It is our Constitution that binds us all together: PM Modi
What is special about Indian Constitution is that it highlights both rights and duties of citizens: PM Modi
As proud citizens of India, let us think how our actions can make our nation even stronger: PM Modi

মহামহিম ৰাষ্ট্ৰপতি মহোদয়, আদৰণীয় উপ-ৰাষ্ট্ৰপতি মহোদয়, আদৰণীয় অধ্যক্ষ মহোদয়, শ্ৰীমান প্ৰহ্লাদ ডাঙৰীয়া আৰু আদৰণীয় জনপ্ৰতিনিধিসকল।

কিছুমান দিৱস, কিছুমান উপলক্ষই এনেকুৱা যে সেইবোৰে অতীতৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে। আমাক এক উন্নত ভৱিষ্যতগঢ়ি তোলাৰ বাবে আধিক দৃঢ়তাৰে কাম কৰি যোৱাৰ বাবে অনুপ্ৰাণিত কৰি তোলে। আজি ২৬ নৱেম্বৰ, এক ঐতিহাসিক দিৱস। আজিৰ পৰা ৭০ বছৰৰ আগতে আমি বিধিগত ভাৱে এই দিনটোতে সংবিধানৰ অংগীকাৰ গ্ৰহণ কৰিছিলো। পিছে, এই দিনটো আকৌ বেদনাৰো দিন, কিয়নো সমগ্ৰ পৃথিৱীকে আত্মীয় বুলি গণ্য কৰা আমি ভাৰতীয়ক বেদনাহত কৰি মুম্বাইত আতংকবাদীৰ দলে তেজৰ ফাঁকু খেলি মানৱতাক ভূলুণ্ঠিত কৰাৰ চক্ৰান্ত কৰিছিল। মই আজি সেই সকল মৃতকলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছো। সাত দশকৰ আগতে এইটো চেণ্টেল হলতে পবিত্ৰ শব্দৰ গুঞ্জন উঠিছিল, সংবিধানৰ এটা এটা দফাৰ খুটি-নাটি মাৰি চৰ্চা চলিছিল। তৰ্ক হৈছিল, তথ্যৰ বিশ্লেষণ হৈছিল, আদৰ্শৰ বাখ্যা হৈছিল, আস্থাৰ চৰ্চা হৈছিল, বিশ্বাসৰ চৰ্চা হৈছিল, সপোনৰ চৰ্চা হৈছিল, সংকল্পৰ চৰ্চা হৈছিল। ক’বলৈ গ’লে এইখন সদন জ্ঞানৰ মহাকুম্ভ আছিল, য’ত ভাৰতৰ প্ৰতিটো কোণৰ সপোনবোৰক শব্দৰে গাঁঠি লিপিবদ্ধ কৰাৰ পূৰ্ণ প্ৰয়াস চলোৱা হৈছিল। ড০ ৰাজেন্দ্ৰ প্ৰসাদ, দাদা চাহেব ভীমৰাও আম্বেদকাৰ, চৰ্দাৰ বল্লভ ভাই পেটেল, পণ্ডিত নেহৰু, আচাৰ্য সুকৰাণীজী, মৌলানা আজাদ, পুৰুষোত্তম দাস টেণ্ডন, সুচেতা কৃপালিনী, হংস মেহতা, এল ডি কৃষ্ণস্বামী আয়াৰ, এন গোপালস্বামী এংগৰ, জন মাথাইৰ দৰে অগণন মহাপুৰুষে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অৰিহণা আগবঢ়ায় এই মহান বৈভৱ আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আজি এই পবিত্ৰ মুহূৰ্তত মই সেইসকল মহান পুৰুষক স্মৰণ কৰাৰ লগতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

