মাননীয় মহোদয়,

ৰাষ্ট্ৰপতি ঘানী

আপোনাৰ উষ্মা ভৰা শব্দৰ বাবে মই কৃতজ্ঞ৷ আপোনাৰ সৈতে উপস্থিত আফগানিস্তানৰ সকলো জ্যেষ্ঠ পদাধিকাৰীসকল,

বন্ধুসকল,

নমস্কাৰ!

সবাতোকৈ প্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো৷ মোৰ অলপ পলম হ’ল৷ আমাৰ সংসদৰ অধিৱেশন চলি আছে৷ সংসদৰ কিছুমান কাৰ্যাৱলীত মই উপস্থিত থকাটো আৱশ্যম্ভাৱী আছিল৷ আজি আমি ভাৰত-আফগানিস্তানৰ বন্ধুত্বৰ দীঘলীয়া পথত আৰু এটা মাইলষ্টোন স্থাপন কৰিবলৈ বিচাৰিছো৷ ভাৰত আৰু আফগানিস্তান কেৱল ভৌগোলিক দিশৰ পৰাই নহয় বৰঞ্চ আমাৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতেও জড়িত৷ পৰস্পৰে পৰস্পৰৰ দ্বাৰা প্ৰভাৱিত৷ এই শতিকা পুৰণি সম্পৰ্ক আমাৰ ভাষা, আমাৰ খাদ্যাভাস, আমাৰ সংগীত, আমাৰ সাহিত্যত প্ৰস্ফুটিত হয়৷

 

বন্ধুসকল,

আমি সকলোৱে জানো যে নদীক বিশ্বৰ মহান সভ্যতাসমূহ বাহক হিচাপে গণ্য কৰা হয়৷ নদীয়ে জীৱনদাতাৰ ৰূপত আমাৰ ৰাষ্ট্ৰ, আমাৰ সমাজক পৰিভাষিত কৰিছে৷ ভাৰতত আমি গংগা নদীক মাতৃৰ স্থান দিও আৰু সেই নদীৰ কায়াকল্পৰ বাবে আমি আমাৰ ‘নমামি গংগে’ কাৰ্যসূচী আৰম্ভ কৰিছো৷ নদীৰ বাবে এই সন্মান ভাৰত আৰু আফগানিস্তানৰ সহযোগিতা সাংস্কৃতিক ঐতিহ্য হিচাপে আছে৷ আমাৰ ইয়াত ঋগবেদৰ ‘নদী স্তুতি-স্কুত’ত নদীসমূহৰ প্ৰশংসা কৰা হৈছে৷ মৌলানা জালালুদ্দিন ৰুমীয়ে নদীসমূহৰ শক্তিশালী সভ্যতাগত সম্বন্ধৰ বিষয়ে কৈছে যে ‘‘যি নদী তোমাতেই বয়, সেই নদী মোৰ তাতো বয়৷’’

বন্ধুসকল,

যোৱা প্ৰায় দুটা দশকৰ পৰা ভাৰত আফগানিস্তানৰ মুখ্য বিকাশ সহযোগী হিচাপে পৰিগণিত হৈ আহিছে৷ আফগানিস্তানত আমাৰ বিকাশৰ পৰিযোজনা, আন্তঃগাঁথনি, সামৰ্থ নিৰ্মাণ, কৃষি, শিক্ষা, স্বাস্থ্যৰ দৰে অনেক খণ্ড বিয়পি আছে৷ এটা দশক পূৰ্বে পুল-এ-খুমৰীৰ পৰা ট্ৰান্সমিছন লাইনৰ নিৰ্মাণৰ দ্বাৰা কাবুল চহৰত বিদ্যুতৰ চাহিদা উন্নত হৈছে৷ ২১৮ কিলোমিটাৰ দৈৰ্ঘৰ ডেলাৰম-জৰঞ্জ ৰাজপথে আফগানিস্তানৰ বাবে যোগাযোগৰ এক বিকল্প প্ৰদান কৰিছে৷ কিছু বৰ্ষ পূৰ্বে নিৰ্মাণ হোৱা ‘মৈত্ৰী বান্ধ’ৰ পৰা হেৰাতত বিদ্যুৎ আৰু জলসিঞ্চনৰ প্ৰণালী সুদৃঢ় হৈছে৷ আফগানিস্তানৰ সংসদৰ নিৰ্মাণ ভাৰত আৰু আফগানিস্তানৰ জনসাধাৰণৰ গণতন্ত্ৰৰ প্ৰতি প্ৰেমৰ গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে বিবেচিত হৈছে৷ এই আটাইবোৰ প্ৰকল্পৰ এক মুখ্য পৰ্যায় এয়াই যে ইয়াৰ দ্বাৰা ভাৰত আৰু আফগানিস্তানৰ বন্ধুত্ব, আমাৰ সহযোগিতা অধিক শক্তিশালী হৈছে৷ এই বন্ধুত্ব, এই নিকটতা ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজতো প্ৰদৰ্শিত হৈছে৷ ঔষধ, পিপিই কিটেই হওক অথবা ভাৰতত নিৰ্মিত প্ৰতিষেধকৰ যোগান, আমাৰ বাবে আফগানিস্তানৰ আৱশ্যকতা সদায়েই গুৰুত্বপূৰ্ণ হৈ আহিছে৷ সেইবাবে মই এয়া ক’ব পাৰো যে আজি আমি কাবুলত যি শ্বাহটুত বান্ধৰ নিৰ্মাণৰ চুক্তি কৰিছো, তাৰ ভেঁটি কেৱল ইটা আৰু মৰ্টাৰৰ দ্বাৰা নহয়, বৰঞ্চ ভাৰত-আফগানিস্তানৰ বন্ধুত্বৰ শক্তিৰ দ্বাৰা গঠিত হ’ব৷ কাবুল চহৰ ভাৰতীয়ৰ মন-মগজুত সোমাই আছে৷ বহু প্ৰজন্মই, যিদৰে আপুনি উল্লেখ কৰিলে যে গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘কাবুলীৱালা’ কাহিনী পঢ়ি ডাঙৰ হৈছে৷ আৰু সেইবাবে মই অত্যন্ত সুখী কিয়নো শ্বাহটুত বান্ধৰ পৰিযোজনাৰ দ্বাৰা কাবুল চহৰৰ নাগৰিকসকলে পেয়জলৰ সুবিধা লাভ কৰিব৷ লগতে কাবুল নদী বেচিনত জলসিঞ্চনৰ নেটৱৰ্কো বিকশিত হ’ব৷

বন্ধুসকল,

যেতিয়া মই সংসদ ভৱনৰ উদঘাটনৰ বাবে ডিচেম্বৰ ২০১৫ত কাবুললৈ গৈছিলো, তেতিয়া মই আফগান পুৰুষ,মহিলা আৰু শিশুৰ চকুত ভাৰতৰ প্ৰতি থকা প্ৰেম দেখিবলৈ পাইছিলো৷ আফগানিস্তানত মই আনৰ ঘৰলৈ আহিছো বুলি অনুভূতি হোৱা নাছিল, মোৰ এনে লাগিছিল যেন ‘খানা-এ-খুদ-অস্ত’-য়েই হ’ল মোৰ নিজৰ ঘৰ৷ মই বদখশাঙৰ পৰা নিমৰোজ আৰু হেৰাতৰ পৰা কান্ধাৰলৈ প্ৰতিজন আফগান ভাই আৰু ভনীক এই বিশ্বাস প্ৰদান কৰিবলৈ বিচাৰিছো যে ভাৰত আপোনালোকৰ সৈতে আছে৷ আপোনালোকৰ ধৈৰ্য, সাহস আৰু সংকল্পৰ যাত্ৰাৰ প্ৰতিটো খোজত ভাৰত আপোনালোকৰ সৈতে আছে৷ কোনো বাহিৰা শক্তিয়ে আফগানিস্তানৰ বিকাশক অথবা ভাৰত-আফগানিস্তানৰ বন্ধুত্বক ৰোধ কৰিব নোৱাৰে৷

মহোদয়,

আফগানিস্তানত বৃদ্ধি পোৱা হিংসাকলৈ আমি চিন্তিত৷ নিৰ্দোষ নাগৰিক, সাংবাদিক আৰু কৰ্মচাৰীসকলক কাপুৰুষতাৰে লক্ষ্য কৰি লোৱা হৈছে৷ আমি হিংসা তৎকালে সমাপ্ত কৰাৰ আহ্বান জনাইছো আৰু আমি অতি শীঘ্ৰেই এক ব্যাপক সংঘৰ্ষ-বিৰামৰ সমৰ্থন কৰিছো৷ হিংসা শান্তিৰ বিপৰীত আৰু দুয়োটা একেলগে আগবাঢ়িব নোৱাৰে৷ এক নিকট প্ৰতিৱেশী আৰু শক্তিশালী কূটনৈতিক সহযোগীৰ ৰূপত ভাৰত আৰু আফগানিস্তান দুয়োৱেই নিজৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ ভয়ংকৰ সংকটৰ পৰা মুক্ত হোৱাটো বিচাৰে৷ ভাৰতে এনে এক শান্তি প্ৰক্ৰিয়াৰ সমৰ্থন কৰে যি আফগানিস্তানৰ নেতৃত্বত হওক, আফগানিস্তানৰ স্বামীত্বত হওক আৰু আফগানিস্তানৰ নিয়ন্ত্ৰণত হওক৷

আফগানিস্তানৰ জনসাধাৰণৰ মাজত ঐক্যৱদ্ধতা শক্তিশালী কৰাটো অতিশয় আৱশ্যক৷ মোৰ বিশ্বাস যে ঐক্যৱদ্ধ আফগানিস্তানে যিকোনো প্ৰত্যাহ্বান হেলাৰঙে ওফৰাই পেলাব পাৰিব৷ আফগানিস্তানৰ সফলতাত আমি ভাৰতৰ আৰু সম্পূৰ্ণ অঞ্চলটোৰ সফলতা প্ৰত্যক্ষ কৰিছো৷ মই পুনৰবাৰে সকলো আফগান বন্ধুক ভাৰতৰ বন্ধুত্বৰ পূৰ্ণ বিশ্বাস প্ৰদান কৰিছো৷ ভাৰতৰ ওপৰত থকা বিশ্বাসৰ বাবে মই হৃদয়েৰে মোৰ আফগানৰ মৰমৰ ভাই-ভনীসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

তশক্কুৰ,

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India