I urge everyone to eliminate single-use plastics from their lives as a tribute to Gandhiji on his upcoming 150th birth anniversary: PM Modi
India has always inspired the world on environmental protection and now is the time India leads the world by example and conserve our environment: PM Modi
The development projects launched today will boost tourism in Mathura and also strengthen the local economy: PM Modi

ভগৱান শ্ৰী কৃষ্ণ আৰু তেওঁ আহ্লাদিনী শক্তি শ্ৰী ৰাধাৰ জন্মৰ সাক্ষীৰ পবিত্ৰ ব্ৰজভূমিৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছো৷ ইয়ালৈ অহা সকলো ব্ৰজবাসীক মোৰ ৰাধে-ৰাধে৷

বিশাল সংখ্যাত উপস্থিত হোৱা মোৰ মৰমৰ কৃষক ভাই-ভনীসকল, পশুপালক ভাই-ভনীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ৰাধে-ৰাধে৷

নতুন জনাদেশৰ পিছত কানাইৰ নগৰীত প্ৰথমবাৰলৈ অহাৰ সৌভাগ্য লাভ কৰিছো৷ মথুৰা আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ ভৰপূৰ আশীৰ্বাদ পুনৰবাৰ মই আৰু মোৰ সহযোগীসকলে লাভ কৰিছে৷ ইয়াৰ বাবে, আপোনালোকৰ এই সহযোগিতাৰ বাবে, দেশৰ হিতাৰ্থে নিৰ্ণয় প্ৰদান কৰাৰ বাবে মই আপোনালোকৰ সন্মুখত আজি এই ব্ৰজৰ ভূমিৰ পৰা শিৰ দোৱাইছো, আপোনালোকক কৃতজ্ঞতা জনাইছো৷ আপোনালোক সকলোৰে আদেশানুসাৰে বিগত এশ দিনত আমি অভুতপূৰ্ব কাম কৰি দেখুৱাবলৈ সমৰ্থ হৈছো৷ মোৰ বিশ্বাস যে দেশৰ বিকাশৰ বাবে আপোনালোকৰ এই সমৰ্থন আৰু সহযোগিতা নিৰন্তৰে আমি লাভ কৰি যাম৷

বন্ধুসকল, ব্ৰজভূমিয়ে সদায়েই সমগ্ৰ দেশক, সমগ্ৰ বিশ্বক, সমগ্ৰ মানৱতাক, জীৱনক উৎসাহিত কৰি আহিছে৷ আজি সমগ্ৰ বিশ্বই পৰিবেশৰ সংৰক্ষণৰ বাবে, তৰু-বৃক্ষক ৰক্ষা কৰাৰ বাবে সমগ্ৰ বিশ্বতে আদৰ্শ ব্যক্তিৰ সন্ধান কৰি আছে কিন্তু ভাৰতৰ ওচৰত ভগৱান শ্ৰী কৃষ্ণৰ দৰে প্ৰেৰণাৰ স্ৰোত সদায়েই আছে৷ যাৰ কল্পনা পৰিবেশৰ প্ৰেম অবিহনে আধৰুৱা৷

আপোনালোকে অলপ চিন্তা কৰক, কালিন্দী, যাক আমি যমুনা বুলি কওঁ, বৈজয়ন্তী মালা, ময়ুৰৰ পাখি, বাঁহৰ বাঁহী, কদমৰ ছা আৰু সেউজীয়া ঘাঁহত চৰি থকা ধেনু, ইয়াৰ অবিহনে শ্ৰী কৃষ্ণৰ ছবি সম্পূৰ্ণ হ’ব পাৰেনে? হ’ব পাৰে জানো? গাখীৰ, মাখনৰ অবিহনে বাল-গোপালৰ কোনোবাই কল্পনা কৰিব পাৰেনে? কৰিব পাৰে জানো?

বন্ধুসকল, প্ৰকৃতি, পৰিবেশ আৰু পশুধনৰ অবিহনে যিমান আধৰুৱা আমাৰ আৰাধ্য দেৱতা হয় সিমানেই আধৰুৱা আমি ভাৰতকো দেখা পাম৷

পৰিবেশ আৰু পশুধন সদায়েই ভাৰতৰ আৰ্থিক চিন্তনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ আহিছে৷ এই কাৰণতেই স্বচ্ছ ভাৰতেই হওক বা জল জীৱন অভিযানেই হওক অথবা কৃষি আৰু পশুপালনৰ প্ৰোৎসাহনেই হওক, প্ৰকৃতি আৰু আৰ্থিক বিকাশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে আমি সশক্ত আৰু নতুন ভাৰতৰ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছো৷

ভাই-ভনীসকল, এই চিন্তাধাৰাকেই আগুৱাই আজি অনেক বৃহৎ সংকল্প আমি ইয়াত গ্ৰহণ কৰিছো৷ আমি মই ভাবো যে দেশৰ কোটি-কোটি পশুৰ বাবে, পৰিবেশৰ বাবে, পৰ্যটনৰ বাবে, এনেকুৱা কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে ব্ৰজভূমিতকৈ উন্নত ভাৰতৰ আৰু আন কোনো স্থান হ’ব নোৱাৰে৷

কিছু সময় পূৰ্বে, ‘স্বচ্ছতাই সেৱা অভিযান’ৰ শুভাৰম্ভ কৰা হৈছে৷ ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰা হৈছে৷ পশুৰ স্বাস্থ্য, সংবৰ্ধন, পোষণ আৰু দুগ্ধ উদ্যোগৰ সৈতে জড়িত অন্য যোজনাসমূহো আৰম্ভ কৰা হৈছে৷

ইয়াৰোপৰি, আজি মথুৰাৰ আন্তঃগাঁথনি আৰু পৰ্যটনৰ সৈতে জড়িত বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদঘাটন কৰা হৈছে৷ এই যোজনা-পৰিযোজনাসমূহৰ বাবে আপোনালোকক অশেষ শুভকামনা, অনেক অভিনন্দন জনাইছো৷ আৰু মোৰ বাবে সন্তুষ্টিৰ কথা এয়েই যে আজি ভাৰতৰ সকলো কৃষি বিজ্ঞান কেন্দ্ৰত সেই অঞ্চলৰ সহস্ৰাধিক কৃষকে একত্ৰিত হৈ এই সকলো দৃশ্য উপভোগ কৰিবলৈ পাইছে৷ কোটি-কোটি কৃষক আৰু পশুপালন আজি ব্ৰজভূমিৰ সৈতে প্ৰযুক্তিৰ জৰিয়তে সংযোজিত হৈছে৷ তেওঁলোককো মই নমস্কাৰ জনাইছো৷ তেওঁলোককো মই শুভকামনা জনাইছো৷

বন্ধুসকল, কিছুদিন পিছত আমাৰ দেশে মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী পালন কৰিব৷ মহাত্মা গান্ধীৰ প্ৰকৃতিৰ প্ৰতি, স্বচ্ছতাৰ প্ৰতি যি আগ্ৰহ আছিল, সেই সমূহ নিজৰ জীৱনত প্ৰয়োগ কৰাটো আমি সকলো ভাৰতীয়ৰে দায়িত্ব৷ আৰু এইদৰেই তেওঁক প্ৰকৃত শ্ৰদ্ধাঞ্জলি আমি যাঁচিব পাৰিম৷ মহাত্মা গান্ধী ১৫০, এয়া প্ৰেৰণাৰ বৰ্ষ, স্বচ্ছতাই সেৱাৰ অন্তৰালতো এই ভাৱনা জড়িত হৈ আছে৷ আজিৰ পৰা আৰম্ভ হোৱা এই অভিযানত এইবাৰ বিশেষ ধৰণে প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্তি দিয়াৰ বাবে সমৰ্পিত কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, প্লাষ্টিকৰ পৰা হোৱা সমস্যা সময়ৰ লগে লগে গম্ভীৰ হ’বলৈ ধৰিছে৷ আপোনালোক ব্ৰজবাসীয়ে ভালদৰেই জানে যে কিদৰে প্লাষ্টিক পশুৰ মৃত্যুৰ কাৰণ হ’ব পাৰে৷ সেইদৰে নদী, জুৰি, পুখুৰীত থকা প্ৰাণীসমূহে, তাৰে মাছে প্লাষ্টিক ভক্ষণ কৰাৰ পিছত জীয়াই থকাটো সমস্যা হৈ পৰে৷ সেইবাবে আমি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক অৰ্থাৎ এনেকুৱা প্লাষ্টিক যাক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিওঁ তাৰ পৰা পৰিত্ৰাণ পাবই লাগিব৷ আমি এয়া প্ৰচেষ্টা কৰিব লাগিব যে এই বছৰৰ ২ অক্টোবৰৰ পৰা নিজৰ ঘৰ, নিজৰ কাৰ্যালয়, নিজৰ কৰ্মক্ষেত্ৰক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰিব লাগিব৷

মই সমগ্ৰ দেশত, গাঁৱে-গাঁৱে কাম কৰি থকা আত্ম-সহায়ক গোটক, সামাজিক সংস্থাসমূহক, যুৱ সমাজক, মহিলা সমাজক, ক্লাবসমূহক, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক আৰু ব্যক্তিগত সংস্থাসমূহক, সকলো ব্যক্তি, সকলো সংগঠনক এই অভিযানৰ সৈতে জড়িত হ’বলৈ হৃদয়েৰে আহ্বান জনাইছো৷ আপোনালোকৰ সন্তানৰ উজ্বল ভৱিষ্যতৰ বাবে আমি এয়া কৰিবই লাগিব৷ আপোনালোকে প্লাষ্টিকৰ যি আৱৰ্জনা একত্ৰিত কৰিব সেয়া লৈ যোৱা দায়িত্ব প্ৰশাসনে গ্ৰহণ কৰিব আৰু ইয়াক ৰিচাইকেল কৰা হ’ব৷ যিবোৰ আৱৰ্জনা ৰিচাইকেল নহ’ব সেয়া চিমেণ্ট ফেক্টৰীত অথবা পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, কিছু সময় পূৰ্বে মই এনে কিছু মহিলাৰ সৈতে সাক্ষাৎ কৰাৰ অৱকাশ লাভ কৰিলো যিয়ে বিভিন্ন প্ৰকাৰৰ প্লাষ্টিকক পৃথক-পৃথক কৰে৷ এই প্লাষ্টিকসমূহৰ অধিকাংশই ৰিচাইকেল কৰা হয়৷ ইয়াৰ দ্বাৰা সেই মহিলাসমূহে উপাৰ্জনো কৰি আছে৷ মই ভাবো যে এইধৰণৰ কাম গাঁৱে-গাঁৱে আৰম্ভ হোৱাটো প্ৰয়োজন৷ আৱৰ্জনাৰ পৰা সম্পত্তিৰ বিচাৰধাৰাই আমাৰ পৰিবেশক ৰক্ষা কৰিব৷ আমাৰ চৌপাশৰ বাতাৱৰণ স্বচ্ছ হ’ব৷

বন্ধুসকল, স্বচ্ছতাই সেৱা অভিযানৰ সৈতে কিছু পৰিৱৰ্তন আমি আমাৰ অভ্যাসতো কৰিব লাগিব৷ মই এই বিষয়ে আপোনালোকক লালকিল্লাৰ পৰা ইতিমধ্যেই অৱগত কৰিছো৷ আজি পুনৰবাৰ এই বিষয় উত্থাপন হোৱাৰ মুহূৰ্তত আমি এয়া নিশ্চিত কৰিব লাগিব যে যেতিয়াই আমি দোকানলৈ, বজাৰলৈ, শাক-পাচলি ক্ৰয় কৰাৰ বাবে অথবা যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ বাবে যাও তেতিয়া নিজৰ সৈতে যাতে মোনা নিশ্চয়কৈ লৈ যাও৷ কাপোৰৰেই হওক, মৰাপাটৰেই হওক, নিশ্চয়কৈ যাতে লৈ যাও৷ পেকিঙৰ বাবে দোকানীসকলে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰক এয়াও সুনিশ্চিত আমি কৰিব লাগিব৷ মইতো বিচাৰো যে চৰকাৰী কাৰ্যালয়ত, চৰকাৰী কাৰ্যসূচীতো প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে ধাতু অথবা মাটিৰ বাচনৰ ব্যৱস্থা হওক৷

