It is India’s privilege and a matter of pride that the WHO Global Centre for Traditional Medicine has been established in Jamnagar: PM
Yoga has guided humanity across the world towards a life of health, balance, and harmony: PM
Through India’s initiative and the support of over 175 nations, the UN proclaimed 21 June as International Yoga Day; over the years, yoga has spread worldwide, touching lives across the globe: PM
The inauguration of the WHO South-East Asia Regional Office in Delhi marks another milestone. This global hub will advance research, strengthen regulation & foster capacity building: PM
Ayurveda teaches that balance is the very essence of health, only when the body sustains this equilibrium can one be considered truly healthy: PM
Restoring balance is no longer just a global cause-it is a global urgency, demanding accelerated action and resolute commitment: PM
The growing ease of resources and facilities without physical exertion is giving rise to unexpected challenges for human health: PM
Traditional healthcare must look beyond immediate needs, it is our collective responsibility to prepare for the future as well: PM

ডব্লিউএইচঅ’-ৰ সঞ্চালক-প্ৰধান আমাৰ তুলসী ভাই ডাঃ টেড্ৰ'ছ; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, মোৰ সতীৰ্থ জে. পি. নাড্ডা জী; আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱ জী; এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা আন-আন দেশৰ মন্ত্ৰীসকল; ভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত; সকলো বিশিষ্ট প্ৰতিনিধি; পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত কাম কৰা সন্মানীয় বিশেষজ্ঞসকল; ভদ্ৰলোক আৰু মহিলাসকল!

আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

 

বন্ধুসকল,

জামনগৰত ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন স্থাপন কাৰ্য্য ভাৰতৰ সৌভাগ্য আৰু গৌৰৱৰ বিষয়। ২০২২-ত প্ৰথম পৰম্পৰাগত চিকিৎসা সন্মিলনৰ সময়ত বিশ্বই ভাৰতক অতি আত্মবিশ্বাসেৰে এই দায়িত্ব অৰ্পণ কৰিছিল। কেন্দ্ৰটোৰ সুনাম আৰু প্ৰভাৱ বিশ্বজুৰি সম্প্ৰসাৰিত হোৱাটো সকলোৰে বাবে সন্তোষৰ কথা, যি এই সন্মিলনৰ সফলতাৰ পৰম উদাহৰণ হিচাপে পৰিগণিত হৈছে। এই সন্মিলনত পৰম্পৰাগত জ্ঞান আৰু আধুনিক পদ্ধতিৰ মিলন ঘটিছে। ইয়াত কেইবাটাও নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে যিয়ে চিকিৎসা আৰু সামগ্ৰিক স্বাস্থ্যৰ ভৱিষ্যতক ৰূপান্তৰিত কৰিব পাৰে। এই সন্মিলনে ভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী আৰু প্ৰতিনিধিসকলৰ মাজত আলোচনাৰ সুবিধা প্ৰশস্ত কৰিছে, যিয়ে যৌথ গৱেষণাক প্ৰসাৰিত কৰা, নিয়মসমূহ সৰল কৰা আৰু প্ৰশিক্ষণ তথা জ্ঞান বিনিময় কাৰ্য্যৰ অগ্ৰগতিৰ বাবে নতুন পথ মুকলি কৰিছে। এনে সহযোগিতাই ভৱিষ্যতে পৰম্পৰাগত চিকিৎসাক অধিক সুৰক্ষিত আৰু অধিক বিশ্বাসযোগ্য কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহমতত উপনীত হোৱা কাৰ্য্যই বিশ্ব অংশীদাৰিত্বৰ শক্তিকে প্ৰতিফলিত কৰিছে। গৱেষণাক সম্প্ৰসাৰিত কৰা, পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু বিশ্বজুৰি বিশ্বাসযোগ্য নিয়ন্ত্ৰণ কাঠামো গঢ়া কাৰ্য্যই পৰম্পৰাগত চিকিৎসাক বহু পৰিমাণে সমৃদ্ধ কৰি তুলিব। এক্সপ’ত ডিজিটেল স্বাস্থ্য প্ৰযুক্তি, এআই-ভিত্তিক আহিলা, গৱেষণা উদ্ভাৱন আৰু আধুনিক সুস্থতা আন্তঃগাঁথনি প্ৰদৰ্শন কৰা হৈছে, যিয়ে একেলগে পৰম্পৰা আৰু প্ৰযুক্তিৰ মাজৰ এক নতুন সহযোগিতাক প্ৰদৰ্শিত কৰিছে। পৰম্পৰা আৰু প্ৰযুক্তি একলগ হোৱা মাত্ৰেকে বিশ্ব স্বাস্থ্যক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পায় আৰু সেয়েহে বিশ্বৰ দৃষ্টিকোণৰ পৰা এই সন্মিলনৰ সফলতা অতিশয় গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

যোগ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ আৰু যোগে সমগ্ৰ বিশ্বৰে মানৱ জাতিক স্বাস্থ্য, ভাৰসাম্য আৰু সমন্বয় অটুত থকা জীৱনৰ দিশত পৰিচালিত কৰিছে। ভাৰতৰ পদক্ষেপ আৰু ১৭৫ খনৰো অধিক ৰাষ্ট্ৰৰ সহযোগিতাৰে ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে; বিগত বছৰসমূহত যোগাসন সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, বিশ্বৰ প্ৰতিটো প্ৰান্তৰে জীৱনক স্পৰ্শ কৰিছে। মই যোগৰ প্ৰসাৰ আৰু বিকাশত যথেষ্ট অৰিহণা যোগোৱা প্ৰতিজন ব্যক্তিৰে শলাগ লৈছো। আজি কেইগৰাকীমান বিশিষ্ট ব্যক্তিক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে। এক সন্মানীয় জুৰীৰ দ্বাৰা কঠোৰ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক বাছনি কৰা হৈছে। বঁটাপ্ৰাপকসকলে যোগাসনৰ প্ৰতি নিষ্ঠা, অনুশাসন আৰু আজীৱন দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ জীৱনে সকলোকে প্ৰেৰণা যোগাইছে। মই সন্মানীয় বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

এই সন্মিলনৰ ফলাফলসমূহক স্থায়িত্ব প্ৰদানৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যত মই সন্তোষ পাইছো। পৰম্পৰাগত চিকিৎসা গ্ল’বেল লাইব্ৰেৰীক এক বিশ্বব্যাপী মঞ্চ হিচাপে মুকলি কৰা হৈছে। ইয়াত পৰম্পৰাগত চিকিৎসাৰ সৈতে জড়িত বৈজ্ঞানিক তথ্য আৰু নীতিগত নথিসমূহ একে ঠাইতে সংৰক্ষিত হৈ থাকিব। এই পদক্ষেপে প্ৰতিখন দেশে উপযোগী তথ্য সমানে লাভ কৰাটো নিশ্চিত কৰিব। ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ সময়ত অনুষ্ঠিত প্ৰথম ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত এই পুথিভঁৰাল স্থাপনৰ কথা ঘোষণা কৰা হৈছিল আৰু আজি সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈছে।

বন্ধুসকল,

ইয়াত ভিন্ন দেশৰ স্বাস্থ্যমন্ত্ৰীসকলে বিশ্ব অংশীদাৰিত্বৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। অংশীদাৰ হিচাপে মানদণ্ড, সুৰক্ষা, বিনিয়োগৰ দৰে বিষয়সমূহত আলোচনা কৰা হৈছে। এই আলোচনাই দিল্লী ঘোষণাৰ পথ প্ৰশস্ত কৰিছে, যিয়ে অনাগত বছৰসমূহৰ বাবে এক উমৈহতীয়া ৰূপৰেখা হিচাপে কাম কৰিব। মই ভিন্ন দেশৰ বিশিষ্ট মন্ত্ৰীসকলৰ যৌথ প্ৰচেষ্টাৰ শলাগ লৈছো আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছো।

বন্ধুসকল,

আজি দিল্লীত ডব্লিউএইচঅ’-ৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্য্যালয়ো উদ্বোধন কৰা হৈছে। এয়া ভাৰতৰ বিনম্ৰ উপহাৰ। এই কাৰ্য্যালয়ে গৱেষণা, নিয়ন্ত্ৰণ আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে কাম কৰিব।

বন্ধুসকল,

ভাৰতে সমগ্ৰ বিশ্বতে উপশমৰ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এই ক্ষেত্ৰত দুই উল্লেখযোগ্য সহযোগিতা স্থাপন হৈছে। প্ৰথমটো হৈছে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াক সামৰি ‘বিমষ্টেক’ দেশসমূহৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন আৰু দ্বিতীয়টো হৈছে বিজ্ঞান, পৰম্পৰাগত পদ্ধতি আৰু স্বাস্থ্যৰ একত্ৰীকৰণৰ লক্ষ্যৰে জাপানৰ সৈতে সহযোগিতা।

বন্ধুসকল,

এই সন্মিলনৰ বিষয়বস্তু “ভাৰসাম্যৰ পুনৰুদ্ধাৰঃ স্বাস্থ্য আৰু সুস্থতাৰ বিজ্ঞান আৰু অনুশীলন”-এ সামগ্ৰিক স্বাস্থ্যৰ মূল চিন্তাধাৰাকে প্ৰতিফলিত কৰে। আয়ুৰ্বেদে কৈছে যে ভাৰসাম্য হৈছে স্বাস্থ্যৰ মূল তত্ত্ব, শৰীৰৰ এই ভাৰসাম্য অটুত থকা মাত্ৰেকেহে লোক এজনক প্ৰকৃততে সুস্থ বুলি গণ্য কৰিব পাৰি। আজিৰ তাৰিখত ডায়েবেটিছ, হাৰ্ট এটেক, ডিপ্ৰেছন আদি ব্যাধিৰ পৰা আৰম্ভ কৰি কেন্সাৰলৈকে অন্তৰ্নিহিত কাৰণ হৈছে জীৱনশৈলী আৰু ভাৰসাম্যহীনতা। ইয়াত কৰ্ম-জীৱনৰ ভাৰসাম্যহীনতা, খাদ্যৰ ভাৰসাম্যহীনতা, টোপনিৰ ভাৰসাম্যহীনতা, আন্ত্ৰিক মাইক্ৰ’বাঅ’মৰ ভাৰসাম্যহীনতা, কেলৰিৰ ভাৰসাম্যহীনতা, আৱেগিক ভাৰসাম্যহীনতা আদি অন্তৰ্ভুক্ত। এই ভাৰসাম্যহীনতাৰ পৰা একাধিক বিশ্ব স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, অধ্যয়ন আৰু তথ্যই একেখিনি কথাকে নিশ্চিত কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা ভালদৰে বুজি পায়। এতিয়া ভাৰসাম্যৰ পুনৰুদ্ধাৰ কেৱল এক বিশ্বব্যাপী উদ্বেগ নহয়— বৰঞ্চ এয়া এক বিশ্বব্যাপী আশু প্রয়োজনীয়তাত পৰিণত হৈছে আৰু ইয়াক সম্বোধনৰ বাবে আমি ত্বৰান্বিত গতি তথা দৃঢ় প্ৰতিশ্ৰুতিৰে কাম কৰাটো আৱশ্যকীয়।

 

বন্ধুসকল,

একবিংশ শতিকাত জীৱনৰ ভাৰসাম্য ৰক্ষাৰ প্ৰত্যাহ্বান অধিক হ’ব। এআই আৰু ৰবটিক্সৰ সৈতে নতুন প্ৰযুক্তিগত যুগৰ আগমনে মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনক সূচিত কৰিছে। অনাগত বছৰসমূহত জীৱন-ধাৰণৰ পদ্ধতি অভূতপূৰ্বভাৱে সলনি হ’ব। আমি ইয়াৰ প্ৰতি সচেতন হৈ থকাৰ প্ৰয়োজন আছে। এনে হঠাৎ জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগতে শাৰীৰিক পৰিশ্ৰম অবিহনে সম্পদ আৰু সুবিধাসমূহৰ ক্ৰমাৎ সহজতাই মানৱ স্বাস্থ্যৰ বাবে অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। পৰম্পৰাগত স্বাস্থ্যসেৱাই তাৎক্ষণিক প্ৰয়োজনীয়তাৰ বাহিৰলৈ চাব লাগিব, ভৱিষ্যতৰ বাবেও প্ৰস্তুতি চলোৱাটো আমাৰ সামূহিক দায়িত্ব।

 

বন্ধুসকল,

পৰম্পৰাগত চিকিৎসা সম্পৰ্কে আলোচনা কৰা মাত্ৰেকে সুৰক্ষা আৰু প্ৰমাণ সন্দৰ্ভত এটা স্বাভাৱিক প্ৰশ্ন উত্থাপন হয়। ভাৰতে এই দিশত ধাৰাবাহিকভাৱে কাম কৰি আছে। এই সন্মিলনত অশ্বগন্ধাৰ উদাহৰণ দাঙি ধৰা হৈছে। যুগ-যুগ ধৰি ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত অশ্বগন্ধাৰ ব্যৱহাৰ হৈ আহিছে। ক’ভিড-১৯ ৰ সময়ত ইয়াৰ বিশ্বব্যাপী চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছিল আৰু বহু দেশত ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ভাৰতে ইয়াৰ গৱেষণা আৰু প্ৰমাণভিত্তিক বৈধকৰণৰ জৰিয়তে বিশ্বাসযোগ্যভাৱে অশ্বগন্ধাক আগুৱাই নিছে। এই সন্মিলনত অশ্বগন্ধা সম্পৰ্কে এক বিশেষ বিশ্বব্যাপী আলোচনা অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে ইয়াৰ সুৰক্ষা, গুণগত মান আৰু ব্যৱহাৰৰ ওপৰত গভীৰভাৱে বিবেচনা কৰিছে। ভাৰত এনেধৰণৰ সময়-পৰীক্ষিত বনৌষধিক বিশ্বজনীন জনস্বাস্থ্যৰ অংশ হিচাপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

বন্ধুসকল,

এসময়ত পৰম্পৰাগত চিকিৎসা কেৱল সুস্থতা বা জীৱনশৈলীৰ মাজতে সীমাবদ্ধ আছিল, কিন্তু আজি এই ধাৰণাটো দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। জটিল পৰিস্থিতিতো পৰম্পৰাগত চিকিৎসাই ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাৰত এই দৃষ্টিভংগীৰে আগবাঢ়িছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থা-পৰম্পৰাগত চিকিৎসা কেন্দ্ৰই এক নতুন পদক্ষেপ গ্ৰহণ কৰাত মই সন্তোষ পাইছো। ভাৰতত সংহত কৰ্কট যত্নক সুদৃঢ় কৰাৰ বাবে উভয়ে যৌথ প্ৰচেষ্টা চলাইছে, ইয়াৰ অধীনত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক আধুনিক কৰ্কট চিকিৎসাৰ সৈতে সংযুক্ত কৰা হ’ব। এই পদক্ষেপে প্ৰমাণ-ভিত্তিক নিৰ্দেশনা প্ৰস্তুত কৰাত সহায় কৰিব। ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানে ৰক্তহীনতা, বাতবিষ আৰু ডায়েবেটিছ আদি গুৰুতৰ স্বাস্থ্যজনিত বিষয়সমূহৰ ওপৰত ক্লিনিকেল অধ্যয়ন চলাই আছে। ভাৰতৰ বহু ষ্টাৰ্ট-আপেও এই ক্ষেত্ৰত প্ৰৱেশ কৰিছে, যুৱ শক্তিয়ে প্ৰাচীন পৰম্পৰাত যোগদান কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাৰ মাজেৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানে দৃশ্যমানভাৱে নতুন শিখৰত আৰোহণ কৰিছে।

 

 

বন্ধুসকল,

পৰম্পৰাগত চিকিৎসা আজি এক নিৰ্ণায়ক টাৰ্নিং পইন্টত উপনীত হৈছে। বিশ্বৰ জনসংখ্যাৰ এক বৃহৎ অংশই দীৰ্ঘদিন ধৰি ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, তথাপিও পৰম্পৰাগত চিকিৎসা বিজ্ঞানে ইয়াৰ অপৰিসীম সম্ভাৱনা থকাৰ পিছতো প্ৰাপ্য স্থান লাভ কৰা নাই। পৰম্পৰাগত চিকিৎসাই বিজ্ঞানৰ জৰিয়তে আস্থা লাভ কৰিব লাগিব আৰু ইয়াৰ প্ৰসাৰক অধিক সম্প্ৰসাৰিত কৰিব লাগিব। এই দায়িত্ব কোনো এখন ৰাষ্ট্ৰৰ বিপৰীতে সকলোৰে উমৈহতীয়া কৰ্তব্য। এই সন্মিলনৰ বিগত তিনিদিনত দেখা পোৱা অংশগ্ৰহণ, আলোচনা আৰু দায়বদ্ধতাই বিশ্বই এই দিশত একেলগে আগবাঢ়ি যাবলৈ সাজু বুলি বিশ্বাসক গভীৰ কৰি তুলিছে। মই সকলোকে আস্থা, সন্মান আৰু দায়িত্বশীলতাৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো তথা এই সন্মিলনৰ সফলতাৰ বাবে পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিলো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"