আদৰণীয় সভাপতি মহোদয়,

মই ৰাষ্ট্ৰপতি মহোদয়ৰ অনুপ্ৰাণিত কৰিব পৰা উদ্বোধনৰ পৰিপ্ৰেক্ষিতত ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰপতি মহোদয়ক ধন্যবাদ দিয়াৰ বাবে দুআষাৰমান কথা ব্যক্ত কৰিব বিচাৰিছো। ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণ ১৩০ কোটি নাগৰিকৰ সংকল্প শক্তিৰ পৰিচায়ক। সংকট আৰু আপদৰ সময়তো এইখন দেশে কেনেকৈ নিজৰ পথ বিচাৰি ল’ব পাৰে, সেই পথেৰে আগুওৱাৰ সিদ্ধান্ত ল’ব পাৰে আৰু সাফল্যৰ দিশে ধাৱমান হ’ব পাৰে, এই সকলোবোৰ কথা ৰাষ্ট্ৰপতি মহোদয়ে তেখেতৰ অভিভাষণত বিস্তৃত ভাবে উল্লেখ কৰিছে। তেখেতৰ প্ৰতিটো শব্দই দেশবাসীৰ মনত বিশ্বাস সৃষ্টি কৰিব পৰা বিধৰ আৰু প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত দেশৰ প্ৰতি কিবা কৰা আকাংক্ষা জাগৃত কৰিব পৰা বিধৰ। আৰু সেয়ে আমি যিমানেই তেখেতক ধন্যবাদ ব্যক্ত নকৰো কিয়, সিমানেই কম হ’ব। এই সদনত ১৫ ঘণ্টাতকৈয়ো অধিক সময় ধৰি ইয়াৰ আলোচনা হৈছে। ৰাতি ১২-১২ বজা পৰ্যন্ত আমাৰ সকলো মাননীয় সাংসদে এই সচেতনতা বজাই ৰাখিলে। আলোচনাক জাগ্ৰত কৰি ৰাখিলে। এই আলোচনাত অংশগ্ৰহণ কৰা সকলো মাননীয় সাংসদক মই আন্তৰিক ধন্যবাদ ব্যক্ত কৰিছো। মই বিশেষ ভাবে আমাৰ মহিলা সাংসদসকলক ধন্যবাদ জনাব বিচাৰিছো। কাৰণ এই আলোচনাত তেওঁলোকৰ অংশগ্ৰহণৰ হাৰ অধিকতো আছিলেই , তেওঁলোকে প্ৰকট কৰা চিন্তাৰ চোকো অধিক আছিল। তেখেতসকলে গৱেষণাৰ আধাৰত বক্তব্য ৰখাৰ বাবে কৰা প্ৰয়াস, আৰু নিজকে সম্পূৰ্ণ ভাবে তৈয়াৰ কৰি এই সদনক সমৃদ্ধ কৰাৰ ববে তেখেতসকলক মই বিশেষ ভাবে অভিনন্দন জনাইছো, তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আদৰণীয় সভাপতি মহোদয়,

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰত আমি একপ্ৰকাৰ আহি এতিয়া দুৱাৰত টোকৰ দিছোহি। ৭৫বছৰ, এইটো মোৰ প্ৰতিগৰাকী হিন্দুস্থানীৰ বাবে গৰ্ব কৰাৰ আৰু আগুৱাই যোৱাৰ পৰ্বও হয়। আৰু সেয়ে, সমাজ-ব্যৱস্থাৰ আমি য’তেই যি কৰি নাথকো কিয়, দেশৰ যি প্ৰান্ততেই নাথাকো কিয়, সামাজিক, আৰ্থিক ব্যৱস্থাত আমাৰ স্থান যিয়েই নহওক কিয়, পিচে আমি সকলোৱে সন্মিলিত হৈ স্বাধীনতাৰ এই পৰ্বৰ পৰা এক প্ৰেৰণা লৈ, নতুন সংকল্প গ্ৰহণ কৰি ২০৪৭ত দেশে স্বাধীনতাৰ ১০০বছৰীয়া জয়ন্তী উদযাপন কৰিবগৈ। আমি সেই ১০০বছৰীয়া ভাৰতৰ যাত্ৰাৰ ২৫টা বছৰ এতিয়া আমাৰ সন্মুখত আছে। এই ২৫ বছৰত আমি আমাৰ দেশক ক’লৈ লৈ যাম, পৃথিৱীত এইখন দেশৰ স্থান কি হ’ব তাৰ বাবে প্ৰতিগৰাকী দেশবাসীয়ে সংকল্প গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে উপযুক্ত বাতাবৰণ তৈয়াৰ কৰাৰ কাম এইটো চৌহদৰ, এইখন পবিত্ৰ ধৰাৰ, এইখন বৃহত্ পঞ্চায়তৰ।

আদৰণীয় সভাপতি মহোদয়,

দেশে যেতিয়া স্বাধীনতা লাভ কৰিছিল আৰু ব্ৰিটিছৰ অ্ন্তিমগৰাকী কামাণ্ডাৰে যেতিয়া এই দেশ এৰি নিজৰ দেশলৈ প্ৰস্থান কৰিছিল তেতিয়া কৈ গৈছিল যে ভাৰত বহুকেইখন দেশৰ এক মহাদ্বীপ আৰু ইয়াক কেতিয়াও কোনেও এখন ৰাষ্ট্ৰ হিচাপে গঢ় দিব নোৱাৰিব। এনে ঘোষণাই কৰা হৈছিল। কিন্তু ভাৰতবাসীয়ে সেই আশংকাক অসাৰ প্ৰতিপন্ন কৰিলে। কাৰোবাৰ মনত যদি এনে ধাৰণা আছিলো তাকো সমাপ্ত কৰা হ’ল আৰু আমি আমাৰ অভিজ্ঞতা, আমাৰ সাংস্কৃতিক একতা, আমাৰ পৰম্পৰাৰে আজি ভাৰত পৃথিৱীৰ সন্মুখত এখন ৰাষ্ট্ৰৰ ৰূপত থিয় দি আছে আৰু বিশ্বৰ বাবে আশাৰ এক কিৰণ হৈ উদ্ভাসিত হৈ ৰৈছে। এইখিনি আমাৰ ৭৫বছৰীয়া যাত্ৰাত সম্ভৱ হৈছে। বহুতেতো কয় ‘ইণ্ডিয়া ওৱাজ এ মিৰাকল ডেমক্ৰেচী’। আমি এই ভ্ৰমো নোহোৱা কৰিলো। গণতন্ত্ৰ আমাৰ তেজত প্ৰবাহিত হৈ আহিছে। আমাৰ উশাহে-নিশাহে সমাহিত হৈ আহিছে। আমাৰ প্ৰতিটো প্ৰয়াস গণতন্ত্ৰৰ ভাৱনাৰে পৰিপূৰ্ণ হৈয়ে থাকে। এই কথা আমি অনেক নিৰ্বাচন, অনেক চৰকাৰৰ পৰিৱৰ্তনৰে সাব্যস্ত কৰিছো। আৰু এই সকলো পৰিৱৰ্তিত চাৰকাৰকো সকলোৱে আন্তৰিকতাৰে স্বীকাৰ কৰি লৈ আগবঢ়াই আনিছে।

৭৫ বছৰ, ই এক ক্ৰম! আৰু সেয়ে গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে, আৰু আমাৰ দেশ এখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ। সহস্ৰ ভাষা, হাজাৰটা কথা, বিভিন্ন বেশভূষা, ক’তযে নাই বিবিধতা। ইমানৰ পিচতো আমি এক লক্ষ্য, এক পথেৰে এই কথা সাব্যস্ত কৰি দেখুৱাইছো। আজি আমি যেতিয়া ভাৰতৰ কথা পাতো স্বাভাৱিকতেই স্বামী বিবেকানন্দ জীয়ে যি,ষাৰ বাণী প্ৰকাশ কৰিছিল সেইষাৰ বাণী মই নিশ্চয় স্মৰণ কৰিব বিচাৰিম। বিবেকানন্দ জীয়ে কৈছিল- ‘এভ্ৰি নেশ্যন হেজ এ মেছেজ টু ডেলিভাৰ এ মিছন টু ফুলফিল এ ডেষ্টিনী টু ৰীচ্ছ’। অৰ্থাত্ ‘প্ৰতিখন ৰাষ্ট্ৰৰে একোটা বাৰ্তা থাকে। যাক বিলোৱাৰ প্ৰয়োজন হয়। সকলো ৰাষ্ট্ৰৰে একোটা মিছন থাকে যাক সেই ৰাষ্ট্ৰই আহৰণ কৰিব লাগে। সকলো ৰাষ্ট্ৰৰে এখন ভাগ্য থাকে যাক সেই ৰাষ্ট্ৰই লাভ কৰিব লাগে’। ক’ৰোনাৰ সময়ত ভাৰতে যেনে দৰে নিজকে চম্ভালি লোৱাই নহয়, পৃথিৱীখনকো চম্ভালি লোৱাত সহায়ৰ হাত আগবঢ়ালে, সেয়া এক প্ৰকাৰ এক ‘টাৰ্ণিং পইণ্টে’ই হয়। যি ভাৱনাক লৈ, যি সংস্কাৰক লৈ বেদৰ পৰা বিবেকানন্দ পৰ্যন্ত আমি লালিত-পালিত হৈছো। সেয়া হৈছে ‘সৰ্ব ভৱেন্তু সুখীনঃ। য়ে সৰ্ব ভৱেন্তু সুখীনঃ। সৰ্বে সন্তু নিৰাময়াঃ’।

ক’ৰোনা-সংকটৰ সময়ছোৱাত ভাৰতে এয়া সম্ভৱ কৰি দেখুৱালে। আৰু ভাৰতে এখন আত্মনিৰ্ভৰ ভাৰতৰ ৰূপত যেনেকৈ এটাৰ পিচত এটাকৈ সবল পদক্ষেপ গ্ৰহণ কৰিছে, আৰু জন-সাধৰণে খোজ আগবঢ়াইছে। পিচে, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল আমি সেই দিনবোৰ স্মৰণ কৰোচোন। দুখনকৈ বিশ্বযুদ্ধই পৃথিৱীখনক জোঁকাৰি থৈ গৈছিল। মানৱ জাতি, মানৱ প্ৰমূল্য সংকটে ঘেৰি ধৰিছিল। নিৰাশাই ছানি ধৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিচত বিশ্বযুদ্ধোত্তৰ পৃথিৱীখনত এটা নতুন ‘অৰ্ডাৰ’ ‘নিউ ৱৰ্ল্ড অৰ্ডাৰ’য়ে আকাৰ লাভ কৰিছিল। শান্তিৰ পথেৰে আগুৱাৰ শপত লৈছিল, সৈন্য নহয় সহযোগ, এই মন্ত্ৰ আওৰাই আগুওৱাৰ বাবে পৃথিৱীত সংকল্প প্ৰবল হৈ উঠিছিল। ৰাষ্ট্ৰসংঘ গঠন হৈছিল, ‘ইনষ্টিটিউশ্যন’ গঠন হৈছিল, ধীৰে ধীৰে ‘মেকানিজম’ তৈয়াৰ হৈছিল, যাতে বিশ্ব যুদ্ধোত্তৰ পৃথিৱীখনক শান্তিৰ দিশে আগুৱাই লৈ যাব পৰা যায়। পিচে, অনুভৱ আন কিবাহে ওলাল। অনুভৱ এয়াই হ’ল যে পৃথিৱীত শান্তিৰ কথা সকলোৱেই কৰিবলৈ ল’লে, বিশ্ব যুদ্ধোত্তৰ পৃথিৱীখনত আৰম্ভ হোৱা শান্তিৰ এই কথা-বতৰাৰ মাজতে শক্তিৱন্তসকলে কিন্তু নিজৰ সৈন্যবল বঢ়াবলৈ ধৰিলে। বিশ্বযুদ্ধৰ আগতে পৃথিৱীত যি সৈন্যবল আছিল, ৰাষ্ট্ৰসংঘ গঠনৰ পিচত সেই সংখ্যা বহুগুণে বাঢ়িবলৈ ধৰিলে। সৰু সৰু দেশো সৈন্যশক্তিৰ লেখেৰে আগুৱাই আহিবলৈ ধৰিলে। শান্তিৰ চৰ্চা বহুতেই হৈছিল, কিন্তু এটা কথা পৃথিৱীয়ে স্বীকাৰ কৰিবই লাগিব এই সকলোবোৰৰ মাজতে কিন্তু ডাঙৰ ডাঙৰ শক্তিসমূহে সৈন্যশক্তি বঢ়োৱাৰ কছৰত্ ঠিকেই কৰি গৈছিল। যিমানবোৰ ‘ইনোভেশ্যন’ হৈছিল, গৱেষণা হৈছিল সেয়া এইছোৱা সময়তে হৈছিল, সৈন্য শক্তিৰ বাবে। ‘পোষ্ট ক’ৰোনা’কো এখন বিশ্বযুদ্ধৰ দৰেই গণ্য কৰিব পাৰি। ইয়াৰ পিচতো পৃথিৱীত এক নতুন সম্বন্ধৰ বাতাবৰণে আকাৰ লৈছে।

আমি বিশ্বযুদ্ধৰ পিচত পৰিৱৰ্তিত হোৱা পৃথিৱীখনক মুক দৰ্শক হৈ চায়েই থাকিম আৰু নিজকে ক’ৰবাত ‘এডজাষ্ট’ কৰিব পাৰিনেকি তাৰ সুৰুঙা বিচাৰিয়েই থাকিমনেকি, সেই ক্ষেত্ৰত আমি সিদ্ধান্ত ল’ব লাগিব। আমাৰ বাবে সেইছোৱা সময় তেনেকুৱাই আছিল। পিচে, আজি ক’ৰোনাৰ পিচৰ পৃথিৱীখনত যি পৰিস্থিতিৰ সৃষ্টি হ’ব, আৰু সেয়া হ’বই। সেই পৰিৱৰ্তনবা কেনেকুৱা হয়, কেনেধৰণৰ হয়, কোনে ইয়াৰ আগভাগ ল’ব, সেয়াতো সময়ে ক’ব। কিন্তু পৃথিৱীয়ে যেনেধৰণৰ সংকটৰ বোজা বহণ কৰিবলগীয়া হ’ল, পৃথিৱীয়ে সেই কথাক লৈ ভাবিবলৈ বাধ্য হ’ল আৰু হোৱাতো স্বাভাৱিকেই। এনে পৰিস্থিতিত পৃথিৱীৰ পৰা আঁতৰি থাকিব নোৱাৰি। ভাৰতে এটা কোণত সোমায়ো থাকিব নোৱাৰে। আমিও এক পাৰদৰ্শী খেলুৱৈৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগিব। পিচে, কেৱল জনসংখ্যাৰ আধাৰাতে আমি পৃথিৱীত আমাৰ সামৰ্থ্য সাব্যস্ত কৰিব নোৱাৰিম। সেয়া নিশ্চয় এক শক্তিৰ আধাৰ হয়, পিচে, সেয়াৰেই নচলিব। নতুন ‘ৱৰ্ল্ড অডাৰ’ত ভাৰতে নিজৰ স্থান তৈয়াৰ কৰিবলৈ ভাৰত শক্তিশালী হ’ব লগিব, সামৰ্থ্যবান হ’ব লাগিব আৰু তাৰ বাবে পথ হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’। আজি ফাৰ্মেচীৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰ হৈছো। আমি পৃথিৱীৰ কল্যাণৰ কামত আহিছো। ভাৰত যিমানেই আত্মনিৰ্ভৰ হ’ব আৰু যাৰ শিৰাই শিৰাই ‘সৰ্বে ভৱেন্তু সুখীনঃ’ৰ মন্ত্ৰ প্ৰবাহিত, তেওঁ যিমান সামৰ্থবান হ’ব মানৱ জাতিৰ কল্যাণৰ বাবে, বিশ্ব কল্যাণৰ বাবে এক বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে আৰু সেয়ে আমি আত্মনিৰ্ভৰ হোৱাৰ কথাত উঠি-পৰি লাগিব লাগিব। এয়া কেৱল শাসন-ব্যৱস্থাৰ চিন্তা নহয়, এয়া কেৱল কোনোবা ৰাজনীতিক নেতাৰো কথা নহয়। আজিৰ হিন্দুস্থানৰ প্ৰতিটো কোণতে ‘ভোকেল ফৰ লোকেল’, ‘ভোকেল ফৰ লোকেল’ৰ ধ্বনি শুনিবলৈ পোৱা যায় আৰু মানুহেও ‘লোকেল’ৰ বাবে হাত উজান দিবলৈ লৈছে। এই আত্ম গৌৰৱৰ ভাব ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে খুবেই কামত আহিছে আৰু মোৰ বিশ্বাস আছে যে আমি আমাৰ সকলোৰে চিন্তা, সকলোৰে নীতি, আমাৰ এটাই সিদ্ধান্ত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ আমি যিয়েই কৰিব লাগে, যি পৰিৱৰ্তন সাধন কৰিব লাগে, তেনে পৰিৱৰ্তন সাধন কৰাতো বাঞ্চনীয় বুলি মই অনুভৱ কৰিছো।

