বিশ্বত এই স্তৰৰ টীকাদান অভিযান আৰু কেতিয়াও কতো দেখা নাই : প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিক্ৰিয়া বিশ্বব্যাপী স্বীকৃত হৈছে: প্ৰধানমন্ত্ৰী
প্ৰথম শ্ৰেণীৰ ক’ৰোনা যোদ্ধাসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

মোৰ মৰমৰ দেশবাসী,

নমস্কাৰ!

আজিৰ দিনটোলৈ সমগ্ৰ দেশে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। কিমান মাহৰ পৰা দেশৰ প্ৰতিটো ঘৰত, শিশু-বৃদ্ধ-ডেকা-গাভৰু, সকলোৰে মুখে মুখে এইটোৱেই প্ৰশ্ন আছিল যে-ক'ৰোণাৰ ভেকচিন কেতিয়া আহিব? এতিয়া ক'ৰোণাৰ ভেকচিন আহি গ'ল, বহুত কম সময়তে আহি গ'ল। এতিয়াৰ পৰা কেইমিনিটমানৰ পিছতে ভাৰতত পৃথিৱীৰ সবাতোকৈ ডাঙৰ টীকাকৰণ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। মই সকলো দেশবাসীক ইয়াৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। আজি সেই বৈজ্ঞানিক, ভেকচিন ৰিছাৰ্চৰ সৈতে জড়িত অনেক লোক বিশেষভাৱে প্ৰশংসাযোগ্য, যি বিগত কেইবামাহ ধৰি ক'ৰোণাৰ বিৰুদ্ধে ভেকচিন বনোৱাত লাগি আছিল, দিনে-নিশাই লাগি আছিল। না তেওঁলোকে উৎসৱ দেখিলে, না তেওঁলোকে দিন দেখিছে, না তেওঁলোকে ৰাতি দেখিছে। সাধাৰণতে এটা ভেকচিন বনাবলৈ কেইবাবছৰ লাগি যায়। কিন্তু ইমান কম বয়সত এটা নহয় দুটাকৈ মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ হৈছে। ইমানেই নহয় আৰু কেইবাটাও ভেকচিনৰ ওপৰতো কাম দ্ৰুত গতিত চলি আছে। ই ভাৰতৰ সামৰ্থ্য, ভাৰতৰ বৈজ্ঞানিক দক্ষতা, ভাৰতৰ টেলেণ্টৰ সজীৱ সজাগ প্ৰমাণ। এনেকুৱাই প্ৰাপ্তিৰ বাবে ৰাষ্ট্ৰকবি ৰামধাৰী সিংহ দিনকৰে কৈছিল-মানুহে যেতিয়া বল দিয়ে, শিল পানী হৈ যায়!!

ভাই-ভনীসকল,

ভাৰতৰ টীকাকৰণ অভিযান বহুত মানবীয় আৰু মহত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আধাৰিত। যাক সকলোতকৈ বেছি আৱশ্যক, তেওঁ সবাতোকৈ আগতে ক'ৰোণাৰ টীকা লাভ কৰিব। যাৰ ক'ৰোণা সংক্ৰমণৰ ৰিস্ক সকলোতকৈ বেছি, তেওঁক আগতে টীকা দিয়া হ'ব। যি আমাৰ ডক্টৰ্ছ, নাৰ্ছেছ, হাস্পতালত চাফাই কৰ্মী, মেডিকেল-পেৰামেডিকেল ষ্টাফ, তেওঁলোক ক'ৰোণাৰ ভেকচিনৰ সবাতোকৈ আগত পোৱাৰ যোগ্য। লাগে তেওঁলোক চৰকাৰী হাস্পতালত হওক বা প্ৰাইভেটত, সকলোকে এই ভেকচিন অগ্ৰাধিকাৰ ভিত্তিত দিয়া হ'ব। ইয়াৰ পিছত সেইসকল লোকক টীকা দিয়া হ'ব, যাৰ ওপৰত জৰুৰী সেৱা আৰু দেশৰ ৰক্ষা বা আইন ব্যৱস্থাৰ দায়িত্ব আছে। যেনেকৈ আমাৰ সুৰক্ষা বাহিনী হৈ গ'ল, পুলিচ কৰ্মী হৈ গ'ল, ফায়াৰ ব্ৰিগেডৰ লোক হৈ গ'ল, চাফাই কৰ্মচাৰী হৈ গ'ল, এই সকলোকে এই ভেকচিন অগ্ৰাধিকাৰ ভিত্তিত দিয়া হ'ব। আৰু মই যেনেকৈ আগতেও কৈছো-এওঁলোকৰ সংখ্যা প্ৰায় তিনি কোটি। এওঁলোক সকলোৰে ভেকচিনেচনৰ খৰচ ভাৰত চৰকাৰৰ দ্বাৰা বহন কৰা হ'ব।

