PM Modi inaugurates the new headquarters building of the Archaeological Survey of India in New Delhi
We need to device new ways to promote civil and social involvement in preserving and promoting our historical heritage: PM
Until we feel proud of our heritage we will not be able to preserve it, says PM Modi
PM Modi says that India must take pride in the rich history of our nation

সৰ্বপ্ৰথমে মই এই সুন্দৰ আৰু আধূনিক ভৱনটোৰ বাবে সকলোকে বহুত বহুত অভিনন্দন জনাইছো। যিটো সংস্থাৰ ১৫০ বছৰ হৈ গ’ল, অৰ্থাৎ নিজেই পুৰাতত্ত্বৰ বিষয় হৈ পৰিল। সময়বোৰ কেতিয়া, কেনেকৈ পাৰ হ’ল, কি পালে, কি দিলে ইত্যাদি বহু কথা। কিন্তু এটা সংস্থাৰ বাবে ১৫০ বছৰ বহুত সময়।

মই নাজানো যে এএছআইৰ হাতত নিজৰ ১৫০ বছৰীয়া কাৰ্যকালৰ ইতিহাস আছেনে নাই। যদি নাই, তেন্তে ইও এক প্ৰত্নতাত্ত্বিক কামৰ দৰে হ’ব, আছে যদি ভাল কথা। বহুব্যক্তিয়ে ইয়াৰ দায়িত্ব পালন কৰিছিল। কি কল্পনাৰে ইয়াক আৰম্ভ কৰিছিল, কেনেদৰে ইয়াৰ সম্প্ৰসাৰিত হৈছিল, ইয়াৰ প্ৰযুক্তি কিদৰে ব্যৱহাৰ আৰম্ভ হৈছিল-এনেধৰণৰ বহু কথাই মনলৈ আহে। এএছআইৰ দ্বাৰা সম্পাদিত এই কামে সমাজত তৎকালীনভাৱে কি প্ৰভাৱ পেলাইছিল। সেইবোৰে বিশ্বক এই ক্ষেত্ৰৰ লোকসকলক কিদৰে আকৰ্ষিত কৰিছিল। আজিও বিশ্বত আমাৰ দেশৰ এই প্ৰত্নতাত্ত্বিক সামগ্ৰীবোৰ আছে, সেইবোৰৰ প্ৰতি বিশ্বৰ যি অনুমান হৈছে, তাৰ জৰিয়তে প্ৰকৃত সত্য জনাত বৃহৎ সম্বল হৈ পৰিছে। আমি জানো যে বিজ্ঞানৰ প্ৰগতিৰ সমান্তৰালভাৱে মহাকাশ প্ৰযুক্তি আহিল। মানৱ জীৱনৰ সৈতে জড়িত যিবোৰ প্ৰাচীন মান্যতা আছিল আৰু যিবোৰক লৈ অতি কঠিনভাৱে সংঘৰ্ষ চলি আছিল, সমাজৰ ইতিহাস জগতত চলি থকা দুই ধাৰাক নিঃশেষ কৰি দিয়াৰ কাম প্ৰযুক্তিয়ে কৰি আছে। সৰস্বতীৰ অস্তিত্ব স্বীকাৰ নকৰাও এটা শ্ৰেণী আছিল। কিন্তু মহাকাশ প্ৰযুক্তিয়ে পথ দেখুৱালে যে এনে নহয়। এয়া কাল্পনিক নহয়। আৰ্যসকল বাহিৰৰ পৰ আহিছিল, সেই লৈ সমগ্ৰ বিশ্বতে বিবাদ হৈছিল। একাংশ লোকে এই বিষয়বোৰক লৈ বহি আছে যে এইটো বৃহৎ শ্ৰেণী, কিন্তু প্ৰযুক্তিৰ সহায়ত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰত কাম হ’ল, তেতিয়া এক বহুক ডাঙৰ শ্ৰেণী সৃষ্টি হ’ল, যি এক নতুন চৰ্চা লৈ আহিল।

