At every level of education, gross enrolment ratio of girls are higher than boys across the country: PM Modi
Lauding the University of Mysore, PM Modi says several Indian greats such as Bharat Ratna Dr. Sarvapalli Radhakrisnan has been provided new inspiration by this esteemed University
PM Modi says, today, in higher education, and in relation to innovation and technology, the participation of girls has increased
In last 5-6 years, we've continuously tried to help our students to go forward in the 21st century by changing our education system: PM Modi on NEP

নমস্কাৰ!

কৰ্ণাটকৰ ৰাজ্যপাল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ শ্ৰী বজু ভাই ৱালা মহোদয়, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী ড০ চি এন অক্ষথ নাৰায়ণ মহোদয়, মহীশূৰ বিশ্ববিদ্যালয়ৰ কুলপতি অধ্যাপক হেমন্ত কুমাৰ মহোদয়, এই কাৰ্যসূচীত উপস্থিত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল৷ পোন প্ৰথমে আপোনালোক সকলোকে ‘মহীশূৰ দশেৰা’ ,‘নাড হব্বা’ৰ অশেষ শুভেচ্ছা জনাইছো৷

কিছু সময় পূৰ্বে কিছুমান আলোকচিত্ৰ প্ৰত্যক্ষ কৰি আছিলো, এইবাৰ ক’ৰোনাৰ বাবে যদিও অনেক বাধা-বিপত্তিৰ সন্মুখীন হোৱা গৈছে কিন্তু উৎসৱৰ আনন্দ এতিয়াও পূৰ্বৰ দৰেই আছে৷ অৱশ্যে এই আনন্দত কিছু দিন পূৰ্বে হোৱা ভৰ বৰষুণে বাধাৰ সৃষ্টি কৰিছিল৷ সকলো আক্ৰান্ত পৰিয়াললৈ মই সমবেদনা জনাইছো৷ কেন্দ্ৰ চৰকাৰ আৰু কৰ্ণাটক চৰকাৰে যৌথভাৱে সাহায্য প্ৰদানৰ যথাসম্ভৱ সকলো প্ৰয়াস কৰিছে৷

বন্ধুসকল, আজি আপোনালোকৰ বাবে এক আনন্দৰ দিন৷ অৱশ্যে মই এয়াই প্ৰয়াস কৰো যে এনে অনুষ্ঠানসমূহত মই নিজৰ যুৱ বন্ধুসকলৰ সৈতে মুখা-মুখিকৈ কথা পাতো৷ আৰু মহীশূৰলৈ আহি, মহীশূৰ বিশ্ববিদ্যালয়ৰ গৌৰৱশালী ঐতিহ্য, দীক্ষান্ত সমাৰোহৰ অংশ হোৱাৰ কথাই অন্য আছিল৷ কিন্তু এইবাৰ ক’ৰোনাৰ ফলত আমি বাস্তৱিকভাৱে নহয়, ভাৰ্চুৱেলী সংযোজিত হৈছো৷

বন্ধুসকল, মহীশূৰ বিশ্ববিদ্যালয়, প্ৰাচীন ভাৰতৰ সমৃদ্ধ শিক্ষা ব্যৱস্থা আৰু ভৱিষ্যতৰ ভাৰতৰ প্ৰত্যাশা আৰু সামৰ্থৰ এক মুখ্য কেন্দ্ৰ৷  এই বিশ্ববিদ্যালয়ে ‘ৰাজৰ্ষি’ নালৱাড়ী কৃষ্ণৰাজ বডেয়াৰ আৰু এম বিশ্বশ্ৰেয় মহোদয়ৰ বীক্ষণ আৰু সংকল্প সাকাৰ ৰূপ প্ৰদান কৰিছে৷

মোৰ বাবে এয়া সুখদ সংযোগ যে আজিৰ পৰা প্ৰায় ১০২ বৰ্ষ পূৰ্বে আজিৰ দিনটোতেই ৰাজৰ্ষি নালৱাড়ী কৃষ্ণৰাজ বডেয়াৰে মহীশূৰ বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিছিল৷ তেতিয়াৰে পৰা আজি পৰ্যন্ত ‘ৰত্নগৰ্ভা প্ৰাংগন’, এই ৰত্নগৰ্ভা প্ৰাংগনে এনে অনেক সতীৰ্থক এনেকুৱাই এক কাৰ্যসূচীত দীক্ষা লোৱা দেখিবলৈ পাইছে যিয়ে ৰাষ্ট্ৰনিৰ্মাণলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ ভাৰতৰত্ন ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে অনেক মহান ব্যক্তিত্বই এই শিক্ষা সংস্থাত অনেক বিদ্যাৰ্থীক নতুন প্ৰেৰণা প্ৰদান কৰিছে৷ এনে অৱস্থাত আপোনালোকৰ ওপৰত আপোনালোকৰ পৰিয়ালৰ বিশ্বাসো অধিক হৈছে আৰু আশাও অধিক হৈছে৷ আজি আপোনালোকৰ বিশ্ববিদ্যালয়, আপোনালোকৰ অধ্যাপক আৰু শিক্ষকে আপোনালোকক ডিগ্ৰীৰ সৈতে দেশ আৰু সমাজৰ প্ৰতি দায়িত্বও অৰ্পণ কৰিছে৷

বন্ধুসকল, আমাৰ ইয়াত শিক্ষা আৰু দীক্ষা, যুৱ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচনা কৰা হয়৷ যেতিয়া আমি দীক্ষাৰ কথা কও তেতিয়া ই কেৱল ডিগ্ৰী লাভ কৰাৰ অৱকাশেই নহয়৷ আজিৰ এই দিনটো আগন্তুক পদক্ষেপৰ বাবে নতুন সংকল্প গ্ৰহণ কৰাৰ প্ৰেৰণা প্ৰদান কৰে৷ এতিয়া আপোনালোকে এক আনুষ্ঠানিক বিশ্ববিদ্যালয়ৰ প্ৰাংগনৰ পৰা ওলাই বাস্তৱিক জীৱনক বিশ্ববিদ্যালয়ৰ বৃহৎ প্ৰাংগনলৈ ওলাইছে৷ এয়া এনে এক প্ৰাংগন য’ত যি জ্ঞান আপোনালোকে লাভ কৰিছে সেইসমূহৰ প্ৰণয়ন হ’ব৷  

বন্ধুসকল, মহান কন্নড় লেখক আৰু বিচাৰক গৌৰুৰু ৰামস্বামী আয়েংগাৰ মহোদয়ে কৈছে যে শিক্ষনৱে জীৱনদ বেলকু৷ অৰ্থাৎ শিক্ষাই জীৱনৰ প্ৰকাশৰ পথ প্ৰদৰ্শিত কৰে৷ আজি আমাৰ দেশে যেতিয়া পৰিৱৰ্তনৰ পথত অগ্ৰসৰ হৈছে তেতিয়া এই কথাটো প্ৰাসংগিক হৈ পৰিছে৷ বিগত ৫-৬ বছৰৰ পৰা নিৰন্তৰে এয়া প্ৰয়াস হৈছে যে আমাৰ শিক্ষাই, ভাৰতৰ শিক্ষা ব্যৱস্থাই, শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ আৱশ্যকতা অনুসৰি আগবাঢ়ি যোৱাত সহায় কৰিছে৷ বিশেষকৈ উচ্চ শিক্ষাত আন্তঃগাঁথনিক নিৰ্মাণৰ পৰা আৰম্ভ কৰি গাঁথনিগত সংস্কাৰৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ ভাৰতক উচ্চ শিক্ষাৰ বিশ্বজনীন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ, আমাৰ যুৱচামক প্ৰতিদ্বন্ধী কৰি তুলিবলৈ, গুণগতভাৱে সৰ্বাত্মক প্ৰয়াস কৰা হৈছে৷   

বন্ধুসকল, স্বাধীনতাৰ ইমান বৰ্ষৰ পিছতো ২০১৪ চনৰ আগলৈ দেশত ১৬খন আইআইটি আছিল৷ বিগত ৬টা বছৰত প্ৰতি বছৰে একোখনকৈ নতুন আইআইটি মুকলি কৰা হৈছে৷ কৰ্ণাটকৰ ধাৰৱাড়তো এখন মুকলি কৰা হৈছে৷ ২০১৪ চন পৰ্যন্ত ভাৰতত ৯খন আইআইআইটি  আছিল৷ ইয়াৰ পিছত ৫ বছৰত ১৬খন আইআইআইটি নিৰ্মাণ কৰা হৈছে৷ বিগত ৫-৬ বছৰত ৭খন নতুন আইআইএম স্থাপন কৰা হৈছে৷ ইয়াৰ পূৰ্বে দেশত ১৩খন আইআইএম আছিল৷ ঠিক সেইদৰে দেশত ৬ দশক পৰ্যন্ত কেৱল ৭খন এইমছ আছিল৷ ২০১৪ চনৰ পিছত ইয়াৰ সংখ্যা দুগুণ অৰ্থাৎ ১৫খন এইমছ দেশত স্থাপন কৰা হৈছে অথবা স্থাপন কৰাৰ পৰ্যায়ত আছে৷

বন্ধুসকল, বিগত ৫-৬ বছৰৰ পৰা উচ্চ শিক্ষাত হোৱা প্ৰয়াসসমূহত কেৱল নতুন প্ৰতিষ্ঠান খোলাতেই সীমাৱদ্ধ থকা নাই৷ এই সংস্থাসমূহত প্ৰশাসনত সংস্কাৰৰ পৰা আৰম্ভ কৰি লিংগ আৰু সামাজিক অংশীদাৰীত্ব সুনিশ্চিত কৰাৰ বাবেও কাম কৰা হৈছে৷ এনে সংস্থাসমূহক অধিকভাৱে স্বায়ত্বতা প্ৰদান কৰা হৈছে যাতে তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ পূৰ্বতে আইআইএম আইনৰ অধীনত সমগ্ৰ দেশৰ আইআইএমতক অধিক অধিকাৰ প্ৰদান কৰা হৈছিল৷ মেডিকেল শিক্ষাতো স্বচ্ছতা কম আছিল৷ ইয়াক দূৰ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে৷ আজি দেশত মেডিকেল শিক্ষাত দক্ষতা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠন কৰা হৈছে৷ হোমিঅ’পেথী আৰু আন ভাৰতীয় চিকিৎসা পদ্ধতিৰ অধ্যয়নত সংস্কাৰ গঢ়াৰ বাবে দুখন নতুন আইন প্ৰণয়ন কৰা হৈছে৷ মেডিকেল শিক্ষাত হোৱা সংস্কাৰৰ দ্বাৰা দেশৰ যুৱচামে মেডিকেলৰ অধ্যয়নৰ বাবে অধিক আসন পোৱাটো নিশ্চিত হৈছে৷

বন্ধুসকল, ৰাজৰ্ষি নালৱাড়ী কৃষ্ণৰাজ বড়েয়াৰ মহোদয়ে তেওঁৰ প্ৰথমটো দীক্ষান্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৈছিল যে ‘ভাল হ’লহেঁতেন যদি মই আজি মোৰ সন্মুখত এগৰাকী মহিলাৰ পৰিৱৰ্তে দহগৰাকী মহিলা স্নাতক দেখা পালোহেঁতেন৷’’ মই আজি মোৰ সন্মুখত অনেক কন্যা দেখিবলৈ পাইছো যিয়ে আজি ডিগ্ৰী লাভ কৰিছে৷ মোক কোৱা হৈছে যে আজি ইয়াত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ মাজত কন্যাৰ সংখ্যা অধিক আছে৷ এয়া হ’ল পৰিৱৰ্তিত ভাৰতৰ এক পৰিচয়৷ আজি শিক্ষাৰ প্ৰতিটো স্তৰত দেশৰ কন্যাসকলৰ মুঠ পঞ্জীয়ন অনুপাত ল’ৰাতকৈ অধিক হৈছে৷ উচ্চ শিক্ষাতো উদ্ভাৱন আৰু প্ৰযুক্তিৰ সৈতে জড়িত অধ্যয়নত কন্যাসকলৰ অংশীদাৰীত্ব বৃদ্ধি হৈছে৷ ৪ বছৰ পূৰ্বে দেশৰ আইআইটিত কন্যাসকলৰ পঞ্জীয়ন আছিল ৮ শতাংশ, কিন্তু এই বৰ্ষত এই পৰিমাণ দুগুণতকৈও বৃদ্ধি হৈ ২০ শতাংশ হৈছে৷

বন্ধুসকল, শিক্ষা খণ্ডত যিমানবোৰ সংস্কাৰ সাধন হৈছে, এইসমূহে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক নতুন দিশ, নতুন শক্তি প্ৰদান কৰিব৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি, প্ৰি-নাৰ্ছাৰীৰ পৰা আৰম্ভ কৰি পিএইচডিলৈ দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থাত মৌলিক পৰিৱৰ্তন অনা এক বৃহৎ অভিযান হিচাপে বিবেচিত হৈছে৷ আমাৰ দেশৰ সামৰ্থৱান যুৱচামক আৰু অধিক প্ৰতিদ্বন্ধী কৰি তুলিবলৈ মাল্টি-ডাইমেনচনেল এপ্ৰ’চত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ আমাৰ যুৱচাম দ্ৰুত গতিত পৰিৱৰ্তিত চাকৰিৰ প্ৰকৃতিৰ বাবে নমনীয় হওক, গ্ৰহণযোগ্য হওক ইয়াৰ বাবে প্ৰয়াস কৰা হৈছে৷ দক্ষতা, পুনৰ দক্ষতা আৰু দক্ষতাৰ উত্তৰণ আজিৰ সমাজৰ বাবে আটাইতকৈ প্ৰয়োজনীয়৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷

বন্ধুসকল, মই সুখী যে মহীশূৰ বিশ্ববিদ্যালয়ে এই নীতি প্ৰণয়ন কৰাৰ বাবে দায়ৱদ্ধতা প্ৰদৰ্শিত কৰিছে৷ মই ভাবো যে এনইপিৰ ভিত্তিত আপোনালোকে   Multi-discipline Programs আৰম্ভ কৰিছে৷ ইয়াত আপোনালোকে বিশ্বজনীন প্ৰযুক্তি আৰু স্থানীয় সংস্কৃতিৰ সৈতে অধ্যয়ন কৰিব পাৰে৷ সেই প্ৰযুক্তিৰ ব্যৱহাৰ আপোনালোক স্থানীয় ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে৷

বন্ধুসকল, আমাৰ দেশত এই যি সংস্কাৰ সাধন হৈছে, এয়া পূৰ্বে কেতিয়াও হোৱা নাছিল৷ পূৰ্বে যি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেয়া এটা খণ্ডত হৈছিল আৰু আনবোৰ খণ্ড ৰৈ গৈছিল৷ বিগত ছবছৰত বিভিন্ন সংস্কাৰ সাধন হৈছে, বিভিন্ন খণ্ডত সংস্কাৰ সাধন হৈছে৷ যদি এনইপিয়ে দেশৰ শিক্ষা খণ্ডৰ ভৱিষ্যত সুনিশ্চিত কৰিছে তেন্তে আপোনালোকৰ দৰে যুৱ চামকো সৱলীকৃত কৰিছে৷ যদি কৃষিৰ সৈতে জড়িত সংস্কাৰে কৃষকসকলক সশক্ত কৰিছে তেন্তে শ্ৰম সংস্কাৰে শ্ৰমিক আৰু উদ্যোগ, দুয়োটাকে উন্নতি, নিৰাপত্তা আৰু বিশ্বাস প্ৰদান কৰিছে৷ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ দ্বাৰা আমাৰ ৰাজহুৱা বিতৰণ বিভাগৰ সংশোধন হৈছে আৰু আমাৰ গৃহ ক্ৰেতাসকলে সুৰক্ষা লাভ কৰিছে৷ দেশক কৰৰ জালৰ পৰা মুক্তি দিবলৈ যদি জিএছটিৰ প্ৰৱৰ্তন কৰা হৈছে তেন্তে কৰদাতাসকলক উদ্বিগ্নমুক্ত কৰিবলৈ  Faceless Assessment ৰ সুবিধা প্ৰদান কৰিছে৷ Insolvency Bankruptcy Codeৰ দ্বাৰা দ্বাৰা দেউলীয়া অৱস্থাৰ বাবে এক আইনী পৰিকাঠামো প্ৰস্তুত কৰা হৈছে৷

বিগত, আপোনালোকে বিগত ৬-৭ মাহত দেখা পাইছো যে সংস্কাৰৰ গতি আৰু পৰিসৰ, দুয়োটাই বৃদ্ধি হৈছে৷ কৃষিয়েই হওক, মহাকাশেই হওক, প্ৰতিৰক্ষাই হওক, বিমানখণ্ডই হওক, শ্ৰমেই হওক, এনে প্ৰতিটো খণ্ডৰ বিকাশৰ বাবে আৱশ্যকীয় পৰিৱৰ্তন কৰা হৈছে৷ এতিয়া প্ৰশ্ন এয়াই যে এইসমূহ কিয় কৰা হৈছে? এয়া আপোনালোকৰ দৰে কোটি কোটি যুৱচামৰ বাবে কৰা হৈছে৷ এই দশকটোক ভাৰতৰ দশক হিচাপে গঢ়ি তোলা হৈছে৷ এই দশকটো ভাৰতৰ তেতিয়াহে হ’ব যেতিয়া আমি আমাৰ ভেঁটি মজবুত কৰিম৷ যুৱ ভাৰতৰ জীৱনলৈ এই দশকটোৱে অসাধাৰণ সুযোগ কঢ়িয়াই আনিছে৷

বন্ধুসকল, দেশৰ অন্যতম এক শৈক্ষিক প্ৰতিষ্ঠান হিচাপে মহীশূৰ বিশ্ববিদ্যালয়ে প্ৰতিটো নতুন স্থিতিৰ সৈতে উদ্ভাৱন কৰিব লাগিব৷ পূৰ্ব কুলপতি, মহান কবি-সাহিত্যকাৰ ‘কুবেম্পু’ মহোদয়ে বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰাংগনক যি ‘মান-সাগংগৌত্ৰী অৰ্থাৎ মনৰ শ্বাশ্বত প্ৰৱাহ’ৰ যি নাম দিছিল তাৰ দ্বাৰা আপোনালোকে নিৰন্তৰে প্ৰেৰণা লাভ কৰে৷  বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও সমসাময়িক আৰু বিশ্বজনীন সমস্যাৰ সৈতে স্থানীয় সংস্কৃতি আৰু স্থানীয় কলা আৰু দ্বিতীয়তে সামাজিক বিষয়ৰ সৈতে জড়িত গৱেষণাক প্ৰসাৰণ কৰাৰ পৰম্পৰাৰ অধিক প্ৰসাৰণ কৰাৰ প্ৰয়াস কৰিব লাগে৷

বন্ধুসকল, আজি যেতিয়া আপোনালোকে এই মহান প্ৰাংগনৰ পৰা বাহিৰলৈ ওলোৱাৰ সময় হৈছে এই সময়তে মই আপোনালোকক এটা আহ্বান জনাইছো যে নিজৰ সামৰ্থৰ ভিত্তিত উৎকৃষ্টতা লাভ কৰিবলৈ সদায়েই প্ৰয়াস কৰক৷ আপোনালোকে এটা সীমিত পৰিসৰত, এটা বাকচতে ফিট হোৱাৰ কোনো প্ৰয়োজন নাই৷ হ’ব পাৰে যি বক্সত আপোনালোকে ফিট হ’বলৈ বিচাৰিছে সেই বক্স আপোনালোকৰ বাবে নহয়েই চাগে৷  নতুন ভাৰত অৱকাশৰ ভাৰত৷ ক’ৰোনাৰ এই সংকটৰ সময়তো আপোনালোকে দেখিছে যে  কিমান নতুন ষ্টাৰ্ট-আপ আমাৰ বিদ্যাৰ্থীসকলে মুকলি কৰিছে৷ এই ষ্টাৰ্ট-আপ কৰ্ণাটকৰেই নহয়, সমগ্ৰ দেশৰে এক বৃহৎ শক্তি হিচাপে বিবেচিত হৈছে৷ মোৰ বিশ্বাস যে, অসীম অৱকাশৰ এই ধৰিত্ৰীত আপোনালোকে নিজৰ সামৰ্থৰ জৰিয়তে, নিজৰ প্ৰতিভাৰ জৰিয়তে, দেশৰ বাবে বহু কাম কৰিব৷ আপোনালোকৰ বিকাশ কেৱল আপোনালোকৰ বিকাশ নহ’ব, দেশৰো বিকাশ হ’ব৷ আপোনালোক আত্মনিৰ্ভৰ হ’লে দেশো আত্মনিৰ্ভৰ হ’ব৷ পুনৰবাৰ সকলো সতীৰ্থক উন্নত ভৱিষ্যতৰ বাবে অশেষ শুভকামনা যাচিছো৷  

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"