India to become global hub for Artificial Intelligence: PM
National Programme on AI will be used for solving the problems of society: PM

ভাৰত তথা বিদেশৰ মাননীয় অতিথিসকল, নমস্কাৰ!

ৰাইজ-সামাজিক সৱলীকৰণৰ বাবে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনলৈ আপোনালোকক স্বাগতম জনাইছো৷ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰাৰ এয়া এক সুন্দৰ প্ৰয়াস৷ আপোনালোকে ইতিমধ্যেই প্ৰযুক্তি আৰু মানৱ সৱলীকৰণ সন্দৰ্ভত জ্ঞাত৷ প্ৰযুক্তিয়ে আমাৰ কৰ্মধাৰা পৰিৱৰ্তন কৰিছে৷ ই যোগাযোগ ব্যৱস্থাৰ উত্তৰণ কৰিছে৷ সময়ৰ লগে লগে প্ৰযুক্তিয়ে আমাৰ প্ৰধান প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সহায় কৰিছে৷ মই নিশ্চিত যে সামাজিক দায়িত্ব আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজৰ সংবদ্ধকৰণে মানৱ সমাজক উপকৃত কৰিব৷

বন্ধুসকল,

কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বৌদ্ধিক শক্তিক প্ৰতিনিধিত্ব কৰে৷ মানুহৰ চিন্তা শক্তিয়ে সঁজুলি আৰু প্ৰযুক্তি নিৰ্মাণ কৰে৷ আজি এই সঁজুলি আৰু প্ৰযুক্তিসমূহেও শিকিবলৈ আৰু চিন্তা কৰাৰ শক্তি আহৰণ কৰিছে৷ ইয়াৰ প্ৰধান চালিকা শক্তি হ’ল এআই৷ মানৱৰ সৈতে এআইৰ সংবদ্ধতাই আমাৰ ধৰিত্ৰীৰ বাবে আচৰিত বস্তুৰ সৃষ্টি কৰিব পাৰে৷

বন্ধুসকল,

ইতিহাসৰ প্ৰতিটো খোজতে ভাৰতে বিশ্বক জ্ঞান আৰু শিক্ষাৰ নেতৃত্ব প্ৰদান কৰিছে৷ আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ভাৰতে প্ৰভূত অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰতৰ পৰাও এনে উজ্বল প্ৰযুক্তি নেতৃত্বৰ সৃষ্টি হৈছে৷ ভাৰত বিশ্বজনীন তথ্য-প্ৰযুক্তি সেৱা উদ্যোগত শক্তি গৃহলৈ পৰিৱৰ্তিত হৈছে৷ আমি ডিজিটেলৰ দিশত অগ্ৰসৰ হৈছো৷

বন্ধুসকল,

প্ৰযুক্তিয়ে যে নিকা ব্যৱস্থা তথা সেৱা প্ৰদানৰ মান উন্নত কৰিছে সেয়া আমি ভাৰতবাসীয়ে অনুভূত কৰিছো৷ আমি বিশ্বৰ ভিতৰতে বৃহৎ অনন্য পৰিচয় ব্যৱস্থাৰ বাহক হৈ উঠিছো৷ আমাৰ হাতত বিশ্বৰ সবাতোকৈ উদ্ভাৱনীমূলক ডিজিটেল লেনদেনৰ সুবিধা-ইউপিআইও আছে৷  ইয়াৰ জৰিয়তে ডিজিটেল সেৱা, বিত্তীয় সেৱা, দৰিদ্ৰ লোকসকললৈ প্ৰত্যক্ষ ধন স্থানান্তৰণ আদি সুবিধা সহজলভ্য হৈ উঠিছে৷ মহামাৰীৰ এই পৰিস্থিতিত আমি দেখিছো যে ভাৰতৰ ডিজিটেল প্ৰস্তুতি কিদৰে সহায়ক হিচাপে বিবেচিত হৈছিল৷ আমি অতি ক্ষীপ্ৰতাৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছিলো৷ ভাৰতে দ্ৰুত গতিত ইয়াৰ অপ্টিকেল ফাইবাৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰি আহিছে৷ ইয়াৰ দ্বাৰা প্ৰতিখন গাঁৱলৈ উচ্চ গতিৰ ইণ্টাৰনেট সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

বন্ধুসকল,

এতিয়া আমি ভাৰতক বিশ্বৰ ভিতৰতে এআইৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছো৷ বহু ভাৰতীয়ই এই সন্দৰ্ভত কামো কৰি আছে৷ এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ অভিগমন হ’ল- দলীয় কৰ্ম, বিশ্বাস, সহযোগিতা, দায়িত্ববোধ আৰু অন্তৰ্ভুক্তিকৰণ৷

বন্ধুসকল,

ভাৰতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰৱৰ্তন কৰিছে৷ ইয়াত প্ৰযুক্তিসম্বলিত শিক্ষা আৰু দক্ষতা বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ বিভিন্ন ভাষাত ই-পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰা হ’ব৷ ইয়াত এআইৰ দ্বাৰা স্বাভাৱিক ভাষা সংসাধনৰ উত্তৰণ হ’ব৷ আমি চলিত বৰ্ষৰ এপ্ৰিলত যুৱ কাৰ্যসূচীৰ বাবে দায়িত্বশীল এআই মুকলি কৰিছিলো৷ ১১০০০ত কৈও অধিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল৷ এতিয়া তেওঁলোকে এআইৰ প্ৰকল্প নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷

বন্ধুসকল,

ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ (এনইটিএফ)ও গঠন কৰা হৈছে৷ ই ডিজিটেল আন্তঃগাঁথনি, ডিজিটেল কণ্টেণ্ট আৰু সামৰ্থৰ উত্তৰণৰ বাবে ই-শিক্ষা গোটৰ সৃষ্টি কৰিব৷ শিকাৰুসকলক হাতে হাতে শিকাবলৈ ভাৰ্চুৱেল লেবো স্থাপন কৰা হৈছে৷ আমি অটল উদ্ভাৱন অভিযানো প্ৰৱৰ্তন কৰিছো৷  

বন্ধুসকল,

মই কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সম্পৰ্কে আলোকপাত কৰিবলৈ বিচাৰিছো৷ ইয়াৰ দ্বাৰা সমাজৰ সমস্যা সমাধান বিষয়সমূহত এআইক ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াক সকলো ষ্টেকহ’ল্ডাৰৰ সহযোগিতাত প্ৰৱৰ্তন কৰা হ’ব৷ মই সকলোকে এই প্ৰয়াসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো৷

বন্ধুসকল,

মই আপোনালোকৰ সন্মুখত কেইটামান প্ৰত্যাহ্বান প্ৰস্তুত কৰিব বিচাৰিছো৷ আমি আমাৰ সম্পদসমূহৰ ব্যৱস্থাপনাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব নোৱাৰোনে? কিছুমান স্থানত সম্পদৰ পৰিমাণ কম, কিছুমানত বেছি৷ আমি এইসমূহ পুনৰ সংস্থাপিত কৰিব নোৱাৰোনে? আমি আমাৰ নাগৰিকসকলক তেওঁলোকৰ ঘৰৰ মুখতে সেৱা প্ৰদান কৰিব নোৱাৰোনে?

বন্ধুসকল,

আজিৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ হাতত৷ প্ৰতিজন শিশুৰে অনন্য প্ৰতিভা, সামৰ্থ আৰু যোগ্যতা আছে৷ কেতিয়াবা ভুল স্থানত উপযুক্ত মানুহ এজন থাকিব পাৰে৷ আমি সেয়া পৰিৱৰ্তন কৰিব পাৰো৷ প্ৰতিজন শিশুৱেই যদি নিজে কিদৰে লালিত-পালিত হৈছে সেয়া প্ৰত্যক্ষ কৰিব পাৰে কেনে হ’ব? অভিভাৱক, শিক্ষক আৰু বন্ধুৱে শিশু এটাক সাৱধানে পৰ্যৱেক্ষণ কৰিব পাৰেনে? তেওঁলোকক শৈশৱৰ পৰা কিশোৰলৈ লক্ষ্য কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে৷ ইয়াৰ দ্বাৰা শিশু এটাৰ প্ৰতিভা স্বাভাৱিকভাৱে বিকশিত হ’ব৷ আমি প্ৰতিগৰাকী শিশুৰ বিশ্লেষণাত্মক প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰোনে? ইয়াৰ দ্বাৰা যুৱ প্ৰজন্মৰ বাবে বিভিন্ন সুযোগো মুকলি হ’ব৷ ইয়াৰ দ্বাৰা চৰকাৰ আৰু ব্যৱসায়ো উপকৃত হ’ব৷

বন্ধুসকল,

কৃষি, স্বাস্থ্য সেৱা উত্তৰণত এআইৰ বৃহৎ ভূমিকাৰ এখন ছবি মই দেখিবলৈ পাইছো৷ পৰৱৰ্তী প্ৰজন্মৰ নগৰ আন্তঃগাঁথনি সৃষ্টি, ট্ৰেফিক জাম আদি ব্যৱস্থাপনা, উন্নত নৰ্দমাৰ ব্যৱস্থা, দুৰ্যোগ প্ৰশমন লগতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাতো ইয়াক ব্যৱহাৰ কৰিব পাৰি৷

