With Pakyong Airport, the country has hit a century of airports: PM Modi
Pakyong Airport would greatly ease connectivity to Sikkim, boost tourism, strengthen trade: PM Modi
Out of 100 airports in the country today, 35 have been operationalized in the last four years: PM Modi

ছিকিমৰ ৰাজ্যপাল শ্ৰীমান গংগাপ্ৰসাদ ডাঙৰীয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰীমান পৱল চামলিং ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান সুৰেশ প্ৰভু ডাঙৰীয়া, ডাক্টৰ জীতেন্দ্ৰ সিং ডাঙৰীয়া, এছ. এছ. আহলুৱালিয়া ডাঙৰীয়া, ৰাজ্য বিধানসভাৰ অধ্যক্ষ শ্ৰীমান কে. এন. ৰায় ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী দৰ্জী শ্বেৰিং লেপচয়া ডাঙৰীয়া, ইয়াত উপস্থিত অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই–ভনীসকল৷

বন্ধুসকল, মই বিগত তিনিদিন ধৰি ভাৰতৰ পূৰ্বাঞ্চলত ভ্ৰমণ কৰি আছোঁ আৰু এই ভ্ৰমণৰ সময়চোৱাত আন্তঃগাঁথনি তথা মানৱতাৰ সেৱাৰ সৈতে জড়িত বহু ডাঙৰ ডাঙৰ প্ৰকল্প দেশক সমৰ্পিত কৰাৰ মই সৌভাগ্য লাভ কৰিছোঁ৷

কালি ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী জন–আৰোগ্য যোজনা পিএমজেএৱাইৰ শুভাৰম্ভ, আয়ুষ্মান ভাৰত যোজনা মুকলি কৰাৰ পিছত, কালি সন্ধিয়া ছিকিমলৈ আহিলো৷ আৰু আজি পুৱা ছিকিমত, ছিকিমৰ পুৱা, উদিত সূৰ্য, শীতল বতাহ, পাহাৰৰ প্ৰকৃতিৰ সৌন্দৰ্যতা, সেয়ে ময়ো আজি কেমেৰা চলোৱাত লাগি গ’লো৷ ইয়াৰ সৌন্দৰ্য, ভব্যতাক কোনে পচন্দ নকৰিব৷ সকলোৱে ইয়াৰ সৌন্দৰ্য পিপাসু৷ প্ৰকৃতিয়ে আপোনালোকক ইমান বোৰ দিছে, সেইসমূহৰ বাবে সকলোৱে ইয়ালৈ দৌৰি আহে৷

ভাই–ভনীসকল, পূব দিশৰ আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ কি মহত্ব আছে এয়া আপোনালোকেও ভালকৈ জানে আৰু দেশেও ভালকৈ জানে৷

পূবত উত্তৰ পূবৰ এক ভিন্ন মহত্ব আছে৷ এই সুন্দৰ পূবৰ ৰাজ্যত বাস কৰা আপোনালোক সকলোকে মই আদৰপূৰ্বক নমস্কাৰ কৰিছোঁ আৰু ছিকিমৰ, আপোনালোক সকলোকে এই প্ৰথম পাকয়ং বিমানবন্দৰ উচৰ্গা কৰিলো৷

আজিৰ দিনটো ছিকিমৰ বাবে ঐতিহাসিক দিন হোৱাৰ লগতে দেশৰ বাবেও এক গুৰুত্বপূৰ্ণ দিন৷ পাকয়ং বিমানবন্দৰ মুকলিৰ হোৱাৰ সময়ত আপোনালোক গৰ্বিত হ’ব৷ ক্ৰিকেটৰ পথাৰত খেলুৱৈয়ে শতক অৰ্জন কৰে, আজি ভাৰতেও শতক পূৰ্ণ কৰিলে৷ অৰ্থাৎ এই বিমানবন্দৰ মুকলিৰ পিছত ভাৰতত শততম বিমানবন্দৰ কাৰ্যকৰী হ’ল আৰু এই অৰ্থতেই দেশে শতক পূৰ্ণ কৰিলে৷ আজি দেশ কিদৰে পৰিৱৰ্তিত হৈছে এয়া আমাৰ ছিকিম ফুটবলৰ বাবে জনাজাত৷ সকলোৱে ইয়াত ফুটবল খেলে৷ কিন্তু সেই ছিকিম আজি ক্ৰিকেটতো নাম উজ্বলাবলৈ সক্ষম হৈছে৷

কালি মই বাতৰি কাকতত পঢ়িলো যে ইয়াৰ কেপ্টেইন নীলেশ লামীছাই শতক অৰ্জন কৰিলে৷ যি ছিকিমত পূৰ্বে ফুটবল খেলা হৈছিল সেই ছিকিমত নীলেশে শতক অৰ্জনকাৰী ছিকিমবাসী হোৱাৰ লগতে ইয়াৰ বিমানবন্দৰেও দেশৰ শতক অৰ্জন কৰিলে৷

ভাই আৰু ভনীসকল, এই বিমানবন্দৰ আপোনাৰ জীৱনক অধিক সহজ কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ আজি পৰ্যন্ত আমি সকলোৱে দেশৰ অন্য প্ৰান্তৰ পৰা ছিকিমলৈ আহিবলৈ আৰু ইয়াৰ পৰা অন্য প্ৰান্তলৈ যাবলৈ কিমান সমস্যা হৈছিল৷ এয়া ইয়াৰ জনসাধাৰণে জানে আৰু ইয়ালৈ অহা লোকেও জানে৷

প্ৰথমে পশ্চিম বংগৰ বাগডোগ্ৰালৈ বিমানেৰে আহি তাৰ পৰা প্ৰায় এশ পঁচিশ কিলোমিটাৰ পৰ্যন্ত ওখ–চাপৰ ৰাস্তাৰে ৫–৬ ঘণ্টীয়া ভাগৰুৱা যাত্ৰা আৰু তাৰ পিছতহে গেংটকলৈ আহিব পাৰি৷ কিন্তু এতিয়া পাকয়ং বিমানবন্দৰে এই ভাগৰুৱা যাত্ৰা মিনিটতে সমাপ্ত কৰিব৷

ভাই–ভনীসকল, ইয়াৰ দ্বাৰা যাত্ৰা সহজ আৰু কম হোৱাৰ লগতে চৰকাৰে এয়াও প্ৰয়াস কৰিছে যে ইয়াৰ পৰা অহা–যোৱা সাধাৰণ ব্যক্তিৰ বাবে যাতে ব্যয়সাধ্য হয়৷ আৰু সেইবাবে এই বিমানবন্দৰক উড়ান যোজনাৰ সৈতে সংবদ্ধ কৰা হৈছে৷ এই যোজনাৰ অধীনত ২৫০০–২৬০০ টকাহে দিব লাগে৷ আঢ়ৈ হাজাৰ টকা প্ৰায়৷

চৰকাৰৰ এই দূৰদৃষ্টি আৰু প্ৰয়াসৰ বাবে আজি বিমান ভ্ৰমণ ৰে’লৱে এয়াৰ কণ্ডিচনাৰ শ্ৰেণীৰ সমান সস্তা হৈ পৰিছে৷ আৰু আমাৰ ইয়াত কোৱা হয়– সময়েই ধন, শুনিছোঁ নহয় আমি– সময়েই ধন৷ বিমানেৰে যাত্ৰা কৰিলে সময় ৰাহি হয় অৰ্থাৎ ধন ৰাহি হয়৷ এই কাৰণতেই দেশৰ লক্ষাধিক মধ্যবিত্তই আজি বিমানেৰে যাত্ৰা কৰিবলৈ সক্ষম হৈছে৷

বন্ধুসকল, এতিয়া বিমানবন্দৰৰ আৰম্ভণি হৈছে৷ অলপ আগেয়ে মই বিমানবন্দৰ মুকলি কৰা সুযোগ লাভ কৰিলো৷ কিন্তু অনাগত এক দুই সপ্তাহৰ ভিতৰত গুৱাহাটী আৰু কলকাতাৰ পৰা নিয়মীয়া উৰণ আৰম্ভ হ’ব৷ অনাগত দিনত দেশৰ অন্য প্ৰান্ত তথা চুবুৰীয়া দেশৰ পৰাও ইয়াৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হ’ব৷

