"মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম যে বীৰভূমৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলক আৰু এইসকল অপৰাধীক উৎসাহিত কৰাসকলক যাতে তেওঁলোকে কেতিয়াও ক্ষমা নকৰে"
"আজি দেশে ইয়াৰ ইতিহাস, ইয়াৰ অতীতক শক্তিৰ এক জীৱন্ত উৎস হিচাপে চায়"
"আমাৰ প্ৰাচীন কীৰ্তিচিহ্নবোৰ আগতে বিদেশলৈ চুৰি কৰি নিয়া হৈছিল, যেন এইবোৰৰ কোনো মূল্যই নাছিল; কিন্তু ভাৰতে আজি বিদেশৰ পৰা ইয়াৰ ঐতিহ্য ঘূৰাই আনিছে "
"বিপ্লবী ভাৰত গেলেৰীৰ জৰিয়তে পশ্চিম বংগৰ ঐতিহ্য সংৰক্ষণ আৰু উন্নত কৰাৰ বাবে চৰকাৰৰ অংগীকাৰ প্ৰমাণিত হৈছে"
"ঐতিহ্যশালী পৰ্যটনৰ বিস্তাৰৰ বাবে দেশজুৰি অভিযান চলি আছে"
"ভাৰত-ভক্তিৰ চিৰন্তন অনুভূতি, একতা আৰু ভাৰতৰ অখণ্ডতাক আজিও আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব লাগে"
"ভাৰতৰ নতুন দৃষ্টিভংগী হৈছে ভাৰতৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, প্ৰাচীন পৰিচয় আৰু ভৱিষ্যতৰ উন্নতিৰ। ইয়াত দায়িত্ববোধ সৰ্বাধিক গুৰুত্বপূৰ্ণ"
"বিপ্লৱ, সত্যাগ্ৰহ আৰু স্বাধীনতা সংগ্ৰামৰ সৃষ্টিশীল আৱেগৰ ঢল ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ দ্বাৰা প্ৰতিফলিত হয়"
তেওঁ কেন্দ্ৰৰ পৰা সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, "এনে ঘটনাত জড়িত অপৰাধীসকলক আৰু এনে অপৰাধীসকলক উৎসাহিত কৰা লোকসকলক কেতিয়াও ক্ষমা নকৰিবলৈ মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম"।
প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণৰ আৰম্ভণিতে বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু এনে জঘন্য অপৰাধৰ অপৰাধীসকলৰ বাবে ৰাজ্য চৰকাৰে শাস্তি নিশ্চিত কৰিব বুলি আশা ব্যক্ত কৰে।

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!

সৰ্ব প্ৰথমে পশ্চিম বংগৰ বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাক্ৰমৰ বাবে দুখ ব্যক্ত কৰিছো, সমবেদনা ব্যক্ত কৰিছো। ৰজ্য চৰকাৰে, বংগৰ মহান ভূমিখণ্ডত এনে পাপ সংঘটিত কৰা সকলক নিশ্চিত ভাবেই শাস্তি প্ৰদান ব্যৱস্থা কৰিব বুলি মই আশা প্ৰকাশ কৰিছো। মই বংগৰ ৰাইজৰ প্ৰতি আহ্বান জনাব খুজিছো যে এনে নাৰকীয় কাণ্ড সংঘটিত কৰাসকলক, এনে অপৰাধীক উতসাহিত কৰা সকলক তেওঁলোকে যেন কাহানিও ক্ষমা কৰি নিদিয়ে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মই ৰাজ্যচৰকাৰক এই কথাত আশ্বস্ত কৰিব খুজিছো যে অপৰাধীসকলক অনতি বিলম্বে শাস্তি প্ৰদানৰ বাবে যি ধৰণৰ সহায়ৰে প্ৰয়োজন নহওক কিয়, তাকে ভাৰত চৰকাৰে আগবঢ়াবলৈ সাজু থাকিব।

বন্ধুসকল,

“স্বাধীনতাৰ অমৃত মহোত্সৱেৰ, পূণ্য পালন লগ্নে, মহান বিপ্লৱীদেৰ ঐতিহাসিক আত্ম বলিদানেৰ প্ৰতি সমগ্ৰ ভাৰতবাসীৰ পক্ষ থেকে আ-ভূমি প্ৰণাম জন্নাছী”। ‘শ্বহীদ দিৱস’ত মই দেশৰ বাবে নিজৰ সৰ্বস্ব উত্সৰ্গা কৰা সকলো বীৰ-বীৰাংগণাকে কৃতজ্ঞ ৰাষ্ট্ৰৰ তৰফৰ পৰা ভাৱনাঞ্জলি অৰ্পিত কৰিছো। শ্ৰীমদ্ গীতাতো কোৱা হৈছে- নৈঁন ছিন্দন্তি শস্ত্ৰাণি, নৈঁন দহতি পাৱকঃ অৰ্থাত্, ‘অস্ত্ৰই যাক কাটিব নোৱাৰে, অগ্নিয়ে যাক পুৰিব নোৱাৰে’। দেশৰ বাবে বলিদান দিয়া সকল এনেকুৱাই হয়। তেওঁলোকে অমৃত প্ৰাপ্ত কৰে। তেওঁলোক প্ৰেৰণাৰ ফুল হৈ প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি নিজৰ সৌগন্ধ বিয়পাই থাকে। সেয়ে আজি অত বছৰৰ পিচতো অমৰ শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ বলিদানৰ গাঁথা দেশৰ নাগৰিকসকলৰ মুখে মুখে উচ্চাৰিত হৈ আহিছে। আমাৰ সকলোকে এইসকল বীৰৰ কাহিনীসমূহে দেশৰ বাবে দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰাৰ বাবে অনুপ্ৰাণিত কৰে। আৰু স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ৰ সময়ছোৱাত অনুষ্ঠিত হোৱা এইবেলিৰ ‘শ্বহীদ দিৱস’ৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। দেশে আজি স্বাধীনতাৰ বাবে অৱদান আগবঢ়োৱা নায়ক-নায়িকাসকলক স্মৰণ কৰিছে, তেওঁলোকৰ যোগদানসমূহৰ স্মৃতিৰাজীক উজ্জীৱিত কৰি তুলিছে। বাঘা যতীনৰ সেই হুংকাৰ- ‘আমৰা মৰব, জাত জাগগবে’, অথবা, খুদিৰাম বসুৰ আহ্বান- ‘এক বাৰ বিদাই দে মা, ঘূৰে আসি’-ক আজি সমগ্ৰ দেশেই স্মৰণ কৰিছে। বংকিম বাবুৰ ‘বন্দে মাতৰম্’-তো আজি আমি ভাৰতবাসীৰ বাবে শক্তিমন্ত্ৰ হিচেপেই পৰিগণিত হৈ উঠিছে। ঝাঁসীৰ ৰাণী লক্ষ্মীবাঈ, ঝলকৰী বাঈ, কিত্তুৰৰ ৰাণী চেনম্মা, মাতংগিনী হাজৰা, বীণা দাস, কমলা দাস গুপ্তা, কনকলতা বৰুৱাৰ দৰে কিমানযে বীৰাংগণাই স্বতন্ত্ৰতা সংগ্ৰামৰ বহ্নিশিখাক নাৰীশক্তিৰে প্ৰজ্জ্বলিত কৰিছিল। এনে সকলো বীৰৰ স্মৃতিত আজি পুৱাৰে পৰাই অনেক ঠাইত প্ৰভাত ফেৰী উলিওৱা হৈছে। স্কুল-কলেজসমূহত আমাৰ যুৱ-বন্ধু-বান্ধৱীসকলে বিশেষ কাৰ্যক্ৰম আয়োজিত কৰিছে। ‘অমৃত মহোতসৱ’ৰ এই সময়ছোৱাৰ ‘শ্বহীদ দিৱস’ত ‘ভিক্টোৰীয়া মেমৰিয়েল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ৰ শুভ-উদ্বোধন কৰা হৈছে। আজি নেতাজী সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, ৰাম বিহাৰী বসু, খুদিৰাম বসু, বাঘা যতীন, বিনয়, বাদল, দিনেশৰ দৰে অনেক মহান সেনানীৰ স্মৃতিৰাজীৰে এইকণ ঠাই পবিত্ৰ হৈছে। ‘নিৰ্ভিক সুভাষ বিথিকা’ৰ পিচত আজি ‘বিপ্লৱী ভাৰত বিথিকা’ৰ ৰূপত পশ্চিম বংগৰ কলকাটাৰ ঐতিহ্যত আৰু এটি অনন্য সুন্দৰ মুকুটা সংযোজিত হ’ল।

বন্ধুসকল,

‘বিপ্লৱী ভাৰত বিথিকা’, বিগত বছৰসমূহত পশ্চিম বংগৰ সমৃদ্ধ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পদৰাজীৰ সন্ধান আৰু সংৰক্ষণৰ বাবে থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰো প্ৰমাণ। ইয়াৰ ‘আইকনিক গেলাৰীজ’য়েই হওক, ‘অ’ল্ড কাৰেন্সী বিল্ডিং’-য়েই হওক, ‘বেল্ৱেডিয়’ৰ হাউছ’য়েই হওক, ‘ভিক্টোৰীয়া মেম’ৰিয়েল’য়েই হওক অথবা ‘মেটকাফে হাউছে’ই হওক এইবোৰক আৰু প্ৰশস্ত আৰু সুন্দৰ কৰি তোলাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বিশ্বৰ সকলোতকৈ পুৰণি সংগ্ৰহালয়সমূহৰ অন্যতম, কলকাটাৰ ‘ইণ্ডিয়ান মিউজিয়াম’কো নতুন ৰং-ৰূপেৰে সুসজ্জিত কৰি তুলি পৃথিৱীবাসীৰ সন্মুখলৈ আগবঢ়াই অনাৰ বাবে আমাৰ চৰকাৰে কাম কৰি আহিছে।

বন্ধুসকল,

আমাৰ অতীতৰ সমৃদ্ধ ইতিহাসে আমাৰ বৰ্তমানক দিশ দেখুৱাই আমাক উন্নত ভৱিষ্যত গঢ়াৰ বাবে অনুপ্ৰাণিত কৰে। সেয়ে, আজি দেশে নিজৰ ইতিহাসক, নিজৰ অতীতক, শক্তিৰ জাগৃত স্ৰোতৰ ৰূপত অনুভৱ কৰিব বিচাৰিছে। আপোনালোকৰ চাগৈ সেইবোৰ সময়ো মনত আছে যেতিয়া বিগত দিনবোৰত আমাৰ দেশৰ প্ৰাচীন মন্দিৰসমূহৰ পৰা মূৰ্তি চুৰি হোৱাৰ দৰে ঘটনাৰ বাতৰি আহিছিল। আমাৰ কলাকৃৰ্তিসমূহৰ হোৰাহোৰে বিদেশত চোৰাং বেহা চলিছিল, যেন সেইবোৰৰ কোনো গুৰুত্বই নাছিল। কিন্তু এতিয়া ভাৰতৰ সেইসমূহ ঐতিহাসিক সম্পদক ওভতাই অনাৰ দিহা কৰা হৈছে। অলপতে আমাৰ কিষাণ ৰেড্ডী জীয়ে সবিস্তাৰে সেই কথাৰ বৰ্ণনাও কৰিছে। দুদিন আগতে মাত্ৰ অষ্ট্ৰেলিয়াই কেবা ডজনো এনে মূৰ্তি, পেইণ্টিং আৰু অন্যান্য কলাকৃৰ্তি ভাৰতক ওভতাই দিছে। সেইসমূহৰ ভিতৰত বহুকেইটা পশ্চিম বংগৰে সম্পৰ্কিত। যোৱা বছৰত আমেৰিকাই প্ৰায় ডেৰশটা কলাকৃৰ্তি ভাৰতক ওভতাই দিছিল। যেতিয়া দেশৰ সামৰ্থ্য বৃদ্ধি পাই, যেতিয়া দুখন দেশৰ মাজত আপোনত্ব বৃদ্ধি পাই, তেতিয়া এনেধৰণৰ বহুবোৰ কথা সম্ভৱ হোৱা দেখিবলৈ পোৱা যায়। এই কথাৰ অনুমান আপোনালোকে এটা উদাহৰণৰ পৰা কৰিব পাৰিব। ২০১৪ চনৰ আগতে বহু দশক ধৰি হোৱা প্ৰয়াসত কেই ডজনমান প্ৰতিমাকহে ভাৰতলৈ আনিব পৰা গৈছিল। কিন্ত বিগত ৭টা বছৰত এইটো সংখ্যা প্ৰায় ২০০ৰো অধিক হৈছেগৈ। আমাৰ সংস্কৃতি, আমাৰ সভ্যতাৰ এই সমূহ নিদৰ্শন, ভাৰতৰ বৰ্তমান আৰু ভাবি প্ৰজন্মসমূহক যাতে সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব পাৰে সেই দিশত এয়া এক বৃহত্ পদক্ষেপ।

ভাই-ভনীসকল,

সম্প্ৰতি দেশে যেনে দৰে নিজৰ ৰাষ্ট্ৰীয় আৰু আধ্যাত্মিক ঐতিহ্যসমূহক নতুন আত্মবিশ্বাসৰে বিকশিত কৰিব ধৰিছে তাৰ আৰু এটা পক্ষও আছে। সেইটো পক্ষ হৈছে- ‘হেৰিটেজ ট্যুৰিজম।’ ‘হেৰিটেজ ট্যুৰিজম’ত আৰ্থিক দৃষ্টিৰেতো অপাৰ সম্ভাৱনা আছেই, ইয়াৰে বিকাশৰ ন ন দুৱাৰো মুকলি হয়। দাণ্ডীত লোন সত্যাগ্ৰহৰ স্মৃতিত নিৰ্মিত স্মাৰকেই হওক কিম্বা জালিয়ানৱালাবাগৰ স্মাৰকৰ পুনৰনিৰ্মাণেই হওক, কেৱাড়িয়াৰ একতা নগৰত নিৰ্মিত ‘ষ্টেচ্যু অব ইউনিটী’য়েই হওক অথবা পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ স্মাৰকৰ নিৰ্মাণ, দিল্লীত ‘বাবা চাহেব মেম’ৰিয়েলে’ই হওক বা ৰাঁসীত ‘ভগৱান বিৰসা মুণ্ডা মেম’ৰিয়েল পাৰ্ক আৰু সংগ্ৰহালয়’, অযোধ্যা-বেনাৰসৰ ঘাটসমূহৰ সৌন্দৰ্যবৰ্দ্ধন কাৰ্যক্ৰমেই হওক, নতুবা দেশৰ ঐতিহাসিক মন্দিৰ আৰু আস্থাস্থলীসমূহৰ জীৰ্ণোদ্ধাৰ, ‘হেৰিটেজ ট্যুৰিজম’ বঢ়োৱাৰ বাবে ভাৰতত এক ৰাষ্ট্ৰ জোৰা অভিযান অব্যাহত আছে। ‘স্বদেশ-দৰ্শন’ৰ দৰে বহুবোৰ কাৰ্যক্ৰম-আঁচনিৰ জৰিয়তে ‘হেৰিটেজ ট্যুৰিজম’ক গতি প্ৰদান কৰা হৈছে। আৰু সমগ্ৰ পৃথিৱীৰে অনুভৱ এয়ে যে ‘হেৰিটেজ ট্যুৰিজম’-য়ে মানুহৰ আয় বঢ়োৱাত, জীৱিকাৰ সন্ধান দিয়াত, নতুন সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি কৰাত বহুত ডাঙৰ ভূমিকা পালন কৰি আহিছে। ২১শতিকাৰ ভাৰতে নিজৰ এই সম্ভাৱনীয়তাক হৃদয়ংগম কৰিয়েই আগবাঢ়িব খুজিছে।

বন্ধুসকল,

ভাৰতে কেবাশ বছৰ জোৰা পৰাধীনতাৰ পৰা তিনিটা ধাৰাৰ সংযুক্ত প্ৰয়াসৰে চলা সংগ্ৰামৰ মাজেৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এটা ধাৰা আছিল বিপ্লৱৰ, দ্বিতীয়টো আছিল সত্যাগ্ৰহৰ আৰু তৃতীয়টো ধাৰা আছিল জন-জাগৃতি আৰু সৃষ্টিশীল কাম-কাজৰ। এই তিনিটি ধাৰাই যেন তিৰংগা পতাকাৰ তিনিটি ৰঙত উদ্ভাসিত হয়, মোৰ তেনে যেনই লাগে। মোৰ মন-মগজুত বাৰে বাৰে এই ভাৱনাই প্ৰকট হৈ উঠে। আমাৰ ত্ৰিৰংগাৰ গেৰুৱা ৰংটো বিপ্লৱী ধাৰাৰ প্ৰতীক। বগা ৰং সত্যাগ্ৰহ আৰু অহিংসাৰ প্ৰতীক। সেউজীয়া ৰং, সৃষ্টিশীল প্ৰবৃত্তিৰ ধাৰাৰ, ভাৰতীয় প্ৰমূল্যৰ আধাৰিত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ, দেশভক্তিৰে জড়িত সাহিত্যিক ৰচনাৱলী, ভক্তি আন্দোলনৰ দৰে কথাবোৰ ইয়াৰ সৈতে নিহিত হৈ আছে। আৰু ত্ৰিৰংগাৰ মাজৰ নীলা ৰঙৰ চক্ৰটোক ভাৰতৰ সাংস্কৃতিক চেতনাৰ প্ৰতীকৰ ৰূপ বুলি অনুভৱ কৰো। বেদৰ পৰা বিবেকানন্দলৈকে, বুদ্ধৰ পৰা গান্ধীলৈকে এই চক্ৰ চলি আহিছে, মথুৰাৰ পৰা বৃন্দাবন, কুৰুক্ষেত্ৰৰ মোহন, তেওঁৰ সুদৰ্শন চক্ৰ আৰু পোৰবন্দৰৰ মোহনৰ যঁতৰধাৰী চক্ৰ, এই চক্ৰ কেতিয়াও ৰৈ যোৱা নাই।

আৰু বন্ধুসকল,

আজি মই ‘বিপ্লৱী ভাৰত বিথিকা’ৰ উদ্বোধন কৰি থাকোতেও ত্ৰিৰংগাৰ তিনিটা ৰঙত নতুন ভাৰতৰ ভৱিষ্যতটোকো দেখিবলৈ পাইছো। গেৰুৱা ৰঙে এতিয়া আমাক কৰ্মঠতা, কৰ্তব্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰেৰণা দিয়ে। বগা ৰং এতিয়া ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ৰ পৰ্যায়। সেউজীয়া ৰং এতিয়া পৰ্যাবৰণৰ ৰক্ষাৰ বাবে, ‘নবীকৰণযোগ্য শক্তি’ৰ বাবে ভাৰতে গ্ৰহণ কৰা বৃহত্ লক্ষ্যৰ প্ৰতীক। ‘গ্ৰীণ এনাৰ্জী’ৰ পৰা ‘গ্ৰীণ হাইড্ৰোজেন’ পৰ্যন্ত, জৈৱ-ইন্ধনৰ পৰা ইথানলৰ ‘ব্লেণ্ডিং’ পৰ্যন্ত, ‘নেশ্যাৰেল ফাৰ্মিং-ৰ পৰা গোৱৰ্দ্ধন যোজনা’লৈকে সকলোবোৰেই ইয়াৰ প্ৰতিবিম্বৰ ৰূপ ধাৰণ কৰিছে। আৰু ত্ৰিৰংগাৰ নীলা চক্ৰটো আজি ‘ব্লু ইক’নমী’ৰ এটা পৰ্যায়। ভাৰতৰ হাতত মজুত থকা অপাৰ সমুদ্ৰৰ সংসাধনসমূহ, বিশাল সমুদ্ৰৰ উপকূল, আমাৰ জলশক্তিয়ে ভাৰতৰ বিকাশক নিৰন্তৰ ত্বৰান্বিত কৰি ৰাখিছে।

আৰু বন্ধুসকল,

ত্ৰিৰংগাৰ এই মান-মৰ্যাদা আৰু মহত্বক আৰু অধিক বৃদ্ধি কৰাৰ বাবে দেশৰ যুৱ-প্ৰজন্মই দায়িত্ব গ্ৰহণ কৰা দেখি মোৰ ভাল লাগে। এয়া দেশৰ যুৱ-শক্তিয়েই আছিল, যিয়ে সকলো সময়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰিয়াডাল নিজৰ হাতৰে প্ৰজ্বলিত কৰি ৰাখিছিল। আপোনালোকে মনত পেলাওকচোন, আজিৰ দিনটোতে যেতিয়া ভগত সিং, সুখদেৱ, ৰাজগুৰুক ফাঁচী দিয়া হৈছিল, তেতিয়া তেওঁলোক মাত্ৰ ২৩-২৪ বছৰীয়া ন-জোৱান আছিল। ফাঁচী দিয়াৰ সময়ত খুদীৰাম বসুৰ বয়সতো খুবেই কম আছিল। ভগবান বিৰসা মুণ্ডা ২৫-২৬ বছৰীয়া আছিল, চন্দ্ৰশেখৰ আজাদ ২৪-২৫ বছৰীয়া আছিল, আৰু তেওঁ ইংৰাজ শাসনক স্তম্ভিত কৰি তুলিছিল। ভাৰতৰ যুৱ-প্ৰজন্মৰ সামৰ্থ্য না তেতিয়া কম আছিল আৰু না এতিয়া কম হৈছে। মই দেশৰ যুৱক-যুৱতীসকলক ক’ব বিচাৰো- কেতিয়াও নিজৰ শক্তিক, নিজৰ সপোনবোৰক কমকৈ অংকন নকৰিব। এনে কোনো কাম নাই যাক ভাৰতৰ যুৱক-যুৱতীয়ে কৰিব নোৱাৰে। এনে কোনো লক্ষ্য নাই য’ত ভাৰতৰ যুৱ-প্ৰজন্মই উপনীত হ’বগৈ নোৱাৰে। স্বাধীনতাৰ ১০০ বছৰ হোৱাৰ সময়ত ভাৰতে যি উচ্চতাত অৱস্থান কৰিবগৈ,  ২০৪৭ চনত হিন্দুস্তানে যি উচ্চতাত আৰোহণ কৰিবগৈ, সেয়া আজিৰ যুৱ-প্ৰজন্মৰ শক্তিৰে সম্ভৱ হ’ব। সেয়ে, আজি যিসকল যুৱক, তেওঁলোকৰ জীৱনৰ সকলোতকৈ ডাঙৰ লক্ষ্য হোৱা উচিত নতুন ভাৰত নিৰ্মাণত নিজৰ অৱদান আগবঢ়োৱাতো। আগন্তুক ২৫টা বছৰত ভাৰতৰ যুৱক-যুৱতীৰ পৰিশ্ৰমে ভাৰতৰ ভাগ্য নিৰ্মাণ কৰিব, ভাৰতৰ ভৱিষ্যতক গঢ়িব।

বন্ধুসকল,

ভাৰতৰ স্বাধীনতাৰ আন্দোলনে আমাক সদায়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ বাবে কাম কৰাৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আঞ্চলিকতা বেলেগ বেলেগ আছিল, মাত-কথা-ভাব-ভাষা বেলেগ বেলেগ আছিল। আনকি সাধন-সংসাধনতো ভিন্নতা আছিল। কিন্তু ৰাষ্ট্ৰসেৱাৰ ভাৱনা আৰু ৰাষ্ট্ৰভক্তি একনিষ্ঠ আছিল। তেওঁলোক ‘ভাৰত ভক্তি’ৰ সূত্ৰৰে সংযোজিত আছিল, তেওঁলোকে এটা সংকল্পৰ বাবে যুঁজিছিল, থিয় দিছিল। ‘ভাৰত ভক্তি’ৰ এই শাশ্বত চিন্তা, তাৰ প্ৰতি সংবেদনাই দেশৰ একতাক শক্তি প্ৰদান কৰে। আজিৰ এই সময়ত আমি দেশৰ একতাৰ বিৰুদ্ধে কাম কৰি থকা প্ৰত্যেকটো তত্বৰ ওপৰত দৃষ্টি ৰাখিব লাগিব, সেইবোৰক কঠোৰ হাতেৰে মষিমূৰ কৰিব লাগিব। আজি যেতিয়া স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ উদযাপন কৰি থকা হৈছে, তেতিয়াতো একতাৰ এই ‘অমৃত’ক ৰক্ষা কৰাটোও আমাৰ বাবে ডাঙৰ দায়িত্বই হয়।

ভাই-ভনীসকল,

আমি নতুন ভাৰতত নতুন দৃষ্টি-ভংগীৰে আগবাঢ়িব লাগিব। এই নতুন দৃষ্টি ভাৰতৰ আত্মবিশ্বাসৰ, আত্মনিৰ্ভৰতাৰ, পুৰাতন পৰিচিতিৰ, ভৱিষ্যতৰ উথ্থানৰ। আৰু ইয়াত কৰ্তব্য-ভাৱনাৰেই গুৰুত্ব সৰ্বাধিক। আমি আজি নিজৰ কৰ্তব্যসমূহক যিমান নিষ্ঠাৰে সম্পাদন কৰিম, আমাৰ প্ৰয়াসত যিমান পৰাকাষ্ঠা হ’ব, দেশৰ ভৱিষ্যতো সিমানেই সমৃদ্ধ হ’ব। সেয়ে,  আজি কৰ্তব্য নিষ্ঠাই আমাৰ ৰাষ্ট্ৰীয় ভাৱনা হোৱা উচিত। কৰ্তব্য পালনেই আমাৰ ৰাষ্ট্ৰীয় প্ৰেৰণা হোৱা উচিত। কৰ্তব্যই ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰ হোৱা উচিত। আৰু এই কৰ্তব্যনো দৰাচলতে কি? আমি বহুত সহজেই নিজৰ ধাৰণাৰে কৰ্তব্য সম্বন্ধে সিদ্ধান্ত ল’ব পাৰো, প্ৰয়াসো কৰিব পাৰো, পৰিণামো লাভ কৰিব পাৰো। যেতিয়া আমি কোনো পথেৰে খোজ আগবঢ়াও, ৰে’ল-বাছৰ আস্থানত, পথ-উপপথত, বজাৰ আদি লেতেৰা নকৰো, স্বচ্ছতাৰ প্ৰতি সততে নজৰ ৰাখো, তাৰমানে আমি নিজৰ কৰ্তব্য পালন কৰো। সময়ত প্ৰতিষেধক গ্ৰহণ কৰা, জল-সংৰক্ষণত অৱদান আগবঢ়োৱা, পৰ্যাৱৰণৰ সুৰক্ষাত সহযোগিতা আগবঢ়োৱা আদিও কৰ্তব্য পালনৰ একো একোটা উদাহৰণ। যেতিয়া আমি ‘ডিজিটেল পে’মেণ্ট’ কৰো, আনকো এনে পদ্ধতি গ্ৰহণৰ বাবে উত্সাহিত কৰো, তেওঁলোকক প্ৰশিক্ষিত কৰো, তেতিয়াও আমি নিজৰ কৰ্তব্যকে পালন কৰো। যেতিয়া আমি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিযানক ত্বৰান্বিত কৰো তেতিয়াও নিজৰ কৰ্তব্যকে পালন কৰো। মোৰ এই কথাৰ বাবেও ভাল লাগে যে আজিয়েই ভাৰতে ৪০০ বিলিয়ন ডলাৰ অৰ্থাত্ ৩০ লাখ কোটি টকাৰ সামগ্ৰী ৰপ্টানী কৰি এক নতুন অভিলেখ স্থাপন কৰিছে। ভাৰতৰ বৰ্দ্ধিত ৰপ্টানীয়ে আমাৰ উদ্যোগসমূহৰ শক্তি, আমাৰ ‘এমএছএমই’সমূহৰ, আমাৰ উত্পাদন সামৰ্থ্য, আমাৰ কৃষি খণ্ডৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে।

বন্ধুসকল,

যেতিয়া প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ কৰ্তব্যক সকলোতকৈ আগত স্থান দিব, সম্পূৰ্ণ নিষ্ঠাৰে সেই কৰ্তব্য সমাপণ কৰিব, তেতিয়া ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো সমস্যাৰে সন্মুখীন হ’ব নালাগিব, আগবাঢ়ি যোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমি যদি আমাৰ আশে-পাশে মন কৰো তেন্তে দেখিম যে লাখ-লাখ যুৱক-যুৱতী, লাখ লাখ মহিলা, আমাৰ শিশু, আমাৰ পৰিয়ালসমূহে এই ভাৱনাৰেই জীৱন পাত কৰি আহিছে। এই ভাৱনাই যেতিয়া প্ৰত্যেক ভাৰতীয়ৰ চৰিত্ৰ হৈ উঠিব, ভাৰতৰ ভৱিষ্যতো সিমানেই উজ্জ্বল হ’বলৈ ধৰিব। মই কবি মুকুন্দ দাস জীৰ শব্দৰ যদি উদ্ধৃতি দিও, তেন্তে- “কী আনন্দোধ্বনি উঠলো বংগোভূমে বংগোভূমে, বংগোভূমে, ভাৰতভূমে জেগেচ্চে আজ ভাৰতবাসী আৰ কী মানা শোনে, লেগেচ্ছে আপোন কাজে, যাৰ যা নীছে মনে” কোটি কোটি ভাৰতীয়ৰ এই ভাৱনা নিৰন্তৰ শক্তিশালী হওক, ক্ৰান্তিবীৰসকলৰ ভাৱনাই আমাক সদায়ে প্ৰেৰণা দি থাকক, এই কামনাৰেই ‘বিপ্লৱী ভাৰত বিথিকা’ৰ বাবে মই পুনৰ বাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। বন্দে মাতৰম্! ধন্যবাদ!  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA