প্ৰধানমন্ত্ৰীয়ে ৫৯৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ২৪৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
“দিল্লী মুম্বাই এক্সপ্ৰেছৱে বিশ্বৰ অন্যতম উন্নত এক্সপ্ৰেছৱে, যিয়ে ভাৰতৰ উন্নয়নৰ এক বৃহৎ ছবি দাঙি ধৰে”
“যোৱা ৯ বছৰে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে বৃহৎ বিনিয়োগ কৰি আছে”
“এইবাৰ বাজেটত আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো ২০১৪ চনৰ আবণ্টনতকৈ ৫গুণ বেছি”
“বিগত কেইবছৰমানৰ পৰা ৰাজস্থানে ঘাইপথৰ বাবে ৫০ হাজাৰ কোটি টকা লাভ কৰিছে”
“দিল্লী-মুম্বাই এক্সপ্ৰেছৱে আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰাইট কৰিডৰ ৰাজস্থান আৰু দেশৰ বাবে প্ৰগতিৰ দুটা শক্তিশালী স্তম্ভ হ’বলৈ গৈ আছে”
‘সবকা সাথ, সবকা বিকাশ ৰাজস্থান আৰু দেশৰ উন্নয়নৰ বাবে আমাৰ মন্ত্ৰ - এই মন্ত্ৰ অনুসৰণ কৰি আমি এখন দক্ষ, সক্ষম আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিছো”
সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়টো দেশৰ বাবে উৎসৰ্গা কৰাত গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে এইটো বিশ্বৰ অন্যতম উন্নত এক্সপ্ৰেছৱে যিয়ে উন্নয়নশীল ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ এক ছবি দাঙি ধৰে।

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল জী, মোৰ কেবিনেট সতীৰ্থ নীতিন গাডকাৰী জী, গজেন্দ্ৰ সিং শ্বেখাৱত জী, ভি কে সিং জী, অন্যান্য মন্ত্ৰীবৰ্গ, সাংসদ, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল!

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়টো আজি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি মই অতি গৌৰৱ অনুভৱ কৰিছো। ই দেশৰ অন্যতম বৃহৎ আৰু আধুনিক এক্সপ্ৰেছৱে। এইখন ভাৰতে উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ আন এক ভব্য ছবি। দৌছাবাসীৰ লগতে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ!

ভাই-ভনীসকল,

এনে আধুনিক পথ, আধুনিক ৰে’ল ষ্টেচন, ৰে’লপথ, মেট্ৰ’ ৰে’ল আৰু বিমানবন্দৰ যেতিয়া নিৰ্মাণ কৰা হয়, তেতিয়া দেশৰ প্ৰগতিয়ে আৰু অধিক গতি লাভ কৰে। আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা ধনে ভূমিত বহুগুণক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বত এনে বহু অধ্যয়ন কৰা হৈছে। আন্তঃগাঁথনিত আৰু অধিক বিনিয়োগ আকৰ্ষণ কৰে। বিগত ৯ বছৰে কেন্দ্ৰীয় চৰকাৰেও অবিৰতভাৱে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগ কৰি আহিছে। ৰাজস্থানতো বিগত বছৰবোৰত ঘাইপথত ৫০,০০০ কোটিতকৈ অধিক টকা বিনিয়োগ কৰা হৈছে। এইবাৰৰ বাজেটত আমি আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি টকাৰ ব্যৱস্থা কৰিছো। ২০১৪ চনৰ তুলনাত এই পৰিমাণ ৫গুণ অধিক। এই বিনিয়োগৰ এক বৃহৎ লাভ ৰাজস্থান, ইয়াৰ গাঁও, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে পাব।

বন্ধুসকল,

যেতিয়া চৰকাৰে ঘাইপথ, ৰে’লৱে, জাহাজ বন্দৰ, বিমানবন্দৰত বিনিয়োগ কৰে; যেতিয়া চৰকাৰে অপ্টিকেল ফাইবাৰ নেটৱৰ্ক স্থাপন কৰে, ডিজিটেল সংযোগ সম্প্ৰসাৰিত হয়; যেতিয়া চৰকাৰে দুখীয়াৰ বাবে কোটি কোটি ঘৰ নিৰ্মাণ কৰে বা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰে, তেতিয়া সকলোৱেই উদ্গনি লাভ কৰে, সেয়া সাধাৰণ মানুহেই হওক, ব্যৱসায়ীয়েই হওক, উদ্যোগেই হওক বা ক্ষুদ্ৰ ব্যৱসায়েই হওক। চিমেণ্ট, লোহাৰ ৰ’ড, বালি, শিলগুটিৰ দৰে সামগ্ৰীৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি পৰিবহণ খণ্ডলৈকে সকলোৱে ইয়াৰ পৰা লাভৱান হয়। এই উদ্যোগসমূহত বহুতো নতুন চাকৰিৰ সৃষ্টি হয়। ব্যৱসায় এটা গঢ় লৈ উঠিলে তাত কাম কৰা লোকৰ সংখ্যাও বৃদ্ধি পায়। অৰ্থাৎ আন্তঃগাঁথনিৰ ওপৰত যিমানেই বিনিয়োগ কৰা হয় সিমানেই কৰ্মসংস্থাপনৰ সৃষ্টি হয়। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে নিৰ্মাণৰ সময়তো বহু লোকে একেধৰণৰ সুযোগ লাভ কৰিছে।

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ আন এটা দিশো আছে। এই আন্তঃগাঁথনি সাজু হ’লে কৃষক, কলেজৰ শিক্ষাৰ্থী আৰু অফিচৰ কৰ্মচাৰী, ট্ৰাক-টেম্পো চালক, ব্যৱসায়ীৰ দৰে লোকৰ সুবিধা অধিক হয় আৰু তেওঁলোকৰ অৰ্থনৈতিক কাম-কাজো আৰু অধিক বৃদ্ধি পায়। উদাহৰণস্বৰূপে দিল্লী-দৌছা-লালচোট এক্সপ্ৰেছৱেৰ জৰিয়তে জয়পুৰৰ পৰা দিল্লীলৈ যোৱা যাত্ৰা যিটো আগতে ৫-৬ ঘণ্টা সময় লাগে, এতিয়া আধা সময়ত পাৰ কৰিব পৰা যাব। ইয়াৰ দ্বাৰা কিমান সময় ৰাহি হ’ব আপুনি কল্পনা কৰিব পাৰে। দিল্লীত কাম কৰা বা ব্যৱসায়ত নিয়োজিত বা আন যিকোনো কামৰ বাবে ভ্ৰমণৰ প্ৰয়োজন হোৱা এই সমগ্ৰ অঞ্চলৰ বন্ধুসকলে এতিয়া সন্ধিয়া সহজেই নিজৰ ঘৰত উপস্থিত হ’ব পাৰে। দিল্লীলৈ অহা-যোৱা কৰা সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক-টেম্পো চালকসকলে গোটেই দিনটো পথত কটাব নালাগিব। ক্ষুদ্ৰ খেতিয়ক আৰু গো-পালকসকলে এতিয়া সহজেই কম খৰচত নিজৰ শাক-পাচলি আৰু গাখীৰ দিল্লীলৈ প্ৰেৰণ কৰিব পাৰিব। এতিয়া পলম হোৱাৰ বাবে বাটত তেওঁলোকৰ সামগ্ৰী নষ্ট হোৱাৰ আশংকাও কমিছে।

ভাই-ভনীসকল,

এই এক্সপ্ৰেছৱেৰ চাৰিওফালে গ্ৰাম্য বজাৰ নিৰ্মাণ কৰা হৈছে। ফলত স্থানীয় কৃষক, তাঁতশাল, হস্তশিল্প-মানুহসকলে সহজে নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব। ৰাজস্থানৰ উপৰি হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কেইবাখনো জিলা দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব। হাৰিয়ানাৰ মেৱাট জিলা আৰু ৰাজস্থানৰ দৌছা জিলাত আয়ৰ নতুন মাধ্যম সৃষ্টি হ’ব। এই আধুনিক সংযোগে সাৰিস্কা বাঘ সংৰক্ষিত বনাঞ্চল, কেওলাদেও, ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান, জয়পুৰ, আজমেৰ আদি কেইবাখনো পৰ্যটনস্থলীকো উপকৃত কৰিব। ইতিমধ্যে ৰাজস্থান দেশ-বিদেশৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে। এতিয়া ইয়াৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি পাব।

বন্ধুসকল,

ইয়াৰ উপৰিও আজি আৰু তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰে এটা প্ৰকল্পই এই এক্সপ্ৰেছৱেৰ জৰিয়তে জয়পুৰলৈ পোনপটীয়া সংযোগ প্ৰদান কৰিব। ইয়াৰ লগে লগে জয়পুৰৰ পৰা দিল্লীলৈ যাত্ৰা মাত্ৰ ২.৫ ঘন্টাৰ পৰা ৩ ঘণ্টালৈ হ্ৰাস পাব। দ্বিতীয় প্ৰকল্পটোৱে এই এক্সপ্ৰেছৱেক আলৱাৰৰ সমীপৰ আম্বালা-কোটপুটলি কৰিডৰৰ সৈতে সংযোগ কৰিব। ইয়াৰ জৰিয়তে হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ পৰা অহা যান-বাহনসমূহে সহজে পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ অভিমুখে যাব পাৰিব। আন এটা প্ৰকল্প অৰ্থাৎ লালছোট-কৰৌলী পথৰ উন্নয়ন। এই পথটোৱে এই অঞ্চলটোক এক্সপ্ৰেছৱেৰ সৈতে সংযোগ কৰাই নহয়, অঞ্চলটোৰ ৰাইজৰ জীৱনকো সহজ কৰি তুলিব।

বন্ধুসকল,

দিল্লী-মুম্বাই এক্সপ্ৰেছৱে আৰু পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰ ৰাজস্থান আৰু দেশৰ বাবে প্ৰগতিৰ দুটা শক্তিশালী স্তম্ভ হ’বলৈ গৈ আছে। এই প্ৰকল্পসমূহে অদূৰ ভৱিষ্যতে ৰাজস্থানকে ধৰি এই সমগ্ৰ অঞ্চলটোৰ ভাবমূৰ্তি সলনি কৰিব। এই দুয়োটা প্ৰকল্পই দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ শক্তিশালী কৰিব। এই পথ আৰু মালবাহী কৰিডৰসমূহে হাৰিয়ানা আৰু ৰাজস্থানকে ধৰি পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যক বন্দৰৰ সৈতে সংযোগ কৰিব। ইয়াৰ লগে লগে লজিষ্টিক, পৰিবহণ আৰু মজুতকৰণৰ সৈতে জড়িত বিভিন্ন ধৰণৰ উদ্যোগৰ বাবে নতুন সম্ভাৱনাৰ উন্মেষ ঘটাব।

বন্ধুসকল,

মই আনন্দিত যে আজি এই এক্সপ্ৰেছৱেটো পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ পৰা উদ্গনি লাভ কৰিছে। গতি শক্তিৰ মাষ্টাৰপ্লেনৰ অধীনত ৫জি নেটৱৰ্কৰ বাবে প্ৰয়োজনীয় অপ্টিকেল ফাইবাৰ ৰখাৰ বাবে এই এক্সপ্ৰেছৱেত এটা কৰিডৰ নিৰ্ধাৰণ কৰা হৈছে। বৈদ্যুতিক তাঁৰ আৰু গেছ পাইপলাইনৰ বাবেও কিছু ঠাই নিৰ্ধাৰণ কৰা হৈছে। উদ্বৃত্ত ভূমি সৌৰশক্তিৰ উৎপাদন আৰু গুদামৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই সকলো প্ৰচেষ্টাই ভৱিষ্যতে কোটি কোটি টকা ৰাহি কৰিব আৰু দেশৰ সময়ো ৰাহি কৰিব।

বন্ধুসকল,

‘সবকা সাথ, সবকা বিকাশ’ ৰাজস্থান আৰু দেশৰ উন্নয়নৰ বাবে আমাৰ মন্ত্ৰ। এই মন্ত্ৰ অনুসৰণ কৰি আমি এখন সক্ষম, সামৰ্থবান আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিছো। এই মুহূৰ্তত ইয়াত আৰু বেছি কথা নকও। ১৫ মিনিট পিছত ওচৰৰ ৰাজহুৱা অনুষ্ঠান এটাত ভাষণ দিয়াৰ কথা আছে। ৰাজস্থানৰ বৃহৎ সংখ্যক লোক তাত অপেক্ষা কৰি আছে। গতিকে, বাকী সকলো বিষয় তাত থকা ৰাইজৰ লগত শ্বেয়াৰ কৰিম। গতিকে, আকৌ এবাৰ আপোনালোক সকলোকে আধুনিক এক্সপ্ৰেছৱেৰ বাবে অভিনন্দন জনাইছো।

আপোনাক সকলোকে বহুত বহুত ধন্যবাদ জনালো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2026
June 08, 2026

India Rising on Every Front: PM Modi Fuels GDP Surge, Submarine Prowess, Aviation Boom & Social Transformation