Growth story of India depends on its achievements in the science and technology sector: PM Modi
We are continuing our efforts to ensure ‘Ease of doing Science’ and effectively using Information Technologies to reduce red tape: PM
We aim to develop India as a world-class, US$100 billion bio-manufacturing hub by 2024: PM Modi

বন্ধুসকল, পোন প্ৰথমে আপোনালোকক ২০২০ বৰ্ষৰ শুভেচ্ছা জনালো৷ এই বৰ্ষটো যেন আপোনালোকৰ বাবে উন্নতি তথা গৱেষণাগাৰৰ বাবে উদ্ভাৱনৰ বৰ্ষ হওক, তাৰেই কামনা কৰিছো৷ নতুন বৰ্ষ তথা নতুন দশকৰ আৰম্ভণিতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত মোৰ প্ৰথমটো কাৰ্যসূচীয়ে মোক আনন্দিত কৰি তুলিছে৷ যোৱাবাৰ মই যেতিয়া বেংগালুৰুলৈ আহিছিলো তেতিয়া দেশবাসীৰ চকু চন্দ্ৰযান-২ত নিৱদ্ধ আছিল৷ সেই সময়, যিধৰণে আমাৰ দেশে বিজ্ঞানক উদযাপন কৰিছিল, আমাৰ মহাকাশ কাৰ্যসূচী আৰু আমাৰ বিজ্ঞানীসকলৰ শক্তি সদায়েই মোৰ স্মৃতিৰ মণিকোঠাত জীয়াই থাকিব৷

বন্ধুসকল, এসময়ৰ উদ্যান নগৰী বেংগালুৰু এতিয়া ষ্টাৰ্ট-আপৰ নগৰী হৈ পৰিছে৷ বিশ্বই ইয়াত উদ্ভাৱনৰ বাবে সমবেত হৈছে৷ গৱেষণা আৰু উদ্ভাৱনৰ এনে এক পৰিবেশতন্ত্ৰ এই নগৰে বিকশিত কৰিছে যাৰ সৈতে জড়িত হোৱাৰ বাবে প্ৰতিজন যুৱ বিজ্ঞানী, প্ৰতিজন উদ্ভাৱনকাৰী, প্ৰতিজন অভিযন্তাই সপোন দেখে৷ কিন্তু এই সপোনৰ আধাৰ কি কেৱল নিজৰ প্ৰগতি, নিজৰ কেৰিয়াৰেই নেকি? নহয়৷ এই সপোন দেশক কিবা এটা নতুন প্ৰদান কৰাৰ, এই সপোন নিজৰ সাফল্যক দেশৰ সাফল্য কৰি তোলাৰ৷

আৰু সেয়ে, ২০২০ বৰ্ষ বিজ্ঞান তথা প্ৰযুক্তিচালিত বিকাশেৰে ধনাত্মক আৰু দুৰদৰ্শিতা সৈতে আৰম্ভ কৰাৰ প্ৰাক্ মুহূৰ্তত আমি আমাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছো৷

বন্ধুসকল,

মোক কোৱা হৈছে যে ভাৰতে বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰকাশনসমূহত বিশ্বজনীনভাৱে তৃতীয় স্থান লাভ কৰিছে৷ এয়া বিশ্বৰ ৪% গড়ৰ তুলনাত আমাৰ ১০% উত্থান হৈছে৷ তদুপৰি ভাৰতে উদ্ভাৱনী সূচাংকত ৫২ নং স্থান লাভ কৰা খবৰেও মোক সন্তোষিত কৰিছে৷ আমাৰ কাৰ্যসূচীয়ে বিগত ৫০ বছৰৰ তুলনাত যোৱা পাঁচ বছৰত যথেষ্ট সংখ্যক প্ৰযুক্তি ব্যৱসায়ৰ সূচনা কৰিছে৷ এই সাফল্যৰ বাবে মই আমাৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছো৷

