To overcome environmental pollution, the Government is promoting the usage of environment friendly transportation fuel: PM
To cut down on import of Crude oil, government has taken decisive steps towards reducing imports by 10% and saving the precious foreign exchange: PM
Indian refinery industry has done well in establishing itself as a major player globally: Prime Minister

আৰৱীয় সাগৰৰ ৰাণী কোচিত উপস্থিত হৈ মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ নীলা সাগৰ, ক’লা পানী আৰু সুবিশাল পেৰিয়াৰ নদী, চৌদিশৰ সেউজীয়া আৰু ইয়াৰ উদ্যমী লোকে কোচিক সঁচাকৈয়ে সকলো চহৰৰ ৰাণী কৰি তুলিছে৷

ইয়াৰ পৰা মহান ভাৰতীয় ঋষি আদি শংকৰে ভাৰতীয় সভ্যতা ৰক্ষা আৰু দেশক একত্ৰিত কৰাৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিল৷

আজি এক ঐতিহাসিক দিন যে কেৰালাৰ সৰ্ববৃহৎ ঔদ্যোগিক গোটে উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত পদাৰ্পন কৰিলে৷ এয়া কেৱল ‘ঈশ্বৰৰ নিজৰ দেশ’ কেৰালাৰ বাবেই গৌৰৱৰ বিষয় নহয়, সমগ্ৰ দেশৰ বাবেই এয়া এক গৌৰৱৰ ক্ষণ৷

কোচি শোধনাগাৰৰ ভাৰত পেট্ৰ’লিয়ামে কেৰাল আৰু ইয়াৰ নিকটৱৰ্তী ৰাজ্যসমূহত যোৱা প্ৰায় ৫০ বছৰ ধৰি স্বচ্ছ ইন্ধন, ৰন্ধন গেছৰ জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

মই মোৰ শৈশৱ আৰু যৌৱন সোঁৱৰণ কৰিলে দেখিবলৈ পাও যে বহুতো মহিলাই খৰিৰ চৌকাত জুই ধৰিবলৈ অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল৷ তেতিয়াৰে পৰা মই সদায় সপোন দেখিছিলো যে ভাৰতবৰ্ষৰ মাতৃ–ভগ্নীসকলৰ এই অৱস্থা এদিন হলেও উন্নত কৰিব লাগিব আৰু তেওঁলোকক সুস্বাস্থৰ গৰাকী কৰি ৰাখিব লাগিব৷

চৰকাৰৰ উজ্জলা যোজনাই এই সপোনৰ উপলব্ধি কৰায়৷ মই সুখী যে এই আচনিৰ অধীনত ২০১৬ৰ মে’ৰ পৰা প্ৰায় ৬কোটি ৰন্ধন গেছৰ সংযোগ দেশৰ দৰিদ্ৰ জনগণৰ মাজত বিতৰণ কৰা হৈছে৷

বন্ধুসকল,

২৩ কোটি এলপিজি গ্ৰাহকে পহল আঁচনিৰ সৈতে জড়িত হৈছে৷

পহলে ভুৱা একাউণ্ট, একাধিক একাউণ্ট আৰু নিষ্ক্ৰিয় একাউণ্ট চিনাক্ত কৰাৰত সহায় কৰিছে৷ পহল বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে৷ প্ৰায় ১ কোটি গ্ৰাহকে ‘গিভ ইট আপ’ কাৰ্যসূচীৰ অধীনত এলপিজি ৰাজসাহায্য ত্যাগ কৰিছে৷

শেহতীয়া সম্প্ৰসাৰণৰ জৰিয়তে ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰি কোচি শোধনাগাৰে উজ্জলা যোজনালৈ এক মূল্যবান বৰঙণি আগবঢ়াইছে৷

জলবায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে দেশত চিটী গেছ বিতৰণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি পৰিৱেশ অনুকূল পৰিবহণ ইন্ধনৰ ব্যৱহাৰক উদগণি যোগাইছে৷

খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিবলৈ চৰকাৰে ১০শতাংশ আমদানি হ্ৰাস আৰু মূল্যৱান বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ দৰে কেইবাটাও নিৰ্ণায়ক পদক্ষেপ হাতত লৈছে৷

এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ তেল শোধনকাৰী দেশ ভাৰতে চাহিদাতকৈ অধিক শোধন কৰি ৰাইফাইনেৰী হাবত পৰিণত হৈছে৷