আজি মই মোৰ বক্তব্য প্ৰদান কৰাৰ মুহূৰ্তত ১৯৪৯চনৰ ২৫নৱেম্বৰ অৰ্থাত আমাৰ সংবিধান আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰাৰ আগদিনা তেওঁৰ শেষ ভাষণত দাদা চাহেব আম্বাদকাৰে কোৱা দুৱাষাৰমান কথা উল্লেখ কৰিব বিচাৰিছো। বাবা চাহেবে দেশবাসীক কৈছিল, ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছে বুলি অথবা ১৯৫০চনৰ ২৬জানুৱাৰীতহে প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ হিচাপে প্ৰতিস্থা লাভ কৰিছে বুলি ভবাতো শুদ্ধ নহ’ব। ভাৰত আগতেও স্বধীন আছিল আৰু আমাৰ ইয়াত আগতেও অনেক গণৰাজ্য আছিল। কিন্তু নিজৰ কৃতকৰ্মৰ ফলত আমি অতীতত আমাৰ স্বাধীনতা আৰু গণৰাজ্যৰ চৰিত্ৰও হেৰুৱাব লগা হৈছিল। এনে প্ৰেক্ষাপটত দাদা চাহাবে দেশবাসীক সতৰ্ক কৰি দি কৈছিল ‘আমি এতিয়া স্বাধীনতা আৰু গণতন্ত্ৰ দুয়োটাই একে সময়তে লাভ কৰিছো, পিছে এই দুয়োটাকে আমি বৰ্তাই ৰাখিব পাৰিমনে!আমি বাৰু অতীতৰ পৰা শিক্ষা ল’ব পাৰিমনে?’ আজি যদি দাদা চাহেব জীয়াই থাকিলহেতেন, তেন্তে আজি তেওঁতকৈ অধিক সুখী হয়তো আন কোনো নহ’লহেতেন! কিয়নো ভাৰতে ইমান বছৰে কেৱল তেওঁৰ প্ৰশ্নৰ উত্তৰেই দিয়া নাই, বৰং নিজৰ স্বাধীনতাক, লোকতন্ত্ৰক আৰু অধিক সমৃদ্ধ, আৰু অধিকশক্তিশালী কৰিছে আৰু সেয়ে আজিৰ এই উপলক্ষত মই আপোনালোকক বিগত সাত দশকত সংবিধানৰ আদৰ্শ অক্ষুন্ন ৰখাৰ বাবে যিসকল বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰে জড়িত সকলো বন্ধুৰ কথা গৌৰৱপূৰ্ণ ভাৱে স্মৰণ কৰিছো, প্ৰতি প্ৰণিপাত জনাইছো। মই বিশেষ ভাবে ১৩০কোটি ভাৰতবাসীৰ ওচৰত নত-জানু হৈছো। যিসকলে ভাৰতৰ লোকতন্ত্ৰৰ প্ৰতি আস্থা কেতিয়াও অৱনমিত হ’বলৈ দিয়া নাই। আমাৰ সংবিধানক সদায়ে এক পবিত্ৰ গ্ৰন্থ হিচাপে জ্ঞান কৰা হয়, এক পথ প্ৰদৰ্শক জ্যোতি হিচাপে গণ্য কৰা হয়।

সংবিধানৰ ৭০টা বছৰে আমাৰ বাবে আনন্দ, উত্কৰ্ষ আৰু নিষ্কৰ্ষৰ এক সন্মিলিত অনুভৱ লৈ আহিছে। আনন্দ এইবাবেই লাগিছে যে সংবিধানৰ আদৰ্শইমান দিনে অটল-অবিচল হৈ আছে। কেতিয়াবা ইয়াৰ বিপৰীতে কোনো প্ৰয়াস চলোৱা হৈছিল যদিও দেশবাসীয়ে সন্মিলিত হৈ সেয়া অসফল কৰিবলৈ সক্ষম হৈছিল। সংবিধানৰ ওপৰত আঁচোৰ এটাও পৰিবলৈ দিয়া নাই। উত্কৰ্ষৰ কথাত আমি নিশ্চিত ভাবেই সকলোৰে দৃষ্টিগোচৰ কৰিব খুজিছো, কাৰণ এই সংবিধানৰ সবল স্থিতিৰ সুবাদতে আমি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ গঢ়াৰ লক্ষ্যত অগ্ৰসৰ হ’বলৈ সাহস কৰি পাৰিছো। আমি সকলো সংশোধন সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়ে সম্পন্ন কৰিছো আৰু নিষ্কৰ্ষ হ’ল বিবিধতাৰে ভৰা এইখন বিশাল ভাৰতৰ প্ৰগতিৰ বাবে, সোণালী ভৱিষ্যতৰ বাবে, নতুন ভাৰতৰ বাবেও আমাৰ সন্মুখত কেৱল মাত্ৰ সংবিধান, সংবিধানৰ মৰ্যাদা, সংবিধানৰ আদৰ্শইহে একমাত্ৰ পথ, একমাত্ৰ পন্থা। আমাৰ সংবিধান আমাৰ বাবে সকলোতকৈ পবিত্ৰ গ্ৰন্থ। এনে এখন গ্ৰন্থ য’ত আমাৰ, আমাৰ জীৱনৰ, আমাৰ সমাজৰ, আমাৰ পৰম্পৰাৰ, আমাৰ মান্যতাৰ, আমাৰ ব্যৱহাৰৰ, আমাৰ আচাৰ-আচৰণৰ সমাৱেশ হৈছে। ইয়াৰ সৈতে অনেক প্ৰত্যাহ্বানৰ সমাধানো সমাহিত হৈ আছে। আমাৰ সংবিধান ইমান বিস্তৃত কাৰণ ইয়াত আমি বাহিৰৰপোহৰ পৰিব পৰাকৈ খিৰিকী খুলি ৰাখিছো। তাৰ সমান্তৰালকৈ ভিতৰৰ পোহৰখিনিকো আৰু অধিক প্ৰজ্বলিত কৰাৰো অৱকাশ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

আজিৰ এই উপলক্ষত বক্তব্য প্ৰদান কৰিবলৈ যাওতে মই ২০১৪চনত লালকিল্লাৰ প্ৰাংগণত ভাষণ দিওতে কৰা এক মন্তব্য দোহাৰিব খুজিছো, সংবিধানক যদি দুটা সৰল শব্দৰে বাখ্যা কৰিবলৈ কোৱা হয় তেন্তে মই ক’ম—‘ডিগনিটী ফৰ ইণ্ডিয়ান এণ্ড ইউনিটী ফৰ ইণ্ডিয়া’ এই দুফাঁকি মন্ত্ৰক দৰাচলতে আমাৰ সংবিধানে সাকাৰ কৰিছে, নাগৰিকৰ ‘ডিগনিটী’ক সকলোৰে ওপৰত স্থান দিছে আৰু সম্পূৰ্ণ ভাৰতৰ একতা আৰু অখণ্ডতাক অক্ষুন্ন ৰাখিছে। আমাৰ সংবিধান  বিশ্বজনীন লোকতন্ত্ৰৰ সৰ্বোত্কৃষ্ট নিদৰ্শন। ই কেৱল অধিকাৰৰ প্ৰতিয়েই সচেষ্ট নহয়, বৰং আমাৰ কৰ্তব্যৰ প্ৰতিও সদা সচেতন।এক দৃষ্টিৰে আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি পন্থনিৰপেক্ষ সংবিধান। আমি কি কৰা উচিত, কিমান ডাঙৰ সপোন দেখা উচিত আৰু কিমান দূৰলৈকে যোৱা উচিত এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা-নিষেধ আৰোপ কৰা হোৱা নাই। সংবিধানখনতে অধিকাৰৰ কথা উল্লেখ কৰা হৈছে আৰু কৰ্তব্য পালনৰো প্ৰত্যাশা কৰা হৈছে। আমি একোগৰাকী ব্যক্তি হিচাপে, একোটা পৰিয়াল হিচাপে, এখন সমাজ হিচাপেনিজৰ কৰ্তব্যৰ প্ৰতি ইমানেই সজাগ যিমান সজাগতাআমাৰ সংবিধান, আমাৰ দেশ, আমাৰ দেশবাসীৰ সপোনে আমাৰ পৰা আশা কৰে। ঠিক যেনেকৈ ৰাজেন্দ্ৰ বাবুয়ে কৈছিল যে যিবোৰ কথা আমাৰ সংবিধানত অন্তৰ্ভূক্ত নাই হোৱা সেইবোৰ কথা পূৰ্বাপৰ ৰীতিৰ আধাৰত শিৰোধাৰ্য কৰিব লাগিব আৰু এয়া আমাৰ ভাৰতৰ বিশেষত্বও।

বিগত দশকবোৰত আমি আমাৰ অধিকাৰ ৰক্ষাত অধিক গুৰুত্ব প্ৰদান কৰিছিলো, তাৰ প্ৰয়োজনো আছিল আৰু সেয়া উচিতো আছিল। কিয়নো সমাজত এনে কেতবোৰ ব্যৱস্থা থন্ ধৰি উঠিল যে যাৰ উপস্থিতিত সমাজৰ এক বিশাল জন-সমষ্টিক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ  পৰা বঞ্চিত হৈ ৰখা হ’ল। অধিকাৰৰ পৰা বঞ্চিত এই বিশাল জন-সমষ্টিক একতা, সমতা আৰু ন্যায়ৰ অনুভৱ প্ৰদান কৰাতো সম্ভৱ নাছিল। পিছে, এগৰাকী নাগৰিক হিচাপে অধিকাৰৰ লগতে আমি প্ৰত্যেকেই একোগৰাকী নাগৰিক হিচাপে নিজৰ কৰ্তব্য, নিজৰ দায়িত্বৰ প্ৰসংগও মন্থন কৰিব লাগিব। কিয়নো দায়িত্ব পালন নকৰা পৰ্যন্ত আমি কেতিয়াও আমাৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিব নোৱাৰিম। অধিকাৰ আৰু কৰ্তব্যৰ মাজত এক অটুত সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ কথা মহাত্মাই খুউব সুন্দৰকৈ বাখ্যা কৰি থৈ গৈছে। শ্ৰদ্ধাৰ বাপুৰ ১৫০সংখ্যক জয়ন্তী উদযাপনৰ বাবে দেশবাসীয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ মুহূৰ্তত এইবোৰ কথা আৰু অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁ কৈছিল কৰ্তব্য ভালকৈ পালন কৰাটোৱেই হ’ল অধিকাৰ। তেওঁ কোনোবা এঠাইত লিখিছিল, ‘মই মোৰ অশিক্ষিতা অথচ অতিকে জ্ঞানী মাৰ পৰা শিকিছিলো যে সকলো অধিকাৰ আন্তৰিক নিষ্ঠা সহকাৰে সম্পন্ন কৰা কৰ্তব্যৰ পৰাহে আহৰণ কৰিব পাৰি। বিগত শতিকাৰ আৰম্ভণী দশকত যেতিয়া সমগ্ৰ পৃথিৱীয়ে অধিকাৰ সন্দৰ্ভত চৰ্চা চলাই আছিল গান্ধীজীয়ে তেতিয়া এখোজ আগুৱাই গৈ কৈছিল আমি নাগৰিকসকলৰ কৰ্তব্য অৰ্থাত‘ডিউটীজ অব চিটিজেন’ সম্পৰ্কে আলোচনা কৰো আহকচোন’। ১৯৪৭ চনত ইউনেস্কো-ৰ মহানিৰ্দেশক ড০ জুলিয়ানহস্কেলে ‘ৱৰ্ল্ড চাৰ্টাৰ অব হিউমেন ৰাইটছ’-ৰ বুনিয়াদ কেনে হোৱা উচিত সেয়া চুড়ান্ত কাৰৰ বাবে পৰামৰ্শ বিচাৰি বিশ্বৰ ৬০গৰাকী বিশিষ্ট ব্যক্তিলৈ পত্ৰ লিখিছিল। এই তালিকাত মহাত্মা গান্ধীও আছিল। পিছে এইসকল বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা পৰামৰ্শতকৈ গান্ধীজীয়ে আগবঢ়োৱা পৰামৰ্শ পৃথক আছিল। মহাত্মাজীয়ে কৈছিল আমি আমাৰ জীৱনৰ অধিকাৰ তেতিয়াহে অৰ্জন কৰিব পাৰিম, যেতিয়া নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্য সম্পূৰ্ণ ৰূপে পালন কৰাত সফল হ’ম। আৰ্থাত কৰ্তব্যৰ জৰিয়তেহে অধিকাৰৰ ৰক্ষা হয়। দায়িত্বৰ কথা পাতাৰ সময়তো মহাত্মাই এই কথাৰ পক্ষত যুক্তি দাঙি ধৰিছিল যে যেতিয়া আমি দায়িত্বৰ কথা পাতো, কৰ্তব্যৰ কথা পাতিব খোজো তেতিয়া এয়া খুবেই সামান্য দায়িত্ববোধ, যাক পালন কৰিবলৈ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংকল্প সিদ্ধ হয়। আৰু আমি এই ক্ষেত্ৰতো বিশেষকৈ লক্ষ্য ৰাখিব লাগিব যে কৰ্তব্য আৰু সেৱা, আমি প্ৰায়েই সেৱাকে কৰ্তব্য বুলি ধৰি লও, সেৱাৰ ভাৱ, সংস্কাৰে সকলো সমাজৰ বাবে বিশেষ গুৰুত্ব বহন কৰে। পিছে সেৱাৰ ভাৱ আৰু কৰ্তব্যৰ মাজত ভিন্নতা আছে আৰু আমি সততে এই কথাৰ প্ৰতি গুৰুত্ব নিদিও।বাটত লগ পোৱা কোনোবা ব্যক্তিক যদি সহায়ৰ প্ৰয়োজন হয় আৰু আপুনি যদি তেওঁলৈ সহায়ৰ হাত আগবঢ়ায়, তেন্তে সেয়া এক প্ৰকাৰৰ সেৱাৰে নিদৰ্শন। এনে ধৰণৰ সেৱাৰ ভাৱে যিকোনো সমাজ, মানৱতাক শক্তিশালী কৰি তোলে। কিন্তু কৰ্তব্য ভাৱ ইয়াৰ পৰা অলপ পৃথক। বাটত লগ পোৱা এজনৰ বিপদ দখিলে আপুনি আগবাঢ়ি গৈ সহায় কৰাটো ভাল কথা, কিন্তু ট্ৰেফিক নিয়মবোৰ শুদ্ধভাৱে পালন কৰি আনৰ অসুবিধা নোহোৱাকৈ চলা-ফিৰা কৰাটো হ’ব সমাজৰ প্ৰতি কৰ্তব্য। আপুনি যিয়েই নকৰক কিয় তাৰ সৈতে যদি এটা প্ৰশ্ন জড়িত কৰি বিশ্লেষণ কৰাৰ এক প্ৰয়াস অব্যাহত ৰাখে যে আপুনি কৰা প্ৰতিটো কামৰ দ্বাৰা বাৰু আমাৰ দেশখন শক্তিশালী হোৱাত সহায়ক হৈছেনে নাই? পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আমি প্ৰত্যেকেই আমাৰ পৰিয়ালৰ ভাল হ’ব পৰা কামবোৰহে কৰিবলৈ বিচাৰাৰ দৰে এগৰাকী নাগৰিক হিচাপে আমি আমাৰ দেশৰ মংগল হ’ব পৰা, দেশ সমৃদ্ধ হ’ব পৰা কামবোৰ কৰাৰহে মানসিকতা গঢ়ি তুলিব লাগে।

এগৰাকী নাগৰিকে যেতিয়া তেওঁৰ সন্তানক স্কুললৈ পঠিয়াই তেতিয়া তেওঁ তেওঁৰ কৰ্তব্য পালন কৰে, কিন্তু মাক-বাপেকে যেতিয়া সজাগ দৃষ্টিভংগীৰে নিজৰ সন্তানক মাতৃভাষা শিকোৱাত গুৰুত্ব দিয়ে তেতিয়া তেওঁলোকে সচেতন নাগৰিক হিচাপে তেওঁলোকৰ কৰ্তব্য পালন কৰে। প্ৰতিগৰাকী ব্যক্তিয়ে কৰা সৰু-সুৰা কামবোৰ, ধৰক দৈনন্দিন কাম-কাজত পানীৰ অপচয় ৰোধ কৰাৰ আভ্যাস গঢ়া আদিৰ দৰে কথাবোৰৰ জৰিয়তে তেওঁলোকে নাগৰিকৰ কৰ্তব্য পালন কৰে। টীকাকৰণৰ সময়ত যদি সংশ্লিষ্টসকলে নিজেই আগবাঢ়ি গৈ টীকা লয়গৈ, কোনোবা আহি খবৰ দিয়ালৈ যদি তেওঁলোকে অপেক্ষা কৰি নাথাকে তেন্তে ইয়ো এক কৰ্তব্য পালনৰে নিদৰ্শন হ’ব। সেইদৰে নিৰ্বাচনত ভোটদান কৰা, সময়ত যথা বিহিত কৰ আদায় দিয়াৰ দৰে কথাবোৰ নাগৰিকৰ কৰ্তব্য পালনৰ নিদৰ্শন। এনে কেতবোৰ দায়িত্ব আছেযিয়ে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুখিনি অৱদান আবঢ়াব পৰাকৈ, আমি একোগৰাকী নগৰিক হিচাপে সহজ ব্যৱ্স্থা ৰূপে বিকশিত কৰা উচিত। এই কথা যেতিয়ালৈকে প্ৰত্যেকগৰাকী নাগৰিকৰ মনত, তেওঁলোকৰ চিন্তা-চেতনাত সকলোৰে আগত স্থান লাভ কৰিব নোৱাৰিব সেই পৰ্যন্ত আমাৰ নাগৰিকৰ কৰ্তব্যপৰায়ণতা ক’ৰবাত নহয় ক’ৰবাত দুৰ্বল হৈ পৰিব আৰু এই দুৰ্বলতাই কিবা নহয় কিবা ৰূপত আন কৰোবাৰ অধিকাৰ খৰ্ব কৰিব। সেয়ে আনৰ অধিকাৰৰ বিষয়ে চিন্তা কৰিবলৈ নিজৰ কৰ্তব্য ওপৰত জোৰদিয়াটোও আমাৰ দায়িত্ব হোৱা উচিত। আৰু জনপ্ৰতিনিধি হিচাপে আমাৰ দায়িত্ব আনতকৈ অলপ বেছিহে হয়, দুগুণ হয়। আমাৰ সন্মখত সংবিধানৰ প্ৰমূল্যক অধিক শক্তিশালী ৰূপত প্ৰতিস্থা কৰাৰ লগতে নিজকে আদৰ্শ হিচাপে পৰিগণিত কৰাৰ প্ৰত্যাহ্বান আছে। এয়া দায়িত্ব আৰু আমি সমাজলৈ সাৰ্থক পৰিৱৰ্তন অনাৰ বাবে এই কৰ্তব্যকো সামপন কৰিব লাগিব। ইয়াৰ বাবে আমি সকলো কাৰ্যক্ৰমত, সকলো কৰ্তব্য সমাপনৰ ক্ষেত্ৰত আমাৰ দৃষ্টি নিবদ্ধ ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। জনতাৰ সৈতে কথা-বতৰা হওতে কৰ্তব্যৰ কথা ক’বলৈ পাহৰিব নালাগিব। আমাৰ সংবিধানৰ আৰম্ভণী ভাৰতৰ নাগৰিকৰে আৰম্ভ হয়,‘উই দা পিপুল অব ইণ্ডিয়া’; আমি ভাৰতৰ জনতাই ইয়াৰ শক্তি, আমিয়েই ইয়াৰ প্ৰেৰণা আৰু আমিয়েই ইয়াৰ উদ্দেশ্যও।

মই আজি যি সেয়া সমাজৰ বাবেই, দেশৰ বাবেই, এই কৰ্তব্যবোধেই আমাৰ প্ৰেৰণাৰো স্ত্ৰোত। মই আপোনালোক আটাইকে আহ্বান জনাই কও যে আমি সকলোৱে এই সংকল্প শক্তিৰ সহায়ত ভাৰতৰ এক দায়িত্বশীল নাগৰিক হিচাপে নিজৰ নিজৰ কৰ্তব্য পালন কৰিম। আমাৰ গণতন্ত্ৰক আমিকৰ্তব্যৰে সংপৃক্ত কৰি এক নতুন সংস্কৃতিৰ দিশে আগুৱাই লৈ যাও আহক। আমি সকলো দেশৰ নতুন নাগৰিক, নীতি-নিষ্ঠ নাগৰিক হও আহক। সংবিধান দিৱসেআমাৰ সংবিধানৰ আদৰ্শ অক্ষুন্ন ৰখাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যোগদান দিয়াৰ ক্ষেত্ৰত থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তি প্ৰদান কৰিব বুলি মই আশা প্ৰকাশ কৰিছো। আমাৰ সংবিধান প্ৰণেতাসকলে যি সপোন দেখিছিল সেয়া দিঠক কৰাৰ বাবে আমাক শক্তি প্ৰদান কৰিব। ইয়াৰ গুঞ্জন পৃথিৱীৰ সৰ্বত্ৰে বিয়পি পৰক। এই গুঞ্জনে আমাক প্ৰেৰণা দিব, এই গুঞ্জনে আমক নিশ্চয় শক্তি দিব, দিক-দৰ্শন কৰাব। এই আশাৰেই মই পুনৰবাৰ সংবিধান দিৱসৰ এই পবিত্ৰ উপলক্ষত পূজনীয় বাবা চাহেবআম্বেদকাৰক প্ৰণাম জনাইছো, সংবিধান প্ৰণেতাসকলক প্ৰণিপাত কৰাৰ লগতে দেশবাসসীক বহুত বহুত শুভেচ্ছা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলো।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Net direct tax collection grows 23% to over ₹8.11 trillion till August 10

Media Coverage

Net direct tax collection grows 23% to over ₹8.11 trillion till August 10
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Shri Ram Nath Kovind’s autobiography will become a treasure for Indian democracy and Indian society: PM Modi
August 12, 2026


हमारे पूर्व राष्ट्रपति श्रीमान रामनाथ कोविंद जी, लोकसभा के अध्यक्ष आदरणीय ओम बिरला जी, श्रीमती सविता कोविंद जी, सभाग्रह में सभी वरिष्ठ जन बैठे हैं, सबका उल्लेख नहीं कर पाऊंगा, लेकिन मेरे लिए बहुत आनंद है कि एक पारिवारिक कार्यक्रम लग रहा है।

भाइयों-बहनों,

आज हमें श्री रामनाथ कोविंद जी की आत्मकथा के विमोचन का अवसर मिला है। मुझे खुशी है कि मुझे भी इस कार्यक्रम का हिस्सा बनने का सौभाग्य मिला है। कोविंद जी से मेरा बहुत लंबा परिचय रहा है, उन्हें करीब से जानने का भी अवसर मिला और राष्ट्रपति के रूप में उनका मार्गदर्शन और इस सबके साथ-साथ उनका मेरे प्रति विशेष स्नेह, उनकी आत्मीयता, ये मेरी बहुत बड़ी पूंजी रही है। मैंने उनके जीवन को जितना समझा है, उनकी कार्यक्षमताओं को जितना जाना है, मैं पूरे विश्वास से कह सकता हूं कि श्री रामनाथ कोविंद जी की ऑटो-बायोग्राफ़ी अपने आप में भारतीय लोकतंत्र और भारतीय समाज के लिए एक धरोहर बनेगी। कोविंद जी की जीवन यात्रा, समाज और राष्ट्र के लिए उनका योगदान, ऐसा कितना कुछ है जिसके बारे में मैं विस्तार से बात कर सकता हूं, लेकिन बुक रिलीज़ में केवल ‘कर्टन रेज़र’ ही होना चाहिए। आप सब किताब का पूरा लाभ पढ़कर ही लें, तो ही ज्यादा अच्छा है।

साथियों,

कोविंद जी की जीवन यात्रा को आप उनके शब्दों में जानें, उनकी लेखनी को, उनके अनुभवों को देश की नई पीढ़ी पढ़े, इससे हर किसी को काफी कुछ सीखने को मिलेगा। मैं रामनाथ कोविंद जी को इस आत्मकथा के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

कोविंद जी ने अपनी इस पुस्तक को बहुत ही सटीक नाम दिया है- “Triumph of the Indian Republic: My Life, My Struggles” कहने का भाव ये कि जीवन और जीवन के संघर्ष उनके व्यक्तिगत हैं, लेकिन उन संघर्षों के परिणामस्वरूप मिली जीत, भारत के गणतंत्र की है, भारत के लोकतंत्र की है।

साथियों,

हम सब अक्सर अनुभव करते हैं कि इंसान का एक स्वभाव होता है, लोग अपनी सफलता का श्रेय खुद को देते हैं और जीवन की मुश्किलों के लिए, कठिनाइयों के लिए समाज को जिम्मेदार ठहराते हैं। लेकिन, जब हृदय उदार हो, भारतीय संस्कार हों, तब व्यक्ति समाज की कमियाँ निकालने में समय नहीं गँवाता, वो उसके सकारात्मक पक्ष पर फोकस करता है, वो अपनी सफलता में समाज को बराबर का भागीदार मानता है। कोविंद जी की आत्मकथा और उसका शीर्षक इसके उदाहरण हैं। आप उनका जीवन देखिए, एक बेहद सामान्य परिवार में, कानपुर देहात में उनका जन्म हुआ। कोविंद जी ने अभी भी कुछ वर्णन किया और अपनी किताब में भी लिखा है, कैसे गर्मी के मौसम में एक दिन उनके घर में आग लग गई, उनकी माँ अपनी चिंता छोड़कर घर की चीजों को बचा रही थीं। आखिर, एक सामान्य परिवार में, माँ के लिए एक-एक चीज बच्चों के पालन-पोषण का जरिया होती है। उसी कोशिश में, आग में फंसकर उनकी माता जी की मृत्यु हो गई। आप कल्पना कर सकते हैं, छोटी सी उम्र में इस तरह की घटना, माँ को इस तरह खो देना, ये कितना दर्दनाक रहा होगा। मैं तो भाग्यशाली रहा हूं, मेरी मां 100 साल से भी अधिक जीवित रही और मुझे आशीर्वाद देती रही। उसके बावजूद भी, आज भी मैं मां की कमी महसूस करता हूं।

साथियों,

उनके जीवन का एक ऐसा दर्दनाक ये घटनाक्रम था, कोई भी इससे टूट सकता था, लेकिन कोविंद जी को उन मुश्किलों ने मजबूत किया। पड़ोस की एक माता जी ने उनके पालन-पोषण में मदद की। इससे उन्होंने समाज की एकता और सौहार्द की ताकत को समझा। इस घटना के बाद कोविंद जी के जीवन में उनके पिता की भूमिका और बड़ी हो गई और जिस तरह से उन्होंने अपने परिवार को संभाला, बच्चों को संस्कार दिये, इसीलिए, कोविंद जी अपने पिता को अपना हीरो मानते हैं।

साथियों,

बचपन के इन संघर्षों के बीच, कोविंद जी ने शिक्षा को, अपने सामर्थ्य को बढ़ाने का मार्ग बनाया। उन्होंने मेहनत की, उन्होंने संसाधनों की कमी को कमजोरी नहीं बनने दिया। और, एक ऐसे मुकाम तक पहुंचे, जिसकी कल्पना भी तब लोगों ने नहीं की थी। वो भारत जैसे विशाल देश के राष्ट्रपति बने।

साथियों,

इतने बड़े पद पर पहुंचने के बाद भी कोविंद जी का विनम्र व्यक्तित्व, उनकी सादगी ऐसे ही कायम रही। मुझे याद है प्रधानमंत्री के तौर पर मैं राष्ट्रपति भवन में उनसे मिलने जाता था। प्रोटोकॉल के हिसाब से जो बातें नहीं हो सकती हैं, वो बातें वो करते थे। वो प्रधानमंत्री को छोड़ने के लिए गाड़ी के दरवाजे तक आते थे। मैं शुरू में उनको प्रार्थना करता रहता था, प्लीज आप ऐसा मत कीजिए, लेकिन उन्होंने जीवन के आखिर तक अपनी उस विनम्रता को कभी छोड़ा नहीं। राष्ट्रपति बनने के बाद जब वे अपने गांव परौंख गए, तो उन्होंने वहाँ अपने गुरुओं के पैर छूकर उन्हें प्रणाम किया। गाँव की मिट्टी को नमन करके उन्होंने गाँव के सामान्य लोगों का धन्यवाद किया। पूरे देश ने वो भावुक दृश्य देखा था। उनके इस आचरण ने दुनिया के सामने भारत के संस्कारों की ऐसी तस्वीर सामने रखी, जिस पर हर भारतवासी गर्व करता है।

साथियों,

गुलामी के सैकड़ों साल में हमारे देश ने आर्थिक और सामाजिक रूप से बहुत कुछ खोया था। हमारे पूर्वजों ने सदियों तक संघर्ष किया। महात्मा गांधी, बाबा साहब अंबेडकर, ज्योतिबा फुले, सावित्रबाई फुले, ऐसी कितनी ही महान विभूतियों ने भारत के नवनिर्माण का सपना देखा था। एक ऐसा भारत जहां गरीब से गरीब, वंचित से वंचित को शिखर तक पहुँचने का अवसर मिल सके। कोविंद जी जैसे व्यक्तित्वों ने अपने श्रम और काबिलियत से केवल खुद का जीवन ही बदला, इतना नहीं है, उन्होंने सदियों के उस स्वप्न को, उस विज़न को भी साकार करने में अपनी अहम भूमिका निभाई है। और इस दिशा में हम सबके प्रयास अभी भी जारी हैं। हमें भविष्य में कोविंद जी जैसे अनेकों युवा चाहिए, जो परेशानियों से परास्त न हों, जो मुश्किलों के सामने मायूस न हों, बल्कि अपनी मेहनत से हर मंजिल को आसान बनाने का हौसला रखें। इसी बदलाव से सशक्त भारत के निर्माण का संकल्प पूरा होगा। यहीं से आत्मनिर्भर और विकसित भारत का रास्ता बनेगा।

साथियों,

ऐसे युवाशक्ति के निर्माण के लिए जो प्रेरणा चाहिए, कोविंद जी की ऑटोबायोग्राफ़ी उसका अहम स्रोत बन सकती है।

साथियों,

कोविंद जी ने अपनी जीवनी में मोरारजी भाई देसाई के साथ अनुभवों के बारे में भी इसमें विस्तार से बताया है। कोविंद जी के भीतर देशसेवा की जो भावना थी, मोरारजी भाई के साथ काम करके उन्हें जो सीखने को मिला, जो रास्ता मिला। कोविंद जी ने राजनीति और समाजसेवा को अपना मार्ग बनाया। वो अपने कर्तव्यों के लिए समर्पित रहे। सेवा को उन्होंने अपना लक्ष्य बनाकर काम किया। संसद में उनका कार्यकाल गवाह है। राज्यपाल के रूप में भी उन्होंने एक उदाहरण प्रस्तुत किया। राष्ट्रपति के रूप में भी हमें उनकी यही कर्तव्यनिष्ठा दिखाई देती रही। यहाँ तक कि राष्ट्रपति जैसे सर्वोच्च पद से सेवामुक्त होने के बाद भी उन्होंने विश्राम नहीं लिया है। वो अभी भी ‘एक देश, एक चुनाव’ One Nation, One Election जैसे महत्वपूर्ण विषय पर काम कर रहे हैं। देश को जगा रहे हैं। ये एक ऐसा विषय है, जिसका समाधान देश के लोकतंत्र का नया अध्याय शुरू कर सकता है। मैं मानता हूँ, कोविंद जी की इस कर्तव्यनिष्ठा और सेवाभाव से देश के लोग बहुत कुछ सीख सकते हैं।

साथियों,

सामाजिक जीवन में सक्रिय रहते हुये ऑटोबायोग्राफ़ी के लिए समय निकाल पाना बहुत मुश्किल होता है। कोविंद जी ने ये काम हम सबके लिए किया है, क्योंकि उनके जीवन में ऐसा कितना कुछ है, जिसमें गरीब वंचित तबके से आए तमाम लोग अपने जीवन की परछाई देख सकते हैं। कैसे एक साधारण परिवार मुश्किल हालातों में भी जीवन की शुचिता और ईमानदारी से समझौता नहीं करता, कैसे वही आदर्श आगे चलकर हमारे जीवन का आधार बनते हैं, हमारे कठिन समय के मूल्य किस तरह जीवनभर हमें रोशनी देते हैं, कैसे इस पवित्रता से हमें राष्ट्र सेवा की शक्ति मिलती है। अलग-अलग पदों का दायित्व निभाते हुए, कोविंद जी ने समाज को निरंतर इसकी प्रेरणा दी है।

साथियों,

मुझे विश्वास है, कोविंद जी की ऑटोबायोग्राफ़ी, इसमें उनके जीवन की ही नहीं, बल्कि हमारे लोकतंत्र की भी अहम स्मृतियाँ सुरक्षित होंगी। मैं एक बार फिर उन्हें उनकी आत्मकथा के लिए शुभकामनाएं देता हूं। और मैं खास करके युवा पीढ़ी से आग्रह करूंगा, रील का जमाना है, सोशल मीडिया में इनफ्लुएंसर आपको खींच के कहीं-कहीं ले जाते हैं। इस शॉर्टकट के युग में भी एक बात हम जरूर याद रखें, रेलवे स्टेशन पर लिखा हुआ होता है, कुछ लोगों को पटरी पर कूद कर के जाने की आदत होती है, ब्रिज पर नहीं जाते। तो वहां लिखा होता है, शॉर्टकट विल कट यू शॉर्ट। और अगर शॉर्टकट के रास्ते से भी कहीं बाहर निकलना है, तो मैं नौजवानों को कहूंगा आपको जिसका भी पसंद हो ऑटोबायोग्राफी जरूर पढ़ें। ऑटोबायोग्राफी उस कालखंड की इतिहास की घटनाओं को अलग तरीके से समझने का अवसर देती है। इतिहास से काफी निकट होता है वो कालखंड बायोग्राफी का और इसलिए मैं जरूर चाहूंगा कि कोविंद जी की जो मेहनत है, वो आने वाली पीढ़ियों को काम आए, युवा पीढ़ी को विशेष रूप से काम आए। बहुत-बहुत शुभकामनाएं। बहुत-बहुत धन्यवाद।