PM Modi pays homage to the CRPF soldiers martyred in the terror attack in Pulwama
The perpetrators of the heinous terror attack in Pulwama will not be spared: PM Modi
Humanitarian forces around the world must unite to combat the menace of terrorism: PM Modi

সৰ্বপ্ৰথমে মই পুলৱামাত সন্ত্রাসবাদী আক্রমণত শ্বহীদ হোৱা জোৱান সকললৈ শ্রদ্ধাঞ্জলি জনাইছো। তেওঁলোকে দেশৰ সেৱা কৰিবলৈ গৈ নিজৰ প্ৰাণ উছৰ্গা কৰিছে। এই দুখজনক সময়ত তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈও মোৰ লগতে সমগ্ৰ ভাৰতবাসীৰ হৈ সমবেদনা জনাইছো।

 

এই আক্রমণৰ ফলত জনতাৰ যি আক্রোশ, ক্ষোভ, খং, সেয়া আমি খুব ভালকৈয়েই অনুভৱ কৰিছো। এই সময়ত দেশে যি প্রত্যাশা কৰে, কিবা এটা কৰি দেখুৱাবলৈ বিচাৰে, এনে পৰিস্থিতিত সেয়াই স্বাভাৱিক। আমি আমাৰ দেশৰ প্রতিৰক্ষা বাহিনীসমূহক এইক্ষেত্রত সম্পূর্ণ স্বাধীনতা দিছো। আমাৰ সৈনিকসকলৰ শৌর্য আৰু তেওঁলোকৰ বীৰত্বৰ ওপৰত চৰকাৰৰ সম্পূর্ণ আস্থা আছে। মই বিশ্বাস কৰো যে দেশভক্ত লোকসকলে যেতিয়াই যি খবৰেই পায়, তেওঁলোকে যেন আমাৰ বিভিন্ন সংস্থাক অৱগত কৰে, যাতে সন্ত্রাসবাদৰ বিৰুদ্ধে আমাৰ এই যুদ্ধ আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰো।

মই সন্ত্রাসবাদী সংগঠনবোৰ আৰু তাৰ নেতাসকলক ক’বলৈ বিচাৰো যে তোমালোকে এইটো এটা ডাঙৰ ভুল কৰিলা। ইয়াৰ বাবে তোমালোকে উচিত মূল্য ভৰিব লাগিব। মই সমগ্ৰ দেশকে আশ্বস্ত কৰিবলৈ বিচাৰিছো যে এই আক্রমণৰ আঁৰত যি শক্তিয়েই নাথাকক কিয়, সেই শক্তিক অৱশ্যেই শাস্তি বিহা হ’ব। যিসকলে আমাক সমালোচনা কৰিছে, আমি তেওঁলোকৰ চিন্তাধাৰাকো, তেওঁলোকৰ ভাৱনাকো সন্মান কৰো। তেওঁলোকৰ মনৰ অৱস্থা বুজি পাইছো। আৰু সেইবাবেই কওঁ যে তেওঁলোকে সমালোচনা কৰাৰ পূর্ণ অধিকাৰ আছে।

কিন্তু মোৰ সকলো বন্ধুকে অনুৰোধ জনাইছো যে এই সময় অত্যন্ত স্পৰ্শকাতৰ। আপুনি চৰকাৰৰ পক্ষতে থাকক অথবা বিপক্ষেই থাকক, দেশর আটাইবোৰ ৰাজনৈতিক দলসমূহকে এই মুহুৰ্ত্তত পৰস্পৰৰ প্রতি দোষাৰোপ কৰি থকাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো। আমি যদি সংঘবদ্ধভাৱে এই আক্রমণৰ মোকাবিলা কৰো, তেন্তে সমগ্ৰ বিশ্বতে এই বাৰ্তা প্ৰসাৰিত হ’ব যে ভাৰতবাসী এই আক্রমণৰ বিৰুদ্ধে ঐক্যবদ্ধ। কাৰণ, আমি যি কোনো যুদ্ধই জিকিবৰ বাবেই যুঁজো।

