Agricultural institutions will provide new opportunities to students, help connect farming with research and advanced technology, says PM
PM calls for ‘Meri Jhansi-Mera Bundelkhand’ to make Atmanirbhar Abhiyan a success
500 Water related Projects worth over Rs 10,000 crores approved for Bundelkhand region; work on Projects worth Rs 3000 crores already commenced

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সি টোমৰ জী, কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ অন্য সহযোগীসকল, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্যান্য অতিথিবৃন্দ, শিক্ষাৰ্থীসকলৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা এই ভাৰ্চুৱেল সমাৰোহত উপস্থিত থকা মোৰ মৰমৰ ভাই–ভনীসকল৷

ৰাণী লক্ষ্মীবাঈ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষণ আৰু প্ৰশাসনিক ভৱনৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন তথা শুভকামনা জনাইছো৷ ইয়াত অধ্যয়ন কৰি, শিক্ষা আহৰণ কৰি উত্তীৰ্ণ হ’বলগীয়া যুৱ শিক্ষাৰ্থীসকলে দেশৰ কৃষি ক্ষেত্ৰক সুদৃঢ় কৰাৰ দিশত কাম কৰিব৷

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতি, তেওঁলোকৰ উৎসাহ আৰু এতিয়া যি সংবাদ লাভ কৰিছো আৰু আপোনালোকৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ পালো, তাৰ জৰিয়তে মই আপোনালোকৰ মাজত নতুন উৎসাহ, বিশ্বাস অনুভৱ কৰিছো৷

মোৰ বিশ্বাস যে এই নতুন ভৱন নিৰ্মাণে বহু সুবিধা প্ৰদান কৰিব৷ এই সুবিধাসমূহে শিক্ষাৰ্থীসকলক আৰু অধিক কাম কৰাৰ প্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোক অধিক উৎসাহিত হ’ব৷

বন্ধুসকল, ৰাণী লক্ষ্মীবায়ে বুণ্ডেলখণ্ডৰ ভূমিত গৰ্জন কৰিছিল, “মই মোৰ ঝান্সিক আনৰ হ’বলৈ নিদিও৷” আমাৰ সকলোৰে এই বাক্যশাৰী আখৰে আখৰে মনত আছে৷ আজি এক নতুন গৰ্জনৰ প্ৰয়োজন হৈছে আৰু সেই গৰ্জন এই ঝান্সিৰ পৰা, এই বুণ্ডেলখণ্ডৰ ভূমিৰ পৰা কৰাটো আৱশ্যক হৈ পৰিছে৷ মোৰ ঝান্সি, মোৰ বুণ্ডেলখণ্ডে আত্মনিৰ্ভৰ ভাৰত অভিযানক সফল কৰি তোলাৰ বাবে সম্পূৰ্ণ শক্তি লগাই দিব, এক নতুন অধ্যায়ৰ ৰচনা কৰিব৷

এই ক্ষেত্ৰত কৃষিখণ্ডই বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ যেতিয়া আমি কৃষি আত্মনিৰ্ভৰশীলতা কথা কও, তেতিয়া কেৱল খাদ্যসামগ্ৰীতে সীমাৱদ্ধ নহয়, বৰঞ্চ গাঁৱৰ সম্পূৰ্ণ অৰ্থনীতিৰ আত্মনিৰ্ভৰশীলতাৰ কথা কও৷ ই দেশৰ বিভিন্ন স্থানত খেতিৰ পৰা উৎপাদন হোৱা সামগ্ৰীৰ মূল্য সংযোজন কৰি দেশ আৰু বিশ্বৰ বজাৰত পোৱাৰ এক অভিযান৷ কৃষিত আত্মনিৰ্ভৰতাৰ লক্ষ্য হৈছে কৃষকসকলক উৎপাদকৰ সমান্তৰালভাৱে উদ্যমী কৰি তোলা৷ যেতিয়া কৃষি আৰু আনুষংগিক কৃষি ক্ষেত্ৰসমূহ উদ্যোগৰ দৰে আগবাঢ়ি যাব, তেতিয়া ব্যাপক হাৰত গাঁওসমূহত কৰ্ম-সংস্থাপন আৰু স্ব-ৰোজগাৰৰ সুযোগ সৃষ্টি কৰিব৷

