আপোনালোক সকলোৰে সৈতে কথা পাতি এই জানিব পাৰিলো যে আমাৰ দেশৰ পুতলা উদ্যোগত কিমান শক্তি লুকাই আছে৷ এই শক্তি বৃদ্ধি কৰা, ইয়াৰ পৰিচয় বৃদ্ধি কৰাটো আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ অংশ৷ এইটো আমাৰ সকলোৰে বাবে আনন্দৰ কথা যে আজি দেশত প্ৰথম পুতলা মেলাৰ আৰম্ভ হৈছে৷ পুতলা মেলাৰ এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা মোৰ সকলো সতীৰ্থ, পুতলা উদ্যোগৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গ, সকলো শিল্পী ভাই-ভনীসকল, অভিভাৱক, শিক্ষক আৰু মৰমৰ শিশুসকল৷

এই প্ৰথম পুতলা মেলা কেৱল এক ব্যৱসায়িক তথা আৰ্থিক কাৰ্যসূচী নহয়, বৰঞ্চ এই কাৰ্যসূচী দেশৰ শ শ বছৰ পুৰণি খেল আৰু আনন্দ উৎসৱৰ সংস্কৃতিক শক্তিশালী কৰাৰ এক পদক্ষেপ৷ মোক জনোৱা হৈছে যে এই কাৰ্যসূচীৰ প্ৰদৰ্শনীত শিল্পী আৰু স্কুলৰ পৰা আদি কৰি মাল্টিনেচনেল কোম্পানীলৈকে ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১,০০০তকৈ অধিক প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিছে৷ আপোনালোক সকলোৰে বাবে এয়া এনে এক মঞ্চ হ’বলৈ গৈছে, য’ত আপোনালোকে পুতলাৰ ডিজাইন, উদ্ভাৱন, প্ৰযুক্তিৰ পৰা আদি কৰি মাৰ্কেটিং পেকেজলৈকে চৰ্চাও কৰিব আৰু নিজৰ নিজৰ অভিজ্ঞতাও আগবঢ়াব৷ ২০২১ৰ পুতলা মেলাত আপোনালোকে ভাৰতত অনলাইন গেমিং উদ্যোগ আৰু ই-স্পৰ্টছ উদ্যোগৰ পৰিৱেশৰ বিষয়ে জনাৰ সুযোগ লাভ কৰিব৷ এইটো দেখি মোৰ ভাল লাগিছে যে ইয়াত শিশুৰ বাবে বহু কাৰ্যসূচী হাতত লোৱা হৈছে৷ মই পুতলা মেলা আয়োজন কৰাৰ ক্ষেত্ৰত ভূমিকা লোৱা সকলো বন্ধুবৰ্গক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল,

পুতলাৰ সৈতে ভাৰতৰ সৃজনীশীল সম্বন্ধ ইয়াৰ ভূ-ভাগৰ ইতিহাস সমানেই পুৰণি৷ সিন্ধু সভ্যতা, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সময়ৰ পুতলাক লৈ সমগ্ৰ বিশ্বই গৱেষণা কৰিছে৷ প্ৰাচীন কালত বিশ্বৰ পৰ্যটকসকল যেতিয়া ভাৰতলৈ আহিছিল, তেওঁলোকে ভাৰতত খেলো শিকিছিল আৰু তেওঁলোকে এই খেল নিজৰ লগত লৈও গৈছিল৷ আজি দবা খেল বিশ্বত ইমানেই জনপ্ৰিয়, সেয়া আগতে ‘চতুৰঞ্জ বা যাদুৰঞ্জ’ৰ হিচাপে ভাৰতত খেলাইছিল৷ আধুনিক লুডু তেতিয়া ‘পঁচিশ’ হিচাপে খেলা হৈছিল৷ আমাৰ ধৰ্মগ্ৰন্থসমূহতো আপোনালোকে দেখিছে যে বালক ৰামৰ বাবে কিমান পৃথক পুতলাৰ বৰ্ণনা কৰা হৈছে৷ গকুলত গোপাল কৃষ্ণৰ ঘৰৰ বাহিৰত তেওঁ বন্ধুসকলৰ সৈতে কন্দুক অৰ্থাৎ বল খেলা হৈছিল৷ আমাৰ প্ৰাচীন মন্দিৰসমূহতো খেল আৰু পুতলাৰ শিল্প খোদিত কৰা হৈছে৷ বিশেষকৈ তামিলনাডু, চেন্নাইৰ মন্দিৰসমূহ চাই, তেতিয়াহ’লে এনে বহু উদাহৰণ দেখিবলৈ পোৱা যায়৷