এই আলোচনাৰ মাজত প্ৰায় সকলো মাননীয় সদস্যই ক’ৰোনাৰ চৰ্চা কৰিছে। আমাৰ বাবে সন্তোষৰ বিষয়, গৌৰৱৰ বিষয় এই যে ক’ৰোনাৰ কাৰণে কিমান ডাঙৰ সমস্যা হ’ব, পৃথিৱীত যি অনুমান প্ৰকট কৰা হৈছিল, বহুত ডাঙৰ ডাঙৰ ‘এক্সপাৰ্টে’ যিবোৰ অনুমান কৰিছিল। ভাৰততো ভয়ৰ এক বাতাবৰণ সৃষ্টি কৰাৰ বাবে জোৰদাৰ প্ৰয়াস চলোৱা হৈছিল। আৰু এটা অচিনা-অজানা শত্ৰুক লৈ কোনেও বিশ্বাসযোগ্যকৈ একো কথাই ক’ব পৰা নাছিল। বিশ্বাসৰে কোনেও একো কৰিবও পৰা নাছিল। এনে এক অচিন শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল। ইমান এখন বিশাল দেশ, ইমান ঘন বসতিপূৰ্ণ দেশ, ইমান কম সা-সুবিধা থকা দেশ, পৃথিৱীয়ে সন্দেহ কৰাটো নিতান্তই স্বাভাৱিকো আছিল। বিশ্বৰ ডাঙৰ ডাঙৰ দেশবোৰেই ক’ৰোনাৰ সন্মুখত ঠাৱৰিব পৰা নাই, তেন্তে ভাৰতনো কোন কুটা। এতিয়া আকৌ এবাৰ ভাৰতৰ অৱস্থা শোচনীয় হৈ পৰিব লাগিলে আৰু কোনেও বচাব নোৱাৰিব। এনে এক সমীকৰণো মানুহে ৰচনা কৰিবলৈ ধৰিছিল। এনে পৰিস্থিতিত ১৩০ কোটি দেশবাসীয়ে শৃংখলাবদ্ধতাৰে, নিতান্তই সমৰ্পিত মনোভাৱৰে তেওঁলোকে আজি আমাক বচাই দিলে। ইয়াৰ ১০০শতাংশ শ্ৰেয় ১৩০ কোটি হিন্দুস্থানীৰ, আৰু ইয়াক লৈ আমি গৌৰৱ কৰা উচিত। ভাৰতৰ এক পৰিচিতি তৈয়াৰ কৰাৰ বাবেও এয়া এক সুবৰ্ণ সুযোগ আহিছে। আমি নিজকে কোচ খুৱাই ৰাখি পৃথিৱীক স্বীকৃতি প্ৰদান কৰিবলৈ দিলে সেয়া কেতিয়াও সম্ভৱ নহ’ব। আমি ঘৰতে বহি থাকি নিজৰ ত্ৰুতি-নাটিৰে যুঁজিম, আমাৰ দুৰ্বলতাসমূহ আঁতৰোৱাৰ প্ৰয়াস কৰিম। পিচে, পূৰ্ণ বিশ্বাসৰে পৃথিৱীৰ সন্মুখত নিজকে প্ৰতিস্থা কৰাৰ সামৰ্থ্যকো সিদ্ধ কৰিম। তেতিয়াহে পৃথিৱীয়ে আমাক আদৰি ল’ব। যদি আপুনি আপোনাৰ সন্তানসকলক ঘৰতে গ্ৰহণ নকৰে আৰু সেই কাম আনে কৰক বুলি ভাবে, কোনেও স্বীকাৰ নকৰে। এয়াই জগতৰ নিয়ম আৰু সেয়ে আমি এই কাম কৰা উচিত।

শ্ৰীমান মনীষ তিৱাৰী জীয়ে এটা কথা কৈছিল, তেওঁ কৈছিল যে ‘ভগবানৰ কৃপাতে আমি ক’ৰোনাৰ পৰা ৰক্ষা পালো’। মই এই কথাত নিশ্চয় ক’ব বিচাৰিম-- এয়া ভগবানৰে কৃপা, যাৰ কাৰণে পৃথিৱী ইমানকৈ কঁপি উঠিল আৰু আমি বাছি গ’লো, ভগবানৰ কৃপাতে। কিয়নো, সেইসকল ডাক্তৰ অথবা নাৰ্ছ ভগবানৰ ৰূপ লৈ আহিছিল। কিয়নো, সেইসকল ডাক্তৰ নাৰ্ছে তেওঁলোকৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰক আবেলিলৈ ঘূৰি আহিম ওলাই গৈছিল। তেওঁলোক কিন্তু ১৫-১৫দিন ধৰি ঘৰলৈ উভতিব পৰা নাছিল। তেওঁলোকে ভগবানৰ ৰূপ লৈ কৈছিল। আমি ক’ৰোনাৰ লগত বিজয় লাভ কৰিলো কিয়নো, আমাৰ ছাফাই কৰ্মীসকল, মৃত্যু আৰু জীৱনৰ খেল তেওঁলোকৰ বাবেও আছিল। কিন্তু, যিসকল ৰোগীৰ কাষলৈ কোনো যাব পৰা নাছিল। মোৰ ছাফাই কৰ্মী তালৈ গৈ তেওঁলোকক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰয়াস কৰিছিল। ভগবানৰ ৰূপৰ পৰা ছাফাই কৰ্মী ৰূপ লৈ আহি। কোনোবা এম্বুলেন্স চলোৱা ড্ৰাইভাৰ, হয়তো কাৰোবাৰ পঢ়া-শুনা নাছিলেই। তেওঁলোকে ঠিকেই জানিছিল যাক কঢ়িয়াই নি থকা হৈছে, তেওঁলোক ‘ক’ৰোনা পজিটিভ’ লোক। সেইসকল এম্বুলেন্সৰ ড্ৰাইভাৰ ভগবানৰ ৰূপ লৈ আহিছিল। আৰু সেয়া ভগবানৰ ৰূপেই আছিল। যিয়ে আমাক বচালে। তাকে যেনিবা ভগবানে বেলেগ বেলেগ ৰূপ ধাৰণ কৰি আহিছিল। আৰু আমি যিমানেই সেইসকলক প্ৰশংসা কৰিম, তেওঁলোকক লৈ যিমানেই গৌৰৱ কৰিম, আমাৰ ভিতৰতো একধৰণৰ শক্তি উত্পন্ন হ’ব। কিবা কাৰণে যিসকল লোকৰ মনত নিৰাশাই বাঁহ লৈছিল তেঁওঁলোককো মই কও যে কিছু সময়ৰ বাবে ১৩০ কোটি দেশবাসীৰ এই পৰাক্ৰমৰ কথা মনত পেলাওক। আপোনালোকৰ অভ্যন্তৰতো শক্তি সঞ্চাৰিত হ’ব।

 

মাননীয় অধ্যক্ষ মহোদয়,

 

এই ক’ৰোনা কাল দৰাচলতেই পৰীক্ষাৰ সময় আছিল, সংকটৰ সন্মুখীন হ’লেহে সঁচা পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণ পৰিস্থিতিত এইবোৰ কথা মনলৈ নাহে। ক’ৰোনা কালত পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ দেশৰ কি অৱস্থা হ’ল সেয়া সকলোৱে দেখিছে। এই সংকটৰ সময়ত তেওঁলোকৰ নাগৰিকসকলক সহায় কৰাৰ বাবে পোণপতীয়াকৈ পইচা পঠোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আপোনালোকে শুনি আচৰিত হ’ব ‘ক’ৰোনা’, ‘লকডাউন’, ‘আশংকা’ আদিৰ ধামখুমীয়াত বহুতো দিব বিছাৰিছিল যদিও, হাতত পাউণ্ড, ডলাৰ অপৰ্যাপ্ত আছিল যদিও তেওঁলোকে নাগৰিকসকললৈ সেয়া পঠাব পৰা নাছিল। বেংক বন্ধ, ডাক বন্ধ, ব্যৱস্থাসমূহ বন্ধ হোৱাৰ ফলত একোৱেই কৰিব নোৱাৰিলে। মন নিশ্চয় আছিল, ঘোষণাও কৰিছিল, এইবোৰৰ মাজত কেৱল হিন্দুস্থানে ক’ৰোনা-সংকটত প্ৰায় ৭৫ কোটিৰো অধিক নাগৰিকলৈ আঠমাহ ধৰি ৰেচন পঠাবলৈ সক্ষম হৈছিল। এইখন ভাৰতেই ‘জনধন একাউণ্ট’, ‘আধাৰ’ আৰু ‘মোবাইল’ৰ দ্বাৰা দুইলাখ কোটি টকা এই সংকটৰ সময়ছোৱাত নাগৰিকলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্য চাওকচোন, যি ‘আধাৰ’, যি ‘জনধন একাউণ্ট’, যি ‘মোবাইল ফোন’ দুখীয়া-দৰিদ্ৰৰ সহায়ক সিদ্ধ হ’ল, সেই ‘আধাৰ’কে বাধা দিবৰ বাবে কিছুমান মানুহ আদালত পৰ্যন্ত গৈছিল। কোনোবা অক’ উচ্চতম ন্যায়ালয় পাইছিলগৈ। মাজে মাজেতো মই ভাবো, আৰু আজি মই এই কথা বাৰে বাৰে ক’ম, অধ্যক্ষ মহোদয় মোক ক্ষমা কৰিব। মোক একমিনিটৰ বিৰতি লোৱাৰ বাবে অনুমতি দিয়াত মই কৃতজ্ঞতা জনাইছো। এইখন সদনত কেতিয়াবা অজ্ঞানেও বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে।

 

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

 

থেলাৱালা, পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰোতাসকলৰ দৰে লোকসকলে ক’ৰোনাৰ সংকটৰ সময়ত ধন পালে, পইচা পালে আৰু আমি এই কাম সফলতাৰে সম্পন্ন কৰিব পাৰিলো। আদৰণীয় অধ্যক্ষ মহোদয়, এই সময়ছোৱাতো আমি অৰ্থব্যৱস্থাৰ সংস্কাৰ সাধনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিলো। আৰু আমি এই মনোভাবে চলিব বিচাৰিছিলো যে ভাৰতৰ দৰে অৰ্থব্যৱস্থাক উদ্বুদ্ধ কৰিবলৈ, উজ্জীৱিত কৰি তুলিবলৈ আমি কেতবোৰ মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব, আৰু আপোনলোকে চাগৈ লক্ষ্য কৰিছিল যে আমি ‘ডে’ ওৱান’ৰ পৰাই অনেক বিধিৰে সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিলো আৰু ইয়াৰ সুবাদতে আজি টেক্টৰেই হওক, গাড়ীয়েই হওক, এনেবোৰ বস্তুৰ অভিলেখ সংখ্যক বিক্ৰী হৈছে। আজি ‘জিএছটি’ৰ সংগ্ৰহো অভিলেখ পৰিমাণৰ হৈছে। এই সকলো তথ্যই আমাৰ অৰ্থব্যৱস্থাৰ উজ্জীৱিত অৱস্থাটোকে প্ৰতীয়মান কৰিছে। এইবোৰ তথ্যই ভাৰতৰ অৰ্থব্যৱস্থাইযে নতুন উদ্যমৰে গতি লাভ কৰিছে সেই কথাকে প্ৰতিপন্ন কৰিছে। আৰু পৃথিৱীৰ বহু লোকে প্ৰায় দুটা ‘ডিজিট’ৰ অৰ্থনৈতিক উন্নয়ণো নিশ্চিত ভাবেই সম্ভৱ হ’ব বুলি পূৰ্বানুমান প্ৰকট কৰিছে। দুটা ‘ডিজিট’ৰ উন্নয়ণ সকলো বিশেষজ্ঞয়েই কৰা দেখিবলৈ পাইছো, আৰু মোৰো বিশ্বাস ইয়াৰ বাবেই এই সংকটৰ কালতো, এই পৰিস্থিতিৰ মাজতো দেশবাসীয়ে আশা কৰা ধৰণৰেই দেশে প্ৰগতি কৰিব।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

 

এই ক’ৰোনাৰ কালতে তিনিখন কৃষি আইনো অনা হৈছিল। কৃষিখণ্ডত সংস্কাৰ সাধান কৰাটো নিতান্তই আৱশ্যক আছিল, বহু দিনে আমাৰ কৃষিখণ্ডই যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল সেয়া আঁতৰোৱাৰ বাবে এয়া বহুতেই মহত্বপূৰ্ণও আছিল। সেয়ে, আমি এক বিনম্ৰ প্ৰয়াস কৰিছিলো। পিচে, কিছু সংখ্যক বিদ্বানে কিছুমান সম্ভাৱনাৰ দোহাই দিবলৈ আৰম্ভ কৰিলে। এইবোৰ দেখি শুনি মোৰ কোৱাৰ শব্দই নোহোৱা হৈছে। আমি এইবোৰ সম্ভাৱনাৰ মোকাবিলা এতিয়াৰ পৰাই কৰিব লাগিব বোলে। মই দেখিছো, ইয়াতো যি আলোচনা হৈছে, বিশেষকৈ আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলে যিধৰণৰ আলোচনা আগবঢ়াইছে। তেওঁলোকে আইনকেইখনৰ ৰঙক লৈতো বহুত ব্যাখ্যা-বিশ্লেষণ কৰিছে, কিন্তু আইনকেইখনৰ ‘কণ্টেটক’ লৈ যদি আলোচনা কৰিলেহেতেন, আইনকেইখনৰ ‘ইণ্টেটক’ লৈ যদি আলোচনা কৰিলেহেতেন তেন্তে ভাল আছিল। তেতিয়া হ’লে কৃষকসকলেও আচল কথা জানিব পাৰিলেহেতেন। মোৰ বিশ্বাস আছিল দাদাই দিয়া ভাষণত ভাল কথা শুনিম বুলি, মই ভাবিছিলো তেওঁ ভালকৈ অনুশীলন কৰি আহিছে, পিচে, তেওঁ আইনৰ কথা কোৱাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে আৰু তেওঁলোকৰ সতীৰ্থসকলেনো কিয়া বংগ যাত্ৰা কৰিছে তাক লৈহে বিস্তৃত ব্যাখ্যা আগবঢ়ালে। এনে হোৱাত দাদাৰ জ্ঞানৰ পৰা আমি এইবাৰ বঞ্চিত হ’বলগীয়া হ’লো। ঠিক আছে, নিৰ্বাচনৰ পিচত যদি আপোনালোকে সুযোগ পাই, কিমান মহত্বপূৰ্ণ প্ৰদেশ, সেইকৰাণেইতো আমি কৰি আছো। আপোনালোকেতো ইয়াক ইমান পিচ পেলাই ৰাখিলে, আমি কিন্তু ইয়াক প্ৰমুখতা প্ৰদান কৰিব বিচাৰিছো। আমি এটা কথা বুজা উচিত, যি পৰ্যন্ত আন্দোলনৰ কথা, দিল্লীৰ বাহিৰত আমাৰ কৃষক ভাই-ভনীসকলে অৱস্থান কৰি আছে, যিধৰণে ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে, যেনেধৰণৰ অপপ্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে তেওঁলোক তাৰ স্বীকাৰ হ’বলগীয়া হৈছে। --মোৰ ভাষণ সম্পূৰ্ণ হোৱাৰ পিচত আপোনালোকে যি মন যায় সকলো কৰিব, আপোনালোকে নিশ্চয় সুযোগ পাইছিল। আপোনালোকে এনেকুৱা শব্দ তেওঁলোকৰ বাবে উচ্চাৰণ কৰিব পাৰে, আমি কিন্তু নোৱাৰো। আমাৰ শ্ৰীমান কৈলাস চৌধুৰী জীয়ে, আৰু চাওকচোন মই কিমান সেৱা কৰো আপোনাক, আপোনাৰ য’ত ‘ৰেজিষ্টাৰ’ কৰাব লাগিছিল সেয়া হৈ গৈছে।