বন্ধুসকল, বৰ্তমান সময়ত আমি এক সংকল্প লৈ কৃষিৰ সৈতে জড়িত বহু ঐতিহাসিক সংস্কাৰৰ দিশত একেৰাহে কাম কৰি আহিছো৷ কৃষকসকলক বিভিন্ন ধৰণে বন্দী কৰি ৰখা আইন, বজাৰ সম্পৰ্কীয় আইন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন-এই সকলোবোৰতে বৃহৎ সংস্কাৰ সাধন কৰা হৈছে৷ ইয়াৰ জৰিয়তে কৃষকসকলে এতিয়া বাকী উদ্যোগসমূহৰ দৰে সমগ্ৰ দেশৰ বজাৰত, য’ত তেওঁলোকে অধিক দাম লাভ কৰে তাত গৈ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷

ইমানেই নহয়, গাঁওসমূহত উদ্যোগৰ এক ক্লাষ্টাৰ গঢ় দিয়াৰ ক্ষেত্ৰতো ব্যাপক আঁচনি গ্ৰহণ কৰা হৈছে৷ এই উদ্যোগসমূহে যাতে উন্নত আন্তঃগাঁথনিৰ সুবিধা পায়, ইয়াৰ বাবে এক লাখ কোটি টকাৰ বিশেষ পুঁজি গঠন কৰা হৈছে৷ এই পুঁজিৰ জৰিয়তে আমাৰ কৃষি উৎপাদক সংঘ(এফপিঅ’)সমূহে এতিয়া মজুতগৃহৰ সৈতে জড়িত অত্যাধূনিক আন্তঃগাঁথনি গঢ়ি তুলিব পাৰিব আৰু প্ৰচেচিঙৰ সৈতে জড়িত উদ্যোগ গঢ় দিব পাৰিব৷ ইয়াৰ দ্বাৰা কৃষি ক্ষেত্ৰত অধ্যয়ন কৰিবলগীয়া যুৱক-যুৱতীসকল আৰু তেওঁলোকৰ সকলো সতীৰ্থই এক নতুন সুযোগ লাভ কৰিব, নতুন ষ্টাৰ্ট-আপৰ পথ মুকলি হ’ব৷

বন্ধুসকল, বৰ্তমান বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈকে কৃষি-কাৰ্যক প্ৰযুক্তিৰ সৈতে জড়িত কৰা, আধূনিক গৱেষণাৰ লাভালাভক জড়িত কৰাৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকা হৈছে৷ এই ক্ষেত্ৰত গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিশ্ববিদ্যালয়সমূহৰো বহুত ডাঙৰ ভূমিকা আছে৷ ছয় বছৰৰ আগতে দেশত কেৱল এখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আছিল৷ এতিয়া তিনিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কাৰ্যক্ষম অৱস্থাত আছে৷ ইয়াৰ উপৰি আৰু তিনিখন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আইএআৰআই, ঝাৰখণ্ড; আইএআৰআই, অসম; আৰু বিহাৰৰ মতিহাৰিত মাহাত্মা গান্ধী ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং প্ৰতিষ্ঠানো স্থাপন কৰা হৈছে৷ এইবোৰে গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক এক নতুন সুযোগ প্ৰদান কৰাৰ উপৰি স্থানীয় কৃষকসকলে প্ৰযুক্তি লাভ কৰি তেওঁলোকৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব৷

এতিয়া দেশত সৌৰ পাম্প, সৌৰ গছ, স্থানীয় প্ৰয়োজনীতাৰ ভিত্তিত বীজ প্ৰস্তুতকৰণ, ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ জলসিঞ্চন ইত্যাদি বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা হৈছে৷ এই প্ৰচেষ্টাৱলী অধিক পৰিমাণে কৃষকসকলৰ ওচৰ পোৱাৰ বাবে, বিশেষকৈ বুণ্ডেলখণ্ডৰ কৃষকসকলক ইয়াৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ আধূনিক প্ৰযুক্তিৰ ব্যৱহাৰে কৃষি আৰু আনুষংগিক দিশত দেখা দিয়া প্ৰত্যাহ্বানসমূহ কিদৰে নিৰ্মূল কৰিব পৰা গৈছে, ইয়াৰ জৰিয়তে সেইটো জানিব পৰা গৈছে৷

আপোনালোকে জানে যে বুণ্ডেলখণ্ডত মে’ মাহত কাকতি ফৰিঙৰ ব্যাপক আক্ৰমণ চলিছিল৷ আগতে এই অঞ্চলট কাকতি ফৰিঙৰ দল অহাৰ খবৰ পাই কৃষকে নিশা উজাগৰে কটাইছিল আৰু সকলো পৰিশ্ৰম মুহূৰ্ততে নিঃশেষ কৰিছিল৷ কিমান কৃষকৰ শস্য, শাক-পাছলি নষ্ট হ’ব নিৰ্ধাৰিত হৈছিল৷ মোক জনোৱা মতে বুণ্ডেলখণ্ডত প্ৰায় ৩০ বছৰৰ পাছত কাকতি ফৰিঙৰ আক্ৰমণ হৈছে৷

বন্ধুসকল,

কেৱল উত্তৰপ্ৰদেশেই নহয়, দেশৰ ১০খনতকৈ অধিক ৰাজ্যত এই কাকতি ফৰিঙৰ আক্ৰমণৰ প্ৰভাৱ পৰিছে৷ যিমান ক্ষিপ্ৰতাৰে ইয়াৰ আক্ৰমণ বিয়পি পৰিছিল, সাধাৰণ কৌশল, পৰম্পৰাগত মাধ্যমেৰে ইয়াৰ নিয়ন্ত্ৰণ কৰাটো সমস্যা আছিল৷ ভাৰতে যিদৰে এই কাকতি ফৰিঙৰ পৰা মুক্তি লাভ কৰিলে, ইমান বৃহৎ আক্ৰমণ বৈজ্ঞানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিলে, ক’ৰোনা দৰে মহামাৰী নথকা হ’লে ভাৰতৰ মিডিয়াত সপ্তাহজুৰি ইয়াৰ যথেষ্ট ইতিবাচক চৰ্চা হ’লহেতেন৷ ইয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধোত্তৰ প্ৰস্তুতিৰে কাম কৰা হয়৷ ঝান্সিসহ বিভিন্ন চহৰত কেইবা ডৰ্জন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে, কৃষকসকলে যাতে আগতীয়া তথ্য লাভ কৰে, সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হয়৷ কাকতি ফৰিঙক মৰা আৰু খেদোৱাৰ বাবে বিশেষ স্প্ৰে মেচিন লাগে, কিন্তু আমাৰ ইয়াৰ সেইবোৰ নাছিল, কিয়নো এই আক্ৰমণ এনেয়ে নাহে৷ চৰকাৰে ক্ষিপ্ৰতাৰে কেইবা ডৰ্জন আধূনিক মেচিন ক্ৰয় কৰি আনি জিলাসমূহলৈ প্ৰেৰণ কৰে৷ টেংকাৰেই হওক, গাড়ীয়েই, কেমিকেলেই হওক, ঔষধেই হওক, এই সকলো সম্পদ ব্যৱহাৰ কৰা হয়, যাতে কৃষকসকলৰ ক্ষতি কম হয়৷

ইমানেই নহয়, ওখ গছ, বৃহৎ এলেকাত ঔষধ ছতিওৱাৰ বাবে কেইবাখনো দ্ৰোণ আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে৷ ইমানবোৰ প্ৰচেষ্টাৰ ফলত ভাৰতে নিজৰ কৃষকসকলক অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷

বন্ধুসকল,

দ্ৰোণ প্ৰযুক্তিয়েই হওক, অন্যান্য কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিয়েই হওক, আধূনিক কৃষি সঁজুলিয়েই হওক, এইবোৰ দেশৰ কৃষিখণ্ড সৰ্বাধিক প্ৰয়োগ কৰাৰ বাবে আপোনোলোকৰ দৰে যুৱ গৱেষক, যুৱ বৈজ্ঞানিকসকলে নিৰন্তৰ সমৰ্পিত মনোভাৱেৰে এক জীৱন এক মিচনৰ দৰে কাম কৰিব লাগিব৷

বিগত ৬ বছৰৰ পৰা কৃষি পথাৰৰ পৰা পোনপটীয়াকৈ বিক্ৰী কৰাই হওক, গাঁও পৰ্যায়ত ক্ষুদ্ৰ কৃষকসকলক বৈজ্ঞানিক সুবিধা প্ৰদান কৰাই হওক সেই ক্ষেত্ৰত ধাৰাবাহিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে৷ এতিয়া চৌহদৰ পৰা আদি কৰি পথাৰলৈকে বিশেষজ্ঞ, তথ্য প্ৰদানৰ এই পৰিস্থিতিতন্ত্ৰক আৰ অধিক প্ৰভাৱশালী কৰাৰ দিশত কাম কৰাটো জৰুৰী হৈ পৰিছে৷ এই ক্ষেত্ৰত আপোনালোকৰ বিশ্ববিদ্যালয়ৰ ভূমিকাও অধিক৷

বন্ধুসকল, কৃষিক শিক্ষাৰ সৈতে জড়িত কৰা আৰু ইয়াৰ ব্যৱহাৰিক দিশটো বিদ্যালয় পৰ্যায়লৈ নিয়াটো আৱশ্যক৷ গাঁও পৰ্যায়ৰ বিদ্যালয়সমূহতো কৃষি বিষয় অন্তৰ্ভূক্ত কৰা দিশত প্ৰচেষ্টা চলাই থকা হৈছে৷ ইয়াৰ জৰিয়তে দুই প্ৰকাৰৰ লাভ হ’ব৷ এটা হৈছে গাঁৱৰ শিশুসকলে কৃষিৰ সৈতে জড়িত এক স্বাভাৱিক জ্ঞান লাভ কৰিব, ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী প্ৰসাৰ হ’ব৷ দ্বিতীয়তে, তেওঁলোকে কৃষিৰ সৈতে জড়িত কৌশল, ব্যৱসায়-বাণিজ্যৰ সন্দৰ্ভত নিজৰ পৰিয়ালক শিক্ষাৰ্থীসকলে অধিক তথ্য প্ৰদান কৰিব পাৰিব৷ ইয়াৰ জৰিয়তে দেশৰ কৃষি উদ্যোগত উৎসাহ যোগাব৷ নতুন শিক্ষানীতিত এই দিশত কেতবোৰ জৰুৰী সংস্কাৰ সাধন কৰা হৈছে৷

বন্ধুসকল,

যিমানেই প্ৰত্যাহ্বান নাহক কিয়, নিৰন্তৰ সেইবোৰ মোকাবিলা কৰা, কেৱল লক্ষ্মীবাই দিনৰে পৰাই নহয়, সদায় বুণ্ডেলখণ্ডই নেতৃত্ব বহন কৰি আহিছে; সংকট যিয়েই নহওক কিয় সন্মুখৰ পৰা নেতৃত্ব দিয়াটোৱেই বুণ্ডেলখণ্ডৰ পৰিচয়৷

ক’ৰোনা বিৰুদ্ধে বুণ্ডেলখণ্ডৰ লোকসকলেও থিয় দিছে৷ চৰকাৰে জনসাধাৰণৰ সমস্যা লাঘৱ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈ আহিছে৷ দুখীয়া লোকসকলৰ চৌকা যাতে জ্বলি থাকে, তাৰ বাবে দেশৰ অন্য প্ৰান্তৰ দৰে উত্তৰপ্ৰদেশৰ কোটি কোটি দুখীয়া আৰু গ্ৰামীণ পৰিয়ালকো বিনামূলীয়া খাদ্য সামগ্ৰী দিয়া হৈছে৷ বুণ্ডেলখণ্ডৰ প্ৰায় ১০ লাখ দুখীয়া ভগ্নীয়ে এই সময়ছোৱাত বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰিছে৷ লাখ লাখ ভগ্নীক তেওঁলোকৰ জনধন একাউণ্টত কোটি কোটি টকা প্ৰদান কৰা হৈছে৷ গৰীৱ কল্যান ৰোজগাৰ যোজনাৰ অধীনত কেৱল উত্তৰপ্ৰদেশতে ৭০০ কোটি টকাতকৈ অধিক ধন ব্যয় কৰা হৈছে, যাৰ জৰিয়তে লাখ লাখ শ্ৰমিকে ৰোজগাৰ লাভ কৰিছে৷ মোক জনোৱা মতে এই অভিযানৰ অধীনত ইয়াৰ বুণ্ডেলখণ্ডতো শ শ পুখুৰী পুনৰ নিৰ্মাণ কৰা আৰু নতুন পুখুৰী খন্দাৰ কাম কৰা হৈছে৷

বন্ধুসকল, নিৰ্বাচনৰ পূৰ্বে যেতিয়া মই ঝান্সিলৈ আহিছিলো, তেতিয়া মই বুণ্ডেলখণ্ডৰ ভগ্নীসকলক কৈছিলো, যোৱা পাঁচ বছৰ শৌচালয়ৰ বাবে আছিল আৰু অহা পাঁচ বছৰ পানীৰ বাবে হ’ব৷ ভগ্নীসকলৰ আশীৰ্বাদত প্ৰতিটো পৰিয়ালত পানী যোগান ধৰিবলৈ তীব্ৰগতিৰে কাম কৰি থকা হৈছে৷ উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশলৈকে প্ৰসাৰিত বুণ্ডেলখণ্ডৰ লগতে সকলো জিলাত পানী উৎস আৰু পাইপলাইন স্থাপনৰ কাম ধাৰাবাহিকভাৱে চলি আছে৷ এই ক্ষেত্ৰত ১০,০০০ কোটি টকাতকৈ অধিক প্ৰায় ৫০০ পানী যোগান প্ৰকল্পক স্বীকৃতি প্ৰদান কৰা হৈছে৷ বিগত ২মাহত ইয়াৰে প্ৰায় ৩,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে৷ যেতিয়া ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব, তেতিয়া ইয়াৰ জৰিয়তে বুণ্ডেলখণ্ডৰ লাখ লাখ পৰিয়ালে পোনপটীয়াকৈ উপকৃত হ’ব৷ ইমানেই নহয়, বুণ্ডেলখণ্ডত ভূজলৰ স্তৰ ওপৰলৈ উঠোৱাৰ বাবে অটল ভূজল আঁচনিৰ কামো চলাই থকা হৈছে৷ ঝান্সি, মহোবা, বান্দা, হমীৰপুৰ, চিত্ৰকূট আৰু ললিতপুৰৰ লগতে পশ্চিম উত্তৰপ্ৰদেশৰ শ শ গাঁৱত পানীৰ স্তৰ ওপৰলৈ উঠোৱাৰ বাবে ৭০০ কোটিতকৈ অধিক টকাৰ আঁচনিৰ কাম চলি আছে৷

বন্ধুসকল,

বুণ্ডেলখণ্ডৰ এফালে বেতৱা নৈ আৰু আনফালে কেন নদী বৈছে৷ উত্তৰ দিশত মা যমুনা আছে৷ কিন্তু পৰিস্থিতি এনে হৈছে যে এই নৈসমূহৰ পানীৰ পৰা সম্পূৰ্ণৰূপে লাভান্বিত হোৱা নাই৷ এই স্থিতি সলনি কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ কেন আৰু বেতৱা নদী সংযোগী প্ৰকল্পৰ এই ক্ষেত্ৰত ভাগ্য সলনি কৰা যথেষ্ট শক্তি আছে৷ এই ক্ষেত্ৰত আমি দুয়োখন ৰাজ্য চৰকাৰৰ সৈতে নিৰৱচ্ছিন্নভাৱে সম্পৰ্ক ৰক্ষা কৰি কাম কৰি আহিছো৷ মোৰ দৃঢ় বিশ্বাস যে এবাৰ যেতিয়া বুণ্ডেলখণ্ডই পৰ্যাপ্ত পানী পাব, তেতিয়া ইয়াৰ লোকসকলৰ জীৱনত ব্যাপক পৰিৱৰ্তন আহিব৷

বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই হওক বা ডিফেন্স কৰিড’ৰেই হওক, কেইবা হাজাৰ কোটি টকাৰ এই প্ৰকল্পসমূহে এই অঞ্চলটোত কৰ্ম-সংস্থাপনৰ অপৰিসীম নতুন সুযোগ সৃষ্টি কৰিব৷ সেই দিন বেছি দুৰত নাই, যেতিয়া বীৰৰ এই ভূমি ঝান্সি আৰু ইয়াৰ সমীপৱৰ্তী এলেকা দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত বিকশিত হ’ব৷ এক কথাত বুণ্ডেলখণ্ডত ‘জয় জোৱান, জয় কিষাণ আৰু জয় বিজ্ঞান’ৰ মন্ত্ৰ চৌদিশে গুঞ্জৰিত হ’ব৷ কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰ বুণ্ডেলখণ্ডৰ পৌৰাণিক ঐতিহ্য, এই ভূমিৰ গৌৰৱক সমৃদ্ধ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

ভৱিষ্যতৰ মংগল কামনাৰে পুনৰবাৰ বিশ্ববিদ্যালয়ৰ নতুন ভৱনৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

দুই গজ দুৰত্ব, মাস্কৰ প্ৰয়োজন, এই মন্ত্ৰক আমি সদায় মন ৰাখিব লাগিব৷ আপোনালোক সুৰক্ষিত থাকক, তেতিয়াহে দেশ সুৰক্ষিত থাকিব

আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জনাইছো৷

ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump