পুডুচেৰীৰ উপ ৰাজ্যপাল,

বিশিষ্ট অতিথিবৃন্দ,

মোৰ প্ৰিয় বন্ধুসকল,

পুডুচেৰীৰ দিব্যতাই এই পবিত্ৰ ভূমিলৈ মোক আকৌ এবাৰ আহিবলৈ বাধ্য কৰালে। ঠিক তিনি বছৰৰ আগতে মই পুডুচেৰীলৈ আহিছিলো। বহুকেইগৰাকী ঋষি, বিদ্বান আৰু বৰেণ্য কবিৰ জন্মস্থান এই পুডুচেৰী। এই ভূমি আই ভাৰতীৰ বহু বিপ্লৱীৰো কৰ্মভূমি আছিল। মহাকবি সুবহ্মন্য ভাৰতী ইয়াতে থাকিছিল। ইয়াৰ উপকূলত আবাস সাজিছিল শ্ৰী অৰবিন্দই। ভাৰতৰ পূব আৰু পশ্চিম উপকূলত পুডুচেৰী বিৰাজমান হৈ আছে। এই ডোখৰ ভূমি বৈচিত্ৰ্যৰো প্ৰতীক। মানুহে পাঁচোটা ভাষাত কথা কয়, ভিন্ন ধৰ্মৰ উপাসনা কৰে অথচ একাত্মীয়তাৰে সহবাস কৰে এই ভূমিত।

বন্ধুসকল,

আজি আমি ইয়াত সমৱেত হৈছো বহুকেইটা বিকাশমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ বাবে, যিয়ে পুডুচেৰীৰ জনজীৱনক উন্নত শৈলী প্ৰদান কৰিব। এইবোৰ প্ৰকল্পই বিভিন্ন খণ্ডক স্পৰ্শ কৰিব। ‘মেৰী ভৱন’ পুনৰ নিৰ্মাণ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰা কথাই মোক আনন্দিত কৰিছে। ঐতিহ্য অম্লান ৰাখি ভৱনটোৰ প্ৰাচীন ৰূপৰ পুনৰ্নিৰ্মাণ কৰাৰ প্ৰয়াস কৰা হ’ব। এই প্ৰকল্পই প্ৰমেনাড়ে বীচ্চৰ সৌন্দৰ্য বৰ্দ্ধন কৰি পৰ্যটকসকলক আকৰ্ষিত কৰিব।

বন্ধুসকল,

আমাৰ উন্নয়ণী প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ভাৰতক বিশ্বমানৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা আছে। চাৰিলেনযুক্ত এনএইচ৪৫-এ-ৰ আধাৰশিলা স্থাপন কৰা কথাই নিশ্চয় আপোনালোকক আহ্লাদিত কৰিব। সট্টনাথপুৰম-নাগাপট্টিনামৰ মাজৰ ৫৬ কিলোমিটাৰ দীঘল এইছোৱা পথে কৰাইকল জিলাক সামৰি ল’ব। এই প্ৰকল্পই নিশ্চিত ভাবেই যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিব। অৰ্থনৈতিক কৰ্মকাণ্ডকো ই ত্বৰান্বিত কৰাত সহায় কৰিব। একে সময়তে, এইছোৱা পথে পবিত্ৰ শনিশ্বৰন মন্দিৰলৈ যোৱাৰ পথো প্ৰশস্থ কৰি তুলিব। ই ‘বেছিলিকা অব আৱাৰ লেডী অব গুড হেল্থ’ আৰু ‘নাগৰ দৰগাহ’ ৰ মাজত আন্তঃৰাজ্যিক সংযোগ ব্যৱস্থাক সুচল কৰি তুলিব।

বন্ধুসকল,

ভাৰত চৰকাৰে গ্ৰামাঞ্চল আৰু উপকূলৱৰ্তি অঞ্চলসমূহৰ পথ-যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ বাবে বিভিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰয়াসৰ সুবাদত কৃষিখণ্ডই বিশেষ সুফল লাভ কৰিব পাৰিব। ভাৰতবৰ্ষ জুৰি আমাৰ কৃষকৰাইজে উদ্ভৱনী কুশলতা প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকৰ উত্পাদিত ফচলে যাতে বজাৰত ভাল দাম পাই সেয়া নিশ্চিত কৰাটো আমাৰ কৰ্তব্য। ভাল পথ-ঘাটে ঠিক এয়াকে নিশ্চিত কৰিব পাৰে। চাৰি লেনযুক্ত পথে এই ভূমিখণ্ডলৈ উদ্যোগ আকৰ্ষিত কৰিব আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিয়োগ সম্ভাৱনা বৃদ্ধি কৰিব।

বন্ধুসকল,

সু-স্বাস্থ্যৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত হৈ থাকে প্ৰগতি। শেহতীয়া ৭টা বছৰত ভাৰতে সুস্থতা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনে প্ৰেক্ষাপটতে, ইয়াৰ ক্ৰীড়া প্ৰকল্প চৌহদত ৪০০মিটাৰ ‘ছিনথেটিক এথলেটিক ট্ৰেক’ এটাৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছো। ‘খেলো ইণ্ডিয়া’ কাৰ্ষক্ৰমৰ ই এটা অংশ। এই প্ৰকল্পই ভাৰতৰ যুৱ প্ৰতিভাসমূহৰ প্ৰতিপালন কৰাত সহায় কৰিব। ক্ৰীড়াই আমাক দলগত ভাবে কাম কৰাৰ শিক্ষা দান কৰাৰ লগতে সকলোৰে উৰ্ধ্বত যে নৈতিকতা সেয়া সঁকীয়াই দিয়ে আৰু খেল ভাৱনাৰ সৃষ্টি কৰে। পুডুচেৰীত ভাল ক্ৰীড়া সুবিধা উপলব্ধ হোৱাৰ পিচত এইখন ৰাজ্যৰ প্ৰতিভাশালী ক্ৰীড়াবিদসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে দেশৰো নাম উজলাই তুলিবলৈ সক্ষম হ’ব। লছপেটত আজি উদ্বোধন কৰা ১০০খন বিচনাযুক্ত হোষ্টেলটোৱেও ক্ৰীড়াবিদসকলক উপকৃত কৰিব। এই নিবাসত হকী, ভলীবল, ভাৰোত্তোলন, কাবাড্ডী আৰু হেণ্ডবলৰ খেলুৱৈসকলক থকাৰ সুবিধা প্ৰদান কৰিব। এইটো নিবাসৰ আবাসীসকলে ছাইৰ প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিব।

বন্ধুসকল,

আগন্তুক সময়ত এটা খণ্ডই মূল ভূমিকা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব, সেয়া হৈছে স্বাস্থ্যসেৱা খণ্ড। সেয়ে এইটো খণ্ডক অধিক পাৰদৰ্শী কৰি গঢ়াৰ লক্ষ্যৰে ৰাষ্ট্ৰই অধিক পুঁজি বিনিয়োগ কৰিছে। সমাজৰ সকলোৰে বাবে মান সম্পন্ন স্বাস্থ্যসেৱা সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে মই ‘জেআইপিএমইআৰ’ত ৰক্ত কেন্দ্ৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিলো। প্ৰকল্পটোৰ বাবদ প্ৰায় ২৮কোটি টকাৰ ব্যয় হ’ব। দীৰ্ঘ দিন ধৰি তেজ সংৰক্ষণ, তেজৰ অন্যন্য উপাদন তথা ‘ষ্টেম’ কোষ আদি সংৰক্ষণ কৰি থ’ব পৰাকৈ এই প্ৰকল্পত আধুনিক সা-সুবিধা সংলগ্ন কৰা হ’ব। এই ব্যৱস্থাই গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। এইবেলিৰ বাজেটত স্বাস্থ্য সেৱা খণ্ডলৈ আগবঢ়োৱা পুঁজিৰ পৰিমাণ লক্ষ্যণীয় হাৰত বৃদ্ধি কৰাৰ কথা নিশ্চয় আপোনালোকে জানেই।

বন্ধুসকল,

মহান তিৰুৱল্লুৱাৰে কৈছিল:

 

கேடில் விழுச்செல்வம் கல்வி ஒருவற்கு

மாடல்ல மற்றை யவை

ইয়াৰ অৰ্থ হ’ল : শিকণ আৰু শিক্ষা হ’ল প্ৰকৃত সম্পদ, ইয়াৰ বাহিৰে আন সকলোবোৰেই হ’ল ক্ষণ স্থায়ী। মান সম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ হ’লে মান সম্পন্ন স্বাস্থ্য বিশেষজ্ঞৰ প্ৰয়োজন। চিকিত্সা মহাবিদ্যালয় ভৱনৰ দ্বিতীয়টো পৰ্যায়ত কৰাইকলৰ নতুন চৌহদটো এই লক্ষ্যৰেই নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰৱেশ অনুকূল ভাবে নিৰ্মাণ কৰিবলৈ লোৱা এই নতুন চোহদটোত এমবিবিএছ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়োৱাৰ বাবে প্ৰয়োজন হোৱা সকলো আধুনিক শিক্ষণ সুবিধা সংযোজিত কৰা হ’ব।

বন্ধুসকল,

উপকূল হ’ল পুডুচেৰীৰ উদ্দীপণা। এই উপকূলত মত্স্য পালন, বন্দৰ, জাহাজ পৰিবহণ আৰু নীল অৰ্থনীতিৰ প্ৰচুৰ সম্ভাৱনা আছে। ‘সাগৰমালা আঁচনি’ৰ অধীনত ‘পুডুচেৰী বন্দৰ বিকাশ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিবলৈ পায় মই নিজকে ধন্য মানিছো। প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলেই, ইয়ে বন্দৰক বুনিয়াদ কৰি সাগৰত মত্স্য চিকাৰ কৰিবলৈ যোৱা মাচুৱৈসকলক বাৰুকৈয়ে উপকৃত কৰিব। তদুপৰি ই চেন্নাইৰ সৈতে অতিকে প্ৰয়োজনীয় সাগৰীয় সংযোগো স্থাপন কৰিব। এই প্ৰকল্পই পুডুচেৰীৰ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় ‘কাৰ্গো সেৱা’ ত্বৰান্বিত কৰাত সহায় আগবঢ়োৱাৰ লগতে চেন্নাই বন্দৰত পৰা হেঁচাও বহু পৰিমানে হ্ৰাস কৰিব। তদুপৰি ই উপকূলীয় মহানগৰসমূহৰ মাজত যাত্ৰীবাহী জাহাজ পৰিবহণৰ সম্ভাৱনীয়তাও মুকলি কৰিব।

বন্ধুসকল,

বিভিন্ন কল্যাণমূলক আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ পুঁজি প্ৰেৰণৰ ক্ষেত্ৰত ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা’টোক উচিত ভাবে ব্যৱহাৰ কৰাত পুডুচেৰীয়ে কৃতিত্ব অৰ্জন কৰিছে। ইয়ে মানুহক তেওঁলোকৰ পচন্দ নিশ্চিত কৰাত সহযোগিতা আগবঢ়াইছে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে বিভিন্ন শিক্ষায়তনিক প্ৰতিষ্ঠান থকাৰ সুবাদত পুডুচেৰীয়ে চহকী মানৱ সম্পদৰ আবাস ভূমি হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। ঔদ্যোগীক আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বিপুল সম্ভাৱনীয়তা বহণ কৰা পুডুচেৰীয়ে নিয়োগৰো সম্ভাৱনা সৃষ্টি কৰিব পাৰিব। পুডুচেৰীৰ ৰাইজ প্ৰকৃতাৰ্থতে প্ৰতিভাসম্পন্ন। এইখন ঠাই সঁচাকৈয়ে ধুনীয়া। পুডুচেৰীৰ বিকাশৰ বাবে চৰকাৰৰ তৰফৰ পৰা সম্ভৱ হ’ব পৰা সকলো ধৰণৰ সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈকে মই ইয়ালৈ আহিছো। পুডুচেৰীবাসীলৈ আকৌ এবাৰ শুভ কামনা জনালো।

ধন্যবাদ! বহুত বহুত ধন্যবাদ!

‘ৱনাক্কম’।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA

Media Coverage

India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মাৰ্চ 2026
March 07, 2026

Reform, Perform and Transform: PM Modi’s Mantra for India’s Growth