Our government has made water conservation one of its topmost priorities and we are working tirelessly to ensure water supply to every household: PM Modi
The projects launched and inaugurated in Jharkhand today reflect on our strong commitment towards development of this country: PM Modi
The entire nation witnessed our strong resolve in fighting terrorism when we strengthened our anti-terrorist laws within 100 days of this government: PM Modi

ভাৰত মাতাৰ- জয়,

ভাৰত মাতাৰ- জয়,

ভাৰত মাতাৰ- জয়

মঞ্চত উপৱিষ্ট সমূহ মহানুভৱ আৰু দুৰ-দুৰণিৰ পৰা অহা তথা দুৰ-দুৰণিলৈ থিয় দি থকা মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল৷
নতুন চৰকাৰ গঠন হোৱাৰ পিছত যিসমূহ ৰাজ্যলৈ মই প্ৰথমে যোৱাৰ সুবিধা লাভ কৰিছো তাৰে ভিতৰত ঝাৰখণ্ডও অন্যতম৷ এই প্ৰভাত ময়দান, প্ৰভাত তাৰা ময়দান, ৰাতিপুৱাৰ সময় আৰু আমি সকলোৱে ইয়াত যোগাভ্যাস কৰি আছিলো আৰু বৃষ্টিয়েও আমাক আশীৰ্বাদ দি আছিল৷ আজি পুনৰবাৰ ইয়ালৈ আহি মোৰ পুৰণি স্মৃতি জাগি উঠিছে৷ এই ময়দানৰ পৰাই যোৱা ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত যোজনাৰ সূচনা হৈছিল৷

বন্ধুসকল, আজি ঝাৰখণ্ডৰ পৰিচয়ত আৰু এটা কথা সংযোজিত কৰাৰ সৌভাগ্য মই লাভ কৰিছো৷ ভাতৃ আৰু ভগ্নীসকল, আপোনালোকৰ ঝাৰখণ্ডৰ নতুন পৰিচয় এয়াই যে ঝাৰখণ্ডই একমাত্ৰ ৰাজ্য য’ৰ পৰা দুখীয়া আৰু জনজাতীয় সম্প্ৰদায়সমূহৰ কল্যাণৰ বৃহৎ আঁচনিসমূহ মুকলি হয়৷ অৰ্থাৎ যেতিয়াই দেশত এই বিষয়ে চৰ্চা হ’ব যে দুখীয়াৰ সৈতে জড়িত বৃহৎ যোজনাসমূহ কোন ৰাজ্যৰ পৰা আৰম্ভ হয় তেতিয়াই ঝাৰখণ্ডৰ নাম প্ৰথমে উচ্চাৰিত হ’ব৷ এই ঝাৰখণ্ডৰ পৰাই বিশ্বৰ সবাতোকৈ বৃহৎ স্বাস্থ্য নিশ্চিতি আঁচনি আয়ুষ্মান ভাৰতৰ আৰম্ভণি হৈছিল আৰু আজি দেশৰ লক্ষাধিক লোক, যিসকলে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে তেওঁলোকৰ চিকিৎসা সম্ভৱ হৈছে, তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিছে৷ সেই আশীৰ্বাদ ঝাৰখণ্ডেও লাভ কৰিছে৷

আজি সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ পেঞ্চন সুনিশ্চিত কৰা প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাৰ আৰম্ভণিও ঝাৰখণ্ডৰ বিৰছা মুণ্ডাৰ ভূমিৰ পৰাই আৰম্ভ হৈছে৷ এয়াই নহয় দেশৰ কোটি কোটি ব্যৱসায়ী আৰু স্বৰোজগাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন যোজনাৰো আৰম্ভণি ঝাৰখণ্ডৰ পৰাই হৈছে৷ মই এই মহান ভূমিৰ পৰা সমগ্ৰ দেশৰ কৃষক আৰু ব্যৱসায়ীসকললৈ অশেষ অভিনন্দন জনাইছো৷

অৰ্থাৎ আমি প্ৰথমে দেশৰ অসংগঠিত শ্ৰমিকসকলক পেঞ্চনৰ সুবিধা প্ৰদান কৰিলো, ইয়াৰ পিছত কৃষকসকলৰ বাবে পেঞ্চন যোজনা আৰু ইয়াৰ পিছত ব্যৱসায়ী তথা স্বৰোজগাৰীসকলৰ বাবে পেঞ্চন যোজনা, এক প্ৰকাৰে দেশ গঠন কৰাত যিয়ে বৃহৎ ভূমিকা পালন কৰিছে সেই লোকসকলে যাতে বৃদ্ধ বয়সত সমস্যাত পৰিবলগীয়া নহয় তাৰ গেৰাণ্টী এই পেঞ্চন আঁচনিয়ে লৈ আনিছে৷

