Our aim is to reduce India's carbon footprint by 30-35% and increase the share of natural gas by 4 times : PM
Urges the youth of the 21st century to move forward with a Clean Slate
The one who accepts challenges, confronts them, defeats them, solves problems, only succeeds: PM Modi
The seed of success lies in a sense of responsibility: PM Modi
There is no such thing as ‘cannot happen’: PM Modi Sustained efforts bring results: PM Modi

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীজী, পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয় ব’ৰ্ড অব্ গৱৰ্ণেন্সৰ অধ্যক্ষ শ্ৰী মুকেশ আম্বাজী জী, ষ্টেণ্ডিং কমিটীৰ অধ্যক্ষ শ্ৰী ডি ৰাজগোপালন জী, সঞ্চালক প্ৰধআন এছ সুন্দৰ মনোহৰনজী, শিক্ষকমণ্ডলী, অভিভাৱক আৰু মোৰ যুৱ বন্ধুসকল!

পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে  যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷

মোৰ বিশ্বাস যে আপোনালোকে নিজৰ দক্ষতা, নিজৰ প্ৰতিভা, নিজৰ পেছাদাৰীত্বৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ নতুন শক্তি হিচাপে উদ্ভাসিত হৈ উঠিব৷ আজি পিডিপিইউৰ সৈতে জড়িত ৫টা বিভিন্ন প্ৰকল্পৰ উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ এই নতুন সুবিধাসমূহে পিডিপিউক দেশৰ শক্তি খণ্ডৰেই নহয় বৰঞ্চ পেছাগত শিক্ষা, দক্ষতা, বিকাশ আৰু ষ্টাৰ্ট-আপ পৰিবেশ তন্ত্ৰৰ এক বিশেষ কেন্দ্ৰ হৈ উঠিব৷

বন্ধুসকল,

মই আৰম্ভণিৰে পৰা এই বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ সৈতে জড়িত হৈ আছো আৰু সেইবাবে এয়া প্ৰত্যক্ষ কৰি মই অত্যন্ত সুখী হও যে আজি পিডিপিইউ কেৱল দেশৰেই নহয় বৰঞ্চ বিশ্বতো নিজৰ এক স্থান দখল কৰিছে৷ নিজৰ পৰিচয় সাব্যস্ত কৰিছে৷ মই আজি ইয়াত কেৱল মুখ্য অতিথি হিচাপত নহয় বৰঞ্চ আপোনালোকৰ এই মহান সংকল্পৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ সদস্য হিচাপত আপোনালোকৰ মাজলৈ আহিছো৷

আৰু এয়া প্ৰত্যক্ষ কৰি মই অত্যন্ত গৰ্বিত হও যে এই বিশ্ববিদ্যালয় সময়তকৈ বহু আগলৈ গুচি গৈছে৷ এটা সময় আছিল যে মানুহে প্ৰশ্ন কৰিছিল, এনে ধৰণৰ বিশ্ববিদ্যালয় কিমান দিন চলিব? কিন্তু ইয়াৰ শিক্ষাৰ্থীসকলে, ইয়াৰ পৰা ওলোৱা পেছাদাৰীসকলে নিজৰ কৰ্তব্যৰে এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰিছে৷

বিগত ডেৰ দশকত পিডিপিইউয়ে ‘পেট্ৰ’লিয়াম খণ্ড’ৰ সৈতে সমগ্ৰ শক্তি খণ্ডতেই আধিপত্য বিস্তাৰ কৰিছে৷ আৰু পিডিপিইউৰ প্ৰগতি দেখি আজি মই গুজৰাট চৰকাৰকো অনুৰোধ কৰিছো যে যদি প্ৰয়োজন হয় তেতিয়া ইয়াক কেৱল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে এক শক্তি বিশ্ববিদ্যালয়লৈ নাম ৰূপান্তৰিত কৰিব পাৰি৷ কাৰণ ইয়াৰ ৰূপ-পৰিসৰ অধিকভাৱে বিস্তৃত হ’ব৷ আৰু আপোনালোকে ইমান কম সময়ত যি নাম উপাৰ্জন কৰিছে, দেশক যি দিছে, বোধহয় শক্তি বিশ্ববিদ্যালয়, ইয়াৰ পৰা দেশে অধিক লাভ কৰিব পাৰিব৷ পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ কল্পনা মোৰেই আছিল আৰু মোৰেই কল্পনা বিস্তাৰিত কৰি মই পেট্ৰ’লিয়ামৰ স্থানত সম্পূৰ্ণ শক্তিখণ্ডক ইয়াৰ সৈতে জড়িত কৰোৱাৰ আগ্ৰহ কৰিছো৷ আপোনালোকে বিচাৰ কৰক আৰু যদি উপযুক্ত যেন বুলি ভাবে তেন্তে প্ৰস্তাৱটো গ্ৰাহ্য কৰক৷  

ইয়াত স্থাপিত হ’বলগীয়া ৪৫ মেগাৱাটৰ সৌৰ পেনেল নিৰ্মাণ প্লাণ্টেই হওক অথবা চেণ্টাৰ অব্ এক্সিলেন্স অন ৱাটাৰ টেকন’লজী, দেশৰ বাবে পিডিপিইউৰ বৃহৎ বীক্ষণকো প্ৰতিফলিত কৰিছে৷

বন্ধুসকল,

আজি আপোনালোকে এনেকুৱা সময়ত উদ্যোগৰ জগতত ভৰি ৰাখিছে, বিশ্ববিদ্যালয়ৰ পৰা ওলাই উদ্যোগলৈ ঢাপলি মেলিছে, যিটো সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ শক্তি খণ্ড প্ৰভাৱান্বিত হৈছে৷ এনে সময়তে আজি ভাৰতত শক্তি খণ্ডত বিকাশৰ, উদ্যমী সত্বাৰ, নিয়োজনৰ অধিক সম্ভাৱনা প্ৰকাশিত হৈছে৷ অৰ্থাৎ আপোনালোকে উপযুক্ত সময়ত উপযুক্ত খণ্ডত প্ৰৱেশ কৰিছে৷ এই দশকত কেৱল তেল আৰু গেছ খণ্ডতেই লক্ষাধিক কোটি টকাৰ বিনিয়োগ হ’ব৷ সেইবাবে আপোনালোকৰ বাবে গৱেষণাৰ পৰা আৰম্ভ কৰি নিৰ্মাণলৈ যথেষ্ট অৱকাশৰ সৃষ্টি হ’ব৷

বন্ধুসকল,

আজি দেশে নিজৰ কাৰ্বন ফুটপ্ৰিণ্ট ৩০ৰ পৰা ৩৫ শতাংশ হ্ৰাস কৰাৰ লক্ষ্যেৰে আগবাঢ়িছে৷ বিশ্বই ভাবিছিল যে ভাৰতে এই কাম কৰিব পাৰিবনে? এই দশকত আমাৰ ইন্ধনৰ প্ৰয়োজনীয়তাত প্ৰাকৃতিক গেছৰ অংশীদাৰীত্বক ৪ গুণলৈ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে৷ দেশৰ তেল শোধনৰ সামৰ্থকো আগন্তুক ৫ বছৰত প্ৰায় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াতো আপোনালোকৰ বাবে অনেক সম্ভাৱনাৰ সৃষ্টি হ’ব৷ দেশৰ ইন্ধন নিৰাপত্তাৰ সৈতে জড়িত ষ্টাৰ্ট-আপ পৰিবেশ তন্ত্ৰত শক্তিশালী কৰাৰ বাবেও নিৰৱচ্ছিন্নভাৱে কাম হ’বলৈ ধৰিছে৷ এই খণ্ডটোত আপোনালোকৰ দৰে শিক্ষাৰ্থী আৰু পেছাদাৰীসকলৰ বাবে এক বিশেষ  পুঁজিৰ সৃষ্টি কৰা হৈছে৷ যদি আপোনালোকৰ কোনো নতুন চিন্তাধাৰা আছে, কোনো সামগ্ৰী আছে যাক আপোনালোকে ইনকিউবেট কৰিবলৈ বিচাৰে তেন্তে এই পুঁজিটো আপোনালোকৰ বাবে উত্তম ব্যৱস্থা হিচাপে বিবেচিত হ’ব৷ এয়া চৰকাৰৰ তৰফৰ পৰা আপোনালোকলৈ এটা উপহাৰ৷

অৱশ্যে মই অনুভৱ কৰিছো যে আজি যেতিয়া মই আপোনালোকৰ সৈতে এই কথাখিনি আলোচনা কৰিছো তেতিয়া হয়তো আপোনালোকে ভাবিছে যে ক’ৰোনাৰ সময়, কেতিয়াবা ঠিক হয়৷ আৰু এই চিন্তা স্বাভাৱিকো৷ এনেকুৱা সময়ত স্নাতক হোৱাটো সহজ কথা নহয়৷ কিন্তু মনত ৰাখক, আপোনালোকৰ শক্তি, আপোনালোকৰ ক্ষমতা এই প্ৰত্যাহ্বানতকৈ বহু ডাঙৰ৷ এই বিশ্বাস নেহেৰুৱাব৷

সমস্যা কি, ইয়াতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ল আপোনাৰ উদ্দেশ্য কি? আপোনাৰ অগ্ৰাধিকাৰ কি, আপোনাৰ পৰিকল্পনা কি? আৰু সেইবাবে এয়া জৰুৰী যে আপোনাৰ যাতে এটা উদ্দেশ্য থাকে, অগ্ৰাধিকাৰ থাকে আৰু তাৰ বাবে প্ৰয়োজনীয় হ’ল উত্তম পৰিকল্পনা৷ কাৰণ এনেকুৱা নহয় যে আপুনি জীৱনত প্ৰথমবাৰলৈ কোনো কঠিনতাৰ সন্মুখীন হৈছে৷ এইটোও নহয় যে এই প্ৰত্যাহ্বানেই শেষ প্ৰত্যাহ্বান৷ এনেকুৱা নহয় যে সফল ব্যক্তিয়ে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া নহয়, কিন্তু যিয়ে প্ৰত্যাহ্বান স্বীকাৰ কৰে, যিয়ে ইয়াৰ সৈতে মোকাবিলা কৰে, যি ইয়াক হৰুৱাই, যিয়ে সমস্যাৰ সমাধান কৰে, শেষত তেওঁৱেই সফল হয়৷ যিকোনো সফল ব্যক্তিলৈ চাওক, প্ৰত্যেকেই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিয়েই আগবাঢ়িছে৷

বন্ধুসকল,

অৱশ্যে স্বাধীনতাৰ যুদ্ধত, দাসত্বৰ সময়ছোৱাত এনেকুৱা কোনো বৰ্ষ নাছিল য’ত স্বাধীনতাৰ কোনো যুঁজ হোৱা নাছিল৷ ১৮৫৭ চনৰ স্বতন্ত্ৰতা সংগ্ৰাম এক আৰম্ভণি আছিল কিন্তু ১৯২০ চনৰ পৰা  ১৯৪৭ চনৰ সময়ছোৱা সম্পূৰ্ণ পৃথক আছিল৷ আমি এই দৌৰত যিমান ঘটনা প্ৰত্যক্ষ কৰিছো, দেশৰ প্ৰতিটো প্ৰান্তৰ, প্ৰতিটো শ্ৰেণীৰ অৰ্থাৎ সমগ্ৰ দেশৰ আবাল বৃদ্ধ বনিতা, গাঁৱেই হওক অথবা চহৰেই হওক, সাক্ষৰেই হওক অথবা নিৰক্ষৰেই হওক, ধনীয়েই হওক অথবা দুখীয়াই হওক, সকলোৱে স্বাধীনতাৰ আন্দোলনৰ চিপাহীলৈ পৰিৱৰ্তিত হৈছিল৷ জনসাধাৰণ ঐক্যৱদ্ধ হৈছিল৷ নিজৰ জীৱনৰ সপোনসমূহ আহূতি দিছিল আৰু সংকল্প গ্ৰহণ কৰিছিল স্বাধীনতাৰ৷ আৰু আমি দেখিবলৈ পাইছো, ১৯২০ চনৰ পৰা ১৯৪৭ চনৰ যুৱ প্ৰজন্মই সকলো জলাঞ্জলি দিছিল৷ এতিয়া বহু সময়ত তেতিয়াৰ যুৱ প্ৰজন্মৰ সৈতে মোৰ ইৰ্ষা হয়৷ মইও ভাবো যে যদি মোৰো জন্ম ১৯২০ৰ পৰা ১৯৪৭ চনৰ মাজত হ’লহেঁতেন৷ মইও দেশ বাবে ভগৎ সিঙৰ দৰেই ওলাই আহিলোহেঁতেন৷ কিন্তু বন্ধুসকল, আমি সেই সময়ত দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ সুবিধা নাপালো, কিন্তু আজি আমি দেশৰ বাবে জীয়াবলৈ সুযোগ লাভ কৰিছো৷

মোৰ তৰুণ বন্ধুসকল,

আজি আমি সেই সময়ছোৱাত নাই৷ কিন্তু আজিও মাতৃভূমিৰ সেৱাৰ অৱকাশ আছে৷ যদি সেই সময়ৰ তৰুণ প্ৰজন্মই নিজৰ যৌৱন স্বাধীনতাৰ বাবে উৎসৰ্গিত কৰিব পাৰে তেন্তে আমি আত্মনিৰ্ভৰ ভাৰতৰ বাবে জীয়াবলৈ শিকিব পাৰো৷ আজি আত্মনিৰ্ভৰ ভাৰত নিজেই এক আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷ এই আন্দোলনৰ চিপাহী হওক, এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰক৷ এয়াই আপোনালোকলৈ মোৰ আহ্বান৷

আজিৰ ভাৰত পৰিৱৰ্তনৰ এক বৃহৎ পৰ্যায়ৰ মাজেৰে পাৰ হৈছে৷ আপোনালোকৰ ওচৰত বৰ্তমানৰ সৈতে ভৱিষ্যতৰ ভাৰত নিৰ্মাণ কৰাৰো এক দায়িত্ব আছে৷ চিন্তা কৰক, কেনে সোণালী সময়ত আপোনালোক আছে৷ আপোনালোকেও বোধহয় ভবা নাছিল যে ২০২২ চনত ভাৰতৰ ৭৫তম স্বাধীনতা দিৱস পালন কৰা হ’ব আৰু ২০৪৭ চনত ভাৰতৰ শততম স্বাধীনতা দিৱস পালন কৰা হ’ব৷ গতিকে এই ২৫ বছৰ আপোনালোকৰ বাবে অতিশয় মহত্বপূৰ্ণ৷ এনে সৌভাগ্য আপোনালোকে লাভ কৰিছে৷

জীৱনত সেই সকল লোকেহে সফল হয় যিসকলে কিবা এটা কৰি দেখুৱায়, যাৰ জীৱনত দায়িত্ববোধৰ ভাব এটা থাকে৷ সফলতাৰ আটাইতকৈ ডাঙৰ আৰম্ভণি দায়িত্ববোধৰ পৰাই আৰম্ভ হয়৷ যিসকলে জীৱনত সফলতা লাভ কৰিব নোৱাৰে আপোনালোকে দেখিব যে তেওঁলোকৰ জীৱনত দায়িত্ববোধৰ পৰিৱৰ্তে কৰ্মৰ বোজাহে অধিক পৰিলক্ষিত হয়৷

চাওক বন্ধুসকল, দায়িত্ববোধে ব্যক্তিৰ জীৱনত অৱকাশৰ সুযোগ প্ৰদান কৰে৷ তেওঁলোকে পথত কেতিয়াও বাধা দেখা নাপায়, অৱকাশহে দেখা পায়৷ দায়িত্ববোধ থকা ব্যক্তিৰ জীৱনৰ উদ্দেশ্য সমন্বিত হ’ব লাগে৷ ইয়াৰ মাজত সংঘৰ্ষ হ’ব নালাগে৷ দায়িত্ববোধ আৰু জীৱনৰ উদ্দেশ্য এনে দুটা চিৰি য’ত আপোনালোকৰ সংকল্পৰ গাড়ী দ্ৰুত গতিত ধাৱমান হ’ব পাৰে৷

মই আপোনালোকক আহ্বান জনাইছো যো নিজৰ মাজত সদায়েই দায়িত্ববোধ জীয়াই ৰাখিব৷ এই দায়িত্ববোধ দেশৰ বাবে হওক, দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ হওক৷ আজি দেশৰ অনেক খণ্ড দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছে৷

বন্ধুসকল,

ইচ্ছা শক্তিৰ দ্বাৰা সংকল্পৰ শক্তি বৃদ্ধি হয়৷ কাম কৰিবলৈ বহু আছে কিন্তু আপোনালোকৰ সংকল্প, আপোনালোকৰ লক্ষ্য বিভংগন হ’ব নালাগে৷ আপোনালোকে প্ৰতিশ্ৰুতিক সৈতে আগবাঢ়ক, নিজৰ মাজতেই শক্তিৰ এক বিশাল ভাণ্ডাৰ দেখিবলৈ পাব৷ আপোনালোকৰ ভিতৰত শক্তিৰ যি এটা পুখুৰী আছে, সিয়েই আপোনালোকক দৌৰাব, নতুন চিন্তা-ধাৰা প্ৰদান কৰিব, নতুন উচ্চতাত অৱৰোহণ কৰোবাৱ৷

আজি যি বিশ্ববিদ্যালয়ত আপোনালোকে পঢ়িছে, তাক নিৰ্মাণ কৰি উলিয়াবলৈ কিমানজন শ্ৰমিকে কষ্ট ত্যাগ কৰিছে, কিমানজন মধ্যবিত্ত পৰিয়ালে কৰ পৰিশোধ কৰিছে, তেতিয়াহে গৈ এই বিশ্ববিদ্যালয় নিৰ্মিত হৈছে৷ আপোনালোকে এনে বহু লোকৰ নাম নাজানে যিয়ে আপোনালোকৰ জীৱনত কিবা নহয় কিবা এটা অৰিহণা দিছে৷ সেইবাবে আমি সদায়েই এয়া অনুভৱ কৰিব লাগে যে আমি সেইসকল লোকৰ ওচৰতো ঋণী৷ আমাক সমাজে, দেশে এই প্ৰান্তত থিয় কৰোৱাইছে৷ সেয়ে আমি সংকল্প গ্ৰহণ কৰিব লাগে যে দেশৰ ওচৰত আমি যিদৰে ঋণী সেয়া আমি পৰিশোধ কৰিব লাগিব৷

বন্ধুসকল, মানৱ জীৱনত গতি আৰু প্ৰগতি অনিবাৰ্য৷ লগতে আমি ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও প্ৰকৃতি আৰু পৰিবেশ ৰক্ষা কৰাটো আৱশ্যক৷ যিদৰে স্বচ্ছ ইন্ধন উজ্বল ভৱিষ্যতৰ আশা ঠিক সেইদৰে জীৱনতো দুটা কথা প্ৰয়োজনীয়- এটা হ’ল স্বচ্ছ শ্লেট আৰু দ্বিতীয়টো হ’ল স্বচ্ছ হৃদয়৷ আপোনালোকেও হয়তো কয় অথবা শুনে, বাদ দিয়ানা, একো নহ’ব, আৰে আমাৰ কি হ’ব, সমযোজন কৰি লোৱা৷ নহ’ব৷ বহুবাৰ মানুহে কয় যে দেশত এনেকৈয়ে চলি থাকিব, আমাৰ ইয়াততো এনেকুৱাই হয়৷ এয়াই আমাৰ পৰম্পৰা৷

বন্ধুসকল,

এই সকলোবোৰ পৰাজয় বৰণ কৰা মানুহৰ কথা, মগজুত যাৰ মামৰে ধৰিছে, এইবোৰ তেনে লোকৰ কথা৷ কিন্তু আজিৰ প্ৰজন্ম যি একবিংশ শতাব্দীৰ যুৱচাম, তেওঁলোকে এটা স্বচ্ছ শ্লেটৰ সৈতে আগবাঢ়িব লাগিব৷

বন্ধুসকল,

যেতিয়া আপোনালোকে Pre-conceived notions ৰ সৈতে আগবাঢ়ে, তেতিয়া নতুন বস্তুৰ বাবে দৰ্জা আপোনালোকে নিজেই বন্ধ কৰি দিয়ে৷

বন্ধুসকল,

আজিৰ পৰা বিছ বছৰ পূৰ্বে যেতিয়া মই প্ৰথমবাৰলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া অনেক প্ৰত্যাহ্বান আছিল, অনেক স্তৰত কাম হৈছিল৷ প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই প্ৰথমে দিল্লীত আছিলো৷ হঠাতে গুজৰাটলৈ আহিবলগীয়া হ’ল৷ মোৰ থকা ঠাই নাছিল, সেয়ে  মই গান্ধী নগৰৰ চাৰ্কিট হাউচত এটা কোঠালি বুক কৰি লৈছিলো৷ শপত অনুষ্ঠান বাকী আছিল৷ ইতিমধ্যেই মই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈছিল৷ স্বাভাৱিকতে জনসাধাৰণে ফুলৰ টোৰা লৈ সাক্ষাৎ কৰিবলৈ  আহিছিল৷ যিসকল লোক মোৰ কাষলৈ আহিছিল তেওঁলোকে প্ৰায়েই মোক এটা কথা কৈছিল যে মোদীজী আপুনি মুখ্যমন্ত্ৰী হ’বলৈ গৈছে  যেতিয়া এটা কাম নিশ্চয়কৈ কৰক৷ প্ৰায় ৭০-৮০ শতাংশ লোকে এই কথাই কৈছিল৷ আপোনালোকে শুনি আচৰিত হ’ব৷ তেওঁলোকে কৈছিল যে মোদীজী, যিয়েই নকৰক কিয়, কম চে কম সন্ধিয়া খাদ্য গ্ৰহণ কৰাৰ সময়ত যাতে কাৰেণ্ট থাকে, মাত্ৰ এইখিনিয়েই কৰক৷ আপোনালোকে চিন্তা কৰিব পাৰে, সেই সময়ত বিদ্যুতৰ অৱস্থা কেনে আছিল কল্পনা কৰক৷ মই যি পৰিয়ালৰ পৰা আহিছো, মই জানো যে কাৰেণ্ট থকা নথকাটো কিমান গুৰুত্বপূৰ্ণ কথা৷ মই চিন্তা কৰিলো যে ইয়াৰ স্থায়ী সমাধান কি? মই বিষয়াসকলৰ সৈতে কথা পাতিছিলো, চৰ্চা কৰিছিলো, তেওঁলোকে কৈছিল যে আমাৰ ওচৰত যিমান বিদ্যুৎ আছে তাৰে এইখিনিয়েই হ’ব পাৰে৷ অধিক বিদ্যুৎ উৎপাদন হ’লে দেখা যাব৷ ঈশ্বৰৰ কৃপাত এটা উপায় মোৰ মনলৈ আহিল৷ মই ক’লো, ভাই এটা কাম কৰিব পাৰো নেকি? এগ্ৰিকালচাৰ ফীডাৰ আৰু ডমেষ্টিক ফীডাৰক পৃথক কৰিব পাৰি নেকি? মোৰ এই কথাৰ সৈতে বিষয়াসকল সহমত নহ’ল৷ কাৰণ  Pre-conceived notions আছিল৷ কোনোবাই ক’লে, এয়া সম্ভৱেই নহয়৷ কোনোবাই ক’লে আৰ্থিক স্থিতি আমাৰ সিমান ঠিক নহয়৷ আপোনালোক আচৰিত হ’ব যে ফাইলৰ ওপৰত ফাইল জমা হ’ল, ওজনো ৫-৭-১০ কিলো হ’ল৷ তথাপিও ফলাফল নেতিবাচকেই হৈ থাকিল৷

তেতিয়া মই ভাবিলো যে কিবা এটা কৰিব লাগিব৷ ইয়াৰ পিছত মই দ্বিতীয় বিকল্পৰ ওপৰত কাম কৰা আৰম্ভ কৰিলো৷ মই উত্তৰ গুজৰাটৰ এটা ছ’চাইটি যি ৪৫ খন গাঁৱৰ সৈতে জড়িত, তেওঁলোকক মাতিলো৷ মই ক’লো, মোৰ এটা সপোন আছে, আপোনালোকে কৰিব পাৰিব নে? তেওঁলোকে ক’লে, আমাক চিন্তা কৰিবলৈ দিয়ক৷ মই ক’লো যে আপোনালোকে ইঞ্জিনীয়াৰৰ সহায় লওক৷ মোৰ ইমানেই ইচ্ছা যে গাঁৱত যাতে বিদ্যুৎ উপলব্ধ হয়৷ মই ডমেষ্টিক আৰু এগ্ৰিকালচাৰত ফীডাৰ পৃথক কৰিব বিচাৰো৷ তেওঁলোক মোৰ কাষলৈ আহি ক’লে, মহাশয়, আমাক কোনো সহায়ৰ প্ৰয়োজন নাই৷ ইয়াৰ ওপৰত ১০ কোটি টকা ব্যয় কৰাৰ বাবে গুজৰাট চৰকাৰে আমাক অনুমতি দিয়ক৷ মই ক’লো যে এয়া মোৰ দায়িত্ব৷ মই অনুমতি দিলো৷

তেওঁলোকে কাম আৰম্ভ কৰিলে আৰু ৪৫খন গাঁৱত ডমেষ্টিক আৰু এগ্ৰিকালচাৰত ফীডাৰ পৃথক কৰি দিলে৷ ইয়াৰ ফলত ঘৰসমূহত ২৪ ঘণ্টাই বিজুলী উপলব্ধ হ’ল৷ তাৰ পিছত মই এডুকেছন বিশ্ববিদ্যালয়সমূহৰ সহায়ত তৃতীয় পক্ষৰ মূল্যায়ন কৰিলো৷ আপোনালোকে আচৰিত হ’ব যে যি গুজৰাটত ৰাতি আহাৰ খোৱাৰ সময়ত কাৰেণ্ট নাছিল সেই গুজৰাটত ২৪ ঘণ্টাই বিজুলি উপলব্ধ হ’ল৷

বন্ধুসকল, এটা কথা সদায়েই জানিব যে Restrictions don't matter, your response matters৷ মই আপোনালোকক এটা উদাহৰণ দিবলৈ ওলাইছো৷ গুজৰাটেই আছিল প্ৰথমখন ৰাজ্য যিয়ে নিজৰ পৰ্যায়ত সৌৰ নীতি প্ৰণয়ন কৰিছিল৷ তেতিয়া প্ৰতি ইউনিটত সৌৰ বিজুলী ১২-১৩ টকা আছিল৷ এই মূল্য তেতিয়াৰ হিচাপত বহু বেছি আছিল৷ সেয়া সেই সময়ত মোৰ বাবে প্ৰত্যাহ্বানৰ দৰে আছিল৷

কিন্তু বন্ধু সকল, মোৰ সন্মুখত তেতিয়া এনে এটা সময় আহি পৰিছিল যে মই মোৰ প্ৰতিষ্ঠাৰ চিন্তা কৰিম নে মই মোৰ ভাবী প্ৰজন্মৰ কথা চিন্তা কৰিম৷ মই জানো যে এই প্ৰকাৰৰ সিদ্ধান্তৰ ফলত সংবাদ মাধ্যমে মোৰ বিষয়ে বহু বেয়াকৈ লিখিব৷ কিন্তু মোৰ হৃদয়খন আছিল স্বচ্ছ৷ মই নিশ্চিতভাৱে মানিছিলো যে জীৱনশৈলী পৰিৱৰ্তনৰ বাবে আমি কিবা এটা কৰিব লাগিব৷    

অৱশেষত আমি সিদ্ধান্ত গ্ৰহণ কৰিলো৷ সৌৰ শক্তিৰ সপক্ষে মাত দিলো৷ আৰু আমি সুনীতিৰ সৈতে নিৰ্ণয় ল’লো৷ উজ্বল ভৱিষ্যতৰ বাবে ল’লো, এটা বীক্ষণৰ বাবে ল’লো৷

গুজৰাটত সৌৰ প্লাণ্টৰ শুভাৰম্ভ হ’ল, বৃহৎ মাত্ৰাত হ’ল৷ কিন্তু সেই সময়তে গুজৰাটে নীতি প্ৰণয়ন কৰিলো, ভাৰত চৰকাৰেও সেই সময়তে নীতি প্ৰণয়ন কৰিলে৷ কিন্তু তেওঁলোকে ১৮-১৯ টকাত মূল্য নিৰ্ধাৰণ কৰিলে৷ মই ক’লো যে আমি ১২-১৩ টকাতেই দিম৷

যেতিয়া ১২-১৩ টকাত আৰম্ভ হ’ল তেতিয়া সমগ্ৰ দেশতেই এক সৌৰ আন্দোলনৰ সূচনা হ’ল৷ আৰু ইয়ালৈ অহাৰ পিছত মই আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ গঠন কৰিলো য’ত সমগ্ৰ বিশ্বৰ ৮০-৮৫ খন দেশ সদস্য হিচাপে অন্তৰ্ভুক্ত হ’ল৷ আজি প্ৰতি ইউনিটৰ মূল্য ১২-১৩ টকাতকৈ কম হৈ দুটকাতকৈও কম হৈছে৷

There is no such thing as cannot happen. There is either -I will make it happen’ or I will not make it happen. এই বিশ্বাস সদায়েই আপোনালোকৰ কামত আহিব৷

বন্ধুসকল,

পৰিৱৰ্তন লাগিলে নিজৰেই হওক অথবা বিশ্বৰেই হওক, পৰিৱৰ্তন এটা দিনত, এটা সপ্তাহত অথবা এটা বছৰত নহয়৷ পৰিৱৰ্তনৰ বাবে আমি নিৰন্তৰে প্ৰয়াস কৰিব লাগে৷ নিয়মিত সৰু সৰু কামে ডাঙৰ পৰিৱৰ্তন সাধন কৰিব পাৰে৷

বন্ধুসকল,

আপোনালোকে ক্ৰিকেটত দেখিছে৷ যেতিয়া কোনো দলে বৃহৎ টাৰ্গেট অতিক্ৰম কৰিব লাগে তেতিয়া তেওঁলোকে মুঠ কিমান ৰাণ কৰিব লাগে সেয়া চিন্তা নকৰে৷ বেটচমেনে প্ৰতিটো অভাৰত কিমান ৰাণ কৰিব লাগিব সেয়া চিন্তা কৰে৷

এই মন্ত্ৰ বিত্তীয় পৰিকল্পনাতো বহু লোকে কৰে৷ প্ৰতি মাহে পাঁচ হাজাৰকৈ জমা কৰি দুবছৰত এক লাখতকৈও অধিক টকা জমা কৰে৷ এই সতত প্ৰয়াসে আপোনালোকৰ অন্তৰত সামৰ্থ নিৰ্মাণ কৰে৷ ই হ্ৰস্বকালীন সময়ৰ বাবে পৰিলক্ষিত নহ’লেও দীৰ্ঘকালীন সময়ৰ বাবে বৃহৎ ভাণ্ডাৰ হৈ পৰে৷

বন্ধুসকল,

একবিংশ শতিকাৰ বিশ্বৰ আশা আকাংক্ষা ভাৰতৰ সৈতে আছে আৰু ভাৰতৰ আশা আকাংক্ষা আপোনালোকৰ সৈতে আছে৷ আমি দ্ৰুত গতিৰে আগবাঢ়িব লাগিব৷ পণ্ডিত দীন দয়ালজীয়ে অন্ত্যোদয়াৰ যি বীক্ষণ প্ৰদান কৰিছিল, সৰ্বপ্ৰথম দেশৰ যি সিদ্ধান্ত লৈ তেওঁ আগবাঢ়িছিল, তাক আমি অধিক শক্তিশালী কৰিব লাগিব৷ আমাৰ প্ৰতিটো কাম ৰাষ্ট্ৰৰ নামত হ’ব লাগিব৷ এই ভাৱনাৰ সৈতে আমি আগবাঢ়িব লাগিব৷

পুনৰবাৰ আপোনালোক সকলোলৈ অশেষ অভিনন্দন আৰু উজ্বল ভৱিষ্যতৰ বাবে অনেক শুভকামনা জনালো৷

অশেষ অশেষ ধন্যবাদ!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA

Media Coverage

India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Jan Aushadhi Diwas 2026
March 07, 2026
PM highlights transformative impact of Pradhan Mantri Bhartiya Janaushadhi Pariyojana

On the occasion of Jan Aushadhi Diwas 2026, the Prime Minister, Shri Narendra Modi extended his greetings to all those who have been positively impacted by the Pradhan Mantri Bhartiya Janaushadhi Pariyojana. Shri Modi said that this initiative reflects our commitment to ensuring that every citizen has access to quality medicines at affordable prices. Through Jan Aushadhi Kendras, countless families are saving on healthcare expenses and receiving proper treatment, Shri Modi added.

The Prime Minister also shared a glimpse of the transformative impact of the Pradhan Mantri Bhartiya Janaushadhi Pariyojana.

The Prime Minister wrote on X;

“On #JanAushadhiDiwas2026, my best wishes to all those who have been positively impacted by the Pradhan Mantri Bhartiya Janaushadhi Pariyojana. This initiative reflects our commitment to ensuring that every citizen has access to quality medicines at affordable prices. Through Jan Aushadhi Kendras, countless families are saving on healthcare expenses and receiving proper treatment.” 

“A glimpse of the transformative impact of Pradhan Mantri Bhartiya Janaushadhi Pariyojana.

#JanAushadhiDiwas2026”