India takes pride in using remote sensing and space technology for multiple applications, including land restoration: PM Modi
We are working with a motto of per drop more crop. At the same time, we are also focusing on Zero budget natural farming: PM Modi
Going forward, India would be happy to propose initiatives for greater South-South cooperation in addressing issues of climate change, biodiversity and land degradation: PM Modi

‘ৰাষ্ট্ৰসংঘৰ মৰুভূমিকৰণ প্ৰতিৰোধী সভাৰ সদস্যমণ্ডলী’(চিঅ’পি), আপোনালোক আটাইকে মই ভাৰতলৈ স্বাগতম জনাইছো। মৰুস্থলীকৰণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা বিশেষ উদ্যোগৰ বাবে আৰু এই সন্মিলনখন ভাৰতত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে মই পোনতে কাৰ্যবাহী সচিব ইব্ৰাহিম জিঅ’ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। এই সন্মিলনলৈ অহাৰ বাবে পঞ্জীয়ন কৰোতাৰ সংখ্যাই অভিলেখ সৃষ্টি কৰা কথাই আক্ষৰিক অৰ্থতে ভূমিৰ গুণ-মান অৱনমন প্ৰতিৰোধৰ বাবে পৃথিৱী জুৰি আৰম্ভ হোৱা ব্যাপক দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে বুলি অভিহিত কৰিব পাৰি। এই দিশত প্ৰভাৱশালী অৰিহণা আগবঢ়োৱাৰ বাবে ভাৰতেও আগ্ৰহ প্ৰকাশ কৰিছে আৰু তাকে কৰাৰ উদ্দেশ্যই আমি এই সভাৰ দুটা কাৰ্যকালৰ বাবে সহ-পৌৰহিত্যৰ গুৰু দায়িত্ব স্বীকাৰ কৰিছো।

  বন্ধুসকল, আমি ভাৰতীয়সকলে যুগ-যুগান্তৰ ধৰি ভূমিক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছো। আমাৰ ভাৰতীয় সংস্কৃতিত ধৰিত্ৰীক সদায়ে পবিত্ৰ বুলি গ্ৰহণ কৰা হয়। দৰাচলতে ধৰিত্ৰীক আমি মাতৃ হিচাপেই গ্ৰহণ কৰি আহিছো।

    পূৱা শোৱা-পাটী এৰি আমি যেতিয়া প্ৰথমবাৰৰ বাবে ভূমি স্পৰ্শ কৰো তেতিয়া আমি আই ধৰিত্ৰীক দায় নধৰিবৰ বাবে প্ৰাৰ্থনা জনাও এই বুলি—

সমুদ্ৰ বসনে দেৱী পৰ্বত স্তন মণ্ডলে

বিষ্ণু-পত্নী নমস্-তুভ্যম পদ স্পৰ্শম্ ক্ষমাস্ব-মে।।

বন্ধুসকল, জলবায়ু পৰিৱৰ্তনে আমাৰ জৈৱ-বৈচিত্ৰ্য আৰু ভূমণ্ডল উভয়কে নেতিবাচক ভাবে প্ৰভাৱিত কৰিছে। ব্যাপক হাৰত হোৱা ভূমিৰ স্খলন, নিৰ্বননীকৰণ, ভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ দৰে ঘটনা সংঘটিত হোৱা আমি প্ৰত্যক্ষ কৰিছো। এই জলবায়ু পৰিৱৰ্তনৰ পৰিণতিতে ভিন্ন প্ৰকাৰে ভূমিৰ গুণ-মান অৱনমিত হ’বলৈ ধৰিছে, সেয়া লাগিলে সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিয়েই হওক কিম্বা ছুনামীৰ দৰে দুৰ্যোগৰ বাবেই হওক, মুষলধাৰ বৰষুণেই হওক অথবা প্ৰচণ্ড ধুমুহা কিম্বা ঘূৰ্ণি, হয়তোবা ব্যাপক হাৰত বৃদ্ধি পোৱা তাপমানৰ পৰিণতিতে হওক, অশুভ পৰিণতিৰে আমি সন্মুখীন হ’বলগীয়া হৈ আহিছে।

    সভাসদসকল, চিঅ’পিৰ জৰিয়তে ভাৰতে এই সভাৰ তিনিওখন গোলকীয় সন্মিলন অনুষ্ঠিত কৰি আহিছে। এই কথাই ৰিঅ’ সন্মিলনত গ্ৰহণ কৰা তিনিওটা প্ৰধান বিষয়ৰ ক্ষেত্ৰত থকা আমাৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে।

আৰু এঢাপ আগুৱাই গৈ ভাৰতে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যতা আৰু ভূমিৰ গুণ-মানৰ অৱনমনৰ দৰে সমস্যাৰ সমাধান সূত্ৰ আৱিষ্কাৰ কৰাৰ বাবে ‘বৃহত্তৰ দক্ষিণ দক্ষিণ সহযোগিতা’ৰ প্ৰস্তাৱ আগবঢ়াবলৈ পালে আনন্দিত হ’ব।

বন্ধুসকল, আপোনালোকে চাগৈ শুনি আচৰিত হ’ব যে আজিৰ তাৰিখত পৃথিৱীৰ ২৩খন দেশ মৰুভূমিকৰণ সমস্যাৰ সন্মুখীন হৈছে। এই তথ্যই বাস্তৱিকতেই অতিকে চিন্তনীয় বিষয় এটাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষিত কৰাৰ লগতে সম্প্ৰতিক পৃথিৱীয়ে সন্মুখীন হোৱা পানীৰ নাটনিৰ সমস্যাৰ সৈতে একেলগে সাঙুৰি মাটিৰ এই সমস্যাটোৰো অনতিবিলম্বে এক সমাধানসূত্ৰ আৱিষ্কাৰৰ গুৰুত্ব সকলোকে সঁকীয়াই দিয়ে। কাৰণ আমি যেতিয়া ভূমিৰ গুণ-মান অৱনমনৰ সমস্যা সমাধান কৰিববিচাৰো তেতিয়া পানীৰ নাটনিৰ সমস্যাৰো সমাধানৰ সূত্ৰ ওলায়।

পানীৰ যোগান বৃদ্ধি কৰা, পানীৰ মাত্ৰা পুনৰ বৃদ্ধিৰ দিহা কৰা, পানীৰ নিৰ্গমণ ৰোধ কৰা আৰু মাটিৰ আদ্ৰতা অক্ষুন্ন ৰখাৰ দৰে পদক্ষেপসমূহ মাটি আৰু পানীৰ বাবে অৱলম্বন কৰিব খোজা মংগলকামী কৌশলৰ অতিকে গুৰুত্বপূৰ্ণ অংগ। মাটিৰ গুণ-মান অৱনমন সমস্যা প্ৰশমনৰ বাবে অতিকে জৰুৰী এক ‘গোলকীয় জল কৰ্ম–পৰিকল্পনা’ যুগুতোৱাৰ বাবে মই ‘ইউএনচিচি’-ৰ নেতৃবৃন্দক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাব খুজিছো।

বন্ধুসকল, দীৰ্ঘ–ম্যাদী উন্নয়নৰ বাবে ভূমি–স্বাস্থ্য পুনৰ্গঠন কৰটো অতিকে প্ৰয়োজনীয় কথা। আজিৰ এই মুহূৰ্তত মোৰ ‘ইউএনএফচিচি’-ৰ পেৰিছ চিঅ’পি-ত উথ্থাপন কৰা ভাৰতৰ প্ৰস্তাৱৰ কথা মনলৈ আহিছে। মাটি-পানী-বায়ু-তৰু-তৃণৰ লগতে সকলো জীৱ-জন্তুৰ কল্যাণৰ বাবে সমতুলতা বৰ্তাই ৰখাটো যে ভাৰতীয় সংস্কৃতিক প্ৰমূল্যৰ এৰাব নোৱাৰা অংগ, সেই কথা এই প্ৰস্তাৱত বাৰুকৈয়ে উল্লেখ কৰা হৈছিল। বন্ধুসকল, আপোনালোকে চাগৈ শুনি ভাল পাব যে ভাৰতে ইয়াৰ সেউজ আস্তৰণৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ ইতিমধ্যেই সক্ষম হৈছে। ২০১৫-২০১৭ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলৰ পৰিসৰ ০.৮নিযুত হেক্টৰ বৃদ্ধি পাইছে।

ভাৰতত যদি বনাঞ্চলৰ কোনো এডোখৰ মাটি অন্য কোনো উন্নয়নমূলক কাম-কাজৰ বাবে অধিগ্ৰহণ কৰা হয়, তেন্তে সেই একে পৰিমানৰ অন্য এডোখৰ মাটি বনানীকৰণৰ বাবে আগবাঢ়োৱাতো বাধ্যতামূলক কৰা হৈছে। তদুপৰি, বনাঞ্চলৰ অধিগ্ৰহণ কৰা মাটিত থকা কাঠৰ বাবদ মূল্যও আদায় দিব লাগে।

এনেদৰে অধিগ্ৰহণ কৰা বনভূমিৰ বাবদ যোৱাটো সপ্তাহত মাত্ৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ ৬মাৰ্কিন ডলাৰ অৰ্থাত ৪০ৰ পৰা ৫০,০০০কোটি টকা মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে।

মোৰ চৰকাৰে কৃষকসকলৰ আয় দুগুণে বৃদ্ধি কৰিব পৰাকৈ কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত পতিত মাটিৰ উৰ্বৰাকৰণ আৰু ক্ষুদ্ৰ জলসিঞ্চনকো অন্তৰ্ভূক্ত কৰা হৈছে। আমি ‘প্ৰতিটোপাল পানীৰে অধিক শস্য’ৰ মন্ত্ৰ আওৰাই কামত আগবাঢ়িব খুজিছো। একে সময়তে আমি শূণ্য বাজেটৰে সম্পূৰ্ণ প্ৰকৃতিক পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰাত গুৰুত্ব আৰোপ কৰিছো। আমি প্ৰতিডোখৰ মাটিৰ গুণা-গুণ পৰীক্ষা কৰি খেতি কৰাৰ বাবে খেতিয়কসকলক উত্সাহিত কৰিবলৈ আন এখন আঁচনি ইতিমধ্যে আৰম্ভ কৰিছো। এই আঁচনিৰ জৰিয়তে কৃষকৰ প্ৰতি ডোখৰ মাটি পৰীক্ষা কৰি কৃষক ৰাইজক ভূমি-স্বাস্থ্য পত্ৰ প্ৰদানৰ দিহা কৰা হৈছে। এনে ব্যৱস্থাৰ ফলত কৃষকসকলে উপযুক্ত মাটিত উপযুক্ত শস্যৰ খেতি কৰি অধিক উত্পাদন কৰিব পৰা হৈছে। এই পৰ্যন্ত ২১৭ নিযুত ভূমি-স্বাস্থ্য পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ লগে লগে খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ হাৰ কমাই আনি জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে জনসজাগতাও সৃষ্টি কৰা হৈছে।

খেতিৰ বাবে জল-প্ৰৱন্ধন কৰাটো অতিকে জৰুৰী কথা। এই কথা বিবেচনা কৰিয়ে আমি জল-প্ৰৱন্ধনৰ সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন কৰিব পৰাকৈ ‘জলশক্তি মন্ত্ৰালয়’ গঠন কৰিছো। পানr যে ঈশ্বৰৰ অমূ্য দান এই কথা সাৰোগত কৰিয়ে দেশৰ একাংশ উদ্যোগৰ পৰা নিষ্কাষিত হোৱা বাহ্য-দ্ৰব্যত জল-শূণ্য কৰাৰ ব্যৱস্থা কৰা হৈছে। বিধি-নিৰ্দেশনাৰ দ্বাৰা বাহ্য-পানী এনেদৰে শোধন কৰাতো বাধ্যতামূলক কৰা হৈছে যাতে, সেই পানী নদ-নদীত নিৰাপদে পেলাব পাৰি আৰু এনে পানীয়ে সেই নদ-নদীত থকা মাছ-কাছ আদিৰ কোনো ধৰণৰ হানি-বিঘিনী নঘটায়।

ভূমিৰ গুণ-মান অৱনমনৰ আন এক ৰূপৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। সময় থাকোতেই যদি এই সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেনে মাটি  কেতিয়াও পুনৰ উৰ্বৰা কৰি তুলিবগৈ পৰা নাযাব। এই ভয়াবহ সংকটৰ সৃষ্টি কৰিছে পেলনীয়া প্লাষ্টিকে। মানৱ স্বাস্থ্যৰ বাবে অনিষ্টকাৰী এই প্লাষ্টিকে মাটি অনুপাদনশীল কৰি তোলাৰ লগতে সেই মাটি কৃষিৰ বাবে অনুপযোগীও কৰি তোলে।

এনে প্ৰেক্ষাপটতে, অনাগত বছৰদিয়েকৰ ভিতৰতে এবাৰ ব্যৱহাৰ্য প্নাষ্টিকৰ প্ৰচলন ভাৰতৰ পৰা সম্পূ্ৰণ ৰূপে নোহোৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ চৰকাৰে। ইয়াৰ বিপৰীতে পৰিৱেশ অনুকূল আন এক বিকল্প বিকশিত কৰাৰ বাবে আমাৰ চৰকাৰে দায়বদ্ধতা স্বীকাৰ কৰি লোৱাৰ লগতে প্লাষ্টিক সংগ্ৰহৰ বাবে যথোচিত পদ্ধতিও বিকশিত কৰাৰ দিহা কৰিছে।

এদিন সমগ্ৰ পৃথিৱীয়েই এবাৰ ব্যৱহাৰ্য প্লাষ্টিকক একেমুখে চিৰবিদায় জনাব বুলি মই বিশ্বাস কৰো।

বন্ধুসকল, মানৱ সবলীকৰণ প্ৰসংগৰ সৈতে পাৰিপাৰ্শ্বিকতাৰ প্ৰসংগ ঘনিষ্ঠ ভাবে জড়িত হৈ আছে। সেয়া লাগিলে জল-ভণ্ডাৰৰ ৰক্ষণা-বেক্ষণেই হওক কিম্বা এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাই হওক, এই ক্ষেত্ৰত মানুহৰ স্বভাৱজাত মানসিকতাৰ পৰিৱৰ্তনহে আচল কথা। সমাজৰ সকলো পক্ষই ঐকমত্য প্ৰকাশ কৰি কামত লাগিলেহে মূৰকত সাফল্যই আমাৰ চকুত ধৰা দিব।

আমি যিমানেই আঁচনি-কাৰ্যসূচী যুগুতাই ৰূপায়ণৰ ব্যৱস্থা নকৰো কিয়, বাস্তৱ ক্ষেত্ৰত পৰিৱৰ্তন কিন্তু সম্ভৱ হ’ব কাৰ্যক্ষেত্ৰত নামি পৰা দলগত প্ৰয়াসৰ জোৰতহে। এই সত্য ভাৰতে প্ৰত্যক্ষ কৰিছিল ‘স্বচ্ছ ভাৰত অভিযান’ৰ সময়ত। দেশৰ সকলো শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূৰ্ত ভাবে আগবঢ়ি আহি এই অভিযানত জপিয়ায় পৰাৰ বাবেই ২০১৪ চনত অনাময়ৰ হাৰ ১৪ শতাংশ থকা দেশখনত আজিৰ তাৰিখত এই হাৰ ৯৯ শতাংশ হৈছেগৈ।

জনতাৰ সেই উদ্যম মই এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ অভিযানৰ বেলিকাও দেখিবলৈ পাইছো। এক ইতিবাচক পৰিৱৰ্তনৰ বাবে সদায়ে আগ্ৰহী যুৱ-প্ৰজন্মৰ মাজত এই উত্সাহ অধিক ভাবে দেখিবলৈ পাইছো। দেশৰ সংবাদ মাধ্যমেও এই অভিযানৰ সপক্ষে থিয় দি জন সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যক্ৰম গ্ৰহণ কৰিছে।

বন্ধুসকল, মই পুনৰবাৰ ‘গোলকীয় ভূমি কৰ্মসূচী’ সন্দৰ্ভত আমাৰ বচনবদ্ধতা দোহাৰিব খুজিছো। ইতিমধ্যে সাফল্য লাভ কৰা ভূমিৰ গুণ-মান অৱনমনৰ সমস্যা প্ৰশমন(এলডিএন) কৌশল সম্পৰ্কে যদি কোনোবা ৰাষ্ট্ৰই সহযোগিতা বিচাৰে তেন্তে ভাৰতে নিশ্চয় এই সহযোগিতা আগবঢ়াব। প্ৰসংগক্ৰমে মই জনাব খুজিছো যে ২০৩০চনৰ ভিতৰত ভাৰতে মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰৰ পৰিসৰ ২১নিযুত হেক্টৰৰ পৰা ২৬নিযুত হেক্টৰলৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

ভাৰতৰ এই পদক্ষেপে বনানীকৰণৰ জৰিয়তে কাৰ্বন প্ৰদূষণৰ পৰিমান অতিৰিক্ত ভাবে ২.৫বিলিয়ন মেট্ৰিক টনৰ পৰা ৩বিলিয়ন মেট্ৰিকটন পৰ্যন্ত হ্ৰাস কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত বিশেষ সহযোগিতা আগবঢ়াব। ভূমিৰ পুনৰুদ্ধাৰকে ধৰি অন্যান্য বহুবোৰ ক্ষেত্ৰত আমি ভাৰতে ‘ৰিমট ছেনছিং প্ৰযুক্তি’ আৰু কৃত্ৰিম উপগ্ৰহৰ সহায় লৈ আহিছো বুলি মই গৌৰৱৰে উল্লেখ কৰিব খুজিছো। ভূমিৰ পুনৰুদ্ধাৰ দৰে প্ৰসংগত কোনো বন্ধু–ৰাষ্ট্ৰৰ পৰা সহায়ৰ প্ৰস্তাৱ পালে ভাৰতে কম-ব্যয় সাপেক্ষ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশ প্ৰযুক্তিৰে সহায় কৰিবলৈ আনন্দৰে আগবাঢ়ি যাব।

পতিত মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰৰ বাবে বিজ্ঞান সন্মত প্ৰয়াস আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ দৰে প্ৰসংগ বাস্তৱায়িত কৰিব পৰাকৈ ভাৰতে ‘ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ’ৰ অধীনত এক উত্কৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰিব। এই কেন্দ্ৰই ‘দক্ষিণ দক্ষিণ সহযোগিতা কাৰ্যক্ৰম’ক আগবঢ়াই নিয়াৰ বাবে সক্ৰীয়তাৰে কাৰ্যসূচী ৰুপায়ণ কৰাৰ লগতে মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰ প্ৰসংগত জ্ঞান আহৰণ, প্ৰযুক্তি আৰু প্ৰশিক্ষণৰ সুযোগ গ্ৰহণ কৰিব খোজা সকলক সহায়ৰ হাত আগবঢ়াই যাব।

বন্ধুসকল, এই সন্মিলনত এক অভিলাসী ‘দিল্লী ঘোষণা পত্ৰ’ আনুষ্ঠানিকভাবে গ্ৰহণ কৰিব পৰা যাব বুলি মই আশা কৰিছো।

আমাৰ অতিকে পুৰণি এখন শাস্ত্ৰত থকা এটি প্ৰাৰ্থনা আওৰাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছোঃ

ওঁম দয়োঃ, অন্তৰীক্ষ শান্তিঃ

এই শান্তি শব্দটোৱে কেৱল শান্তি কিম্বা হিংসাৰ বিৰোধিতাৰ কথাই কোৱা নাই। ইয়াত ই সমৃদ্ধিৰ কথাহে ক’ব খুজিছে। বৰ্তী থাকিবলৈ সকলোৰে এক বিধি থাকে, একোটা উদ্দেশ্য থাকে আৰু সকলোৱে এই উদ্দেশ্য সফল কৰা ব্ৰতত ব্ৰতী হ’ব লাগে।

এই উদ্দেশ্যৰ পূৰ্ণতাই সমৃদ্ধি।

ওঁম দয়োঃ, অন্তৰীক্ষ শান্তিঃ

সেয়ে ইয়াত কোৱা হৈছে-আকাশ, স্বৰ্গ আৰু মহাকাশ সমৃদ্ধ হওক।

পৃথিৱী শান্তিঃ

অপঃ শান্তিঃ,

ঔষধ্যঃ শান্তিঃ, বনস্পত্যঃ শান্তিঃ, বিশ্বদেৱা শান্তিঃ

ব্ৰহ্ম শান্তিঃ

আই ধৰিত্ৰী সমৃদ্ধ হওক।

ইয়াৰ মাজত আমাৰ গ্ৰহত আমাৰে সহবাস কৰা গছ-গছনি, তৰু-তৃণো থাকিব।

সেইবোৰো সমৃদ্ধ হওক।

প্ৰতি টোপাল পানী সমৃদ্ধ হওক।

স্বৰ্গীয় দেৱতাসকল সমৃদ্ধ হওক

সৰ্ব শান্তিঃ, শান্তিৰেৱ শান্তিঃ

সা মে শান্তিৰাধি।।

সকলো সমৃদ্ধ হওক।

ময়ো যেন সমৃদ্ধিৰে আশিস ধন্য হও।

ওম শান্তিঃ শান্তিঃ শান্তিঃ

ওম সমৃদ্ধি, সমৃদ্ধি,

সমৃদ্ধি।

মহান চিন্তনৰে পূৰ্ণ এয়া, আমাৰ পূৰ্ব-পৰুষৰ দৰ্শন। তেওঁলোকে ‘মই’ আৰু ‘আমি’ৰ সম্পৰ্ক বাৰুকৈয়ে উপলব্ধি কৰিছিল। তেওঁলোকে ভালকৈয়ে জানিছিল যে ‘আমি’ৰ সমৃদ্ধিৰ জৰিয়তেহে ‘মোৰ’ সমৃদ্ধি সম্ভৱ হ’ব।

যেতিয়া আমাৰ পূৰ্ব-পুৰুষসকলে আমি বুলি উচ্চাৰণ কৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ অথবা তেওঁলোকৰ সমাজখনৰ, আনকি সমগ্ৰ মানৱ জাতিৰ কথাকে কেৱল নকয়। এই ‘আমি’ত পৃথিৱী, আকাশ, পানী, গছ-গছনি-সকলো সোমাই থাকে। তেওঁলোকে প্ৰাৰ্থনাত কাৰ কাৰ শান্তি, সমৃদ্ধি বিচাৰিছে সেই কথা জনাতো দৰকাৰ। কিয়নো, এই আকাশ, এই পৃথিৱী, এই পানী, এই তৰু-তৃণ, এইবোৰৰ জহতেতো আমি বৰ্তী থাকিব পাৰিছো। যাক আমি আমাৰ পাৰিপাৰ্শ্বিকতা বুলি অভিহিত কৰো। এইবোৰ সমৃদ্ধ হ’লেহে মই সমৃদ্ধ হ’ম—এয়াই তেওঁলোকৰ মন্ত্ৰ আছিল। আনকি আজিও এয়া সমানেই সত্য।

এই সত্যকে দোহাৰি সন্মিলনত উপস্থিত থকা সকলোকে অভিনন্দন জনাই বক্তব্যৰ সামৰণি মাৰিলো।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes
June 10, 2026

Prime Minister Shri Narendra Modi today expressed gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes. The Prime Minister stated that the trust and blessings of the people of India inspire him to work harder in service of the nation.

Shri Modi noted that all his efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. The Prime Minister affirmed that no stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

The Prime Minister posted on X:

"Thank you for your warm wishes, Vice President Thiru CP Radhakrishnan Ji.

The trust and blessings of the people of India inspire me to work harder in service of the nation. All my efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. No stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

@VPIndia

@CPR_VP"