বন্ধুসকল, আজি মই চাহিবগঞ্জ মাল্টি-মডেল টাৰ্মিনেল উদঘাটন কৰাৰ সৌভাগ্য লাভ কৰিছো আৰু আমাৰ মন্ত্ৰী শ্ৰীমান মনসুখ মাণ্ডৱিয়াও তাত বহি আছে৷ সন্থাল পৰগণাৰ বহু লোকে আজি এই গুৰুত্বপূৰ্ণ অৱকাশৰ মহাসাক্ষী হৈছে৷ আৰু এই প্ৰকল্পই কেৱল ঝাৰখণ্ডকেই নহয়, ই ভাৰতকো তথা বিশ্বতো ঝাৰখণ্ডক এক নতুন পৰিচয় প্ৰদান কৰিব৷ এয়া কেৱল এটা প্ৰকল্প নহয়, বৰঞ্চ এই সমূহ ক্ষেত্ৰৰ পৰিবহণ এক নতুন বিকল্প হিচাপে বিবেচিত হ’ব৷

এই টাৰ্মিনেল ‘নেচনেল ৱাটাৰ ৱে’ ৱান’ হালদিয়া বাৰাণসী জল পথ বিকাশ পৰিযোজনাৰ এক গুৰুত্বপূৰ্ণ অংশ৷ এই জল পথে ঝাৰখণ্ডক কেৱল দেশৰ সৈতেই নহয় বিদেশৰ সৈতেও জড়িত কৰিব৷ ইয়াৰ জৰিয়তে ঝাৰখণ্ডবাসীৰ বিকাশৰ অপাৰ সম্ভাৱনা মুকলি হ’ব৷ এই টাৰ্মিনেলেৰে ইয়াৰ আদিবাসী ভাই-ভনীসকলক, ইয়াৰ কৃষকসকলক নিজৰ উৎপাদন এতিয়া সমগ্ৰ দেশৰ বজাৰলৈ সহজে প্ৰেৰণ কৰাৰ সুবিধা হ’ব৷ সেইদৰে জলপথৰ ফলত উত্তৰ ভাৰতৰ সৈতে ঝাৰখণ্ডৰ সৈতে পূৰ্বোত্তৰ, উত্তৰ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মিজোৰাম, মেঘালয় এইসমূহ ৰাজ্যলৈ প্ৰেৰণ কৰাটো সহজ হৈ পৰিব৷ এই টাৰ্মিনেলে নিয়োজনক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব৷ প্ৰগতিৰ দৃষ্টিৰে অথবা পৰিবেশৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰিলে এই জল পথ অতিশয় লাভদায়ক হিচাপে বিবেচিত হ’ব আৰু পথৰ তুলনাত ইয়াত ব্যয় অতিশয় কম হ’ব৷ ইয়াৰ লাভো প্ৰতিজন উৎপাদকে, প্ৰতিজন ব্যৱসায়ীয়ে, প্ৰতিজন ক্ৰেতাই লাভ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল, নিৰ্বাচনৰ সময়ত মই আপোনালোকক কামদাৰ আৰু দমদাৰ (সাহসিক) চৰকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলো৷ এনেকুৱা এক চৰকাৰ যি পূৰ্বতকৈও অধিক গতিৰে কাম কৰিব৷ এনে এক চৰকাৰ যি আপোনালোকৰ আকাংক্ষা পূৰণত সমগ্ৰ শক্তি ব্যয় কৰিব৷ বিগত এশটা দিনত দেশে ইয়াৰ ট্ৰেইলাৰ দেখিলে, এতিয়া চলচ্চিত্ৰ বাকী আছে৷
আমাৰ সংকল্প হ’ল, প্ৰতিখন ঘৰলৈ পানীৰ যোগান ধৰা, আজি দেশে জল জীৱন অভিযান সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ আমাৰ সংকল্প হ’ল মুছলিম ভনীসকলৰ অধিকাৰৰ ৰক্ষা কৰা, এশ দিনৰ ভিতৰতেই তিনি তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি দিয়া হৈছে৷

আমাৰ সংকল্প হ’ল সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰা৷ প্ৰথম এশ দিনতেই সন্ত্ৰাসবাদ বিৰোধী আইনক অধিক শক্তিশালী কৰি তোলা হৈছে৷

