আমাৰ মন্দিৰ, আমাৰ মঠ, আমাৰ পৱিত্ৰ স্থানসমূহ এফালে পূজা আৰু সম্পদৰ কেন্দ্ৰ হৈ আহিছে আৰু আনফালে বিজ্ঞান আৰু সামাজিক চেতনাৰ কেন্দ্ৰও হৈ আহিছে: প্ৰধানমন্ত্ৰী
আমাৰ ঋষিসকলেই আমাক আয়ুৰ্বেদৰ বিজ্ঞান দিলে, আমাৰ ঋষিসকলেই আমাক যোগৰ সেই বিজ্ঞান দিলে, যাৰ পতাকা আজি সমগ্ৰ বিশ্বতে উৰি আছে: প্ৰধানমন্ত্ৰী
দেশে যেতিয়া মোক সেৱা কৰাৰ সুযোগ দিলে, তেতিয়া মই ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰটোক চৰকাৰৰ সংকল্প কৰিলোঁ আৰু ‘সবকা সাথ, সবকা বিকাশ’ৰ এই সংকল্পৰো এটা ডাঙৰ ভিত্তি আছে - সকলোৰে চিকিৎসা, সকলোকে আৰোগ্য: প্ৰধানমন্ত্ৰী

ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।

বহু দিনৰ পিছত দ্বিতীয়বাৰৰ বাবে মই বীৰসকলৰ ভূমি বুন্দেলখণ্ডলৈ অহাৰ এই সৌভাগ্য লাভ কৰিছোঁ। আৰু এইবাৰটো বালাজীৰ পৰা আহ্বান লাভ কৰিছিলোঁ। এয়া হনুমান জীৰ কৃপা যে আস্থাৰ এই কেন্দ্ৰটো এতিয়া স্বাস্থ্যৰ কেন্দ্ৰ হ'বলৈ আগবাঢ়িছে। মই এইমাত্ৰ ‘শ্ৰী বাগেশ্বৰ ধাম চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান’ৰ বাবে ‘ভূমি-পূজন’ অনুষ্ঠান সম্পাদন কৰিলোঁ। এই প্ৰতিষ্ঠানটো ১০ একৰ ভূমিত নিৰ্মাণ কৰা হ'ব। প্ৰথম পৰ্যায়ত ইয়াত ১০০ খন বিচনাৰ সুবিধা থাকিব। এই পৱিত্ৰ কামটোৰ বাবে মই শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীজীক অভিনন্দন জনাইছোঁ আৰু বুন্দেলখণ্ডৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছোঁ।


বন্ধুসকল,


আজিকালি আমি দেখিছোঁ যে নেতাসকলৰ এটা শ্ৰেণী আছে যিসকলে ধৰ্মক উপলুঙা কৰে, উপহাস কৰে, আৰু মানুহক বিভাজন কৰাত নিয়োজিত হৈ থাকে, সততে বিদেশী শক্তিয়েও দেশ আৰু ধৰ্মক দুৰ্বল কৰাৰ প্ৰচেষ্টাত এই ব্যক্তিসকলক সহযোগিতা আগবঢ়োৱা দেখা যায়। হিন্দু আস্থাক ঘৃণা কৰা এই লোকসকলে বহু শতাব্দী ধৰি কিবা নহয় কিবা ছদ্মবেশৰে আমাৰ মাজতে বাস কৰি আহিছে। দাসত্বৰ মানসিকতাত আৱদ্ধ লোকসকলে আমাৰ মত, মান্যতা আৰু মন্দিৰৰ লগতে আমাৰ সন্ত, সংস্কৃতি আৰু সিদ্ধান্তসমূহক আক্ৰমণ কৰি আহিছে। এই লোকসকলে আমাৰ উৎসৱ, পৰম্পৰা আৰু প্ৰথাসমূহক অপমান কৰে। যিটো ধৰ্ম স্বাভাৱিকভাৱেই প্ৰগতিশীল তাৰ ওপৰতে এওঁলোকে বোকা ছটিয়াবলৈ সাহস কৰে। তেওঁলোকৰ কাৰ্যসূচী হৈছে আমাৰ সমাজক বিভক্ত কৰা আৰু ইয়াৰ একতা ভংগ কৰা। এই পৰিৱেশত মোৰ সৰু ভাতৃ ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে দীৰ্ঘদিন ধৰি দেশত ঐক্যৰ মন্ত্ৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি আহিছে। এতিয়া তেওঁ সমাজ আৰু মানৱতাৰ হিতৰ বাবে আন এক সংকল্প গ্ৰহণ কৰিছে, তেওঁ এই কৰ্কট প্ৰতিষ্ঠানটো স্থাপন কৰাৰ সংকল্প লৈছে, যাৰ অৰ্থ হৈছে যে এতিয়া ভজন, ভোজন আৰু স্বাস্থ্যকৰ জীৱনৰ বাবে আশীৰ্বাদ ইয়াত, অৰ্থাত্ ‘বাগেশ্বৰ ধাম’ত উপলব্ধ হ'ব।

 

বন্ধুসকল,

আমাৰ মন্দিৰ, আমাৰ মঠ, আমাৰ পবিত্ৰ স্থানসমূহ এফালে উপাসনা আৰু আধ্যাত্মিক অনুশীলনৰ কেন্দ্ৰ হৈ আহিছে, আৰু আনফালে, সেইবোৰ বিজ্ঞান আৰু সামাজিক চিন্তা আৰু সামাজিক চেতনাৰ কেন্দ্ৰ হৈও আহিছে। আমাৰ ঋষিসকলেহে আমাক ‘আয়ুৰ্বেদ’ৰ বিজ্ঞান প্ৰদান কৰিছিল, আমাৰ ঋষিসকলেহে আমাক ‘যোগবিজ্ঞান’ প্ৰদান কৰিছিল, যিটো এতিয়া সমগ্ৰ বিশ্বতে উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ বিশ্বাস যে আনৰ কল্যাণতকৈ ডাঙৰ ধৰ্ম আৰু একো নাই। অৰ্থাৎ আনক সেৱা কৰা আৰু তেওঁলোকৰ দুখ-কষ্ট দূৰ কৰাটো হৈছে ধৰ্ম্মৰ মূল কথা। সেয়েহে, নৰত নাৰায়ণক, জীৱত শিৱক দেখা আৰু এই ভাবেৰেই জীৱ মাত্ৰৰ প্ৰতিয়েই সেৱা আগবঢ়োৱাটো হৈছে আমাৰ পৰম্পৰা। আজিকালি, আমি দেখিছোঁ যে ‘মহাকুম্ভ’ৰ বিষয়ে যথেষ্ট আলোচনা হৈছে, ‘মহাকুম্ভ’ এতিয়া ইয়াৰ সমাপ্তিৰ কাষ চাপিছে, কোটি কোটি লোক ইতিমধ্যে তাত উপস্থিত হৈছে, আৰু কোটি কোটি লোকে আস্থাত নিজকে নিমজ্জিত কৰিছে আৰু সাধুসকলৰ দৰ্শন লাভ কৰিছে। যদি এই ‘কুম্ভ’লৈ চোৱা যায় এক সহজভাৱৰ উদ্ভৱ হয়; এয়া হৈছে ‘একতাৰ কুম্ভ’। ১৪৪ বছৰৰ পিছত সংঘটিত হোৱা এই ‘কুম্ভ’ই আগন্তুক শতিকা ধৰি ‘একতাৰ কুম্ভ’ হিচাপে অনুপ্ৰাণিত কৰি থাকিব আৰু দেশৰ ঐক্য শক্তিশালী কৰাৰ অমৃত বৰষি থাকিব। ৰাইজ নিস্বাৰ্থ সেৱা ভাৱেৰে নিয়োজিত হৈছে; ‘কুম্ভ’ত উপস্থিত থকা সকলোৱে নিশ্চিতভাৱে একতাৰ মনোভাৱ প্ৰত্যক্ষ কৰিছে, কিন্তু মই লগ পোৱা সকলোৰে পৰা হিন্দুস্তানৰ প্ৰতিটো কোণত ‘কুম্ভ’ত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিৰ মুখৰ পৰা দুটা কথা শুনিবলৈ পাইছোঁ। এক – তেওঁলোকে স্বচ্ছতা কৰ্মীসকলক আন্তৰিকতাৰে প্ৰশংসা কৰিছে। সেৱাৰ মনোভাৱেৰে তেওঁলোকে এই ‘কুম্ভ’ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম-কাজ চম্ভালি আছে, আৰু আজি মই সেই সকলো স্বচ্ছতাৰ সঙ্গীক সন্মান সহকাৰে অভিবাদন জনাইছোঁ। আন এটা বিশেষত্ব হ'ল যে আমাৰ দেশত এইটো খুব কম শুনা যায়, আৰু এইবাৰ মই দেখিছোঁ যে ঐক্যৰ এই বিশাল ‘কুম্ভ’ৰ পৰা অহা প্ৰতিগৰাকী ভ্ৰমণকাৰীয়ে কৈছে যে এইবাৰ আৰক্ষীকৰ্মীসকলে একোগৰাকী সাধকৰ দৰে, একোগৰাকী সেৱাবৰ্তীৰ দৰে সম্পূৰ্ণ নম্ৰতাৰে দেশৰ কোটি কোটি লোকক চম্ভালিছে। ঐক্যৰ এই ‘মহাকুম্ভ’ত জনসাধাৰণৰ হৃদয় জয় কৰা সেই আৰক্ষী কৰ্মীসকলো অভিনন্দনৰ যোগ্য।

কিন্তু ভাই-ভনীসকল,

প্ৰয়াগৰাজৰ এই ‘মহাকুম্ভ’ত বহুতো বৈচিত্ৰ্যপূৰ্ণ সমাজসেৱা প্ৰকল্পও একে ধৰণৰ সেৱাৰ মনোভাৱৰে চলোৱা হৈছে। এনেবোৰ বিষয়লৈ সংবাদ মাধ্যমৰ মনোযোগ যোৱাটো অতিকে কঠিন, আৰু এই বিষয়ে বেছিকৈ আলোচনাও হোৱা নাই। যদি মই এই সকলোবোৰ সেৱা প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ তেন্তে মোৰ পৰৱৰ্তী কাৰ্যসূচী হয়তো বিঘ্নিত হ'ব। কিন্তু মই এটা কথা উল্লেখ কৰিব বিচাৰো, একতাৰ এই ‘মহাকুম্ভ’ত এক বিশাল চকু চিকিত্সা কুম্ভও অনুষ্ঠিত হৈছে। এই চকু চিকিত্সা কুম্ভত দেশৰ প্ৰতিটো কোণৰ পৰা অহা ভ্ৰমণকাৰী, দৰিদ্ৰ পৰিয়ালৰ লোকসকলে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাই আছে। চকুৰ চিকিৎসক, সমগ্ৰ দেশৰ সন্মানীয় চিকিৎসকসকলে তাত দুমাহ ধৰি সেৱা আগবঢ়াইছে, আৰু এতিয়ালৈকে দুই লাখতকৈয়ো অধিক মোৰ ভাই-ভনীয়ে এই চকু চিকিত্সা শিবিৰত চকু পৰীক্ষা কৰিছে। প্ৰায় ডেৰ লাখ লোকক বিনামূলীয়া ঔষধ আৰু চশমা দিয়া হৈছে, আৰু কিছু সংখ্যক লোকক ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা দেখা গৈছে, সেয়েহে এই চকু চিকিত্সা শিবিৰৰ পৰা চিত্ৰকূট আৰু ওচৰ-পাজৰৰ ঠাইবোৰত থকা চিকিত্সালয়সমূহত, য'ত চকুৰ যত্নৰ ভাল সুবিধা উপলব্ধ, প্ৰায় ১৬,০০০ গৰাকী ছানি পৰা ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হৈছে।

 

ভাই-ভনীসকল,

এই সকলোবোৰ কোনে কৰি আছে? আমাৰ সাধুসকলৰ নিৰ্দেশনাত হাজাৰ হাজাৰ চিকিৎসক আৰু হাজাৰ হাজাৰ স্বেচ্ছাসেৱক স্বতঃস্ফূৰ্তভাৱে আৰু সমৰ্পিতভাৱে এই সেৱাত নিয়োজিত হৈ আছে। যিসকলে ঐক্যৰ এই মহান সঙ্গমলৈ গৈ আছে তেওঁলোকে এই প্ৰচেষ্টাবোৰক প্ৰশংসা কৰিছে।

ভাই-ভনীসকল,

একেদৰেই ভাৰতৰ বহুতো ডাঙৰ চিকিৎসালয় আমাৰ ধৰ্মীয় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হৈ আহিছে। স্বাস্থ্য আৰু বিজ্ঞান সম্পৰ্কীয় বহুতো গৱেষণা প্ৰতিষ্ঠান ধৰ্মীয় ন্যাসৰ দ্বাৰা পৰিচালিত হৈ আছে। লাখ লাখ দৰিদ্ৰ লোকে এই প্ৰতিষ্ঠানসমূহত চিকিৎসা আৰু সেৱা লাভ কৰে। মোৰ ভগ্নী মা ইয়াত বহি আছে। যিদৰে তেওঁ নিস্বাৰ্থভাৱে অনাথ ছোৱালীবোৰলৈ সেৱা আগবঢ়ায়, তেওঁ কন্যাসকলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।

বন্ধুসকল,

এই ওচৰতে আমাৰ বুন্দেলখণ্ডৰ চিত্ৰকূট ‘ভগৱান’ ৰামৰ সৈতে সম্পৰ্কিত এক পৱিত্ৰ তীৰ্থ হৈছে বিশেষভাৱে সক্ষম আৰু ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। মই আনন্দিত যে ‘বাগেশ্বৰ ধাম’ৰ ৰূপত এই গৌৰৱময় পৰম্পৰাত এটা নতুন অধ্যায় সংযুক্ত হ'বলৈ ওলাইছে। এতিয়া, ‘বাগেশ্বৰ ধাম’ত স্বাস্থ্যৰ বাবে আশীৰ্বাদো উপলব্ধ হ'ব। মোক জনোৱা হৈছে যে আজিৰ পৰা দুদিনৰ পিছত ‘মহাশিৱৰাত্ৰি’ৰ দিনা ইয়াত ২৫১ গৰাকী কন্যাৰ বাবে এক গণ বিবাহ উৎসৱৰো আয়োজন কৰা হ'ব। এই মহৎ কামৰ বাবে মই ‘বাগেশ্বৰ ধাম’ক প্ৰশংসা কৰিছোঁ। মই সকলো নৱ বিবাহিত দম্পতী আৰু মোৰ ছোৱালীহঁতক এক সুন্দৰ আৰু সুখী জীৱনৰ বাবে আন্তৰিক অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ।

বন্ধুসকল,

আমাৰ শাস্ত্ৰসমূহে কয়- ‘শৰীৰ-মাধ্য খলু ধৰ্ম-সাধনম্’। অৰ্থাৎ আমাৰ শৰীৰ, আমাৰ স্বাস্থ্য হৈছে আমাৰ ধৰ্ম, আমাৰ সুখ আৰু আমাৰ সফলতাৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম। সেয়েহে, যেতিয়া দেশখনে মোক সেৱা কৰাৰ সুযোগ দিছিল, মই 'সবকা সাথ, সবকা বিকাশ'ৰ মন্ত্ৰটো চৰকাৰৰ সংকল্প হিচাপে গ্ৰহণ কৰিলোঁ। আৰু, 'সবকা সাথ, সবকা বিকাশ'ৰ এই সংকল্পৰ এক গুৰুত্বপূৰ্ণ ভেটি আছে - সকলোৰে বাবে চিকিৎসা, সকলোৰে বাবে স্বাস্থ্য! এই দৃষ্টিভংগী পূৰণ কৰিবলৈ, আমি বিভিন্ন স্তৰত গুৰুত্ব দি আছো। ৰোগ প্ৰতিৰোধত আমি গুৰুত্ব দিছোঁ। মোক কওঁকচোন, ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত প্ৰতিখন গাঁৱত শৌচালয় নিৰ্মাণ কৰা হৈছে নে নাই? এইটোৱে আপোনালোকক সহায় কৰিছে নে নাই? আপোনালোকে জানে যে শৌচালয় নিৰ্মাণে আন এক লাভো সম্ভৱ কৰিছে। শৌচালয় নিৰ্মাণ কৰাৰ ফলত অপৰিচ্ছন্নতাৰ বাবে হোৱা ৰোগৰ পয়োভৰো হ্ৰাস পাইছে। এক অধ্যয়নত কোৱা হৈছে যে শৌচালয় থকা পৰিয়ালবোৰত ৰোগৰ বাবে হ’বলগীয়া বহু হাজাৰ টকা ৰাহি হ’বলৈ ধৰিছে। বন্ধুসকল, ২০১৪ চনত আমাৰ চৰকাৰ শাসনলৈ অহাৰ আগতে, পৰিস্থিতি এনেকুৱা আছিল যে দেশৰ দৰিদ্ৰ লোকসকলে ৰোগতকৈ চিকিৎসাৰ ব্যয়ক বেছি ভয় কৰিছিল। যদি পৰিয়ালৰ এগৰাকী ব্যক্তি গুৰুতৰভাৱে অসুস্থ হৈ পৰে, গোটেই পৰিয়ালটোৱেই সংকটত পৰিবলগীয়া হয়। ময়ো আপোনালোকৰ দৰে এটা দৰিদ্ৰ পৰিয়ালৰ পৰাই আহিছোঁ। মই এই কষ্টবোৰ দেখিছোঁ। আৰু সেয়েহে মই সংকল্প গ্ৰহণ কৰিছো - মই চিকিৎসাৰ ব্যয় হ্ৰাস কৰিম আৰু আপোনালোকৰ জেপৰ ধন যতদূৰ সম্ভৱ ৰাহি কৰিম। মই আপোনালোকক আমাৰ চৰকাৰৰ কিছুমান কল্যাণমূলক আঁচনিৰ বিষয়ে বাৰে বাৰে অৱগত কৰি আহিছোঁ যাতে এজনো দৰিদ্র ব্যক্তি আঁচনিৰ পৰা বাদ পৰিবলগীয়া নহয়। সেয়েহে, মই আজি ইয়াত কেবাটাও গুৰুত্বপূৰ্ণ কথাৰ পুনৰাবৃত্তি কৰিছো আৰু মই আশা কৰো যে আপোনালোকে সেইবোৰ মনত ৰাখিব আৰু আপোনালোকৰ পৰিচিত সকলকো অৱগত কৰিব। আপোনালোকে তেওঁলোকক জনাব, ঠিক আছেনে? জনাব নহয়, নিশ্চয়কৈ জনাবনে, এয়াও হৈছে এক সেৱা। চিকিৎসাৰ ব্যয় কমিব লাগে নে নাই? সেইকাৰণে মই প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিৰ বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। কোনো ব্যয় নোহোৱাকৈ ৫ লাখ টকালৈকে চিকিৎসা! কোনো পুত্ৰই তেওঁৰ পিতৃ-মাতৃৰ চিকিৎসাৰ বাবে ৫,০০,০০০টকা খৰচ কৰিব নালাগে। দিল্লীত থকা এইজন পুত্ৰই সেই কামটো কৰিব। কিন্তু ইয়াৰ বাবে আপোনালোকে ‘আয়ুষ্মান কাৰ্ড’ এখন তৈয়াৰ কৰিব লাগিব। মই আশা কৰোঁ ইয়াত এনে বহুলোক থাকিব যিয়ে নিশ্চয় তেওঁলোকৰ ‘আয়ুষ্মান কাৰ্ড’ তৈয়াৰ কৰিছে, আৰু যিসকলে নাই কৰা তেওঁলোকেও যিমান সম্ভৱ সোনকালে এই কামটো সম্পন্ন কৰিব, আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কামটো ত্বৰান্বিত কৰিবলৈও ক’ম, এই অঞ্চলত যদি কোনোবা বাদ পৰি গৈছে তেন্তে অনতি বিলম্বে এই কাম আগবঢ়োৱাৰ দিহা কৰিব।

 

বন্ধুসকল,

আপোনালোকে আৰু এটা কথা মনত ৰাখিব লাগিব। এতিয়া, দুখীয়া, ধনী বা মধ্যবিত্ত শ্ৰেণীৰ যিকোনো পৰিয়ালৰ ৭০ বছৰৰ অধিক বয়সৰ সকলো বৃদ্ধ লোকৰ বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা হৈছে। এই ‘কাৰ্ড’বোৰ অনলাইনতেই প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে কাকো কোনো ধন পৰিশোধ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি কোনোবাই টকা বিচাৰে, মোলৈ পোনপটীয়াকৈ এখন চিঠি লিখিব, বাকী কাম মই কৰি ল’ম। যদি কোনোবাই টকা বিচাৰে তেন্তে আপোনালোকে কি কৰিব? আপনালোকে লিখিব। মই সকলো সাধু-সন্তকো কওঁ যে আপোনালোকেও ‘আয়ুষ্মান কাৰ্ড’ এখনৰ ব্যৱস্থা কৰা উচিত, যাতে আপোনালোকৰ অসুস্থতাৰ সময়ত মই সেৱা কৰাৰ সুযোগ পাব পাৰোঁ। আপোনালোকতো অসুস্থ হোৱাৰ সম্ভাৱনা নাই, তথাপি যদি এনে কেতিয়াবা হয়ো, তেন্তে।

ভাই-ভনীসকল,

বহুসময়ত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নহয়। চিকিৎসকে দিয়া ঔষধ ঘৰতে গ্ৰহণ কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত মই ঔষধৰ দোকানত সুলভ মূল্যত ঔষধৰ ব্যৱস্থাও কৰিছোঁ। এই খৰছ কম কৰিবলৈ দেশত ১৪,০০০ ৰো অধিক ‘জন ঔষধী কেন্দ্ৰ’ খোলা হৈছে, আৰু এই কেন্দ্ৰবোৰে মাত্ৰ ১৫-২০ বা ২৫ টকাতে বজাৰত ১০০টকা ব্যয় হোৱা ঔষধ প্ৰদান কৰে। গতিকে, আপোনালোকৰ ধন ৰাহি হ'ব নে নাই? আপোনালোকে ‘জন ঔষধী কেন্দ্ৰ’সমূহৰ পৰা ঔষধ কিনা উচিত হয় নে নহয়? মই আন এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আজিকালি গাঁওবোৰত বৃক্কৰ ৰোগ বিয়পি পৰাৰ খবৰ সঘনাই পোৱা যায়। যেতিয়া বৃক্কৰ ৰোগ বৃদ্ধি হয়, ‘ডায়েলাইচিছ’ নিৰন্তৰ আৰু নিয়মীয়াকৈ কৰিবলগীয়া হয়, যাৰ বাবে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হয় আৰু খৰছো যথেষ্ট হয়। আপোনালোকৰ সমস্যাবোৰ দূৰ কৰিবলৈ আমি সমগ্ৰ দেশৰ ৭০০ খনতকৈয়ো অধিক জিলাত পোন্ধৰশৰো অধিক ‘ডায়েলাইচিছ কেন্দ্ৰ’ খুলিছোঁ। ইয়াত বিনামূলীয়াকৈ ‘ডায়েলাইচিছ’ সেৱা উপলব্ধ হয়। আপোনালোক এই সকলোবোৰ চৰকাৰী আঁচনিৰ বিষয়ে অৱগত হোৱা উচিত আৰু আপোনালোকে আপোনালোকৰ পৰিচিত সকলোকে এই কথা অৱগত কৰা উচিত। গতিকে, আপোনালোকে মোৰ বাবে এইকণ কাম কৰিব নে বাৰু? অনুগ্ৰহ কৰি আপোনালোকৰ হাতবোৰ দাঙি কৰিবনে নাই কওকচোন? আপোনালোকৰ পূণ্য হ’ব; এয়া হৈছে মানৱতাৰ বাবে এক সেৱা।

 
বন্ধুসকল,


কৰ্কট ৰোগীসকলৰ বাবে এখন ডাঙৰ চিকিৎসালয় ‘বাগেশ্বৰ ধাম’ত খুলিবলৈ ওলাইছে। যিহেতু কৰ্কট ৰোগ সকলো ঠাইতে এক ডাঙৰ সমস্যা হৈ উঠিছে, আজি চৰকাৰ, সমাজ আৰু সাধু সকলোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত একেলগে কাম কৰি আছে।

 

ভাই-ভনীসকল,

গাঁৱত যদি কাৰোবাৰ কৰ্কট ৰোগ হয় তেন্তে তাৰ বিৰুদ্ধে যুঁজ দিয়াটো কিমান কঠিন হৈ পৰে সেই কথা মই জানো। প্ৰথমতেতো ই প্ৰায়ে দীঘলীয়া সময়ৰ বাবে অজ্ঞাত হৈ থাকে। মানুহে সাধাৰণতে জ্বৰ আৰু বিষৰ বাবে ঘৰুৱা প্ৰতিকাৰ লয়, আৰু কিছুমানে আনকি পূজা-পাতল আৰু ৰীতি-নীতিৰো আশ্ৰয় লয়, বা তান্ত্ৰিকৰ কবলত পৰে, যেতিয়া বিষটো অসহনীয় হৈ উঠে বা পিণ্ড ওলাবলৈ ধৰে  তেতিয়াহে গম পোৱা যায় যে কৰ্কট ৰোগ হৈছে। আৰু কৰ্কট ৰোগৰ নাম শুনাৰ লগে লগে গোটেই পৰিয়ালটোকে এক বিষাদৰ পৰিৱেশে আচ্চন্ন কৰি পেলায়, সকলো আতংকিত হয়, সকলো সপোন ভাঙি যায়, আৰু চিকিৎসাৰ বাবে ক'লৈ যাব লাগে তাৰো উৱা-দিহ নোপোৱা হয়। বেছিভাগ মানুহে কেৱল দিল্লী আৰু মুম্বাইৰ বিষয়েহে জানে। সেয়েহে, আমাৰ চৰকাৰে এই সকলো সমস্যাৰ সমাধানৰ বাবে কাম কৰি আছে। এই বছৰৰ বাজেটতো কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ কেবাটাও ঘোষণা কৰা হৈছে, আৰু মোদীয়ে সিদ্ধান্ত লৈছে যে কৰ্কট ৰোগৰ ঔষধ সস্তা কৰা হ'ব। পৰৱৰ্তী ৩ বছৰত দেশৰ প্ৰতিখন জিলাত ‘কৰ্কট ডে’ কেয়াৰ চেণ্টাৰ’ খোলা হ'ব। ‘ডে’ কেয়াৰ চেণ্টাৰ’সমূহত ৰোগ-পৰীক্ষণৰ ব্যৱস্থাৰ লগতে আৰাম কৰাৰ সুবিধাও থাকিব। আপোনালোকৰ ওচৰে-পাজৰে থকা জিলা চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰসমূহতো কৰ্কট ৰোগৰ ক্লিনিক খোলা হৈছে।

কিন্তু ভাই-ভনীসকল, আপোনালোকে ভালেই পাওঁক বা নাপাওঁক, এইক্ষেত্ৰত কিবা নহয় কিবা কৰিবই লাগিব, মনত ৰাখিব আৰু ইয়াক জীৱনত প্ৰয়োগ কৰিব, কৰ্কট ৰোগৰ পৰা ৰক্ষা পাবলৈ আপোনালোকো সতৰ্ক আৰু সচেতন হ'ব লাগিব। প্ৰথম সাৱধানতা হ'ল সময়মতে কৰ্কট ৰোগৰ পৰীক্ষা কৰা, কিয়নো এবাৰ কৰ্কট ৰোগ বিয়পি পৰিলে পৰাজিত কৰাটো সিমানেই কঠিন হৈ পৰে। সেয়েহে, আমি ৩০ বছৰতকৈ অধিক বয়সৰ সকলো ব্যক্তিক পৰীক্ষা কৰাৰ বাবে এটা অভিযান চলাই আছোঁ। সকলোৱে এই অভিযানৰ সুবিধা লোৱা উচিত আৰু ইয়াত অংশগ্ৰহণ কৰা উচিত। কোনো অৱহেলা নকৰিব। যদি কৰ্কট ৰোগৰ সামান্য সন্দেহো থাকে তাৎক্ষণিক পৰীক্ষা কৰা প্ৰয়োজন। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল কৰ্কট ৰোগৰ বিষয়ে সঠিক তথ্য গুৰুত্বপূৰ্ণ। কৰ্কট ৰোগ স্পৰ্শৰ দ্বাৰা সংক্ৰমিত নহয়; ই এক সংক্ৰামক ৰোগ নহয়, ই স্পৰ্শৰ জৰিয়তে নিবিয়পে। বিড়ি, চিগাৰেট, গুটখা, ধঁপাত আৰু মচলাৰ পৰা কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়, আৰু আইসকল আৰু ভগ্নীসকলে মোৰ কথা শুনি ভাল পাইছে চাগৈ নহয় নে। সেয়েহে, আপোনালোক কৰ্কট ৰোগ বিয়পোৱা এই সকলোবোৰ নিচাৰ পৰা আঁতৰি থাকিব লাগিব, আৰু আনকো সেইবোৰৰ পৰা আঁতৰাই ৰাখিব লাগিব। আপোনালোকে আপোনালোকৰ শৰীৰ আৰু স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আৰু মই আশা কৰিম যে যদি আমি সতৰ্ক হৈ থাকিম, আমি ‘বাগেশ্বৰ ধাম’ৰ কৰ্কট ৰোগ চিকিৎসালয়ৰ ওপৰত বোজা নহ'ম। ইয়ালৈ অহাৰ প্ৰয়োজন নাথাকিব, তেন্তে সাৱধানতা অৱলম্বন কৰিবনে? আপোনালোক অসাৱধান নহ'ব নহয় নে বাৰু?

বন্ধুসকল,

মোদীয়ে আপোনালোকৰ সেৱা কৰিবলৈ আপোনালোকৰ সেৱক হিচাপে কাম কৰি আছে। শেষবাৰৰ বাবে যেতিয়া মই ছত্ৰপুৰলৈ আহিছিলো, মই হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিছিলো আৰু আধাৰশিলা স্থাপন কৰিছিলো, আৰু মুখ্যমন্ত্ৰীয়েও এই কথা বৰ্ণনা কৰিছে। আপোনালোকৰ মনত থাকিব পাৰে, সেইবোৰৰ ভিতৰত আছিল ৪৫,০০০ কোটি টকাক ‘কেন-বেটৱা সংযোগ প্ৰকল্প’। এই প্ৰকল্পটো কেবা দশক ধৰি ওলমি আছিল, বহু চৰকাৰ আহিছিল আৰু গৈছিল, আৰু প্ৰতিটো দলৰ নেতাই বুন্দেলখণ্ড ভ্ৰমণো কৰিছিল। পিচে, ইয়াত পানীৰ সংকট বাঢ়িহে গৈছিল। আপোনালোকে মোক কওঁকচোন, পূৰ্বৰ কোনোবা চৰকাৰে বাৰু তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল নে? এই কামটো তেতিয়াহে আৰম্ভ হৈছিল যেতিয়া আপোনালোকে মোদীক আশীৰ্বাদ দিছিল। খোৱা পানীৰ সংকট সমাধানৰ বাবেও দ্ৰুতগতিত কাম কৰি থকা হৈছে। ‘জল জীৱন মিছন’ৰ অধীনত, অৰ্থাৎ ‘হৰ ঘৰ জল প্ৰকল্প’ৰ অধীনত বুন্দেলখণ্ডৰ প্ৰতিখন গাঁৱলৈ নলৰ জৰিয়তে পানী যোগান ধৰা হৈছে। আমি গাঁওবোৰত আমাৰ কৃষক ভাই-ভনীসকলৰ সমস্যা দূৰ কৰিবলৈ আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছোঁ।

 

ভাই-ভনীসকল,


বুন্দেলখণ্ডৰ উন্নতিৰ বাবে, আমাৰ মাতৃ আৰু ভগ্নীসকল সমানে শক্তিশালী হোৱাটো অত্যাৱশ্যকীয়, যাৰ বাবে আমি ‘লাখপতি দিদি’ আৰু ‘ড্ৰোন দিদি’ৰ দৰে আঁচনি আৰম্ভ কৰিছোঁ। আমি ৩ কোটি ভগ্নীক ‘লাখপতি দিদি’ কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। ভগ্নীসকলক ‘ড্ৰোন’ উৰোৱাৰ প্ৰশিক্ষণো দিয়া হৈছে। জলসিঞ্চনৰ পানী বুন্দেলখণ্ডত উপস্থিত হ'ব, ভগ্নীসকলে ড্ৰোনেৰে শস্য সিঁচিব আৰু কৃষিত সহায় কৰিব, তাৰ পিছত আমাৰ বুন্দেলখণ্ড সমৃদ্ধিৰ পথত দ্ৰুতগতিত আগবাঢ়িব।

ভাই-ভনীসকল,

‘ড্ৰোন প্ৰযুক্তি’ ব্যৱহাৰ কৰি গাঁৱত আন এক গুৰুত্বপূৰ্ণ কাম কৰি থকা হৈছে। ‘স্বামিত্ব আঁচনি’ৰ অধীনত ড্ৰোনেৰে ভূমি জৰীপ কৰি থকা হৈছে আৰু পকা নথিপত্ৰ প্ৰদান কৰা হৈছে। ইয়াত মধ্যপ্ৰদেশত এই ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰা হৈছে। এতিয়া, মানুহে এই নথিপত্ৰবোৰেৰে বেংকৰ পৰা সহজে ঋণ লৈ আছে, আৰু এই ঋণ নিযুক্তি উদ্যোগত ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত মানুহৰ উপাৰ্জন বৃদ্ধি হৈছে।

বন্ধুসকল,

বুন্দেলখণ্ডৰ এই মহান ভূমিক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে ‘দ্বৈত ইঞ্জিন’ চৰকাৰে দিনে-ৰাতিয়ে কাম কৰি আছে। মই ‘বাগেশ্বৰ ধাম’ত ইয়াৰ বাবে কামনা কৰিছোঁ। বুন্দেলখণ্ডই সমৃদ্ধি আৰু বিকাশৰ পথত এইদৰেই আগবাঢ়ি গৈ থাকক, আৰু আজি মই যিহেতু ‘হনুমান দাদা’ৰ চৰণলৈ আহিছোঁ সেয়ে মই ভাবিছো যে ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে ইয়াত অকলেই ‘স্লিপ’টো উলিয়াব নে ময়ো উলিয়াব পাৰিম? মই চাব বিচাৰিছো ‘হনুমান দাদা’ৰ অনুগ্ৰহ আজি মোৰ ওপৰত আছে নে নাই। ‘হনুমান দাদাজী’য়ে মোক আশীৰ্বাদ দিছে আৰু মই আজি প্ৰথমখন ‘স্লিপ’ উলিয়ালো, তেওঁৰ মাকৰ ‘স্লিপ’খন উলিয়ালো, যাৰ বিষয়ে শাস্ত্ৰীজীয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰিছে।

বাৰু বন্ধুসকল,

এয়া এক বহুত ডাঙৰ সুযোগ, এটা অতিকে ডাঙৰ কাম। যদি সংকল্প মহান হয়, যদি সাধুসকলৰ আশীৰ্বাদ থাকে, আৰু যদি প্ৰভুৰ অনুগ্ৰহ থাকে, তেন্তে সকলোবোৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ হয়। আপোনালোকে বিচাৰিছিল যে মই ইয়াৰ উদ্বোধনৰ বাবে আহিব লাগে, আৰু আনসকলে বিচাৰিছিল যে মই তেওঁলোকৰ বিবাহযাত্ৰী হৈহে আহিব লাগে। মই আজি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছো যে মই দুয়োটা কামকে কৰিম। আপোনালোক সকলোকে আকৌ এবাৰ মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ, হৰ-হৰ মহাদেৱ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!