বন্ধুসকল, পাকয়ং বিমানবন্দৰ কেৱল সৌন্দৰ্যতাই নহয় আমাৰ ইঞ্জিনিয়াৰিং কৌশলৰ প্ৰতীকো হয়৷ যিসকল ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত তেওঁলোকে বিগত তিনিদিন ধৰি এই বিমানবন্দৰৰ প্ৰতিচ্ছবি আৰু প্ৰকৃতিৰ কোলাত কিদৰে জাহাজ উঠা–নমা কৰিছে, এই ছবিসমূহ বোধহয় ছ’চিয়েল মিডিয়াত ইমান ভাইৰেল হৈছে, আপোনালোকে দেখিছে৷ আজি ইয়াৰ উদঘাটন হৈছে কিন্তু জনতাই ইয়াৰ জয়ধ্বনি নিৰন্তৰ আৰম্ভ কৰি দিছে৷

চাৰে পাঁচশ কোটাৰ ব্যয়ৰে নিৰ্মাণ হোৱা এই বিমানবন্দৰ আমাৰ ইঞ্জিনিয়াৰ, আমাৰ শ্ৰমিক, তেওঁলোকৰ ক্ষমতাৰ এক গৌৰৱপূৰ্ণ পদক্ষেপ৷ কিদৰে পাহাৰ কটা গৈছে, সেয়া কংক্ৰিটেৰে পূৰণ কৰা হৈছে, ভৰ বাৰিষাৰ প্ৰত্যাহ্বান মোকাবিলা কৰা হৈছে৷ ইয়াৰ পৰা বৈ যোৱা জলধাৰা বিমানবন্দৰৰ তলৰ পৰা লৈ যোৱা হৈছে৷ সঁচাকৈয়ে এয়া অদ্ভূত ইঞ্জিনিয়াৰিঙৰ কৌশল৷

আজি এই উপলক্ষে মই এই বিমানবন্দৰৰ পৰিকল্পনা আৰু নিৰ্মাণৰ সৈতে জড়িত সকলো ইঞ্জিনিয়াৰ, সকলো শ্ৰমিকক এই অতুলনীয় কাৰ্যৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ আপোনালোক সকলোৱে সঁচাকৈয়ে অদ্ভুত কাৰ্য প্ৰদৰ্শন কৰিছে৷

ভাই আৰু ভনীসকল, ছিকিমক আৰু উত্তৰ পূৰ্বাঞ্চলক আন্তঃগাঁথনি তথা আৱেগিক, দুয়ো ধৰণৰ সংযোগৰ বিস্তাৰ কৰাৰ কাম দ্ৰুত গতিত চলিব ধৰিছে৷ বিগত চাৰিটা বৰ্ষত মই নিজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ আপোনালোকৰ আশীৰ্বাদ ল’বলৈ, ইয়াৰ বিকাশৰ অগ্ৰগতিৰ খতিয়ান ল’বলৈ স্বয়ং উপস্থিত হৈছোঁ৷

এয়াই নহয়, সপ্তাহ–দুসপ্তাহৰ মূৰে মূৰে কোনোবা নহয় কোনোবা কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীয়ে উত্তৰ পূবৰ কোনোবা এখন ৰাজ্য ভ্ৰমণ কৰে,সোধা–পোচা কৰে, কামকাজৰ হিচাপ লয়৷ ইয়াৰ পৰিণাম কি হৈছে আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে৷

ছিকিমেই হওক, অৰুণাচল প্ৰদেশেই হওক, মেঘালয়েই হওক, মণিপুৰেই হওক, নাগালেণ্ডেই হওক, অসমেই হওক, ত্ৰিপুৰাই হওক,মিজোৰামেই হওক, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত বহুত কাম, স্বাধীনতাৰ পিছত বহুত কাম প্ৰথমবাৰলৈ হৈছে৷ বিমান প্ৰথমবাৰলৈ আহিছে৷ ৰে’ল সংযোগ প্ৰথমবাৰলৈ হৈছে৷ কোনোবা স্থানত প্ৰথম বাৰলৈ বিদ্যুৎ উপলব্ধ হৈছে৷

ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈছে, গাঁৱৰ ৰাস্তাও নিৰ্মাণ হৈছে৷ নদীসমূহত ডাঙৰ ডাঙৰ দলং নিৰ্মাণ হৈছে৷ ডিজিটেল ভাৰতৰ প্ৰচাৰ হৈছে৷‘সবকা সাথ সবকা বিকাশ’ৰ মন্ত্ৰত চলা আমাৰ চৰকাৰে ক্ষেত্ৰীয় বৈষম্যসমূহ দূৰ কৰি পূৰ্বোত্তৰ আৰু পূব ভাৰতক দেশৰ উন্নতিৰ কাহিনীৰ এক ইঞ্জিন হিচাপে বনোৱাৰ ক্ষীপ্ৰ প্ৰয়াস কৰি আছে, আমি ইয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

এই দূৰদৃষ্টিৰ অধীনত ছিকিমক নিজৰ বিমানবন্দৰ প্ৰদান কৰাৰ কাম আমি ক্ষীপ্ৰ কৰিলো৷ অসামঞ্জস্যতাসমূহ দূৰ কৰিলো আৰু আজি আপোনালোকৰ সপোন বাস্তৱায়িত হ’ল৷ অন্যথা আপোনালোকেও ভালদৰে জানে যে প্ৰায় ছয় দশক পূৰ্বে এখন সৰু বিমান ইয়াৰ পৰা উৰিছিল৷ তাৰ পিছত ছয় দশক পৰ্যন্ত আপোনালোকে বিমানবন্দৰৰ বাবে অপেক্ষাৰ পিছত অপেক্ষা কৰিবলগীয়া হ’ল৷

বন্ধুসকল, কেৱল ছিকিমেই নহয়, অৰুণাচলকে ধৰি দেশৰ অনেক ৰাজ্যতো নতুন বিমানবন্দৰ নিৰ্মাণ হৈছে৷ যিদৰে প্ৰথমেই মই কৈছিলো যে আজি আমাৰ ১০০তম বিমানবন্দৰ কাৰ্যকৰী হৈছে৷ আৰু আপোনালোকে জানি আচৰিত হ’ব, ইয়াৰে ৩৫টা বিমানবন্দৰ বিগত চাৰি বছৰত নিৰ্মাণ কৰা হৈছে৷

স্বাধীনতাৰ পিছত ২০১৪ চনলৈ ক্ষীপ্ৰ গতিৰে কাম কৰাৰ অৰ্থ কি? চাৰিও দিশত কাম হোৱাৰ অৰ্থ কি? দৃষ্টিভংগীৰ সৈতে কাম কৰাৰ আৰ্থ কি? এই এটা উদাহৰণ দ্বাৰা আপুনি বুলি পাব৷ স্বাধীনতাৰ পিছত ২০১৪ চনলৈ অৰ্থাৎ ৬৭ বছৰ, ৬৭ বছৰত ৬৫টা বিমানবন্দৰ আছিল, অৰ্থাৎ গড় হিচাপত এবছৰত এটা বিমানবন্দৰ৷ কথাটো বুজি পাইছে নে আপোনালোকে? মোৰ কথা আপোনালোকে বুজি পাইছে নে? এবছৰত এটা বিমানবন্দৰ৷ এয়া তেওঁলোকৰ গতি আছিল, তেওঁলোকৰ চিন্তা আছিল৷ বিগত চাৰিটা বৰ্ষত এবছৰত ৯ টা বিমানবন্দৰ উৰণৰ বাবে প্ৰস্তুত হৈছে৷ ৯ গুণ গতিৰে অৰ্থাৎ এই কামটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে বোধহয় ৪০ বছৰ লগাই দিলেহেঁতেন, যি আমি চাৰিটা বৰ্ষতে সমাপ্ত কৰিছোঁ৷

ভাই–ভনীসকল, আজি ভাৰত ঘৰুৱা ফ্লাইটৰ বিষয়ত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ডাঙৰ বজাৰ হৈ উঠিছে, বিশ্বৰ ভিতৰতে তৃতীয়৷ ভাৰতত বিমান সেৱা প্ৰদান কৰা উদ্যোগসমূহৰ ওচৰত বিমানৰ সংখ্যা কম হৈ গৈছে৷ নতুন বিমানৰ বাবে অৰ্ডাৰ দিয়া হৈছে৷ আপোনালোকক এটা সংখ্যা কওঁ, সেয়াও আপোনালোকক আচৰিত কৰি তুলিব৷ স্বাধীনতাৰ ৭০ বৰ্ষত দেশত প্ৰায় ৪০০ বিমানে সেৱা প্ৰদান কৰি আছিল৷ ৭০ বছৰত ৪০০ বিমান৷ এতিয়া বিমান সেৱা প্ৰদান কৰা উদ্যোগসমূহহে এটা বৰ্ষত ১০০০খন নতুন বিমানৰ অৰ্ডাৰ দিছে৷ আপুনি কল্পনা কৰিব পাৰে৷ আৰু ইয়াৰ দ্বাৰাই গম পোৱা যায় যে যি মোৰ সপোন, হাৱাই চেন্দেল পিন্ধা সাধাৰণ ব্যক্তি এজনক বিমান যাত্ৰা কৰোৱাৰ আমাৰ সপোন কিমান ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হ’বলৈ ধৰিছে৷

ভাই আৰু ভনীসকল, আপোনালোকৰ নিজা বিমানবন্দৰ হোৱাৰ ফলত আপোনালোক সকলোৱে দেশৰ অন্য প্ৰান্তলৈ অহা–যোৱা কৰাত সুবিধা পাব, আপোনালোকৰ আমদানি বৃদ্ধি পাব, উপাৰ্জন বৃদ্ধি পাব৷ ছিকিম অৱশ্যে এনেয়ো দেশী–বিদেশী পৰ্যটকৰ প্ৰিয় লক্ষ্য স্থান৷ ইয়ালৈ জনসংখ্যাতকৈ অধিক পৰ্যটক আহে৷ মোক কোৱা হৈছে যে বিমানবন্দৰ নোহোৱাৰ ফলতো ৰাজ্যৰ মুঠ জনসংখ্যাতকৈ ডেৰ গুণ অধিক পৰ্যটক ইয়ালৈ আহে৷

এতিয়া এই বিমানবন্দৰ নিৰ্মাণ হোৱাৰ পিছত পৰ্যটকৰ সংখ্যা ইয়াতেই সীমিত নহয়, এয়া জানি লওক৷ এই দিপাৱলীতেই আপোনালোকে দেখা পাব, এই দুৰ্গা পূজাতেই আপোনালোকে দেখা পাব যে কিদৰে পৰ্যটকৰ মেলা বহিব ইয়াত৷

বিমানবন্দৰ ছিকিমৰ যুৱপ্ৰজন্মৰ বাবে নিয়োজনৰ নতুন দুৱাৰমুখ হিচাপে বিবেচিত হ’ব৷ আৰু ইয়াৰ বাবে ইয়াত হোটেল, মোটেল,অতিথি গৃহ, কেম্পেইন ছাইট, হোমষ্টে’, পৰ্যটক গাইড, ৰেষ্টুৰেণ্ট, ক’ত কিমান৷ আৰু পৰ্যটন এনেকুৱা, দৰিদ্ৰতকৈ দৰিদ্ৰতম লোকেও উপাৰ্জন কৰে, পেপা–চানা বিক্ৰী কৰোঁতাইও উপাৰ্জন কৰে, ফুল বেচোঁতাইও উপাৰ্জন কৰে, অটো ৰিক্সাইও উপাৰ্জন কৰে, অতিথি গৃহৰ মালিকেও উপাৰ্জন কৰে আৰু চাহ বিক্ৰেতাইও উপাৰ্জন কৰে৷

বন্ধুসকল, পৰিবহণ আৰু পৰ্যটনক চৰকাৰে ৰূপান্তৰণ প্ৰণালী হিচাপে বিবেচনা কৰিছে৷ আস্থাৰ সৈতে জড়িত স্থানেই হওক,আধ্যাত্মিকতাৰ সৈতে জড়িত স্থানেই হওক, আদিবাসীসকলৰ স্থানেই হওক, এই সকলো ক্ষেত্ৰৰ ওপৰত বিশেষ ধ্যান দিয়া হৈছে৷ ইয়াত শ্ৰদ্ধালুসকলৰ বাবে, পৰ্যটকৰ বাবে সুবিধাসমূহৰ নিৰ্মাণ কৰা হৈছে৷ এই ক্ষেত্ৰত সকলোতকৈ ওখ শৃংগ কাঞ্চনজংঘাও আছে আৰু ইয়াত নাথুলা পাছো আছে৷ ইয়াক আমাৰ চৰকাৰে মানস সৰোবৰৰ যাত্ৰাৰ বাবে খোলা ৰাখিছে৷