মই বুজি পাওঁ যে এই পুৰণি শিলালিপি অথবা প্ৰাচীন সামগ্ৰী, শিলাখণ্ড, এইবোৰ নিৰ্জীৱ পৃথিৱী নহয়, ইয়াৰ প্ৰতিটো শিলে কথা কয়। প্ৰত্নতত্ত্বৰে জড়িত প্ৰতি টুকুৰা কাগজৰ নিজা এক কাহিনী আছে। প্ৰত্নতাত্ত্বিক ক্ষেত্ৰৰ প্ৰতিটো সামগ্ৰীতে মানুহৰ পুৰুষাৰ্থ, পৰাক্ৰম আৰু সপোনৰ এক বিৰাট শিলালিপি অন্তৰ্নিহিত হৈ থাকে আৰু সেইবাৰে প্ৰত্নতাত্ত্বিক ক্ষেত্ৰত কাম কৰা লোকসকলে এনেকুৱা মৰুভূমিতো কাম আৰম্ভ কৰে। কেইবাবছৰলৈকে বিশ্বই ইয়াৰ প্ৰতি ধ্যান নিদিয়ে। যেনেকৈ এগৰাকী বিজ্ঞানীয়ে কোনো এটা বিষয় লৈ গৱেষণাগাৰত নিমজ্জিত হৈ থাকে। যেতিয়া বিশ্বৰ সন্মুখলৈ আহে, তেতিয়া চমৎকাৰ ৰূপত পৰিলক্ষিত হয়। প্ৰত্নতাত্ত্বিক ক্ষেত্ৰত কাম কৰা লোকসকলে নিজকে ঘন জংঘল, পাহাৰ, শিলৰ মাজত নিজক হেৰুৱাই দিয়ে, ১০-২০ বছৰলৈকে ইয়াৰ সৈতে লাগি থাকে, কোনো ঠিকনা নাথাকে আৰু কেতিয়াবা হঠাৎ নতুন বিষয়ক লৈ গৱেষণা পত্ৰ লৈ আহে, তেতিয়াহে সকলোৰে দৃষ্টি পৰে। চণ্ডীগড়ৰ সমীপত এটা সৰু টিলা আছিল, সকলোৰে বাবে সেইটো টিলা আছিল, কিন্তু ফ্ৰান্সৰ একাংশ লোক আৰু ইয়াৰ একাংশ লোকৰ সৈতে জীৱ বিজ্ঞান জনা পুৰাতত্ত্বৰ লোক গ’ল, তেওঁলোকে অনুসন্ধান কৰি বিশ্বৰ আটাইতকৈ পুৰণি, লাখ লাখ বছৰ পুৰণি জীৱ জীৱাশ্ম খান্দি উলিয়ালে।ফ্রান্সৰ ৰাষ্ট্রপতি ভাৰত ভ্ৰমণৰ বাবে আহি মোক অনুৰোধ কৰে যে তেওঁলোকৰ দেশৰ বিজ্ঞানীসকলে তাত কেনেকুৱা কাম কৰিছে, তা তেওঁ গৈ চাব বিচাৰে। মই তেওঁক তালৈ লৈ গ’লো।

প্রত্নতত্ত্ববিদসকলে আমাৰ বহু প্রচলিত ধাৰণা সলনি কৰিব পাৰে। ইতিহাসক প্ৰত্যাহ্বান জনোৱাৰ সামর্থ্য তেওঁলোকে শিলৰ পৰা বিচাৰি পায়। আৰম্ভণিতে হয়তো বহুতে মানি ল’ব নিবিচাৰে, আৰু আমাৰ দেশততো এনেধৰণৰ একাংশ লোক আছে, যি সদায় এনে তথ্য মানি নোলোৱাৰ অভ্যাস আছেই! কিন্তু তেওঁলোকে যেতিয়া মানি ল’বলৈ বাধ্য হয়, তেতিয়ালৈ ইয়াৰ মূল্য বহু পৰিমাণে কমি যায়।