বন্ধুসকল,

যিকোনো সংস্কৃতিত যেতিয়া খেল আৰু পুতলা বিশ্বাসৰ কেন্দ্ৰত পৰিণত হয়, তেতিয়াহ’লে ইয়াৰ অৰ্থ এই যে তেওঁলোকে খেলৰ বিজ্ঞানক গভীৰভাৱে বুজি পাইছিল৷ আমাৰ ইয়াত পুতলা এনেদৰে প্ৰস্তুত কৰা হৈছিল, যি শিশুসকলৰ চন্দ্ৰমুখী বিকাশত বৰঙণি যোগাইছিল, তাত বিশ্লেষণাত্মক মনৰ বিকাশ হৈছিল৷ বৰ্তমানেও ভাৰতীয় পুতলা আধুনিক ফেন্সি পুতলাৰ তুলনাত যথেষ্ট সৰল আৰু সস্তা, সামাজিক ভৌগোলিক পৰিৱেশৰ সৈতে জড়িত৷

বন্ধুসকল,

পুনৰ ব্যৱহাৰ আৰু ৰিচাইক্লিং যিধৰণে ভাৰতীয় জীৱনশৈলীৰ অংশ, সেইদৰে আমাৰ পুতলাসমূহতো দেখিবলৈ পোৱা যায়৷ অধিক মাত্ৰাত ভাৰতীয় পুতলা প্ৰাকৃতিক আৰু পৰিৱেশ অনুকূল সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা হয়, তাত ব্যৱহাৰ কৰা ৰঙো প্ৰাকৃতিক আৰু নিৰাপদ৷ আমি বাৰাণসীৰ জনসাধাৰণৰ সৈতে কথা পাতিছিলো৷ বাৰাণসীৰ কাঠৰ পুতলা আৰু খেলনা চাওক, ৰাজস্থানৰ মাটিৰে নিৰ্মিত পুতলা চাওক, পূব মেদিনীপুৰৰ গলৰ পুতলা, কচ্চৰ কাপোৰৰ ডিংগলা আৰু ডিংগলী, অন্ধ্ৰপ্ৰদেশৰ ইতিকোপ্পকা বোম্বালু আৰু বুধনীৰ কাঠৰ চাওক৷ কৰ্ণাটকলৈ গ’লে তাৰ চন্নপটনা পুতলা আমি দেখিলো, তেলেংগানাৰ নিৰ্মল পুতলা, চিত্ৰকুটৰ কাঠৰ পুতলা, অসমৰ ধুবুৰীৰ টেৰাকোটাৰ পুতলা এই সকলোবোৰ কিমান বৈচিত্ৰতাৰে পৰিপূৰ্ণ৷ কিন্তু সকলোৰে মাজত এটাই ঐক্যতা আছে যে সকলো পুতলা পৰিৱেশ অনুকূল আৰু সৃজনীশীল৷ এই পুতলাই দেশৰ তৰুণ প্ৰজন্মৰ মনক আমাৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে জড়িত কৰে আৰু সামাজিক মানসিক বিকাশতো সহায় কৰে৷ সেইবাবে আজি দেশৰ পুতলা প্ৰস্তুতকাৰীসকলকো আহ্বান জনাও যে আপোনালোকে এনে পুতলা প্ৰস্তুত কৰক, যি পৰিৱেশ আৰু মানসিক অৱস্থা দুয়োটাৰ বাবে উন্নত৷ আমি এই প্ৰয়াস কৰিব নোৱাৰো নে, এইবোৰ প্ৰস্তুত কৰোতে কম পৰিমাণে প্লাষ্টিক ব্যৱহাৰ হয়৷ এনে সামগ্ৰীৰ ব্যৱহাৰ কৰক যি ৰিচাইকল কৰিব পাৰি৷

বন্ধুসকল,

আজি বিশ্বৰ প্ৰতিটো ক্ষেত্ৰত ভাৰতীয় দৃষ্টিকোণ আৰু ভাৰতীয় চিন্তাধাৰাৰ আলোচনা হৈ আহিছে৷ ভাৰতৰ ওচৰত বিশ্বক দিয়াৰ বাবে এক ব্যতিক্ৰমী দৃষ্টিভংগী আছে৷ এই আমাৰ পৰম্পৰাসমূহত, আমাৰ সাজপাৰত, আমাৰ খাদ্যাভ্যাসত, আমাৰ বিভিন্ন ঠাইৰ বৈচিত্ৰ এক শক্তি হিচাপে পৰিলক্ষিত হয়৷ সেইদৰে ভাৰতীয় পুতলা উদ্যোগতো এই ব্যতিক্ৰমী ভাৰতীয় দৃষ্টিভংগী, ভাৰতীয় চিন্তাধাৰাক প্ৰোৎসাহিত কৰিব পাৰে৷ আমাৰ ইয়াৰ পুতলাই প্ৰজন্মৰ ইতিহাস হিচাপে সঞ্চিত হৈ আছে৷ ককা-আইতাই পুতলাৰ পৰিয়ালৰ তৃতীয়-চতুৰ্থ প্ৰজন্মলৈকে দি থৈ যায়৷ উৎসৱৰ সময়ত পৰিয়ালৰ লোকসকলে নিজৰ পুতলা উলিয়াইছিল আৰু নিজৰ পাৰম্পৰিক সংগ্ৰহক এজনে আনজনক দেখুৱায়৷ যেতিয়া আমাৰ পুতলা এই ভাৰতীয় নান্দনিকতাৰ সৈতে সংপৃক্ত হয়, তেতিয়া ভাৰতীয় চিন্তাধাৰাইও শিশুৰ অন্তৰ্দৃষ্টি আৰু অধিক শক্তিশালী ৰূপত বিকশিত কৰে, তাত মাটিৰ গোন্ধ থাকে৷

মৰমৰ শিশু আৰু বন্ধুসকল,

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ এটা কবিতাত কৈছিল-“When I bring to you colored toys, my child, I understand why there is such a play of colors on clouds, on water, and why flowers are painted in tints when I give colored toys to you, my child.” অৰ্থাৎ এটা পুতলাই শিশুসকলক আনন্দৰ অনন্ত বিশ্বলৈ লৈ যায়৷ পুতলাৰ এটা এটা ৰঙে শিশুসকলৰ জীৱনত কিমান যে ৰং চতিয়ায়৷ আজি ইয়াত ইমানবোৰ পুতলা দেখি উপস্থিত সকলো শিশুসকলে যি অনুভৱ কৰিছে, সেই অনুভৱ আমি সকলোৱে নিজৰ ল’ৰালি কালৰ স্মৃতিত সজাই ৰাখিছো৷ কাগজৰ বিমান, লাটুম, চিলা, চৰাই, দোলনা, কাগজ ঘূৰ্ণীয়মান পাংখা আদি কিমান যে পুতলা প্ৰতিগৰাকী শিশুৰ ল’ৰালিৰ বন্ধু হয়৷ বিজ্ঞানৰ কিমান সিন্ধান্ত, কিমান কথা, যেনে-ঘূৰ্ণন, দোলনা, চাপ, ঘৰ্ষণ, এই সকলোবোৰ পুতলাৰে আমি খেলি, সেইবোৰ বনাবলৈ আমি নিজেও শিকো৷ ভাৰতীয় খেল আৰু পুতলাবোৰৰ এটা গুণ এই যে ইয়াত জ্ঞান আছে, বিজ্ঞানো আছে, মনোৰঞ্জন আছে আৰু মনোবিজ্ঞানো আছে৷ উদাহৰণস্বৰূপে, লাটুমকে লওক৷ যেতিয়া শিশুৱে লাটুমৰ সৈতে খেলে, তেতিয়া লাটুম খেলি খেলিয়েই মধ্যাকৰ্ষণ আৰু ভাৰসাম্যতাৰ পাঠ পঢ়া হয়৷ সেইদৰে শ্লিংশ্বটৰ সৈতে খেলি শিশুসকলে ক’ব নোৱাৰাকৈয়ে সম্ভাৱনাৰ পৰা কাইনেটিক শক্তিৰ প্ৰাথমিক জ্ঞান অৰ্জন কৰে৷ পাজল টয়ৰ জৰিয়তে ৰাজনৈতিক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ চিন্তাধাৰা বিকশিত হয়৷ সেইদৰে নৱজাতক শিশুৱেও টিলিঙা আৰু বাজনা বজাই ঘূৰ্ণনৰ গতি সম্পৰ্কে অনুভৱ কৰিবলৈ লয়৷ আগলৈ এই বস্তুবোৰকে যেতিয়া তেওঁলোকে শ্ৰেণীত, কিতাপত পঢ়ে, তেতিয়া সেই খেলবোৰৰ সৈতে সম্পৰ্ক অনুভৱ কৰে৷ ব্যৱহাৰিকভাৱে বুজি পায়৷ কেৱল কিতাপৰ জ্ঞানেৰে এই বোধ শক্তি বিকশিত নহয়৷

