ভাৰতত আয়ুৰ্বেদ কোনো এটা সময় বা অঞ্চলত সীমাবদ্ধ হৈ থকা নাই, যুগ যুগ ধৰি এই প্ৰাচীন চিকিৎসা পদ্ধতিয়ে আমাক জীৱনক বুজা, ভাৰসাম্য অৰ্জন কৰা আৰু প্ৰকৃতিৰ সৈতে সম্প্রীতিৰে জীয়াই থকাৰ পথ দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
আমি নিৰন্তৰভাৱে প্ৰতিৰোধমূলক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো, এই দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় আয়ুস মিছন আৰম্ভ কৰা হৈছিলঃ প্ৰধানমন্ত্ৰী
আমি পৰিবৰ্তিত সময়ৰ সৈতে খাপ খাব লাগিব আৰু আয়ুৰ্বেদত আধুনিক প্ৰযুক্তি তথা কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী



নমস্কাৰম!

​কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, আৰ্য বৈদ্যশালাৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্রমহোদয়সকল।

​আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।

​বন্ধুসকল,

কেৰালাৰ আৰ্য বৈদ্যশালা হৈছে সেই ভাৰতীয় নিৰাময় পৰম্পৰাৰ এক জীৱন্ত প্ৰতীক, যি শতিকাজুৰি মানৱতাৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। ভাৰতত আয়ুৰ্বেদ কোনো এটা সময়কাল বা কোনো এটা অঞ্চলত সীমাবদ্ধ হৈ থকা নাই। প্ৰতিটো যুগত এই প্ৰাচীন চিকিৎসা পদ্ধতিয়ে জীৱনক বুজা, ভাৰসাম্য সৃষ্টি কৰা আৰু প্ৰকৃতিৰ সৈতে সম্প্রীতি স্থাপন কৰাৰ পথ দেখুৱাইছে। আজি আৰ্য বৈদ্যশালাই ৬০০তকৈও অধিক আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰে; দেশৰ বিভিন্ন অঞ্চলৰ প্ৰতিষ্ঠানৰ চিকিৎসালয়সমূহে আয়ুৰ্বেদিক পদ্ধতিৰ জৰিয়তে ৰোগীসকলক চিকিৎসা কৰি আছে, যাৰ ভিতৰত আছে বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ ৰোগী। আৰ্য বৈদ্যশালাই নিজৰ কামৰ জৰিয়তে এই ন্যাস গঢ়ি তুলিছে। যেতিয়া মানুহ অসুবিধাত পৰে, আপোনালোক সকলো তেওঁলোকৰ বাবে এক বহুত ডাঙৰ আশা হৈ পৰে।

​বন্ধুসকল,

​আৰ্য বৈদ্যশালাৰ বাবে সেৱা কেৱল এটা ধাৰণা নহয়; এই অনুভূতি তেওঁলোকৰ কাৰ্য্য, দৃষ্টিভংগী আৰু প্ৰতিষ্ঠানসমূহতো দৃশ্যমান। প্ৰতিষ্ঠানটোৰ দাতব্য চিকিৎসালয়খনে যোৱা ১০০ বছৰ ধৰি নিৰন্তৰভাৱে জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ আছে-১০০ বছৰ কম সময় নহয়-১০০ বছৰ ধৰি। চিকিৎসালয়খনৰ সৈতে জড়িত সকলো লোকৰ অৱদান ইয়াত আছে। মই চিকিৎসালয়খনৰ বৈদ্য, চিকিৎসক, নাৰ্ছিং কৰ্মচাৰী আৰু আন সকলোকে অভিনন্দন জনাইছো। দাতব্য চিকিৎসালয়খনৰ ১২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে আপোনালোক সকলোৱে অভিনন্দনৰ যোগ্য। কেৰালাৰ জনসাধাৰণে যি আয়ুৰ্বেদৰ পৰম্পৰাক বহু শতিকা ধৰি জীয়াই ৰাখিছে, আপোনালোকেও সেই পৰম্পৰাবোৰ সংৰক্ষণ কৰি আছে আৰু সেইবোৰক লালন-পালন কৰি আছে।

​বন্ধুসকল,

​দেশত দীৰ্ঘদিন ধৰি প্ৰাচীন চিকিৎসা প্ৰণালীবোৰ সিলোত দেখা পোৱা গৈছিল। যোৱা ১০-১১ বছৰবোৰত এই পদ্ধতিত এক ডাঙৰ পৰিবৰ্তন ঘটিছে। এতিয়া স্বাস্থ্য সেৱাসমূহক এক সামগ্ৰিক দৃষ্টিকোণৰ পৰা চোৱা হৈছে। আয়ুৰ্বেদ, য়ুনানী, হোমিঅ’পেথী, সিদ্ধ আৰু যোগ-আমি এই সকলোবোৰক এটা ছাতিৰ তললৈ আনিছো আৰু ইয়াৰ বাবে আয়ুস মন্ত্ৰালয় বিশেষভাৱে সৃষ্টি কৰা হৈছে। আমি নিৰন্তৰভাৱে প্ৰতিৰোধমূলক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি আহিছো। এই চিন্তাধাৰাৰে ৰাষ্ট্ৰীয় আয়ুস মিছন আৰম্ভ কৰা হৈছিল, ১২ হাজাৰতকৈও অধিক আয়ুস সুস্থতা কেন্দ্ৰ খোলা হৈছিল; এই কেন্দ্ৰসমূহত যোগ, প্ৰতিৰোধমূলক যত্ন, সামূহিক স্বাস্থ্য সেৱা-এই সকলোবোৰ আগবঢ়োৱা হয়। আমি দেশৰ আন চিকিৎসালয়সমূহকো আয়ুস সেৱাৰ সৈতে সংযোগ কৰিছো আৰু আয়ুস ঔষধৰ নিয়মীয়া যোগানৰ প্ৰতিও গুৰুত্ব দিছো। ইয়াৰ উদ্দেশ্য স্পষ্টঃ ভাৰতৰ পৰম্পৰাগত ঔষধৰ এই জ্ঞানৰ লাভালাভ দেশৰ প্ৰতিটো কোণৰ মানুহৰ ওচৰলৈ লৈ যোৱা।

​বন্ধুসকল,

​আয়ুস খণ্ডত চৰকাৰৰ নীতিৰ স্পষ্ট প্ৰভাৱ দৃশ্যমান হৈছে। আয়ুস উৎপাদন খণ্ড দ্ৰুতগতিত আগবাঢ়ি গৈছে আৰু সম্প্ৰসাৰিত হৈছে। ভাৰতীয় পৰম্পৰাগত সুস্থতাক বিশ্বৰ ওচৰলৈ লৈ যাবলৈ চৰকাৰে আয়ুস ৰপ্তানি প্ৰোৎসাহন পৰিষদ প্ৰতিষ্ঠা কৰিছে। আমাৰ প্ৰচেষ্টা হৈছে যে আয়ুস সামগ্ৰী আৰু সেৱাসমূহক বিশ্বৰ বজাৰত প্ৰচাৰ কৰা। আমি ইয়াৰ এক অতি ইতিবাচক প্ৰভাৱো দেখিবলৈ পাইছো। ২০১৪ চনত ভাৰতৰ পৰা প্ৰায় ৩ হাজাৰ কোটি টকা মূল্যৰ আয়ুস আৰু ভেষজ সামগ্ৰী ৰপ্তানি কৰা হৈছিল। আনহাতে এতিয়া ভাৰতৰ পৰা ৬,৫০০ কোটি টকা মূল্যৰ আয়ুস আৰু ভেষজ সামগ্ৰী ৰপ্তানি কৰা আৰম্ভ হৈছে। ইয়াৰ দ্বাৰা দেশৰ কৃষকসকলেও যথেষ্ট লাভৱান হৈছে।

​বন্ধুসকল,

​ভাৰত আজি আয়ুস-আধাৰিত চিকিৎসা ভ্ৰমণৰ বাবেও এক নিৰ্ভৰযোগ্য গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। সেয়েহে আমি আয়ুস ভিছাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছো। ইয়াৰ জৰিয়তে বিদেশৰ পৰা অহা লোকসকলে আয়ুস চিকিৎসাৰ বাবে উন্নত সুবিধা লাভ কৰিছে।

​বন্ধুসকল,

​আয়ুৰ্বেদৰ দৰে প্ৰাচীন চিকিৎসা প্ৰণালীৰ প্ৰচাৰৰ বাবে চৰকাৰে ইয়াক প্ৰতিখন বৃহৎ মঞ্চ গৌৰৱেৰে আগবঢ়াই আহিছে। ব্ৰিকছ দেশসমূহৰ সন্মিলনেই হওক বা জি-২০ দেশসমূহৰ বৈঠক, য’তেই সুযোগ আছিল, মই আয়ুৰ্বেদক সামগ্ৰিক স্বাস্থ্যৰ মাধ্যম হিচাপে উপস্থাপন কৰিছিলো। গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্ব পৰম্পৰাগত চিকিৎসা কেন্দ্ৰও স্থাপন কৰা হৈছে। জামনগৰত আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ কাম আৰম্ভ হৈছে। আয়ুৰ্বেদিক ঔষধৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ গংগা নদীৰ পাৰত ঔষধি কৃষিকো প্ৰচাৰ কৰা হৈছে।

​বন্ধুসকল,

​আজি মই আপোনালোক সকলোৰে সৈতে দেশৰ আৰু এটা সাফল্য ভাগ-বাটোৱাৰা কৰিব বিচাৰো। আপোনালোক সকলোৱে জানে যে এইমাত্ৰ ইউৰোপিয়ান ইউনিয়নৰ সৈতে এক বাণিজ্য চুক্তি ঘোষণা কৰা হৈছে। মই আপোনালোকক ক’বলৈ পাই সুখী যে এই বাণিজ্যিক চুক্তিয়ে ভাৰতীয় পৰম্পৰাগত চিকিৎসা সেৱা আৰু অনুশীলনকাৰীসকলক এক বৃহৎ উৎসাহ যোগাব। ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহত য’ত নিয়মাৱলী নাই, আমাৰ আয়ুস অনুশীলনকাৰীসকলে ভাৰতত প্ৰাপ্ত তেওঁলোকৰ পেছাদাৰী অৰ্হতাৰ ওপৰত ভিত্তি কৰি সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব। আয়ুৰ্বেদ আৰু যোগৰ সৈতে জড়িত আমাৰ যুৱক-যুৱতীসকলৰ বাবে ই অতি উপকাৰী হ’ব। এই চুক্তিয়ে ইউৰোপত আয়ুস সুস্থতা কেন্দ্ৰ স্থাপনতো সহায় কৰিব। এই চুক্তিৰ বাবে আয়ুৰ্বেদ-আয়ুসৰ সৈতে জড়িত আপোনালোক সকলোকে মই অভিনন্দন জনাইছো।

​বন্ধুসকল,

আয়ুৰ্বেদৰ জৰিয়তে ভাৰতত বহু শতিকা ধৰি চিকিৎসাৰ কাম চলি আহিছে। কিন্তু এইটোও এটা দুৰ্ভাগ্য যে আমি দেশৰ আৰু বেছিভাগ বিদেশৰ লোকসকলক আয়ুৰ্বেদৰ গুৰুত্ব ব্যাখ্যা কৰিব লাগিব। ইয়াৰ এটা ডাঙৰ কাৰণ হ’ল প্ৰমাণভিত্তিক গৱেষণাৰ অভাৱ, গৱেষণাপত্ৰৰ অভাৱ। যেতিয়া আয়ুৰ্বেদিক পদ্ধতিটো বিজ্ঞানৰ নীতিৰ ওপৰত পৰীক্ষা কৰা হয়, তেতিয়া মানুহৰ বিশ্বাস আৰু অধিক শক্তিশালী হয়। সেয়েহে মই সুখী যে আর্য বৈদ্যশালাই বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আয়ুৰ্বেদক নিৰন্তৰভাৱে পৰীক্ষা কৰি আহিছে। চি এছ আই আৰ আৰু আই আই টিৰ দৰে প্ৰতিষ্ঠানৰ সৈতে ই একেলগে কাম কৰি আছে। আপোনালোকৰ গুৰুত্ব ঔষধ গৱেষণা, ক্লিনিকেল গৱেষণা আৰু কৰ্কট ৰোগৰ যত্নৰ ওপৰতো আছে। আয়ুস মন্ত্ৰালয়ৰ সহযোগিতাত কৰ্কট গৱেষণাৰ বাবে এক উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাটো এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

​বন্ধুসকল,

​এতিয়া আমি পৰিবৰ্তিত সময় অনুসৰি আয়ুৰ্বেদত আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰো বৃদ্ধি কৰা উচিত। ৰোগৰ সম্ভাৱনাবোৰ বিচাৰি উলিয়াবলৈ আৰু বিভিন্ন পদ্ধতিৰ জৰিয়তে চিকিৎসাৰ বাবে বহুতো উদ্ভাৱনীমূলক কাম কৰিব পাৰি।

​বন্ধুসকল,

​আৰ্য বৈদ্যশালাই দেখুৱাইছে যে পৰম্পৰা আৰু আধুনিকতা একেলগে চলিব পাৰে আৰু স্বাস্থ্য সেৱা মানুহৰ জীৱনত বিশ্বাসৰ আধাৰ হ’ব পাৰে। আয়ুৰ্বেদৰ পুৰণি বোধগম্যতা ৰক্ষা কৰাৰ লগতে এই প্ৰতিষ্ঠানে আধুনিক প্ৰয়োজনীয়তাসমূহ গ্ৰহণ কৰিছে। চিকিৎসা ব্যৱস্থা সংগঠিত কৰা হৈছে আৰু ৰোগীসকলক সেৱা প্ৰদান কৰা হৈছে। এই অনুপ্ৰেৰণামূলক যাত্ৰাৰ বাবে মই পুনৰ আর্য বৈদ্যশালাক অভিনন্দন জনাইছো। মই আশা কৰো এই প্ৰতিষ্ঠানে আগন্তুক বছৰবোৰতো এই একে উৎসৰ্গা আৰু সেৱাৰ মনোভাৱেৰে মানুহৰ জীৱন উন্নত কৰি থাকিব। বহুত বহুত ধন্যবাদ।

​নমস্কাৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force

Media Coverage

Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”