অধিক শিল্পকাৰ আৰু কাৰিকৰে দক্ষতা প্ৰশিক্ষণ লাভ কৰিছে। কেৱল মহাৰাষ্ট্ৰতে ৬০ হাজাৰৰো অধিক লোকে প্ৰশিক্ষণ লাভ কৰিছে। ইয়াত, কাৰিকৰসকলক আধুনিক যন্ত্ৰপাতি আৰু ডিজিটেল সঁজুলিৰ দৰে নতুন প্ৰযুক্তিবিদ্যাও শিকোৱা হৈছে। বৰ্তমানলৈকে ৬.৫ লাখৰো অধিক বিশ্বকৰ্মা বন্ধুক আধুনিক সা-সৰঞ্জামৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকৰ সামগ্ৰীৰ মান উন্নত হৈছে আৰু তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, প্ৰতিজন হিতাধিকাৰীক ১৫ হাজাৰ টকাৰ ই-ভাউচাৰ দিয়া হৈছে। নিজৰ ব্যৱসায়ক আগুৱাই নিবলৈ নিশ্চয়তা অবিহনে ৩ লাখ টকা পৰ্যন্ত ঋণো লাভ কৰিছে। মই সুখী যে এবছৰৰ ভিতৰতে বিশ্বকৰ্মা ভাই-ভনীক ১৪০০ কোটি টকাৰ ঋণ দিয়া হৈছে। অৰ্থাৎ বিশ্বকৰ্মা যোজনাই, প্ৰতিটো দিশৰ যত্ন লৈছে। সেইবাবেই ই ইমান সফল হৈছে, সেইবাবেই ই জনপ্ৰিয় হৈ উঠিছে।

আৰু এতিয়া আমাৰ জিতন ৰাম মাঞ্জী প্ৰদৰ্শনীৰ বৰ্ণনা কৰি আছিলোঁ। মই প্ৰদৰ্শনী চাবলৈ গৈছিলোঁ। মই দেখি আছিলোঁ যে আমাৰ মানুহে পৰম্পৰাগতভাৱে কি আচৰিত কাম কৰে। আৰু যেতিয়া তেওঁলোকে নতুন আধুনিক প্ৰযুক্তিৰ সঁজুলি পায়, প্ৰশিক্ষণ পায়, নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বীজৰ ধন পায়, তেতিয়া তেওঁলোকে কিমান আচৰিত কাম কৰে মই এইমাত্ৰ চাই আহিছোঁ। আৰু যিসকল ইয়ালৈ আহিছে, আপোনালোককো মোৰ আহ্বান, আপোনালোকে এই প্ৰদৰ্শনীখন চাবলৈ যাবই। আপোনালোকৰ ইমানেই গৌৰৱ হ’ব যে কিমান ডাঙৰ ক্ৰান্তি আহিছে।

বন্ধুসকল,

আমাৰ পৰম্পৰাগত দক্ষতাত সৰ্বাধিক অংশগ্ৰহণ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায়ৰ লোকসকলে কৰিছে। যদি পূৰ্বৰ চৰকাৰবোৰে বিশ্বকৰ্মা বন্ধুসকলৰ কথা চিন্তা কৰিলেহেঁতেন, তেন্তে এই সমাজখনৰ বাবে ই কিমান ডাঙৰ সেৱা হ’লহেঁতেন। কিন্তু, কংগ্ৰেছ আৰু ইয়াৰ বন্ধুসকলে ইচ্ছাকৃতভাৱে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচিক আগবাঢ়ি যাবলৈ নিদিলে। আমি চৰকাৰী ব্যৱস্থাৰ পৰা কংগ্ৰেছৰ এই দলিত বিৰোধী, পিছপৰা বিৰোধী চিন্তাধাৰাৰ অন্ত পেলাইছোঁ। যোৱা এবছৰৰ পৰিসংখ্যাই দেখুৱাইছে যে আজি বিশ্বকৰ্মা যোজনাৰ সৰ্বাধিক সুবিধা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচি সম্প্ৰদায়ে গ্ৰহণ কৰিছে। মই বিচাৰোঁ - বিশ্বকৰ্মা সমাজ, এই পৰম্পৰাগত কামত নিয়োজিত লোকসকল কেৱল কাৰিকৰ হৈ থাকিব নালাগে! বৰং মই বিচাৰোঁ যে তেওঁলোক কাৰিকৰতকৈ অধিক উদ্যোগী হওক, ব্যৱসায়ী হওক, ইয়াৰ বাবে আমি বিশ্বকৰ্মা ভাই-ভনীৰ কামক এমএছএমইৰ মৰ্যাদা দিছোঁ। ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট আৰু একতা মলৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে পৰম্পৰাগত সামগ্ৰীৰ বজাৰ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে এই লোকসকলে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰক! এইসকল লোক ডাঙৰ কোম্পানীৰ যোগান শৃংখলৰ অংশ হ’ব লাগে।

সেয়ে বন্ধুসকল,

অ’এনডিচি আৰু জিইএমৰ দৰে মাধ্যমৰ জৰিয়তে কাৰিকৰ, শিল্পকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰাৰ উপায় সৃষ্টি কৰা হৈছে। এই আৰম্ভণিয়ে দেখুৱাইছে যে যি বৰ্গ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত পিছপৰি আছিল তেওঁলোকে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনেও ইয়াক শক্তিশালী কৰি তুলিছে। দক্ষতা বিকাশ অভিযানৰ অধীনত দেশৰ কোটি কোটি যুৱক-যুৱতীক আজিৰ প্ৰয়োজন অনুযায়ী দক্ষতা প্ৰশিক্ষণ দিয়া হৈছে। স্কিল ইণ্ডিয়াৰ দৰে অভিযানে ভাৰতৰ দক্ষতাক সমগ্ৰ বিশ্বতে স্বীকৃতি দিবলৈ আৰম্ভ কৰিলে। আৰু আমাৰ দক্ষতা মন্ত্ৰালয়, আমাৰ চৰকাৰ গঠনৰ পিছত আমি এটা সুকীয়া দক্ষতা মন্ত্ৰালয় সৃষ্টি কৰিলোঁ আৰু আমাৰ জৈন চৌধুৰী জীয়ে আজি দক্ষতা মন্ত্ৰালয়ৰ কাৰবাৰ চোৱাচিতা কৰে। তেওঁৰ নেতৃত্বত এইবাৰ ফ্ৰান্সত বিশ্ব দক্ষতা বিষয়ক এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমি অলিম্পিকৰ কথা বহুত কওঁ। কিন্তু সেই ফ্ৰান্সত এতিয়া এটা অতি ডাঙৰ অনুষ্ঠান হৈছিল। ইয়াত দক্ষতাক লৈ আমাৰ সৰু সৰু কাম কৰা কাৰিকৰসকলক আৰু তেওঁলোকক পঠিওৱা হৈছিল। আৰু ইয়াত ভাৰতে বহু বঁটা লাভ কৰিছে। এইটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

 

বন্ধুসকল,

মহাৰাষ্ট্ৰত যি অপৰিসীম ঔদ্যোগিক সম্ভাৱনা আছে, তাত বস্ত্ৰ উদ্যোগো অন্যতম। বিদৰ্ভৰ এই অঞ্চলটো, ই উচ্চমানৰ কপাহ উৎপাদনৰ ইমান ডাঙৰ কেন্দ্ৰ হৈ আহিছে। কিন্তু, দশক দশক ধৰি কংগ্ৰেছ আৰু পিছলৈ মহা-আঘাদী চৰকাৰে কি কৰিলে? তেওঁলোকে কপাহক মহাৰাষ্ট্ৰৰ কৃষকৰ শক্তি হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে সেই কৃষকসকলক দুৰ্দশাৰ মাজলৈ ঠেলি দিলে। এইসকল লোকে কেৱল কৃষকৰ নামত ৰাজনীতি আৰু দুৰ্নীতি কৰি থাকিল। সমস্যাৰ সমাধান দিবৰ বাবে কাম তেতিয়া দ্ৰুতগতিত আগবাঢ়িল, যেতিয়া ২০১৪ চনত দেৱেন্দ্ৰ ফাডনাভিছৰ চৰকাৰ গঠন হৈছিল। তেতিয়া আমৰাৱতীৰ নন্দগাঁও খাণ্ডেশ্বৰত টেক্সটাইল পাৰ্ক নিৰ্মাণ কৰা হয়। মনত আছেনে, তেতিয়া সেই ঠাইখনৰ অৱস্থা কেনে আছিল? কোনো উদ্যোগ তালৈ আহিবলৈ সাজু নাছিল। কিন্তু, এতিয়া সেই একেটা অঞ্চলেই মহাৰাষ্ট্ৰৰ বাবে এক ডাঙৰ ঔদ্যোগিক কেন্দ্ৰ হৈ পৰিছে।

বন্ধুসকল,

আজি পিএম-মিত্ৰ উদ্যানৰ যি গতিবেগেৰে কাম চলি আছে, সেইটোৱে ডাবল ইঞ্জিন চৰকাৰৰ ইচ্ছা প্ৰকাশ কৰিছে। আমি সমগ্ৰ দেশতে একেধৰণৰ ৭ পিএম মিত্ৰ পাৰ্ক স্থাপন কৰিছোঁ। আমাৰ দৃষ্টিভংগী হ’ল – ফাৰ্মৰ পৰা ফাইবাৰলৈ, ফাইবাৰৰ পৰা ফেব্ৰিকলৈ, ফেব্ৰিকৰ পৰা ফেশ্বনলৈ, ফেশ্বনৰ পৰা ফৰেইনলৈ অৰ্থাৎ বিদৰ্ভৰ কপাহৰ পৰাই উচ্চমানৰ কাপোৰ তৈয়াৰ হ’ব। আৰু ইয়াতেই ফেব্ৰিকৰ পৰা ফেশ্বন অনুসৰি কাপোৰ প্ৰস্তুত কৰা হ’ব। এই ফেশ্বন বিদেশলৈ ৰপ্তানি কৰা হ’ব। ইয়াৰ ফলত খেতিৰ ক্ষেত্ৰত কৃষকৰ লোকচান বন্ধ হৈ যাব। তেওঁলোকে নিজৰ শস্যৰ ভাল মূল্য পাব আৰু তাত মূল্য সংযোজন থাকিব। কেৱল পিএম মিত্ৰ পাৰ্কৰ পৰাই ইয়াত ৮-১০ হাজাৰ কোটি টকা বিনিয়োগৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা বিদৰ্ভ আৰু মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে এক লাখৰো অধিক নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। ইয়াত আন উদ্যোগসমূহেও উদ্গনি পাব৷ নতুন যোগান শৃংখলৰ সৃষ্টি হ’ব। দেশৰ ৰপ্তানি বৃদ্ধি পাব, আয় বাঢ়িব।

আৰু ভাই-ভনীসকল,

এই ঔদ্যোগিক অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় আধুনিক আন্তঃগাঁথনি আৰু সংযোগৰ বাবেও মহাৰাষ্ট্ৰ সাজু হৈছে। নতুন ঘাইপথ, এক্সপ্ৰেছৱে, সমৃদ্ধি মহামাৰ্গ, পানী আৰু বিমান সংযোগৰ সম্প্ৰসাৰণৰ জৰিয়তে মহাৰাষ্ট্ৰই নতুন ঔদ্যোগিক বিপ্লৱৰ বাবে সাজু হৈছে।

 

বন্ধুসকল,

মোৰ বিশ্বাস যে মহাৰাষ্ট্ৰৰ বহুমাত্ৰিক প্ৰগতিৰ প্ৰথম নায়ক যদি কোনোবা আছে তেন্তে সেয়া হ'ল ইয়াৰ কৃষকসকল! যেতিয়া মহাৰাষ্ট্ৰ আৰু বিদৰ্ভৰ কৃষকসকল সুখী হ’ব, তেতিয়াহে দেশখনো সুখী হ’ব। সেইবাবেই আমাৰ ডাবল ইঞ্জিন চৰকাৰে কৃষকৰ সমৃদ্ধিৰ বাবে একেলগে কাম কৰি আছে। আপোনালোকে চাওক, কেন্দ্ৰীয় চৰকাৰে কৃষকলৈ ৬ হাজাৰ টকা PM-Kisan Samman Nidhi ৰূপত প্ৰেৰণ কৰে, মহাৰাষ্ট্ৰ চৰকাৰে তাত আৰু ৬ হাজাৰ টকা যোগ কৰে। মহাৰাষ্ট্ৰৰ কৃষকসকলে এতিয়া বছৰি ১২ হাজাৰ টকা লাভ কৰিছে। কৃষকসকলে যাতে শস্যৰ ক্ষতিৰ খৰচ দিব নালাগে তাৰ বাবে আমি ১ টকাত শস্যৰ বীমা প্ৰদান আৰম্ভ কৰিছোঁ। একনাথ শিণ্ডে জীৰ মহাৰাষ্ট্ৰ চৰকাৰেও কৃষকৰ বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰিছে। এই অঞ্চলত জলসিঞ্চনৰ সমস্যা সমাধানৰ বাবে আমাৰ চৰকাৰৰ সময়ৰ পৰাই বহু প্ৰচেষ্টা আৰম্ভ হৈছিল। কিন্তু, মাজতে এখন চৰকাৰ আহিল যিয়ে সকলো কামতে ব্ৰেক দিলে। জলসিঞ্চন সম্পৰ্কীয় প্ৰকল্পক পুনৰ গতি প্ৰদান কৰিছে এই চৰকাৰে। প্ৰায় ৮৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই অঞ্চলৰ ৱাইংগংগা-নলগংগা নদীক সংযোগ কৰাৰ প্ৰকল্পটো শেহতীয়াকৈ অনুমোদন জনোৱা হৈছে। ইয়াৰ লগে লগে নাগপুৰ, ৱাৰ্ধা, আমৰাৱতী, যৱতমল, আকোলা, বুলধনাৰ ৬খন জিলাৰ ১০ লাখ একৰ মাটিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হ’ব।

