Quoteআজিৰ যুৱ-প্ৰজন্মৰ মানসিকতাৰ সৈতে ৰজিতা খাই পৰিছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ স্পৃহা : প্ৰধানমন্ত্ৰী
Quoteঅষ্ট্ৰেলিয়াত ভাৰত ক্ৰিকেট টীমৰ জয়ে ভাৰতৰ নৱ-প্ৰজন্মৰ উদ্দীপনাক প্ৰতীয়মান কৰিছে : প্ৰধানমন্ত্ৰী
Quoteনতুন শিক্ষানীতিয়ে আমাৰ শিক্ষা পদ্ধতিৰ বাবে তথ্য আৰু তথ্য বিশ্লেষক যুগুতাই উলিয়াব : প্ৰধানমন্ত্ৰী

নমস্কাৰ!

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী জী, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰীয়াল ‘নিশাংক’ জী, অসমৰ মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল জী, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি কে জৈন জী, শিক্ষকমণ্ডলী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ তেজস্বী, প্ৰতিভাশালী, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ১২০০ৰো অধিক শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো আজীৱন স্মৰণ কৰিবলগীয়া দিৱস হিচাপে পৰিগণিত হ’ব। আপোনালোক শিক্ষক-অধ্যাপক, পিতৃ-মাতৃৰ বাবেও আজিৰ দিনটো নিতান্তই গুৰুত্বপূৰ্ণ। আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল আজিৰ পৰা আপোনালোকৰ কেৰিয়াৰৰ সৈতে তেজপুৰ বিশ্ববিদ্যালৰ নাম চিৰদিনৰ বাবে বিজড়িত হৈ পৰিল। আজি আপোনালোক যিমান আনন্দিত হৈছে, সিমানেই আনন্দিত হৈছো ময়ো। আজি আপোনালোকে নিজৰ নিজৰ ভৱিষ্যতক লৈ যিমান আশাৰে পৰিপূৰ্ণ হৈ উঠিছে, সিমানেই মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে। আপোনালোকে তেজপুৰত থাকিও, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা যি শিকিলে, সেয়া অসমৰ প্ৰগতি, দেশৰ প্ৰগতিৰ গতি হৈ উঠিব, এ ই দেশক নতুন শিখৰলৈ নিয়াৰ এক সাধন হ’ব।

বন্ধুসকল,

এই ভৰষাৰ আন বহুবোৰ কাৰণো আছে। প্ৰথম, তেজপুৰ বিশ্ববিদ্যালয়ৰ এই স্থান, ইয়াৰ পৌৰাণিক ইতিহাসৰ পৰা আহৰণ কৰিব পৰা প্ৰেৰণা। দ্বিতীয়তে, তেজপুৰ বিশ্ববিদ্যালয়ত আপোনালোকে যি কাম কৰি আছে, মোক সেই বিষয়ে যেনেকৈ কোৱা হৈছে, সেই কথা নিতান্তই উত্সাহজনক বুলি অনুভৱ কৰিছো। আৰু তৃতীয়তে, পূব ভাৰতৰ সামৰ্থ্যৰ ওপৰত, ইয়াৰ নাগৰিকসকল, ইয়াৰ নৱ-জোৱানসকলৰ ক্ষমতাৰ ওপৰত, ৰাষ্ট্ৰনিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়াসৰ ওপৰত কেৱল মোৰেই নহয়, সমগ্ৰ দেশৰে অটুত বিশ্বাস আছে।