সমগ্ৰ বিশ্বতে ইতিমধ্যেই এলাগী হৈ পৰা আমাৰ এই প্ৰতিবেশী দেশখনে যদি ভাবিছে যে তেওঁলোকে যি কুকৰ্ম কৰিছে, যিদৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ ফলত ভাৰতত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰিম বুলি যদিহে ভাবিছে তেন্তে তেওঁলোকৰ সেই স্বপ্ন কেতিয়াও নফলিয়াব, তেনে স্বপ্ন চিৰদিনৰ বাবে পৰিহাৰ কৰা উচিত। সেয়া তেওঁলোকে কেতিয়াও কৰিব নোৱাৰিব।

 

আমাৰ প্রতিবেশী দেশখনে সম্প্ৰতি ভীষণ আর্থিক মন্দাৱস্থাৰ মাজেৰে দিন কটাইছে। সেইবাবেই তেওঁলোকে ভাৰতত এই ধৰণৰ অস্থিৰতাৰ সৃষ্টি কৰি পাক জনতাৰ লক্ষ্য এইফালে ঘূৰাবলৈ বিচাৰিছে। কিন্তু তেওঁলোকৰ এই উদ্দেশ্য পূৰণ নহ’ব। সময়ে এয়া প্রমাণ কৰি দিছে যে তেওঁলোকে যিভাবেই চেষ্টা নকৰক কিয়, ভাৰতে নিজা পদ্ধতিৰে উন্নয়নৰ পথেৰে আগুৱাই যাব।

 

১৩০ কোটি ভাৰতীয়ই এনেধৰণৰ প্রতিটো ষড়যন্ত্র আৰু আক্রমণৰ যথাযোগ্য জবাব দিব। বিশ্বৰ বহু শক্তিশালী দেশে কঠোৰ ভাষাৰে এই সন্ত্রাসবাদী আক্রমণক গৰিহণা দিছে, নিন্দা কৰিছে আৰু এনে সংকটকালত ভাৰতৰ সৈতে থকাৰ কথা ঘোষণা কৰিছে। মই সেই সমস্ত দেশকে কৃতজ্ঞতা জনাইছো আৰু সকলোকে আহ্বান জনাইছো যে আহক, সন্ত্রাসবাদৰ বিৰুদ্ধে মানৱতাবাদী সমস্ত শক্তিকে একত্রিত কৰি অশুভ শক্তিক পৰাস্ত কৰো।

 

সন্ত্রাসবাদৰ বিৰুদ্ধে যেতিয়া সমগ্ৰ দেশ একমত হৈছে, এক স্বৰ আৰু এক লক্ষ্যৰে আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে, এনে সময়ত সন্ত্রাসবাদ বেছিসময় টিকিব নোৱাৰিব। সেয়া ধুৰূপ।

 

