বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকললৈ শুভেচ্ছা, এই মঞ্চই আপোনালোকৰ শ্ৰেষ্ঠখিনি দাঙি ধৰিব আৰু প্ৰকৃত ক্ৰীড়াৰ উৎকৰ্ষতাক প্ৰসাৰিত কৰিবঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে ২০৩৬ চনৰ অলিম্পিক দেশত আয়োজনৰ প্ৰচেষ্টা চলাইছেঃ প্ৰধানমন্ত্ৰী
দেশৰ ক্ৰীড়া আন্তঃগাঁথনি আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰেঃ প্ৰধানমন্ত্ৰী
বিগত দশকত ক্ৰীড়া বাজেট তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে, এইবাৰ ক্ৰীড়া বাজেট প্ৰায় ৪০০০ কোটি টকাঃ প্ৰধানমন্ত্ৰী
আমি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক মূলসুঁতিৰ শিক্ষাৰ অংশ কৰি লৈছো। ইয়াৰ লক্ষ্য হৈছে দেশৰ পৰা ভাল ক্ৰীড়াবিদৰ লগতে উৎকৃষ্ট ক্ৰীড়া পেছাদাৰী সৃষ্টি কৰাঃ প্ৰধানমন্ত্ৰী

বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী মনসুখ ভাই, ভগ্নী ৰক্ষা খড়ছে, শ্ৰী ৰামনাথ ঠাকুৰ জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহা জী, উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, সকলো খেলুৱৈ, প্ৰশিক্ষক, অন্যান্য কৰ্মচাৰী আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱীসকল!

দেশৰ প্ৰতিটো কোণৰ পৰা অহা, এজনতকৈ আনজন ছৰা, এজনতকৈ ভাল আনজন, সাহসী খেলুৱৈসকলক আমি অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়ত বিহাৰৰ বহু চহৰত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পাটনাৰ পৰা ৰাজগীৰ, গয়াৰ পৰা ভাগলপুৰ আৰু বেগুছৰাইলৈকে, অনাগত কেইদিনমানত, ছহাজাৰৰো অধিক যুৱ এথলীটে, ছহাজাৰৰো অধিক সপোন আৰু সংকল্পৰে বিহাৰৰ এই পৱিত্ৰ ভূমিত পতাকা উৰুৱাব। মই সকলো খেলুৱৈলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতত ক্ৰীড়াই এতিয়া এটা সংস্কৃতি হিচাপে নিজৰ নাম উজ্বলাই তুলিছে। আৰু ভাৰতত ক্ৰীড়া সংস্কৃতি যিমানেই বাঢ়িব, সিমানেই ভাৰতৰ ছফ্ট পাৱাৰো বৃদ্ধি পাব। খেলো ইণ্ডিয়া ইউথ গেমছ, এই দিশত দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক বিশাল মঞ্চত পৰিণত হৈছে।

বন্ধুসকল,

যিকোনো খেলুৱৈয়ে নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ, নিজকে অহৰহ পৰীক্ষা কৰিবলৈ, যিমান পাৰি সিমান বেছি মেচ খেলা, যিমান পাৰি সিমান বেছি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এনডিএ চৰকাৰে নিজৰ নীতিত সদায় ইয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। আজি খেলো ইণ্ডিয়া, ইউনিভাৰ্ছিটী গেমছ হয়, খেলো ইণ্ডিয়া ইউথ গেমছ হয়, খেলো ইণ্ডিয়া শীতকালীন গেমছ হয়, খেলো ইণ্ডিয়া পেৰা গেমছ হয়; অৰ্থাৎ বছৰজুৰি, বেলেগ বেলেগ পৰ্যায়ত, সমগ্ৰ দেশৰ স্তৰত, ৰাষ্ট্ৰীয় স্তৰত অবিৰতভাৱে প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে। ইয়াৰ ফলত আমাৰ খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়, তেওঁলোকৰ প্ৰতিভা চৰ্চালৈ আহে। মই আপোনালোকক ক্ৰিকেট জগতৰ পৰা এটা উদাহৰণ দিওঁ। শেহতীয়াকৈ আমি আইপিএলত বিহাৰৰে সন্তান বৈভৱ সূৰ্যবংশীৰ চমকপ্ৰদ প্ৰদৰ্শন দেখিবলৈ পালোঁ। ইমান কম বয়সতে বৈভৱে ইমান প্ৰচণ্ড অভিলেখ গঢ়ি তুলিছে। বৈভৱৰ এই ভাল খেলৰ অন্তৰালত তেওঁৰ পৰিশ্ৰম তো আছেই, তেওঁৰ প্ৰতিভাক উলিয়াই অনাত, বেলেগ বেলেগ স্তৰত অধিকতকৈ অধিক মেচ খেলাটোৱেও ডাঙৰ ভূমিকা পালন কৰিলে। অৰ্থাৎ, যি যিমানেই খেলিব, তেওঁ সিমানেই ফুলি উঠিব। খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়ত আপোনালোক সকলো এথলীটে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ সূক্ষ্মতা বুজিবলৈ সুযোগ পাব, আপোনালোকে বহু কথা শিকিব পাৰিব।

বন্ধুসকল,

ভাৰতত কোনোবাদিনা অলিম্পিক অনুষ্ঠিত হোৱাটো প্ৰতিজন ভাৰতীয়ৰ সপোন। আজি ভাৰতে প্ৰয়াস কৰি আছে, যে ২০৩৬ চনত আমাৰ দেশত অলিম্পিক অনুষ্ঠিত হওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াত ভাৰতৰ আধিপত্য বৃদ্ধি কৰিবলৈ, স্পৰ্টিং টেলেণ্টৰ বিদ্যালয় পৰ্যায়তে চিনাক্ত কৰিবলৈ, চৰকাৰে বিদ্যালয় পৰ্যায়ত খেলুৱৈক চিনাক্ত কৰি তেওঁলোকক প্ৰশিক্ষণ দি আছে। খেলো ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি টপছ (TOPS) আঁচনিলৈকে, এটা সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ, ইয়াৰ বাবে গঢ়ি তোলা হৈছে। আজি বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ খেলুৱৈয়ে ইয়াৰ সুবিধা লৈছে। চৰকাৰৰ গুৰুত্ব এই কথাৰ ওপৰতো আছে যাতে আমাৰ খেলুৱৈসকলে যিমান বেছি সিমান নতুন খেল খেলাৰ সুযোগ লাভ কৰে। সেইবাবেই খেলো ইণ্ডিয়া ইউথ গেমছত গটকা, কলাৰিপয়ট্টু, খো-খো, মল্লখম্ভ আৰু আনকি যোগাসনকো অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ আমাৰ খেলুৱৈসকলে বহু নতুন খেলত অতি ভাল প্ৰদৰ্শন দেখুৱাইছে। ৱুছু, ছেপাক-টাক্ৰো, পঞ্চক-চিলাট, লন বল, ৰোলাৰ স্কেটিং আদি ক্ৰীড়াত এতিয়া ভাৰতীয় খেলুৱৈসকল আগবাঢ়ি আহিছে। ২০২২ চনৰ কমনৱেলথ গেমছত মহিলা দলটোৱে লন বলত পদক লাভ কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল।

 

বন্ধুসকল,

ভাৰতত ক্ৰীড়া আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। বিগত দশকত ক্ৰীড়াৰ বাজেট তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। এইবাৰ ক্ৰীড়া বাজেট প্ৰায় ৪ হাজাৰ কোটি টকা। এই বাজেটৰ এক বৃহৎ অংশ ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হৈছে। আজি দেশত এক হাজাৰৰো অধিক খেলো ইণ্ডিয়া চেণ্টাৰ চলি আছে। ইয়াৰে তিনি ডজনতকৈও অধিক আমাৰ বিহাৰতে আছে। বিহাৰ তো, এনডিএৰ ডাবল ইঞ্জিনৰ দ্বাৰাও লাভৱান হৈ আছে। ইয়াত বিহাৰ চৰকাৰে, নিজৰ পর্যায়ত বহু আঁচনি সম্প্ৰসাৰণ কৰি আছে। ৰাজগীৰত খেলো ইণ্ডিয়া ৰাজ্যিক উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। বিহাৰ স্প’ৰ্টছ ইউনিভাৰ্ছিটী, ষ্টেট স্প’ৰ্টছ একাডেমীৰ দৰে প্ৰতিষ্ঠানো বিহাৰে পাইছে। পাটনা-গয়া ঘাইপথত স্প’ৰ্টছ চিটি নিৰ্মাণৰ কাম চলি আছে। বিহাৰৰ গাঁওসমূহত ক্ৰীড়াৰ সা-সুবিধা নিৰ্মাণ কৰা হৈছে। এতিয়া খেলো ইণ্ডিয়া ইউথ গেমছে ৰাষ্ট্ৰীয় ক্ৰীড়া মানচিত্ৰত বিহাৰৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব।

বন্ধুসকল,

ক্ৰীড়া জগত আৰু ক্ৰীড়া সম্পৰ্কীয় অৰ্থনীতি কেৱল খেলপথাৰতে সীমাবদ্ধ নহয়। আজি ই যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনৰ নতুন সুযোগো প্ৰদান কৰিছে। ইয়াত ফিজিঅ’থেৰাপি আছে, ডাটা এনালাইটিক্স আছে, স্প’ৰ্টছ টেকন’লজি, ব্ৰডকাষ্টিং, ই-স্প’ৰ্টছ, মেনেজমেণ্ট, এনে বহু উপ-খণ্ড আছে। আৰু বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে নিশ্চিতভাৱে প্ৰশিক্ষক, ফিটনেছ প্ৰশিক্ষক, নিযুক্তি এজেণ্ট, ইভেণ্ট মেনেজাৰ, ক্ৰীড়া উকীল, ক্ৰীড়া সংবাদ মাধ্যমৰ বিশেষজ্ঞৰ পথো বাছি ল’ব পাৰে। অৰ্থাৎ এখন ষ্টেডিয়াম এতিয়া কেৱল মেচৰ খেলপথাৰ নহয়, বৰঞ্চ হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ উৎস হৈ পৰিছে। ক্ৰীড়া উদ্যোগীকৰণৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলৰ বাবে বহু সম্ভাৱনাৰ উন্মেষ ঘটিছে। আজি দেশত যিবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, বা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰা হৈছে, য’ত আমি ক্ৰীড়াক মূলসুঁতিৰ শিক্ষাৰ অংশ কৰি লৈছোঁ, ইয়াৰ লক্ষ্যও দেশত ভাল খেলুৱৈৰ সমান্তৰালকৈ উৎকৃষ্ট ক্ৰীড়া পেছাদাৰী সৃষ্টি কৰা।

মোৰ যুৱ বন্ধুসকল,

আমি জানো, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ক্ৰীড়াবিদ্যাৰ অতি গুৰুত্ব আছে। ক্ৰীড়াক্ষেত্ৰত আমি দলীয় মনোভাব শিকোঁ, এজনে আনজনৰ মিলি আগবাঢ়ি যাবলৈ শিকোঁ। আপুনি খেলপথাৰত নিজৰ শ্ৰেষ্ঠখিনি দিব লাগিব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও নিজৰ ভূমিকা শক্তিশালী কৰিব লাগিব। মই নিশ্চিত, আপুনি বিহাৰৰ পৰা বহু ভাল স্মৃতি লৈ উভতিব। যিসকল এথলীট বিহাৰৰ বাহিৰৰ পৰা আহিছে, তেওঁলোকে লিট্টি চোখাৰ সোৱাদো জৰুৰ লৈ যাওক। বিহাৰৰ মখানাও আপোনালোকে বৰ ভাল পাব।

বন্ধুসকল,

খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰা – ক্ৰীড়াবিদ্যাৰ মনোভাব আৰু দেশপ্ৰেমৰ মনোভাব, দুয়োটা উন্নীত হওক, এই মনোভাবেৰে মই সপ্তম খেলো ইণ্ডিয়া ইউথ গেমছৰ শুভাৰম্ভৰ ঘোষণা কৰিছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."