বিশ্বত যিসকলৰ ওচৰত একো নাই, তেওঁলোকে যি আছে, তাকে সাৱত মাৰি ধৰি ৰাখিব বিচাৰে। মই এবাৰ আমেৰিকাত চৰকাৰী আমন্ত্রণক্ৰমে দেশৰ প্রতিনিধি দলৰ সদস্য হিচাপে গৈছিলো, ভ্ৰমণসূচী ঠিক কৰাৰ আগতে মই এখন প্ৰপত্ৰ ভর্তি কৰিছিলো, তাত সুধিছিল যে ক’লৈ ক’লৈ যাব বিচাৰে, কি জানিব বিচাৰে, কি চাব বিচাৰে? মই লিখিছিলো যে এখন সৰু গাঁৱৰ হাস্পিটেল আৰু এখন বিদ্যালয় চাব বিচাৰো। লগতে লিখিছিলো, আপোনালোকৰ দেশৰ আটাইতকৈ পুৰণি সামগ্ৰী, যাক লৈ আপোনালোকে গৌৰৱ কৰে, সেইবোৰ চাব বিচাৰো। হাস্পিটেল আৰু বিদ্যালয় চোৱাৰ পাছত তেওঁলোকে আমাক সম্ভৱত পেনছিলভেনিয়ালৈ লৈ গৈছিল। তাত এটি ডাঙৰ শিলাখণ্ড দেখি তেওঁলোকে অতি গৌৰৱেৰে কৈছিল যে এইটো ৪০০ বছৰ আগৰ। তেওঁলোকৰ বাবে এটা অতি পুৰণি আৰু গৌৰৱৰ বিষয়। কিন্তু আমাৰ দেশত ২-৫ হাজাৰ বছৰ পুৰণি প্রত্নতাত্ত্বিক নিদর্শন আছে। ইমানেই বেছি আছে যে এইবোৰে কোনো গুৰুত্ব পোৱা নাই।

দেশ স্বাধীন হোৱাৰ পাছত এই ধৰণৰ মনোভাৱ পৰা বাহিৰলৈ অহা উচিৎ আছিল, কিন্তু দুর্ভাগ্যজনকভাবে এই ধৰণৰ দাসত্বসুলভ ভাৱনাই ভাৰতক পীষ্ট কৰি আহিছে। যিমান দিনলৈকে আমাৰ ঐতিহ্যক লৈ গৌৰৱ অনুভৱ নহয়, তেতিয়ালৈকে ইয়াৰ সাক্ষ্যসমূহ চম্ভালি ৰখা আৰু সজাই ৰখাৰ মানসিকতা গঢ়ি নুঠে। গৌৰৱ কৰিয়েই মানুহে কিছুমান বস্তু সজাই-পৰাই ৰাখে। আমাৰ সৌভাগ্য যি গাঁৱত জন্মগ্রহণ কৰিছো তাৰ এটা ইতিহাস আছে। মানৱ সভ্যতা শতিকাৰ পাছত শতিকা জুৰি নিৰন্তৰ বিকশিত হৈ আহিছে। প্রখ্যাত চীনা পর্যটক হিউ এন ছাঙৰ ভাৰত ভ্ৰমণৰ বর্ণনা অনুযায়ী আমাৰ গাঁৱত বৌদ্ধসকলৰ এখন ডাঙৰ বিশ্ববিদ্যালয় আছিল। আমাৰ গাঁৱৰ স্কুলত এজন শিক্ষক আছিল, তেওঁ আমাক কৈছিল যে তোমালোকে য’তেই কোনো পাথৰত কোনোধৰণৰ খোদিত কৰাৰ কাম হৈছে, সেই পাথৰৰ টুকৰাসমূহ বিদ্যালয়লৈ লৈ আহিবা। আমাৰো অভ্যাস হৈ গৈছিল যে কোনো পাথৰত এটি বা দুটি আখৰ যেতিয়া খোদিত কৰা দেখো, তেতিয়া সেই টুকৰাটি আনি বিদ্যালয়ৰ এক নির্দিষ্ট স্থানত ৰাখিছিলো। তেতিয়া আমি বুজিব পৰা নাছিলো যে এই শিক্ষকে আমাৰ মনত কিমান সুন্দৰ সংস্কাৰ প্রোথিত কৰিছে, কিদৰে আমাক সচেতন কৰি তুলিছিল। পথৰ দাঁতিত পৰি থকা যিকোনো পাথৰৰ কিমান মূল্য হ’ব পাৰে! পাছতহে এইবোৰ বুজি পাইছো।

মোৰ স্পষ্টকৈ মনত আছে যে আমেদাবাদত ডঃ হৰিভাই গোধানি নামৰ এগৰাকী চিকিৎসক আছিল। কিন্তু বিভিন্ন কাৰণত মই তেওঁক লগ কৰিবলৈ গৈছিলো। মই শুনিছিলো যে তেওঁ এগৰাকী ছৌখিন প্রত্নতাত্ত্বিক। পাহাৰত আৰু অৰণ্যত প্রত্বতাত্ত্বিক নিদর্শন সংগ্রহ কৰিবলৈ তেওঁ ২০খন ফিয়েট গাড়ী নষ্ট কৰিলে। তেতিয়া তেওঁৰ ওচৰলৈ গৈ শুনিলো যে প্রত্যেক শনি আৰু ৰবিবাৰে তেওঁ জংঘলৰ মাজত এটি শিলাময় এলাকালৈ যায়। সেই বন্ধুৰ পথত চলিবলৈ গৈ এবছৰৰ ভিতৰত তেওঁৰ গাড়ী নষ্ট হৈ যায়। এগৰাকী সাধাৰণ মানুহৰ কিমান ডাঙৰ নিছা ভাৱকছোন! আৰু তেওঁৰ প্রত্নতাত্ত্বিক সংগ্রহো আছিল অসাধাৰণ। তেওঁ আমাক কেইবাখনো স্লাইড দেখুৱালে। মোৰ বয়স কম আছিল, কিন্তু অনুসন্ধিৎসু সীমাহীন আছিল। তেওঁ মোক এটি খোদিত কৰা পাথৰ দেখুৱালে, য’ত এৰগাকী গর্ভৱতী মহিলাৰ শাৰীৰিক আকৃতি খোদিত কৰা আছিল। তেওঁ কৈছিল যে সেই পুৰাকীর্তিটো অতি কমেও ৮০০ বছৰৰ পুৰণি। ইয়াত এগৰাকী গর্ভৱতী মহিলাক শল্য চিকিৎসাৰ সুবিধাৰ বাবে এফালৰ পৰা পেটৰ ভিতৰৰ দৃশ্যও খোদিত কৰা আছিল। এনেকুৱা চামড়াৰ কেইবাটাও স্তৰ থাকে, সেয়াও পুংখানুপুংখভাবে খোদিত কৰা আছিল। গর্ভত শিশুটি কিদৰে শুই থাকে, তাৰো সুন্দৰভাৱে খোদিত কৰা আছিল।

মোক কোনোবাই কৈছিল যে আধুনিক চিকিৎসা বিজ্ঞান মাত্র কেইটামান বছৰৰ পুৰণি। তেতিয়াহ’লে আমাৰ ভাস্কৰ্য শিল্পীসকলে ৮০০ বছৰ পুৰণি শিল্পকৃতীত ইমান পুংখানুপুংখ ভাস্কৰ্য কি কাৰণে কৰিছিল। আধুনিক চিকিৎসা শাস্ত্রৰ জ্ঞানৰ লগতে সেই খোদিত পুৰাকীর্তিৰ বিৱৰণ প্রায় হুবহু সাদৃশ্য পৰিলক্ষিত হয়।

অর্থাৎ আমাৰ ঐতিহ্য কিমান পুৰণি, আমাৰ বিজ্ঞান কিমান প্রাচীন, তাৰ সাক্ষ্য বহন কৰে সেই পুৰাকীর্তিসমূহে। যিসকল এই বিষয়ত আগ্রহী, তেওঁলোকে হয়তো এইটো অনুভৱ কৰে। সমগ্ৰ পৃথিৱীৰ পুৰাতাত্ত্বিক নিদর্শনসমূহ জনতাৰ অংশীদাৰিত্বৰ মাধ্যমেহে সংৰক্ষিত হয়। বিশ্বৰ যে কোনো সৌধ চালে দেখিব যে অৱসৰপ্রাপ্ত কর্মচাৰীসকলে তাত স্বেচ্ছাসেৱক হৈ ইউনিফর্ম পিন্ধি গাইডৰ কাম কৰিছে। আমাৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ ক্লাবসমূহে এই ধৰণৰ দায়িত্ব গ্রহণ কৰিব পাৰে। আপোনালোকে সেইভাৱ লৈ এই ধৰণৰ কাম কৰিলেহে ভৱিষ্যৎ প্রজন্মক নিজৰ ঐতিহ্য লগতে ঐতিহ্যৰ সংৰক্ষণ সম্পর্কে সচেতন কৰিব পাৰিব। চৰকাৰী কর্মচাৰীসকলেতো তেওঁলোকৰ দায়িত্ব পালন কৰিছে। কোনো এজন লোক যিমানেই ভাল চকীদাৰক নহওঁক লাগিলে তেওঁ অকলে বাগিছাখন ভালকৈ ৰাখিব নোৱাৰে। কিন্তু তালৈ অহা দর্শনার্থীসকলে যদি সিদ্ধান্ত লয় যে আমি বাগিছাখনৰ এটাই গছৰ পাত সৰিবলৈ নিদিও, তেতিয়া বাগিছাখনৰ শতিকাৰ শতিকাজুৰি অক্ষত অৱস্থাত থাকিব। গণ অংশীদাৰিত্বৰ শক্তি এয়াই। সেইবাবে আমাৰ সমাজ জীৱনত এই স্বভাৱসমূহ গঢ়ি তোলা আৰু এই ধৰণৰ সেৱা প্রদানৰ বাবে সকলোকে আমন্ত্রণ জনাই, তেতিয়াহ’লে বহুত ডাঙৰ কাম হ’ব।

আমাৰ দেশৰ ব্যক্তিগত খণ্ডৰ বিষয়াসকলকো অনুৰোধ জনাও যে মাহত ১০-১৫ ঘন্টা স্বেচ্ছাসেৱকৰ কাম কৰক। লাহে লাহে মূল্যবোধৰ সমাজ জীৱন অতিবাহিত হৈ যাব। এই ৰক্ষণাবেক্ষণৰ কামত পর্যটন বিভাগ আৰু সংস্কৃতি বিভাগকো জড়িত কৰিব পাৰে, কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ অন্যান্য বিভাগো জড়িত হ’ব পাৰে।

ধৰি লওঁক, দেশৰ ১০০খন চহৰ ঐতিহ্যৰ দৃষ্টিকোণৰ পৰা অতি মূল্যবান। সেইবোৰ পর্যটকৰো আকর্ষণৰ থলী। সেই চহৰৰ শিশুসকলৰ পাঠ্যক্রমত সেই চহৰৰ ইতিহাস আৰু প্রত্নতাত্ত্বিক গুৰুত্ব সম্বন্ধ পঢ়ুওৱা হওঁক। আগ্রাৰ শিশুসকলৰ পাঠ্যক্রমত তাজমহল সম্বন্ধে বিস্তৃত বিৱৰণ থাকিলে পৰৱর্তীসময়ত তেওঁলোকে পর্যটন উপযোগী নাগৰিক হৈ উঠিব। তদুপৰি, প্রাতিষ্ঠানগতভাৱে আৰু চহৰসমূহক লৈ পঢ়া-শুনাৰ বাবে অনলাইন চার্টিফিকেট কর্চ আৰম্ভ কৰিব পাৰে। যিসকলে এইবোৰক লৈ পঢ়া-শুনা কৰিব, তেওঁলোকে ভৱিষ্যতে উন্নতমানৰ পর্যটক গাইড হৈ উঠিব।

মই এবাৰ টিভি চেনেলৰ স্বত্ত্বাধিকাৰীসকলৰ সৈতে কথা পাতিছিলো। তেতিয়া মই প্রধানমন্ত্রী নাছিলো। মই তেওঁলোকক অনুৰোধ কৰিছিলো যে আপোনালোকে শিশু আৰু কিশোৰসকলৰ বাবে সংগীত, নৃত্য, অভিনয় আৰু অন্যান্য সাংস্কৃতিক প্ৰতিভা অন্বেষণৰ ব্যৱস্থা কৰিব পাৰে। প্রতিযোগিতা চলাসময়ত সেই বিষয়সমূহৰ শ্রেষ্ঠ বিশেষজ্ঞসকলক নির্বাচিত শিশু-কিশোৰসকলক উন্নতমানৰ প্রশিক্ষণৰ জৰিয়তে প্রতিযোগিতাৰ বাবে প্ৰস্তুত কৰিব পাৰে। একেদৰে পৰ্যটকৰ গাইডৰ পোছাক পিন্ধি কিদৰে বিভিন্ন পর্যটন স্থানৰ প্রতি দেশী-বিদেশী পর্যটকক আকর্ষণ কৰি পৰা যায়, সেই বিষয়েও শিশু-কিশোৰসকলক প্রশিক্ষণ আৰু প্রতিযোগিতাৰ আয়োজন কৰাৰ কথা কৈছিলো।

ঐতিহাসিক গুৰুত্ব থাকিলে যিকোনো অঞ্চলে পর্যটকক আকর্ষিত কৰে, সেই ইতিহাস পর্যটকসকলে কোৱাৰ দৰে লোকসকলে প্ৰত্যক্ষ কৰে। মই এবাৰ কচ্ছৰ ঊষৰ ভূমিক মৰু পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰ প্ৰত্যাহ্বান লৈছিলো। সেইবাবে প্রথমে শিশু-কিশোৰসকলৰ গাইডৰ প্রশিক্ষণৰ সমান্তৰালভাৱে কচ্ছৰ ৰানৰ পৰা নিমখ উৎপাদনৰ পদ্ধতি শিকা আৰম্ভ কৰা হয়। আপোনালোকে শুনিলে আচৰিত হ’ব যে অষ্টম-নৱম শ্রেণীৰ একাংশ ল’ৰা-ছোৱালীয়ে ঊষৰ ভূমিৰ নিমখৰ গুৰুত্ব আৰু তাৰ উৎপাদন প্রক্রিয়াৰ সমান্তৰালভাৱে ইয়াৰ ইতিহাস আৰু ব্রিটিছৰ ভূমিকা ইমান সুন্দৰকৈ বুজাই থাকে যে পর্যটকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পায়। সেই ল’ৰা-ছোৱালীসকল সকলোৱেই এতিয়া পর্যটন ভিত্তিক কর্মসংস্থাপন লাভ কৰিছে। প্রযুক্তিৰ দ্রুত পৰিৱৰ্তন হৈছে। মহাকাশ প্রযুক্তিৰ জৰিয়তে হাজাৰ মাইল ওপৰৰ পৰা দিল্লীৰ কোনটো গলিত ক’ত কোনখন স্কুটাৰ পার্ক কৰা হৈছে, তাৰ নম্বৰ প্লেটৰ ছবি ল’ব পৰা যায়। আৰু আমাৰ স্মৃতিসৌধসমূহৰ বোর্ডত লিখা আছে–ছবি তোলা নিষেধ। সময়ৰ পৰিৱর্তনৰ লগে লগে আমাৰ দৃষ্টিভংগীও সলনি কৰিব লাগিব।

মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, নির্মীয়মান সর্দাৰ সৰোবৰ বান্ধ চাবলৈ বহু লোক অহা দেখিছিলো। কিন্তু তেওঁলোকে ছবি তোলাত নিষেধ কৰাত মনত কষ্ট লৈ ঘুৰি গৈছিল। পর্যটকসকলৰ বাবে মই সেইকথা শুনি নিষেধাজ্ঞা উঠাই ল’বলৈ আদেশ দিলো। মই ক’লো যে আপোনালোকে ছবি তুলি ৱেবছাইটত আপলোড কৰিব পাৰে। শ্রেষ্ঠ ছবিখনক পুৰস্কৃত কৰা হ’ব। পৰৱর্তী সময়ত এই ছবিৰ তোলাৰ জনপ্রিয়তা বৃদ্ধি পালে আৰু আমি বান্ধ চাবলৈ অহা লোকৰ বাবে টিকিটৰ ব্যৱস্থা কৰিলো আৰু ঘোষণা কৰিলো যে সেই টিকিটৰ পঞ্জীয়ন নম্বৰ অনুযায়ী ৫ লাখ নম্বৰৰ যাত্রীগৰাকীক সন্মানীত কৰা হ’ব। কিছুদিনৰ ভিতৰতে সেই সন্মান প্ৰদান কৰিবলৈ গৈ দেখি আচৰিত হ’লো, কাশ্মীৰৰ বাৰামুল্লা জিলাৰ এক দম্পতিয়ে আমাৰ পৰা পুৰস্কাৰ নিবলৈ আহিছে। তাতো আমি স্কুলৰ ল’ৰা-ছোৱালীসকলৰ গাইডৰ প্রশিক্ষণ দিয়াৰ কাম কৰিছিলো। বান্ধ নির্মাণ কেতিয়াবাৰে পৰা আৰম্ভ হৈছে, ইয়াৰ সপক্ষে আৰু বিপক্ষে কি ধৰণৰ আন্দোলন হৈছে, কিমান টন চিমেণ্ট, বালি, লোহা প্ৰয়োজন হৈছে, কিমান পৰিমাণৰ পানী জমা হয়, কিদৰে এৰা হয়, বিশেষকৈ সেই অঞ্চলৰ জনজাতি পৰিয়ালৰ শিশু-কিশোৰসকলক এইবোৰৰ বিষয়ে প্রশিক্ষণক লৈ এক সফল গাইড হিচাপে কাম কৰিছে। এইদৰেই দেশৰ ১০০খন চহৰত শিশু-কিশোৰসকলক প্রশিক্ষণ দি আমি পর্যটন অনুকূল পৰিৱেশ গঢ়ি তোলাৰ সমান্তৰালভাৱে এক বৃহৎ সংখ্যক লোকৰ কর্মসংস্থাপনৰ ব্যৱস্থা কৰিব পাৰি। আমাৰ হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ঐতিহ্যৰ ইতিহাস নবীন প্রজন্মৰ নখদর্পণত থাকিলে তেওঁলোক কেতিয়াও বিপথে পৰিচালিত নহয়। আমাৰ পূর্বজসকলে যি দি থৈ গৈছে, বিশ্ববাসীয়ে কেৱল গৌৰৱেৰে সেইবোৰ চাব পাৰিলেই দেশৰ নবীন প্রজন্মক আৰু একো কৰিব লগা নহয়। ভাৰতৰ পর্যটন উদ্যোগৰ সম্ভাৱনা ইমানেই। আমি এনে সন্তান নহয় যে পূর্বজসকলৰ ঐতিহ্য আৰু পৰাক্রমক পাহৰি যাম। এইবোৰ ৰক্ষা কৰাটো আমাৰ দায়িত্ব। সেই সংৰক্ষণক আমি যাতে মূল্য সংযোজনৰ জৰিয়তে কর্মসংস্থাপলৈ সলনি কৰিব পাৰো, আত্মবিশ্বাসেৰে আগুৱাই যাব পাৰো–ভাৰতীয় প্রত্নতত্ত্ব বিভাগৰ নতুন ভৱনটিৰ উদ্বোধনত এনে নতুন ভাৱনাই প্রজ্জ্বলিত হওক। আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.