ইয়াৰ শ্ৰদ্ধালুসকলৰ সুবিধাসমূহৰ নিৰ্মাণ কৰাৰ বাবে ৪০ কোটিতকৈও অধিক টকাৰ অনুমোদন জনোৱা হৈছে৷ ইয়াৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ ছিকিমক সেউজীয়া কৰি ৰাখিবলৈও ৰাজ্য চৰকাৰৰ সৈতে অনেক প্ৰয়াস কৰা হৈছে৷

কেন্দ্ৰ চৰকাৰে ৰাষ্ট্ৰীয় নদী সংৰক্ষণ পৰিকল্পনাৰ অধীনত ৩৫০ কোটিতকৈও অধিক পৰিমাণৰ টকাৰ অনুমোদন জনাইছে৷ ইয়াৰ অধীনত যি ৯ টা প্ৰকল্প মঞ্জুৰ হৈছে, আৰু তাত ৮টা গেংটক আৰু ছিংগটমৰ বাবে আছে৷ প্ৰায় ডেৰশ কোটিৰ প্ৰকল্প ৰাণীচু নদীক প্ৰদূষিত হোৱাৰ পৰা বচোৱাৰ বাবে অনুমোদন জনোৱা হৈছে৷ ইয়াৰ উপৰিও পৰিৱেশ ৰক্ষাৰ বাবে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰায় এশ পঁচিশ কোটি টকাৰ অনুমোদন জনোৱা হৈছে য’ত ৫০ কোটিতকৈও অধিক মুকলি কৰা হৈছে৷

বন্ধুসকল, পৰিৱেশ, পৰিবহণ আৰু পৰ্যটন, এই তিনিওটাৰ মাজত গভীৰ সম্পৰ্ক আছে৷ সেইবাবে ছিকিমৰ বাবে কেৱল বায়ু সংযোগতেই গুৰুত্ব প্ৰদান কৰা হোৱা নাই, অন্যান্য বিষয়সমূহতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ প্ৰায় ১৫০০ কোটি টকাতকৈও অধিক টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামো ইয়াত চলি আছে৷ ইয়াৰ উপৰি প্ৰায় ২৫০ কোটি টকাৰ ব্যয়ৰ দ্বাৰা সৰু সৰু পথো নিৰ্মাণ কৰা হৈছে, পথসমূহ ওখ কৰা হৈছে৷

পথৰ লগে লগে ছিকিমত ৰে’লৱেকো সৱলীকৰণ কৰা হৈছে৷ গেংটকক ব্ৰ’ডগজৰ সৈতে সংযোগ কৰাৰ কাম দ্ৰুত গতিত হ’বলৈ ধৰিছে৷ ছিকিমত বিদ্যুতৰ ব্যৱস্থা সংশোধন কৰাৰ বাবে পৰিবহণ লাইনক ঠিক কৰাৰ বাবে ১৫০০ কোটি টকাৰ সাহায্য ৰাজ্যক প্ৰদান কৰা হৈছে৷ মোক কোৱা হৈছে যে ডিচেম্বৰ পৰ্যন্ত এই কামটোক সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে৷

ইয়াৰ উপৰি বিদ্যুৎ উৎপাদন সন্দৰ্ভতো ছিকিমক দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ মাজৰ এখন কৰাৰ দিশত আগবঢ়া হৈছে৷ প্ৰায় ১৪ হাজাৰ কোটি ব্যয়েৰে ৬টা হাইড্ৰ’ ইলেক্ট্ৰিক যোজনাসমূহৰ ওপৰত ইয়াত কাম চলি আছে৷

ভাই আৰু ভনীসকল, মই আপোনালোক সকলো ছিকিমবাসীক, ইয়াৰ চৰকাৰক আৰু বিশেষকৈ ইয়াৰ কৃষকক অভিনন্দন জনাইছোঁ যে আপোনালোকে জৈৱিক কৃষিক দেশত উদাহৰণ হিচাপে প্ৰস্তুত কৰিছে৷ ছিকিম এশ শতাংশই জৈৱিক কৃষিৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে৷

দেশত জৈৱিক কৃষিক উৎসাহ প্ৰদান কৰাৰ বাবে চৰকাৰে অনেক প্ৰয়াস কৰিছে৷ ইয়াৰ বাবে পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কাম কৰা হৈছে৷ কেৱল জৈৱিক কৃষিক গুৰুত্ব প্ৰদান কৰাই নহয়, তাৰ বাবে মূল্য সংযোজন আৰু বজাৰৰ ব্যৱস্থাও কৰা হৈছে৷ আৰু এই যি বিমানবন্দৰ, আজি যাত্ৰীৰ বাবে আৰম্ভ হৈছে, কিন্তু সেই দিন দূৰ নহয় যিদিনা ইয়াৰ পৰা ফল, ফুল ঘণ্টাৰ ভিতৰতে দিল্লীৰ বজাৰ পাবগৈ, সেই দিন আৰু দূৰ নহয়৷

ভাৰতৰ বহু ভগৱানৰ চৰণত এতিয়া ছিকিমৰ কৃষকে প্ৰস্তুত কৰা ফুল উপলব্ধ হ’ব৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত চৰকাৰে mission organic value development for North-Eastern region নামৰ এক বিশেষ যোজনা প্ৰণয়ন কৰিছে৷ ইয়াৰ বাবে প্ৰায় ৪০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে৷

বন্ধুসকল, জৈৱিক উৎপাদন কেৱল আমাৰ পৰিৱেশৰ বাবেই নহয়, আমাৰ পৃথিৱীৰ বাবেও সুৰক্ষিত, আমাক ৰোগৰ পৰা নিলগত ৰাখে৷ দেশবাসীৰ স্বাস্থ্য চৰকাৰৰ সকলোতকৈ ডাঙৰ প্ৰাথমিকতা৷ আৰু মোক কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ইয়াত বিগত দহ বছৰত এই জৈৱিক কৃষিৰ সফলতা হ’ল মানুহবোৰৰ আয়ুস বৃদ্ধি হৈছে৷ বিগত দহ বছৰত আয়ুস বৃদ্ধি হৈছে আৰু ইয়াত পুৰুষতকৈ অধিক মহিলাৰ আয়ুস বৃদ্ধি হৈছে৷ মোৰ বিশ্বাস যে দেশৰ জনসাধাৰণেও ৰাসায়নিক সাৰৰ পৰা মুক্তি লাভ কৰি সুদীৰ্ঘ জীৱন লাভ কৰিব পাৰে, তেওঁলোকে নিশ্চয়কৈ ছিকিমৰ পৰা শিকিব, বুজিব৷

মই জ্ঞাত যে স্বচ্ছতা হি সেৱা আদৰ্শত ছিকিমবাসীয়ে আঁকোৱালি লৈছে৷ তেওঁলোকে ইয়াক আগুৱাই লৈ গৈছে৷ আপোনালোক সকলোৰে প্ৰয়াস আৰু সজাগতাৰ বাবেই ছিকিমে ২০১৬ চনত ছিকিমক সৰ্বপ্ৰথম মুক্ত স্থানত মলত্যাগৰ পৰা মুক্ত স্থান বুলি ঘোষিত কৰা হৈছিল৷ Open defecation free. কেৱল এয়াই নহয়, প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্তিৰ বাবেও আপোনালোকে প্ৰশংসনীয় কাম কৰিছে৷

ভাই আৰু ভনীসকল, যিদৰে মই প্ৰথমে ক’লো, কালি দেশত আয়ুষ্মান ভাৰতৰ ৰূপত বিশ্বৰ সকলোতকৈ বৃহৎ স্বাস্থ্য সুৰক্ষা আঁচনি,ইয়াৰ শুভাৰম্ভ হৈছে৷ আৰু ছিকিমো ইয়াৰ সৈতে জড়িত৷ আৰু তাৰ বাবে ছিকিমৰ দুখীয়া পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকাৰ বেমাৰ,গম্ভীৰ বেমাৰ আদিৰ খৰচ চৰকাৰে প্ৰদান কৰিব৷ আৰু ইয়াৰ নাগৰিক ভাৰতৰ যিকোনো স্থানলৈ গ’লে তাতে চিকিৎসালয়ৰ প্ৰয়োজন হ’লে তাতেও ধন প্ৰদান কৰা হ’ব৷ বেমাৰী ব্যক্তি য’লৈ যাব, এই যি আয়ুষ্মান ভাৰতৰ সুৰক্ষা কৱচ আছে, এয়া তেওঁৰ লগে লগে যাব৷

বন্ধুসকল, বিগত চাৰিটা বৰ্ষত জনসাধাৰণৰ জীৱন স্তৰ ওপৰলৈ উঠোৱাৰ বাবে অনেক প্ৰকাৰৰ যোজনাই কেন্দ্ৰই প্ৰণয়ন কৰিছে, যাৰ লাভ ছিকিমেও পাইছে৷ জন–ধন যোজনাৰ বাবে ইয়াৰ প্ৰায় ১ লাখ লোকৰ বেংক একাউণ্ট খোলা হৈছে৷ প্ৰায় ৮০ হাজাৰ ভাই–ভনীক কেৱল মাহিলী ১ টকা আৰু প্ৰতিদিনে ৯০ পইচা সুৰক্ষা বীমা যোজনাৰ সৈতে জড়িত কৰা হৈছে৷

উজ্বলা যোজনাৰ অধীনত প্ৰায় ৩৮ হাজাৰ দুখীয়া পৰিয়ালৰ পাকঘৰলৈ বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰা হৈছে৷

বন্ধুসকল, পূব ভাৰত, পূৰ্বোত্তৰ জীৱনক সৰল কৰাৰ বাবে, ইয়াৰ কঠিন পৰিস্থিতিসমূহক সৰল কৰাৰ বাবে, ইজ অৱ লিভিং সুনিশ্চিত কৰাৰ বাবে এনডিএৰ চৰকাৰ প্ৰতিবদ্ধতাৰ সৈতে আগবাঢ়ি আছে৷ আমি এই ক্ষেত্ৰক বিকাশৰ বাবে নতুন যুগৰ সৈতে জড়িত কৰিব বিচাৰিছোঁ৷ নতুন ভাৰতৰ নতুন খুঁটি বনাব বিচাৰিছোঁ৷

এই বিমানবন্দৰৰ বাবে ইয়াত অনেক সুবিধা বিকশিত হ’ব যি ছিকিমক বিকাশৰ নতুন উচ্চতা প্ৰদান কৰিব৷ আপোনালোক সকলোকে আপোনালোকৰ প্ৰথম বিমানবন্দৰৰ বাবে মই পুনৰবাৰ হৃদয়েৰে অলেখ অভিনন্দন জনাইছোঁ৷

মুখ্যমন্ত্ৰী মহোদয়ে বহুতো বিষয়ৰ কথা উল্লেখ কৰিছে, এই সকলো বিষয়সমূহৰ সন্দৰ্ভত মই তেওঁৰ সৈতে ব্যক্তিগত চৰ্চা কৰিয়েই থাকোঁ৷ আৰু সেইবাবে সেইসমূহ সাৰ্বজনিক ৰূপত পৃথকে মই উল্লেখ কৰাৰ প্ৰয়োজন নেদেখোঁ৷ কিন্তু মই আপোনালোকক বিশ্বাস দিব খুজিছোঁ যে এই দেশক নতুন উচ্চতালৈ নিব লাগে, ছিকিমকো আগবঢ়াই লৈ যাব লাগে, ছিকিমৰ প্ৰতিটো সমাজৰ, প্ৰতিজন ব্যক্তিৰ,প্ৰতিজন নৱ প্ৰজন্মৰ, তেওঁলোকৰ সপোন পূৰণ কৰাৰ বাবে সকলো প্ৰয়াস কৰা হ’ব৷

এই বিশ্বাসৰ সৈতে মই পুনৰ বাবে আপোনালোক সকলোকে অলেখ শুভকামনা যাচিছোঁ, অলেখ অভিনন্দন যাচিছোঁ৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse

Media Coverage

How PM Modi Turned India's Ordnance Factories Into Atmanirbhar Powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Trustees of Indira Gandhi National Centre for the Arts
March 19, 2026

Prime Minister Shri Narendra Modi met with the Trustees of the Indira Gandhi National Centre for the Arts (IGNCA) today to discuss various aspects relating to further popularising India’s diverse culture.

The Prime Minister met Trustees of the Indira Gandhi National Centre for the Arts and explored ways to bring more people into the journey of cultural promotion. During the interaction, the Prime Minister and the Trustees discussed strengthening outreach through digital and grassroots initiatives, and emphasized the importance of supporting artists and scholars in preserving and promoting India's rich heritage.

The Prime Minister wrote on X:

"Met Trustees of IGNCA and discussed various aspects relating to further popularising India’s diverse culture. We also explored ways to bring more people into this journey, strengthen outreach through digital and grassroots initiatives and support artists and scholars in preserving and promoting our rich heritage."