বন্ধুসকল,

আমাৰ চৰকাৰে মহাৰাষ্ট্ৰৰ কৃষকৰ দাবীও পূৰণ কৰি আছে। পিঁয়াজৰ ওপৰত ৰপ্তানি কৰ ৪০ শতাংশৰ পৰা ২০ শতাংশলৈ হ্ৰাস কৰা হৈছে। আমি খাব পৰা তেলৰ আমদানিৰ ওপৰত ২০ শতাংশ কৰ আৰোপ কৰিছোঁ। ৰিফাইনড ছয়াবিন, সূৰ্যমুখী আৰু পাম অইলৰ ওপৰত কাষ্টম ডিউটী ১২.৫ শতাংশৰ পৰা ৩২.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পৰা আমাৰ ছয়াবিন খেতি কৰা কৃষকসকল যথেষ্ট উপকৃত হ’ব। অতি সোনকালে আমি এই সকলোবোৰ প্ৰচেষ্টাৰ ফল দেখিবলৈ পাম। কিন্তু, ইয়াৰ বাবে আমি সাৱধানতাও অৱলম্বন কৰিব লাগিব। কৃষকসকলক এই অৱস্থালৈ আনি নষ্ট কৰা কংগ্ৰেছ দল আৰু ইয়াৰ বন্ধু-বান্ধৱীক আমি আৰু এটা সুযোগ দিয়া উচিত নহয়। কাৰণ, কংগ্ৰেছৰ অৰ্থ এটাই – মিছা, প্ৰতাৰণা আৰু অসৎ! তেলেংগানাৰ নিৰ্বাচনৰ সময়ত কৃষকক ঋণ ৰেহাই দিয়াৰ দৰে ডাঙৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু, যেতিয়া তেওঁলোকৰ চৰকাৰ গঠন হৈছিল, তেতিয়া কৃষকসকলে ঋণ ৰেহাইৰ সন্ধানত আছিল। তেওঁলোকৰ কথা শুনিবলৈ কোনো নাই। মহাৰাষ্ট্ৰত আমি তেওঁলোকৰ প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত থাকিব লাগিব।

বন্ধুসকল,

আজি যি কংগ্ৰেছ আমি দেখি আছোঁ এয়া সেই কংগ্ৰেছ নহয়, যাৰ লগত এসময়ত মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তি জড়িত আছিল। আজিৰ কংগ্ৰেছত দেশভক্তিৰ আত্মা মৃত্যুমুখত পৰিছে। আজিৰ কংগ্ৰেছত ঘৃণাৰ ভূত প্ৰৱেশ কৰিছে। আপোনালোকে চাওক, আজি কংগ্ৰেছৰ মানুহৰ ভাষা, তেওঁলোকৰ কথা, বিদেশী ভূমিলৈ গৈ তেওঁলোকৰ দেশবিৰোধী এজেণ্ডা, সমাজক ভঙা, দেশক ভংগ কৰাৰ কথা কোৱা, ভাৰতীয় সংস্কৃতি আৰু বিশ্বাসক অপমান কৰা, এয়া সেই কংগ্ৰেছ, যাক টুকুৰা-টুকুৰ গেং আৰু আৰ্বান নক্সালৰ মানুহে চলাই আছে। আজি দেশৰ সবাতোকৈ অসাধু আৰু সবাতোকৈ দুৰ্নীতিগ্ৰস্ত যদি কোনো দল আছে, তেন্তে সেই দলটো হ’ল কংগ্ৰেছ পাৰ্টি। দেশৰ যদি কোনোবা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল আছে, তেন্তে সেয়া হ’ল কংগ্ৰেছৰ ৰাজপৰিয়াল।

 

বন্ধুসকল,

যিটো দলে আমাৰ বিশ্বাস আৰু সংস্কৃতিৰ প্ৰতি সামান্যতমো সন্মান ৰাখে, সেই দলে কেতিয়াও গণপতি পূজাৰ বিৰোধিতা কৰিব নোৱাৰে। কিন্তু আজিৰ কংগ্ৰেছে গণপতি পূজাকো ঘৃণা কৰে। মহাৰাষ্ট্ৰৰ ভূমি সাক্ষী আছে, স্বাধীনতা সংগ্ৰামত লোকমান্য তিলকৰ নেতৃত্বত গণপতি উৎসৱ ভাৰতৰ ঐক্যৰ উৎসৱ হৈ পৰিছিল। গণেশ উৎসৱত প্ৰতিখন সমাজ আৰু প্ৰতিটো শ্ৰেণীৰ লোক একত্ৰিত হৈছিল। সেইবাবেই, কংগ্ৰেছ দল গণপতি পূজাক লৈ বিৰক্ত। মই গণেশ পূজাৰ কাৰ্যসূচীলৈ যাওঁতে, কংগ্ৰেছৰ তুষ্টিকৰণৰ ভূত জাগি উঠিল, কংগ্ৰেছে গণপতি পূজাৰ বিৰোধিতা কৰিবলৈ ধৰিলে। কংগ্ৰেছে তুষ্টিকৰণৰ বাবে যিকোনো কাম কৰি আছে। আপোনালোকে দেখিছে যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে গণপতি বাপ্পাকেই কাৰাগাৰৰ আঁৰত ৰাখিলে। গণপতিৰ যি মূৰ্তি মানুহে পূজা কৰি আছিল সেয়া আৰক্ষীৰ ভ্যানত বন্দী কৰাই দিলে। महाराष्ट्र  गणपतीची आराधना करीत होता  आणि कर्नाटकात गणपतीची मूर्ती पोलिस वैन मद्धे होती?

বন্ধুসকল,

গণপতিৰ এই অপমান দেখি সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিছে। মই আচৰিত হৈছোঁ, কংগ্ৰেছৰ সহকৰ্মীৰ মুখতো তলা লাগি গ’ল। তেওঁলোকৰ ওপৰতো কংগ্ৰেছৰ সংগৰ এনেকুৱাই ৰং চৰিছে যে গণপতিৰ অপমানৰো বিৰোধিতা কৰাৰ তেওঁলোকৰ সাহস নাই।

 

ভাতৃ-ভগ্নীসকল,

আমি একত্ৰিত হৈ কংগ্ৰেছৰ এই পাপৰ উত্তৰ দিব লাগিব। আমি পৰম্পৰা আৰু প্ৰগতিৰ সৈতে থিয় দিব লাগিব। আমি সন্মান আৰু উন্নয়নৰ এজেণ্ডা লৈ থিয় দিব লাগিব। আমি একেলগে মিলি মহাৰাষ্ট্ৰৰ অস্মিতা ৰক্ষা কৰিম। আমি সকলো লগ হৈ মহাৰাষ্ট্ৰৰ গৌৰৱ আৰু অধিক বৃদ্ধি কৰিম। আমি মহাৰাষ্ট্ৰৰ সপোন পূৰণ কৰিম। এই মনোভাৱেৰে, ইমান বৃহৎ সংখ্যক আহি, আপোনালোকে যি এই গুৰুত্বপূৰ্ণ আঁচনিবোৰৰ শক্তি বুজি পাইছে। আপোনালোকৰ বিশাল সমাৱেশৰ বাবেই এই আঁচনিবোৰে বিদৰ্ভৰ জীৱন আৰু ভাৰতৰ সাধাৰণ মানুহৰ জীৱনত কি প্ৰভাৱ পেলাব, সেয়া মই উপলব্ধি কৰিছোঁ। মই আকৌ এবাৰ সকলো বন্ধু-বান্ধৱীক, বিদৰ্ভৰ আৰু মহাৰাষ্ট্ৰৰ সকলো মোৰ ভাই-ভনীক বহুত বহুত অভিনন্দন জনাইছোঁ।

মোৰ লগত কওক-

ভাৰত মাতা কী জয়,

দুয়োখন হাত ওপৰলৈ তুলি, সম্পূৰ্ণ জোৰেৰে-

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"