দেশৰ শোধন ক্ষমতা এতিয়া ২৪৭ এমএমটিপিএতকৈ অধিক৷ ইয়াৰ বাবে মই আইআৰইপি সময়মতে সম্পূৰ্ণ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিছো৷

নিৰ্মাণৰ সময়ত দিনে–নিশাই কাম কৰা শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমকো মই স্বীকৃতি দিব বিচাৰো৷ প্ৰকল্পৰ অন্তিম সময়ছোৱাত প্ৰায় ২০হাজাৰ শ্ৰমিকে ইয়াত কাম কৰিছিল৷

বহুক্ষেত্ৰত তেওঁলোক হ’ল এই প্ৰকল্পৰ প্ৰকৃত নায়ক৷ একীকৃত শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প আছিল ভাৰত পেট্ৰ’লিয়ামক বহুমুখী কৰাৰ এক কৌশলগত পদক্ষেপ৷

 

মোৰ বন্ধুসকল,

পেট্ৰ’-কেমিকেলক লৈ আমি অধিক আলোচনা নকৰো যদিও ইয়ে অদৃশ্যভাৱে আমাৰ দৈনন্দিন জীৱনৰ বহু দিশ স্পৰ্শ কৰি যায়৷ অৱশ্যে অধিকাংশ কেমিকেল আন দেশৰ পৰা আমদানি কৰা হয়৷

এই পেট্ৰ’-কেমিকেল ভাৰতত নিৰ্মাণ কৰিবলৈ এয়া আমাৰ প্ৰয়াস৷

মই আশাবাদী যে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰা পেট্ৰ’-কেমিকেল পাৰ্ক শীঘ্ৰে কাৰ্যকৰী হৈ উঠিব আৰু বিপিচিএলৰ পেট্ৰ’-কেমিকেল উদ্যোগে আগবঢ়োৱা ব্যৱসায়ৰ সুযোগ ৰাজ্যখনে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰিব৷

মই জানিব পাৰি সুখী যে, বিপিচিএল আৰু আন ৰাজহুৱা খণ্ডই নিয়োগযোগ্য যুৱক–যুৱতীৰ প্ৰশিক্ষণৰ বাবে দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিছে৷

পবিত্ৰ মহাদেৱ মন্দিৰৰ ওচৰত ইট্টামানুৰত প্ৰতিষ্ঠানৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব মই আনন্দিত৷মই জানিব পাৰি সুখী হৈছো যে ভাৰতীয় তেল নিগমে ইয়াৰ পৰা ১২ কিলোমিটাৰ নিলগত ৫০ কোটি টকা ব্যয় সাপেক্ষে কোচিন বটলিং প্ৰকল্পত এক বৃহৎ ভাণ্ডাৰ সুবিধা মুকলি কৰিছে৷

ইয়ে এলপিজিৰ ভাণ্ডাৰ ক্ষমতা বৃদ্ধি কৰিব আৰু এলপিজি টেংকাৰৰ গতি পথ হ্ৰাস কৰিব৷

এয়া অত্যন্ত উৎসাহৰ বিষয় যে যোৱা আগষ্টত কেৰালাই যেতিয়া শতিকাৰ ভয়ংকৰ বানৰ কবলত পৰিছিল তেতিয়া বিপিচিএল কোচি শোধনাগাৰে সকলো বাধা অতিক্ৰম কৰি আগুৱাই গৈছিল৷ মই জানিব পাৰিছিলো যে বহুতো কৰ্মচাৰীয়ে পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উৎপাদন অব্যহাত খাৰ বাবে শোধনাগাৰত থাকিয়ে কাম কৰিছিল৷ ইয়ে উদ্ধাৰকাৰী বাহন আৰু হেলিকপ্টাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিছিল৷

এই উদ্যম, সামাজিক দায়বদ্ধতা আৰু উদ্ভাৱনী চিন্তা অব্যাহত ৰাখিবলৈ কোচি শোধনাগাৰক মই আহ্বান জনাও৷ ৰাষ্ট্ৰ নিৰ্মাণত কোচি শোধনাগাৰৰ অৱদানক লৈ আমি গৌৰৱান্বিত৷ মই আশা কৰো যে কোচি শোধনাগাৰে দক্ষিণ ভাৰতত পেট্ৰ’-কেমিকেল বিপ্লৱৰ নেতৃত্ব দিব আৰু নতুন ভাৰত গঢ়াৰ  দিশত বৰ্ধিত প্ৰয়োজনীয়তাক সহযোগ কৰিব৷

জয় হিন্দ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"