বন্ধুসকল, যেতিয়া পৰিবেশ স্বচ্ছ হয়, চৌপাশে কোনো দুৰ্গন্ধ নাথাকে তেতিয়া প্ৰত্যক্ষ আৰু ধনাত্মক প্ৰভাৱ স্বাস্থ্যতো পৰিলক্ষিত হয়৷ মই যোগী ডাঙৰীয়াৰ চৰকাৰৰ প্ৰশংসা কৰিছো কিয়নো তেওঁ স্বচ্ছতা আৰু স্বাস্থ্য সন্দৰ্ভত অতিশয় গম্ভীৰতাৰে কাম কৰি আছে৷ এয়া তেওঁৰ চৰকাৰৰ প্ৰয়াসৰ পৰিণাম আৰু যোগী ডাঙৰীয়াই অলপতে ইয়াৰ ব্যাপক ব্যাখ্যা প্ৰদান কৰিলে৷ সংসদৰ এনে এটা বৈঠক নাছিল, যেতিয়া যোগী সংসদৰ সদস্য আছিল, এই বিষয়ত ভয়ংকৰ কথা শুনাই দেশক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল৷ বহু শিশুৰ মৃত্যু হৈছিল, যেতিয়া যোগী ডাঙৰীয়াৰ চৰকাৰ গঠন হৈছিল, তেতিয়া কেৱল আৰম্ভ হে হৈছিল, সেই মৃত্যুক লৈ যোগী ডাঙৰীয়াই জীৱনজুৰি যি ৰোগৰ বিৰুদ্ধে যুঁজিছিল, সংসদক জাগ্ৰত কৰিছিল, দেশক জাগ্ৰত কৰিছিল, কিছুমান স্বাৰ্থান্বেষী গোটে সেই পুৰণি কথাসমূহ পাহৰি তেওঁৰ বিৰুদ্ধে নামি পৰিছিল৷ কিন্তু যোগী ডাঙৰীয়া আছিল অটল, ভীতিগ্ৰস্ত হোৱা নাছিল৷ যিটো বিষয়ক লৈ তেওঁ ৩০-৪০ বছৰ নিৰন্তৰে কাম কৰি আছিল তাক তেওঁ অথলে যাবলৈ দিয়া নাছিল আৰু এতিয়া যিটো পৰিসংখ্যা প্ৰদান কৰা হৈছে, মই নাজানো যে ই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব নে নহ’ব৷ কিন্তু দেশে নিশ্চয়কৈ মনোযোগ প্ৰদান কৰিব লাগে যে যি গুৰুতৰ ৰোগ, যাৰ মূল কাৰণ হ’ল অপৰিষ্কাৰ পৰিবেশ আৰু আমি আমাৰ সহস্ৰাধিক সন্তানক হেৰুৱাবলগীয়া হৈছে৷ অধিক মাত্ৰাত সফলতাৰ সৈতে যোগী ডাঙৰীয়াৰ চৰকাৰ আগবাঢ়িবলৈ ধৰিছে৷ মই এই মানৱতাৰ পবিত্ৰ কাৰ্যত স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দি সন্তানসকলৰ জীৱন ৰক্ষা কৰা কাৰ্য আৰু ইয়াৰ সৈতে জড়িত সকলো নাগৰিকক, পৰিয়ালক, সংস্থাক, চৰকাৰক, সকলোকে অভিনন্দন জনাইছো৷ আৰু সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

বন্ধুসকল, পৰিবেশ আৰু স্বাস্থ্য সৈতে জড়িত আন এটা বিষয় হ’ল জলসংকট আৰু জলসংকটৰ উপায় হ’ল জল জীৱন অভিযান৷ এই অভিযানৰ অধীনত জল সংৰক্ষণ আৰু প্ৰত্যেক ঘৰলৈ পানী যোগানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ জল জীৱন অভিযানৰ এক বৃহৎ লাভ আমাৰ গাঁৱৰ বাসিন্দাসকলে লাভ কৰিব, কৃষকসকলে লাভ কৰিব আৰু তাতোকৈ ডাঙৰ কথা হ’ল, আমাৰ মাতৃ-ভগ্নীসকলে লাভ কৰিব৷ পানীৰ ব্যয় হ্ৰাস কৰাৰ প্ৰধান কাৰণটো হ’ল ইয়াৰ দ্বাৰা সংৰক্ষণো হ’ব৷

বন্ধুসকল, কৃষকৰ আয় বৃদ্ধিত পশুপালন আৰু আন ব্যৱসায়সমূহেও বৃহৎ ভূমিকা পালন কৰে৷ পশুপালনেই হওক, মীনপালনেই হওক, কুকুৰা পালনেই হওক অথবা মৌ-মাখি পালনেই হওক, এইসমূহত কৰা বিনিয়োগে উপাৰ্জন অধিক কৰে৷ ইয়াৰ বাবে বিগত ৫ বছৰত কৃষিৰ সৈতে জড়িত অন্য বিকল্প প্ৰণয়ন কৰাৰ বাবে আমি অগ্ৰসৰ হৈছো৷ পশুধনৰ গুণগতমান আৰু স্বাস্থ্যৰ পৰা আৰম্ভ কৰি দুগ্ধজাত সামগ্ৰীৰ বিভিন্ন উৎপাদনৰ বিস্তৃতিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দুগ্ধ প্ৰদান কৰা পশুসমূহৰ গুণগতমান সুনিশ্চিত কৰাৰ বাবে পূৰ্বতে ৰাষ্ট্ৰীয় গোকুল অভিযান আৰম্ভ কৰা হৈছিল আৰু এইবাৰ সমগ্ৰ দেশৰ পশুৰ প্ৰতিপালনৰ বাবে কামধেনু আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই নতুন পদক্ষেপৰ পৰিণামস্বৰূপে পাঁচ বছৰৰ সময়ৰ ভিতৰত গাখীৰ উৎপাদনত প্ৰায় সাত শতাংশ বৃদ্ধি হৈছে৷ লগতে কৃষক, পশু-পালকৰ আয়ত ইয়াৰ জৰিয়তে প্ৰায় ১৩ শতাংশ উপাৰ্জন বৃদ্ধি হৈছে৷

আৰু মই নিজৰ এটা অভিজ্ঞতা বৰ্ণনা কৰিবলৈ ওলাইছো৷ দক্ষিণ আফ্ৰিকাত ৰুৱাণ্ডা নামৰ এখন সৰু দেশ আছে৷ মই যোৱা বছৰ তালৈ গৈছিলো আৰু ইয়াত সেই খবৰক লৈ কিছুমান লোকে ধুমুহাৰ সৃষ্টি কৰিলে যে মোদী ডাঙৰীয়াই ৰুৱাণ্ডালৈ গৈ আঢ়ৈশ গাই উপহাৰ দিলে কিন্তু দেশৰ সন্মুখত সম্পূৰ্ণ কথাটো অৱগত কৰোৱা নহ’ল৷ ৰুৱাণ্ডাৰ দৰে দেশ, আফ্ৰিকাৰ এখন দেশ, তাত এক অদ্ভুত যোজনা চলি আছে, তাৰ চৰকাৰে ৰুৱাণ্ডাৰ গাঁৱত গাই উপহাৰ দিয়ে আৰু সেই গাইৰ প্ৰথমটো পোৱালি নিয়ম হিচাপে চৰকাৰে পুনৰ ঘূৰাই লয় আৰু যাৰ ওচৰত গাই নাথাকে, সেই পোৱালিটো তেওঁক দিয়া হয় আৰু এইদৰে চক্ৰৱৎ নিয়ম চলি থাকে৷ তেওঁলোকৰ এয়াই প্ৰয়াস যে ৰুৱাণ্ডাৰ প্ৰতিখন ঘৰতে যাতে গাই, পশুপালন, দুগ্ধ উৎপাদন হওক আৰু অৰ্থনীতিৰ আধাৰ সৃষ্টি হওক৷ অতি সুন্দৰভাৱে তেওঁলোকে এই পৰিকল্পনাটো কৰিছে৷ আৰু মইও ৰুৱাণ্ডাৰ গাঁৱলৈ যোৱাৰ সুবিধা লাভ কৰিলো৷ এই যোজনাৰ উদঘাটন কৰা সুবিধা লাভ কৰিলো আৰু তাত একপ্ৰকাৰে গাঁৱলীয়া জীৱনত পশুপালন আৰু বিশেষকৈ গাইৰ গাখীৰৰ দ্বাৰা উপাৰ্জন কৰাৰ এক নেটৱৰ্ক স্থাপন কৰা হৈছে৷ মই নিজৰ চকুৰে প্ৰত্যক্ষ কৰি আহিছো৷ কিন্তু আমাৰ দেশৰ দুৰ্ভাগ্য এয়ে যে কিছুমান লোকে কাণেৰে যদি ঔম শব্দ শুনে তেন্তে তেওঁৰ গাৰ নোম থিয় হৈ যায়, গাই শব্দ শুনিলে তেওঁৰ গাৰ নোম থিয় হৈ যায় আৰু তেওঁ ভাবে যে দেশ ষোল্লশ-সোতৰশ শতাব্দীলৈ ঘূৰি গৈছে৷ এনে জ্ঞানসম্পন্ন লোকসকলে, দেশক বৰ্বাদ কৰাসকলে, বৰ্বাদৰ বাহিৰে একো কৰা নাই৷ আৰু সেইবাবে আমাৰ ভাৰতৰ গ্ৰামীণ জীৱনৰ অৰ্থব্যৱস্থাত পশুধন অধিক মূল্যবান বিবেচিত হয়৷ কোনোবাই কল্পনা কৰিব পাৰেনে যে পশুধনৰ অবিহনে অৰ্থব্যৱস্থা চলিব পাৰে, গাঁও চলিব পাৰে, গাঁৱৰ পৰিয়াল চলিব পাৰে৷ নাজানো কিয়, কিছুমান শব্দ শুনিয়েই কিছুমানক কাঁইটে বিন্ধাৰ দৰে কিয় কৰে৷

বন্ধুসকল, পশুধনক লৈ চৰকাৰ কিমান গম্ভীৰ, এই কথাৰ পৰা অনুধাৱন কৰিব পাৰি যে চৰকাৰ গঠন হোৱা হোৱাৰ এশ দিনৰ ভিতৰত যিমানবোৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰে ভিতৰত এটা পশুৰ টীকাকৰণো আছে৷ এই অভিযানক প্ৰসাৰিত কৰি ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু কৃত্ৰিম গৰ্ভধাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে৷

বন্ধুসকল, আপোনালোকে ভালদৰেই জানে যে পশুধনৰ ৰোগ হ’লে কিমান কষ্টকৰ হয়৷ আমাৰ পশুবোৰ বাৰে বাৰে ৰোগাক্ৰান্ত নহওক, পশুৰ ৰোগ নিৰাময় কৰাৰ বাবে কৃষকসকলে অযথা খৰচ কৰিবলগা নহওক, পশুপালকে খৰচ কৰিবলগা নহওক, এই চিন্তাধাৰাৰ সৈতে আজি ১৩ হাজাৰ কোটি টকাৰ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে৷ এফ এম ডি অৰ্থাৎ ভৰি আৰু মুখৰ ৰোগৰ পৰা মুক্তি, সমগ্ৰ ভাৰততে এই ৰোগৰ পৰা পশুক মুক্তি দিয়াৰ ব্যাপক অভিযান আমি আৰম্ভ কৰিছো৷

এফ এম ডি অৰ্থাৎ ভৰি আৰু মুখৰ ৰোগ অৰ্থাৎ আমাৰ উত্তৰ প্ৰদেশৰ গাঁওসমূহত ইয়াক ‘মুঁহপকা’ বুলিও কোৱা হয়৷ এই ‘মুঁহপকা’ যি ৰোগ, সেই ৰোগৰ পৰা মুক্তি পোৱাৰ দিশত এই অভিযান চলোৱা হৈছে৷ আৰু আপুনি আচৰিত হৈ পৰিব বিশ্বৰ বিভিন্ন দেশে এই অভিযান আৰম্ভ কৰি নিজৰ দেশৰ পশুবোৰক এই ৰোগৰ পৰা মুক্তি দিছে৷ বহু সৰু-সৰু দেশ, দুখীয়া দেশে এই কাম কৰিছে৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে ইমানবোৰ চৰকাৰ আহিল কিন্তু এই অভিযানৰ বাবে আমি পৰিণাম লাভ কৰিব নোৱাৰিলো৷

বিশ্বৰ দুখীয়া, সৰু দেশে যদি পশুক যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে তেন্তে শ্ৰী কৃষ্ণৰ ভূমিত কোনো পশুৱে এনে যন্ত্ৰণা লাভ কৰিব নালাগে আৰু এই ৰোগৰ পৰা মুক্তিৰ বাবে ৫১ কোটি গাই, ম’হ, ভেড়া, ছাগলী আৰু গাহৰিক বছৰত দুবাৰকৈ টীকাকৰণ কৰোৱা হ’ব৷ কেৱল এয়াই নহয়, যিবোৰ পশুৰ টীকাকৰণ কৰোৱা হ’ব সেই পশুক আধাৰ অৰ্থাৎ অনন্য সংখ্যা প্ৰদান কৰি কাণত টেগ লগোৱা হ’ব৷ পশুৰ বাবে স্বাস্থ্য কাৰ্ডো জাৰি কৰা হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, এই কাৰ্যসূচীৰ উদ্দেশ্য অত্যন্ত পৰিষ্কাৰ৷ আমাৰ পশুধন সুস্থ হৈ থাকক, পোষিত হৈ থাকক আৰু পশুৰ নতুন তথা উত্তম সঁচৰ বিকাশ হওক, এই পথত অগ্ৰসৰ হৈ আমাৰ পশুপালকসকলৰো আয় বৃদ্ধি হ’ব৷ আমাৰ সন্তানসকলেও উচিত মাত্ৰাত গাখীৰ লাভ কৰিব আৰু বিশ্বত সবাতোকৈ বৃহৎ দুগ্ধ উৎপাদকৰ দেশ হিচাপে ভাৰতৰ নামো হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, ভাৰতৰ দুগ্ধ ক্ষেত্ৰৰ প্ৰসাৰণৰ বাবে আমাক প্ৰয়োজন উদ্ভাৱনৰ, প্ৰয়োজন নতুন প্ৰযুক্তিৰ৷ এই উদ্ভাৱন আমাৰ গ্ৰামীণ সমাজৰ পৰাও আহক আৰু সেইবাৰে আজি ষ্টাৰ্ট-আপ গ্ৰেণ্ড চেলেঞ্জ, বিশেষকৈ মই তৰুণ প্ৰজন্মক কৈছো৷ বেংগালুৰু, হায়দৰাবাদত ষ্টাৰ্ট-আপত কাম কৰা দেশৰ প্ৰতিভাধৰ তৰুণ প্ৰজন্মকো বিশেষভাৱে কৈছো, আই আই টিত পঢ়ি থকা বিদ্যাৰ্থীসকলকো কৈছো, আহক, আজি ষ্টাৰ্ট-আপ গ্ৰেণ্ড চেলেঞ্জৰ যি শুভাৰম্ভ কৰিছো, ইয়াৰ সৈতে জড়িত হওক আৰু আমি সমাধান সন্ধান কৰিব লাগিব যে সেউজীয়া ঘাঁহৰ উচিত ব্যৱস্থা কিদৰে হ’ব, পোষক আহাৰ কিদৰে লাভ হ’ব৷ প্লাষ্টিকৰ মোলাৰ সস্তীয়া আৰু সুলভ বিকল্প কি হ’ব পাৰে৷ এনেকুৱা অনেক বিষয়ৰ সমাধান প্ৰদান কৰা ষ্টাৰ্ট-আপৰ সূচনা হ’ব লাগে, সূচনা কৰিব পাৰি আৰু ভাৰত চৰকাৰে আজি সেই প্ৰত্যাহ্বানক আপোনালোকৰ সন্মুখত মুকলি কৰিছে৷ আহক, নতুন নতুন চিন্তাধাৰা লৈ আহক, দেশৰ সমস্যাৰ সমাধান দেশৰ মাটিৰ পৰাই উদ্ভৱ হ’ব, এয়া মোৰ বিশ্বাস৷

মই মোৰ তৰুণ প্ৰজন্মক আশ্বস্ত কৰিছো যে তেওঁলোকৰ চিন্তাধাৰাসমূহক গুৰুতৰসহকাৰে লোৱা হ’ব, সেয়া প্ৰণয়ন কৰা হ’ব আৰু প্ৰয়োজনীয় বিনিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ দ্বাৰা কৰ্ম সংস্থাপনৰো অনেক নতুন সুবিধা বিকশিত হ’ব৷

বন্ধুসকল, মথুৰাসহিতে সমগ্ৰ ব্ৰজ ক্ষেত্ৰ হ’ল আধ্যাত্মিক আৰু আস্থাৰ স্থানকেন্দ্ৰ৷ ইয়াত ঐতিহ্য পৰ্যটনৰ অনেক সম্ভাৱনা আছে৷ মই সুখী যে যোগী ডাঙৰীয়াৰ চৰকাৰে এই দিশত সক্ৰিয়তাৰে কাম কৰি আছে৷

আজি মথুৰা, নন্দগাঁও, গোৱৰ্ধন, বৰছানাত সৌন্দৰ্যৱৰ্ধনৰ সৈতে জড়িত অনেক প্ৰকল্পৰ উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত নিৰ্মাণ হ’বলগীয়া সুবিধাসমূহে কেৱল উত্তৰ প্ৰদেশকে নহয়, সমগ্ৰ দেশৰ পৰ্যটন উদ্যোগক লাভান্বিত কৰিব৷ বিগত ৫ বছৰত পৰ্যটন খণ্ডক যিদৰে উৎসাহিত কৰা হৈছে তাৰ দ্বাৰা ভাৰতৰ মূল্যাংকনতো বহু অগ্ৰগতি হৈছে৷ কিছুদিন পূৰ্বে পৰ্যটনৰ বিশ্বজনীন মূল্যাংকনৰ ফলাফল প্ৰদৰ্শিত হৈছিল আৰু ইয়াত ভাৰতে ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ ২০১৩ চনত ভাৰত ৬৫ সংখ্যক স্থানত আছিল৷ ভাৰতৰ এই সংশোধিত মূল্যায়নে এই কথাৰ সাক্ষী প্ৰদান কৰে যে এই ক্ষেত্ৰতো কৰ্ম সংস্থাপনৰ অনেক অৱকাশৰ সৃষ্টি হ’ব পাৰে৷

বন্ধুসকল, ১১ ছেপ্টেম্বৰৰ আজিৰ দিনটো আৰু এটা বিশেষ কাৰণৰ বাবে গুৰুত্বপূৰ্ণ৷ এক শতিকা পূৰ্বে আজিৰ দিনটোতেই স্বামী বিবেকানন্দই চিকাগোত নিজৰ ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল৷ সেই ভাষণৰ জৰিয়তে সমগ্ৰ বিশ্বই হিন্দুস্তানৰ সংস্কৃতি, আমাৰ পৰম্পৰাক গভীৰভাৱে অনুধাৱন কৰিবলৈ সমৰ্থ হৈছিল৷ নিজৰ ভাষণত স্বামী বিবেকানন্দই বিশ্ব শান্তিৰ বাবে ভাৰতৰ দৰ্শন উপস্থাপন কৰিছিল৷ কিন্তু দুৰ্ভাগ্য চাওক, সেই দিনটোতেই ১১ ছেপ্টেম্বৰ তাৰিখে আমেৰিকাত বিশ্বক কঁপাই তোলা সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হ’ল৷

ভাতৃ আৰু ভগ্নীসকল, আজি সন্ত্ৰাসবাদ এনে এক বিচাৰধাৰালৈ পৰিৱৰ্তিত হৈছে যাক কোনো সীমাৰে বান্ধি ৰাখিব পৰা নাই, ই বিশ্বজনীন সমস্যালৈ পৰিৱৰ্তিত হৈছে যাৰ শক্তিশালী ভেঁটি আমাৰ ওচৰ-চুবুৰীয়াত বৃদ্ধি হ’বলৈ ধৰিছে৷ এই চিন্তাধাৰাক আগুৱাই নিয়া সকলক, সন্ত্ৰাসবাদক আশ্ৰয় আৰু প্ৰশিক্ষণ প্ৰদান কৰোতাসকলৰ বিৰুদ্ধে আজি সমগ্ৰ বিশ্বই সংকল্প গ্ৰহণ কৰাৰ প্ৰয়োজন, কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ ভাৰতে নিজৰ পৰ্যায়ত এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ধৰণে সক্ষম৷ এই আমি প্ৰদৰ্শিত কৰিছো আৰু আগলৈও কৰিম৷ অলপতে সন্ত্ৰাসবিৰোধী আইনক কঠোৰতম কৰাৰ দিশত সিদ্ধান্ত গ্ৰহণে এই প্ৰয়াস প্ৰতিফলিত কৰিছে৷ এতিয়া সংগঠনে নাম পৰিৱৰ্তন কৰি নিজৰ কাৰ্য-কলাপ লুকুৱাব নোৱাৰিব৷

ভাতৃ আৰু ভগ্নীসকল, সমস্যা লাগিলে সন্ত্ৰাসবাদৰেই হওক, প্ৰদূষণৰেই হওক, ৰোগৰেই হওক, আমি সকলোৱে একত্ৰিতভাৱে ইয়াক পৰাজিত কৰিব লাগিব৷ আহক, সংকল্পবদ্ধ হৈ আগবাঢ়ো আৰু আজি যি উদ্দেশ্যৰ সৈতে আমি ইয়াত একত্ৰিত হৈছো সেয়া লাভ কৰাৰ প্ৰয়াস কৰো৷ পুনৰবাৰ আপোনালোক সকলোকে বিকাশৰ অনেক-অনেক নতুন নতুন প্ৰকল্পৰ বাবে মোৰ তৰফৰ পৰা অশেষ অভিনন্দন জনাইছো৷ আপোনালোক সকলোকে হৃদয়েৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ মোৰ সৈতে সমগ্ৰ শক্তিৰে উচ্চাৰিত কৰক৷ দুয়োখন হাত ওপৰলৈ উঠাই উচ্চাৰিত কৰক…

ভাৰত মাতাৰ- জয়

ভাৰত মাতাৰ- জয়

ভাৰত মাতাৰ-জয়

অশেষ ধন্যবাদ….               

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.