SVAMITVA Scheme helps in making rural India self-reliant: PM Modi
Ownership of land and house plays a big role in the development of the country. When there is a record of property, citizens gain confidence: PM
SVAMITVA Scheme will help in strengthening the Panchayati Raj system for which efforts are underway for the past 6 years: PM

আজি যি এক লাখ লোকে নিজৰ ঘৰৰ স্বামীত্ব পত্ৰ অথবা প্ৰ’পাৰ্টী কাৰ্ড লাভ কৰিছে, যিসকলে নিজৰ কাৰ্ড ডাউনলোড কৰিছে তেওঁলোকক মই অভিনন্দন জনাইছো৷ আজি যেতিয়া আপোনালোকে পৰিয়ালৰ সৈতে বহিব, সন্ধিয়া যেতিয়া খাদ্য গ্ৰহণ কৰিব..মই জানো যে ইমান সুখ পুৰ্বে কেতিয়াও অনুভূত হোৱা নাছিল যিটো আজি আপোনালোকে পাব৷ আপোনালোকে নিজৰ সন্তানক গৰ্বেৰে ক’ব পাৰিব যে এতিয়া আমি বিশ্বাসেৰে ক’ব পাৰো যে এয়া তোমালোকৰ সম্পত্তি, তোমালোকে উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিবা৷ আমাক পূৰ্বজসকলে যি দিছিল, তাত কাগজ নাছিল, আজি এই কাগজ লাভ কৰাৰ পিছত আমাৰ শক্তি বাঢ়ি গ’ল৷ আজিৰ সন্ধিয়াটো আটাইতকৈ সুখৰ সন্ধিয়া, নতুন-নতুন সপোন ৰচাৰ সন্ধিয়া আৰু নতুন নতুন সপোনৰ বিষয়ে সন্তানৰ সৈতে আলোচনা কৰাৰ সন্ধিয়া৷ সেইবাবে আজি যি অধিকাৰ আপোনালোকে লাভ কৰিছে তাৰ বাবে মোৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ অভিনন্দন থাকিল৷

এই অধিকাৰ এক প্ৰকাৰে আইনী দস্তাৱেজৰ দৰে৷ আপোনালোকৰ ঘৰ আপোনালোকৰেই, আপোনালোকৰ ঘৰতেই আপোনালোক থাকিব৷ আপোনালোকৰ ঘৰটো কিদৰে ব্যৱহাৰ কৰিব, সেই সিদ্ধান্ত আপোনালোকেই গ্ৰহণ কৰিব৷ না চৰকাৰে তাত কিবা দখল দিব না ওচৰ-চুবুৰীয়াই তাতে দখল দিব৷

এই যোজনাই আমাৰ দেশৰ গাঁওসমূহলৈ ঐতিহাসিক পৰিৱৰ্তন কঢ়িয়াই আনিব৷ আমি ইয়াৰ সাক্ষী হৈ ৰ’ম৷

আজিৰ এই অনুষ্ঠানত মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান নৰেন্দ্ৰ সিং টোমৰ মহোদয়, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল মহোদয়, উপ মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা মহোদয়, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট মহোদয়, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীগণ, স্বামীত্ব যোজনাৰ অন্যান্য হিতাধিকাৰীসকল উপস্থিত আছে৷ আৰু  যিদৰে নৰেন্দ্ৰ সিং মহোদয়ে কৈ আছিল…এশ পঁচিশ মিলিয়নতকৈও অধিক লোক, তেওঁলোকে পঞ্জীয়ন কৰাইছে আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হৈছে৷ অৰ্থাৎ আজিৰ এই ভাৰ্চুৱেল বৈঠকত গাঁৱৰ ইমান সংখ্যক লোক জড়িত হোৱা, এই স্বামীত্ব যোজনাৰ কি আকৰ্ষণ, কি শক্তি আৰু ই কিমান গুৰুত্বপূৰ্ণ, এয়াই ইয়াৰ প্ৰমাণ৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আজি দেশে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ স্বামীত্ব যোজনাই গাঁৱত বাস কৰা আমাৰ ভাই-ভনীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব৷ আজি হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰাণ্ড আৰু উত্তৰ প্ৰদেশৰ সহস্ৰাধিক লোকৰ হাতত তেওঁলোকৰ ঘৰৰ আইনী কাগজ তুলি দিয়া হৈছে৷ আগন্তুক তিনি-চাৰি বছৰত দেশৰ প্ৰতিখন গাঁৱত প্ৰতিখন ঘৰক এই ধৰণৰ সম্পত্তি কাৰ্ড প্ৰদান কৰাৰ প্ৰয়াস কৰা হ’ব৷

আৰু বন্ধুসকল, মই আজি সুখী অনুভৱ কৰিছো কিয়নো আজি এনে এক বিৰাট কাম এনেকুৱা এটা দিনত সম্পন্ন হৈছে…এই দিনটো অতিশয় গুৰুত্বপূৰ্ণ৷ আজিৰ দিনটো হিন্দুস্তানৰ ইতিহাসৰ বাবেও এক গুৰুত্বপূৰ্ণ দিন৷ আজিৰ দিনটো দুজন মহান পুৰুষৰ জন্মজয়ন্তী হিচাপে পালন কৰা হয়৷ এজন হ’ল ভাৰতৰত্ন লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু আনজন ভাৰতৰত্ন নানাজী দেশমুখ৷ এই দুয়োজন মহাপুৰুষৰ কেৱল জন্মদিন এটা দিনতেই নহয় বৰঞ্চ এই দুয়োজন মহাপুৰুষে দেশত দুৰ্নীতিৰ বিৰুদ্ধে, দেশত ন্যায় প্ৰতিষ্ঠাৰ বাবে, দেশৰ দুখীয়াৰ, গাঁৱৰ কল্যাণৰ বাবে দুয়োজনাই একে চিন্তাই কৰিছিল…দুয়োৰে একেটাই আদৰ্শ আছিল…দুয়োৰে একে প্ৰয়াসেই আছিল৷

জয়প্ৰকাশ বাবুৱে যেতিয়া সম্পূৰ্ণ ক্ৰান্তিৰ আহ্বান জনাইছিল, বিহাৰৰ ভূমিৰ পৰা যি গৰ্জন নিনাদিত হৈছিল, যি সপোন জয়প্ৰকাশজীয়ে দেখিছিল…সেই সপোনক ঢাল হিচাপে লৈ নানাজী দেশমুখে কাম কৰিছিল৷ যেতিয়া নানাজীয়ে গাঁৱৰ বিকাশৰ বাবে নিজৰ কাৰ্য সম্প্ৰসাৰিত কৰিছিল, তেতিয়া নানাজীৰ প্ৰেৰণা আছিল জয়প্ৰকাশ বাবু৷

এতিয়া চাওক, ই কেনে অদ্ভুত সংযোগ, গাঁও আৰু দুখীয়াৰ কণ্ঠস্বৰ উদ্ভাসিত কৰাৰ, জয়প্ৰকাশ বাবু আৰু নানাজীৰ জীৱনৰ সংকল্প এয়াই আছিল৷

মই ক’ৰবাত পঢ়িবলৈ পাইছিলো যে যেতিয়া ড০ কালামে চিত্ৰকূটকত নানাজী দেশমুখক সাক্ষাৎ কৰিছিল তেতিয়া নানাজীয়ে তেওঁক কৈছিল যে আমাৰ ইয়াৰ ওচৰ-পাজৰৰ বহু গাঁও মোকৰ্দমাৰ পৰা সম্পুৰ্ণ মুক্ত৷ অৰ্থাৎ ক’ৰ্ট-কাছাৰীৰ কোনো খেল নাই- কাৰো বিৰুদ্ধে কোনেও অভিযোগ কৰা নাই৷ নানাজীয়ে কৈছিল যে যদি গাঁৱৰ লোকসকল বিবাদত মজি থাকে তেন্তে তেওঁলোকে নিজৰো উন্নতি কৰিব নোৱাৰিব আৰু সমাজৰো উন্নতি কৰিব নোৱাৰিব৷ মোৰ বিশ্বাস যে স্বামীত্ব যোজনাও আমাৰ গাঁৱৰ অনেক বিবাদ মীমাংসা কৰাত এক বৃহৎ মাধ্যম হিচাপে বিবেচিত হ’ব৷   

বন্ধুসকল, সমগ্ৰ বিশ্বতে ডাঙৰ-ডাঙৰ বিশেষজ্ঞসকলে এই কথাত জোৰ দিয়ে যে ভূমি আৰু ঘৰৰ মালিকীস্বত্বই দেশৰ বিকাশত এক বৃহৎ ভূমিকা পালন কৰে৷ যেতিয়া সম্পত্তিৰ নথি হাতত থাকে, যেতিয়া সম্পত্তিৰ অধিকাৰ লাভ হয় তেতিয়া সম্পত্তি সুৰক্ষিত হয় আৰু নাগৰিকৰ জীৱনো সুৰক্ষিত হয়৷ তেওঁলোকৰ আত্মবিশ্বাসো অনেক গুণে বৃদ্ধি হয়৷ যেতিয়া সম্পত্তিৰ নথি হাতত থাকে তেতিয়া বিনিয়োগ কৰাৰ বাবে,  নতুন-নতুন সাহস কৰাৰ বাবে, আৰ্থিক উপাৰ্জনৰ নতুন যোজনা প্ৰস্তুতিৰ বাবে বহু পথ মুকলি হয়৷

সম্পত্তিৰ নথি পত্ৰ হাতত থাকিলে বেংকৰ পৰা সহজে ঋণ লাভ হয়, ৰোজগাৰ-স্বৰোজগাৰৰ পথ মুকলি হয়৷ কিন্তু  সমস্যাৰ কথাটো এয়েই যে আজি বিশ্বত মাত্ৰ এক-তৃতীয়াংশ লোকৰ হাততহে সম্পত্তিৰ আইনী কাগজ আছে৷ সমগ্ৰ বিশ্বতে দুই-তৃতীয়াংশ লোকৰ হাতত এনে কাগজ নাই৷ এনে অৱস্থাত ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে এয়া অতিশয় জৰুৰী যে তেওঁলোকৰ ওচৰত সম্পত্তিৰ উপযুক্ত কাগজ থাকক৷ আৰু যি দুৰ্ভাগ্যবশতঃ বৃ্দ্ধাৱস্থালৈ গতি কৰিছে, পঢ়া-শুনা কৰা নাছিল, অতিশয় সমস্যাৰে জীৱন নিৰ্বাহ কৰিছিল, কিন্তু এতিয়া এয়া আহি পোৱাৰ পিছত তেওঁলোকে বিশ্বাসেৰে এক নতুন জীৱন আৰম্ভ কৰিছে৷

স্বামীত্ব যোজনা আৰু ইয়াৰ অধীনত লাভ কৰা সম্পত্তি কাৰ্ড এই দিশত…এই চিন্তাৰ সৈতে পীড়িত, শোষিত, বঞ্চিত, গাঁওবাসীসকলৰ কল্যাণৰ বাবে…এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

সম্পত্তি কাৰ্ডে গাঁৱৰ বাসিন্দাসকলক কোনো বিবাদ নোহোৱাকৈ সম্পত্তি ক্ৰয় কৰাৰ আৰু বিক্ৰী কৰাৰ পথ মুকলি কৰি দিব৷ সম্পত্তি কাৰ্ড পোৱাৰ পিছত গাঁৱৰ বাসিন্দাসকল যি নিজৰ ঘৰৰ দখলীস্বত্বক লৈ আশংকিত হৈ আছিল, তাৰ পৰা মুক্ত হ’ব৷ কোনোবাই আহি দখল দিব….ভুৱা কাগজ দেখুৱাই মাটি লৈ যাব…এই সকলোবোৰ বন্ধ হ’ব৷ সম্পত্তি কাৰ্ড লাভ কৰাৰ পিছত গাঁৱৰ ঘৰসমূহেও বেংকৰ পাৰ সহজে ঋণ লাভ কৰিব৷

বন্ধুসকল, আজি গাঁৱৰ আমাৰ যুৱচামৰ কিমানে নিজৰ বলত কিবা কৰিব বিচাৰে৷ আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰ হ’ব খোজে৷ কিন্তু ঘৰ হোৱাৰ পিছতো, মাটি নিজৰ হোৱাৰ পিছতো তেওঁলোকৰ ওচৰত কাগজ নাছিল, চৰকাৰী কোনো দস্তাৱেজ নাছিল৷ বাহিৰত কোনেও তেওঁলোকৰ কথা মানিবলৈ সাজু হোৱা নাছিল, তেওঁলোকে একো লাভ নকৰিছিল৷ এতিয়া তেওঁলোকে ঋণ লাভ কৰাৰ, অধিকাৰৰ সৈতে দাবী কৰাৰ এই কাগজ লাভ কৰিছে৷ এতিয়া স্বামীত্ব যোজনাৰ অধীনত সম্পত্তি কাৰ্ড দেখুৱাই অতি সহজে তেওঁলোকে ঋণ লাভ কৰাৰ নিশ্চিতি লাভ কৰিছে৷

বন্ধুসকল, এই স্বামীত্ব পত্ৰৰ আন এটা লাভ গাঁৱত নতুন ব্যৱস্থাসমূহৰ নিৰ্মাণক লৈ আৰম্ভ হ’ব৷ ড্ৰোণৰ দৰে নতুন প্ৰযুক্তিৰ সহায়ত যিদৰে মেপিং আৰু সৰ্বেক্ষণ কৰা হৈছে, তাৰ দ্বাৰা গাঁৱৰ সঠিক লেণ্ড ৰেকৰ্ডো প্ৰস্তুত হ’ব৷ আৰু মই যেতিয়া বিষয়াসকলৰ সৈতে কথা পাতি আছিলো….যেতিয়া প্ৰকল্পৰ আৰম্ভণি হৈছিল…তেতিয়া মোক বিষয়াসকলে কৈছিল যে গাঁৱৰ ভিতৰত ড্ৰোণ চলাও তেতিয়া গাঁওবাসীয়ে নিজৰ ভূমিৰ প্ৰতি আগ্ৰহ দেখুওৱাটো স্বাভাৱিক…কিন্তু সকলোৰে ইচ্ছা এয়াই আছিল যে ড্ৰোণৰ দ্বাৰা ওপৰেৰে আমাৰ সম্পূৰ্ণ গাঁওখন দেখুৱাওক…আমাৰ গাঁও দেখাত কেনে হয়..আমাৰ গাঁও কিমান সুন্দৰ৷ বিষয়াসকলে মোক কৈছিল যে অলপ সময় তেওঁলোকে গাঁওবাসীক ওপৰেৰে গাঁও দেখুওৱা নিত্য-নৈমিত্তিক কাৰ্য হৈ পৰিছিল৷ গাঁৱৰ প্ৰতি প্ৰেম ভাব জাগি উঠিছিল৷

ভাতৃ আৰু ভগ্নীসকল, এই পৰ্যন্ত অধিক সংখ্যক গাঁৱত বিদ্যালয়, চিকিৎসালয়, বজাৰ অথবা অন্যান্য ৰাজহুৱা সুবিধা ক’ত কৰিব লাগে…কিদৰে কৰিব লাগে…সুবিধাসমূহ ক’ত হ’ব…মাটি ক’ত আছে…কোনো হিচাপ নাছিল৷ য’তেই ইচ্ছা ত’তেই এইসমূহ স্থাপন হৈছিল৷ আজি  সকলো কাগজৰ ওপৰত নক্সা প্ৰস্তুত হৈ আছে…এতিয়া কোনটো বস্তু ক’ত স্থাপন হ’ব সেয়া আৰামেৰে সিদ্ধান্ত লোৱা হ’ব…বিবাদ নহ’ব…আৰু সঠিক লেণ্ড ৰেকৰ্ড থকাৰ ফলত বিকাশৰ সৈতে জড়িত কামবোৰো সহজে হ’ব৷

বন্ধুসকল, বিগত ছবছৰৰ পৰা আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাক সশক্ত কৰাৰ বাবে অনেক প্ৰয়াস গ্ৰহণ কৰা হৈছে আৰু এইসমূহকো স্বামীত্ব যোজনাই শক্তিশালী কৰিব৷ অনেক যোজনাৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি সেইসমূহৰ প্ৰণয়ন আৰু চোৱা-চিতাৰ দায়িত্ব গাঁও পঞ্চায়তৰেই৷ এতিয়া গাঁৱৰ লোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব যে তাৰে বিকাশৰ বাবে কি প্ৰয়োজনীয় আৰু তাৰে সমস্যাসমূহৰ সমাধান কিদৰে হ’ব৷

পঞ্চায়তৰ কাম-কাজসমূহো এতিয়া অনলাইনত কৰা হৈছে৷ এয়াই নহয়, পঞ্চায়তে বিকাশৰ যিবোৰ কাম কৰে সেইসমূহৰ জিঅ’ টেগিং বাধ্যতামূলক কৰা হৈছে৷ যদি ক’ৰবাত কুঁৱা খন্দা হৈছে তেন্তে অনলাইনত সেয়া মোৰ কাৰ্যালয়ত বহি গম পোৱা যায় যে কোনটো স্থানত কি কুঁৱা খন্দা হৈছে৷ এয়া প্ৰযুক্তিৰ মহিমা৷ আৰু এয়া বাধ্যতামূলকো৷ শৌচালয় নিৰ্মাণ হ’লেও জিঅ’ টেগিং হ’ব৷ বিদ্যালয় নিৰ্মাণ হ’লেও জিঅ’ টেগিং হ’ব৷ পানীৰ বাবে সৰু বান্ধ নিৰ্মাণ কৰিলেও জিঅ’ টেগিং হ’ব৷ ইয়াৰ ফলত ধনৰ হৰলুকী হোৱা কাম বন্ধ হ’ব৷

বন্ধুসকল, স্বামীত্ব যোজনাৰ দ্বাৰা আমাৰ গাঁও পঞ্চায়তৰ বাবেও নগৰ পালিকা আৰু নগৰ নিগমৰ দৰে প্ৰণালীৱদ্ধ প্ৰক্ৰিয়াৰে গাঁৱৰ ব্যৱস্থাপনা সহজ হ’ব৷ গাঁৱৰ সুবিধাৰ বাবে চৰকাৰৰ তৰফৰ পৰা লাভ কৰা সহায়ৰ সৈতে গাঁৱতেই সংসাধনো সংগৃহীত হ’ব৷ এক প্ৰকাৰে গাঁৱৰ বাসিন্দা সকলে লাভ কৰা দস্তাৱেজে গাঁৱৰ পঞ্চায়ত শক্তিশালী কৰাত সহায় কৰিব৷

বন্ধুসকল, আমাৰ ইয়াত সদায়েই কোৱা হয় যে ভাৰতৰ আত্মা গাঁৱত বাস কৰে, কিন্তু সত্যটো হ’ল এয়াই যে ভাৰতৰ গাঁওসমূহক নিজৰ অৱস্থাত এৰি দিয়া হৈছিল৷ শৌচালয়ৰ সমস্যা বেছিকৈ ক’ত হৈছিল? গাঁৱত আছিল৷ বিদ্যুতৰ সমস্যা বেছিকৈ ক’ত হৈছিল? গাঁৱত হৈছিল৷ অন্ধকাৰত কোনে বাস কৰিবলগীয়া হৈছিল- গাঁওবাসীয়ে৷ খৰিৰ চৌকা, ধোঁৱাত ৰন্ধা-বঢ়া কোনে কৰিছিল? গাঁওবাসীয়ে৷ বেংকিং ব্যৱস্থাৰ পৰা আঁতৰত কোনে আছিল? গাঁওবাসীয়ে৷

বন্ধুসকল, ইমান বৰ্ষজুৰি যিসকল লোক শাসন ব্যৱস্থাত আছিল..তেওঁলোকেতো ডাঙৰ ডাঙৰ কথা কৈছিল, তেওঁলোকে গাঁও আৰু গাঁৱৰ দৰিদ্ৰলোকসকলক সমস্যাৰ মাজলৈ থেলি দিছিল৷ মই এনেকুৱা কৰিব নোৱাৰো…আপোনালোকৰ আশীৰ্বাদত যিমান মই কৰিব পাৰো কৰিম৷ আপোনালোকৰ বাবে কৰিব লাগিব…গাঁৱৰ বাবে কৰিব লাগিব…দুখীয়াৰ বাবে কৰিব লাগিব৷ পীড়িত, শোষিত, বঞ্চিতসকলৰ বাবে কৰিব লাগিব…যাতে তেওঁলোকে কাৰো ওপৰত নিৰ্ভৰশীল হ’বলগীয়া নহয়, আনৰ ইচ্ছাৰ গোলাম হ’বলগীয়া নহয়৷

কিন্তু বন্ধুসকল, বিগত ছবছৰত এনে বহু কাম আৰম্ভ কৰা হৈছে আৰু এইসমূহ গাঁৱলৈ লৈ যোৱা হৈছে, দুখীয়াৰ ঘৰলৈ লৈ যোৱা হৈছে৷ আজি দেশত বিনা ভেদভাৱে সকলোৰে বিকাশ হ’বলৈ ধৰিছে, সম্পূৰ্ণ পাৰদৰ্শিতাৰ সৈতে সকলোৱে যোজনাৰ পৰা লাভ গ্ৰহণ কৰিছে৷

বন্ধুসকল, ভাৰতৰ গাঁওসমূহৰ বাবে, গাঁৱত বাস কৰা সকলৰ বাবে যিমানবোৰ কাম বিগত ছবছৰত হৈছে সেয়া স্বাধীনতাৰ ছয় দশকৰ পিছতো হোৱা নাছিল৷ ছয় দশকলৈ গাঁৱৰ কোটি কোটি লোক বেংকৰ একাউণ্টৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷ এতিয়া সকলোৰে বেংক একাউণ্ট আছে৷ ছয় দশকলৈ গাঁৱৰ কোটি কোটি ঘৰত বিজুলীৰ সংযোগ ব্যৱস্থা নাছিল৷ এতিয়া প্ৰতিখন ঘৰতে বিদ্যুতৰ ব্যৱস্থা আছে৷ ছয় দশক পৰ্যন্ত গাঁৱৰ কোটি কোটি পৰিয়াল শৌচালয়ৰ পৰা বঞ্চিত হৈ আছিল৷ এতিয়া ঘৰে ঘৰে শৌচালয় আছে৷

বন্ধুসকল, দশকজুৰি গাঁৱৰ প্ৰতিজন দৰিদ্ৰই গেছ সংযোগৰ কথা চিন্তাই কৰিব পৰা নাছিল৷ আজি দুখীয়াৰ ঘৰতো গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ দশকজুৰি গাঁৱৰ কোটি কোটি পৰিয়ালৰ নিজাকৈ ঘৰ একোখন নাছিল৷ আজি প্ৰায় ২ কোটি দুখীয়া পৰিয়ালে পকী ঘৰ লাভ কৰিছে আৰু আগন্তুক সময়ছোৱাত বাকী পৰিয়ালসমূহেও নিজাকৈ যাতে পকী ঘৰ লাভ কৰে তাৰ বাবে প্ৰাণে-পণে চেষ্টা কৰিছো৷ দশকজুৰি গাঁৱৰ ঘৰসমূহলৈ পাইপেৰে পানী…কোনেও চিন্তা কৰিব পৰা নাছিল…তিনি তিনি কিলোমিটাৰলৈ আমাৰ মাতৃ-ভগ্নীসকলে মূৰত পানীৰ বোজা কঢ়িয়াবলগীয়া হৈছিল৷ এতিয়া প্ৰতিখন ঘৰতে পানীৰ ব্যৱস্থা আছে৷ আজি দেশৰ এনে ১৫ কোটি ঘৰলৈ পাইপেৰে খোৱা পানীৰ যোগান ধৰাৰ বাবে জল-জীৱন অভিযান চলোৱা হৈছে৷

দেশৰ প্ৰতিখন গাঁৱলৈ অপ্টিকেল ফাইবাৰ যোগান ধৰাৰো এক বৃহৎ অভিযানৰ সূচনা কৰা হৈছে৷ পূৰ্বে মানুহে কৈছিল- কাৰেণ্ট আহে-যায়….এতিয়া মানুহে অভিযোগ কৰে..ম’বাইলত কানেকচন আহে যায়৷ এই সমস্যাসমূহৰ সমাধান অপ্টিকেল ফাইবাৰে প্ৰদান কৰিব৷

কোটি কোটি ভাৰতীয়ৰ বাহু য’ত এফালে ভাৰতৰ নৱ নিৰ্মাণত সংবদ্ধ হৈছে, তেওঁলোকে এতিয়া সত্যৰ সৈতেও পৰিচিত হৈছে৷ দেশক লুটি থকা লোকসকলক এতিয়া চিনাক্ত কৰা হৈছে৷ সেয়ে আজিকালি এওঁলোকে প্ৰতিটো কথাতেই বিৰোধিতা কৰে৷ এওঁলোকে না দুখীয়াৰ চিন্তা কৰে, না গাঁৱৰ চিন্তা কৰে, না দেশৰ চিন্তা কৰে৷ তেওঁলোকে ভাল কামৰ দ্বাৰা চিন্তাক্লিষ্ট হয়৷ এওঁলোকে দেশৰ বিকাশক ৰোধ কৰিবলৈ বিচাৰে৷ এওঁলোকে নিবিচাৰে যে আমাৰ গাঁও, দুখীয়া, আমাৰ কৃষক, আমাৰ শ্ৰমিক ভাই-ভনীসকলক আত্মনিৰ্ভৰ হওক৷ আজি আমি ডেৰ গুণ এমএছপি কৰি দেখুৱাইছো…এওঁলোকে পৰা নাছিল৷

বন্ধুসকল, দালাল, মধ্যভোগী, ঘোচখোৰ, কমিচনবাদৰ দমত ৰাজনীতি কৰা সকলে যিমানেই সপোন নেদেখক কিয়, যিমানেই ভুৱা তথ্য প্ৰচাৰ নকৰক কিয়, দেশ আৰু স্তব্ধ নহয়৷ দেশে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গাঁও আৰু দুখীয়াক আত্মনিৰ্ভৰশীল কৰি তোলাটোৱেই হ’ল ভাৰতৰ সামৰ্থৰ পৰিচায়ক৷

এই সংকল্পৰ সিদ্ধিৰ বাবে স্বামীত্ব যোজনাৰ ভূমিকা অধিক হৈছে৷ আৰু সেইবাবে আজি যি এক লাখ পৰিয়ালে ইমান কম সময়ত স্বামীত্ব যোজনাৰ লাভ আদায় কৰিছে৷ আৰু মই আজি বিশেষকৈ নৰেন্দ্ৰ সিং মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাবলৈ বিচাৰিছো৷ যিসকলে ইমান কম সময়ত এই কাম সম্পন্ন কৰিছে তেওঁলোককো অভিনন্দন জনাইছো৷ কাম সৰু নহয়, গাঁৱে গাঁৱে যোৱা, লকডাউনৰ সময়ত যোৱা আৰু ইমান বিশাল কাম এটা সম্পন্ন কৰা৷ এওঁলোকক যিমানেই অভিনন্দন জনাও সিমানেই কম হ’ব৷

আৰু মোৰ বিশ্বাস যে আমাৰ চৰকাৰৰ যিসকল সৰু-ডাঙৰ বিষয়াই কাম কৰিছে, মই নাভাবো যে চাৰি বছৰলৈ অপেক্ষা কৰিব লাগিব৷ যদি তেওঁলোকে বিচাৰে তেন্তে সমগ্ৰ দেশক ইয়াতকৈও কম সময়ত প্ৰদান কৰিব পাৰে৷ কাৰণ ইমান ডাঙৰ কাম…আৰু যেতিয়া মই এপ্ৰিলত ইয়াৰ বিষয়ে কৈছিলো..মই ভাবিছিলো যে মই অলপ বেছিয়েই ক’লো নেকি৷ কিন্তু মই দেখিলো যে তেওঁলোকে ইয়াতকৈও অধিক কাম কৰিলে৷

আৰু সেইবাবে, ভাতৃ-ভগ্নীসকল, আপোনালোক যিমান সুখী হৈছে তাতোকৈ অধিক সুখী মই হৈছো৷ কাৰণ আজি মোৰ এক লাখ পৰিয়াল আত্মবিশ্বাসৰ সৈতে, আত্মসন্মানৰ সৈতে নিজৰ সম্পত্তিৰ কাগজৰ সৈতে বিশ্বৰ সন্মুখত বিশ্বাসৰ সৈতে থিয় হৈছে৷ এয়া এক উত্তম অৱকাশ৷ আৰু জয়প্ৰকাশ, নানাজীৰ জন্মদিনত ইয়াতকৈ আনন্দৰ কথা আন কি হ’ব পাৰে৷

মই আপোনালোকক অশেষ শুভকামনা জনাইছো লগতে এইকেইদিন সমগ্ৰ দেশতে এক অভিযান চলি আছে৷ এই ক’ৰোনাৰ কালখণ্ডত মাস্ক পৰিধান কৰাৰ বাবে, দুই গজৰ দূৰত্ব বৰ্তাই ৰখাৰ বাবে, বাৰে বাৰে হাত চাবোনেৰে ধোৱাৰ বাবে…আৰু আপোনালোকো যাতে ৰুগীয়া নহওক, আপোনালোকৰ পৰিয়ালৰ কোনো লোক যাতে ৰোগত নপৰক, আপোনালোকৰ গাঁৱলৈও যাতে কোনো ৰোগে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আমি সকলোৱে চিন্তা কৰিব লাগিব৷ আৰু আমি জানো যে ই এনে এক ৰোগ যাৰ বিশ্বতে কোনো প্ৰতিষেধক নাই৷

আপোনালোক মোৰ পৰিয়ালৰ লোক…আৰু সেইবাবে মই আপোনালোকক আহ্বান জনাইছো যে ‘যেতিয়ালৈ দৰৱ নাই, তেতিয়ালৈ সাৱধানে থাকক’৷ এই মন্ত্ৰ নাপাহৰিব৷ এই বিশ্বাসৰ সৈতে পুনৰবাৰ আজিৰ এই আনন্দময় সময়ত, সুখদ সময়ত, সপোনৰ এই সময়ত, সংকল্পৰ এই সময়ত অনেক শুভকামনা জনাইছো৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."