India's scientific community have been India’s greatest assets, especially during the last few months, while fighting Covid-19: PM
Today, we are seeing a decline in the number of cases per day and the growth rate of cases. India has one of the highest recovery rates of 88%: PM
India is already working on putting a well-established vaccine delivery system in place: PM Modi

নমস্কাৰ!

মেলিন্দা আৰু বিল গেটছ, মোৰ কেবিনেটৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন, সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকল, বিজ্ঞানী, উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী, বন্ধুসকল, গ্ৰেণ্ড চেলেঞ্জৰ এই ষষ্ঠদশ বাৰ্ষিক বৈঠকত আপোনালোক সকলোকে দেখি মই আনন্দিত হৈছো।

এই বৈঠকখনি বাস্তৱিকভাৱে ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু, পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে ভাৰ্চুৱেলী ইয়াৰ আয়োজন কৰা হৈছে। এয়াই হৈছে প্ৰযুক্তিৰ শক্তি যাৰ বলত বিশ্ব মহামাৰীয়েও আমাক নিলগ কৰি ৰাখিব পৰা নাই। কাৰ্যক্ৰমণিকা অনুসৰি এই অনুষ্ঠান অনুষ্ঠিত হৈছে। ই গ্ৰেণ্ড চেলেঞ্জ সমাজৰ অংগীকাৰকে প্ৰদৰ্শিত কৰিছে। ই অভিযোজনা আৰু উদ্ভাৱনৰ প্ৰতি সমৰ্পনকে প্ৰতিফলিত কৰে।

বন্ধুসকল,

সমাজখনৰদ্বাৰা ভৱিষ্যৎ নিৰ্ধাৰণ হ’ব য’ত বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰয়োগ কৰা যাব। কিন্তু,  অদূৰদৰ্শী মনোভাৱেৰে এয়া কৰিব নোৱাৰি। বিজ্ঞান আৰু উদ্ভাৱনত আগবাঢ়ি যাবই লাগিব। ইয়াৰ জৰিয়তেহে আমি সঠিক সময়ত ফল ভোগ কৰিব পাৰিম। একেদৰে, এই উদ্ভাৱনৰ প্ৰতি যাত্ৰা সহযোগিতাপূৰ্ণ আৰু ইয়াত জনসাধাৰণে অংশগ্ৰহণ কৰাটো আৱশ্যকীয়। অন্ধকাৰত বিজ্ঞান কেতিয়াও সমৃদ্ধিশালী হৈ নুঠে। এই গ্ৰেণ্ড চেলেঞ্জ কাৰ্যক্ৰমে উক্ত তত্ত্বটো ভালদৰে বুজি উঠিছে। এই কাৰ্যক্ৰমৰ মাত্ৰা প্ৰশংসনীয়।

১৫ বছৰত, আপোনালোক বহু ৰাষ্ট্ৰৰ সৈতে বৈশ্বিকভাৱে জড়িত হৈ পৰিছে। সমস্যা সমাধানৰ প্ৰকৃতিটো হৈছে বৈচিত্ৰ্যময়। এন্টিমাইক্ৰ’বিয়েল ৰেজিটেন্স, প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য, কৃষি, পুষ্টি, ‘ৱাছ’- পানী, অনাময় আৰু স্বাস্থ্যবিধিৰ লেখীয়া সমস্যাৰাজিৰে মোকাবিলা কৰিবলৈ উজ্জ্বল বৈশ্বিক প্ৰতিভাসমূহৰ সংমিশ্ৰণ ঘটোৱা উচিত। আৰু আন বহুতো আদৰণীয় পদক্ষেপ আছে।

বন্ধুসকল,

বিশ্ব মহামাৰীটোৱে আমাক আকৌ এবাৰৰ বাবে টীমৱৰ্কৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰণ কৰাই দিলে। মুঠৰ ওপৰত, ৰোগৰ কোনো ভৌগলিক সীমা নাই। বিশ্বাস, জাতি, লিংগ বা বৰণৰ ভিত্তিত ৰোগে কাৰোৰে প্ৰতি পক্ষপাতদুষ্টতাৰ আশ্ৰয় নলয়। আৰু, ৰোগৰ ক্ষেত্ৰত মই মাথো সাম্প্ৰতিক মহামাৰী পৰিস্থিতিৰ কথাই ক’ব খোজা নাই। এনে বহু সংক্ৰামক আৰু অসংক্ৰামক ৰোগ আছে যিয়ে বিশেষকৈ যুৱ সমাজকে প্ৰমুখ্য কৰি জনসাধাৰণক প্ৰভাৱিত কৰে।

বন্ধুসকল,

ভাৰতত, আমাৰ শক্তিশালী আৰু স্পন্দনশীল বৈজ্ঞানিক সমাজ আছে। আমাৰ তদুপৰি অতিশয় উত্তম বৈজ্ঞানিক প্ৰতিষ্ঠান আছে। এয়া ভাৰতৰ বৃহত্তম সম্পদ হৈ পৰিছে, বিশেষকৈ যোৱা কেইটা মাহত ক’ভিড-১৯ ৰ বিৰুদ্ধে কৰি অহা যুঁজখনত এই প্ৰতিষ্ঠানসমূহে নিৰ্ণায়ক ভূমিকা পালন কৰিছে। প্ৰতিৰোধৰপৰা সামৰ্থ্য নিৰ্মাণলৈকে এই প্ৰতিষ্ঠানসমূহে আশ্চৰ্য্যকৰ সফলতা লাভ কৰিছে।

বন্ধুসকল,

ভাৰতৰ আকাৰ, মাত্ৰা আৰু বৈচিত্ৰ্যই বিশ্ব সম্প্ৰদায়ক সদায়েই কৌতূহলী কৰি আহিছে। আমাৰ ৰাষ্ট্ৰৰ জনসংখ্যা আমেৰিকাতকৈ প্ৰায় চাৰি গুণ বেছি। আমাৰ বহু ৰাজ্যৰ জনসংখ্যা ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ জনসংখ্যাৰ সমান। তথাপিতো, জনতাৰদ্বাৰা নিবেদিত আৰু জনতাৰদ্বাৰা চালিত প্ৰচেষ্টালৈ ধন্যবাদ, ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ ভাৰতে অতিশয় নিম্ন কৰি ৰাখিবলৈ সক্ষম হৈছে। আজি, আমি প্ৰতি দিনে ঘটনাসমূহ নিম্ন হৈ পৰাটো প্ৰত্যক্ষ কৰিছো আৰু ঘটনাৰ বিকাশৰ হাৰো নিম্ন হৈ পৰিছে। ভাৰত সৰ্বাধিক আৰোগ্য লাভ কৰা ৰাষ্ট্ৰসমূহৰ অন্যতম হৈ পৰিছে যাৰ হাৰ হৈছে ৮৮ শতাংশ। ইয়াৰ কাৰণ হৈছেঃ মুঠ ঘটনা কেইবাশমান হৈ থাকোতেই নমনীয় লকডাউন বলবৎ কৰা ভাৰত প্ৰথমখন ৰাষ্ট্ৰ। মাস্ক ব্যৱহাৰৰ প্ৰতি যিসমূহ ৰাষ্ট্ৰই জনতাক উৎসাহ যোগাইছিল, তাৰ অন্যতম হৈছে ভাৰত। ফলপ্ৰসূ কনটেক্ট-ট্ৰেকিঙত ভাৰতে সক্ৰিয়তাৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। আৰম্ভণিতেই ৰেপিড এন্টিজেন টেষ্ট কৰা ৰাষ্ট্ৰসমূহৰ অন্যতম হৈছে ভাৰত। তদুপৰি, ভাৰতে চিআৰআইএছপিআৰ জেনে এডিটিং প্ৰযুক্তি উদ্ভাৱন কৰিছে।

বন্ধুসকল,

ক’ভিডৰ বাবে ভেকচিন প্ৰস্তুতৰ অব্যাহত থকা প্ৰচেষ্টাত ভাৰত এতিয়া সন্মুখৰ শাৰীত আছে। আমাৰ দেশত ৩০ তকৈয়ো অধিক থলুৱা ভেকচিনৰ বিকাশ সাধন কৰা হৈছে, ইয়াৰে তিনিটা চূড়ান্ত পৰ্যায়ত আছে। আমি ইয়াতে ৰৈ গ’লে নহ’ব। ভাৰতে ইতিমধ্যে এটা সু-প্ৰতিষ্ঠিত ভেকচিন ডেলিভাৰী প্ৰণালীত কাম কৰি আছে। আমাৰ নাগৰিকৰ টিকাকৰণ নিশ্চিত কৰিবলৈ ডিজিটেল হেল্থ আইডিৰ সৈতে এই ডিজিটাইজড নেটৱৰ্কটো ব্যৱহাৰ কৰা হ’ব।

বন্ধুসকল,

ক’ভিডৰ ওপৰিও, নিম্ন ব্যয়সাপেক্ষে মানসম্পন্ন ঔষধ আৰু ভেকচিন উৎপাদনৰ সামৰ্থ্যৰ বাবে ভাৰত সৰ্বজনবিদিত। বৈশ্বিক টিকাকৰণৰ অৰ্থে ৬০ শতাংশতকৈয়ো অধিক ভেকচিন ভাৰতত প্ৰস্তুত কৰা হয়। আমাৰ ইন্দ্ৰধনুষ টিকাকৰণ কাৰ্যক্ৰমত আমি থলুৱা ৰোটাভাইৰাছ ভেকচিন অন্তৰ্ভুক্ত কৰিছো। দীৰ্ঘ ম্যাদী ফলাফলৰ অৰ্থে এয়া হৈছে শক্তিশালী বন্ধুত্বৰ সফল উদাহৰণ। এই বিশেষ প্ৰচেষ্টাৰ এটা অংশ হৈ আহিছে গেটছ ফাউণ্ডেশ্যন। ভাৰতৰ অভিজ্ঞতা আৰু গৱেষণা প্ৰতিভাৰ সৈতে, আমি বৈশ্বিক স্বাস্থ্যসেৱা প্ৰচেষ্টাৰ মধ্যবিন্দুত অৱস্থান কৰিম। এই খণ্ডসমূহত সামৰ্থ্য বৃদ্ধিৰ অৰ্থে আমি আন ৰাষ্ট্ৰসমূহক সহায় কৰিব খুজিছো।

বন্ধুসকল,

যোৱা ৬টা বছৰত আমি এনে বহু মধ্যবৰ্ত্তিতা কৰিছিলো যিয়ে এটা উত্তম স্বাস্থ্য়সেৱা প্ৰণালীৰ অৰ্থে বৰঙণি যোগাই আছে। অনাময়ৰ কথাকে ক’ব পাৰি। স্বচ্ছতাৰ বৰ্ধন ঘটোৱা। অধিক শৌচাগাৰ ক’ভাৰেজ। ইয়ে কাক আটাইতকৈ সহায় আগবঢ়াইছে? ই দৰিদ্ৰ আৰু অনগ্ৰসৰ সকলক সহায় আগবঢ়াইছে। ইয়াৰ ফলত ৰোগৰ মাত্ৰা হ্ৰাস পাইছে। ই মহিলাসকলকো অতিশয় সহায় আগবঢ়াইছে।

বন্ধুসকল,

এতিয়া, আমি এতিয়া প্ৰতিঘৰ গৃহস্থীয়ে পাইপেৰে খোৱা পানী লাভ কৰাটো নিশ্চিত কৰিব খুজিছো। ইয়ে ৰোগৰ মাত্ৰা হ্ৰাস কৰি তুলিব। আমি অধিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছো, মূলতঃ গ্ৰামাঞ্চলত এইসমূহ স্থাপন কৰা হৈছে। ইয়ে যুৱ প্ৰজন্মৰ বাবে অধিক সুযোগৰ পথ প্ৰশস্ত কৰি তুলিছে। যাৰ ফলত আমাৰ গাঁওসমূহত স্বাস্থ্যসেৱাৰ উন্নয়ন সাধন হৈছে। আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি চলাই ৰাখিছো আৰু সকলো লোকেই যাতে ইয়াক লাভ কৰিব পাৰে, তাক সুনিশ্চিত কৰিছো।

বন্ধুসকল,

ব্যক্তি সৱলীকৰণ আৰু সমন্বিত কল্যাণৰ অৰ্থে আমি আমাৰ সন্মিলিত উদ্দীপনা অব্যাহত ৰাখো আহক। গেট ফাউণ্ডেশ্যনকে প্ৰমুখ্য কৰি কেইবাটাও আন সংস্থাই আকৰ্ষণীয় কাম কৰি আহিছে। অহা ৩ দিনত ইয়াত ফলপ্ৰসূ আৰু কাৰ্যকৰী আলোচনা হোৱাৰ কামনা কৰিলো। মই আশা ৰাখিম, এই গ্ৰেণ্ড চেলেঞ্জ প্লেটফৰ্মৰপৰা বহু চিত্তাকৰ্ষক আৰু অনুপ্ৰেৰণামূলক সমাধান সূত্ৰ নিৰ্ণয় হ’ব। এই প্ৰচেষ্টা উন্নয়নৰ অৰ্থে মানৱ কেন্দ্ৰিক হৈ উঠক। এই মঞ্চই যাতে এটা উজ্জ্বল ভৱিষ্য়তৰ বাবে আমাৰ যুৱ সমাজক এজন চিন্তাশীল ব্যক্তি হৈ উঠাত সুযোগ প্ৰদান কৰিব পাৰে, তাৰে কামনা কৰিলো। পুনৰ এবাৰ, মোক আমন্ত্ৰণ কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালো।

ধন্যবাদ।

বহু-বহু ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse

Media Coverage

How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Trustees of Indira Gandhi National Centre for the Arts
March 19, 2026

Prime Minister Shri Narendra Modi met with the Trustees of the Indira Gandhi National Centre for the Arts (IGNCA) today to discuss various aspects relating to further popularising India’s diverse culture.

The Prime Minister met Trustees of the Indira Gandhi National Centre for the Arts and explored ways to bring more people into the journey of cultural promotion. During the interaction, the Prime Minister and the Trustees discussed strengthening outreach through digital and grassroots initiatives, and emphasized the importance of supporting artists and scholars in preserving and promoting India's rich heritage.

The Prime Minister wrote on X:

"Met Trustees of IGNCA and discussed various aspects relating to further popularising India’s diverse culture. We also explored ways to bring more people into this journey, strengthen outreach through digital and grassroots initiatives and support artists and scholars in preserving and promoting our rich heritage."