আমাৰ সংকল্প হ’ল জম্মু-কাশ্মীৰ আৰু লাডাখক বিকাশৰ নতুন উচ্চতা প্ৰদান কৰা৷ এশ দিনৰ ভিতৰতেই ইয়াৰ আৰম্ভণি আমি কৰিছো৷

আমাৰ সংকল্প হ’ল জনতাক লুটি-পুতি খোৱাসকলক তেওঁলোকৰ প্ৰকৃত স্থান প্ৰদান কৰা৷ আৰু এই কামো অধিক ক্ষীপ্ৰতাৰে হ’বলৈ ধৰিছে৷ আৰু কিছুমান লোক কাৰাগাৰালৈ গৈছেই৷

ভাতৃ আৰু ভগ্নীসকল, মই কৈছিলো যে নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ লাভ দেশৰ প্ৰতিঘৰ কৃষক পৰিয়ালে লাভ কৰিব৷ এই প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে আৰু এতিয়া অধিক সংখ্যক কৃষকক এই আঁচনিৰ সৈতে সংবদ্ধ কৰোৱা হৈছে৷

আজি দেশৰ প্ৰায় চাৰে ছয় কোটি কৃষক পৰিয়ালৰ একাউণ্টত ২১ হাজাৰ কোটিতকৈও অধিক টকা জমা হৈছে৷ ইয়াত সন্তোষৰ কথা এয়াই যে এই সকলো যোজনাত মোৰ ঝাৰখণ্ডৰ ৮ লাখ কৃষক পৰিয়ালো ইয়াৰ হিতাধিকাৰী হৈছে, তেওঁলোকৰ একাউণ্টত প্ৰায় আঢ়ৈশ কোটি টকা জমা হৈছে৷ ইয়াত কোনো মধ্যভোগী নাই, কোনো ধৰণৰ অনুনয়-বিনয়ৰ প্ৰয়োজন নাই, বঙালীত কোৱাৰ দৰে পইচা পালে কাট্ দিব লাগিব, এনেকুৱা একো হোৱা নাই- টকা প্ৰত্যক্ষভাৱে কৃষকৰ একাউণ্টত সোমাইছে৷

ভাতৃ আৰু ভগ্নীসকল, আজিৰ দিনটো ঝাৰখণ্ডৰ বাবে এক ঐতিহাসিক দিন৷ আজি ইয়াত ঝাৰখণ্ডৰ বিধানসভাৰ নতুন ভৱনৰ লোকাৰ্পণ আৰু সচিবালয়ৰ নতুন ভৱনৰ আধাৰশিলাও স্থাপন কৰা হৈছে৷ ৰাজ্য গঠন হোৱাৰ প্ৰায় দুই দশকৰ পিছত আজি ঝাৰখণ্ডত গণতন্ত্ৰ মন্দিৰৰ লোকাৰ্পণ হৈছে৷ এই ভৱন কেৱল এক অট্টালিকা নহয়, চাৰিখন দেৱাল নহয়, এই ভৱন এনে এক পবিত্ৰ স্থান য’ত ঝাৰখণ্ডৰ জনতাৰ সোণালী ভৱিষ্যতৰ ভেঁটি গঢ়া হ’ব৷ এই ভৱন গণতন্ত্ৰত আস্থা ৰাখোতা প্ৰত্যেক নাগৰিকৰ বাবে এক তীৰ্থস্থান স্বৰূপ৷ গণতন্ত্ৰৰ এই মন্দিৰৰ মাধ্যমৰ জৰিয়তে ঝাৰখণ্ডৰ বৰ্তমান আৰু অনাগত প্ৰজন্মৰ সপোন বাস্তৱায়িত হ’ব৷ মই বিচাৰিম যে ঝাৰখণ্ডৰ ওজস্বী, তেজস্বী আৰু প্ৰতিভাৱান যুৱকসকলে এই নতুন বিধানসভা ভৱন চাবলৈ নিশ্চয়কৈ আহক৷ যেতিয়াই সুবিধা পায়, চাৰি মাহৰ পিছত, ছমাহৰ পিছত, বছৰৰ পিছত, যাব লাগে আমিবোৰে৷

বন্ধুসকল, আপোনালোকে এইবাৰৰ সংসদৰ বৈঠকক লৈ বহু কথা শুনিছে, দেখিছে৷ যিদৰে নতুন চৰকাৰ গঠন হোৱাৰ পিছত, নতুন সংসদ হোৱাৰ পিছত আমাৰ লোকসভা আৰু ৰাজ্যসভা পৰিচালিত হৈছে সেয়া প্ৰত্যক্ষ কৰি হিন্দুস্তানৰ প্ৰত্যেক নাগৰিকৰ মুখত হাঁহি বিয়পি পৰিছে, আনন্দ হৈছে৷ এয়া এইবাবেই হৈছে কাৰণ এইবাৰ সংসদৰ বৰ্ষাকালীন বৈঠক স্বতন্ত্ৰ ভাৰতৰ ইতিহাসত সবাতোকৈ অধিক উৎপাদনশীল বৈঠকসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে৷ সমগ্ৰ দেশে দেখিছে যে কিদৰে বৰ্ষাকালীন বৈঠকত সংসৰ সময়ৰ সঠিক প্ৰয়োগ হৈছে৷ নিশা পৰ্যন্ত সংসদৰ কাম হৈছে৷ ঘণ্টাজুৰি বিতৰ্ক হৈছে৷ এই সময়চোৱাত অনেক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গহীন আলোচনা হৈছে আৰু দেশৰ বাবে প্ৰয়োজনীয় আইন প্ৰস্তুত কৰা হৈছে৷

বন্ধুসকল, সংসদৰ কাম-কাজৰ শ্ৰেয় সকলো সাংসদ, সকলো ৰাজনৈতিক দল আৰু তেওঁলোকৰ সকলো নেতালৈ যায়৷ মোৰ তৰফৰ পৰা সকলো সাংসদলৈ, দেশবাসীলৈ অভিনন্দন থাকিল৷

বন্ধুসকল, বিকাশ আমাৰ অগ্ৰাধিকাৰৰ বিষয় আৰু দায়িত্বও৷ আমি বিকাশৰ প্ৰতিশ্ৰুতিও দিছো আৰু সিদ্ধান্তও আমাৰ অটল৷ আজি দেশ যি দ্ৰুত গতি ধাৱমান হৈছে সেই গতিত পূৰ্বে কেতিয়াও চলা নাছিল৷ আজি দেশলৈ যিধৰণে পৰিৱৰ্তন আহিছে সেই পূৰ্বে চিন্তাও কৰিব পৰা নগৈছিল৷ যিসকলে ভাবি লৈছিল যে তেওঁলোকৰ দেশৰ আইনতকৈ ঊৰ্ধত হৈ পৰিছে, দেশৰ ন্যায়ালয়তকৈও ঊৰ্ধত উঠিছে, তেওঁলোকে আজি ন্যায়ালয়ত জামিন ভিক্ষা কৰিবলগীয়া হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, এইদৰে দ্ৰুত গতিত কাম কৰা চৰকাৰ চাবলৈ বিচাৰিছে নে, এশ দিনৰ কামত আপোনালোক সন্তুষ্ট হৈছে নে? আপোনালোক সুখী হৈছে নে? ঠিকে কাম কৰি আছো নে, উপযুক্ত দিশত অগ্ৰসৰ হৈছো নে, আপোনালোকৰ আশীৰ্বাদ আছে, আগলৈও থাকিব৷ এয়াতো আৰম্ভণি৷ পাঁচ বছৰ বাকী আছে, বহু সংকল্প বাকী আছে, বহু প্ৰয়াস বাকী আছে, বহু পৰিশ্ৰম বাকী আছে৷ এই প্ৰয়াসৰ ফলস্বৰূপে কিছুদেৰী পূৰ্বে ক্ষুদ্ৰ কৃষক, দোকানী তথা ব্যৱসায়ীসকলৰ হিতাৰ্থে এনে ঐতিহাসিক যোজনাৰ সূচনা কৰা হৈছে৷ মই ঝাৰখণ্ড সহিতে সমগ্ৰ দেশৰ ক্ষুদ্ৰ কৃষক, দোকানী, ব্যৱসায়ীসকলক আহ্বান জনাইছো যে তেওঁলোকে যাতে এই যোজনাসমূহৰ লাভ আদায় কৰে৷

ভাতৃ আৰু ভগ্নীসকল, আমাৰ চৰকাৰে প্ৰতিজন ভাৰতবাসীক সামাজিক সুৰক্ষাৰ কৱচ প্ৰদান কৰাৰ প্ৰয়াস কৰিছে৷ চৰকাৰে সাহায্যৰ প্ৰয়োজন হোৱাৰ লোকৰ কাষত থিয় দিছে৷ এই বছৰৰ মাৰ্চ মাহৰ পৰা এনেকুৱা এক পেঞ্চন যোজনা অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে প্ৰণয়ন হৈছে৷ শ্ৰমযোগী মান ধন যোজনাৰ দ্বাৰা এই পৰ্যন্ত ৩২ লাখতকৈও অধিক শ্ৰমিক জড়িত হৈছে৷

বন্ধুসকল, পাঁচ বছৰ পূৰ্বে দুখীয়াৰ বাবে জীৱন বীমা অথবা দুৰ্ঘটনা বীমা তেওঁলোকৰ কল্পনাৰো ঊৰ্ধত আছিল, তেওঁলোকৰ বাবে এয়া ডাঙৰ কথা আছিল৷ প্ৰথম কথাটো হ’ল তেওঁলোক এই বিষয়ে অজ্ঞ আছিল আৰু দ্বিতীয়তে অৱগতসকলে প্ৰিমিয়ামৰ মূল্য দেখি এশবাৰ ভাবিবলগীয়া হৈছিল৷ তেওঁলোকে ভাবিছিল যে এতিয়া চাউল-দাইলৰ কথা চিন্তা কৰো নে বুঢ়া বয়সৰ কথা চিন্তা কৰো, এই স্থিতি পৰিৱৰ্তন কৰাৰ প্ৰয়াস আমি কৰিছো৷

প্ৰধানমন্ত্ৰী জীৱন যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা দেশৰ সাধাৰণ জনতাৰ সন্মুখত প্ৰস্তুত কৰা হ’ল আৰু কেৱল ৯০ পইচা, আপুনি চিন্তা কৰিব পাৰে যে কেৱল ৯০ পইচা প্ৰতিদিন আৰু এক টকা প্ৰতি মাহত, দুয়োটা যোজনাৰ অধীনত দুই-দুই লাখ টকাৰ বীমা সুনিশ্চিত কৰা হ’ল৷ এই পৰ্যন্ত দুয়োটা যোজনাৰ সৈতে ২২ কোটিতকৈও অধিক দেশবাসী জড়িত হৈছে আৰু তাৰে ৩০ লাখতকৈও অধিক লোক মোৰ ঝাৰখণ্ডত আছে৷ কেৱল এয়াই নহয়, এই দুয়োটা যোজনাৰ মাধ্যমেৰে চাৰে তিনি হাজাৰ কোটিতকৈও অধিক দাবী জনসাধাৰণে লাভ কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল, বীমাৰ দৰে গুৰুতৰ ৰোগসমূহৰ চিকিৎসাও দুখীয়া লোকৰ বাবে প্ৰায় অসম্ভৱ আছিল৷ আমি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনা আনিলো, সেয়াও এই ঝাৰখণ্ডৰ পৰাই সূচনা হ’ল৷ ইয়াৰ অধীনত এই পৰ্যন্ত প্ৰায় ৪৪ লাখ দুখীয়া লোকে চিকিৎসাৰ সুবিধা লাভ কৰিছে য’ত ৩ লাখ লোক ঝাৰখণ্ডৰ মোৰ ভাই-ভনীও আছে৷ ইয়াৰ বাবে চিকিৎসালয়সমূহক ৭ হাজাৰ কোটি টকাতকৈও অধিক টকা প্ৰদান কৰা হৈছে৷ আয়ুষ্মান ভাৰতৰ জৰিয়তে দুখীয়াই চিকিৎসা লাভ কৰিছে আৰু ঋণগ্ৰস্ত হোৱাৰ পৰাও ৰক্ষা পৰিছে৷ এতিয়া তেওঁলোকে মহাজনৰ ওচৰলৈ গৈ বৃহৎ বৃহৎ সুতৰ বিনিময়ত চিকিৎসা কৰিবলগীয়া হোৱা নাই৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া দুখীয়াৰ জীৱনৰ চিন্তা কম হৈ পৰে, জীৱনত সংঘৰ্ষ কম হৈ পৰে তেতিয়া তেওঁ নিজকে দৰিদ্ৰতাৰ পৰা বাহিৰলৈ ওলোৱাৰ প্ৰয়াস কৰে৷ আমাৰ চৰকাৰে, সেয়া লাগিলে কেন্দ্ৰতেই হওক অথবা আমাৰ ইয়াৰ ঝাৰখণ্ডতেই হওক, দুখীয়াৰ জীৱন সৰল কৰিবলৈ, জনজাতীয় সমাজৰ, আদিবাসীৰ জীৱন সৰল কৰিবলৈ, তেওঁলোকৰ চিন্তা হ্ৰাস কৰিবলৈ সম্পূৰ্ণ ন্যায়পৰায়ণতাৰে প্ৰয়াস কৰি আছে৷