 

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

 

আন্দোলন কৰি থকা কৃষক বন্ধুসকলৰ ভাৱনাক এই সদন আৰু এইখন চৰকাৰেও আদৰ কৰে, কৰি থাকিবই। আৰু সেয়ে, চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, যেতিয়া এই আন্দোলনটো পাঞ্জাৱত আছিল তেতিয়াও আৰু তাৰ পিচতো, নিৰন্তৰ তেওঁলোকৰে আলোচনা কৰি আহিছে। কৃষকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই কৰি আহিছে। শ্ৰদ্ধা ভাবেৰেই কৰি আহিছে।

মাননীয় অধ্যক্ষ মহোদয়, নিৰন্তৰ আলোচনা চলি আহিছে। পঞ্জাৱত থকা সময়তো, দিল্লীলৈ অহাৰ পিচতো। এই আলোচনাত কৃষকসকলৰনো কি বিষয়ত আশংকা আছে সেইবোৰ কথা বিচাৰি উলিওৱাৰ বাবেও সম্পূৰ্ণ প্ৰয়াস চলাই থকা হৈছে। তেওঁলোকক কৈ অহা হৈছে যে আইনৰ প্ৰতিটো দফাৰ ওপৰত আলোচনা কৰা হ’ব। নৰেন্দ্ৰ সিং টোমৰজীয়ে এই বিষয়ে বিস্তাৰিত ভাবে ৰাজ্যসভাত অৱগতও কৰিছে। দফাই দফাই আলোচনা কৰাৰ কথা কোৱা হৈছে, আৰু আমি ভাবো যদি ইয়াতো কিবা কম হয়, আৰু সঁচাকৈয়ে যদি কৃষকসকলৰ কিবা লোকচান হয় তেন্তে সলাই দিলেনো কাৰ কি যাব, নহয় জানো? দেশবাসীৰ বাবে যদি কিবা সিদ্ধান্ত লোৱা যায় সেয়া কৃষকৰ বাবেও, তথাপি আমি অপেক্ষা কৰিম, তেওঁলোকে কিবা ‘স্পেচিফিক’কৈ কয় আৰু সেয়া যদি ‘কনভিন্সিং’ হয় তেন্তে আমাৰ কোনো সংকোচেই নাই, আৰু সেয়ে আমি যেতিয়া আৰম্ভণীতে, তেওঁলোক যেতিয়া পাঞ্জাৱত আছিল, ইয়াক ‘অ’ৰ্ডিনেন্স’ৰ দ্বাৰাই তিনিওখন আইন বলবত্ কৰা হৈছিল। পিচত সংসদে পাৰিত কৰিছিল। আইন বলবত্ হোৱাৰ পিচত দেশত কোনো মণ্ডি বন্ধ হোৱা নাছিল, বন্ধ হোৱা নাছিল ‘এমএছপি’ও। এয়া সত্য, যাক আমি গোপনে ৰাখি কাম কৰো, যাৰ কোনো প্ৰয়োজনেই নাই। সেয়াই নহয়, ‘এমএছপি’ৰে ক্ৰয়ৰ পৰিমান বাঢ়িছে, আৰু এয়া আইন বলবত্ হোৱাৰ পিচত বাঢ়িছে।

 

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

 

এই হৈ হাল্লা, এই চিঞৰ-বাখৰ, এনে বাধা দিয়াৰ প্ৰয়াস, এই সকলোবোৰ এক ভাবি-চিন্তি কৰা ৰণনীতিৰ আধাৰতে চলাই থকা হৈছে, আৰু ভাব-চিন্তি কৰা ৰণনীতি এয়ে যে যি অসত্য প্ৰচাৰ কৰা হৈছে, যি অপপ্ৰচাৰৰ দিহা কৰা হৈছে তাক উদঙাই দিয়া হ’ব, সত্য যেতিয়া উন্মোচিত হ’ব তেতিয়া তাত থকা সম্ভৱ হৈ নাথাকিব আৰু সেয়ে হৈ হাল্লা চলি থাকক, যেনেকৈ বাহিৰত কৰিছিল তেনেকৈয়ে ভিতৰতো কৰক, এই খেলেই চলি আছে। পিচে, আপোনালোক যে জিকিব এই বিশ্বাস লৈ আপোনালোক আগবাঢ়িব পৰা নাই। মাননীয় অ্ধ্যক্ষ মহোদয়, অধ্যাদেশৰ পিচত আৰু সংসদত আইন তৈয়াৰ কৰাৰ পিচত যিকোনো কৃষকক মই সুধিব বিচাৰিছো, আগতে যিবোৰ অধিকাৰ তেওঁলোকে লাভ কৰিছিল, যিবোৰ ব্যৱস্থা আছিল, সেইবোৰৰ এটাও এই নতুন আইনে নোহোৱা কৰিলে নে বাৰু? ইয়াৰ আলোচনা, ইয়াৰ উত্তৰ কোনেও দিয়া নাই। সকলোখিনিয়েই পুৰণিখিনিৰ দৰে একেই। মাত্ৰ কেতবোৰ অতিৰিক্ত বিকল্প আগবঢ়োৱা হৈছে। সেয়াও জানো বাধ্যতামূলক হয়? কোনো আইনৰ বিৰোধিতা তেতিয়াহে গ্ৰাহ্য হয় যেতিয়া সেয়া বাধ্যতামূলক হয়। এয়াতো ‘অপশ্যনেল’। আপোনাৰ ইচ্ছা অনুসৰি য’লৈকে যাব বিচাৰে যাব পাৰে। য’তেই অধিক লাভ তালৈকে খেতিয়কসকল যাব পাৰে, এনেকুৱা ব্যৱস্থাহে কৰা হৈছে। এতিয়া, অধিৰঞ্জন জী, এতিয়া অধিক হৈছে, অধিৰঞ্জন জী ‘প্লীজ’ এতিয়া অলপ বেছি হৈছে...। মই আপোনাক সন্মান কৰা মানুহ। আৰু মই প্ৰথমেই কৈ দিছো, আপুনি যিমানখিনি কৰিলে সেয়া ইয়াত ‘ৰেজিষ্টাৰ্ড’ হৈ গ’ল। আৰু বংগতো ‘টিএমচি’তকৈ অধিক প্ৰচাৰ আপোনালোকে পাই যাব...বাবা ইমানকৈনো কিয়? হয়, দাদা, চাওক মই কৈ দিছো, চিন্তা কৰিব নালাগে, কৈ দিছো। অধিৰঞ্জন জী, ‘প্লীজ’, অধিৰঞ্জন জী। এনে কৰিলে ভাল নালাগে, মই ইমান আদৰ কৰো, আজি আপুনি এনেকুৱা কিয় কৰিছে? এনেকুৱা নকৰিব। আৰে ভাই...সীমাৰ বাহিৰ হৈ গৈছে।

এই যে আইনকেইখন অধ্যক্ষ মহোদয়, কাৰো বাবেই বন্ধনকাৰী নহয়। তেওঁলোকৰ বাবে বিকল্পহে প্ৰদান কৰিছে আৰু য’ত বিকল্প থাকে তাত বিৰোধৰ কোনো প্ৰয়োজনীয়তাই নাথাকে। মই দেখিছো আন্দোলনৰ এক নতুন ধাৰা আৰম্ভ হৈছে। যিসকল ‘আন্দোলনকাৰী’ তেওঁলোকে এই ধাৰা গ্ৰহণ নকৰে...এই ধৰা গ্ৰহণ কৰে ‘আন্দোলনজীৱী’য়েহে। আৰু তেওঁলোকে কয়, এনেকুৱা হৈছে, এনেকুৱা হ’বই। আৰে ভাই! যিবোৰ হোৱাই নাই, তাৰ ভয় দেখুৱাই, আৰু বিগত বহুকেইটা বছৰে নিৰন্তৰ সৰ্বোচ্চ ন্যায়ালয়ে কিবা ৰায়দান কৰিলেই বা কেতিয়াবা ৰায় দান নৌ কৰোতেই একেবাৰে ধুমুহাৰ সৃষ্টি কৰি দিয়া হয়, দেশত জুই জ্বলাই দিয়াৰ ব্যৱস্থা কৰা হয়। এই যে ধাৰাৰ সৃষ্টি কৰা হৈছে...যি সকলে গণতন্ত্ৰক বিশ্বাস কৰে, যিসকলে অহিংসাক বিশ্বাস কৰে, সেই সকলৰ বাবে এয়া চিন্তাৰ বিষয় হোৱা উচিত। এয়া কেৱল চৰকাৰৰ চিন্তাৰ বিষয় নহয়, দেশৰহে চিন্তাৰ বিষয় হোৱা উচিত। ‘প্লীজ’ পিচত কৰিব, পিচত কৰিব, পিচত সময় আপুনিও পাব।

মাননীয় অধ্য৭ মহোদয়,

পুৰণি মণ্ডিসমূহৰ ক্ষেত্ৰতো কোনো বাধা আৰোপ কৰা হোৱা নাই, এইবেলিৰ বাজেটত এই মণ্ডিসমূহৰ আধুনিকীকৰণৰ বাবে, এইবোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বাজেটত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ উথ্থাপণ কৰা হৈছে। আৰু এই বাজেটৰ মাধ্যমেৰেই মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যি সিদ্ধান্ত ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’-ৰ ভাৱনাৰ সৈতেই লোৱা হৈছে।

আদৰণীয় অধ্যক্ষ ডাঙৰীয়া,

‘তিনি তালক’ৰ বিৰুদ্ধেও আইন প্ৰণয়ন কৰা হ’ল। এই আইনো কোনেও দাবী কৰা নাছিল। কিন্তু প্ৰগতিশীল সমাজৰ বাবে ইয়াৰ আৱশ্যকতা আছিল সেয়ে এই আইন আমি যুগুতালো। আমাৰ দেশত বাল্য বিবাহ নিষিদ্ধকৰণ বিচাৰি কোনেও আইন তৈয়াৰ কৰিবলৈ দাবী কৰা নাছিল, কিন্তু তাৰ পিচতো আইন কিন্তু প্ৰস্তুত কৰা হৈছিল। কিয়নো প্ৰগতিশীল সমাজৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা আছিল। বিবাহৰ বয়স বঢ়োৱাৰ বাবেও সিদ্ধান্ত গ্ৰহণৰ দাবী কোনেও উথ্থাপণ কৰা নাছিল, কিন্তু প্ৰগতিশীল বিচাৰৰ সৈতে সিদ্ধান্ত সলোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। কন্যাসকলৰ সম্পত্তিৰ অধিকাৰ-কোনেও দাবী কৰা নাছিল, কিন্তু এখন প্ৰগতিশীল সমাজৰ বাবে ইয়াৰ প্ৰয়োজন আছিল। আৰু সেয়ে আইন যুগুতোৱা হ’ল। শিক্ষাৰ অধিকাৰ দিয়াৰ প্ৰসংগতো সমাজৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখিয়েই আইন বলবত্ কৰা হৈছিল। আগতে বাৰু ইমানবোৰ সংস্কাৰ হৈছিলনে? পৰিৱৰ্তনকামী সমাজে এইবোৰ স্বীকাৰ কৰি লৈছেনে নাই, সেয়া পৃথিৱীয়ে ভালকৈয়ে জানে।

হিন্দুস্থানৰ সবাতোকৈ পুৰণি দল আছিল কংগ্ৰেছ পাৰ্টী। পিচে দলটোৰ আজিৰ অৱস্থা তথৈবচ হৈছেগৈ। আজিৰ তাৰিখত দলটোৰ এনে অৱস্থা হৈছেগৈ যে দলটোৱে ৰাজ্যসভাত এটা স্থিতি গ্ৰহণ কৰে আৰু লোকসভাত আন এটা স্থিতি গ্ৰহণ কৰে। এনেকুৱা বিভাজিত দল, ইমান ‘কনফিউজ পাৰ্টী’, না দলটোৱে নিজৰ মংগল কৰিব পাৰে, না দেশৰ মংগলৰ বাবে কিবা সমাধান সূত্ৰ আগবঢ়াব পাৰিব। ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু কি হ’ব পাৰে। ৰাজ্যসভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে বহুত আনন্দ, উত্সাহৰে বাদ-বিবাদত অংশগ্ৰহণ কৰিছে, বিস্তাৰিত ভাবে আলোচনা কৰিছে, কিন্তু ইয়াত কংগ্ৰেছে বেলেগ ভূমিকা পালন কৰিছে...এতিয়া ইয়াৰ বিচাৰ সময়ে কৰিব।

আদৰণীয় অধ্যক্ষ ডাঙৰীয়া,

‘ইপিএফ পেন্সন যোজনা’-এটা সময় আছিল কোনোবাই ৭টকা পেন্সন পাইছিল, কোনোবাই, ২৫, কোনোবাই ৫০, কোনোবাই হয়তো ২৫০টকা পাইছিল। পেন্সন আনিবলৈ যাওতাসকলৰ বাবে এয়া এবাৰৰ ৰিক্সাৰ ভাড়াও হয়তো নহ’ব। এটা সময়ত দেশত পেন্সনৰ এনে দশাই আছিল। ২০১৪ চনত আমি যেতিয়া শাসনলৈ আহিলো তেতিয়া এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কথা ভাবিলো। আমাক কোনেও দাবী কৰাহি নাছিল, কোনো মজদুৰ সংগঠনেও আনকি এখনো আবেদন কৰা নাছিল। পিচে, আমি ইয়াৰ সংস্কাৰ সাধন কৰি পেন্সনৰ ন্যূনতম ৰাশি ১০০০টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। এইখন দেশৰ ক্ষুদ্ৰ কৃষকসকলক অলপ সন্মানিত ধন পোৱাৰ দিহা কৰাৰ বাবেও কোনেও মোক দাবী দিয়াহি নাছিল, কোনো কৃষক সংগঠনৰ পৰা আৰ্জি তোলা নাছিল, কিন্তু আমি ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা’ ৰূপায়ণৰ জৰিয়তে তেওঁলোকক সন্মুখৰ পৰা কিছু ধন দিয়াৰ ব্যৱস্থা কৰিছো।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

যিকোনো আধুনিক সমাজৰ বাবে পৰিৱৰ্তন নিতান্তই আৱশ্যক হয়। এটা সময় আছিল যেতিয়া ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, জ্যোতিবা ফুলে, বাবা চাহেব আম্বেদকাৰৰ দৰে অগণন মহাপুৰুষে সমাজৰ আগত, সমাজৰ প্ৰচলিত ধাৰাৰ বিপৰীতে গৈ সমাজ সংস্কাৰৰ কঠোৰ প্ৰয়াস কৰিছিল, ব্যৱস্থাৰ পৰিৱৰ্তনৰ দায়িত্ব বহণ কৰিছিল। আৰম্ভণীতে এনেবোৰ প্ৰসংগত সমাজত বিৰোধ নিশ্চয় হৈছিল, পিচে কথাবোৰৰ সত্যতা যেতিয়া প্ৰতিপন্ন হৈছিল তেতিয়ালৈ ৰাইজে ইয়াক স্বীকাৰ কৰিও লৈছিল। ভাৰতৰ দৰে এখন বিশাল দেশত, বিবিধতাৰে পৰিপূৰ্ণ এখন দেশত সকলোকে সমানে সন্তুষ্ট কৰিব পৰা সিদ্ধান্ত গ্ৰহণ কৰাটো সহজ কথা নহয়। কেতিয়াবা কাৰোবাক সন্তুষ্ট কৰা সিদ্ধান্তই কাৰোৱাক বঞ্চিত কৰিবও পাৰে। পিচে, দেশত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ‘লাৰ্জাৰ ইণ্টাৰেষ্ট’-ৰ মন্ত্ৰ সাৰোগত কৰা হয়। ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’-ৰ সিদ্ধান্তৰে আমি কাম কৰো।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

এনেধৰণৰ চিন্তাধাৰাৰে মোৰ বিৰোধ আছে। যেতিয়া প্ৰশ্ন উথ্থাপন কৰা হয় গংগা আছিল জানো? আমি কি সামন্তবাদীনেকি? দেশৰ জনতাই আমাৰ পৰা ভিক্ষা বিচাৰিব লাগিব নেকি? তেওঁলোকক ভিক্ষা বিচৰাৰ বাবে বাধ্য কৰিম নেকি? এনেধৰণৰ চিন্তাৰ অৱকাশ গণতন্ত্ৰত থাকিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰ সদায় সংবেদনশীল হোৱা উচিত। লোকতান্ত্ৰিক ব্যৱস্থাৰে জনতাৰ মংগলৰ বাবে চৰকাৰ দায়বদ্ধ হৈ আগুৱাই যাব লাগিব। দেশৰ জনতাই ‘আয়ুষ্মান ভাৰত যোজনা’ বিচৰা নাছিল, কিন্তু আমি ভাবিলো দুখীয়া ৰাইজক অসুখৰ পৰা বচাবলৈ হ’লে ‘আয়ুষ্মান ভাৰত’ৰ দৰে যোজনা বলবত কৰাতো বাঞ্চনীয় হ’ব। এইখন দেশৰ দুখীয়া ৰাইজে বেংকৰ একাউণ্টৰ বাবে কেতিয়াও সমদল উলিওৱা নাছিল, কোনো স্মাৰক পত্ৰও দাখিল কৰাহি নাছিল। আমি ‘জনধন যোজনা’ৰ ব্যৱস্থা কৰিছিলো আৰু এই ‘জনধন যোজনা’ৰ অধীনত আমি তেওঁলোকৰ বাবে একাউণ্ট মুকলি কৰিছিলো।

‘সচ্ছ ভাৰত’ৰ আহ্বানো কোনেও জনোৱা নাছিল...পিচে, দেশৰ সন্মুখত যেতিয়া ‘স্বচ্ছ ভাৰত’ৰ প্ৰসংগ উথ্থাপণ কৰা হৈছিল তেতিয়া কথাটোৱে গতি লৈছিল। ক’তনো মানুহে মোৰ ঘৰত শৌচালয় সাজকহি বুলি খাটনি ধৰিছিল...আমিহে দহ কোটি ঘৰত শৌচালয় সজাৰ কাম সম্পন্ন কৰিছিলো। কিবা বিচাৰিলেহে চৰকাৰে কৰিব, সেই ধাৰণাৰ সময় এতিয়া উকলি গ’ল। এয়া লোকতন্ত্ৰ, এয়া সামন্তীয় চৰকাৰ নহয়। আমি ৰাইজৰ সংবেদনশীলতাক উপলব্ধি কৰি সন্মুখৰ পৰা দিয়া উচিত। নাগৰিকক সেৱক কৰি নাগৰিকৰ আত্মবিশ্বাস বঢ়াই তুলিব নোৱাৰি। আমি নাগৰিকসকলক অধিকাৰ প্ৰদান কৰাৰ দিশত আগবাঢ়ি গৈ থাকিব লাগিব। নাগৰিকক সেৱক কৰাৰ মানসিকতাই নাগৰিকৰ আত্মবিশ্বাস শেষ কৰি পেলায়। নাগৰিকসকলৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে তেওঁলোকৰ আত্ম বিশ্বাস উত্পন্ন কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব, আৰু আমি এই দিশত পদক্ষেপ গ্ৰহণ কৰিছো। চৰকাৰ… দাদা, দাদা, এক মিনিট শুনকচোন দাদা, আৰে, তাকেইতো মই ক’ব বিচাৰিছো। যিসকলে উপযোগ কৰিব নিবিচাৰে তেওঁলোকে তাৰ ব্যৱহাৰ কৰিব নালাগে, তেওঁলোকৰ হাতত পুৰণি ব্যৱস্থা আছে। আপোনালোকৰ দৰে বুদ্ধিমান লোকেও ইমান সৰু, মোৰ বুজাত অসুবিধা হৈছে যে, সেয়া নালাগে তেন্তে পুৰণি ব্যৱস্থা...পুৰণি ব্যৱস্থা নচলিল।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

এটা কথা আমি সকলোৱে জানো...জমা হৈ থকা পানীয়ে বেমাৰৰ প্ৰাদুৰ্ভৱ ঘটাব পাৰে...বৈ থকা পানীয়ে জীৱনক ভৰাই তুলিব পাৰে, উলাহৰে পৰিপূৰ্ণ কৰিব পাৰে। যি চলিব পাৰে...চলি থাকে, চলিবলৈকে দিয়কচোন। আৰে, কোনোবা আহিলেহে কৰিব পাৰিব, এনেয়েতো কোনো কাম কৰিব পৰা নাযায় ডাঙৰীয়াসকল। দায়িত্ব স্বীকাৰ কৰা উচিত, দেশৰ আৱশ্যকতানুসাৰে নিৰ্ণয় কৰা উচিত। স্থিতাৱস্থা...দেশৰ সৰ্বনাশ কৰাৰ বাবে এই এক মানসিকতাই বহুত ডাঙৰ ভূমিকা পালন কৰি আহিছিল। এতিয়া পৃথিৱী সলনি হৈছে, কিমান দিনলৈ আমি স্থিতাৱস্থা...স্থিতাৱস্থা...স্থিতাৱস্থা...এনেকৈয়ে কৰি থাকিব লাগিব। মই ভাবো পৰিস্থিতি সলনি হোৱা বিধৰ নহয় আৰু সেয়ে দেশৰ যৱ-প্ৰজন্মই এতিয়া আৰু অধিক অপেক্ষা কৰি থকা সম্ভৱ নহ’ব।

যি কি নহওক, আজি মই এটা ঘটনাৰ বিষয়ে আপোনালোকক ক’ব খুজিছো আৰু তাৰ পৰা আপোনালোকে এই স্থিতাৱস্থাৰ বাবেনো কি হয় সেই বিষয়ে বুজিব পাৰিব। এয়া প্ৰায় ৪০-৫০বছৰৰ আগৰ কথা। মই কাৰোবাৰ পৰা শুনিছিলো, সেয়ে ইয়াৰ চন-তাৰিখৰ অলপ ইফাল-সিফাল হ’ব পাৰে। পিচে মই যি শুনিছিলো, মোৰ স্মৃতিত থকা মতে...মই কৈছো। ষাঠীৰ দশকত তামিল নাডুত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰ্মহা বঢ়োৱাৰ বাবে এখন আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰীসকলৰ দা-দৰ্মহা বঢ়োৱাৰ সিদ্ধান্ত হৈছিল। এনে সময়তে এদিন সেই আয়োগৰ অধ্যক্ষগৰাকীয়ে এটা লেফাফা পালে। লেফাফাৰ ওপৰত লিখা আছিল ‘টপ ছিক্ৰেট’ বুলি। লেফাফা খুলি তেওঁ দেখে যে ভিতৰত এখন আবেদন আছে। তাত লিখা আছিল—‘মহাশয় মই বহুত বছৰ ধৰি প্ৰশাসনত কাম কৰি আহিছো। সততাৰেই কাম কৰি আহিছো, পিচে মোৰ দৰ্মহা বঢ়াই নাই, মোৰ দৰ্মহা বঢ়োৱাৰ ব্যৱস্থা কৰক’। পত্ৰখন পঢ়ি উঠি অধ্যক্ষগৰাকীয়ে পত্ৰলিখোতালৈ উত্তৰ লিখিলে ‘ভাই, আপুনিনো কোন, আপোনাৰনো পদবী কি’, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ পুনৰ উত্তৰ লিখিলে, মই চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত ‘চিচিএ’ পদত কৰ্মৰত। অধ্যক্ষই ভাবিলে এই ‘চিচিএ’-নো কোন, তেওঁনো কেনে কাম কৰে। এই বিষয়ে তেওঁ যিহেতু একোৱেই নাজানে সেয়ে তেওঁ আকৌ পত্ৰ লেখকলৈ চিঠি লিখিলে-‘আৰে, এই ‘চিচিএ’ শব্দটো মই ক’তো দেখা নাই, পঢ়াও নাই, ইনো দৰাচলতে কি, আমাক জনাওকচোন’। তেতিয়া তেওঁ উত্তৰ দিলে-‘চাহাব, সদ্যহতে মই এই বিষয়ে একো ক’ব নোৱাৰিম, ১৯৭৫ চনৰ পিচতহে মই এই বিষয়ে উল্লেখ কৰিব পাৰিম’। তেতিয়া অধ্যক্ষ ডাঙৰীয়াই আকৌ চিঠি লিখিলে আৰু ক’লে-‘যদি এয়েই হয়, তেন্তে আপুনি ১৯৭৫ চনৰ পিচত গঠিত হ’বলগীয়া আয়োগৰ ওচৰত আৰ্জি দিব...অনাহকতে মোক অশান্তি দি নাথাকিব’। এনে উত্তৰত পত্ৰ লেখকে ভাবিলে, কথা দেখোন বিষম হ’ল...তেতিয়া তেওঁ আচল কথা কৈ দিয়াই ভাল বুলি ভাবি তেওঁ আকৌ চিঠি লিখিলে। এইবাৰ তেওঁ লিখিলে ‘মই চিচিএ পদত বহুত দিন ধৰি কাম কৰি আছো। এইটো পদবী ৰাজ্যৰ মুখ্য সচিবৰ কাৰ্যালয়ৰে সংলগ্ন। ‘চিচিএ’-ৰ অৰ্থ হ’ল ‘চাৰ্চিল চিগাৰ এচিষ্টেণ্ট’। ১৯৪০ চনত চাৰ্চিল যেতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়াৰে পৰা আমাৰ ইয়াৰ ত্ৰিছী সাগৰৰ পৰা তেওঁৰ বাবে ‘চিগাৰ’ পঠোৱা হৈছিল। আৰু এই কামৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰি এটা পদ সৃষ্টি কৰা হৈছিল। সেই পদটোৱেই হৈছে ‘চিচিএ’। ১৯৪৫ চনত তেওঁ নিৰ্বাচনত হাৰিল যদিও সেই পদটো থাকি গ’ল আৰু ‘চিগাৰ’ৰ যোগান প্ৰক্ৰিয়াও চলি থাকিল। দেশে স্বাধীনতা লাভ কৰিলে, পিচে, ইয়াৰ পিচতো মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পিচতো এই পদটো চলি থাকিল। চাৰ্চিলক ‘চিগাৰ’ যোগান ধৰাৰ দায়িত্ববাহী এটা পদ মুখ্য সচিবৰ কাৰ্যালয়ত চলি থাকিল। ইয়াৰ বাবদ কিছু দৰ্মহা পাও, অলপ প্ৰমোশ্যনো পালো’।

এতিয়া চাওক, এনেকুৱা স্থিতাৱস্থা... যদি আমি পৰিৱৰ্তন নকৰো, ব্যৱস্থাৱলীৰ প্ৰতি দৃষ্টি নিদিও তেন্তে ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ’ব পাৰে। মই য়েতিয়া মুখ্য মন্ত্ৰী হৈছিলো তেতিয়া এক প্ৰতিবেদন প্ৰকাশিত হৈছিল যে ‘আজি কোনো বেলুন আহা নাই আৰু কোনো পৰ্চে দলিওৱা নাই’। এয়া চাগৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ হৈছিল, এতিয়াও সেয়া চলিয়েই আছিল। অৰ্থাত এনেকুৱা বস্তু আমাৰ ব্যৱস্থাত সোমাই পৰিছে। আমি ভাবো আমি ৰিবন কাটিম, বন্তি জ্বলাম, ফটো উলিয়াম, আমাৰ কাম হৈ যাব। দেশ কিন্তু এনেকৈ নচলে। আমি দায়িত্ব সহকাৰে দেশলৈ পৰিৱৰ্তন অনাৰ বাবে সকলোৱে প্ৰয়াস কৰা উচিত। ভুল-ভ্ৰান্তি হ’ব পাৰে কিন্তু অভিস্পা যদি সত্ হয় তেন্তে পৰিণাম নিশ্চয় ভালো হয়, চাওকচোন, আমাৰ দেশত এটা সময়ত নিজৰ ‘চাৰ্টিফিকেট’ এখন প্ৰত্যায়িত কৰিবলৈ হ’লে ক’ৰ্পোৰেটৰ, কাউন্সিল, অথবা সেইসকলৰ ঘৰলৈ পুৱাতে গৈ ‘কিউ’ কৰিবগৈলগীয়া হৈছিল। আৰু যেতিয়ালৈকে তেওঁলোকে ‘চীল’ নেমাৰে...আৰু মজাৰ কথাটো হ’ল তেওঁলোকে তো ‘চীল’টো নেমাৰে.. এটা ল’ৰা বাহিৰত বহি থাকে...তেওঁ টকাৰ লেনদেনৰে এই কামতো কৰে। এনেকৈয়ে চলি আহিছিল। মই বোলো এই কথাই কথানে? আমি দেশৰ নাগৰিকৰ ওপৰত ভৰষা ৰাখিব লাগে বুলি মই আহ্বান জনালো। মই আহিয়েই এই ‘এটেষ্টেড’ কৰাৰ পৰম্পৰাটোক বিদায় দিলো, দেশৰ নাগৰিকসকলৰ লাভ হৈছে। আমি পৰিৱৰ্তনৰ বাবে কাম কৰিব লাগিব, সংস্কাৰৰ বাবে কাম কৰিব লাগিব। আমাৰ ইয়াত ‘ইণ্টাৰভিউ’ হৈছিল। মই এতিয়াও ভাবি আচৰিত হওঁ। এজন ব্যক্তি এখন দুৱাৰৰে ভিতৰলৈ আহে, তিনিগৰাকী লোকৰ এখন ‘পেনেল’ বহি থাকে...তেওঁৰ মুদ চাই, নামটোও ভালকৈ নোসোধে, তৃতীয়গৰাকী এনেয়ে ওলাই যায়। আৰু তাকে ‘ইণ্টাৰভিউ কল’ বুলি ধৰা হয় আৰু পিচত নিৰ্দেশ দিয়া হয়। আমি ক’লো এইবোৰৰ অৰ্থ কি? তেওঁলোকৰ যি শিক্ষা, যি ‘কোৱালিফিকেশ্যন’, সেইবোৰ সকলো একত্ৰিত কৰক, ‘মেৰিটৰ’ আধাৰত কম্পিউটাৰক সোধক, উত্তৰ দি দিব। আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ‘ইণ্টাৰভিউ’ৰ কি প্ৰক্ৰিয়া চলাই থকা হৈছিল। মানুহে আক’ কয় বোলে ‘ছিফাৰিচ’ নহ’লে দেখোন চাকৰি পোৱাই নাযায়...আমি এইবোৰৰ অন্ত পেলালো। মই ভাবো দেশক আমি বহু কথাতে সলাই পেলালো। পৰিৱৰ্তন কৰিবলৈ গ’লে বিফল হ’ব লাগিব বুলি ভয় কৰি থাকিলে...ইয়ে কেতিয়াও কাৰো মংগল সাধন নকৰে। আমি পৰিৱৰ্তন কৰিবই লাগিব আৰু সেয়ে পৰিৱৰ্তনৰ প্ৰয়াস কৰিছো।

মাননীয় অধ্যক্ষ মহোদয়,

আমাৰ ইয়াত খেতি-বাতি কৰোটো এক প্ৰকাৰ আমাৰ সংস্কৃতি, মূলসূঁতিৰ অভিন্ন অংগ হৈ আহিছে। আমাৰ সংস্কৃতিৰ প্ৰবাহৰ সৈতে আমাৰ খেতি-বাতিৰ পৰম্পৰা বিজড়িত হৈ আছে। আমাৰ ঋষি-মুনিসকলে এই বিষয়ে বহুত বিস্তাৰিত ভাবে লিখা-মেলা কৰিছিল, আমাৰ ইয়াত এই সম্পৰ্কীয় গ্ৰন্থৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। বহুত উত্তম অভিজ্ঞতাও আছে। আমাৰ ইয়াততো ৰজাইও পথাৰত হাল বাইছিল। জনক ৰজাৰ কথা আমিতো জানো। কৃষ্ণ ভগবানৰ ককায়েক বলৰামৰ কথা আমি জানো। বহু ডাঙৰ পৰিয়ালত পথাৰ আৰু খেতি-বাতি...আমাৰ দেশত কেৱল ‘কাল্টিভেশ্যন অব কৰ্প’য়েই নহয়। আমাৰ ইয়াত ‘এগ্ৰিকালশ্যাৰ’ এক সমাজ জীৱনৰ সংস্কৃতিৰ অংগ হয়। আৰু সেই অংগকে লৈ আমি সংস্কৃতিৰ ৰূপ দিছো। আমাৰ পৰ্বই হওক, আমাৰ উত্সৱেই হওক, আমাৰ জয় হওক, সকলো শস্য ৰোৱাৰ সময়ত, ফচল কটাৰ সময়ত বিজড়িত হৈ থাকে। আমাৰ ইয়াত এই পৰম্পৰাই চলি আহিছে। আমাৰ যিমানবোৰ লোক সংগীত আছে সেয়াও কৃষিৰে বিজড়িত...শস্যৰে জড়িত। আমাৰ উত্সৱসমূহো ইয়াৰে জড়িত হৈ থাকে আৰু সেয়ে...আমাৰ দেশৰ বিশেষত্বলৈ মন কৰকচোন...আমাৰ দেশত কাৰোবাক আশীৰ্বাদ দিলে, কাৰোবাক শুভকামনা দিলে তেতিয়া সেই বাক্যৰ সৈতে ‘ধন-ধান্য’ শব্দৰ ব্যৱহাৰ কৰে। ‘’ধন-ধান্য...ধন আৰু ধান্যক আমাৰ ইয়াত পৃথক কৰা নহয়। কেৱল ধান্য বা ধনৰে কোনো শব্দ সৃষ্টি নহয়। ধন-ধান্য বুলিহে কোৱা হয়...আমাৰ ইয়াত ধান্যৰ এয়ে মূল্য...এয়ে মহত্ব। সমাজ জীৱনৰ অংগ আৰু যি পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে আমি তাকো পুনৰ সঠিক পথলৈ ওভতাই অনাৰ প্ৰয়াস কৰাৰ প্ৰয়োজন আছে।

ৰাজ্যসভাত মই ক্ষুদ্ৰ কৃষকৰ সন্দৰ্ভত বিস্তাৰিত ভাবে আলোচনা কৰিছো। এতিয়া দেশৰ ৮০-৮৫ শতাংশ জনসমষ্টি...এইসকলক আমি কেতিয়াও উপেক্ষা কৰি দেশৰ মংগল কৰিব নোৱাৰো। তেওঁলোকৰ বাবে আমি চিন্তা কৰিব লাগিব আৰু বৰ বিনম্ৰতাৰে আমি চিন্তা কৰিবই লাগিব। আৰু মই গণি গণি ক’ব পাৰো ক্ষুদ্ৰ খেতিয়াকসকলক কেনেকৈ উপেক্ষা কৰা হৈছে।...খেতিয়কৰ নামত এই উপেক্ষা কৰা হৈছে। তাত এক পৰিৱৰ্তন সাধন কৰাতো নিতান্তই জৰুৰী আছিল, আৰু আপোনালোকেও...এইসকল ক্ষুদ্ৰ খেতিয়ক জাগ্ৰত হ’লে কিন্তু উত্তৰ আপোনালোকেও দিব লাগিব...এই কথা মই ভালকৈয়ে বুজি পাও। আমাৰ দেশত যিমানেই জনসংখ্যা বাঢ়িবলৈ লৈছে, মাটিৰ আকাৰ সিমানেই সৰু সৰু হ’বলৈ ধৰিছে। পৰিয়ালসমূহত যিখিনি মাটি থাকে সেয়া ভগাই লোৱা হয়। চৌধুৰী চৰণ সিং জীয়েতো এবাৰ এই কথাও কৈছিল, ‘আমাৰ ইয়াত কৃষক ইমানবোৰ...মাটিৰ মালিকানা তেওঁলোকৰ ক্ষেত্ৰত কমিবলৈ ধৰিছে এনে এক পৰিস্থিতি হ’বগৈ যে তেওঁলোকে তেওঁলোকৰ পথাৰত ট্ৰেক্টৰখনেৰে পাক এটাকে দিব নোৱাৰা হবগৈ।...ইমান সৰু একোটা মাটিৰ টুকুৰাত পৰিণত হ’বগৈ’...এয়া চৌধুৰী চৰণ সিং জীৰ মুখৰ কথা আছিল। আমাৰ মহাপুৰুষসকলে যেতিয়া এনে চিন্তা প্ৰকট কৰি থৈ গৈছে, আমিয়োতো ইয়াৰ সমাধানৰ দিশত কেতবোৰ ব্যৱস্থা কৰিব লাগিব।

স্বাধীনতাৰ পিচত আমাৰ দেশত ২৮শতাংশ খেত-মজদুৰ আছিল। ১০বছৰৰ আগতে হোৱা লোকপিয়লত খেত-মজদুৰৰ সংখ্যা ২৮ৰ পৰা ৫৫শতাংশলৈ বৃদ্ধি পোৱাৰ তথ্য উপলব্ধ হয়। এয়া যিকোনো দেশৰ বাবেই চিন্তাৰ কাৰণ হোৱা উচিত। খেতিয়কৰ সংখ্যা ৫৫শতাংশ হোৱা মানেইতো খেতিৰ মাটিৰ পৰিমান কমি যোৱা। খেতিৰ মাটি কমিলে স্বাভাৱিক অৰ্থতে খেতিৰ আয় কমিব, আৰু অৱশ্যাম্ভাবী ৰূপতে খেতিয়কৰ জীৱন সমস্যাযুক্ত হৈ পৰিব। আৰু সেই আয় কমিলে...তেওঁলোকে আনৰ পথাৰলৈ গৈ অতিৰিক্ত কাম কৰাৰ বাবে বাধ্য হৈ পৰিব। দুৰ্ভাগ্যৰ কথা এয়ে যে আমাৰ দেশত খেতিত যিমান বিনিয়োগ হোৱা উচিত আছিল সেয়া হোৱা নাই। চৰকাৰে সিমানখিনি কৰিব পৰা নাই...ৰাজ্য চৰকাৰসমূহেও কৰিব পৰা নাই, খেতিয়কসকলেও নিজাববীয়াকৈ একোকে কৰিব নোৱাৰে। ইয়াৰ পৰাই যি ওলাই...সন্তান প্ৰতিপালন কৰা আৰু নিজৰ পেট পুৰোৱাতে শেষ হয় আৰু সেয়ে বিনিয়োগৰ বহুত ডাঙৰ প্ৰয়োজন আছে।

যেতিয়ালৈকে আমি বিনিয়োগ আনিব নোৱাৰিম...যেতিয়ালৈকে আমি আমাৰ খেতিৰ আধুনিকীকৰণ সম্ভৱ কৰিব নোৱাৰিম...আমি যেতিয়ালৈকে ক্ষুদ্ৰৰো ক্ষুদ্ৰ খেতিয়কৰ কুশল সাধন কৰিব পৰাকৈ ব্যৱস্থা বিকশিত কৰিব নোৱাৰিম...আমি দেশৰ ‘এগ্ৰিকালচাৰ ছেক্টৰ’-ক শক্তিশালী কৰি তুলিব নোৱাৰিম। আৰু সেয়ে আমাৰ কৃষকক আত্মনিৰ্ভৰ কৰিবলৈ...তেওঁলোকে যাতে তেওঁলোকৰ উত্পাদিত সা-সামগ্ৰী বিক্ৰী কৰাৰ বাবে স্বাধীনতা লাভ কৰিব পাৰে...সেই দিশত কাম কৰাৰ আৱশ্যকতা আছে। আৰু আমাৰ কৃষকে কেৱল ঘেহু আৰু চাউল...তাত সীমিত থাকক...তাৰেই কথা সম্পূৰ্ণ নহয়। আজিৰ পৃথিৱীত বজাৰনো কি সেই সন্দৰ্ভত গৱেষণা চলি আছে। সেইদৰে বস্তুবোৰৰ উত্পাদন কৰি সেইবোৰ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা বজাৰত বিক্ৰী কৰক। ভাৰতৰ আৱশ্যকতা আছে...আমি বাহিৰৰ পৰা বীজ নানো। মোৰ মনত আছে...বহুত দিনৰ আগতে যেতিয়া সংগঠনৰ কাম কৰি আছিলো...উত্তৰ অঞ্চলত ফাৰুক চাহাবৰ সৈতেও কাম কৰাৰ সুযোগ পাইছিলো। এবাৰ হাৰিয়াণাৰ এগৰাকী খেতিয়কে তেওঁৰ পথাৰলৈ লৈ গৈছিল। তেওঁৰ আগ্ৰহ দেখি ময়ো আন্তৰিকতাৰেই গৈছিলো। তেওঁৰ এডোখৰ সৰু পথাৰ আছিল...সম্ভৱতঃ এক-ডেৰ বিঘামান হ’ব চাগৈ। কিন্তু বহুত উন্নতি কৰিছিল...তেওঁতো মোৰ পিচতে পৰিছিল, বোলে আহকচোন আহক। মই বোলো কি কথানো...তেওঁ ক’লে এবাৰ আহি চাই যাওকচোন। মই তেওঁৰ পথাৰলৈ গৈছিলো।

প্ৰায় ৩০-৪০ বছৰমানৰ আগৰ কথা হ’ব...৩০বছৰ মান হ’ব পায়। তেওঁ কি কৰিলে..দিল্লীৰ ৫-ষ্টাৰ হোটেলৰ বাবে বিদেশৰ পৰা যিবোৰ শাক-পাচলি আমদানী কৰিছিল, তেওঁ সেই বিষয়ে অধ্যয়ণ কৰিলে। তেওঁলোকক যদি ‘বেবী কৰ্ণ’ লাগে, তেওঁলোকক যদি সৰু বিলাহী লাগে, তেওঁ তেওঁৰ সৰু পথাৰখনত, আৰু নিয়ন্ত্ৰিত বাতাবৰণত পাৰ্গত ব্যক্তিৰ সহায় ল’লে আৰু মজাৰ কথাটো হ’ল দিল্লীৰ ফাইভ ষ্টাৰ হোটেললৈ তেওঁৰ উত্পাদিত সামগ্ৰী যাবলৈ ধৰিলে। আমাৰ দেশত আমি অলপমান পৰিৱৰ্তন কৰিব লাগিব। আমি বাৰু কেতিয়াবা ভাবিছিলো নে ষ্ট্ৰবেৰীৰ উত্পাদনৰ কথা। আমি ভাবো এইবোৰতো ঠাণ্ডা ঠাইৰ ফচল। এতিয়াতো কচ্চৰ মৰুভূমিত ষ্ট্ৰবেৰী উত্পাদন হ’বলৈ ধৰা মই দেখিছো...মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আদিতো ষ্ট্ৰবেৰীৰ খেতি হৈ আছে। বুন্দেল খণ্ডত...য’ত পানীৰ সমস্যা আছে...ইয়াৰ অৰ্থ হ’ল আমাৰ ইয়াত সম্ভাৱনা আছে। আমাৰ কৃষক সমাজক নীতি-নিৰ্দেশনাৰে আমি নতুন নতুন বস্তুৰ উত্পাদন কৰাব পাৰিম। আমাৰ দেশৰ খেতিয়কে আগুৱাই আহিব...পিচে তেওঁলোকক...তেওঁলোকক সাহস দিয়াৰ প্ৰয়োজন থাকিব...তেওঁলোকৰ হাতত ধৰিব লাগিব...তেওঁলোকৰ হাতত হাত ধৰি আগবাঢ়িব লাগিব। তেওঁলোক যদি আগুৱবলৈ ধৰে ভাবিব নোৱাৰা কামো সম্ভৱ কৰি তোলাটো খাটাং। সেইদৰে খেতি-বাতিত যিমান বিনয়োগ বাঢ়িব...মই ভাবো ৰোজগাৰৰ সম্ভাৱনাও বাঢ়িব। এতিয়াৰ পৃথিৱীত আমি এক বজাৰ পাব পাৰো।

আমাৰ দেশত গ্ৰামীণ অৰ্থব্যৱস্থাত সংস্কাৰ সাধন কৰাৰ বাবে ‘এগ্ৰো-বিজ ইণ্ডাষ্ট্ৰী’ৰ সম্ভাৱনাও বাঢ়িব। আৰু সেয়ে আমি এই পূৰা ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত নিশ্চিত ভাবেই কাম কৰিব লাগিব। অনাকাংক্ষিত পৰিস্থিতিতো আমাৰ খেতিয়কসকলে উত্পাদনৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। সেয়ে, কৃষকসকলৰ সকলো ধৰণৰ অসুবিধা আঁতৰোৱাটো নিতান্তই আমাৰ দায়িত্ব। তেওঁলোকৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানৰ পৰিমান কম কৰাৰ বাবে আমি কেতবোৰ পদক্ষেপ লৈছো। আৰু এই কৃষি-সংস্কাৰৰ জৰিয়তে আমি সেই দিশত কিবা নহয় কিবা কৰাৰ প্ৰয়াস কৰি আছো। কৃষকসকলক এটা উপযুক্ত মঞ্চ দিয়াৰ বাবে, আধুনিক প্ৰযুক্তি দিয়াৰ বাবে, তেওঁলোকৰ মনত একধৰণৰ আত্মবিশ্বাস উদ্ভৱ কৰাৰ বাবে...এক ইতিবাচক চিন্তাৰ খুবেই আৱশ্যক। পুৰণি চিন্তা, পুৰণি মাপদণ্ডই যদি কৃষকসকলৰ কুশল সাধন কৰিব পাৰিলেহেতেন তেন্তে সেয়াতো কেতিয়াবাই সম্ভৱ হৈ উঠিলহেতেন। আমি ‘দ্বিতীয় সেউজ বিপ্লৱ’ৰ কথা ইতিমধ্যেই কৰিলো। আমি আগবাঢ়ি যোৱাৰ বাবে এক নতুন ব্যৱস্থা দিব লাগিব। তাৰ বাবে সকলোৱে চিন্তা-ভাৱনা কৰকচোন। এয়া কোনো ৰাজনীতিৰ বিষয় হোৱা উচিত নহয়। এয়া দেশৰ মংগলৰ বাবে খুবেই জৰুৰী বিষয়...আমি সকলোৱে একেলগে বহি এই বিষয়ে উচিত সিদ্ধান্ত গ্ৰহণ কৰা উচিত। শাসক-বিৰোধী সকলো দলে মিলি...এয়া আমাৰ সকলোৰে দায়িত্ব আৰু আমি ২১শতিকাত ১৮শতিকাৰ চিন্তা-ভাৱনাৰে ‘এগ্ৰিকালচাৰ ছেক্টৰ’ৰ চিন্তাক পূৰণ কৰিব নোৱাৰিম। তাৰ আমি পৰিৱৰ্তন কৰিবই লাগিব।

আমাৰ কৃষকসকল দাৰিদ্ৰৰ এক চক্ৰৰ মাজত আবদ্ধ হৈ থকাটো কোনেও নিবিচাৰে। তেওঁলোকৰ জীৱন অতিবাহিত কৰাৰ অধিকাৰ নহওক, এয়াও কোনেও কামনা নকৰে। তেওঁলোকে আশ্ৰিতৰ দৰে, তেওঁলোকে পৰাধীনৰ দৰে জীৱন অতিবাহিত কৰাৰ প্ৰয়োজন নহওক, মই তাকে কামনা কৰো...চৰকাৰী অনুকম্পাৰে জীৱন অতিবাহিত কৰাৰ বাবে যাতে বাধ্য হ’বলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে আমি সকলোৱে আমাৰ দায়িত্ব পালন কৰিব লাগিব...আমাৰ অন্নদাতাসকল সমৃদ্ধ হওক, আমাৰ অন্নদাতাসকলে দেশৰ বাবে আৰু অধিক অৰিহণা আগবঢ়াব পৰাকৈ সামৰ্থ্যবান হওক...তাৰ বাবে যদি আমি তেওঁলোকক সুযোগ প্ৰদান কৰো তেন্তে বহুত...।

চৰ্দাৰ বল্লভ ভাই পেটেলে এটা কথা কৈছিল—তেওঁ কৈছিল ‘স্বাধীনতাৰ পাচতো যদি পৰতন্ত্ৰৰ দুৰ্গন্ধ আহি থাকে তেন্তে স্বতন্ত্ৰতাৰ সৌগন্ধ বিয়পিব নোৱাৰিব’। যেতিয়ালৈকে আমাৰ ক্ষুদ্ৰ কৃষকসকলে নতুন অধিকাৰ লাভ কৰিব নোৱাৰিব তেতিয়ালৈকে তেওঁলোকৰ বাবে পূৰ্ণ স্বাধীনতাৰ সপোন আধৰুৱা হৈয়ে ৰ’ব আৰু সেয়ে বৃহত্ পৰিৱৰ্তন কৰি কৰি আমি আমাৰ এইসকল কৃষকক এক দীঘলীয়া যাত্ৰাৰ বাবে তৈয়াৰ কৰিব লাগিব আৰু এয়া আমি সকলোৱে মিলিজুলি কৰিব লাগিব। কিবা বেয়া কৰাৰ মনোভাৱৰে একোৱেই কৰা উচিত নহয়, সকলো কথা ভাল কৰাৰ মনোভাৱৰে কৰা উচিত। কাৰোবাৰ মংগল কৰাৰ বাবে হোৱা উচিত।

আমাৰ চৰকাৰে ক্ষুদ্ৰ খেতিয়কসকলৰ প্ৰতিটো খোজত সহযোগিতা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছে। বিগত ছটা বছৰত ক্ষুদ্ৰ খেতিয়সকলৰ বাবে আমি বীজৰ পৰা বজাৰলৈকে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছো। এইবোৰে ক্ষুদ্ৰ খেতিয়কসকলক বাৰুকৈয়ে সহায় কৰিব। দুগ্ধ আৰু সমবায় খণ্ডৰ কথাকে ধৰক, এই দুয়োটা খণ্ড সবলতো হয়েই আৰু দুয়োটা খণ্ডৰে এক শক্তিশালী প্ৰমূল্য-শৃংখলো বৰ্দ্ধিত ৰূপত গঢ়ি উছিছে। এতিয়া চৰকাৰৰ হস্তক্ষেপ কম হোৱাৰ পিচতো কিন্তু খণ্ড দুটাই নিজৰ ভেটি শক্তিশালী কৰি তুলিব পাৰিছে। আমি লাহে লাহে ফল-ফুল-শাক-পাচলিৰ ফালে ধ্যান দিব পাৰিম আৰু তাৰ পিচত ধন্যৰ পিনে। আমি বহুত শক্তিধৰ হৈ উঠিব পাৰো। আমাৰ হাতত আৰ্হি আছে...সফল আৰ্হি। সেই আৰ্হিকে আমি প্ৰয়োগ কৰা উচিত। আমি তেওঁলোকক বৈকল্পিক বজাৰ উপলব্ধ কৰোৱা উচিত।

আমি কৰা দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাম হ’ল-দহহাজাৰ ‘কৃষক-উত্পাদক সংস্থা’(এফপিঅ’)ৰ গঠন। এইসমূহ খেতিয়কসকলৰ বাবে...ক্ষুদ্ৰ খেতিয়কৰ বাবে এক বহুত ডাঙৰ শক্তি হৈ থন ধৰি উঠিব এইবোৰ। আৰু য’ত য’ত, মহাৰাষ্ট্ৰত ‘এফপিঅ’ গঠনৰ এই প্ৰয়াস ভালকৈ কৰা হৈছে। কেৰালাৰ কমিউনিষ্ট পাৰ্টীয়েও যথেষ্ট ৰূপত ‘এফপিঅ’ গঠনৰ কামত ব্ৰতী হৈছে। এইসমূহ সংস্থাৰ সুবাদত খেতিয়কসকলে সমূহীয়া শক্তিৰ ৰূপত বজাৰৰ অনুসন্ধান কৰিব পাৰিব। এই ১০,০০০ ‘এফপিঅ’ গঠনৰ পিচত চাবচোন আমাৰ গাঁৱৰ ক্ষুদ্ৰ খেতিয়কসকলে বজাৰৰ শক্তিক ‘ডিক্টেট’ কৰিব, আৰু কৃষকসকল যে শক্তিৱন্ত হ’ব পাৰিব এই বিশ্বাস মোৰ আছে। এই ‘এফপিঅ’সমূহৰ মাধ্যমেৰে আমাৰ খেতিয়কসকলে বেংকৰ পৰা ঋণো লাভ কৰিব পাৰিব, তেওঁলোকে সৰু সৰু ভঁড়ালৰ ব্যৱস্থা কৰিব পাৰিব। তেওঁলোকে যদি আৰু অলপ বেচিকৈ শক্তি গোটাব পাৰে তেন্তে তেওঁলোকে সৰু সৰু ‘ক’ল্ড ষ্টৰেজো’ স্থাপন কৰিব পাৰিব। আৰু আমি ইতিমধ্যে কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১লাখ কোটি টকাৰ এক নিধিও গঠন কৰিছো, আৰু এই নিধিৰে আমি আত্মসহায়ক গোট, এই আত্মসহায়ক গোটসমূৰেও আক’ আমাৰ সাত কোটি বাই-ভনী জড়িত হৈ আছে। গাঁৱৰ বাই-ভনীসকলোতো খেতিয়কৰে জীয়ৰী। কিবা নহয় কিবা খেতিৰে জড়িত পৰিয়ালৰ ছোৱালী আৰু এই নেটৱৰ্কো কৃষকসকলৰ মংগলৰ কামত আহিছে আৰু অৰ্থনৈতিক কৰ্ম-কাণ্ডৰ কেন্দ্ৰ স্থাপিত হ’বলৈ ধৰিছে। মোৰ মনত আছে গুজৰাটৰ ভলসাৰ জিলাৰ আদিবাসীসকলৰ মাটি-বাৰীবোৰ তল-ওপৰ হৈ থকা, ‘আন-ইভেন’। তাকো আকাৰত এইবোৰ তেনেই সৰুও। আমি এটা প্ৰকল্প হাতত লৈছিলো। আৰু আব্দুল কালাম জী এবাৰ জন্মদিন উদযাপন কৰাৰ বাবে তালৈ আহিছিল। তেওঁ কৈছিল কোনো ‘প্ৰটোকল’ৰ প্ৰয়োজন নাই, মই এইসকল কৃষকৰ সৈতে থাকিব বিচাৰো। এয়া এক সফল প্ৰয়োগ আছিল। সেই ‘আদিবাসী বেল্ট’ৰ মাজত মহিলাসকলে বহুত কাম কৰিছিল। আৰু মাছৰুম, কাজু...তেওঁলোকে গোৱাৰ সমানে সমানে কাজু উত্পাদন কৰিব পৰা হৈছিল। ভাল বজাৰো লাভ কৰিছিল। ক্ষুদ্ৰ খেতিয়ক আছিল, ঠায়ো কম আছিল, কিন্তু কষ্ট কৰাৰ ফল তেওঁলোকে পাইছিল, আৰু আব্দুল কালম জীয়ে এই সন্দৰ্ভত লিখিছিলো। তেওঁ আহি দেখা পাইছিল। সেয়ে মই কও, আমি নতুন প্ৰয়োগৰ দিশত আগবঢ়া উচিত। আমাৰ দেশত দাইলৰ সমস্যা আছিল। আমি ২০১৪ চনত খেতিয়কসকলক অনুৰোধ কৰিছিলো, তেওঁলোকে আমাক সেই সমস্যাৰ পৰা মুক্ত কৰিলে, এতিয়া তেওঁলোকে বজাৰো পাইছে। এতিয়ালৈ আমাৰ গাঁৱৰ খেতিয়কসকলেও ‘অনলাইন-অফলাইন’, ‘ই-নাম’-ৰ জৰিয়তে উত্পাদিত সা-সামগ্ৰী বিক্ৰী কৰিবলৈ লোৱা দেখিবলৈ পাইছো। আমি ‘কিষাণ ৰে’ল’ৰ এক প্ৰয়োগ কৰিবলৈ লৈছো। এই ক’ৰোনা-কালখণ্ডক উপযোগ কৰিয়েই আৰম্ভ হোৱা এই ‘কিষাণ ৰে’ল’ আৰু ‘কিষাণ উড়ান’-য়েও আমাৰ ক্ষুদ্ৰ খেতিয়কসকলৰ উত্পাদিত সামগ্ৰীসমূহ ডাঙৰ ডাঙৰ বজাৰলৈ নিয়াৰ জৰিয়তে তেওঁলোকৰ বাবে সম্ভাৱনাৰ এক দ্বাৰ মুকলি কৰি দিলে। মই সদনৰ সদস্যমণ্ডলীক ক’ব বিচাৰো একপ্ৰকাৰ ‘ভ্ৰাম্যমান ক’ল্ড ষ্টৰেজে’ৰ দৰে এই ‘কিষাণ ৰে’ল’সমূহে আমাৰ দূৰণীবটীয়া গাঁৱৰ ক্ষুদ্ৰ খেতিয়সকলকো কোনোবা অন্য ৰাজ্যৰ আন বজাৰসমূহৰ সৈতে সংযোজিত কৰাব পাৰিছে। এতিয়া চাওকচোন নাচিকৰ খেতিয়কসকল মজফৰনগৰৰ বেপাৰীৰে সংযোজিত হ’ব পাৰিছে। কোনোবা ক্ষুদ্ৰ খেতিয়কৰ সামৰ্থ্য কম, তেওঁ ৩০ কিলো ডালিমকে ‘কিষাণ ৰে’ল’ৰে বেচিবলৈ পঠাইছে। ইয়াৰ বাবে ১২৪টকা খৰছ হৈছে, কিন্তু তেওঁ এখন ডাঙৰ বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই ত্ৰিশ কিলো ইমানেই কম যে কোনোবা ‘কেৰিয়াৰৱালা’ও হয়তো এইখিনি নিয়াৰ বাবে অমান্তি হ’লহেতেন। পিচে, এতিয়া ‘কিষাণ ৰে’ল’ৰ সুবিধা গ্ৰহণ কৰি ইয়াৰ খেতিয়কে তাত, তাৰ খেতিয়কে ইয়াত বেপাৰ কৰিব পাৰিব। সেইদৰে কোনবা এজনে বোলে অলপ কণীও পঠাইছিল। ইয়াৰ ভাড়াৰ বাবদ তেওঁ ৬০টকা খৰছ কৰছিল। ভবা মতে তেওঁৰ কণী সঠিক ঠাই পাইছিলগৈ আৰু তেওঁ কণীখিনি উচিত দামত বিক্ৰীও কৰিব পাৰিছিল। সেইদৰে দেৱীলালীৰ এগৰাকী কৃষকে তেওঁৰ অলপ ‘কিৱি’ দানাপুৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ ভাড়াৰ বাবদ তেওঁ খৰছ কৰিছিল ৬২টকা। পিচে প্ৰায় ৬০কিলোগ্ৰাম ‘কিৱি’ তেওঁ উচিত দামতে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। ‘কিষাণ ৰে’ল’ৰ বাবে এয়া কিমান সৰু কথা, কিন্তু ই কিমান ডাঙৰ পৰিৱৰ্তন সাধন কৰিব পাৰে তাৰ এয়া কেইটামান নিদৰ্শন মাত্ৰ।

মাননীয় অধ্যক্ষ মহোদয়,

চৌধুৰী চৰণ সিঙে এখন কিতাপ লিখিছিল-‘ভাৰত কী অৰ্থনীতি’। কিতাপখনত চৌধুৰী চাহাবে কেতবোৰ পৰামৰ্শ প্ৰদান কৰিছিল- সমগ্ৰ দেশখনকে খাদ্য দিয়াৰ বাবে এখন ক্ষেত্ৰ হিচাপে গণ্য কৰিব লাগে। দ্বিতীয়তে, দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ অনা-নিয়াৰ কৰাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নালাগিব, এয়া চৌধুৰী চৰণ সিং চাহাবৰ কিতাপৰ উদ্ধৃতি। ‘কৃষি-সংস্কাৰ’, ‘কিষাণ ৰে’ল’, মণ্ডীসমূহত ‘ইলেক্ট্ৰনিক প্লেট’ৰ ব্যৱস্থা কৰা, ‘ই-নাম’, এই সকলো ব্যৱস্থা দেশৰ কৃষক, ক্ষুদ্ৰ খেতিয়কসকলক বহুত ডাঙৰ সুযোগ প্ৰদান কৰাৰ প্ৰয়াসৰ ৰূপত চলি আছে।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

যিসকল লোকে ইমানবোৰ কথা কয়, চৰকাৰো চলালে ইমান দিন ধৰি। খেতিয়কসকসকলৰ সমস্যাৰ বিষয়ে তেওঁলোকে একো নাজানে বুলি মই নামানো, অথবা তেওঁলোকে নুবুজা বুলিও মানিব নোখোজো। তেওঁলোকে জানিছিলো, বুজিও পাইছিল। আজি মই তেওঁলোকৰ কথাৰেই এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰিছো। তেওঁলোক সদনত নাই মই জানো, তথাপি এইবোৰ কথা দেশৰ জনতাই জনা উচিত। মই উদ্ধিৃতি দিব খুজিছো- the state took initiative to amend their state APMC Act in the year 2005 itself providing for direct marketing contract farming setting up of a private market, consumer, farmer markets, e-trading and notified the rules in 2007 to implement the amended provision in fact 24 private markets have already come up in the state. এই কথা কোনে কৈছিল! এই ‘এপিএমচি’ আইন সলাই পেলোৱা হৈছিল। ইয়াৰ বাবে গৰ্ব কোনে কৰিছিল! ড০ মনমোহন সিং জীৰ চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰীমান সাৰদ পাৱৰ জীয়ে এই গৰ্ব কৰিছিল। এতিয়া একেবাৰে ওলোটা কথা ক’বলৈ লাগিছে আৰু সেয়ে আচৰিত লাগিছে, আপুনি বাৰু কৃষক ৰাইজক ভ্ৰমিত কৰিবলৈ উঠি-পৰি লাগিছে কিয়? দেশৰ মণ্ডিসমূহ চলি আছে, চিণ্ডিকেটৰ মূল্যক প্ৰভাৱিত কৰিব পৰা ‘নেক্সাছ’ৰ সন্দৰ্ভত যেতিয়া তেওঁক সোধা হৈছিল, যে এই মণ্ডিৱালা এই ‘নেক্সাছ’ সন্দৰ্ভত কি ক’ব? তেওঁ কৈছিল কৃষকক বচোৱাৰ বাবেইতো ‘এপিএমচি’ সংস্কাৰক ‘প্ৰমোট’ কৰি থকা হৈছে যাতে কৃষকসকলৰ বাবে ‘এপিএমচি মণ্ডি’সমূহৰ বিকল্প উপলব্ধ হয়। যেতিয়া বেপাৰীৰ পঞ্জীয়ণৰ সংখ্যা বাঢ়িব তেতিয়া প্ৰতিযোগিতা বাঢ়িব আৰু মণ্ডিসমূহত চলি অহা একাংশৰ প্ৰতিপত্তিৰ অন্ত পৰিব, এই কথা তেঁৱেই কৈছিল। সেয়ে মই ভাবো এইবোৰ কথা আমি বুজিব লাগিব। য’ত তেওঁলোকৰ চৰকাৰ আছে, সন্মুখত উপৱিষ্ট বেলেগ বেলেগ দলৰ বন্ধুসকলেও কম-বেচি পৰিমানে কৃষি ক্ষেত্ৰৰ সংস্কাৰ সাধন কৰাৰ প্ৰয়াস কৰিছেও আৰু আমিতো ১৫০০ আইন বাতিল কৰোতা দল। আমি প্ৰগতিশীল ৰাজনীতিক বিশ্বাস কৰো, আমি ‘ৰিগ্ৰিছীভ পলিটিক্স]লৈ যাব নিবিচাৰো আৰু সেয়ে ভোজপুৰীত এটা ফকৰা-যোজনা আছে-‘না খেলব, না খেলব দেব’, খেল ভী বিগাৰত’। অৰ্থাত, ‘নিজেও নেখেলো, আনকো খেলিবলৈ নিদিও, মই খেলখনেকে বৰ্বাদ কৰি দিম’।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

দেশৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে সামূহিক যোগদানৰ প্ৰয়োজন। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, কচ্চৰ পৰা কামাখ্যা পৰ্যন্ত যেতিয়া সকলো ভাৰতীয়ই ঘাম সৰাই কাম কৰিব তেতিয়াহে দেশে প্ৰগতি কৰিব। মই কংগ্ৰেছৰ বন্ধুসকলক মনত পেলাই দিব বিচাৰিছো যে দেশৰ বাবে ৰাজহুৱা খণ্ড নিশ্চয় জৰুৰী, কিন্তু ব্যক্তিগত খণ্ডৰ সহযোগিতাও কিন্তু সিমানেই আৱশ্যক। চৰকাৰে ‘মোবাইল মেনুফেক্সাৰিং’-ক উত্সাহিত কৰিছে। ‘প্ৰাইভেট পাৰ্টী’ আহিছে, ‘মেনুফেক্সাৰাৰ’ আহিছে। আজিৰ তাৰিখত দুখীয়াৰো দুখীয়া পৰিয়ালতো ‘স্মাৰ্ট ফোন’ৰ পয়োভৰ হৈছে। ‘টেলিকম খণ্ড’ত প্ৰতিযোগিতাক উত্সাহিত কৰাৰ পিচত মোবাইলত কথা-বতৰা হোৱাৰ বাবে ব্যয় প্ৰায় শূণ্য হৈ পৰিছে আৰু ডেটাও ভাৰতত আজি পৃথিৱীৰ ভিতৰতে সস্তা বুলি ক’ব পাৰি। আনকি আমাৰ ‘ফাৰ্মা কোম্পানী’, আমাৰ প্ৰতিষেধক নিৰ্মাতা, এইবোৰ জানো চৰকাৰী সংস্থা হয়? আজি মানৱতাৰ কাম যদি ভাৰতে কৰিছে, তাত আমাৰ ব্যক্তিগত খণ্ডৰো বহুত ডাঙৰ ভূমিকা আছে, ‘প্ৰাইভেট এণ্টাৰপ্ৰাইজেছ’ৰ ভূমিকা আছে। আৰু আমাৰ নৱ-জোৱানসকলৰ ওপৰত আমাৰ সকলোৰে ভৰষা থকা উচিত। আমাৰ দেশৰ নৱ-জোৱানৰ ওপৰত ভৰষা ৰখা উচিত। এনেদৰে যদি কটাক্ষ কৰি থকা হয়, তেওঁলোকক নস্যাত্ কৰিব খোজা হয় আৰু আমি যদি যিকোনো ব্যক্তিগত কৰ্ম-কাণ্ডক অস্বীকাৰ কৰিবলৈ লও হ’ব জানো? তেন্তে…

আজিৰ পৃথিৱী সলনি হৈছে, সমাজৰ নিজৰ শক্তি আছে, দেশৰ অভ্যন্তৰত শক্তিৰ ভাণ্ডাৰ আছে। সকলোৱে সুযোগ পাব লাগিব আৰু তেওঁলোকক একপ্ৰকাৰ শত্ৰু ঘোষণা কৰা, তেওঁলোকৰ বাবে কটু মন্তব্য কৰা, এই সংস্কৃতি এটা সময়ত ভোট পোৱাৰ বাবে কামত আহিছিল চাগৈ। কৃপা কৰি আমি, আৰু মই লাল কিল্লাৰ পৰা কোৱাৰ দৰে ‘ৱেল্থ ক্ৰিয়েটৰো’ দেশৰ বাবে জৰুৰী হয়, তেতিয়াহে ‘ৱেল্থ’ৰ বাটোৱাৰ হ’ব, দুখীয়াৰ বাবে ‘ৱেল্থ’নো ক’ৰ পৰা বিতৰণ কৰিব? জীৱিকাৰ সন্ধান দিব কেনেকৈ? আৰু সকলো কি বাবুয়েই কৰিব? ‘আইএএছ’ হ’ল যেতিয়া তেঁৱেই কি সাৰো প্ৰস্তুত কৰি উলিয়াব নেকি? ‘আইএএছ’ হৈ গ’ল যেতিয়া তেঁৱেই ৰসায়ণিক কাৰখানাও চলাবনেকি?, ‘আইএএছ’ হৈ গ’ল যেতিয়া তেওঁলোকে উৰাজাহাজো চলাবনেকি? এয়া কেনেকুৱা বৃহত্ শক্তি নিৰ্মাণ কৰিলো আমি? ‘বাবু’সকলৰ হাতত দেশক অৰ্পণ কৰি আমি কি কৰিবলৈ ওলাইছো? আমাৰ ‘বাবু’সকলোতো দেশৰে হয়, তেন্তে নৱ-জোৱানসকলো দেখোন দেশৰেই হয়। আমি আমাৰ দেশৰ নৱ-জোৱানসকলক জিকাৰ বাবে যিমানেই অধিক সুযোগ প্ৰদান কৰিম সিমানেই আমাৰ লাভ হ’ব বুলি মই ভাবিছো।

মাননীয় অধ্যক্ষ ডাঙৰীয়া,

যেতিয়া তথ্যৰ আধাৰত কথা ৰজাব নোৱাৰা হয় তেতিয়া এনে দশাই হয়। আশংকাক উত্সাহিত কৰা হৈছে, এনেকুৱাহে হ’ব, তেনেকুৱাহে হ’ব আৰু এই পৰিৱেশ সৃষ্টি কৰিছে ‘আন্দোলনজীৱি’য়ে। মাননীয় অধ্যক্ষ মহোদয়, কৃষক আন্দোলনৰ পবিত্ৰতা, আৰু মই বহুত দায়বদ্ধতাৰে শব্দৰ ব্যৱহাৰ কৰি আছো, মই কৃষক আন্দোলনক পবিত্ৰ বুলি গ্ৰহণ কৰো আৰু ভাৰতৰ গণতন্ত্ৰত আন্দোলনৰ মহত্ব আছে আৰু সেয়া অটুত থাকিবই আৰু তাৰ নিতান্ত প্ৰয়োজনো আছে। পিচে, যেতিয়া ‘আন্দোলনজীৱি’য়ে পবিত্ৰ আন্দোলনক নিজৰ লাভৰ বাবে বিনষ্ট কৰিব বিচাৰে তেতিয়া কি হয়? কোনোবাই মোক ক’ব পাৰিবনে বাৰু তিনি আইনৰ কথাই হওক, আৰু পিচে, জে’লত থকা দগাবাজী, সম্প্ৰদায়বাদী, সন্ত্ৰাসবাদী, নক্সালবাদীৰ ফটো প্ৰদৰ্শন কৰি তেওঁলোকৰ মুক্তিৰ দাবী কৰা এয়া কৃষকৰ আন্দোলনক অপবিত্ৰ কৰাৰ প্ৰয়াস হয় নে নহয়?

মাননীয় অধ্যক্ষ মহোদয়,

এইখন দেশত ‘টোলপ্লাজ’ সকলো চৰকাৰে গ্ৰহণ কৰা এক ব্যৱস্থা হিচাপেই চলি আহিছে। এই ব্যৱস্থাক সকলো চৰকাৰেই চলাই আহিছে। এই ‘টোলপ্লাজা’ ভঙা-চিঙা কৰা, কব্জা কৰা, চলিবলৈ নিদিয়াকৈ বন্ধ কৰি ৰখা, এই যে কাণ্ডবোৰ চলাই থকা হৈছে এয়া কি কৃষকৰ আন্দোলনৰ পবিত্ৰতাক কলংকিত কৰাৰ প্ৰয়াস নহয়? যেতিয়া পঞ্জাৱত কেবশও ‘টেলিকম টাৱাৰ’ ভঙি পেলোৱা হৈছিল, সেয়া কি কৃষকৰ আন্দোলনক উপকৃত কৰাৰ বাবে কৰা হৈছিল? কৃষকৰ আন্দোলনক লক্ষ্যভ্ৰষ্ট কৰাৰ কাম আন্দোলনকাৰীয়ে কৰা নাছিল বৰঞ্চ ‘আন্দোলনজীৱি’য়েহে কৰিছিল। আৰু সেয়ে, দেশে ‘আন্দোলনকাৰী’ আৰু ‘আন্দোলনজীৱি’ৰ মাজত থকা প্ৰভেদ হৃদয়ংগম কৰাতো নিতান্তই গুৰুত্বপূৰ্ণ হ’ব। অপপ্ৰচাৰ চলোৱা, ভুল তথ্যৰে আভুৱা ভৰা, বিপথে পৰিচালিত কৰা আৰু দেশক অস্থিৰ কৰি ৰখা, দেশ বহুত বিশাল হয়, দেশৰ সাধাৰণ ৰাইজৰ আশা-আকাংক্ষাও বহুত আৰু এই সকলোবোৰকে লৈ আমি আগুৱাই যাব লাগিব, আৰু সেই দিশত আমি কাম কৰি আছো। দেশত এক বহুত ডাঙৰ শ্ৰেণী আছে। এইটো শ্ৰেণীৰ এটা পৰিচয়ো আছে, ‘টকিং দা ৰাইট থিংছ’, অৰ্থাত্ ‘সদায় শুদ্ধ কথা কোৱা’। শুদ্ধ কথা কোৱাটো কেতিয়াও বেয়া কথা নহয়, কিন্তু এইটো শ্ৰেণীৰ এনে লোকৰ সৈতে বিদ্বেষ থাকে যি সকলে ‘ডুয়িং দা ৰাইট থিংছ’ৰ পক্ষত থিয় দিয়ে। এই কথাৰ অৰ্থ বুজিবলৈ হ’লে বুজিব লাগিব যিসকলে শুদ্ধ কথাৰ পক্ষত ওকালতি কৰে তেওঁলোকেই আক’ শুদ্ধ কাম কৰাৰ কথা ওলালেই আগভেটি ধৰিব খোজে। তেওঁলোকে কথা কোৱাতে সকলো সামৰি থ’ব বিচাৰে, ভাল কাম কৰাৰ ক্ষেত্ৰত এওঁলোকে ভৰষাই কৰিব নোৱাৰে। যিসকলে নিৰ্বাচনী সংস্কাৰৰ কথা কয়, ‘ৱান নেশ্যন ৱান ইলেকশ্যন’ৰ কথা ওলালেই তেওঁলোকে বিৰোধ আৰম্ভ কৰি দিয়ে। এইসকল লোকেই লিংগ-সাম্যৰ কথা ওলালে বৰ বৰ কথা ক’বলৈ ধৰে কিন্তু ‘তিনি তালাক’ নিষিদ্ধ কৰাৰ কথাত বিৰোধ কৰিবলৈ ধৰে। এওঁলোকে পৰিৱেশৰ কথা কয় কিন্তু জল বিদ্যুত অথবা পাৰমাণৱিক শক্তিৰ আগত পতাকা জোকাৰি থিয় দিয়েগৈ, এনে হোৱা উচিত নহয়, এইখন দেশত আন্দোলন চলোৱা হয়। তামিল নাডু ইয়াৰ ভুক্তভোগী। সেইদৰে যিসকলে দিল্লীৰ প্ৰদূষণক লৈ আদলতলৈ গৈ ‘ৰীট আবেদন’ দাখিল কৰে, ‘আপীল’ কৰে, ‘পিআইএল’ কৰে, দিল্লীৰ সেইসকল লোকে শস্যৰ অৱশিষ্ট জ্বলোৱাসকলৰ সমৰ্থনত থিয় দিয়েগৈ। এনেবোৰ কথা-কাণ্ড দেখি-শুনি এওঁলোকেনো দেশক আওপাকত পেলাবলৈ কেনেদৰে প্ৰয়াস কৰে ধৰিবই নোৱাৰা হয়। এইসকলক চিনি পাবলৈ চেষ্টা কৰাটো নিতান্তই প্ৰয়োজন। শেহতীয়া ৬টা বছৰত বিপক্ষৰ প্ৰসংগৰ কিমান সলনি হ’ল মই বাৰুকৈয়ে দেখি আহিছো। আমিও এটা সময়ত বিপক্ষত আছিলো, পিচে আমি যেতিয়া বিপক্ষত আছিলো তেতিয়া আপোনালোকে চাগৈ দেখা পাইছিল যে দেশৰ উন্নয়ণৰ প্ৰসংগৰ লগতে ভ্ৰষ্টাচাৰৰ প্ৰসংগত আমি শাসকীয় পক্ষক বাৰুকৈয়ে ঘেৰি ধৰিছিলো। আমি সেইবোৰৰ বিৰুদ্ধে চিঞৰিছিলো, আমি প্ৰয়াস কৰিছিলো। মই আচৰিত হও, আজিকালি উন্নয়ণৰ প্ৰসংগত কোনো আলোচনাই নকৰে। মই ৰৈ থাকো এনেকুৱা প্ৰসংগত প্ৰশ্নৰ অৱতাৰণা কৰক যাতে আমিও কিবা কোৱাৰ সুবিধা পাও। কিন্তু আমাক সেই সুবিধা দিয়াই নহয়, কিয়নো তেওঁলোকৰ ওচৰত তেনেবোৰ প্ৰসংগত কোৱাৰ বাবে একোৱেই নাথাকে। আৰু সেয়ে আমিনো কিমান বাট-পথ নিৰ্মাণ কৰিলো তেওঁলোকে নোসোধে, সীমান্ত প্ৰবন্ধনৰনো কি হ’ল, ৰে’লপথতনো কিমান চিৰি সংস্থাপিত কৰা হ’ল তেওঁলোকে নোসোধে, এনেবোৰ প্ৰসংগত চৰ্চা কৰাৰ বাবে তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে।

মাননীয় অধ্যক্ষ মহোদয়,

২১শতিকাত আন্তঃগাঁথনিৰ বহুত ডাঙৰ মহত্ব আছে আৰু ভাৰতকো আগুৱাই যোৱাৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন আছে। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ পথ-পৰিক্ৰমাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰাটো এতিয়াৰ সময়ৰ আহ্বান আৰু আমি সকলোৱে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব লাগিব। আন্তঃগাঁথনি শক্তিশালী হ’লেহে দেশৰ প্ৰগতিৰ গতিও দ্ৰুত হ’ব, তাৰ পৰিসৰো ব্যাপক হ’ব আৰু সেইকাৰণেই আমি প্ৰয়াস কৰা উচিত। আন্তঃগাঁথনিৰ অৰ্থই হৈছে দুখীয়া-দৰিদ্ৰৰ বাবে, মধ্যম বৰ্গৰ বাবে, আন্তঃগাঁথনিয়ে অনেক নতুন সম্ভাৱনাৰ জন্ম দিয়ে। জীৱিকাৰ নতুন সুযোগৰ সন্ধান দিয়ে। অৰ্থনীতিক গুণকৰ হিচাপত আগুৱাই নিয়াৰো সামৰ্থ্য বহণ কৰে। সেয়ে আমি আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিব লাগিব। আন্তগাঁথনিৰ অৰ্থ কিন্তু ভোট বেংক নহয়, কাগজত ঘোষণা কৰা হ’ল যে এইটো ৰাস্তা নিৰ্মাণ কৰা হ’ব, এটা নিৰ্বাচন জিকি আহক। দ্বিতীয়বাৰ তাত চূণ-তেল সানি দ্বিতীয়টো নিৰ্বাচন জিকি আহক। তৃতীয়বাৰত সেই স্থানত অলপ মাটি চটিয়াওক, বছ। এয়া এইবোৰ কামৰ বাবে নহয়। এয়া সঁচাকৈয়ে জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে, অৰ্থনীতিক সলনি কৰাৰ বাবে আমি আন্তঃগাঁথনি নিৰ্মাণত জোৰ দিব লাগিব। ১১০লাখ কোটি টকাৰ যোজনাৰ সৈতে আমি বাজেটত আৰু অধিক ব্যয়ৰ সৈতে আগবঢ়াৰ বাবে খোজ দিছো। দেশৰ ২৭খন চহৰত মেট্ৰো ট্ৰেইন, ৬লাখৰো অধিক গাঁৱত দ্ৰুত গতিৰ ইণ্টাৰনেট, বিদ্যুতৰ ক্ষেত্ৰত আমি ‘এক ৰাষ্ট্ৰ এক গ্ৰীড’-ৰ ধাৰণা বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছো। সৌৰ শক্তিৰ সৈতে ‘নবীকৰণ সম্ভৱ শক্তি’ৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষৰ পাঁচখন দেশৰ তালিকাত ভাৰতে নিজৰ স্থান নিশ্চিত কৰিছে। সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ শক্তিধৰ দেশ হ’বলৈ গৈ আছে ভাৰত। উন্নয়ণৰ ক্ষেত্ৰতো আজি আমি নতুন উত্সাহ দেখিবলৈ পাইছো।

আমি দেখিছো যে য’তেই অসাম্যই বিৰাজ কৰিছে, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল, দেশৰ উত্তৰ-পূব প্ৰান্তৰ উন্নয়ণ সাধন কৰিবলৈ হ’লে দেশৰ পশ্চিম প্ৰান্তৰ জোখত উত্তৰ-পূৰ্বাঞ্চলৰো উন্নয়ণ সম্ভৱ কৰিব লাগিব। লাগিলে গেছ-পাইপলাইন বহুওৱাৰ কামেই হওক, লাগিলে ৰাস্তা নিৰ্মাণ কৰাই হওক, লাগিলে বিমান বন্দৰ নিৰ্মাণ কৰাই হওক, লাগিলে ৰে’লপথ স্থাপনৰ প্ৰসংগই হওক, লাগিলে ইণ্টানেট সংযোগৰ কথাই হওক, আৰু কেৱল ইমানেই নহয় জলপথেৰে উত্তৰ-পূৰ্বাঞ্চলক সংযোজিত কৰাৰ বাবে এক বহুত ডাঙৰ ভাগীৰথ প্ৰয়াস চলি আছে। দেশক এক সন্তুলিত বিকাশৰ দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত বুলি ভাবিছো। আৰু সেয়ে পূব-ভাৰতত আমি ‘মিছন মোড’ত কাম কৰি আছো। কেবা ডজন জিলাত ‘চিএনজি’, ‘পিএনজি’, ‘চিটী গেছ’ বিতৰণৰ জালিকা স্থাপনত আমি সফল হৈছো। গেছ পাইপলাইন স্থাপনৰ ফলত সাৰৰ উত্পাদনী কাম-কাজলৈ বিশেষ গতি অহা পৰিলক্ষিত হৈছে। আৰু সাৰৰ যিবোৰ কাৰখানা ইমান দিনে বন্ধ হৈ আছিল সেইবোৰক আকৌ মোকলোৱাৰ পৰিৱেশ উদ্ভৱ হৈছে, কিয়নো আমি গেছৰ আন্তঃগাঁথনি সবল কৰাত গুৰুত্ব প্ৰদান কৰিছো।

মাননীয় অধ্যক্ষ মহোদয়,

আমি বহুত দিনৰ পৰাই ‘ডেডিকেটেড ফ্ৰেইট কৰিডৰ’ৰ কথা শুনি আহিছিলো। পিচে, এই ‘ডেডিকেটেড ফ্ৰেইট কৰিডৰ’ ৰ অৱস্থা কি আছিল? যেতিয়া তেওঁলোকে সেৱা কৰাৰ সুবিধা পাইছিল, কেৱল ১ কিলোমিটাৰৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু আজি প্ৰায় ৬০০ কিলোমিটাৰ, ৬টা বছৰৰ ভিতৰত ৬০০ কিলোমিটাৰৰ কাম, আৰু প্ৰকৃততে ‘ডেডিকেটেড ফ্ৰেইট কৰিডৰ’ত কাম আৰম্ভ হৈ গ’ল, মালবস্তুৰ যাতায়াত আৰম্ভ হৈ গ’ল আৰু ‘ছেকশ্যন’সমূহৰ কামো কৰি আছে। ‘ইউপিএ’ৰ সময়ত সীমান্ত আন্তঃগাঁথনি, যিকোনো দেশৰ বাবে সীমান্ত আন্তঃগাঁথনিয়ে বহুত মহত্ব ৰাখে যদিও তাৰ বাবে ইমান উদাসীনতা প্ৰদৰ্শন কৰা হ’ল, ইমানেই বেপেৰোৱা মনোভাৱ প্ৰদৰ্শন কৰা হ’ল, দেশৰ ভিতৰত আমি সেই বিষয়সমূহৰ প্ৰচাৰ বা চৰ্চা কৰিব নোৱাৰো। এয়া দেশৰ নিৰাপত্তাৰ বাবেই উচিত নহয়। কিন্তু, এয়া নিতান্তই উদ্বিগ্নতাৰ বিষয়, কাৰণ তাত মানুহ নাথাকে, ভোটৰ সংখ্যা কম থাকে, প্ৰয়োজন যেন লগা নাছিল, সেনাৰ লোক যেতিয়া যায় যাব, তেতিয়া দেখা যাব, কিনো হব? এনে মানসিকতাৰে পৰিণাম এয়া, আৰু ইমানেই নহয় এবাৰতো এগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংসদত কৈয়েই পেলাইছিল, ‘শত্ৰু দেশে আমাৰ আন্তঃগাঁথনিৰ সুযোগ গ্ৰহণ কৰে বুলিয়েই আমি সীমান্তত আন্তঃগাঁথনি নিৰ্মাণ কৰা নাই’, বাঃ কি আশ্চৰ্য ভাই। এয়াই মানসিকতা আছিল, সেই মানসিকতাকে সলাই যি আশা আৰু আয়োজন কৰা হৈছিল আজি তাৰ প্ৰায় সিংহভাগ কাম আমি সীমান্তত সম্পূৰ্ণ কৰিছো। ‘এলএচি’ৰ ওপৰত দলং, মোৰ বোধেৰে প্ৰায় ৭৫খন দলঙৰ কাম দ্ৰুত গতিৰে চলি আছে। বহুশ কিলোমিটাৰ পথ আমি নিৰ্মাণ কৰিছো। আৰু মই ভাবো যিমানবোৰ কাম আমাৰ সন্মুখলৈ আহিছিল তাৰ প্ৰায় ৭৫শতাংশ আমি সম্পূৰ্ণতো কৰিলোৱেই আৰু আমি আগলৈয়ো এই প্ৰক্ৰিয়া অব্যাহত ৰাখিম। ‘অটল টানেল’ হিমাচল প্ৰদেশত, তাৰ অৱস্থা কি আছিল? অটল জীৰ সময়ত যাৰ কথা কল্পনা কৰা হৈছিল, অটল জী যোৱাৰ পিচত কোনোবা নহয় কোনোবা ফাইলৰ মাজত এই কাম ওলমি ৰৈছিল।

এবাৰ সৰুকৈ কাম চলিছিল আকৌ থমকি ৰ’ল। এনেকৈয়ে চলি থাকিল, বিগত ৬টা বছৰৰ ভিতৰত তাৰ পিচত আমি লাগি গ’লো আৰু আজি ‘অটল টানেলে’ কাম কৰি আছে। দেশৰ সেনাবাহিনীয়েও সেই সুৰংগইদি আৰামত অহা-য়োৱা কৰিব পাৰিছে। দেশৰ নাগৰিকসকলেও অহা-যোৱা কৰিব পাৰিছে। আগতে যিটো পথ বছৰি ৬-৬ মাহৰ বাবে বন্ধ হৈ থাকিবলগীয়া হৈছিল, আৰু আজি সেই পথ ‘অটল-টানেল’ৰ বাবে মুকলি থাকিব পৰা হৈছে। সেই দৰেই মই এই কথাও পৰিষ্কাৰ কৰিব বিচাৰিছো যে, যেতিয়াই দেশৰ সন্মুখলৈ কোনো প্ৰত্যাহ্বান আহে, এয়া আমাৰ দেশৰ সামৰ্থ্য, এয়া আমাৰ দেশৰ সেনাবাহিনীৰ সামৰ্থ্য যে দেশে কেতিয়াবা নতি স্বীকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হবলৈকে নিদিয়ে, তেনে পৰিস্থিতি হ’বলৈকে নিদিয়ে যে সেই বিশ্বাস মোৰ আছে। আজিও তেওঁলোকে নিজৰ দায়িত্বলৈ অহা সকলোখিনিয়েই পৰম দায়বদ্ধতাৰে সম্পন্ন কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগৰ মাজতো বহুত প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আহিছে। আৰু আমাৰ দেশৰ সেনা বাহিনীক লৈ গৌৰৱ হয়, আমাৰ বীৰসকলক লৈ গৰ্ব হয়, তেওঁলোকৰ সামৰ্থ্যক লৈ আমাৰ গৰ্ব হয় আৰু দেশে সাহসৰে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰে, আৰু আমি তাক লৈ আগুৱাই যাও। মই তাহানিতে এটা গজল শুনিছিলো, মোৰ অৱশ্যে এইবোৰত বৰ এটা ৰাপ নাই, মই বৰ বিশেষ নাজানোও। তথাপি তাত লিখা আছিল-‘মে জিছে ওড়তা-বিছাতা হু, ৱ’ গজল শুনাতা হু’। ‘যিসকল সতীৰ্থ আঁতৰি গ’ল, তেওঁলোক যিবোৰ বস্তুত জীৱন্ত হৈ থাকে, পালিত হয়, যি কালখণ্ডত তেওঁলোকে সেইবোৰ দেখিছিল সেই সময়ৰ কথাকে সোঁৱৰাই থাকে’ আৰু সেয়ে মই ভাবো এতিয়া আমি আগবাঢ়ি যাব লাগিব। আমি বহুত সাহসেৰে আগুৱাই যাবই লাগিব। আৰু মই কৈছোৱেই ক’ৰোনা-উত্তৰ পৰিস্থিতিত নতুন ‘ৱৰ্ল্ড অৰ্ডাৰ’ যেতিয়া আমাৰ সন্মুখলৈ আহিছে যেতিয়া ভাৰতত একোৱেই সলনি নহ’ব জাতীয় মানসিকতা ত্যাগ কৰিবই লাগিব। ১৩০ কোটি দেশবাসীৰ সামৰ্থ্যক লৈ আমি আগুৱাইছো। সমস্যা আহিবই, যদি লাখ লাখ সমস্যা আছে তেন্তে কোটি কোটি সমাধানতো আছে। এইখন দেশ শক্তিৱন্ত দেশ আৰু সেয়ে আমি আমাৰ সংবিধানিক ব্যৱস্থাসমূহৰ প্ৰতি বিশ্বাস ৰাখি আগুৱাব লাগিব। আৰু মোৰ বিশ্বাস আছে যে আমি এই খকতাটোকে সাৰোগত কৰি আগুৱাই যামো। এটা কথা সত্য যে ইতিমধ্যে ‘মধ্যভোগী সংস্কৃতি’ নোহোৱা হৈছে। কিন্তু দেশৰ মধ্যবিত্ত শ্ৰেণীৰ মংগলৰ বাবে দেশত কাম অব্যাহত আছে। সেয়ে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাজৰ সকলোতকৈ অধিক জনসংখ্যা থকা মধ্যবিত্তীয় শ্ৰেণীটোৱে বহুত ডাঙৰ ভূমিকা পালন কৰিব লাগিব। আৰু তাৰ বাবে যি আৱশ্যকীয় আইনী ব্যৱস্থা কৰিব লাগে সেয়া আমি কৰি উলিয়াইছো।

মাননীয় অধ্যক্ষ মহোদয়,

এক ধৰণৰ বিশ্বাস আৰু প্ৰগতিৰ বাতাবৰণৰৰ মাজেৰে দেশক আগুৱাই লৈ যোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস চলি আছে। মই ৰষ্ট্ৰপতি মহোদয়ক হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো, কিয়নো বহু বিষয়ত তেখেতে ইয়াক স্পষ্ট কৰিছে। যিসকলৰ ৰাজনৈতিক ‘এজেণ্ডা’ আছে সেয়া তেওঁলোকলৈয়ে এৰিছো, আমি দেশৰ ‘এজেণ্ডা’ লৈ আগুবাব খুজিছো। দেশৰ ‘এজেণ্ডা’কে লৈ আগুৱাই থাকিবও বিচাৰো। মই আকৌ এবাৰ দেশৰ কৃষকসকলৰ প্ৰতি আহ্বান জনাব খুজিছো, আহক আলোচনাৰ মেজত বহি সমস্যাৰ সমাধান উলিয়াও। এই এক আহ্বানৰে ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণক, ৰাষ্ট্ৰপতি মহোদয়ৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA

Media Coverage

India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The strong foundation of Viksit Rajasthan is giving more strength to the resolution of Viksit Bharat: PM Modi
March 07, 2026
Today is a day of new hope and new achievement for the entire Hadoti region including Kota, Bundi, Baran and Jhalawar: PM
This modern airport, to be built at a cost of ₹1,500 crore, will give new momentum to the development of the entire region in the coming time: PM
When this airport becomes operational, travel will be easier and trade will grow rapidly across the entire area, including Kota : PM
Kota is today advancing rapidly in the field of connectivity: PM
Under the Amrit Bharat Station Scheme, both major railway stations of Kota are being equipped with modern facilities: PM
The Delhi-Mumbai Expressway, which passes through Kota and Bundi, is opening a new gateway for the development of the entire region: PM

My dear companions from Kota and the entire Hadoti region, Namaskar once again.

Just last week, I had the opportunity to visit Rajasthan. From the sacred land of Ajmer, we inaugurated and laid the foundation stones for development projects worth thousands of crores of rupees. In that same program, appointment letters were handed over to more than 21,000 young people of Rajasthan. And now, only a few days after the Ajmer visit, today I have the privilege of launching this important airport project connected to Kota. Within a single week, these two major development programs in Rajasthan send a powerful message. They show how rapidly Rajasthan is progressing today. Whether it is infrastructure, employment opportunities for youth, schemes for farmers and women, or initiatives in every sector-work is happening at great speed across Rajasthan.

Friends,

Today is a day of new hope and achievement for Kota, Bundi, Baran, Jhalawar, and the entire Hadoti region. This modern airport, being built at a cost of around 1,500 crore rupees, will accelerate the development of the entire region in the coming years. I extend my heartfelt congratulations to the people of Kota and Hadoti on the occasion of the foundation stone laying of this important airport project.

Friends,

I remember, when I came to Kota in November 2023, I made a promise to the people of Kota. I had said that the airport would not remain just a dream, but it would be turned into reality. Today, I am happy that the moment has arrived when the construction of Kota Airport is beginning. Until now, people of Kota had to travel to Jaipur or Jodhpur to catch flights. This consumed a lot of time and caused inconvenience. That situation is now going to change. Once this airport becomes operational, travel will become easier and trade will grow rapidly in Kota and the surrounding areas.

Friends,

Kota is not only a hub of education but also a major center of energy. It is a unique region where electricity is produced from almost all sources-nuclear, coal-based, gas, and water. The land of Hadoti is equally famous for its heritage. The taste of Kota Kachori, the elegance of Kota Doria sarees, and the shine of Kota stone and sandstone have earned recognition worldwide. The coriander from here, Bundi’s basmati rice-their aroma reaches international markets. This region is known for its hard work, production, and immense potential. Now, this new airport in Kota will multiply these possibilities many times over.

Friends,

The land of Kota and Hadoti is also a great center of enterprise and faith. For centuries, devotees from across the country and the world have been coming here to visit the sacred Mathuradheesh Ji Peeth, the Keshav Rai Patan pilgrimage, Khade Ganesh Ji Maharaj, and Godavari Balaji Dham. The view of Chambal from Garadia Mahadev mesmerizes everyone. Wildlife sanctuaries like Mukundra Hills and Ramgarh Vishdhari make this region a major hub of wildlife tourism. With increased air connectivity, tourists from across the country and the world will come here, directly benefiting the youth, traders, and the local economy.

Friends,

Kota is already rapidly advancing in connectivity. Under the Amrit Bharat Station scheme, both major railway stations of Kota are being equipped with modern facilities. The Delhi-Mumbai Expressway, which passes through Kota and Bundi, is opening new doors of development for the entire region. Now, big cities like Delhi, Vadodara, and Mumbai are only a few hours away. With better road and rail connectivity, new industries are being established here. Especially for agro-based industries, this region will become a major hub. After rail and road, this new chapter of air connectivity will further accelerate Kota’s development. The Kota Airport will bring new opportunities of progress for the entire Hadoti region and nearby districts.

Friends,

I also want to appreciate the continuous efforts of Kota’s Member of Parliament, Shri Om Birla Ji, for this important project. His constant endeavor has been to improve the lives of the people of Kota and provide them with new opportunities. Whether it is the airport, the new campus of IIIT, or the expansion of roads, he has been working tirelessly for Kota’s development. It is because of his efforts that Kota and the entire region are witnessing new momentum in growth.

Friends,

Om Birla Ji is not only an excellent Member of Parliament but also a remarkable Speaker of the Lok Sabha. He is fully dedicated to the Constitution and deeply committed to parliamentary traditions. Today, he stands above party and opposition, embodying neutrality. When I see him in the House, I often feel that perhaps coming from the city of education has influenced his role as Speaker-he leads like a good head of the family, taking everyone along. He respects the feelings and requests of all Members of Parliament. He is a Speaker who naturally honors MPs the most. Even when some arrogant and disruptive individuals occasionally create disturbances, he manages everything with dignity, never insulting anyone, patiently enduring harsh words, and always smiling with warmth. Perhaps that is one reason why he is universally admired in the House.

Friends,

When connectivity increases, the speed of development also rises. In the past 11 years, new airports built across different parts of the country have given fresh momentum to growth. Before 2014, there were around 70 airports in the country. Today, that number has risen to more than 160. These new airports have made air travel easier, boosted tourism, created employment opportunities for youth, and accelerated regional development. Even around Delhi, several new airports have come up-Hisar, Hindon, Jewar. When new airports and terminals are built, new enterprises and companies reach smaller cities too. I am confident that Kota’s new airport will similarly give new momentum to the development of this region in the coming times.

Friends,

When the state government and the central government work together, when intentions are clear and determination is strong, the pace of development multiplies. That is exactly what is happening in Rajasthan today. This strong foundation of a developed Rajasthan is giving greater strength to the resolve of a developed India. I am fully confident that together we will succeed in building a Rajasthan that is prosperous, strong, and full of opportunities. With this belief, I extend my heartfelt congratulations to all of you on this foundation stone laying ceremony. Thank you very much. Vande Mataram.