বন্ধুসকল,

আপোনালোক সকলোৱে দেখিছে যে সৃষ্টিশীল পুতলাই শিশুৰ চেতনাক কিদৰে বিকশিত কৰে, তেওঁলোকৰ কল্পনাত পাখি লগাই দিয়ে৷ নিজৰ পুতলাৰ চৌপাশে কিদৰে নিজৰ কল্পনাৰ এখন সম্পূৰ্ণ সংসাৰ গঢ় দিয়ে৷ যেনেকৈ, আপোনালোকে কোনো শিশুক খেলা সামগ্ৰী হিচাপে বাচন বৰ্তন দিয়, তেওঁলোকে এনেকৈ ব্যৱহাৰ কৰিবলৈ ল’ব, যেন সম্পূৰ্ণ ৰান্ধনিশাল পৰিচালনা কৰে আৰু পৰিয়ালক তেওঁ আজি খাদ্য যোগান ধৰিব৷ তেওঁলোকক আপুনি জীৱ-জন্তুৰ পুতলা দিয়ক, তেতিয়া তেওঁলোকৰ মনত এক সম্পূৰ্ণ জংঘল গঢ় দিয়ে, নিজেও মাত উলিয়াবলৈ লয়, যি ভাল লাগে৷ তেওঁলোকৰ এনে লাগে যে এইটোৱে সিংহৰ মাত উলিয়ায়৷ তেওঁলোকক এডাল ষ্টেটিস্কোপ দি দিয়ক, অলপ পাছত দেখিব ডাক্তৰ হৈ গ’ল, পৰিয়ালৰ ডাক্তৰ হৈ যাব আৰু গোটেই পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা আৰম্ভ কৰিব৷ এনেই এটা বলে তেওঁলোকে ঘৰৰ ভিতৰখনকে সম্পূৰ্ণ ফুটবল গ্ৰাউণ্ড বনাই লয়৷ ৰকেটৰ পুতলা পালে মহাকাশ মিচনলৈ যাত্ৰা কৰে৷ তেওঁলোকৰ সপোনৰ এই উড়ানৰ কোনো সীমা নাই, কোনো অন্ত নাই৷ মাত্ৰ তেওঁলোকক এটা সৰু পুতলা লাগে, যি তেওঁলোকৰ উৎসুকতা, তেওঁলোকৰ সৃজনীশীলতা বৃদ্ধি কৰে৷ ভাল পুতলাৰ এয়াই সুন্দৰতা থাকে যে সেইবোৰৰ বয়স বা সময়ৰ কথা নাথাকে৷ আপোনালোকেও যেতিয়া শিশুৰ সৈতে খেলিবলৈ ল’ব, তেতিয়া এই পুতলাৰ জৰিয়তে নিজৰ ল’ৰালিকাললৈ গুচি যায়৷ সেইবাবে সকলো পিতৃ-মাতৃক আহ্বান জনাও যে আপোনালোকে যিদৰে সন্তানৰ পঢ়াৰ সৈতে জড়িত হয়, সেইদৰে তেওঁলোকৰ খেলাৰ সৈতেও ভাগ লওক৷ মই এইটো নকও যে আপোনালোকে ঘৰৰ, নিজৰ কাৰ্যালয়ৰ সকলো কাম বাদ দিয়ক আৰু ঘণ্টাৰ পাছত ঘণ্টা ধৰি সন্তানৰ সৈতে খেলি থাকক৷ কিন্তু আপোনালোকে তেওঁলোকৰ সৈতে খেলিব পাৰে৷ আজি-কালি পৰিয়ালত খেলাৰ সময় স্ক্ৰীনটাইমে লৈ ল’লে৷ কিন্তু সন্তানক খেল আৰু পুতলাৰ ভূমিকা নিশ্চিতভাৱে বুজাব লাগে৷ পুতলাৰ যি বৈজ্ঞানিক ভিত্তি আছে, শিশুৰ বিকাশ, তেওঁলোকৰ শিক্ষণতো পুতলাৰ ভূমিকা আছে, সেয়া পিতৃ-মাতৃয়েও বুজা উচিত আৰু শিক্ষকসকলেও স্কুলত সেয়া প্ৰয়োগ কৰা উচিত৷ এই দিশত এতিয়া দেশতো উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে, ব্যৱস্থাত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হৈছে৷ ইয়াৰ এটা উদাহৰণ হৈছে আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত ক্ৰীড়াভিত্তিক আৰু কাম-কাজ আধাৰিত শিক্ষা যথেষ্ট পৰিমাণ অন্তৰ্ভূক্ত কৰা হৈছে৷ এয়া এনে এক শিক্ষা ব্যৱস্থা, য’ত সন্তানসকলক পাজল আৰু খেলৰ জৰিয়তে তাৰ্কিক আৰু সৃজনীশীল চিন্তাধাৰা বৃদ্ধি কৰিছে, এই দিশত বিশেষ ধ্যান দিয়া হৈছে৷

