An active Opposition is important in a Parliamentary democracy: PM Modi
I am happy that this new house has a high number of women MPs: PM Modi
When we come to Parliament, we should forget Paksh and Vipaksh. We should think about issues with a ‘Nishpaksh spirit’ and work in the larger interest of the nation: PM

নমস্কাৰ সতীৰ্থসকল!

নিৰ্বাচনৰ পিছত, নতুন লোকসভা গঠনৰ পিছত আজি প্ৰথমবাৰলৈ অধিৱেশন আৰম্ভ হৈছে৷ বহু সংখ্যক নতুন সতীৰ্থৰ সৈতে আজি পৰিচয় হোৱাৰ অৱকাশ পাইছো আৰু নতুন সদস্য অহাৰ ফলত নতুন উৎসাহ, নতুন সপোনেও প্ৰাণ পাই উঠে৷ ভাৰতীয় গণতন্ত্ৰৰ বিশেষত্ব কি? শক্তি কি? প্ৰতিটো নিৰ্বাচনত আমি ইয়াৰ অনুভৱ কৰো৷ স্বাধীনতাৰ পিছত এই লোকসভাৰ নিৰ্বাচনত অধিক সংখ্যত ভোটদান হৈছে তথা সকলোতকৈ অধিক মহিলা প্ৰতিনিধি নিৰ্বাচিত হৈছে৷ পূৰ্বৰ তুলনাত অধিক সংখ্যক মহিলাই ভোটদান কৰিছে৷ বহু দশকৰ পিছত এখন চৰকাৰক দ্বিতীয়বাৰলৈ পূৰ্ণ বহুমতৰ সৈতে পূৰ্বতকৈও অধিক আসনেৰে নিৰ্বাচিত কৰি জনতা-জনাৰ্দনে সেৱা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিছে৷ বিগত পাঁচ বৰ্ষৰ আমাৰ অভিজ্ঞতা এয়েই যে যেতিয়াই সদন বহিছে তেতিয়াই সৱল বাতাবৰণৰ ফলত দেশহিতৰ বাবে গ্ৰহণ কৰা নিৰ্ণয়ো সঠিক হৈছে৷ সেই অভিজ্ঞতাৰ ভিত্তিত মই আশা প্ৰকাশ কৰিছো যে সকলো দলেই যাতে উত্তম প্ৰকাৰৰ চৰ্চা, জনহিতৰ বাবে লোৱা সিদ্ধান্ত আৰু জনকাংক্ষাৰ পূৰণৰ দিশত আগবাঢ়ে৷ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ৰ সৈতে৷ কিন্তু দেশৰ জনতাই ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ৰ ওপৰত এক অদ্ভুত বিশ্বাস স্থাপন কৰিছে আৰু সেই বিশ্বাসক লৈয়েই সাধাৰণ মানুহৰ আশা আকাংক্ষা তথা সপোন পূৰণ কৰিবলৈ সংকল্প গ্ৰহণ কৰি আমি আগবাঢ়িবলৈ প্ৰয়াস কৰিম৷

গণতন্ত্ৰত বিৰোধী থকা, বিৰোধী সক্ৰিয় হোৱা, বিপক্ষ সমৰ্থৱান হোৱা, এয়াই গণতন্ত্ৰৰ অনিবাৰ্য চৰ্ত আৰু মই আশা প্ৰকাশ কৰিছো যে বিৰোধীয়ে নিজৰ সংখ্যাক লৈ চিন্তিত হ’ব নালাগে৷ দেশৰ জনতাই তেওঁলোকক যি সংখ্যা প্ৰদান কৰিছে, সেয়া দিছে, কিন্তু আমাৰ বাবে তেওঁলোকৰ প্ৰতিটো শব্দই মূল্যবান, তেওঁলোকৰ প্ৰতিটো চিন্তা-ধাৰাই মূল্যৱান৷ আৰু সদনত যেতিয়া আমি আসন গ্ৰহণ কৰো, সাংসদৰ ৰূপত বহো তেতিয়া পক্ষ-বিপক্ষতকৈ অধিক নিৰপেক্ষৰ গুৰুত্ব অধিক হয়৷ আৰু মোৰ এয়া বিশ্বাস যে পক্ষ আৰু বিপক্ষৰ গণ্ডীত বিভক্ত হোৱাৰ পৰিৱৰ্তে নিৰপেক্ষৰূপত জনকল্যাণক প্ৰাথমিকতা প্ৰদান কৰি অনাগত ৫ বছৰৰ বাবে এই সদনৰ গৰিমা ঊৰ্ধলৈ নিয়াৰ বাবে প্ৰয়াস কৰিম৷ মোৰ বিশ্বাস যে পূৰ্বৰ তুলনাত এইবাৰ সদন অধিক পৰিণামদায়ী হ’ব আৰু জনহিতকাৰী কামৰ দ্বাৰা অধিক শক্তি, অধিক গতি আৰু অধিক সামুহিক চিন্তনৰ অৱকাশ সৃষ্টি হ’ব৷

মই আপোনালোক সকলোকে আহ্বান জনাইছো যে সদনত বহু সদস্যই উত্তম প্ৰস্তাৱ দাঙি ধৰে, যুক্তি উত্থাপন কৰে কিন্তু তেওঁলোকে টিআৰপি নাপায়৷ কিন্তু কেতিয়াবা কেতিয়াবা টিআৰপিতকৈ ঊৰ্ধতো এনে সদস্যসকলে অৱকাশ লাভ কৰিব৷ যদি চৰকাৰৰ আলোচনাও কোনোৱে যুক্তিসহকাৰে সদনত কৰে আৰু সেয়া গ্ৰাহ্য হয়, তাৰ দ্বাৰা গণতন্ত্ৰ শক্তিশালী হয়৷ এই গণতন্ত্ৰক সৱলীকৰণ কৰাৰ বাবে মই আপোনালোকক আহ্বান জনাইছো৷ আৰম্ভণিতে নিশ্চয় সেই আশা-আকাংক্ষাসমূহ পূৰণ কৰিম কিন্তু ৫ বছৰলৈ এই ভাৱনাক প্ৰবল কৰি তোলাত আপোনালোকেও যোগাত্মক ভূমিকা পালন কৰে৷ আৰু যদি ভূমিকা যোগাত্মক হয়, যোগাত্মক বিচাৰ-ধাৰাক সৱলীকৰণ কৰিলে সদনতো যোগাত্মক দিশে ধাৱমান হোৱাৰ বাবে সকলোৰে ইচ্ছা হ’ব৷ সেয়ে মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো ১৭তম লোকসভালৈ ৷ আমি এই নতুন শক্তি, নতুন বিশ্বাস, নতুন সংকল্প, নতুন সপোনৰ সৈতে আগবাঢ়িম৷ দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত আমি পিছ নোহহকো৷ এই বিশ্বাসৰ সৈতে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership