কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ডা০ হৰ্ষ ৱৰ্ধনজী, মুখ্য বৈজ্ঞানিক উপদেষ্টা ড০ বিজয় ৰাঘৱনজী, চিএছআইৰ-ৰ মুৰব্বী ড০ শেখৰ চি মাণ্ডেজী, বিজ্ঞান জগতৰ অন্য সকলো মহানুভৱ, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল৷

নেচনেল ফিজিকেল লেবৰটেৰীৰ প্লেটিনাম জুবিলী সমাৰোহত আপোনালোক সকলোলৈ অশেষ অভিনন্দন থাকিল৷ আজি আমাৰ বৈজ্ঞানিকে নেচনেল এটমিক টাইম স্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ সমৰ্পিত কৰিছে আৰু লগতে দেশৰ প্ৰথমটো নেচনেল এনভাইৰনমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰটেৰীৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ নতুন দশক এই নতুন শুভাৰম্ভই দেশৰ গৌৰৱ বৃদ্ধি কৰিব৷

 

বন্ধুসকল,

নৱবৰ্ষই নিজৰ সৈতে এক বৃহৎ উপলব্ধি কঢ়িয়াই আনিছে৷ ভাৰতৰ বৈজ্ঞানিকে এটা নহয়, দুটা দুটা মেড ইন ইণ্ডিয়া ক’ভিড প্ৰতিষেধক নিৰ্মাণত সফলতা লাভ কৰিছে৷ ভাৰতত বিশ্বৰ সবাতোকৈ বৃহৎ ক’ভিড প্ৰতিষেধক কাৰ্যসূচীও আৰম্ভ হ’বলৈ ধৰিছে৷ ইয়াৰ বাবে দেশৰ বৈজ্ঞানিকসকলৰ অংশগ্ৰহণ অতিশয় গৌৰৱৰ বিষয়, প্ৰতিজন দেশবাসী আপোনালোক বৈজ্ঞানিকসকল, প্ৰযুক্তিবিদসকলৰ প্ৰতি কৃতজ্ঞবোধ কৰিছে৷

 

বন্ধুসকল,

আজি সেই সময়টো স্মৰণ কৰাৰ দিন যেতিয়া আমাৰ বৈজ্ঞানিক সংস্থাই, আপোনালোক সকলোৱে ক’ৰোনাৰ সৈতে মোকাবিলাৰ বাবে, প্ৰতিষেধক বিকশিত কৰাৰ বাবে দিন-ৰাতি এক কৰি তুলিছিল৷ চিএছআইআৰ সহিতে অন্য সংস্থাই ঐক্যৱদ্ধ হৈ প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিল, নতুন নতুন পৰিস্থিতিৰ সমাধান সন্ধান কৰিছিল৷ আপোনালোকৰ এই সমৰ্পণে আজি দেশত এই বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি সজাগতা তথা সন্মানৰ এক নতুন ধাৰণাৰ সৃষ্টি কৰিছে৷ আমাৰ যুৱ সমাজে আজি চিএছআইআৰ-ৰ দৰে সংস্থাৰ বিষয়ে অধিক জানিবলৈ উৎসুক হৈ পৰিছে৷ সেইবাবে মই বিচাৰিছো যে চিএছআইআৰ-ৰ বৈজ্ঞানিকে দেশৰ অধিক সংখ্যক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভাৱ বিনিময় কৰক৷ ক’ৰোনাৰ সময়ছোৱাৰ নিজৰ অভিজ্ঞতা নতুন প্ৰজন্মৰ সৈতে বিনিময় কৰক৷ ইয়াৰ জৰিয়তে আগন্তুক দিনসমূহত আপোনালোক যুৱ বৈজ্ঞানিকৰ নতুন প্ৰজন্ম গঢ়াত সহায়ক হ’ব৷

বন্ধুসকল,

কিছু সময় পূৰ্বে আপোনালোকৰ চাৰে সাত দশকৰ উপলব্ধিৰ কথা ইয়াত আলোকপাত কৰা হৈছে৷ এই বৰ্ষসমূহত এই সংস্থাৰ অনেক মহান বিভূতিয়ে দেশলৈ সৰ্বোত্তম সেৱা আগবঢ়াইছে৷ ইয়াৰ পৰা ওলোৱা সমাধানে দেশৰ পথ প্ৰশস্ত কৰিছে৷ চিএছআইআৰ এনপিএল-য়ে দেশৰ বিকাশৰ বৈজ্ঞানিক ৰূপান্তৰণ আৰু মূল্যায়ন, দুয়োটাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বিগত বৰ্ষসমূহৰ উপলব্ধি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ ওপৰত চৰ্চা কৰাৰ বাবে আজি এই সন্মিলন অনুষ্ঠিত হৈছে৷ 

বন্ধুসকল,

আপোনালোকে যেতিয়া পিছলৈ উভটি চায় তেতিয়া দেখা পাব যে আপোনালোকৰ আৰম্ভণি দাসত্বৰ পৰা বাহিৰ ওলাই ভাৰতৰ নৱ নিৰ্মাণৰ বাবে কৰা হৈছিল৷ সময়ৰ সৈতে আপোনালোকৰ ভূমিকাৰ প্ৰসাৰণ ঘটিছে, এতিয়া দেশৰ সন্মুখন নতুন লক্ষ্য উপস্থিত হৈছেহি৷ দেশে ২০২২ চনত নিজৰ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষ পূৰণ কৰিব, ২০৪৭ চনত আমাৰ স্বাধীনতাৰ শততম বৰ্ষ হ’ব৷ এই সময়ছোৱাত আমি আত্মনিৰ্ভৰ ভাৰতৰ নতুন সংকল্পৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নতুন মানসম্পন্ন, নতুন পৰিসৰ গঢ়াৰ দিশত আগবাঢ়িব লাগিব৷ 

বন্ধুসকল,

চিএছআইআৰ-এনপিএল এক প্ৰকাৰে ভাৰতৰ টাইম কীপাৰ হিচাপে বিবেচিত হৈছে৷ অৰ্থাৎ ভাৰতৰ সময়ৰ চোৱাচিতা কৰা, ব্যৱস্থাপনা কৰা আপোনালোকৰ দায়িত্ব৷ যিহেতু সময়ৰ দায়িত্ব আপোনালোকৰ গতিকে সময়ৰ পৰিৱৰ্তনো আপোনালোকৰ পৰাই আৰম্ভ হ’ব৷ নতুন সময়, নতুন ভৱিষ্যতৰ নিৰ্মাণো আপোনালোকৰ পৰাই আৰম্ভ হ’ব৷ 

বন্ধুসকল,

আমাৰ দেশে দশকজুৰি গুণগতমান আৰু পৰিমাপৰ বাবে বিদেশী ষ্টেণ্ডাৰ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে৷ কিন্তু এই দশকত ভাৰতে নিজৰ ষ্টেণ্ডাৰ্ডক নতুন উচ্চতা প্ৰদান কৰিব লাগিব৷ এই দশকত ভাৰতৰ গতি, ভাৰতৰ প্ৰগতি, ভাৰতৰ উত্থান, ভাৰতৰ ছবি, ভাৰতৰ সামৰ্থ, আমাৰ সামৰ্থ নিৰ্মাণ, আমাৰ ষ্টেণ্ডাৰ্ডৰ পৰাই নিৰ্ধাৰিত হ’ব৷ আমাৰ দেশত সেৱাৰ গুণগতমানেই হওক, চৰকাৰী অথবা বেচৰকাৰী খণ্ডই হওক, আমাৰ দেশত সামগ্ৰীৰ গুণগতমানেই হওক, সেয়া লাগিলে চৰকাৰ অথবা ব্যক্তিগত খণ্ডই নিৰ্মাণ কৰক, আমাৰ গুণগতমান ষ্টেণ্ডাৰ্ডেই নিৰ্ধাৰণ কৰিব যে বিশ্বত ভাৰত আৰু ভাৰতৰ সামগ্ৰীসমূহৰ শক্তি কিমান বৃহৎ৷ 

বন্ধুসকল,

এই মেট্ৰ’ল’জী, সাধাৰণ ভাষাত ক’বলৈ গ’লে পৰিমাপৰ বিজ্ঞান, ই যিকোনো বৈজ্ঞানিক উপলব্ধিৰ বাবে বুনিয়াদৰ দৰে কাম কৰে৷ যিকোনো গৱেষণা পৰিমাপৰ অবিহনে আগবাঢ়িব নোৱাৰে৷ আনকি আমাৰ নিজৰ অভিজ্ঞতাও কোনো এটা পৰিমাপত জুখিবলগীয়া হয়৷ সেইবাবে, মেট্ৰ’ল’জীক আধুনিকতাৰ আধাৰশিলা বুলি কোৱা হয়৷ যিমানেই উন্নত আপোনাৰ পদ্ধতি হ’ব সিমানেই উন্নত মেট্ৰ’ল’জী হ’ব আৰু যিমানেই বিশ্বাসযোগ্য মেট্ৰ’ল’জী এখন দেশৰ থাকিব, সেই দেশৰ বিশ্বাসযোগ্যতা বিশ্বত সিমানেই বৃদ্ধি হ’ব৷ মেট্ৰ’ল’জীয়ে আমাৰ বাবে দাপোণৰ দৰে কাম কৰে৷ বিশ্বত আমাৰ সামগ্ৰী ক’ত উপলব্ধ হৈছে, আমি কি সংশোধন কৰিব লাগিব, এই পৰিচয়, এই আত্মতত্ব মেট্ৰ’ল’জীৰ দ্বাৰাই সম্ভৱ হ’ব৷ সেইবাবে আজি যেতিয়া দেশে আত্মনিৰ্ভৰ ভাৰতৰ অভিযান, ইয়াৰ সংকল্প লৈ আগবাঢ়িছে, তেনেস্থলত আমি মনত ৰাখিব লাগিব যে ইয়াৰ লক্ষ্য সংখ্যা বৃদ্ধিৰ লগতে গুণগতমান বৃদ্ধিও সিমানেই গুৰুত্বপূৰ্ণ৷ অৰ্থাৎ স্কেলো বাঢ়ক লগতে ষ্টেণ্ডাৰ্ডো বাঢ়ক৷ আমি বিশ্বত কেৱল ভাৰতীয় সামগ্ৰী ভৰাই তুলিলেই নহয়৷ আমি ভাৰতীয় সামগ্ৰীৰ ক্ৰেতাসকলৰ হৃদয়ো জয় কৰিব লাগিব আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ হৃদয় জয় কৰিব লাগিব৷ মেড ইণ্ডিয়া কেৱল বৈশ্বিক চাহিদাই নহয় বৰঞ্চ বৈশ্বিক গ্ৰহণযোগ্যতাও হওক, এয়া আমি সুনিশ্চিত কৰিব লাগিব৷ আমি ব্ৰেণ্ড ইণ্ডিয়াক গুণগতমান, বিশ্বাসযোগ্যতাৰ সৈতে শক্তিশালী স্তম্ভত অধিক শক্তিশালী কৰি তুলিব লাগিব৷