এটা সময় আছিল যেতিয়া দুখীয়াৰ শিশুসকল টীকাকৰণৰ পৰা বঞ্চিত হৈ ৰৈছিল আৰু বয়সৰ লগে লগে গুৰুতৰ ৰোগত ৰোগাক্ৰান্ত হৈছিল৷ আমি মিছন ইন্দ্ৰধনুশ আৰম্ভ কৰি দুৰ-দুৰণিৰো শিশুসকলৰ টীকাকৰণ সুনিশ্চিত কৰিলো৷

এটা সময় আছিল যেতিয়া দুখীয়াৰ বেংক একাউণ্ট খুলিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল৷ আমি জনধন যোজনা প্ৰণয়ন কৰি দেশৰ ৩৭ কোটি দুখীয়াৰ বেংকৰ একাউণ্ট মুকলি কৰিলো৷

এটা সময় আছিল, যেতিয়া দুখীয়াৰ বাবে কম ব্যয়ৰ চৰকাৰী ঘৰ পোৱা কঠিন আছিল, আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মাধ্যমৰ জৰিয়তে ২ কোটিতকৈও অধিক ঘৰ আমাৰ দুখীয়াৰ বাবে নিৰ্মাণ কৰিলো৷ এতিয়া ২ কোটি আকৌ নতুন ঘৰৰ নিৰ্মাণৰ কাম চলি আছে৷

বন্ধুসকল, এটা সময় আছিল যেতিয়া দুখীয়াৰ ওচৰত শৌচালয়ৰ সুবিধা নাছিল৷ আমি ১০ কোটিতকৈও অধিক শৌচালয় নিৰ্মাণ কৰি, দুখীয়া ভাই-ভনীসকলৰ জীৱনৰ এটা ডাঙৰ কষ্ট দূৰ কৰিলো৷

এটা সময় আছিল যেতিয়া দুখীয়া ভনী-কন্যাসকলৰ জীৱন পাকঘৰৰ ধোঁৱাৰ মাজত আৱদ্ধ হৈ ৰৈছিল৷ আমি ৮ কোটি বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্যৰ নিশ্চিতি প্ৰদান কৰিলো, তেওঁলোকৰ জীৱন সৰল কৰি তুলিলো৷
ভাতৃ আৰু ভগ্নীসকল, দুখীয়াৰ গৰিমা, তেওঁলোকৰ মৰ্যাদা, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ চিকিৎসা, তেওঁলোকৰ দৰৱ, তেওঁলোকৰ বীমা সুৰক্ষা, তেওঁলোকৰ পেঞ্চন, তেওঁলোকৰ সন্তানসকলৰ অধ্যয়ন, তেওঁলোকৰ উপাৰ্জন, এনেকুৱা কোনো ক্ষেত্ৰ নাই যাক আমাৰ চৰকাৰে গুৰুত্ব দিয়া নাই৷ এই প্ৰকাৰৰ যোজনাসমূহে দুখীয়াৰ সৱলীকৰণ কৰাৰ লগতে তেওঁলোকৰ জীৱনত নতুন আত্মবিশ্বাসৰো সৃষ্টি কৰে আৰু আত্মবিশ্বাসৰ কথা যেতিয়াই আহে, সেই সময়ত আমাৰ জনজাতীয় সমাজৰ শিশুসকলৰ চৰ্চা হোৱাটো স্বাভাৱিক৷ আজি আদিবাসী সন্তানৰ, আদিবাসী যুৱচামৰ, আদিবাসী কন্যাসকলৰ শিক্ষা আৰু তেওঁলোকৰ কৌশল ব্যৱহাৰ কৰাৰ বাবে বহু ডাঙৰ ডাঙৰ প্ৰকল্পৰ শুভাৰম্ভ হৈছে৷ সমগ্ৰ দেশতে ৪৬২টা একলব্য মডেল আৱাসিক বিদ্যালয় নিৰ্মাণ কৰাৰ অভিযান আজি ঝাৰখণ্ডৰ এই ভূমিৰ পৰা, ভগৱান বিৰছা মুণ্ডাৰ এই ভূমিৰ পৰা আৰম্ভ হৈছে৷ ইয়াৰ লাভ ঝাৰখণ্ডৰ মোৰ জনজাতীয় সম্প্ৰদায়ৰ ভাই-ভনীসকলে বিশেষভাৱে লাভ কৰিব৷ এই একলব্য বিদ্যালয় আদিবাসী সন্তানসকলৰ অধ্যয়নৰ মাধ্যম হোৱাৰ লগতে ইয়াত ক্ৰীড়া, ল’ৰা-ছোৱালীবোৰৰ সামৰ্থ আৰু দক্ষতা বিকাশৰ প্ৰতিভা, স্থানীয় কলা আৰু সংস্কৃতিৰ সংৰক্ষণৰ বাবে সুবিধা হ’ব৷ এই বিদ্যালয়সমূহত চৰকাৰে প্ৰতিজন আদিবাসী সন্তানৰ ওপৰত….আপোনালোকে জানি আচৰিত হ’ব, চৰকাৰে প্ৰতিজন আদিবাসী সন্তানৰ ওপৰত প্ৰতি বছৰে এক লাখ টকাতকৈও অধিক টকা খৰচ কৰিব৷ মোৰ বিশ্বাস যে এই বিদ্যালয়সমূহত অধ্যয়ন কৰি যিসকল শিক্ষাৰ্থী বাহিৰলৈ ওলাব তেওঁলোকে অনাগত সময়ত নতুন ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

