নমস্কাৰ!

এয়া এক আনন্দৰ মুহূৰ্ত যে আমি আজি ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫সংখ্যক বাৰ্ষিকী পালন কৰি আছো। এয়া কোনো সাধাৰণ যাত্ৰা নহয়। ইয়াক আন কোনো নহয়, স্বয়ং স্বামী বিবেকানন্দই ১৮৯৬ চনত আৰম্ভ কৰিছিল। তাকো মাত্ৰ ৩৩ বছৰ বয়সত তেওঁ এই কাম আৰম্ভ কৰিছিল। এয়া হ’ল দেশৰ অন্যতম প্ৰাচীন ইংৰাজী জাৰ্ণেল।

প্ৰবুদ্ধ ভাৰতৰ নামটোৰ আঁৰত এক শক্তিশালী চিন্তা-ভাৱনা আছে। স্বামী বিবেকানন্দই আমাৰ দেশৰ উদ্যম আৰু ভাৱনাক প্ৰকট কৰিবলৈ জাৰ্ণেলখনৰ নাম ৰাখিছিল প্ৰবুদ্ধ ভাৰত। তেওঁ এক ‘জাগ্ৰত ভাৰত’ সৃষ্টি কৰিব বিচাৰিছিল। যিয়ে ভাৰতক বুজি পায় তেওঁ নিশ্চয় জানে যে ই এক ৰাজনৈতিক অথবা ভৌগোলিক সীমাতকৈ বহু উৰ্ধত। স্বামী বিবেকানন্দই ইয়াক অত্যন্ত সাহস আৰু গৌৰৱেৰে প্ৰকাশ কৰিছিল। তেওঁ ভাৰতবৰ্ষক ‘প্ৰবুদ্ধ’ অথবা জাগ্ৰত কৰিব বিচাৰিছিল।

বন্ধুসকল, স্বামী বিবেকানন্দৰ দৰিদ্ৰৰ প্ৰতি বিশেষ দৰদ আছিল। তেওঁ সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল যে সকলো সমস্যাৰ মূল হ’ল দৰিদ্ৰতা। সেয়ে, দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব লাগিব। তেওঁ ‘দৰিদ্ৰ নাৰায়ণ’ক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা স্বামী বিবেকানন্দই কেইবাখনো চিঠি লিখিছিল। তেওঁ মহীশূৰৰ মহাৰজা আৰু স্বামী ৰামকৃষ্ণানন্দা মহোদয়লৈ লিখা চিঠিৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো। তেওঁৰ চিঠিসমূহত দৰিদ্ৰ সৱলীকৰণৰ ক্ষেত্ৰত স্বামী বিবেকানন্দৰ দৃষ্টিভংগী স্পষ্টকৈ দেখা গৈছিল। প্ৰথমটো আছিল, তেওঁ দৰিদ্ৰসকলৰ ওচৰলৈ সৱলীকৰণক লৈ যাব বিচাৰিছিল। দ্বিতীয়তে, তেওঁ ভাৰতৰ দৰিদ্ৰক লৈ কৈছিল, ‘তেওঁলোকক ধাৰণা দিয়া হ’ব, তেওঁলোকৰ চকু মেল খুওৱা হ’ব, তেওঁলোকক দেখুওৱা হ’ব সমগ্ৰ বিশ্বত কি হৈ আছে। তাৰ পিছত তেওঁলোকে নিজৰ সক্ষমতা অনুসৰি কাম কৰিব।’

এই দৃষ্টিভংগীৰে আজি ভাৰতবৰ্ষ আগবাঢ়িছে। যদি দৰিদ্ৰই বেংকৰ সুবিধা আদায় কৰিব পৰা নাই, তেন্তে বেংক তেওঁলোকৰ ওচৰলৈ গৈছে। জন ধন যোজনাই এই কাম কৰি আছে। যদি দৰিদ্ৰই বীমাৰ সুবিধা আদায় কৰিব পৰা নাই তেন্তে বীমা দৰিদ্ৰৰ কাষলৈ যাব লাগিব। জন সুৰক্ষা আঁচনিয়ে এই কাম কৰি আছে। যদি দৰিদ্ৰই স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰা নাই, তেন্তে আমি তেওঁলোকৰ ওচৰলৈ স্বাস্থ্যসেৱা লৈ যাব লাগিব। আয়ুস্মান ভাৰত আঁচনিয়ে এই কামে কৰি আছে। পথ, শিক্ষা, বিজুলী আৰু ইণ্টাৰনেট সংযোগে দেশৰ প্ৰতিটো চুক-কোণক স্পৰ্শ কৰিছে, বিশেষকৈ দৰিদ্ৰসকলক। এই ধৰণৰ অনুপ্ৰেৰণাই দেশৰ বিকাশত ইন্ধন যোগাইছে।

বন্ধুসকল, স্বামী বিবেকানন্দই কৈছিল, ‘দূৰ্বলতাৰ সমাধানৰ উপায় দূৰ্বলতাৰ বিষয়ে চিন্তা কৰা নহয়, বৰং শক্তিশালী কেনেকৈ হ’ব পাৰি, সেয়াহে চিন্তা কৰা উচিত।’ যেতিয়া আমি সমস্যাৰ কথা চিন্তা কৰি থাকো, তেতিয়া আমি সেইবোৰৰ ভিতৰত সোমাই পৰো, কিন্তু আমি যেতিয়া সুযোগ আৰু সম্ভাৱনাৰ কথা চিন্তা কৰো, তেতিয়া আমি আগুৱাই যোৱাৰ পথ দেখিবলৈ পাও। ক’ভিড-১৯ গোলকীয় মহামাৰীক এক উদাহৰণ হিচাপে গ্ৰহণ কৰো আহক। ভাৰতে কি কৰিছে আপোনালোকে দেখিছে। ভাৰতে সদায় সমাধানৰ ওপৰত মনোনিৱেশ কৰিছে। পিপিই কিট প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ভাৰত এতিয়া সমগ্ৰ বিশ্বৰ বাবে এখন ফাৰ্মাচী হৈ পৰিছে। আমাৰ দেশ দিনক দিনে সৱল হৈ গৈ আছে। সংকটৰ সময়ত ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ বাবে সহায়ৰ এক উৎস হিচাপে চিহ্নিত হৈছে। ক’ভিড-১৯ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতে আগভাগ লৈছে। মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযা মুকলি কৰিছে। আমি এই সক্ষমতাক আন দেশৰ সহায়ৰ বাবেও ব্যৱহাৰ কৰিছো।

বন্ধুসকল, জলবায়ু পৰিৱৰ্তন বিশ্বৰ বাবে আন এক প্ৰত্যাহ্বান। অৱশ্যে, আমি কেৱল সমস্যাক লৈ অভিযোগ উত্থাপন কৰা নাই। আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন কৰি এক সমাধান সূত্ৰ লৈ আহিছো। আমি লগতে নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। এয়া এনেকুৱা এখন ভাৰত, যিয়ে সমগ্ৰ বিশ্বক সমাধানৰ পথ দেখুৱায়।

বন্ধুসকল, ভাৰতক লৈ স্বামী বিবেকানন্দৰ এক ডাঙৰ সপোন আছিল। তেওঁ ভাৰতৰ যুৱ প্ৰজন্মক দক্ষতা আৰু আত্মবিশ্বাসৰ প্ৰাণকেন্দ্ৰৰ ৰূপত চাব বিচাৰিছিল।"তেওঁ কৈছিল মোক ১০০গৰাকী উদ্যমী যুৱক দিয়ক, মই ভাৰত সলনি কৰিম।" তেওঁ কৈছিল। আজি আমি ভাৰতৰ ব্যৱসায়িক নেতা, ক্ৰীড়াবিদ, প্ৰযুক্তিবিদ, বৈজ্ঞানিক, উদ্ভাৱক আৰু আন বহুতৰে মাজত এই উদ্যম দেখিবলৈ পাও। তেওঁলোকে অসম্ভৱকো সম্ভৱ কৰি তুলিছে।

বন্ধুসকল, স্বামী বিবেকানন্দ আধ্যাত্মিক ৰূপত যথেষ্ঠ সৱল আছিল আৰু এগৰাকী উচ্চ ব্যক্তিত্বৰ অধিকাৰী আছিল। তথাপি তেওঁ দৰিদ্ৰৰ অৰ্থনৈতিক প্ৰগতিৰ ধাৰণা কেতিয়াও মনৰ পৰা ত্যাগ কৰা নাছিল। স্বামীজী এগৰাকী সন্ন্যাসীও আছিল। তেওঁ নিজৰ উন্নতিৰ বাবে এটকাও বিচৰা নাছিল। কিন্তু তেওঁ মহান প্ৰতিষ্ঠানসমূহ গঢ়িবলৈ পুঁজি সংগ্ৰহ কৰিছিল। এই প্ৰতিষ্ঠানসমূহে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিছিল আৰু নতুন উদ্ভাৱনক উদগণি যোগাইছিল।

বন্ধুসকল, এনেকুৱা অনেক গুণৰ অধিকাৰী স্বামী বিবেকানন্দ, যিয়ে আমাক আগুৱাই যোৱাৰ শক্তি দিয়ে। প্ৰবুদ্ধ ভাৰত-এ ১২৫বছৰ ধৰি স্বামীজীৰ আদৰ্শ আৰু শিক্ষা সমাজত বিয়পাই আছে। তেওঁলোকে যুৱ প্ৰজন্মক শিক্ষিত কৰা আৰু দেশক জাগ্ৰত কৰাৰ স্বামীজীৰ সপোনক নিৰ্মাণ কৰিছে। মই তেওঁলোকৰ ভৱিষ্যত কাৰ্যপন্থালৈ অনেক শুভকামনা জ্ঞাপন কৰিলো।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government