বন্ধুসকল,

এই টীকাকৰণ অভিযানৰ শক্তিশালী প্ৰস্তুতিৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাত দেশৰ প্ৰতিটো প্ৰান্তত Trials কৰা হৈছে, Dry Runs হৈছে। বিশেষভাৱে প্ৰস্তুত কৰা Co-Win ডিজিটেল প্লেটফৰ্মত টীকাকৰণৰ বাবে ৰেজিষ্ট্ৰেচনৰ পৰা ট্ৰেইনিঙলৈকে ব্যৱস্থা আছে। আপুনি প্ৰথম টীকা লগাৰ পিছত দ্বিতীয় ড'জ কেতিয়া লাগিব, ইয়াৰ জাননীও আপোনাৰ ফোনত দিয়া হ'ব। আৰু মই সকলো দেশবাসীক এই কথা পুনৰ মনত পেলাই দিব বিচাৰো যে ক'ৰোণা ভেকচিনৰ ২টা ড'জ লগাটো খুবেই জৰুৰী। এটা ড'জ ল'লে আৰু পিছত পাহৰি থাকিলে, এনেকুৱা ভুল নকৰিব। আৰু যেনেকৈ এক্সটাৰ্টসকলে কৈ আছে, প্ৰথম আৰু দ্বিতীয় ড'জৰ মাজত, প্ৰায় এক মাহৰ ব্যৱধানো ৰখা হ'ব। আপোনালোকে এই কথাও মনত ৰাখিব লাগিব যে দ্বিতীয় ড'জ লগাৰ ২ সপ্তাহৰ পিছতহে আপোনালোকৰ শৰীৰত ক'ৰোণাৰ বিৰুদ্ধে জৰুৰী শক্তি বিকশিত হ'ব পাৰিব। সেয়ে টীকা লগাৰ লগে লগে আপোনালোকে অসাৱধান হৈ পৰিব, মাস্ক খুলি থৈ দিব, দুই গজৰ দূৰত্ব পাহৰি যাব, এইবোৰ নকৰিব। মই প্ৰাৰ্থনা কৰিছো নকৰিব। লগতে মই আপোনালোকক আৰু এটা কথা বৰ আগ্ৰহেৰে ক'ব খুজিছো। যেনেকৈ ধৈৰ্যসহকাৰে আপোনালোকে ক'ৰোণাৰ মোকাবিলা কৰিলে, তেনেকুৱাই ধৈৰ্য এতিয়া ভেকচিনেচনৰ সময়তো দেখুৱাব লাগিব।

বন্ধুসকল,

ইতিহাসত এনেকুৱা আৰু ইমান ডাঙৰ স্তৰৰ টীকাকৰণ অভিযান আগতে কেতিয়াও চলোৱা হোৱা নাই। এই অভিযান কিমান ডাঙৰ, ইয়াৰ অনুমান আপোনালোকে কেৱল প্ৰথম পৰ্যায়ৰ পৰাই কৰিব পাৰে। পৃথিৱীৰ ১০০তকৈও অধিক এনেকুৱা দেশ আছে যাৰ জনসংখ্যা ৩ কোটিতকৈ কম। আৰু ভাৰতে ভেকচিনেচনৰ নিজৰ প্ৰথম পৰ্যায়তে ৩ কোটি মানুহৰ টীকাকৰণ কৰি আছে। দ্বিতীয় পৰ্যায়ত আমি ইয়াক ৩০ কোটিৰ সংখ্যালৈকে লৈ যাব লাগিব। যিসকল জ্যেষ্ঠ, যিসকল গম্ভীৰ ৰোগত আক্ৰান্ত, তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত টীকা দিয়া হ'ব। আপোনালোকে কল্পনা কৰিব পাৰে, ৩০ কোটিৰ জনসংখ্যাৰ ওপৰৰ পৃথিৱীৰ মাত্ৰ তিনিখন হে দেশ আছে-স্বয়ং ভাৰত, চীন আৰু আমেৰিকা। আৰু কোনো দেশ এনেকুৱা নহয় যাৰ জনসংখ্যা ইয়াতকৈ অধিক। সেয়ে ভাৰতৰ টীকাকৰণ অভিযান ইমান ডাঙৰ। আৰু সেইবাবেই এই অভিযানে ভাৰতৰ সামৰ্থ্য দেখুৱাইছে। আৰু মই দেশবাসীক আৰু এটা কথা ক'ব খুজিছো। আমাৰ বৈজ্ঞানিক, আমাৰ এক্সপাৰ্টছ যেতিয়া উভয়ে মেড ইন ইণ্ডিয়া ভেকচিনৰ সুৰক্ষা আৰু প্ৰভাৱক লৈ আশ্বস্ত হৈছে সেয়ে তেওঁলোকে ইয়াৰ ইমাৰ্জেঞ্চী ব্যৱহাৰৰ অনুমতি দিছে। সেয়ে দেশবাসীয়ে কোনোধৰণৰ প্ৰপাগাণ্ডা, উৰাবাতৰি, অপপ্ৰচাৰৰ পৰা বাচি থাকিব লাগিব।

বন্ধুসকল,

ভাৰতৰ ভেকচিন বৈজ্ঞানিক, আমাৰ মেডিকেল ছিষ্টেম, ভাৰতৰ প্ৰক্ৰিয়াৰ সমগ্ৰ বিশ্বত অত্যন্ত বিশ্বাসযোগ্যতা আছে আৰু আগৰে পৰা আছে। আমি এই বিশ্বাস নিজৰ ট্ৰেক ৰেকৰ্ডৰ পৰা আহৰণ কৰিছো।

মোৰ মৰমৰ দেশবাসী,

প্ৰতিজন হিন্দুস্তানীয়ে এই কথাত গৌৰৱ কৰিব যে বিশ্বৰ প্ৰায় ৬০ শতাংশ শিশুক যি জীৱনৰক্ষক টীকা দিয়া হয়, সেয়া ভাৰততে প্ৰস্তুত হয়, ভাৰতৰ শক্তিশালী বৈজ্ঞানিক প্ৰক্ৰিয়াৰ মাজেৰেই হয়। ভাৰতৰ বৈজ্ঞানিকসকল আৰু ভেকচিনৰ সৈতে জড়িত আমাৰ বিশেষজ্ঞতাৰ ওপৰত পৃথিৱীৰ এই বিশ্বাস মেড ইন ইণ্ডিয়া ক'ৰোণা ভেকচিনত আৰু শক্তিশালী হ'ব। ইয়াৰ আৰু কিছুমান বিশেষ কথা আছে যিবোৰ আজি মই দেশবাসীক নিশ্চিতভাৱে ক'ব বিচাৰো। এই ভাৰতীয় ভেকচিন, বিদেশী ভেকচিনৰ তুলনাত বহুত সস্তীয়া আৰু ইয়াৰ ব্যৱহাৰো সিমানেই সহজ। বিদেশত তো কিছুমান ভেকচিন এনেকুৱা আছে যাৰ এটা ড'জ পাঁচ হাজাৰ টকালৈকে হয় আৰু যাক মাইনাছ ৭০ ডিগ্ৰী তাপমাত্ৰাত ফ্ৰীজত ৰাখিব লাগে। একেদৰে, ভাৰতৰ Vaccines এনেকুৱা টেকনিকৰ ওপৰত বনোৱা হৈছে, যি ভাৰতত বছৰ বছৰ ধৰি Tried বা Tested। এই ভেকচিন ষ্টৰেজৰ পৰা ট্ৰেন্সপ'ৰ্টেচনলৈকে ভাৰতীয় স্থিতি আৰু পৰিস্থিতিৰ অনুকূল। এই ভেকচিনেই এতিয়া ভাৰতক ক'ৰোণাৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক জয় আনি দিব।

বন্ধুসকল,

ক'ৰোণাৰে আমাৰ যুদ্ধ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ। এই কঠিন যুঁজৰ সৈতে যুঁজ দিবলৈ আমি নিজৰ আত্মবিশ্বাসক কমজোৰ হ'বলৈ নিদিওঁ, এই প্ৰতিজ্ঞা প্ৰতিজন ভাৰতীয়ৰ মাজত দেখা গৈছে। সংকট যিমানেই ডাঙৰ নহওক কিয়, দেশবাসীয়ে কেতিয়াও আত্মবিশ্বাস হেৰুউৱা নাই। যেতিয়া ভাৰতত ক'ৰোণা আহি পাইছিল তেতিয়া দেশত ক'ৰোণা টেষ্টিঙৰ এটাই লেব আছিল। আমি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলো আৰু আজি ২৩০০তকৈও অধিক লেবছৰ নেটৱৰ্ক আমাৰ ওচৰত আছে। আৰম্ভণিতে আমি মাস্ক, PPE কিট, টেষ্টিং কিটছ, ভেণ্টিলেটৰৰ দৰে জৰুৰী সামগ্ৰীৰ বাবেও বিদেশৰ ওপৰত নিৰ্ভৰশীল আছিলো। আজি এই সামগ্ৰীসমূহৰ নিৰ্মাণত আমি আত্মনিৰ্ভৰ হৈ গ'লো আৰু ইয়াৰ ৰপ্তানিও কৰি আছো। আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ এই শক্তিক আমি টীকাকৰণৰ এই গতিতো শক্তিশালী কৰিব লাগিব।

বন্ধুসকল,

মহান তেলেগু কবি শ্ৰী গুৰাজাডা অপ্পাৰাৱে কৈছিল-सौन्त लाभं कौन्त मानुकु, पौरुगुवाडिकि तोडु पडवोय् देशमन्टे मट्टि कादोयि, देशमन्टे मनुषुलोय ! অৰ্থাৎ আমি আনৰ কামত আহো এই নিস্বাৰ্থ ভাব আমাৰ ভিতৰত থাকিব লাগে। ৰাষ্ট্ৰ কেৱল মাটি, শিল, পানীৰেই নহয়, বৰং ৰাষ্ট্ৰৰ অৰ্থ হৈছে, আমাৰ মানুহ। ক'ৰোণাৰ বিৰুদ্ধে যুদ্ধক সম্পূৰ্ণ দেশে এই ভাবনাৰেই যুঁজিছে। আজি যেতিয়া আমি পাৰ হৈ যোৱা বছৰটো চাওঁ, তেতিয়া এজন ব্যক্তিৰ ৰূপত, এটা পৰিয়ালৰ ৰূপত, এখন ৰাষ্ট্ৰৰ ৰূপত আমি কিছু শিকিছো, বহুত কিছু দেখিছো, জানিছো, বুজিছো।

আজি ভাৰতে যেতিয়া নিজৰ টীকাকৰণ অভিযান আৰম্ভ কৰিছে, সেই সময়ত মই সেই দিনবিলাকৰ কথাও স্মৰণ কৰি আছো। ক'ৰোণা সংকটৰ সেই দৌৰ, যেতিয়া প্ৰত্যেকেই বিচাৰিছিল যে কিবা এটা কৰিব, কিন্তু তেওঁলোকে তাৰ কোনো পথ বিচাৰি পোৱা নাছিল। সাধাৰণ স্তৰত বেমাৰত সম্পূৰ্ণ পৰিয়াল ৰোগী ব্যক্তিৰ চোৱাচিতাৰ বাবে লাগি পৰিছিল। কিন্তু এই ৰোগে ৰোগকেই অকলশৰীয়া কৰি পেলালে। বহু ঠাইত সৰু-সৰু ৰুগীয়া শিশু মাকৰ পৰা আঁতৰত থাকিবলগীয়া হ'ল। মাক চিন্তিত হৈ আছিল, মাকে কান্দিছিল, কিন্তু ইচ্ছা কৰিও একো কৰিব পৰা নাছিল, শিশুক নিজৰ কোলাত ল'ব পৰা নাছিল। ক'ৰবাত বয়সস্থ পিতৃয়ে হাস্পতালত অকলে নিজৰ ৰোগৰ সৈতে সংঘৰ্ষ কৰিবলৈ মজবুৰ হৈছিল। সন্তানে ইচ্ছা কৰিও তেওঁৰ ওচৰলৈ যাব পৰা নাছিল। যি আমাক এৰি থৈ গুচি গ'ল, তেওঁক পৰম্পৰা অনুসৰি সেই বিদায়ো নাপালে যি তেওঁৰ প্ৰাপ্য আছিল। যিমানেই আমি সেই সময়ৰ বিষয়ে ভাবো, সিমানেই মন শিঁহৰিত হৈ উঠে, উদাস হৈ যায়।

কিন্তু বন্ধুসকল,

সংকটৰ সেই সময়ত, নিৰাশাৰ সেই বাতাবৰণত, কিছুমান আশাৰো সঞাৰ হৈ আছিল, আমাক বচাবলৈ নিজৰ প্ৰাণক সংকটত সঁপি দিছিল। আমাৰ ডক্টৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেঞ্চ ড্ৰাইভাৰ, আশা ৱৰ্কাৰ, চাফাই কৰ্মচাৰী, পুলিচৰ সহকৰ্মী আৰু অন্য Frontline Workers। তেওঁলোকে মানৱতাৰ প্ৰতি নিজৰ দায়িত্বক অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ অধিকাংশ তেতিয়া নিজৰ সন্তান, নিজৰ পৰিয়ালৰ পৰা আঁতৰত আছিল, কেইবাদিনো ধৰি নিজৰ ঘৰলৈ যোৱা নাছিল। বহুত বন্ধু এনেকুৱাও আছে যি কেতিয়াও ঘৰলৈ উভতি যাব নোৱাৰিলে। তেওঁলোকে একো একোটা জীৱন বচাবলৈ নিজৰ জীৱন আহুতি দিলে। সেয়ে আজি ক'ৰোণাৰ প্ৰথম টীকা স্বাস্থ্য সেৱাৰে জড়িত লোকক লগাই, এফালে সমাজে নিজৰ ঋণ আদায় কৰিছে। এই টীকা সেই সকলো বন্ধুৰ প্ৰতি কৃতজ্ঞ ৰাষ্ট্ৰৰ আদৰাঞ্জলিও।

ভাই-ভনীসকল,

মানৱ ইতিহাসত অনেক বিপদ আহিছে, মহামাৰী আহিছে, ভীষণ যুদ্ধ হৈছে, কিন্তু ক'ৰোণাৰ দৰে প্ৰত্যাহ্বানৰ কোনেও কল্পনা কৰা নাছিল। ই এটা এনেকুৱা মহামাৰী আছিল যাৰ অনুভৱ বিজ্ঞানৰো নাছিল আৰু সমাজৰো নাছিল। বিভিন্ন দেশৰ পৰা যি ছবি আহি আছিল, যি খবৰ আহি আছিল, সেয়াই সমগ্ৰ পৃথিৱীৰ লগতে প্ৰতিজন ভাৰতীয়ক বিচলিত কৰিছিল। এনেকুৱা অৱস্থাত পৃথিৱীৰ ডাঙৰ ডাঙৰ এক্সপাৰ্টে ভাৰতক লৈ অত্যন্ত আশংকা প্ৰকাশ কৰিছিল।

কিন্তু বন্ধুসকল,

ভাৰতৰ যি বহুত বৃহৎ জনসংখ্যাক আমাৰ দুৰ্বলতা বনোৱা হৈছিল, হৈছে, তাকেই আমি আমাৰ শক্তি বনাই ল'লো। ভাৰতে সংবেদনশীলতা আৰু সহভাগিতাক যুঁজৰ আধাৰ বনালে। ভাৰতে চৌবিশ ঘণ্টাই সতৰ্ক থাকি প্ৰতিটো ঘটনাক্ৰমৰ ওপৰত দৃষ্টি ৰাখি সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। ৩০ জানুৱাৰীত ভাৰতত ক'ৰোণাৰ প্ৰথম ঘটনা পোৱা যায়, কিন্তু ইয়াৰ দুসপ্তাহৰ আগতেই ভাৰতে এখন হাই লেবেল কমিটী গঠন কৰিছিল। যোৱা বছৰ আজিৰ দিনটোতে আমি সুচাৰুৰূপে ছাৰ্ভিলেঞ্চ আৰম্ভ কৰি দিছিলো। ১৭ জানুৱাৰী, ২০২০ সেই তাৰিখ আছিল, যেতিয়া ভাৰতে নিজৰ প্ৰথম এডভাইজৰী জাৰি কৰিছিল। ভাৰত পৃথিৱীৰ সেই প্ৰথম দেশসমূহৰ অন্যতম আছিল যি নিজৰ এয়াৰপৰ্টত যাত্ৰীৰ স্ক্ৰীণিং আৰম্ভ কৰিছিল।

বন্ধুসকল,

ক'ৰোণাৰ বিৰুদ্ধে যুঁজত ভাৰতে যি ইচ্ছা শক্তি দেখুৱাইছে, যি সাহস দেখুৱাইছে, যি সামূহিক শক্তিৰ পৰিচয় কৰাইছে, সেয়াই আহিবলগীয়া অনেক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ কাম কৰিব। মনত পেলাওক জনতা কাৰফিউ, ক'ৰোণাৰ বিৰুদ্ধে আমাৰ সমাজৰ সংযম আৰু অনুশাসনৰো পৰীক্ষা আছিল, য'ত প্ৰতিজন দেশবাসী সফল হ'ল। জনতা কাৰফিউৱে দেশক মনোবৈজ্ঞানিক ৰূপত লকডাউনৰ বাবে প্ৰস্তুত কৰিলে। আমি তালি-থালী আৰু চাকি জ্বলাই দেশৰ আত্মবিশ্বাসক ঊৰ্ধত তুলি ধৰিলো।

বন্ধুসকল,

ক'ৰোণাৰ দৰে অচিনাকি শত্ৰু, যাৰ Action-Reactionক ডাঙৰ-ডাঙৰ সামৰ্থ্যবান দেশে তলাব পৰা নাছিল, তেওঁলোকৰ সংক্ৰমণক ৰোধ কৰাৰ সকলোতকৈ প্ৰভাৱশালী উপায়েই এইটো আছিল যে যি য'তেই আছে, তেওঁ তাতেই থাকক। সেয়ে দেশত লকডাউনৰ সিদ্ধান্তও কৰা হয়। এই সিদ্ধান্ত সহজ নাছিল। ইমান বৃহৎ জনসংখ্যাক ঘৰৰ ভিতৰত ৰখাটো অসম্ভৱ, সেই কথা আমি ভাবিছিলো। আৰু ইয়াত তো দেশত সকলো বন্ধ হ'বলৈ গৈ আছিল, লকডাউন হ'বলৈ গৈ আছিল। ইয়াৰ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত কি প্ৰভাৱ পৰিব, অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত কি প্ৰভাৱ পৰিব, ইয়াৰ পৰিসংখ্যাও আমাৰ সন্মুখত আছিল। কিন্তু দেশত 'দেহা থাকিলেহে বেহা'ৰ মন্ত্ৰৰ ওপৰত চলি প্ৰত্যেক ভাৰতীয়ৰ জীৱন বচাবলৈ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়। আৰু আমি সকলোৱে দেখিলো যে কেনেকৈ ক্ষিপ্ৰ গতিত সমগ্ৰ দেশ, সমগ্ৰ সমাজ এই ভাবনাৰ সপক্ষে থিয় হ'ল। বহুবাৰ সৰু-সৰু অথচ মহত্বপূৰ্ণ কথাৰ তথ্য দিবলৈ ময়ো বহুবাৰ দেশবাসীৰ সৈতে পোনপটীয়াকৈ বাৰ্তা বিনিময় কৰিছো। এফালে য'ত গৰীবক মুক্ত ভোজনৰ ব্যৱস্থা কৰা হয়, একেদৰে গাখীৰ, পাচলি, ৰেছন, গেছ, ঔষধ, এনেকুৱা আৱশ্যকীয় সামগ্ৰীৰ সুচাৰু যোগান সুনিশ্চিত কৰা হয়। দেশত ব্যৱস্থাৱলী ঠিকেই চলক, ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ে 24×7 কণ্ট্ৰ'ল ৰূম আৰম্ভ কৰে য'ত হাজাৰ হাজাৰ কলৰ উত্তৰ দিয়া হয়, মানুহক সমাধান দিয়া হয়।

বন্ধুসকল,

ক'ৰোণাৰ বিৰুদ্ধে এই যুঁজত আমি প্ৰতি খোজত পৃথিৱীৰ সন্মুখত উদাহৰণ দাঙি ধৰিছো। এনেকুৱা সময়ত যেতিয়া কিছুমান দেশে নিজৰ নাগৰিকক চীনত বৃদ্ধি পোৱা ক'ৰোণাৰ মাজত এৰি দিছিল, তেতিয়া ভাৰতে, চীনত আবদ্ধ প্ৰতিজন ভাৰতীয়ক ওভতাই আনে। আৰু কেৱল ভাৰতৰে নহয়, আমি কেইবাখনো বেলেগ দেশৰ নাগৰিককো তাৰ পৰা ওভতাই উলিয়াই আনো। ক'ৰোণা কালত বন্দে ভাৰত মিছনৰ জৰিয়তে ৪৫ লাখতকৈ অধিক ভাৰতীয়ক বিদেশৰ পৰা ভাৰতলৈ অনা হয়। মোৰ মনত আছে, এখন দেশত যেতিয়া ভাৰতীয়ক টেষ্ট কৰিবলৈ মেচিন কম হৈছিল তেতিয়া ভাৰতে সম্পূৰ্ণ টেষ্টিং লেব ইয়াৰ পৰা তালৈ পঠিয়াই সেইবিলাক তাত সজায় পৰায় যাতে তাৰ পৰা ভাৰতলৈ অহা লোকসকলক টেষ্টিঙৰ সমস্যা নহয়।

বন্ধুসকল,

ভাৰতে এই মহামাৰীৰে যেনেকৈ মোকাবিলা কৰিলে তাৰ প্ৰতিফল আজি সমগ্ৰ পৃথিৱীয়ে মানি আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে, স্থানীয় নিকায়, প্ৰতিটো চৰকাৰী সংস্হা, সামাজিক সংস্থা, কেনেকৈ একত্ৰিত হৈ উন্নত কাম কৰিব পাৰে, সেই উদাহৰণো ভাৰতে পৃথিৱীৰ সন্মুখত ৰাখিলে। ISRO, DRDO, সেনাৰ পৰা আৰম্ভ কৰি কৃষক আৰু শ্ৰমিকলৈকে, সকলোৱে এটা সংকল্পৰে কেনেকৈ কাম কৰিব পাৰে, এয়া ভাৰতে দেখুৱালে। 'দো গজ কী দূৰি ঔৰ মাস্ক হ্যেই জৰুৰী'ৰ ওপৰত ফ'কাছ কৰাসকলৰ মাজতো ভাৰত অগ্ৰণী দেশৰ মাজত থাকিল।

ভাই-ভনীসকল,

আজি এই সকলো প্ৰয়াসৰ পৰিণাম হিচাপেই ভাৰতত ক'ৰোণাৰ ফলত হোৱা মৃত্যুৰ হাৰ কম আৰু আৰোগ্য হোৱা লোকৰ হাৰ বহুত বেছি। দেশৰ কেইবাখনো জিলা এনেকুৱা আছে য'ত এজন লোককো আমি ক'ৰোণাৰ বাবে হেৰুৱাবলগীয়া নহ'ল। এই জিলাসমূহত প্ৰতিজন লোকে ক'ৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছত নিজৰ ঘৰ পাইছে। বহুত জিলা এনেকুৱাও আছে য'ত যোৱা দুসপ্তাহ ধৰি ক'ৰোণা সংক্ৰমণৰ এটাও কেছ অহা নাই। আনকি লকডাউনেৰে প্ৰভাৱিত অৰ্থনৈতিক ব্যৱস্থাৰ ৰিক'ভাৰীতো ভাৰত বিশ্বৰ আগশাৰীত আছে। ভাৰত সেই বচা বচা দেশৰ মাজত আছে যি সংকট সত্ত্বেও পৃথিৱীৰ ১৫০তকৈ অধিক দেশলৈ জৰুৰী ঔষধ, জৰুৰী মেডিকেল সাহায্য পঠিয়াইছে। পেৰাচিটামলেই হওক, হাইড্ৰক্সি-ক্লৰকুইনেই হওক, টেষ্টিঙেৰে জড়িত সামগ্ৰীয়েই হওক, ভাৰতে আন দেশৰ মানুহকো বচোৱাৰ সম্ভৱপৰ সকলো চেষ্টা কৰিছে। আজি যেতিয়া আমি নিজৰ ভেকচিন প্ৰস্তুত কৰিলো, তেতিয়াও ভাৰতৰ ফালে পৃথিৱীয়ে আশা আৰু বিশ্বাসৰ দৃষ্টিৰে চাই আছে। আমাৰ টীকাকৰণ অভিযান যিমানেই আগবাঢ়িব, সিমানেই পৃথিৱীৰ অনেক দেশে আমাৰ ধাৰণাৰ মুনাফা লাভ কৰিব। ভাৰতৰ ভেকচিন, আমাৰ উৎপাদন ক্ষমতা, সম্পূৰ্ণ মানৱতাৰ হিতত কামত আহক, এয়া আমাৰ সংকল্পবদ্ধতা।

ভাই-ভনীসকল,

এই টীকাকৰণ অভিযান এতিয়া দীঘলীয়াকৈ চলিব। আমি প্ৰতিজনৰ জীৱনক বচোৱাত যোগদান দিয়াৰ সুযোগ পাইছো। সেয়ে এই অভিযানৰ সৈতে জড়িত প্ৰক্ৰিয়াক, সেই প্ৰক্ৰিয়াৰ অংশ হ'বলৈও দেশত Volunteer আগবাঢ়ি আহিছে। মই তেওঁলোকক স্বাগতম জনাইছো, আৰু অধিক Volunteersক মই নিজৰ সময় এই সেৱা কাৰ্যত সংযোগ কৰিবলৈ নিশ্চিতভাৱে আহ্বান জনাম। হয়, যেনেকৈ মই আগতে কৈছো, মাস্ক, দুই গজৰ দূৰত্ব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, এয়া টীকাৰ সময়তো আৰু পিছতো জৰুৰী হৈ থাকিব। টীকা লাগিল মানেই ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ক'ৰোণাৰ পৰা ৰক্ষা পোৱাৰ পৰৱৰ্তী উপায় বাদ দিব। এতিয়া আমি নতুন প্ৰতিশ্ৰুতি ল'ব লাগিব-দৱাই ভী, কড়াই ভী! আপোনালোক সকলো সুস্থ থাকক, এই কামনাৰে এই টীকাকৰণ অভিযানৰ বাবে সমগ্ৰ দেশক বহুত-বহুত শুভ কামনা জ্ঞাপন কৰিছো! দেশৰ বৈজ্ঞানিক, ৰিছাৰ্চাৰ্ছৰ, লেবত জড়িত হৈ থকা সকলো লোকৰ যি গোটেই বছৰটো এজন ঋষিৰ দৰে নিজৰ লেবত জীৱন সঁপি দিলে আৰু এই ভেকচিন দেশ আৰু মানৱতাক দিছে মই তেওঁলোককো বিশেষভাৱে অভিনন্দন জনাইছো, তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোক সকলোকে বহুত বহুত শুভকামনা। আপোনালোকে সোনকালে ইয়াৰ মুনাফা গ্ৰহণ কৰক। আপোনালোকো সুস্থ থাকক, আপোনালোকৰ পৰিয়ালো সুস্থ থাকক। এই মানৱ জাতি এই সংকটৰ সময়ৰ পৰা বাহিৰলৈ ওলাওক আৰু সুস্থতা আমি সকলোৱে লাভ কৰো, এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025

Media Coverage

FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”