বন্ধুসকল,

ভাৰতৰ উত্থানৰ গাঁথা বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰে৷ ভাৰতীয় বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনখণ্ডত এক ব্যাপক নৱজাগৰণৰ আৱশ্যক৷ এই দেশৰ যুৱ বিজ্ঞানীসকলৰ প্ৰতি মই এটা মূলমন্ত্ৰ প্ৰদান কৰিব বিচাৰিছো আৰু সেয়া হ’ল-‘‘উদ্ভাৱন, পেটেণ্ট, উৎপাদন আৰু উন্নতি’’৷ এই চাৰিটা পৰ্যায়ে আমাৰ দেশক দ্ৰুত বিকাশৰ পথত অগ্ৰসৰ কৰিব৷ যদি আমি উদ্ভাৱন কৰো তেন্তে তাৰ পেটেণ্ট কৰিম আৰু সেয়া আমাৰ উৎপাদনলৈ পৰিৱৰ্তিত হ’ব আৰু সেই উৎপাদনসমূহ আমি আমাৰ দেশৰ জনসাধাৰণৰ ওচৰলৈ লৈ যাম আৰু তেওঁলোক বিকশিত হ’ব৷ জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উৎপাদনে আমাৰ ‘‘নতুন ভাৰত’’ক পথ প্ৰদৰ্শিত কৰিব৷

বন্ধুসকল,

নতুন ভাৰতক প্ৰযুক্তিও লাগে আৰু লজিকেল টেম্পাৰমেণ্টো, যাতে আমাৰ সামাজিক আৰু আৰ্থিক জীৱনৰ বিকাশক এক নতুন দিশ প্ৰদৰ্শিত কৰিব পাৰো৷ মই সদায়েই এই মত প্ৰকাশ কৰি আহিছো যে ভাৰতীয় সমাজক জড়িত কৰোৱাত, অৱকাশসমূহৰ সমতা প্ৰদানত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা সবাতোকৈ ঊৰ্ধত৷ এতিয়া যিদৰে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশে ভাৰততেই নিৰ্মিত কম ব্যয়ৰ স্মাৰ্টফোন আৰু কম ব্যয়ৰ ডাটাই এক বৃহৎ অভাৱ পূৰণ কৰিছে৷ ইয়াৰ জৰিয়তে সাধাৰণতকৈও সাধাৰণ নাগৰিকৰো মনত এই বিশ্বাসৰ উদয় হৈছে যে তেওঁলোক পৃথক নহয়, তেওঁলোকে চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে দাবী উত্থাপন কৰিব পাৰিছে৷ এনেধৰণৰ পৰিৱৰ্তনকেই আমি উদগনি দিব লাগিব, সৱলীকৰণ কৰিব লাগিব৷

বন্ধুসকল, এইবাৰ আপোনালোকে গ্ৰামোন্নয়নত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত আলোচনা উত্থাপন কৰিছে, সেয়ে মই এই ক্ষেত্ৰৰ বিষয়ে সামান্য অধিকভাৱে ক’বলৈ বিচাৰিম৷ বিগত ৫টা বৰ্ষত গ্ৰামোন্নয়নক দেশৰ সাধাৰণ জনতাই অনুভৱ কৰিছে৷ স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰতলৈ বিশ্বৰ সবাতোকৈ বৃহৎ যোজনাসমূহ যি আজি কাৰ্যকৰী ফলাফলৰ বাবে প্ৰশংসিত, সেইসমূহৰ অন্তৰালৰ শক্তি হ’ল প্ৰযুক্তি  আৰু কাৰ্যকৰী সুশাসনৰ প্ৰতি থকা আমাৰ দায়ৱদ্ধতা৷

বন্ধুসকল, আজি দেশত সুশাসনৰ বাবে যি পৰিক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ হ’বলৈ ধৰিছে সেয়া পূৰ্বে কেতিয়াও হোৱা নাছিল৷ কালি আমাৰ চৰকাৰে দেশৰ ৬ কোটি কৃষকক পিএম কিষাণ সন্মান নিধিৰ ধন প্ৰদান কৰি এক অভিলেখৰ সৃষ্টি কৰিছে৷ এয়া সম্ভৱ কিদৰে হ’ল? আধাৰ সমৰ্থিত প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে৷

বন্ধুসকল,

যদি দেশৰ প্ৰতিখন গাঁৱত, প্ৰতিটো দৰিদ্ৰ পৰিয়ালে শৌচাগাৰৰ সুবিধা লাভ কৰিছে, বিদ্যুতৰ সুবিধা লাভ কৰিছে, তেন্তে সেয়া কেৱল প্ৰযুক্তিৰ ফলতেই হৈছে৷ এই প্ৰযুক্তিৰ ফলতেই চৰকাৰে সেই ৮ কোটি দৰিদ্ৰ ভগ্নীক চিনাক্ত কৰিব পাৰিছে যাৰ জীৱন পাকঘৰৰ ধোঁৱাৰ মাজত বিলীন হৈ পৰিছিল৷ প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত দেশৰ হিতাধিকাৰীসকলক চিনাক্ত কৰিব পৰাৰ লগতে নতুন বিতৰণ কেন্দ্ৰ ক’ত আৰু কিমান নিৰ্মাণ কৰা হৈছে সেয়া আমি অতিশয় কম সময়ৰ ভিতৰতে নিৰ্ধাৰণ কৰিব পাৰিছো৷ আজিৰ গাঁৱৰ পথসমূহ সময়মতে নিৰ্মিত হৈছে, দুখীয়াৰ বাবে ২ কোটিতকৈও অধিক আৱাসৰ নিৰ্মাণ সময়ত সম্পূৰ্ণ হোৱাৰ মূল কাৰণেই হ’ল প্ৰযুক্তি৷ জিঅ’ টেগিং আৰু ডাটা ছায়েন্স ব্যৱহাৰ কৰাৰ ফলত প্ৰকল্পসমূহৰ ৰূপায়ণৰ গতি দ্ৰুত হৈছে৷ বাস্তৱিক সময়ৰ নিৰীক্ষণৰ ব্যৱস্থাৰ জৰিয়তে যোজনা আৰু হিতাধিকাৰীসকলৰ মাজৰ ব্যৱধান হ্ৰাস হৈ পৰিছে৷ সময়মতে কাম সম্পূৰ্ণ নোহোৱাৰ ফলত অত্যাধিক ব্যয় আৰু পূৰ্বৰ আধৰুৱা প্ৰকল্পসমূহৰ গৃহীত কৰাৰ যি অভিযোগ পোৱা গৈছিল সেয়া এতিয়া নোহোৱা হৈছে৷

বন্ধুসকল, আমি নিৰৱচ্ছিন্নভাৱে ‘ইজ অব্ ডুয়িং ছায়েন্স’ৰ নিশ্চিতিৰ বাবে তথা ৰঙা ফিটাৰ মেৰপাক নোহোৱা কৰিবলৈ কাৰ্যকৰীভাৱে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত অগ্ৰসৰ হৈছো৷ আজি কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কোনো মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনে-পোনে বজাৰত বিক্ৰী কৰিব পাৰিছে৷ ডিজিটেলাইজেছন, ই-কমাৰ্চ, ইণ্টাৰনেট বেংকিং সেৱাসমূহে গ্ৰামাঞ্চলৰ বাসিন্দাসকলক উল্লেখযোগ্য ধৰণে উপকৃত কৰিছে৷ আজি কৃষকসকলে বিভিন্ন ই-চৰকাৰী ব্যৱস্থাৰ জৰিয়তে আঙুলিৰ মূৰতে বতৰৰ আগলি বতৰা তথা অন্যান্য তথ্যসমূহ পাবলৈ সক্ষম হৈছে৷

বন্ধুসকল, ভাৰতৰ বিকাশত, বিশেষকৈ গ্ৰামীণ বিকাশত প্ৰযুক্তিৰ ব্যৱহাৰক আমি ব্যাপক কৰি তুলিব লাগিব৷ আগন্তুক দশকটো ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিভিত্তিক শাসনৰ বাবে এক নিৰ্ণায়ক সময় হিচাপে বিবেচিত হ’ব৷ বিশেষকৈ ব্যয় সংকোচনী কৃষি আৰু খেতি পথাৰৰ পৰা গ্ৰাহকৰ মাজত যোগান শৃংখলা নেটৱৰ্কক লৈ প্ৰযুক্তিয়ে অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিব৷ ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱা উপকৃত হ’ব গ্ৰামীণ অৰ্থব্যৱস্থা৷ আপোনালোক সকলোৱে ইয়াকো জানে যে ভাৰতৰ গ্ৰামাঞ্চলৰ প্ৰতিখন ঘৰলৈ পানী যোগানৰ বাবে এক বৃহৎ অভিযান জল-জীৱন অভিযান আৰম্ভ কৰা হৈছে৷ এই অভিযানৰো মূল শক্তি হ’ল প্ৰযুক্তি৷ এতিয়া এয়া আপোনালোকৰ দায়িত্ব যে পানীৰ ৰিচাইক্লিং আৰু পুনৰ ব্যৱহাৰৰ বাবে প্ৰভাৱী আৰু ব্যয় সংকোচনী প্ৰযুক্তি বিকশিত কৰা৷ এক প্ৰকাৰে জল পৰিচালনা আপোনালোকৰ বাবে এক নতুন ফ্ৰ’ণ্টিয়াৰৰ দৰে৷ ঘৰৰ ভিতৰৰ পৰা ওলোৱা পানী খেতি পথাৰত কিদৰে ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ বাবে ব্যয় সংকোচনী আৰু কাৰ্যকৰী সমাধান আপোনালোকে প্ৰস্তুত কৰিব লাগিব৷ আমি এনে বীজ প্ৰস্তুত কৰিব লাগিব যি পোষণৰ দ্বাৰাও ভৰপূৰ হ’ব আৰু য’ত পানীৰ ব্যৱহাৰো কম হ’ব৷ সমগ্ৰ দেশতে যি ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰা হৈছে তাৰ তথ্যৰ ব্যৱহাৰ নিয়মিত খেতিৰ কামত কিদৰে ব্যৱহৃত হ’ব, সেয়াও নতুন ধৰণে চিন্তা কৰিব লাগিব৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে যোগান শৃংখলাত যি লোকচান আমাৰ কৃষকসকলে ভৰিব লাগে তাৰ পৰা বচোৱাৰ বাবে প্ৰযুক্তিগত সমাধান অতিশয় প্ৰয়োজনীয়৷

বন্ধুসকল,

গ্ৰামীণ অৰ্থব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ পৰ্যায়, আমাৰ লঘূ আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এমএছএমইক পৰিৱৰ্তিত সময় সাপেক্ষে শক্তিশালী কৰাটো আপোনালোকৰেই দায়িত্ব৷ যেনে ধৰি লওক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ কথাটো৷ দেশে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্তি পোৱাৰ সংকল্প গ্ৰহণ কৰিছে যাতে আমাৰ পৰিবেশ, আমাৰ পশু, আমাৰ মাছ, আমাৰ ভূমিক ৰক্ষা কৰিব পাৰি৷ কিন্তু প্লাষ্টিকতকৈ সস্তা আৰু দীৰ্ঘম্যাদী এক নতুন বিকল্প আপোনালোকে সন্ধান কৰিব লাগিব৷ ধাতুৱেই হওক, মাটিয়েই হওক অথবা ফাইবাৰ, প্লাষ্টিকৰ বিকল্প আপোনালোকৰ গৱেষণাগাৰৰ পৰাই ওলাব৷ প্লাষ্টিকৰ আৱৰ্জনাৰ সৈতে বৈদ্যুতিক আৱৰ্জনাৰ পৰা ধাতু নিষ্কাশিত কৰা আৰু ইয়াৰ পুনৰ ব্যৱহাৰক লৈও আমি নতুন প্ৰযুক্তি, নতুন সমাধান সন্ধান কৰিব লাগিব৷ আপোনালোকে যি সমাধান প্ৰদান কৰিব, সেই সমাধানে আমাৰ এই লঘূ উদ্যোগ, আমাৰ কুমাৰ, মিস্ত্ৰীসকলক বজাৰৰ সৈতে জড়িত কৰিব৷ ইয়াৰ জৰিয়তে পৰিবেশো ৰক্ষা পৰিব আৰু আমাৰ লঘূ উদ্যোগো বিকশিত হ’ব৷

বন্ধুসকল,

গাঁওসমূহত সেউজ আৰু বহনক্ষম অৰ্থনীতিৰ বাবে, গ্ৰামীণ অৰ্থব্যৱস্থাৰ বাবে সমৰ্পিত ষ্টাৰ্ট-আপৰ বাবে ব্যাপক সম্ভাৱনা আছে৷ ফচলসমূহৰ অৱশেষ আৰু ঘৰসমূহৰ পৰা নিষ্কাশিত আৱৰ্জনাসমূহে প্ৰদুষণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷ এই আৱৰ্জনাকো আমি সম্পদলৈ ৰূপান্তৰিত কৰাৰ বাবে দ্ৰুত গতিত চেষ্টা কৰিব লাগিব৷ আমাৰ প্ৰয়াস এয়াই যে ২০২২ চন পৰ্যন্ত আমি খাৰুৱা তেলৰ আমদানি কমেও ১০ শতাংশ হ্ৰাস কৰিব পাৰিম৷ এই পৰিপ্ৰেক্ষিতত জৈৱ ইন্ধন, ইথানল প্ৰস্তুতিৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপসমূহৰ বাবে অপাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব৷

এনে ক্ষেত্ৰত আমি উদ্যোগ আধাৰিত গৱেষণাক অধিক উৎসাহিত কৰিব লাগিব, প্ৰতিটো ষ্টেকহ’ল্ডাৰৰ মাজত এই বাৰ্তা বিকশিত কৰিব লাগিব৷ মনত ৰাখিব, আপোনালোকৰ এই সহযোগিতাই ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাত বৃহৎ ভূমিকা পালন কৰিব৷

বন্ধুসকল, কৃষিখণ্ডত প্ৰযুক্তিৰ নৱজাগৰণ অতিশয় আৱশ্যক হৈ পৰিছে৷ আমি তাৎক্ষণিকভাৱে পৰালি জ্বলোৱাৰ  কৃষককেন্দ্ৰিক সমাধান সন্ধান কৰিব নোৱাৰোনে? আমাৰ ইটা ভাটাসমূহৰ পৰা ধোঁৱা নিৰ্গমন হ্ৰাস আৰু অধিক শক্তিসম্পন্ন কৰি পুনৰ ডিজাইন কৰিব নোৱাৰোনে? আমি সমগ্ৰ দেশতে পৰিষ্কাৰ খোৱা পানীৰ যোগানৰ সমাধান দ্ৰুত গতিত সন্ধান কৰিব লাগিব৷ উদ্যোগসমূহৰ পৰা নিষ্কাশিত আৱৰ্জনাই আমাৰ ভূমি আৰু ভূমিজলক দুষিত কৰাৰ পৰা প্ৰতিৰোধ কৰাৰ কাৰ্যকৰী ব্যৱস্থা সন্ধান কৰিব লাগিব৷

বন্ধুসকল,

আন এটা গুৰুত্বপূৰ্ণ কথা ‘মেক ইন ইণ্ডিয়া’ৰ সম্পৰ্কত ক’বলৈ বিচাৰিছো৷ সেয়া হ’ল আমাৰ জনসাধাৰণৰ চিকিৎসাৰ ক্ষেত্ৰত ফলদায়ী চিকিৎসা সঁজুলিৰ উদ্ভাৱন৷

মহাত্মা গান্ধীয়ে এবাৰ কৈছিল, ‘‘স্বাস্থ্যই হ’ল পৰম ধন, সোণ বা ৰূপ নহয়৷’’ সু-স্বাস্থ্যৰ উত্তৰণৰ বাবে আমি কেৱল বিদ্যমান পৰম্পৰাকেই খামুচি ধৰি নাৰাখি নিৰৱচ্ছিন্নভাৱে আধুনিক চিকিৎসা গৱেষণাৰ দিশতো ধাৱমান হ’ব লাগিব৷

আমাৰ দূৰদৃষ্টি জনসাধাৰণক বিপদজনক সংক্ৰামক ৰোগ যেনে নিপা, ইব’লা আদি ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰা৷ আমি ২০২৫ চনৰ ভিতৰত টিউবাৰকুলছিছক বিদায় দিয়াৰ সংকল্প পূৰণৰ বাবে দিনে-ৰাতিয়ে কাম কৰিব লাগিব৷ বিশ্বজনীনভাৱে ভাৰতে ভেকচিন যোগানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ আমাৰ লক্ষ্য হ’ল ভাৰতক ২০২৪ চনৰ ভিতৰত বিশ্বমানৰ ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ জৈৱ নিৰ্মাণৰ হাব হিচাপে গঢ়ি তোলা৷ এয়া সম্ভৱ হ’ব প্ৰকৃত নীতি পদক্ষেপ তথা উদ্ভাৱনী গৱেষণা, মানৱ সম্পদ বিকাশ আৰু উদ্যমী পৰিবেশতন্ত্ৰক প্ৰদান কৰা সমৰ্থনৰ জৰিয়তে৷

বন্ধুসকল,

ভাৰতে বহনক্ষম আৰু পৰিবেশ অনুকূল পৰিবহণ ব্যৱস্থা আৰু শক্তি ভাণ্ডাৰৰ বিকল্পৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰোডমেপ প্ৰস্তুত কৰা উচিত৷ আমি আমাৰ পুনৰ নৱীকৰণ শক্তি যোগান ব্যাপক কৰি তোলাৰ পৰিপ্ৰেক্ষিতত ই উল্লেখযোগ্য বিবেচিত হ’ব৷

বন্ধুসকল, উপযুক্ত ধৰণে বতৰ আৰু জলবায়ুৰ আগজাননীয়ে অৰ্থনৈতিক তথা সামাজিকভাৱে লাভদায়ী বিবেচিত হয়৷ ট্ৰ’পিকেল ধুমুহাৰ ক্ষেত্ৰত বতৰৰ আগজাননী তথা সতৰ্কীকৰণ ব্যৱস্থাৰ যথেষ্ট উত্তৰণ হৈছে৷ ইয়াৰ জৰিয়তে ধন-জন হানিৰ পৰা ৰক্ষা হৈছে৷ আমি পানী, শক্তি, খাদ্য আৰু খনিজ সম্পদৰ বাবে সাগৰীয় উৎসৰ অন্বেষণ কৰা উচিত৷ মই আশা প্ৰকাশ কৰিছো যে ভূ-বিজ্ঞান মন্ত্ৰালয়ে এই ‘‘ডীপ অ’চেন মিছন’ক ফলপ্ৰসূ কৰি তুলিব৷

বন্ধুসকল, মই বিজ্ঞানীসকলৰ পৰা শিকিছো যে শক্তিৰ এক নিঃশব্দ ৰূপ স্থিতি শক্তিক গতি শক্তিলৈ ৰূপান্তৰণ কৰি পৰ্বতো স্থানান্তৰ কৰিব পাৰি৷ আমি এনে ধৰণৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ শক্তিসম্পন্ন দ্ৰুত গতিৰ ইঞ্জিন প্ৰস্তুত কৰিব নোৱাৰোনে যিয়ে ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে?

বন্ধুসকল,

প্ৰযুক্তি হ’ল চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ এখন সাঁকোৰ দৰে৷ প্ৰযুক্তিৰ দ্ৰুত গতি আৰু প্ৰকৃত বিকাশে ভাৰসাম্যতা বৰ্তাই ৰাখে৷ প্ৰযুক্তি নিৰপেক্ষ৷ সেইবাবে মানৱ সংবেদশীলতা আৰু আধুনিক প্ৰযুক্তিৰ সমন্বয়ে সাংঘাটিক ফলাফল প্ৰদৰ্শিত কৰে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে নতুন বৰ্ষত, নতুন দশকত, নতুন ভাৰতৰ নতুন আচৰণ আৰু নতুন অভিগমনক আমি সহযোগিতাৰে সুদৃঢ় কৰিব পাৰিম৷ পুনৰবাৰ আপোনালোক সকলোকে, সমগ্ৰ বৈজ্ঞানিক সমাজক আৰু আপোনালোকৰ পৰিয়াললৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো৷ অশেষ ধন্যবাদ!  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.