India has entered the third decade of the 21st century with new energy and enthusiasm: PM Modi
This third decade of 21st century has started with a strong foundation of expectations and aspirations: PM Modi
Congress and its allies taking out rallies against those persecuted in Pakistan: PM

পূজনীয় শ্ৰী সিদ্ধলিংগেশ্বৰা স্বমীজী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিয়ুৰাপ্পাজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী ডি বি সদানন্দ গৌড়াজী, শ্ৰী প্ৰহ্লাদ যোশীজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত সন্তসকল, শ্ৰদ্ধালুসকল, আইসকল আৰু সমবেত সুধীবৃন্দ। আপোনালোক আটাইলৈকে মোৰ প্ৰণিপাত জনাইছো। ড০ শিৱকুমাৰ স্বমীজীৰ এই পৱিত্ৰ ভূমি তুমকুৰুৰ সিদ্ধগংগা মঠত উপস্থিত হ’বলৈ পাই মই অতিকে আনন্দিত হৈছো। পোনতে মই সকলোলৈকে নতুন বছৰৰ শুভ-কামনা জ্ঞাপন কৰিছো। ২০২০বৰ্ষটো আপোনালোক সকলোৰে বাবে মংগলময় হওক!

২০২০চনৰ আৰম্ভণিতে তুমকুৰুৰ পবিত্ৰ ধৰাত আপোনালোকৰ মাজত উপস্থিত হ’বলৈ পোৱাতো সৌভাগ্য বুলিয়ে বিবেচনা কৰিছো। সিদ্ধগংগা মঠৰ পবিত্ৰ শক্তিয়ে সমস্ত দেশবাশীৰ জীৱন মংলময় কৰি তুলিব বুলি মই কামনা কৰিছো।

বন্ধুসকল, বহু বছৰৰ পিছত ইয়ালৈ আহি এক প্ৰকাৰৰ শূণ্যতা অনুভৱ কৰিছো। দৰাচলতে পূজ্য স্বামী শ্ৰী শ্ৰী শিৱকুমাৰজীৰ ভৌতিক অনুপস্থিতি আমি সকলোৱে অনুভৱ কৰিছো। তেখেতৰ এক দৰ্শনতে জীৱন কেনেকৈ উজ্জীৱিত হৈ উঠে সেই অভিজ্ঞতা মই নিজেই আহৰণ কৰিব  পাৰিছিলো।তেখেতৰ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ সুবাদতে এইডোখৰ পবিত্ৰ স্থানে দশক দশক ধৰি সমাজক দিক-দৰ্শন কৰাবলৈ সক্ষম হৈছে। বিশেষকৈ এখন শিক্ষিত আৰু সমতাপূৰ্ণ সমাজ নিৰ্মাণৰ গংগা ইয়াৰ পৰাই যেন প্ৰবহিত হ’বলৈ লৈছে। তেখেতৰ জীৱনকালত স্বামীজীয়ে যিমান সংখ্যক লোকৰ জীৱন প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ল, তেনে নিদৰ্শন খুউব কমেইহে দেখিবলৈ পোৱা যায়।

সেইগৰাকী পূণ্যাত্মাৰ স্মৃতিত নিৰ্মাণ কৰিব খোজা সংগ্ৰহালয়ৰ শিলান্যাস কৰিবলৈ পায় মই নিজকে সঁচাকৈয়ে সৌভাগ্যবান বুলি অনুভৱ কৰিছো। এইটো সংগ্ৰহালয়ে কেৱল ৰাইজক প্ৰেৰণা নিদিব, বৰং সমাজ আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমাক দিক-দৰ্শন কৰোৱাৰ কৰ্ম সম্পাদন কৰিব। মই পূজ্য স্বামীজীৰ স্মৃতিচাৰণ কৰি তেখেতৰ চৰণত পুনৰ প্ৰণিপাত জনাইছো।

বন্ধুসকল, মই ইয়ালৈ এনেকুৱা এটা সময়ত আহিছো যেতিয়া কৰ্ণাটকৰ আৰু এগৰাকী মহান সন্তই ইহ সংসাৰৰ পৰা মেলানি মাগিলে। পেজাৱৰ মঠৰ মূৰব্বী বিশ্বেশ তীৰ্থ স্বামীৰ দেহাৱসানে ভাৰতৰ সমাজজীৱনত কেতিয়াও পূৰণ নোহোৱা এক শূণ্যতাৰ সৃষ্টি কৰি থৈ গ’ল। আমাৰ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ এনেবোৰ স্তম্ভ আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাই সঁচাকৈয়ে একোটা শূণ্যতাৰ সৃষ্টি কৰি যায়। আমি লৌকিকক জীৱনৰ এনে গতিকতো কেতিয়াও বাধা দি ৰাখিব নোৱাৰো, পিছে, আমাৰ এইসকল সন্তই দেখুৱাই যোৱা পথসমূহ নিশ্চয় শক্তিশালী কৰি ৰাখিব পাৰো, মানৱতাৰসেৱা, আই ভাৰতীৰ সেৱাত নিজকে সমৰ্পিত নিশ্চয় কৰিব পাৰো।

বন্ধুসকল, এই কথা এই কাৰণেও বিশেষত্বপূৰ্ণ, কিয়নো ভাৰতে নতুন শক্তি আৰু নতুন উত্সাহৰে ২১শতিকাৰ তৃতীয়টো দশকত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। বিগত দশকৰ আৰম্ভণীত দেশৰ প্ৰেক্ষাপট কেনে আছিল আপোনালোকৰ চাগৈ মনত আছে। পিছে ২১শতিকাৰ এই তৃতীয় দশকটো আশা, আকাংক্ষাৰ শক্তিশালী ভেটীৰে আৰম্ভ হ’বলৈ ওলাইছে। এই আকাংক্ষা নতুন ভাৰতৰ। এই আকাংক্ষা যুৱ সপোনৰ। এই আকাংক্ষা দেশৰ বাই-ভনীসকলৰ। এই আকাংক্ষা দেশৰ দুখীয়া, দলিত, বঞ্চিত, পীড়িত, উপেক্ষিত, আদিবাসীৰ। কিন্তু এই আকাংক্ষা দৰাচলতে কিহৰ! এই আকাংক্ষা ভাৰতক সমৃদ্ধ, সক্ষম আৰু সৰ্বহিতকাৰী বিশ্বশক্তিৰ ৰূপত প্ৰত্যক্ষ কৰাৰ। বিশ্বৰ মানচিত্ৰত ভাৰতক নিজৰ স্বভাৱিক স্থানত প্ৰতিষ্ঠাপিত কৰাৰ।

বন্ধুসকল, এই আকাংক্ষাক পূৰ্ণতা দিবলৈকে ৰাষ্ট্ৰৰ ৰূপত এক বৃহত্ পৰিৱৰ্তনক সৰ্বোচ্চ প্ৰথমিকতা প্ৰদান কৰিছে দেশৰ জনসাধাৰণে। উত্তৰাধিকাৰী সূত্ৰে যিবোৰ সমস্যাৰ আমি সন্মুখীন হৈ আহিছো, সেইবোৰ সমস্যাৰ সমাধানসূত্ৰ আৱিষ্কাৰ কৰাটো আমাৰ বাবে জৰুৰী হ’ব। জনতাৰ মাজত উদ্ভৱ হোৱা এই বাৰ্তাই আমাৰ চৰকাৰকো অনুপ্ৰণিত কৰিছে, উত্সাহিত কৰিছে। হয়তো সেয়ে ২০১৪চনৰ পৰৱৰ্তী সময়ত সৰ্ব সাধাৰণ ভাৰতীয়ৰ জীৱনলৈ সাৰ্থক পৰিৱৰ্তন অনাৰ অভূতপূৰ্ব প্ৰয়াস দেশে কৰিছে। যোৱাটো বছৰততো এখন সমাজ কিম্বা এখন ৰাষ্ট্ৰৰ ৰূপত আমাৰ প্ৰয়াসক শিখৰ পৰ্যন্ত উপনীত কৰালে। আজি মুকলিত শৌচ কৰাৰ কৌটি-কলীয়া পৰম্পৰাৰ পৰা দেশক মুক্তি দিয়াৰ সংকল্প ব্স্তৱায়িত হৈছে। দেশৰ কৃষক পৰিয়ালসমূহলৈ পোনপতীয়া সহযোগিতা, খেতি-পথাৰৰ মজদুৰ, শ্ৰমিক, ক্ষুদ্ৰ বেপাৰীসকললৈ সামাজিক সুৰক্ষা, পেঞ্চনৰ দৰে ব্যৱস্থাৰে জড়িত কৰাৰ সংকল্প বাস্তৱায়িত হৈছে।

সেইদৰে আতংকবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা নীতিলৈ অনা পৰিৱৰ্তনৰ সংকল্পও সিদ্ধ হৈছে। জম্মু-কাশ্মীৰৰ পৰা ৩৭০ধাৰা আঁতৰাই তাৰ জন-সাধাৰণৰ জীৱনৰ পৰা সন্ত্ৰাস আৰু অনিশ্চয়তা দূৰ কৰা, জম্মু-কাশ্মীৰ আৰু লাদাখবাসীৰ সহযোগিতাৰে উন্নয়নৰ এক নতুন যুগৰ শুভাৰম্ভ কৰাৰ সংকল্পও বাস্তৱ হৈছে। আৰু এই সকলোৰে মাজত, ভগবান ৰামৰ জন্মস্থানত এক সুন্দৰ মন্দিৰ নিৰ্মাণৰ প্ৰসংগও সম্পূৰ্ণ শান্তিপূৰ্ণ বাতাবৰণ আৰু সহযোগিতাৰে প্ৰশস্ত হৈ উঠিছে।

বন্ধুসকল, কেই সপ্তাহমানৰ আগতেহে আমাৰ লোকতন্ত্ৰৰ সবাতোকৈ বৃহত্ সংস্থা, আমাৰ সংসদে নাগৰিকত্ব সংশোধন আইন প্ৰস্তুত কৰাৰ ঐতিহাসিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। পিছে, কংগ্ৰেছ, ইয়াৰ সহযোগী দল তথা দলসমূহৰ সাংগো-পাংগোসকলে ভাৰতৰ সংসদৰ বিৰুদ্ধেই থিয়-যুঁজ দিবলৈ সাজি-পাৰি ওলাইছে। তেওঁলোকে আমাৰ বিৰুদ্ধে যেনে ভাষাৰে বিষোদ্গাৰ কৰে এতিয়াও সেই একেই ভাষাৰে তেওঁলোকে দেশৰ সংসদৰ বিৰুদ্ধে বক্তব্য দিবলৈ ধৰিছে। এইসকল লোকে সংসদৰ বিৰুদ্ধেই আন্দোলন আৰম্ভ কৰি দিছে। এইসকল লোকে পাকিস্তানৰ পৰা অহা দলিত-পীড়িত-শোষিতৰ বিৰুদ্ধেই আন্দোলন আৰম্ভ কৰি দিছে।

বন্ধুসকল, পাকিস্তানৰ জন্ম ধৰ্মৰ আধাৰত হৈছিল। দেশক ধৰ্মৰ আধাৰত বিভক্ত কৰা হৈছিল। আৰু বাটোৱাৰাৰ সময়ৰ পৰাই পাকিস্তানে ভিন্ন ধৰ্মী মানুহৰ বিৰুদ্ধে অত্যাচাৰ আৰম্ভ কৰি দিছিল। সময় আগবঢ়াৰ লগে লগে পাকিস্তানত হিন্দু, শিখ, খ্ৰিষ্টীয়ান, জৈন কিম্বা প্ৰাৰ্চীসকলৰ বিৰুদ্ধে ধৰ্মৰ আধাৰত অত্যাচাৰ-আতিশয্য দিনে দিনে বাঢ়িবলৈ ধৰিলে। অসংখ্য লোকে সেইখন দেশত ঘৰ-দুৱাৰ, খেতি-বাতি এৰি থৈ শৰণাৰ্থীৰ ৰূপত ভাৰতলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছিল। পাকিস্তানে হিন্দুৰ ওপৰত, শিখৰ ওপৰত, জৈন, খ্ৰিষ্টীয়ানৰ ওপৰত অত্যাচাৰ চলাইছে, কিন্তু কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে পাকিস্তানৰ বিৰুদ্ধে একো নকয়। আজি প্ৰতিগৰাকী দেশবাসীৰ মনত প্ৰশ্নৰ উদয় হৈছে যে যিসকল লোকে পাকিস্তানৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে, নিজৰ জীয়ৰী-বোৱাৰীৰ জীৱন বচোৱাৰ বাবে ইয়ালৈ ঢাপলি মেলিবলগীয়া হ’ল, তেওঁলোকৰ বিৰুদ্ধে সমদল উলিয়াবলৈ হেতা-ওপৰা লগাইছে, কিন্তু যিখন পাকিস্তানে এওঁলোকৰ ওপৰত আতিশয্য চলাইছে, ইয়াৰ বিৰুদ্ধে কিন্তু এওঁলোকে টু শব্দ এটাও কোৱা শুনা নাই। ইয়াৰ অৰ্থ কি?

পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান কৰাতো আমাৰ নৈতিক দায়িত্ব। আমি তেওঁলোকৰ কাষত নিশ্চয় থিয় দিব লাগিব। পাকিস্তানৰ পৰা অহা হিন্দু-শিখ-খ্ৰিষ্টীয়ানসকলৰ লগতে অন্যন্য দলিত-পীড়িত-শোষিতসকলক তেওঁলোকৰ ভাগ্যৰ ওচৰত এৰি নিদিয়াতো আমাৰ কৰ্তব্য হোৱা উচিত।

বন্ধুসকল, যিসকল লোকে আজি ভাৰতৰ সংসদৰ বিৰুদ্ধেআন্দোলনত নামিছে, তেওঁলোকক মই সকীয়াই দিব খোজো যে আজি আন্তঃৰাষ্ট্ৰীয় স্তৰত পাকিস্তানৰ এই অপকৰ্মক উদঙাই দেখুওৱাৰহে প্ৰয়োজন হৈছে। আপোনালোকে যদি আন্দোলন কৰিবই খুজিছে, তেন্তে পাকিস্তানে যোৱা ৭০টা বছৰে কৰা অপকৰ্মৰ বিৰুদ্ধে গৰজি উঠাৰ বাবে আন্দোলন কৰক। আপোনালোকে যদি ধ্বনি দিবই খুজিছে, তেন্তে পাকিস্তানত যি হাৰত সংখ্যালঘু-নিপীড়ণ চলিছে তাৰ বিৰুদ্ধে ধ্বনি দিয়ক। আপোনালোকে যদি সমদলেই উলিয়াব খুজিছে, তেন্তে পাকিস্তানৰ পৰা অহা হিন্দু-দলিত-পীড়িত-শোষিতৰ সমৰ্থনত সেই সমদল উলিয়াওক। আপোনোকে যদি ধৰ্নাই দিব খুজিছে, তেন্তে পাকিস্তানৰ বিৰুদ্ধে দিয়ক ধৰ্না।

বন্ধুসকল, আমাৰ চৰকাৰে দশক দশক ধৰিদেশে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰাত ব্ৰতী হব বিচাৰিছে। দেশবাসীৰ জীৱন সহজ-সৰল স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰৰ মূৰৰ ওপৰত একোখন পকী চাদ হওক, প্ৰতিটো পৰিয়ালে গেছৰ সংযোগ লাভ কৰক, প্ৰতিখন ঘৰলৈ পাইপেৰে পানী যোগান নিশ্চিত হওক, প্ৰতিগৰাকী ব্যক্তিৰ বাবে স্বাস্থ্য সুৰক্ষা সুলভ হওক, প্ৰতিগৰাকী ব্যক্তিয়ে বীমা সুৰক্ষা কৱচ লাভ কৰক, প্ৰতিখন গাঁৱত ব্ৰডবেণ্ড সংযোগ হওক, এনে বহু লক্ষ্যত উপনীত হোৱাৰ বাবে আমি কাম কৰি আছো।

যোৱা ২০১৪চনত মই আপোনালোকক স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিলো। আপোনালোকে তেতিয়া সম্পূৰ্ণ সামৰ্থ্যৰে সহযোগিতাৰ হাত আগবঢ়াইছিল। আপোনালেকৰ দৰে কোটি কোটি সতীৰ্থৰ সহযোগিতাৰ বাবেই গান্ধীজীৰ ১৫০সংখ্যক জন্ম জয়ন্তীত ভাৰতে নিজকে মুকলিত শৌচ মুক্ত দেশ হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হ’ল।

আজি মই সন্তসমাজৰ পৰা এনে ৩টা সংকল্পত সহযোগিতা বিচাৰি আহ্বান জনাব খুজিছো। প্ৰথম-নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি মহত্ব প্ৰদান কৰাৰ আমাৰ পুৰাতন সংস্কৃতিক আমি শক্তিশালী ৰূপত প্ৰতিস্থা কৰিব লাগিব। আমি জনতাক এই কথাৰ বাবে নিৰন্তৰ সজাগ কৰিব লাগিব। দ্বিতীয়-প্ৰকৃতি আৰু পৰ্যাৱৰণৰ সুৰক্ষা নিশ্চিত কৰা। আৰু তৃতীয়তে-জল সংৰক্ষণ, জল-সঞ্চয়নৰ বাবে জনজাগৰণৰ সৃষ্টি কৰা।

বন্ধুসকল, ভাৰতে সদায় সন্তসকলক, ঋষিসকলক, গুৰুসকলক শুদ্ধ পথ-প্ৰদৰ্শকৰ ৰূপত স্বীকাৰ কৰি আহিছে। নতুন ভাৰততো সিদ্ধগংগা মঠে আধ্যাত্ম আৰু আস্থাৰে উদ্বুদ্ধ ভাৰতক নেতৃত্ব প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।

আপোনালোকৰ দৰে সাধু-সন্তৰ আশীৰ্বাদ আমাৰ ওপৰত সদায় বৰষি থাকক, আপোনালোকৰ আশীৰ্বাদে আমাক আমাৰ সংকল্পত উপনীত হোৱাৰ বাবে শক্তি প্ৰদান কৰি থাকক, এই কামনাৰেই মই মোৰ দুৱাষাৰ সামৰণি মাৰিলো।

আপোনালোক সকলোলৈকে পুনৰ শ্ৰদ্ধা নিবেদন কৰিলো।

ভাৰত মাতা কী জয়!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign

Media Coverage

‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses pride in Indian contingent’s performance at Commonwealth Games 2026
August 03, 2026

The Prime Minister, Shri Narendra Modi, has expressed pride in the performance of the Indian contingent at the Commonwealth Games 2026 in Glasgow.

The Prime Minister expressed delight that India won 39 medals, including 13 Gold medals, and congratulated all the medal winners.

Shri Modi said that throughout the Games, the Indian athletes displayed exceptional skill, determination and dedication. He added that their hard work will continue to inspire the nation’s youth.

Shri Modi also extended his best wishes to the entire Indian contingent for their future endeavours and expressed hope that they would continue to bring greater glory to the nation.

Shri Modi wrote on X;

“Proud of our contingent’s performance at the Glasgow Commonwealth Games.

Delighted that India has won 39 medals, including 13 Golds. Congrats to the medal winners.

Throughout the Games, our talented athletes have displayed exceptional skill, determination and dedication. Their hardwork will keep inspiring our youngsters.

My best wishes to the entire Indian contingent for the endeavours ahead. May they continue to give their very best and bring further glory to the nation.

#CWG2026”