বন্ধুসকল,

আমাৰ ধৰিত্ৰীত বিভিন্ন ভাষা-ভাষীৰ লোক আছে৷ ভাৰততো বিভিন্ন ভাষা-উপভাষা আছে৷ এই বৈচিত্ৰতাই আমাক উন্নত সমাজ প্ৰদান কৰিছে৷ অধ্যাপক ৰাজ ৰেড্ডিয়ে পৰামৰ্শ প্ৰদান কৰা অনুসৰি এআইয়ে ভাষাৰ প্ৰতিবন্ধকতা আঁতৰ কৰিব পাৰে৷ আমি দিব্যাংগ ভাই-ভনীসকলৰ বাবেও ইয়াক কাৰ্যকৰী তোলাৰ কথা ভাবিব লাগে৷

বন্ধুসকল,

এআইক জ্ঞান বিনিময়ৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিনে? এআইক কিদৰে ব্যৱহাৰ কৰা হয় ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ এই বিশ্বাস স্থাপনৰ বাবে নিকা এলগৰিথিমৰ ব্যৱস্থা থাকিব লাগিব৷ সমতা স্থাপনো সমানেই গুৰুত্বপূৰ্ণ৷ এআইক আমি ভুল হাতত তুলি দিব নোৱাৰো৷

বন্ধুসকল,

এআইৰ বিষয়ে আলোচনা কৰি থকাৰ মুহূৰ্তত মানৱ সৃজনীশীলতা আৰু মানৱ আৱেগ সন্দৰ্ভত আমাৰ কোনো দ্বিমত নাই৷ এইসমূহ যন্ত্ৰতকৈও আধুনিক৷ আমাৰ বৌদ্ধিক আৰু সহানুভূতিৰ শক্তি অবিহনে এইআইয়ে মানৱ সমস্যা সমাধান কৰিব নোৱাৰে৷  আমি মানৱ বুদ্ধিমত্তা এআইতকৈ এখোজ আগত থকাটো নিশ্চিত কৰিব লাগিব৷ এআইয়ে কিদৰে মানৱ সমস্যা সমাধান কৰিব পাৰে সেয়া আমি লক্ষ্য কৰিব লাগিব৷ মই পুনৰবাৰ ক’ব বিচাৰো- এআইয়ে প্ৰতিজন মানুহৰ সুপ্ত প্ৰতিভা জগাই তুলিব পাৰে৷

বন্ধুসকল,

ৰাইজ ২০২০ত আমি বিশ্বৰ নেতৃস্থানীয় ষ্টেকহ’ল্ডাৰসকলৰ বাবে এক বিশ্বজনীন মঞ্চ গঢ়ি তুলিছো৷ আহক ইয়াত আমি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় জ্ঞানৰ আদান-প্ৰদান কৰো৷ এই সন্মিলনত অংশগ্ৰহণ কৰা বাবে মই আপোনালোকক ধন্যবাদ জনাইছো৷ মই এই বিশ্বজনীন সন্মিলনৰ সফলতা কামনা কৰিছো৷ মই নিশ্চিত যে আগন্তুক চাৰিটা দিনত ইয়াৰ জৰিয়তে দায়িত্বশীল এআইৰ এক কাৰ্যকৰী ৰোডমেপ প্ৰস্তুত হ’ব৷ এই ৰোডমেপে সমগ্ৰ বিশ্বৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিব৷ সকলোলৈ শুভেচ্ছা থাকিল৷

ধন্যবাদ৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore

Media Coverage

‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dilip Mahadu Gavit on winning Gold in Men’s 100m T47 at Commonwealth Games 2026
July 30, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Dilip Mahadu Gavit on winning the Gold medal in the Men’s 100m T47 event at the Commonwealth Games 2026.

The Prime Minister noted that Dilip Mahadu Gavit set a new Commonwealth Games record and achieved his season best with a remarkable timing.

Shri Modi said that his speed, determination and dedication have made the nation proud and wished him the very best for his future endeavours.

In a post, Shri Modi said;

“A phenomenal performance by Dilip Mahadu Gavit!

Congratulations to him on winning the Gold Medal in the Men’s 100m T47 event with a remarkable timing, setting a new Games Record and achieving his Season Best. His speed, determination and dedication have made our nation proud. Best wishes for his future endeavours!

#CWG2026”