বন্ধুসকল, পুলৱামাত হোৱা আক্রমণৰ সময়ত আমাৰ সকলোৰে মন ভাৰাক্রান্ত হৈ পৰিছে। এই আক্রোশ ভৰা মনেৰেই দেশবাসীয়ে এই আক্রমণৰ মোকাবিলাৰ ক্ষেত্ৰত ঐক্যবদ্ধ হৈ থাকিব। আমাৰ বীৰ শ্বহীদসকলৰ আত্মবলিদানক আমি বৃথা যাবলৈ নিদিও। যিয়েই দেশৰ বাবে শ্বহীদ হৈছে, তেওঁলোকৰ জীৱনৰ দুটাই মাথো লক্ষ্য আছিল – প্রথমটো হ’ল দেশৰ সুৰক্ষা, আৰু দ্বিতীয়টো হ’ল দেশৰ সমৃদ্ধি। এই বীৰ শ্বহীদসকলৰ আত্মাক প্রণাম জনাইছো, তেওঁলোকৰ আশীর্বাদ শিৰত লৈয়েই মই পুনৰ এবাৰ আপোনালোকক আশ্বস্ত কৰিছো, যি স্বপ্ন লৈ তেওঁলোকে আত্মাহুতি দিছে, সেই স্বপ্নক বাস্তৱায়িত কৰাৰ বাবে আমি জীৱনৰ প্রতিটো মুহুর্ত সমর্পণ কৰিম।সমৃদ্ধিৰ পথৰে আমি আৰু দ্রুতগতিৰে আগুৱাই যাম। সেই লক্ষ্য লৈয়েই আজি আমি এই বন্দে ভাৰত এক্সপ্রেছৰ ধাৰণা আৰু নক্সা বাস্তৱায়িত কৰাৰ বাবে প্রতিগৰাকী অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞক কৃতজ্ঞতা জনাইছো।চেন্নাইৰ কাৰখানাত নির্মিত এই ৰে’লখনে দিল্লীৰ পৰা কাশীপর্যন্ত প্রথমবাৰ যাত্রা কৰিব। এয়াই ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’-ৰ শক্তি, বন্দে ভাৰত এক্সপ্রেছৰ শক্তি।

বন্ধুসকল, বিগত চাৰে চাৰি বছৰত আমি ভাৰতীয় ৰে’লক অত্যন্ত সততা আৰু পৰিশ্রমেৰে পৰিৱর্তিত কৰাৰ চেষ্টা চলাই গৈছো। আমাৰ এই চেষ্টাৰ এক ছবি হৈছে এই বন্দে ভাৰত এক্সপ্রেছ। বিগত বছৰকেইটাত ৰে’লে‘মেক ইন ইণ্ডিয়া’ৰ মাধ্যমেৰে নির্মাণ ক্ষেত্রত যথেষ্ট উন্নতি কৰিছে। দেশতক ৰে’ল কোচ কাৰখানাবোৰৰ আধুনিকীকৰণ আৰু ডিজেল ইঞ্জিনবোৰক ইলেক্ট্রিক ইঞ্জিনলৈ পৰিৱৰ্তিতকৰণৰ বাবে নতুন নতুন কাৰখানা আৰম্ভ কৰা হৈছে।

আপোনালোকৰ হয়তো মনত আছে যে আৰম্ভণিতে যেতিয়া ৰেলৰ টিকট সংৰক্ষণ ব্যৱস্থা অনলাইনযোগে কৰা হৈছিল, তেতিয়া কি অৱস্থা হৈছিল। এক মিনিটত ২ হাজাৰকৈও অধিক টিকট বুক কৰিব পৰা হোৱা নাছিল। কিন্তু আজি মই অত্যন্ত আনন্দিত যে ৰে’লৰ ৱেবছাইটৰ ব্যৱহাৰকাৰী যথেষ্ট বৃদ্ধি পাইছে আৰু ১ মিনিটত ২০ হাজাৰতকৈও অধিক টিকট বুক কৰা হৈছে। পূৰ্বৰ পৰিস্থিতি এনে আছিল যে, কোনো ৰে’ল প্রকল্প মঞ্জুৰ হওঁতে হওঁতে অতি কমেও দুবছৰ সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া দেশত এটা ৰে’ল প্রকল্প মঞ্জুৰ হওতে ৩-৪ মাহ কিম্বা অতি বেছি হ’লেও ছমাহত হৈ যায়। সেইবাবেই, ৰে’লৰ আটাইবোৰ কামেই ত্বৰান্বিত হৈছে। সমগ্ৰ দেশতে ব্রডগজ লাইনত প্রহৰীবিহীন লেভেল ক্রছিংবোৰ সম্পূৰ্ণৰূপে আঁতৰ কৰা হৈছে।

 