বন্ধুসকল, যোগাযোগৰ দ্বিতীয় মাধ্যমৰ ক্ষেত্ৰতো ঝাৰখণ্ডত দ্ৰুতগতিত কাম সম্পন্ন হ’বলৈ ধৰিছে৷ যিবোৰ স্থানত সন্ধিয়া বাহিৰলৈ ওলোৱাত সমস্যা হৈছিল চাত এতিয়া পথ নিৰ্মাণ হ’বলৈ ধৰিছে আৰু পথত আহন-যাহনো আৰম্ভ হৈছে৷ কেৱল ঘাইপথৰ বাবে ন হাজাৰ কোটি টকাতকৈ অধিক টকাৰ প্ৰকল্প ঝাৰখণ্ডৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে আৰু ইয়াৰ অধিকাংশই সমাপ্তও হৈছে৷ অনাগত সময়ত ভাৰতমালা যোজনাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অধিক প্ৰসাৰিত হ’ব৷ স্থলপথ, ঘাইপথ অথবা জলপথৰ উপৰিও ৰে’লৱে আৰু আকাশী পথৰ সংযোগৰ কামো চলি আছে৷

বিগত পাঁচ বছৰট বিকাশৰ যিমানবোৰ কাম হৈছে তাৰ অন্তৰালত আমাৰ মিত্ৰ ৰঘুবৰ দাস ডাঙৰীয়া আৰু তেওঁৰ দলৰ পৰিশ্ৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ ফলত হৈছে৷ পূৰ্বতে যিবোৰ কেলেংকাৰী হৈছিল, শাসনত যি ধৰণৰ পাৰদৰ্শিতাৰ অভাৱ আছিল সেই পৰিস্থিতিলৈ পৰিৱৰ্তন অনাৰ সম্পূৰ্ণ প্ৰয়াস ঝাৰখণ্ডৰ ৰঘুবৰ দাসৰ চৰকাৰে কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল, ইমানবোৰ কাম যেতিয়া হৈছেই, সেইবাবে এটা দায়িত্ব মই আপোনালোক ঝাৰখণ্ডবাসীৰ ওপৰতো দিব বিচাৰিছো৷ কালিৰ পৰা দেশত স্বচ্ছতাই সেৱা অভিযান আৰম্ভ হৈছে৷ এই অভিযানৰ অধীনত ২ অক্টোবৰলৈ আমি আমাৰ ঘৰত, বিদ্যালয়ত, কাৰ্যালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতো কৰিব লাগিবই, গাঁৱত, চুবুৰীত পৰিষ্কাৰ-পৰিচ্ছন্নতো কৰিব লাগিবই লগতে এটা বিশেষ কামো কৰিব লাগিব৷ এবাৰ ব্যৱহৃত প্লাষ্টিকবোৰ আমি একত্ৰিত কৰিব লাগিব, এটা স্থানত জমা কৰিব লাগিব৷ যিবোৰ প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰে পিছত সমস্যাৰ সৃষ্টি কৰে আৰু এনেকুৱা প্লাষ্টিকসমূহ এটা স্থানত একত্ৰিত কৰি আমি এই প্লাষ্টিকৰ পৰা মুক্তি পাব লাগিব৷

২ অক্টোবৰত মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তীৰ দিনা আমি সেই প্লাষ্টিকৰ থূপটো আঁতৰাব লাগিব৷ চৰকাৰে বিভিন্ন বিভাগক সংবদ্ধ কৰি আছে যাতে গোট খোৱা প্লাষ্টিকসমূহ পিছত ৰিচাইকেল কৰিব পাৰি৷ মোৰ প্ৰকৃতি প্ৰেমী ঝাৰখণ্ডবাসীক, পৰিবেশ প্ৰেমী ঝাৰখণ্ডবাসীক আপীল কৰিছো যে তেওঁলোকে এই আহ্বানৰ সৈতে জড়িত হওক আৰু দেশক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্তি দিয়াত নেতৃত্ব বহন কৰক আৰু মোৰ সৈতে আগবাঢ়ক৷

বন্ধুসকল, এতিয়া নতুন ঝাৰখণ্ডৰ বাবে, নতুন ভাৰতৰ বাবে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব, একত্ৰিত হৈ দেশক আগুৱাই নিব লাগিব৷ আগন্তুক পাঁচ বছৰৰ বাবে ঝাৰখণ্ডই পুনৰ বিকাশৰ দুগুণ ইঞ্জিন গতিত আগবাঢ়িব৷ এই বিশ্বাসৰ সৈতে মই নিজৰ ভাষণ সামৰিছো৷

আৰু আজিৰ কাৰ্যাৱলীসমূহৰ বাবে ঝাৰখণ্ড তথা দেশবাসীসকলক অনেক-অনেক শুভকামনা প্ৰদান কৰিছো আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ প্ৰদান কৰি, দুয়োটা মুঠি বন্ধ কৰি, দুয়োখন হাত ওপৰলৈ তুলি সমস্বৰে কওক- ভাৰত মাতাৰ জয়, এই ধ্বনি ঝাৰখণ্ডৰ প্ৰতিখন গাঁৱে শুনা পাব লাগিব…

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GCCs now influence up to $55 billion of India's IT services exports: Deloitte

Media Coverage

GCCs now influence up to $55 billion of India's IT services exports: Deloitte
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves scheme of Chemical Parks “Bharat Audyogik Vikas Yojana Rasayan (BHAVYA Rasayan)
July 24, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved Bharat Audyogik Vikas Yojana Rasayan or BHAVYA - Rasayan Scheme for establishing three dedicated Chemical Parks in the country. The Scheme was announced in the Union Budget of FY 2026–27.

The Scheme will have a total financial outlay of Rs.3,030 crore, with Rs.3,000 crore towards meeting the cost of establishing the Common Infrastructure Facilities and Basic Utilities inside the park and Rs. 30 Crores as administrative expenditure. The scheme would run for a period of 5 years from FY 2026-27 to FY 2030-31.

In terms of the said scheme, the Centre would provide a grant of up to Rs.1,000 crore per park. This will be subject to minimum contribution of Rs.500 crore by the concerned State Government.

BHAVYA Rasayan Scheme is expected to bring the following benefits to the economy:

  • It will promote development of the Chemical industry along the whole value chains including upstream, downstream and ancillary industries promoting efficient utilization of resources, leading to lower logistics cost.
  • Through shared Common Infrastructure Facilities and Basic Utilities, keeping the needs of chemicals industry in mind, it will lead to enhanced cost competitiveness and will make the Indian Industry globally competitive.
  • It will help the Indian Chemical industry better integrate in Global Value Chains leading to greater exports and higher import substitution.
  • It will promote development of Indian Chemical industry in a sustainable way by creating an environment friendly ecosystem which will consist of centralized facilities such as Common Effluent Treatment Plant, Treatment, Storage, and Disposal Facility, and Hazardous Waste Management infrastructure. It will ensure better compliance management with environmental regulations, thereby promoting development of industry in eco-friendly manner.
  • Development of Chemical sector will lead to a cascading effect through enhanced development of downstream sectors of the economy as well, thereby leading to higher employment generation and greater development of the economy, helping achieve the goal of Viksit Bharat @ 2047.
Recognising that this sector produces Chemicals and Petrochemicals which are used in various downstream industries such as Agriculture, Textiles, Pharmaceuticals, Nutraceuticals, Construction, Automobile, Electronics, introducing BHAVYA Rasayan Scheme shall facilitate development of the sector by attracting domestic and foreign investments, enhancing domestic production capacity and generating employment. It will boost the global competitiveness of the sector thereby, promoting Atmanirbharta.
 
In terms of the said Scheme, the Centre will facilitate development of three dedicated Chemical Parks by the State Governments under Challenge Route. Each such park will have a minimum contiguous area of 8 sq. km. (minimum 2,000 acres) of encumbrance-free land. These parks will provide plug-and-play infrastructure, in the form of Common Infrastructure Facilities and Basic Utilities for the chemical industry such as:
  • Common Effluent Treatment Plant (CETP),
  • Treatment, Storage, and Disposal Facility (TSDF),
  • Water supply and distribution systems,
  • Solvent recovery and distillation facilities,
  • Steam generation and distribution network,
  • Interconnected pipeline network,
  • Logistics and warehousing facilities.