মহামহিম, প্ৰধানমন্ত্ৰী কিশিদা,


বিশিষ্ট প্ৰতিনিধিবৃন্দ,


নমস্কাৰ!

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী কিশিদাক আদৰণি জনাবলৈ পাই মই পৰম সন্তোষ পাইছো।


সমগ্ৰ ভাৰতৰ হৈ মই কেইদিনমান পূৰ্বে জাপানত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ আৰু সম্পত্তি হেৰুৱাবলগীয়া লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।


বন্ধুসকল,

প্ৰধানমন্ত্ৰী কিশিদা ভাৰতৰ পুৰণি বন্ধু। তেওঁ বৈদেশিক মন্ত্ৰী হিচাপে কেইবাবাৰো ভাৰত ভ্ৰমণ কৰিছে আৰু মই তেওঁৰ সৈতে মত-বিনিময়ৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰী কিশিদাই যোৱা বছৰকেইটাত ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বত দেখা পোৱা অভূতপূৰ্ব অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


আজিৰ সন্মিলনখন অতি গুৰুত্বপূৰ্ণ সময়ত আয়োজন কৰা হৈছে। বিশ্বখনে এতিয়াও ক’ভিড-১৯ আৰু ইয়াৰ প্ৰভাৱৰ সৈতে যুঁজি আছে।

বৈশ্বিক অৰ্থনৈতিক পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো এতিয়াও বাধাগ্ৰস্ত হৈ আছে।

ভূ-ৰাজনৈতিক ঘটনাসমূহেও নতুন প্ৰত্যাহ্বানৰ অৱতাৰণা কৰিছে।


ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত-জাপানৰ অংশীদাৰিত্ব অধিক গভীৰ কৰাটো কেৱল দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়। তদুপৰি ই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু সমগ্ৰ বিশ্ব পৰ্য্যায়ত শান্তি, সমৃদ্ধি আৰু সুস্থিৰতাক প্ৰোৎসাহিত কৰিব।


আমাৰ পাৰস্পৰিক বিশ্বাস, আমাৰ সভ্যতাৰ সম্পৰ্ক, গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ দৰে আমাৰ সহভাজিত মূল্যবোধ হৈছে আমাৰ সম্পৰ্কৰ মূল বিষয়, যি এইসমূহক শক্তি প্ৰদান কৰে।


আমাৰ আজিৰ আলোচনাই আমাৰ পাৰস্পৰিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে।


আমি দ্বিপাক্ষিক বিষয়সমূহৰ উপৰিও কেইবাটাও আঞ্চলিক আৰু বৈশ্বিক বিষয়ত মত- বিনিময় কৰিছো।


আমি তদুপৰি ৰাষ্ট্ৰসংঘ আৰু আন-আন আন্তঃৰাষ্ট্ৰীয় মণ্ডলীত আমাৰ সমন্বয় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।


বন্ধুসকল,

যোৱা বছৰকেইটাত ভাৰত-জাপানৰ অৰ্থনৈতিক অংশীদাৰিত্বই অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। দুয়োখন দেশৰ ব্যৱসায়ত যথেষ্ট বিশ্বাস, উৎসাহ আছে। জাপান হৈছে ভাৰতৰ অন্যতম বৃহৎ বিনিয়োগকাৰী, এক বিশ্বমানৰ অংশীদাৰ।


এই বৰঙণিৰ বাবে আমি অতিশয় কৃতজ্ঞ।


মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে'ল প্ৰকল্পটো ভালদৰে আগবাঢ়িছে। দুয়োখন দেশে 'এক টীম এক প্ৰকল্প' ৰ দৃষ্টিভংগীৰে এই সন্দৰ্ভত কাম কৰি আছে। এই প্ৰকল্পটো ভাৰত-জাপানৰ অংশীদাৰিত্বৰ এক উৎকৃষ্ট উদাহৰণ।

মই সুখী যে আমি ২০১৪ ত নিৰ্ধাৰিত তিনি দশমিক পাঁচ ট্ৰিলিয়ন জাপানী য়েনৰ বিনিয়োগৰ লক্ষ্য অতিক্ৰম কৰিছো।


এতিয়া আমি আমাৰ অভিলাশসমূহক নতুন শিখৰলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ আৰু পাঁচ ট্ৰিলিয়ন য়েনৰ এক নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছো, যাৰ অৰ্থ হৈছে অহা পাঁচ বছৰত প্ৰায় তিনি লাখ বিশ হাজাৰ কোটি টকাৰ বিনিয়োগ।


আপোনালোক সকলোৱে জানে যে যোৱা কেইবছৰমানত ভাৰতে ব্যাপক অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছে আৰু ইজ অৱ ডুয়িং বিজনেছত এক বৃহৎ অগ্ৰগতি সাধন কৰিছে।


আজি ভাৰতে "বিশ্বখনৰ বাবে মেক ইন ইণ্ডিয়া" ৰ অৰ্থে সীমাহীন সম্ভাৱনাৰ অৱতাৰণা কৰিছে।

এই সন্দৰ্ভত, জাপানী কোম্পানীসমূহ দীৰ্ঘদিনে আমাৰ ব্ৰেণ্ড এম্বেচাদৰ হৈ আহিছে।


প্ৰযুক্তি আৰু উদ্ভাৱনৰ খণ্ডত আমাৰ মাজৰ অংশীদাৰিত্বত নতুন মাত্ৰাৰ সংযোজন ঘটিছে।


আমি ভাৰতত জাপানী কোম্পানীসমূহৰ বাবে এক অনুকূল পৰিবেশ আগবঢ়াবলৈ অংগীকাৰবদ্ধ।

আজি মুকলি কৰা ভাৰত-জাপানৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব ৰোডমেপ ইয়াৰ বাবে এক ফলপ্ৰসূ পৰিকাঠামো হিচাপে প্ৰমাণিত হ'ব।


জাপানৰ সৈতে আমাৰ দক্ষতাৰ অংশীদাৰিত্বয়ো এই দিশত এক ফলপ্ৰসূ ভূমিকা পালন কৰিব।

বন্ধুসকল,

ভাৰত আৰু জাপান উভয়ে সুৰক্ষিত, বিশ্বাসযোগ্য, অনুমানযোগ্য আৰু সুস্থিৰ শক্তি যোগানৰ গুৰুত্ব বুজি পায়।


বহনক্ষম অৰ্থনৈতিক বিকাশৰ লক্ষ্যত উপনীত হোৱা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰে মোকাবিলা কৰাটো অতি প্ৰয়োজনীয়।


আমাৰ স্বচ্ছ শক্তি অংশীদাৰিত্ব এই দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব।


আজি আমি আন-আন বহুতো গুৰুত্বপূৰ্ণ বিষয়ত সন্মত হৈছো আৰু এই সন্দৰ্ভত ঘোষণা কৰা হৈছে।


প্ৰধানমন্ত্ৰী কিশিদাৰ এই ভ্ৰমণে ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বত নতুন মাত্ৰাৰ সংযোজন ঘটোৱাত সফল হৈছে।


মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী কিশিদা আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ অতিশয় আন্তৰিকতাৰে আদৰণি জনাইছো।


ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Narendra Modi asks industry to make the most of trade deals

Media Coverage

PM Narendra Modi asks industry to make the most of trade deals
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister emphasises strong foundation built for a truly renewed partnership between the two nations with the visit of Prime Minister of Canada
March 03, 2026

The Prime Minister said that the visit of Prime Minister of Canada, Mark Carney to India, has built a strong foundation for a truly renewed partnership between the two nations.

The Prime Minister said that he looks forward to working together to build a future defined by trust, growth, innovation and shared prosperity for the people of both countries.

Responding to the X post of Canadian Prime Minister, Shri Modi said;

“You are absolutely right, Prime Minister Carney. Your visit has built a strong foundation for a truly renewed partnership.

I look forward to working together with you to build a future defined by trust, growth, innovation and shared prosperity for the people of our nations.

@MarkJCarney”