২০১৪ চনত আমি যেতিয়া দেশৰ দায়িত্বভাৰ কান্ধ পাতি লৈছিলো তেতিয়া সমগ্ৰ দেশতে ৮,৩০০-তকৈও অধিক প্রহৰীবিহীন লেভেল ক্রছিং আছিল। সেইবাবে নিয়মিত দুর্ঘটনা সংঘটিত হৈছিল। এতিয়া ব্রডগজ লাইনত প্রহৰীবিহীন লেভেল ক্রছিংবোৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ ফলত দুর্ঘটনাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে।

দেশত ৰে’লআলি স্থাপনৰ কাম আৰু বৈদ্যুতিকৰণৰ কামৰ গতি দ্বিগুণ হৈছে। সর্বাধিক ব্যস্ত ৰেলপথবোৰক অগ্রাধিকাৰ দি সেইবোৰৰ পৰা ঐতিহ্যবাহী ৰে’লবোৰক উঠাই আনি নতুন পথেৰে পৰিচালিত কৰা হৈছে।বিদ্যুৎচালিত ৰে’ল বৃদ্ধিৰ ফলত বায়ু প্ৰদূষণ হ্রাস পাইছে আৰু ডিজেলৰ খৰচো ৰাহি হৈছে। ৰে’লৰ গতিও বৃদ্ধি পাইছে।

 

ৰে’লক আধুনিক কৰি তোলাৰ এই প্রচেষ্টাৰে বহু পৰিমাণে নতুন কর্মসংস্থানো বৃদ্ধি পাইছে। মোক কোৱা হৈছে যে, ২০১৪ চনৰ পৰা এই পর্যন্ত ৰে’লত নতুনকৈ ডেড় লাখ কর্মচাৰী নিয়োগ কৰা হৈছে। এতিয়া যি নিয়োগ প্রক্রিয়া চলি আছে, সেয়া সম্পূর্ণ হ’লে এই সংখ্যা ২ লাখ হ’বগৈ।

বন্ধু সকল, মই এই দাবী কেতিয়াও কৰা নাই যে আমি ইমান কম সময়ৰ ভিতৰতে ভাৰতীয় ৰে’লৰ সকলো দিশ সলনি কৰি পেলাইছো। এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। এই কথা অৱশ্যেই ক’ব পাৰি যে ভাৰতীয় ৰে’লক বিশ্বৰ আধুনিকতম ৰেল সেৱাসমূহৰ সমকক্ষ কৰি তোলাৰ লক্ষ্যৰে আমি কাম কৰি গৈছো আৰু আপোনালোকক আশ্বস্ত কৰিব পাৰো যে এই উন্নয়নৰ যাত্রা আৰু গতি সম্পন্ন হ’ব, আৰু অধিক শক্তিশালী হ’ব।জল, স্থল আৰুপ আকাশী পথেৰে ভাৰতৰ পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ – চাৰিওফালে ‘চবকা সাথ, চবকা বিকাশ’ মন্ত্রেৰে আমি উন্নয়নৰ পথেৰে আগুৱাই যাম। এই উন্নয়নৰ মাধ্যমেৰেই আমি দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাম। নিৰাপত্তা ক্ষেত্রত ষড়যন্ত্রকাৰীসকলক, অপৰাধীসকলক কঠোৰতম শাস্তি দিয়া হ’ব। আত্মবলিদান দিয়া প্রতিগৰাকী শ্বহীদৰ প্রতিটো ৰক্তবিন্দুৰ মূল্য সিহঁতে পৰিশোধ কৰিব লাগিব। এই বিশ্বাস লৈয়েই মই মোৰ বক্তব্য সামৰণি মাৰিছো। এই শ্বহীদসকলৰ স্মৃতিত মোৰ সৈতে কওঁক –

 

বন্দে মাতৰম – বন্দে মাতৰম

বন্দে মাতৰম – বন্দে মাতৰম

বন্দে মাতৰম – বন্দে মাতৰম

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.