বন্ধুসকল,

পুতলাৰ ক্ষেত্ৰত ভাৰতৰ এক পৰম্পৰাৰ লগতে প্ৰযুক্তিবিদ্যাও আছে, ভাৰতৰ এক ধাৰণাৰ লগতে ক্ষমতাও আছে৷ আমি বিশ্বক পৰিৱেশ অনুকূল পুতলাৰ দিশে ঘুৰাই আনিব পাৰো, আমাৰ ছফটৱেৰ ইঞ্জিনিয়াৰসকলে কম্পিউটাৰ গেমছৰ জৰিয়তে ভাৰতৰ কাহিনীসমূহক, ভাৰতৰ যি মুল্যবোধ আছে, সেই কাহিনীক বিশ্ববাসীৰ ওচৰলৈ নিব পাৰে৷ কিন্তু তৎস্বত্তেও ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিশ্ব পুতলা বজাৰত আজি আমাৰ অংশীদাৰিত্ব নিচেই কম৷ দেশৰ ৮৫শতাংশ পুতলা বাহিৰৰ পৰা আহে, বিদেশৰ পৰা আমদানি কৰিব লাগে৷ বিগত ৭ দশকত ভাৰতীয় শিল্পীসকল, ভাৰতীয় ঐতিহ্যৰ যি আশা আছিল, তাৰ ফল এয়া যে ভাৰতৰ বজাৰৰ পৰা আদি কৰি পৰিয়াললৈকে বিদেশী পুতলাৰে ভৰি পৰিল আৰু সেয়া কেৱল পুতলা অহা নাই, এক চিন্তাধাৰা আমাৰ ঘৰে ঘৰে সোমাই পৰিল৷ ভাৰতীয় সন্তানে নিজৰ দেশৰ বীৰ, আমাৰ নায়কসকলতকৈ অধিক বাহিৰৰ তাৰকাৰ বিষয়ে আলোচনা কৰিবলৈ ল’লে৷ এই ব্যৱস্থাই আমাৰ স্থানীয় বজাৰৰ অতি শক্তিশালী শৃংখলা বিচ্ছিন্ন কৰি দিলে৷ শিল্পীসকলে নিজৰ ভৱিষ্যৎ প্ৰজন্মক নিজৰ দক্ষতা প্ৰদানৰ পৰা আঁতৰি থাকিব, তেওঁলোকে ভাৱিব ধৰিলে যাতে সন্তান এই ব্যৱয়ায়লৈ নাহে৷ বৰ্তমান আমি এই পৰিস্থিতি সলনি কৰাৰ বাবে একেলগে কাম কৰিব লাগিব৷ আমি খেল আৰু পুতলাৰ ক্ষেত্ৰতো দেশক আত্মনিৰ্ভৰ কৰিব লাগিব৷ ভোকেল ফৰ লোকেল হ’ব লাগিব৷ ইয়াৰ বাবে আমি আজিৰ প্ৰয়োজনীয়তাক বুজিব লাগিব৷ আমি বিশ্বৰ বজাৰক, বিশ্ববাসীৰ অগ্ৰাধিকাৰক জানিব লাগিব৷ আমাৰ পুতলাসমূহক শিশুসকলৰ বাবে আমাপ মূল্যবোধ, সংস্কাৰ আৰু শিক্ষাও থাকিব লাগিব, ইয়াৰ গুণমানো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ’ব লাগিব৷ এই দিশত দেশে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ বিগত বৰ্ষত পুতলাৰ গুণাগুনৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল৷ আমদানি কৰা পুতলাৰ প্ৰতিটো পৰ্যায়তে নমূনা পৰীক্ষণৰ অনুমতি দিয়া হৈছে৷ আগতে পুতলাৰ বিষয়ে চৰকাৰে আলোচনা কৰাৰ প্ৰয়োজনীয়তাই অনুভৱ কৰা নাছিল৷ এনে বহু গুৰুত্বপূৰ্ণ বিষয় বুজি পোৱা নাছিল৷ কিন্তু এতিয়া দেশত পুতলা উদ্যোগক ২৪টা মুল ক্ষেত্ৰত অন্তৰ্ভূ্ক্ত কৰা হৈছে৷ ৰাষ্ট্ৰীয় পুতলা কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হৈছে৷ ইয়াত ১৫টা মন্ত্ৰালয় আৰু বিভাগক অন্তৰ্ভূক্ত কৰা হৈছে, যাতে এই উদ্যোগ প্ৰতিযোগিতামূলক হয়, দেশ পুতলাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হয় আৰু ভাৰত পুতলা বিশ্বৰ বজাৰত উপলব্ধ হয়৷ এই সমগ্ৰ অভিযানত ৰাজ্যসমূহক অংশীদাৰ হিচাপে লৈ পুতলা ক্লাষ্টাৰ বিকশিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে দেশত পুতলা পৰ্যটনৰো সম্ভাৱনাক শক্তিশালী কৰি থকা হৈছে৷ ভাৰতীয় খেলৰ ওপৰত আধাৰিত পুতলাক প্ৰচাৰ কৰাৰ বাবে টয়কাথন-২০২১ৰ আয়োজন কৰা হৈছিল৷ মোক জনোৱা মতে এই টয়কাথনত ১২লাখতকৈ অধিক যুৱক-যুৱতী, শিক্ষক আৰু বিশেষজ্ঞই নাম পঞ্জীয়ন কৰিছে আৰু ৭,০০০তকৈ অধিক নতুন ধাৰণা আহিছে৷ এইটোৱে দেখুৱায় যে দশক দশক ধৰি উপেক্ষা আৰু জটিলতা স্বত্তেও ভাৰতৰ প্ৰতিভা, ভাৰতৰ দক্ষতাৰ আজিও অসাধাৰণ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আছে৷ যিদৰে ভাৰতে অতীতত নিজৰ আনন্দ, নিজৰ শক্তিৰে মানৱতাৰ জীৱনত ৰং চতিয়াইছিল, সেই শক্তি আজিও সিমানেই জীৱন্ত হৈ আছে৷ আজি পুতলা মেলা উপলক্ষে আমাৰ সকলোৰে এই দায়িত্ব যে আমি এই শক্তিক আধুনিক অৱতাৰ প্ৰদান কৰিম, এই সম্ভাৱনাসমূহক বাস্তৱত ৰূপায়িত কৰিম৷ কিন্ত এই কথা মনত ৰাখিব, আজি যিদৰে মেড ইন ইণ্ডিয়াৰ চাহিদা আছে, সেইদৰে হেণ্ডমেড ইণ্ড ইণ্ডিয়াৰ চাহিদাও সমানেই বৃদ্ধি পাই আছে৷ আজি জনসাধাৰণে পুতলা কেৱল এক সামগ্ৰী হিচাপে নহয়, বৰঞ্চ সেই পুতলাৰ সৈতে জড়িত অনুভৱৰ সৈতেও জড়িত হ’ব বিচাৰে৷ সেইবাবে আমি হেণ্ডমেড ইন ইণ্ডিয়াকো প্ৰচাৰ কৰিব৷ আমি এইটোও মনত ৰাখিব লাগিব যে আমি যি পুতলাই প্ৰস্তুত নকৰো কিয়, আমি এটা শিশু মনক গঢ় দিম, ল’ৰালিকালৰ অসীম উল্লাসক গঢ় দিম, তাত সপোন ভৰাই তুলিম৷ এই আনন্দই আমাৰ ভৱিষ্যৎ নিৰ্মাণ কৰিব৷ মই সুখী হৈছো যে দেশে এই দায়বদ্ধতাক বুজি পাইছে৷ আমাৰ এই প্ৰচেষ্টাই আত্মনিৰ্ভৰ ভাৰতক শক্তি প্ৰদান কৰিব, যি শক্তি ল’ৰালিকালত এক নতুন বিশ্বৰ ৰচনা কৰে৷ এই বিশ্বাসেৰে আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত শুভকামনা জনালো আৰু এতিয়া বিশ্বত ভাৰতৰ পুতলাৰে ডংকা বজাব লাগিব, এয়া আমাৰ সকলোৰে দায়িত্ব, আমি একেলগ হৈ প্ৰচেষ্টা হাতত ল’ম, নিৰন্তৰ প্ৰয়াস কৰিব লাগিব, নতুন নতুন ৰং-ৰূপেৰে প্ৰয়াস কৰিব লাগিব৷ নতুন নতুন চিন্তাধাৰা, নতুন নতুন বিজ্ঞান, নতুন নতুন প্ৰযুক্তিক আমাৰ পুতলা উদ্যোগৰ সৈতে জড়িত কৰিব লাগিব আৰু মোৰ বিশ্বাস যে আমাৰ এই পুতলা মেলাই আমাক সেই দিশত লৈ যোৱাৰ বাবে এক বহু শক্তিশালী পদক্ষেপ হিচাপে সিদ্ধি লাভ কৰাত সহায় কৰিব৷ মই পুনৰবাৰ আপোনালোক সকলো বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump