When a new session of Parliament begins, newer MPs face lot of trouble as far as finding accommodation is concerned. I am glad efforts have been made to overcome this problem: PM
We had a great Parliament session, for which I compliment MPs, parties and presiding officers: PM
When we mark 75 years of Independence in 2022, the Parliamentary complex must showcase that grandeur: PM Modi

লোকসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীমান ওম বিৰলাজী, ৰাজ্যসভাৰ উপসভাপতি শ্ৰীহৰিবংশজী, মন্ত্ৰীপৰিষদৰ মোৰ সহযোগী শ্ৰীমান প্ৰহ্লাদ যোশীজী, শ্ৰী হৰদ্বীপ সিং পুৰীজী, হাউছিং কমিটীৰ অধ্যক্ষ চি.আৰ.পেটেলজী, শ্ৰীমান ওম প্ৰকাশ মাথুৰজী, উপস্থিত সকলো সাংসদবৃন্দ আৰু মহানুভৱসকল৷

স্বাভাৱিকতে যেতিয়া নতুন অধিৱেশন আৰম্ভ হয়, তেতিয়া সাংসদসকলৰ থাকিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷ দীঘলীয়া সময়ৰ বাবে হোটেল বুক কৰিবলগীয়া হয়৷ আৰু লাহে লাহে খালী হ’ব ধৰিলে, পুনৰ সেইবোৰ ঠিক-ঠাক কৰিব লাগে৷ সংসদসকলক থাকিবলৈ এটাতকৈ অধিক কোঠাৰ প্ৰয়োজন নহয় কিন্তু তেওঁলোকক সাক্ষাৎ কৰিব অহা সমষ্টিৰ ৰাইজৰ বাবে যথেষ্ট স্থানৰ প্ৰয়োজন হয়৷ দূৰ-দূৰণিৰ পৰা অহা লোকসকলৰ প্ৰতিগৰাকীয়ে মনত আশা লৈ আহে যে ইয়াত নিশাটো থকাৰ ব্যৱস্থা হ’লে ভাল আছিল৷ এইধৰণৰ চিন্তাধাৰাক নস্যাৎ কৰিব নোৱাৰি৷

এই সমস্যসমূহ বাহিৰৰ ব্যক্তিয়ে অনুভৱ কৰাটো যথেষ্ট কঠিন, কিন্তু সাংসদসকলে নিজে এয়া উপলব্ধি কৰে৷ আন এটা সমস্যা হ’ল যে কিছুমান ভৱন যথেষ্ট পুৰণি হৈছে আৰু প্ৰায় প্ৰতিদিনে ইয়াৰ কিছু কিছু অংশ মেৰামতি কৰিব লগা হয়৷ ইয়াৰ ফলত ব্যৱস্থা কৰাসকলৰ লগতে থকাসকলৰো অসুবিধা হয়৷ ইয়াক এক স্থায়ী ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছে৷ অনাগত দিনত আৰু অধিক ভৱনৰ কাম শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব৷ চৰকাৰৰ নিজৰ বিভাগত ইমান সুন্দৰভাৱে কাম হ’লে, বাহিৰৰ লোকে আশ্চৰ্য প্ৰকাশ কৰিব যে বাঃ চৰকাৰৰ ভিতৰতো ইমান ধুনীয়া কাম হৈছে৷ সেয়ে মই বিভাগৰ সকলো লোকক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো৷ স্বাভাৱিকতে চৰকাৰী কামসমূহ পলমকৈ হোৱাৰ এক নিয়ম হৈ পৰিছে৷ সকলোৱে সুধে আৰু কিমান সময় লাগিব? কিন্তু এই ভৱনৰ কাম সময়মতে হৈ উঠিল আৰু ইয়াৰ বাবে সময়ৰ লগতে ধনো ৰাহি হ’ল৷ এইধৰণৰ ভৱন নিৰ্মাণত যিসকল সতীৰ্থ আৰু প্ৰশাসনিক বিষয়াই বৰঙণি আগবঢ়াইছে, তেওঁলোকক মই অভিনন্দন জনাইছো৷     

এইবাৰ আমি দেখিছো যে সংসদ ভৱন খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ ইয়াৰ বাবে সকলো ৰাজনৈতিক দল, সাংসদ কৃতিত্বৰ অধিকাৰী৷ অধ্যক্ষ মহোদয়ো এই কৃতিত্বৰ সমান অংশীদাৰ হ’ব৷

 

এয়া সত্য যে বিগত পাঁচ বছৰত ধাৰাবাহিকভাৱে মই সাংসদসকলৰ মুখৰ পৰা তথা সংবাদ মাধ্যমৰ বন্ধুসকলৰ মুখৰ পৰা শুনি আছো যে এতিয়া এয়া বহুত পুৰণা হ’ল, অলপ সলনি কৰি দিয়ক৷ আধুনিক ৰূপত ইয়াক গঢ়া তোলাৰ দাবী যেতিয়া সংসদৰ ভিতৰৰ পৰাই শুনিবলৈ পালো, গতিকে চৰকাৰে বিষয়টো গভীৰভাৱে ল’লে৷ ভৱনটোক কিদৰে অধিক আধুনিক কৰি গঢ়ি তুলিব পাৰি, তাৰ ওপৰত বিষয়াসকলে চিন্তা-চৰ্চা কৰি আছে, যাতে পুনৰ কোনোবাই আকৌ এবাৰ ইয়াক বনাব লগীয়া নহয়৷ মই তেওঁলোকক আহ্বান জনাইছো যে দেশৰ স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে যদি সম্ভৱ এই কাম সম্পূৰ্ণ কৰিব লাগে৷ মই পুনৰ এবাৰ আমাৰ সকলো সাংসদক এই নতুন ভৱনৰ বাবে বহুত-বহুত অভিনন্দন জ্ঞাপন কৰিলো, শুভেচ্ছা জনালো৷

মঞ্চত উপবিষ্ট মহানুভৱসকলৰো এই ভৱন নিৰ্মাণত নিশ্চয় কিবা নহয় কিবা বৰঙণি আছে৷ তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো৷

ধন্যবাদ সতীৰ্থসকল…

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event

Media Coverage

‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”