বন্ধুসকল,

মই সুখী কিয়নো ভাৰতে এতিয়া এই দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে৷ আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ ভিতৰত অন্যতম যাৰ ওচৰত নিজৰ নেভিগেচন ছিষ্টেম আছে৷ নাবিকৰ পৰা ভাৰতৰ এই উপলব্ধি লাভ কৰি ভাৰতে এয়া প্ৰদৰ্শিত কৰিছে৷ আজি এই দিশত ভাৰতে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি যি ভাৰতীয় নিৰ্দেশক দ্ৰব্যৰ লোকাৰ্পণ কৰা হৈছে ই আমাৰ উদ্যোগ জগতক গুণগতমানৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে উৎসাহিত কৰিব৷ এতিয়া খাদ্য, খোৱা তেল, খনিজ, গধূৰ ধাতু, কীটনাশক, ফাৰ্মা আৰু বস্ত্ৰৰ দৰে অনেক খণ্ডত নিজৰ ‘চাৰ্টিফাইড ৰেফাৰেন্স মেটেৰিয়েল ছিষ্টেম’ক শক্তিশালী কৰাৰ দিশত আমি ক্ষীপ্ৰতাৰে আগবাঢ়িছো৷ আমি সেই স্থিতিৰ দিশলৈ আগুৱাইছো য’ত উদ্যোগ নিয়ামিককেন্দ্ৰিক পদক্ষেপৰ পৰিৱৰ্তে গ্ৰাহককেন্দ্ৰিক পদক্ষেপৰ দিশ বিদ্যমান আছে৷ এই নতুন মানকৰ দ্বাৰা সমগ্ৰ দেশৰ জিলাসমূহত তাৰে থলুৱা সামগ্ৰীক বৈশ্বিক পৰিচয় প্ৰদান কৰাৰ অভিযান চলোৱা হৈছে, ইয়াৰ দ্বাৰা সকলো লাভান্বিত হ’ব৷ ইয়াৰ দ্বাৰা আমাৰ এমএছএমই খণ্ড অধিক উপকৃত হ’ব৷ কাৰণ বাহিৰৰ পৰা যি বৃহৎ নিৰ্মাণ উদ্যোগ ভাৰতলৈ আহি আছে, তেওঁলোকে ইয়াতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগান শৃংখল লাভ কৰিব৷ তাতোকৈ ডাঙৰ কথা, নতুন মানকৰ পৰা আমদানি আৰু ৰপ্তানি, দুয়োটাৰ গুণগতমান সুনিশ্চিত হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতৰ সাধাৰণ উপভোক্তাইও উন্নত সামগ্ৰী লাভ কৰিব, ৰপ্তানীকাৰীৰ সমস্যা দূৰ হ’ব৷ অৰ্থাৎ আমাৰ উৎপাদন, আমাৰ সামগ্ৰী, গুণগতমানত যিমান উন্নত হ’ব সিমানেই দেশৰ অৰ্থ ব্যৱস্থাও শক্তিশালী হ’ব৷ 

বন্ধুসকল,

অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ আপোনালোকে যেতিয়াই প্ৰত্যক্ষ কৰিব দেখিব যে যিখন দেশত বিজ্ঞানত অগ্ৰগতি হৈছে সেইখন দেশ সিমানেই আগবাঢ়িছে৷ ই বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ এক মূল্য সৃষ্টিৰ চক্ৰৰ দৰে হৈছে৷ বিজ্ঞানৰ পৰা নতুন কিবা আৱিষ্কাৰ হ’লে তাৰে প্ৰযুক্তিও বিকশিত হয়৷ আৰু প্ৰযুক্তিৰ দ্বাৰা উদ্যোগ গঠন হয়, নতুন উৎপাদন হয়, নতুন সামগ্ৰীৰ সৃষ্টি হয়৷ উদ্যোগে পুনৰ নতুন গৱেষণাৰ বাবে বিজ্ঞানৰ দ্বাৰা আৱিষ্কাৰ কৰে৷ আৰু এই চক্ৰই নতুন সম্ভাৱনাৰ দিশত আগুৱাই যায়৷ চিএছআইআৰ এনপিএল-য়ে ভাৰতৰ এই মূল্য চক্ৰক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আজি যেতিয়া দেশে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে আগবাঢ়িছে তেতিয়া বিজ্ঞানৰ পৰা বৃহৎ নিৰ্মাণৰ এই মূল্য সৃষ্টিৰ চক্ৰৰ গুৰুত্বও অধিক বৃদ্ধি হৈছে৷ সেইবাবে চিএছআইআৰ-এ ইয়াত বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ 

বন্ধুসকল,

চিএছআইআৰ এনপিএল-এ আজি যি নেচনেল এট’মিক টাইমস্কেল দেশক সমৰ্পিত কৰিছে তাৰ দ্বাৰা ভাৰতে নেনো ছেকেণ্ড অৰ্থাৎ এক ছেকেণ্ডৰ ১ বিলিয়ন অংশ পৰ্যন্ত সময় জোখাত আত্মনিৰ্ভৰশীলতা লাভ কৰিছে৷ ২.৮ নেনো ছেকেণ্ডৰ এই যথাৰ্থতা লাভ কৰাটো এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে৷ এতিয়া আন্তৰ্জাতিক ষ্টেণ্ডাৰ্ড সময়ক আমাৰ ভাৰতীয় ষ্টেণ্ডাৰ্ড সময়ে ৩ নেনো ছেকেণ্ডতকৈ কম যথাৰ্থতা পৰ্যায়ৰ সৈতে সাদৃশ্যকৰণ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা ইছৰ’ৰ সৈতে আমাৰ যিমান সংস্থাই Cutting edge technology ত কাম কৰি আছে, তেওঁলোক যথেষ্ট উপকৃত হ’ব৷ ইয়াৰ দ্বাৰা বেংকিং, ৰে’লৱে, প্ৰতিৰক্ষা, স্বাস্থ্য, টেলিকম, বতৰৰ আগজাননী, দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি অসংখ্য খণ্ডৰ সৈতে জড়িত আধুনিক প্ৰযুক্তিত বৃহৎ সহায়ক হ’ব৷ এয়াই নহয়, আমি যি ইণ্ডাষ্ট্ৰী ৪.০ৰ কথা কৈছো, তাতো ভাৰতৰ ভূমিকা সশক্ত হ’ব৷ 

বন্ধুসকল,

আজি ভাৰতে পৰিবেশৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ দিশত আগবাঢ়িছে৷ কিন্তু বায়ুৰ গুণগতমান আৰু নিৰ্গমণ পৰিমাপৰ প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সঁজুলিলৈ আমি আনৰ ওপৰত নিৰ্ভৰশীল৷ আজি ইয়াতো আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আমি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো৷ ইয়াৰ দ্বাৰা ভাৰতত প্ৰদুষণৰ সৈতে মোকাবিলা কৰাৰ বাবে অধিক সস্তীয়া আৰু কাৰ্যকৰী প্ৰণালী বিকশিত হোৱাৰ লগতে প্ৰযুক্তিৰ বৈশ্বিক বজাৰতো ভাৰতৰ অংশীদাৰীত্ব বৃদ্ধি পাব৷ আমাৰ বৈজ্ঞানিকসকলক সামূহিক প্ৰয়াসৰ দ্বাৰা ভাৰতে আজি এই উপলব্ধি লাভ কৰিছে৷ 

বন্ধুসকল,

যিকোনো প্ৰগতিশীল সমাজত গৱেষণা জীৱনৰ এক সহজাত স্বভাৱ আৰু সহজ প্ৰক্ৰিয়া হিচাপে পৰিগণিত হয়৷ গৱেষণাৰ প্ৰভাৱ বাণিজ্যিকো হয়, সামাজিকো হয় আৰু গৱেষণাই আমাৰ জ্ঞানক, আমাৰ অনুধাৱনক প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো সহায়ক হয়৷ বহুবাৰ গৱেষণা কৰাৰ সময়ত এই ধাৰণা নহয় যে মূল লক্ষ্যৰ উপৰিও ই কোন দিশলৈ গতি কৰিব, ভৱিষ্যতে আন কি কামত আহিব৷ কিন্তু এয়া নিশ্চিত যে গৱেষণা, জ্ঞানৰ নতুন অধ্যায় কেতিয়াও ব্যৰ্থ নহয়৷ আমাৰ ইয়াত শাস্ত্ৰসমূহত কোৱা হয় যে আত্মা অমৰ৷ মই ভাবো যে গৱেষণাও অমৰ৷ ইতিহাসত এনে বহু উদাহৰণ আছে, জেনেটিকছৰ পিতৃ মেণ্ডেল কেতিয়া প্ৰসিদ্ধ হ’ল, তেওঁৰ মৃত্যুৰ পিছত৷ নিকোলা টেছলাৰ কামৰ সম্ভাৱনীয়তাও বহু পলমকৈ বিশ্বই বুজি পালে৷ বহু গৱেষণা আমি যি দিশত, যি উদ্দেশ্যৰ বাবে কৰো সেয়া সম্পূৰ্ণ নহয়৷ কিন্তু সেই গৱেষণাই কোনো আন খণ্ডত পথ প্ৰদৰ্শক হিচাপে বিবেচিত হয়৷ উদাহৰণ স্বৰূপে জগদীশ চন্দ্ৰ বসুয়ে কলকাতাৰ প্ৰেচিডেন্সী কলেজত মাইক্ৰ’ৱেভ সিদ্ধান্ত প্ৰস্তুত কৰিছিল, ছাৰ বসুয়ে তাক বাণিজ্যিকীকৰণ কৰাৰ দিশত আগনাবাঢ়িলে৷ কিন্তু আজি radio communication system সেই সিদ্ধান্তৰ ওপৰতেই প্ৰতিষ্ঠিত হৈছে৷ বিশ্বযুদ্ধৰ সময়ত যি গৱেষণা যুদ্ধৰ বাবে কৰা হৈছিল অথবা সেনাক ৰক্ষাৰ বাবে কৰা হৈছিল, পিছলৈ সেয়াই বিভিন্ন খণ্ডৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ল৷ ড্ৰোণো প্ৰথমে যুদ্ধৰ বাবেই নিৰ্মাণ কৰা হৈছিল৷ কিন্তু আজি ড্ৰোণৰ দ্বাৰা ফটোশ্বুটো হয় আৰু সামগ্ৰীৰ পৰিবহণো হয়৷ সেইবাবে আজি এয়া প্ৰয়োজনীয় যে আমাৰ বৈজ্ঞানিকসকল, বিশেষকৈ যুব বৈজ্ঞানিকসকলে যাতে গৱেষণাৰ cross utilization ৰ সকলো সম্ভাৱনাৰ প্ৰসাৰণ কৰক৷ তেওঁলোকৰ গৱেষণা অন্য খণ্ডত কিদৰে প্ৰয়োগ হয় সেয়া চিন্তা সদায়েই থাকিব লাগে৷ 