বন্ধুসকল,

এতিয়া পুৰস্কাৰ আৰু পদকসমূহ দিয়াৰ আগতে বিশ্ববিদ্যালয়ৰ যি ‘শীৰ্ষক গীত’ গোৱা হৈছিল, ইয়াত নিহিত হৈ থকা ভাৱ-কথাই তেজপুৰৰ মহান ইতিহাসকে প্ৰণিপাত জনায়। মই ইয়াৰ কেইটা মান পংক্তি পুনৰ দোহাৰিব বিচাৰিছো, কিয়নো এই গীতটি অসমৰ গৌৰৱ, ‘ভাৰতৰত্ন’ ভূপেন হাজৰিকাই ৰচনা কৰিছিল। তেওঁ লিখিছিল-‘অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেতু নিৰ্মাণ, জ্ঞান জ্যোতিৰ্গময়, সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়’. অৰ্থাত্, য’ত অগ্নিগড়ৰ দৰে স্থাপত্য আছে, য’ত কলীয়া-ভোমোৰা সেতু আছে, য’ত জ্ঞানৰ জ্যোতি আছে, এনেকুৱা এডোখৰ স্থানতে তেজপুৰ বিশ্ববিদ্যালয় বিৰাজমান হৈ আছে। এই তিনিটা পংক্তিৰ জৰিয়তে ভূপেনদাই কিমানযে কথাৰ বৰ্ণনা কৰিছিল। অগ্নিগড়ৰ, ৰাজকুমাৰ অনিৰুদ্ধ, ৰাজকুমাৰী ঊষা-ভগৱান শ্ৰী কৃষ্ণৰ সৈতে বিজড়িত ইতিহাস, মহান আহোম পুৰোধা কলীয়া-ভোমৰা ফুকনৰ দূৰদৃষ্টি, জ্ঞানৰ ভাণ্ডাৰ, এইবোৰতো তেজপুৰৰ বাবে প্ৰেৰণাৰ উত্স। ভূপেন দাৰ সৈতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰাদ ৰাভাৰ দৰে মহান ব্যক্তিত্বই তেজপুৰৰ পৰিচয় বহণ কৰিছে। আপোনালোকে তেওঁলোকৰ কৰ্মভূমি, জন্মভূমিত পঢ়া-শুনা কৰিছে আৰু সেয়ে আপোনালোক গৰ্বিত হোৱা, আৰু এই গৌৰৱৰ বাবেই আপোনালোকৰ জীৱন আত্মবিশ্বাসৰে ভৰপুৰ হোৱাতো নিতান্তই স্বাভাৱিক।

|

বন্ধুসকল,

আমাৰ দেশে এইবছৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত প্ৰৱেশ কৰিব। বহু শতিকাজোৰা পৰাধীনতাৰ পৰা মুক্তি লাভ কৰাৰ বাবে এই আন্দোলনত অগণন লোকে অংশগ্ৰহণ কৰিছিল। সেই সময়ত তেওঁলোকে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল, তেওঁলোকৰ যৌৱন উচৰ্গা কৰিছিল, এতিয়া আপোনালোকে নতুন ভাৰত, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে জীৱন পাত কৰি দেখুওৱা, জীৱনক সাৰ্থক কৰি দেখুওৱাৰ সময় আহিছে। এতিয়া পৰা ভাৰতৰ স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ হোৱা পৰ্যন্ত, এই ২৫-২৬টা বছৰ আপোনালোকৰ জীৱনৰ বাবেও সোণোৱালী বছৰ হিচাপে পৰিগণিত হ’ব। আপোনালোকে কল্পনা কৰিকচোন, ১৯২০-২১চনত যিসকল যুৱক আছিল, যিখিনি ছোৱালী আছিল, আজিৰ আপোনালোক যি বয়সৰ আছিল, ১৯২০-২১ৰ সময়ছোৱাত তেওঁলোকে বাৰু কি সপোন দেখিছিল। তেওঁলোকেনো কেনেধৰণৰ কথাৰ বাবে জীৱনক প্ৰস্তুত কৰিব খুজিছিল, কি কথা সম্ভৱ কৰাৰ বাবে নিজকে নিজেই সমৰ্পিত কৰিব বিচাৰিছিল। যদি অকণ মান স্মৰণ কৰে, ১০০ বছৰৰ আগতে আপোনালোকৰ বয়সৰ ব্যক্তিসকলে কি কৰিছিল তেন্তে ভৱিষ্যতৰ বাবে আপোনালোকেনো কি কৰিব লাগিব, সেই কথা ভাবিবলৈ আপোনালোকক সময়েই নালাগিব। এয়া আপোনালোকৰ বাবে এক সোণালী কালখণ্ড। তেজপুৰৰ তেজ সম্পূৰ্ণ ভাৰতত, সম্পূৰ্ণ বিশ্বতে প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰক। অসমক, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক উন্নয়ণৰ নতুন শিখৰলৈ নিয়াৰ ব্ৰতত ব্ৰতী হওক। আমাৰ চৰকাৰে আজি যিদৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণৰ বাবে আহোপুৰুষাৰ্থ কৰিছে, যেনেদৰে সংযোগ স্থাপনৰ প্ৰয়াস কৰিছে, শিক্ষা, স্বাস্থ্যকে ধৰি সকলো ক্ষেত্ৰত কাম চলি আছে, তাৰ জৰিয়তে আপোনালোকৰ বাবে অনেক নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। এইসমূহ সম্ভাৱনাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰক। আপোনালোকৰ প্ৰয়াসে আপোনালোকৰ প্ৰতিভা, আপোনালোকৰ চিন্তা, নতুনকৈ কিবা কৰাৰ সামৰ্থ্যকো প্ৰতীয়মান কৰিব।

বন্ধুসকল,

ইয়াত থকা ‘ইন’ভেশ্যন চেণ্টাৰ’টোৰ বাবেও তেজপুৰ বিশ্ববিদ্যালয়ৰ আন এক বিশেষ পৰিচিতি আছে। আপোনালোকৰ তৃণমূল পৰ্যায়ৰ ‘ইনভেশ্যনে’ ‘ভোকেল ফৰ লোকেল’-ক এক নতুন গতি প্ৰদান কৰিছে, নতুন শক্তি প্ৰদান কৰিছে। এই ‘ইন’ভেশ্যন’ স্থানীয় সমস্যাৱলীৰ সমাধানৰ কামত আহিছে, যাৰ ফলত উন্মনয়ণৰ নতুন দুৱাৰ মুকলি হৈছে। আপোনালোকৰ ‘কেমিকেল ছায়েন্স’ বিভাগে খোৱা পানী বিশুদ্ধকৰণৰ বাবে এক কম খৰচী আৰু সহজ প্ৰযুক্তি বিকশিত কৰাৰ বাবে কাম কৰি আছে বুলি মই জানিব পাৰিছো। ইয়াৰ ফলত অসমৰ বহু গাঁও উপকৃত হৈছে। এই প্ৰযুক্তি বোলে এতিয়া চত্তিশগড়, ওড়িশা, বিহাৰ, কৰ্ণাটক, আৰু ৰাজস্থানৰ দৰে ৰাজ্যলৈও গৈছে বুলি মোক কোৱা হৈছে। অৰ্থাত্ আপোনালোকৰ এই সাফল্যৰ কথা এতিয়া সকলোৱে জানিব পাৰিছে। এই প্ৰযুক্তিয়ে ‘জল জীৱন মিছন’ৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰি থকা আঁচনিকো উপকৃত কৰিব।

|

বন্ধুসকল,

পানীৰ উপৰি আৱৰ্জনাক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবেও আপোনালোকে প্ৰয়াস কৰি আছে। ইয়াৰো বহু ডাঙৰ প্ৰভাৱ আছে। শস্যৰ অৱশিষ্টসমূহে আমাৰ কৃষক ৰাইজৰ লগতে পৰিৱেশৰ বাবেও বহুত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। জৈৱ-গেছ আৰু সাৰৰে জড়িত এক কম খৰছী আৰু প্ৰভাৱশালী প্ৰযুক্তিৰ বিকাশৰ বাবে আপোনালোকে বিশ্বিদ্যালয়খনত যি কাম কৰি আছে তাৰ দ্বাৰা দেশে সন্মুখীন হৈ অহা বৃহত্ সমস্যা এটাৰ সমাধান হ’ব বুলি আমি আশা কৰিব পাৰি।

বন্ধুসকল,

তেজপুৰ বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য আৰু চহকী ঐতিহ্যৰ সংৰক্ষণৰ বাবে অভিযান চলাই আহিছে বুলিও মই জানিব পাৰিছো। উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসকলৰ একাংশ বিলুপ্তপ্ৰায় ভাষাৰ তথ্যনুসন্ধান কৰা কথাটো নিতান্তই প্ৰশংসনীয় কাম হৈছে। সেই দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি, নগাঁৱৰ বটদ্ৰৱা থানত বহু শতিকা পুৰণি কাঠত নক্সা কটা কলাৰ সংৰক্ষণেই হওক, অথবা পৰাধীনতাৰ সময়ত ৰচনা কৰা অসমৰ গ্ৰনথসম্ভাৰ আৰু কাকতসমূহৰ ডিজিটেল ৰূপান্তৰণেই হওক আপোনালোকে এনে অনেক কামত নিজকে নিয়োজিত কৰি আহিছে। হিন্দুস্থানৰ পূব প্ৰান্তত অৱস্থিত তেজপুৰত এই তপস্যা, এই সাধনা চলি আছে বুলি যিয়ে শুনিব তেওঁৰে হৃদয় গৰ্বৰে ভৰি উঠিব। আপোনালোকে সঁচাকৈয়ে অনবদ্য কাম কৰি আছে।

বন্ধুসকল,

মই ইমানখিনি জনাৰ পিচত এটা প্ৰশ্নও মনলৈ আহিছে, স্থানীয় বিষয়সমূহত, স্থানীয় আৱশ্যকীয়তাসমূহত ইমানবোৰ কাম, ইমান গৱেষণা কৰাৰ বাবে আপোনালোকে ক’ৰ পৰা প্ৰেৰণা লাভ কৰিছে বাৰু! ইয়াৰ উত্তৰো কিন্তু তেজপুৰ বিশ্ববিদ্যলয়ৰ চৌহদতে পোৱা গৈছে। আপোনালোকৰ ‘হোষ্টেল’ৰ কথাকে কও। এইসমূহৰ নাম হৈছে ‘চৰাইদেউ’, ‘নীলাচল’, ‘কাঞ্চনজংঘা’, ‘পাটকাই’, ‘ধনশিৰি’, ‘সোৱণশিৰি’, ‘কপিলী’, এই সকলোবোৰ পৰ্বত, শৃংগ আৰু নদীৰ নামৰ ওপৰত আধাৰিত। আৰু এইবোৰ কেৱল একোটা নামেই নহয়। এয়া জীৱনৰ একো একোটা জীয়া প্ৰেৰণাৰ উত্সও।

|

বন্ধুসকল,

আপোনালোকে যেতিয়া এই মনসিকতাৰে আগবাঢ়িব খুজিছে, তেতিয়াতো অসম, উত্তৰ পূৰ্বাঞ্চল, দেশৰ বিকাশ যজ্ঞত অৱদান দিব পাৰিবই। আপোনালোকে চাগৈ দেখিছেই যে, ক’ৰোনাৰ মহামাৰী কালৰ ভিতৰতে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানে আমাৰ জনজীৱনৰ অবিচ্ছেদ্য অংগৰ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ মাজত এই অভিপ্ৰায় এতিয়া সংপৃক্ত হৈ পৰিছে। আমাৰ পুৰুষাৰ্থ, আমাৰ সংকল্প, আমাৰ সিদ্ধি, আমাৰ প্ৰয়াস এতিয়া এই সকলোবোৰ ইয়াৰ আশে-পাশেই আৱৰ্তিত হোৱা বুলি আমি অনুভৱ কৰিছো। পিচে, এই অভিযাননো দৰাচলতে কি? ইয়াৰ দ্বাৰানো কি পৰিৱৰ্তন আহিছে? এয়া কি কেৱল সম্পদৰ ক্ষেত্ৰতহে হৈছে? এয়া কি আৱয়াবিক আন্তঃগাঁথনিতে সীমাবদ্ধ?

পৰিৱৰ্তন কি প্ৰযুক্তি ক্ষেত্ৰতহে হৈছে? পৰিৱৰ্তন কি অৰ্থনীতিৰহে নে আৰু ৰণকৌশলগত পৰাক্ৰমৰ? এই সকলো প্ৰশ্নৰ নিশ্চিত ভাবে উত্তৰ হব ‘হয়’ বুলি। অৱশ্যে, ইয়াৰ মাজতো আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো হব ‘ইনষ্টিংক্ট’-ৰ ‘একশ্যন’ আৰু ‘ৰিএকশ্যন’ৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীৰ।

যুৱ বন্ধুসকল,

ক্ৰিকেটৰ পথাৰত আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন কেৱল খেলৰ দৃষ্টিভগীৰেই গুৰুত্বপূৰ্ণ নহয়। ই জীৱনৰ বাবেও এক বৃহত্ পাঠৰ দৰেও। ই শিকোৱা প্ৰথম পাঠটো হ’ল আমাৰ সামৰ্থ্যৰ ওপৰত আমি বিশ্বাস কৰা উচিত, আত্ম বিশ্বাসী হোৱা উচিত। দ্বিতীয় পাঠটো আমাৰ মানসিকতাক লৈ। আমি যদি ইতিবাচক মানসিকতাৰে আগবাঢ়ো তেতিয়া সাফল্য আহিবই। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো হ’ল, যদি আপোনাৰ ওচৰত নিৰাপদে একাষৰীয়া হৈ ওলাই যোৱাৰ বিকল্প থাকে আৰু আনহাতে যদি কঠিন বিজয়ৰ বিকল্প থাকে, তেন্তে আপুনি বিজয়ৰ বিকল্প সন্ধান কৰা উচিত। যদি বিজয় সাব্যস্ত কৰিবলৈ যাওতে কেতিয়াবা অসফলতাৰো সন্মুখীন হ’বলগীয়া হয়, তেতিয়াও কিন্তু কোনো লোকচান নহয়। ‘ৰিস্ক’ লোৱাৰ ক্ষেত্ৰত, ‘নতুন প্ৰয়োগ’ৰ ক্ষেত্ৰত কেতিয়াও ভয় কৰিব নালাগে। নিজকে ‘প্ৰো-এক্টিভ’ আৰু ‘ফিয়েৰলেছ’ কৰিব লাগিব। আমাৰ অভ্যন্তৰত অসফলতাৰ ভয় থাকে, যিয়ে অনাহক ছাপৰ সৃষ্টি কৰে, সেই ভয়ক নিষ্কাষিত কৰিব পাৰিলেই সাফল্যৰ দুৱাৰ মুকলি হৈ পৰে।

বন্ধুসকল,

উতসাহৰে পৰিপূৰ্ণ, নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমৰ্পিত ভাৰত কেৱল ক্ৰিকেটৰ পথাৰতে দেখিবলৈ পোৱা নাযায়। আপোনালোকোতো ইয়াৰ এক সুন্দৰ নিদৰ্শন। আপোনালোকো আত্মবিশ্বাসৰে পৰিপূৰ্ণ। আপোনালোকেও চিনাকী পথ এৰি নতুন পথৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত শংকিত নহয়। আপোনালোকৰ এই মানসিকতাকে ক’ৰোনাৰে যুঁজত ভাৰতে প্ৰয়োগ কৰি বিশেষ সাফল্য লাভ কৰাৰ প্ৰেৰণা পাইছিল।

 

বন্ধুসকল,

সাম্প্ৰতিক সময়ত ভাৰততেই হওক কিম্বা সমগ্ৰ পৃথিৱীতে হওক যেনেদৰে নতুন প্ৰযুক্তিৰ প্ৰসাৰ ঘটিছে, তাৰ ফলত সকলো ক্ষেত্ৰতে নতুন নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। আজি আমি আমাৰ ব্যস্ত জীৱনশৈলীত কোনো শাখা নথকাকৈ বেংকৰ সেৱা, শ্বৰূম নোহোৱাকৈ খুচুৰা ব্যৱসায়, ‘ডাইনিং হল’ নোহোৱা ‘ক্লাউড কিচ্ছেন’ৰ দৰে অনেক নতুন কথা দেখিবলৈ পাইছো। এইবোৰ দেখি শুনি ভৱিষ্যতৰ কোনোবা মুহূৰ্তত বিশ্ববিদ্যালয়ো সম্পূৰ্ণ ৰূপে ‘ভাৰ্ছুৱেল’ হ’ব আৰু সমগ্ৰ পৃথিৱীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী যিকোনো বিশ্ববিদ্যালয়ৰে জড়িত হ’ব পাৰিব বুলি ভাবিব পৰা হৈছো। এনেধৰণৰ ৰূপান্তৰণৰ বাবে আমাৰ হাতত এক জৰুৰী ‘ফ্ৰেমৱৰ্ক’ থকাতো নিতান্তই আৱশ্যক হৈ উঠিছে। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ মাধ্যমেৰে ইয়াৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। এই নীতিত প্ৰযুক্তিৰ সদ্ব্যৱহাৰত অধিক জোৰ দিয়া, বহু-বিষয়ক শিক্ষা আৰু বিষয়-বাচনিৰ ক্ষেত্ৰত শিথিলতাক উত্সাহিত কৰাৰ ব্যৱস্থা কৰা হৈছে। নতুন শিক্ষা নীতিত, তথ্য আৰু তথ্য বিশ্লেষণৰ বাবে আমাৰ শিক্ষা পদ্ধতিক সাজু কৰি তোলাৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে। তথ্যৰ বিশ্লেষণৰ সহায়ত নাম-ভৰ্তিৰ পৰা শিক্ষণ আৰু মূল্যাংকণ পৰ্যন্ত সম্পূৰ্ণ পদ্ধতি অধিক উন্নত হৈ উঠিব।

তেজপুৰ বিশ্ববিদ্যলয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এইসমূহ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেজপুৰ বিশ্ববিদ্যালয়ে বিগত দিনসমূহত লাভ কৰা সাফল্য আৰু ই বহণ কৰা সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰষা আছে। আৰু মই আমাৰ শিক্ষাৰ্থী বন্ধুসকলক এই কথা বিশেষ ভাবে ক’ব বিচাৰো যে আপোনালোকৰ আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ সময়ত আপোনালোকে কেৱল নিজৰ ভৱিষ্যতৰ বাবেই নহয়, বৰং ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবেও কাম কৰিব। এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকৰ উদ্দেশ্য বিশাল হ’ব তেতিয়া জীৱনৰ সাধাৰণ উথ্থান-পতনে ইয়াৰ প্ৰাপ্তিৰ বাটত বৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব। আপোনালোকৰ জীৱনৰ আহিবলগীয়া ২৫-২৬টা বছৰ আপোনালোকৰ কেৰিয়াৰৰ লগতে দেশৰ ভাগ্য নিৰ্মাণৰ বাবেও উচৰ্গিত হ’ব।

আপোনালোক সকলোৱে আমাৰ দেশক উন্নতিৰ শিখৰলৈ লৈ যাব বুলি মোৰ বিশ্বাস আছে। ২০৪৭ চনত, যেতিয়া দেশে স্বাধীনতাৰ ১০০ সংখ্যক বছৰ উদযাপন কৰিবগৈ তেতিয়া এই ২৫-২৬ বছৰৰ এইছোৱা সময় আপোনালোকৰ যোগদানৰে, আপোনালোকৰ পুৰুষাৰ্থৰে, আপোনালোকৰ সপোনৰে পূৰ্ণ হৈ উঠিব। কল্পনা কৰকচোন, স্বাধীনতাৰ শতবৰ্ষত আপোনালোকৰ ২৫টা বছৰে কিমান ডাঙৰ ভূমিকা পালন কৰিবগৈ। আহক, বন্ধুসকল, নিজকে সেই সপোন সাৰ্খক কৰাৰ বাবে সাজু কৰি তোলো, আগুৱাই যাওক, সংকল্পৰ সৈতে আগুৱাই যাওক, সিদ্ধি লাভ কৰাৰ পণ লৈ ধাৱমান হওক। দেখিব, জীৱনে সফলতাৰ এটা এটা সীমনা অতিক্ৰমী যাবগৈ। আজি এই পবিত্ৰ উপলক্ষত আপোনালোকৰ পৰিয়ালবৰ্গ, আপোনালোকৰ শিক্ষকজগতক, আপোনালোকৰ সকলো ‘ফেকাল্টী’ক, আপোনালোকৰ সপোনবোৰক, সকলোকে বহুত বহুত শুভ কামনা প্ৰদান কৰিছো। আপোনালোক আটাইলৈ অনন্ত অনন্ত শুভকামনা থাকিল।

বহুত বহুত ধন্যবাদ!!

  • Jitendra Kumar May 17, 2025

    🙏🇮🇳
  • Laxman singh Rana July 30, 2022

    नमो नमो 🇮🇳🙏
  • Laxman singh Rana July 30, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana July 30, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav June 20, 2022

    नमस्ते
  • शिवकुमार गुप्ता March 01, 2022

    जय भारत
  • शिवकुमार गुप्ता March 01, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 01, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता March 01, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Gaya to Ayodhya in just 6 hours,thanks to Namo Bharat Rapid Train

Media Coverage

Gaya to Ayodhya in just 6 hours,thanks to Namo Bharat Rapid Train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Gukesh for his first-ever win against Magnus Carlsen in Norway Chess 2025
June 02, 2025

Prime Minister, Shri Narendra Modi, has congratulated Gukesh for his first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025."Congratulations to him for triumphing over the very best. His first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025 showcases his brilliance and dedication", Shri Modi stated.

The Prime Minister posted on X;

"An exceptional achievement by Gukesh! Congratulations to him for triumphing over the very best. His first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025 showcases his brilliance and dedication. Wishing him continued success in the journey ahead."

@DGukesh