বন্ধুসকল,

আপোনালোকৰ সৰু এটা গৱেষণাই কিদৰে বিশ্বৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে, তাৰে উদাহৰণ হ’ল বিদ্যুতৰ এটা উদাহৰণ৷ আজি জীৱনৰ এনেকুৱা এটা অংশ নাই, এনেকুৱা এটা পৰ্যায় নাই য’ত বিদ্যুতৰ ব্যৱহাৰ নহয়৷ পৰিবহণ, যোগাযোগ, উদ্যোগ, দৈনন্দিন জীৱন, সকলো বিদ্যুতৰ সৈতে জড়িত৷ এটা ছেমি কণ্ডাক্টৰৰ আৱিষ্কাৰৰ দ্বাৰা বিশ্ব এনেদৰে পৰিৱৰ্তিত হৈছে৷ এটা ডিজিটেল ক্ৰান্তিয়ে আমাৰ জীৱন কেনেদৰে সমৃদ্ধ কৰিছে৷ এনেকুৱা বহুতো সম্ভাৱনা এই নতুন ভৱিষ্যতত আমাৰ যুৱ গৱেষণাকাৰীৰ সন্মুখত আছে৷ আগন্তুক ভৱিষ্যত আজিৰ পৰা সম্পূৰ্ণ পৃথক হ’ব৷ বিগত ছবছৰত দেশে ইয়াৰ বাবে নতুন ধৰণে future ready eco-system নিৰ্মাণ কৰাৰ দিশত আগবাঢ়িছে৷ আজি ভাৰতে বৈশ্বিক উদ্ভাৱন ৰেংকিঙত বিশ্বৰ শীৰ্ষৰ ৫০খন দেশৰ মাজত স্থান লাভ কৰিছে৷ দেশত আজি বৈশ্বিক গৱেষণাতো গুৰুত্ব প্ৰদান কৰা হৈছে আৰু পীয়েৰ- reviewed science and engineering publicationsৰ সংখ্যাত ভাৰতে বিশ্বৰ শীৰ্ষত ৩খন দেশৰ মাজত স্থান লাভ কৰিছে৷ আজি ভাৰতত উদ্যোগ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাও বৃদ্ধি কৰা হৈছে৷ বিশ্বৰ বৃহৎ বৃহৎ উদ্যোগসমূহেও ভাৰতত নিজৰ গৱেষণা কেন্দ্ৰ আৰু সুবিধা কেন্দ্ৰ স্থাপিত কৰিছে৷ বিগত বৰ্ষসমূহত এই সুবিধাৰ সংখ্যা অধিক বৃদ্ধি হৈছে৷ 

সেয়েহে বন্ধুসকল,

আজি ভাৰতৰ যুৱচামৰ ওচৰত গৱেষণা আৰু উদ্ভাৱনৰ বাবে অসীম সম্ভাৱনা আছে৷ কিন্তু আজি আমাৰ বাবে উদ্ভাৱন যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ হ’ল উদ্ভাৱনক আনুষ্ঠানিকীকৰণ কৰা৷ এয়া কিদৰে হ’ব, বৌদ্ধিক সম্পদৰ সুৰক্ষা কিদৰে হ’ব, এয়াও আমাৰ আজিৰ যুৱচামে শিকিব লাগিব৷ আমি এয়া মনত ৰাখিব লাগিব যে আমাৰ যিমান পেটেণ্ট থাকিব, সিমানেই আমাৰ এই পেটেণ্টসমূহৰ ব্যৱহাৰ্যতা বৃদ্ধি হ’ব, আমাৰ গৱেষণাই যিমানবোৰ খণ্ডত নেতৃত্ব প্ৰদান কৰিব সিমানেই আমাৰ পৰিচয় অধিক শক্তিশালী হ’ব৷ সিমানেই ব্ৰেণ্ড ইণ্ডিয়া শক্তিশালী হ’ব৷ আমি সকলোৱে ‘কৰ্মণ্যে-বাধিকাৰস্তে মা ফলেষু কদাচন’ৰ মন্ত্ৰৰে উজ্বীৱিত হৈ কামত জড়িত হ’ব লাগিব৷ আৰু যদি এই মন্ত্ৰ কোনোবাই নিজৰ জীৱনত প্ৰয়োগ কৰিছে তেন্তে মই ভাবো এই কামটো আমাৰ বিজ্ঞানীসকলে কৰিছে৷ তেওঁলোকে গৱেষণাগাৰত এজন ঋষিৰ দৰে তপস্যাৰত হৈছে৷ ‘কৰ্মণ্যে-বাধিকাৰস্তে মা ফলেষু কদাচন’ অৰ্থাৎ কৰ্ম কৰি যোৱা, ফলৰ চিন্তা নকৰিবা৷ আপোনালোক কেৱল ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰেই কৰ্মযোগী নহয়, বৰঞ্চ আপোনালোক ১৩০ কোটিতকৈও অধিক ভাৰতীয়ৰ আশা আৰু আকাংক্ষা পূৰণৰ সাধকো৷ আপোনালোক সফল হৈ থাকক, এই কামনাৰ সৈতে আপোনালোকলৈ নৱবৰ্ষৰ অশেষ শুভকামনা জনালো৷ 

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways is now world's second-most electrified large rail network: Vaishnaw

Media Coverage

Indian Railways is now world's second-most electrified large rail network: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister announces fast-track courts for paper leak cases to safeguard the future of youth
July 23, 2026

Prime Minister Shri Narendra Modi today emphasized that nothing is more important than the welfare and future of the youth.

The Prime Minister stated that the government has decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Shri Modi noted that he has directed the concerned authorities and officials to take all necessary steps in this regard, adding that this continues a series of measures aimed at safeguarding the interests of students.

The Prime Minister firmly asserted that those who try to harm the future of the youth will not be spared.

In a post on X, the Prime Minister shared:

"Nothing is more important than the welfare and future of our youth!

We have decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Have directed the concerned authorities and officials to take all necessary steps in this regard. This continues our series of steps for safeguarding the interests of students.

Those who try to harm the future of our youth will not be spared.

देश के युवाओं का हित और उनका भविष्य हमारी सर्वोच्च प्राथमिकता है।

पेपर लीक के सभी मामलों में दोषियों को जल्द से जल्द कठोर दंड देने के लिए, केस के त्वरित निस्तारण के लिए फास्ट ट्रैक कोर्ट्स का गठन किया जाएगा। इस संबंध में निर्देश दे दिए गए हैं कि संबंधित विभाग आवश्यक कार्रवाई सुनिश्चित करें।

विद्यार्थियों के हितों को सुरक्षित करने के लिए, सरकार द्वारा लिए जा रहे निर्णयों की श्रृंखला में ये एक महत्वपूर्ण कदम है।

युवाओं के भविष्य के साथ खिलवाड़ करने वाले किसी भी व्यक्ति को बख्शा नहीं जाएगा।"