"মই ১২ বছৰ পূৰ্বে ৰোপণ কৰা বীজ আজি এক বিশাল বট গছ হৈ পৰিছে"
"ভাৰত স্তব্ধ হ'ব নোৱাৰে বা ই ভাগৰুৱা হ'বও নোৱাৰে"
"ভাৰতৰ যুৱপ্ৰজন্মই নিজেই নতুন ভাৰতৰ প্ৰতিটো অভিযানৰ দায়িত্ব লৈছে"
"সফলতাৰ বাবে কেৱল এটাই মন্ত্ৰ আছে - 'দীৰ্ঘম্যাদী পৰিকল্পনা, আৰু নিৰন্তৰ প্ৰতিশ্ৰুতি'
"আমি দেশৰ প্ৰতিভাক স্বীকৃতি দিয়া আৰু তেওঁলোকক সকলো প্ৰয়োজনীয় সমৰ্থন দিয়া আৰম্ভ কৰিছো"

 

নমস্কাৰ!

ভাৰত মাতা কী জয়!

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত  জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

মোৰ সন্মুখত এয়া যৌৱন-উচ্ছল এখন সাগৰ, এয়া উদ্দীপনা, উত্সাহৰ এক লহৰে এটা কথাই প্ৰতীয়মান কৰিছে যে গুজৰাটৰ আপোনালোক ন-জোৱানসকলে আজি আকাশ স্পৰ্শ কৰাৰ বাবে সাজু হৈছে। এয়া কেৱল খেলৰে মহাকুম্ভ নহয়, বৰং এয়া গুজৰাটৰ যুৱ-শক্তিৰো মহাকুম্ভ! মই আপোনালোক সকলো যুৱক-যুৱতীকে ‘একাদশ খেল মহাকুম্ভ’ উপলক্ষে শুভকামনা জ্ঞাপন কৰিছো। মই গুজৰাট চৰকাৰ; বিশেষকৈ যশস্বী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেলক এই বিশাল আয়োজনৰ বাবে বহুত বহুত ধন্যবাদ দিব বিচাৰিছো। ক’ৰোনাৰ বাবে বিগত দুটাকৈ বছৰে ‘খেল মহাকুম্ভ’ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। পিচে, ভূপেন্দ্ৰ ভায়ে যি ভব্যতাৰে এই আয়োজনৰ শুভাৰম্ভ কৰিছে, ইয়ে যুৱ-খেলুৱৈসকলৰ মন উত্সাহ-উদ্দীপনাৰে ভৰাই তুলিছে।

বন্ধুসকল,

মোৰ মনত আছে, ১২ বছৰৰ আগতে ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেই কাৰ্যকালত খেল মহাকুম্ভৰ আৰম্ভণী কৰা হৈছিল আৰু আজি মই ক’ব পাৰো যে যিটো মহান সপোনৰ বীজ মই ৰুইছিলো, আজি সিয়েই বটবৃক্ষ হৈ উঠা দেখিবলৈ পাইছো। সেই অকণমানি বীজটোৰ পৰাই আজি ইমান বিশাল এজোপা বটবৃক্ষই সাকাৰ ৰূপ পৰিগ্ৰহ কৰা দেখিবলৈ পাইছো। ২০১০ চনৰ প্ৰথমখন ‘খেল মহাকুম্ভ’ গুজৰাটে ১৬বিধ খেলত অংশগ্ৰহণ কৰা ১৩ লাখ খেলুৱৈৰ উপস্থিতিৰে অনুষ্ঠিত কৰিছিল। মোক ভূপেন্দ্ৰ ভায়ে জনাইছে যে ২০১৯ত অনুষ্ঠিত হোৱা ‘খেল মহাকুম্ভ’ত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা ১৩ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি পাইছিল। ৩৬ বিধ সাধৰণ আৰু ২৬ বিধ ‘পেৰা-খেল প্ৰতিযোগিতা’ত ৪০ লাখ খেলুৱৈ! ‘কবড্ডী’, ‘খো-খো’ আৰু ‘ৰচী টনা খেল’ৰ পৰা ‘যোগাসন’ আৰু ‘মলখম’ পৰ্যন্ত! ‘স্কেটিং’ আৰু ‘টেনিছ’ৰ পৰা ‘ফেন্সিং’ পৰ্যন্ত প্ৰতিবিধ খেলত আমাৰ যুৱক-যুৱতীসকলে আজি অদ্ভুত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই পৰিসংখ্যা ৪০ লাখৰ পৰা ৫৫ লাখ পাইছেগৈ। ‘শক্তিদূত’ৰ দৰে কাৰ্যক্ৰমৰ জৰিয়তে ‘খেল মহাকুম্ভ’ৰ খেলুৱৈসকলক সহযোগিতা আগবঢ়োৱাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে। আৰু এই যি নিৰন্তৰ বিৰামহীন প্ৰয়াস কৰি থকা হৈছে, খেলুৱৈসকলে যি সাধনা কৰিছে আৰু যেতিয়া খেলুৱৈসকলে প্ৰগতি লাভ কৰে তাৰ নেপথ্যত এক দীঘলীয়া তপস্যা থাকে। যি সংকল্প গুজৰাটৰ ৰাইজে মিলি গ্ৰহণ কৰিছিল, সেই সংকল্পই আজি পৃথিৱী জুৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

নৱ-প্ৰজন্মৰ মোৰ বন্ধুসকল,

গুজৰাটৰ এই শক্তিক লৈ আপোনালোকে গৰ্ব কৰেনে? গুজৰাটৰ খেলুৱৈয়ে পৰাক্ৰম দেখুওৱা দেখি আপোনালোকে গৰ্ব কৰেনে? ‘খেল মহাকুম্ভ’ৰ পৰা ওলাবলগীয়া যুৱক-যুৱতীসকল ‘অলিম্পিক’, ‘কমনৱেল্থ’ আৰু ‘এছীয়ান গেম্ছ’-কে ধৰি বিশ্বৰ খেল প্ৰতিযোগিতাসমূহত আজি দেশৰ লগতে গুজৰাটৰ যুৱ-খেলুৱৈসকলে তেওঁলোকৰ পাৰ্গতালি প্ৰদৰ্শিত কৰি আহিছে। এনে প্ৰতিভাসমূহেই এই মহাকুম্ভৰ পৰা, আপোনালোকৰ মাজৰ পৰাই ওলাই আহিব। যুৱক-যুৱতীসকলেই খেলুৱৈ তৈয়াৰ কৰে। খেল-পথাৰত উজলি উঠে আৰু সমগ্ৰ হিন্দুস্তানৰ পতাকাখনকে পৃথিৱীত উৰায়।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া খেলৰ জগতখনত ভাৰতৰ নাম কেৱল এটা বা দুটা খেলৰ ভৰসাতে টিকি আছিল। ইয়াৰ পৰিণাম এয়েই হৈছিল যে যিবিধ খেল দেশৰ গৌৰৱ আৰু পৰিচয়ৰে জড়িত হৈ আছিল, সেইবিধ খেলকে পাহৰাই পেলেৱা হৈছিল। এনেবোৰ কাৰণতে যি সময়ত খেলৰে জড়িত সংসাধন বঢ়োৱা, ক্ৰীড়া আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, এই ক্ষেত্ৰত যিমান গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, সেয়া এক প্ৰকাৰে স্থবিৰ হৈ পৰিছিল। ইমানেই নহয়, ৰাজনীতিৰ ক্ষেত্ৰত যেনেকৈ ‘ভাই-ভতিজাবাদ’ৰ প্ৰৱেশ ঘটিছিল, খেলৰ পৃথিৱীখনতো খেলুৱৈসকলৰ নিৰ্বাচনৰ বেলিকা পাৰদৰ্শিতাৰ অভাৱো এটা বহুত ডাঙৰ ‘ফেক্টৰ’ হৈছিল। খেলিৱৈসসকলৰ সম্পূৰ্ণ প্ৰতিভা সমস্যাৰে যুঁজোতেই ওৰ পৰিছিল। সেই চাকনৈয়াৰ পৰা পৰিত্ৰাণ পাই ভাৰতৰ যুৱ-প্ৰজন্মই আজি আকাশ চুব পাৰিছে। ‘গ’ল্ড’ আৰু ‘ছিলভাৰ মেডেল’ৰ চমকে আজি দেশৰ আত্মবিশ্বাসকো চমকিত কৰিছে আৰু অসম্ভৱক সম্ভৱ কৰাৰ উপলব্ধিও প্ৰদান কৰিছে। পৃথিৱীৰ আটাইতকৈ যুৱ-দেশখন ক্ৰীড়াৰ ক্ষেত্ৰতো এক শক্তি হিচাপে মূৰ দাঙি উঠিছে। ‘টকিঅ’ অলিম্পিক’ আৰু ‘পেৰা-অলিম্পিক’তো আমাৰ খেলুৱৈসকলে এই পৰিৱৰ্তনকে প্ৰতীয়মান কৰিছে। ‘টকিঅ’ অলিম্পিক’ত ভাৰতে  প্ৰথমবাৰৰ বাবে ৭টা পদক জয় কৰিছে। এই একেই অভিলেখেই ভাৰতৰ ল’ৰা-ছোৱালীহঁতে ‘টকিঅ’ পেৰা-অলিম্পিক’তো ৰচনা কৰিছে। ভাৰতে এই বিশ্ব-প্ৰতিযোগিতাখনত ১৯টা পদক অৰ্জন কৰিছে। হিন্দুস্তানে এতিয়া ৰৈ যাবও নোখোজে, ভাগৰি পৰিবও নোখোজে। দেশৰ যুৱ-শক্তিৰ ওপৰত মোৰ  সম্পূৰ্ণ ভৰসা আছে, দেশৰ যুৱ-খেলুৱৈসকলৰ তপস্যাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে; মোৰ দেশৰ যুৱ- খেলুৱৈসকলৰ সপোন, সংকল্প আৰু সমৰ্পণৰ ওপৰত ভৰসা আছে। আৰু সেয়ে আজি মই লাখ লাখ যুৱক-যুৱতীৰ সন্মুখত সাহসেৰে ক’ব পাৰো যে ভাৰতৰ যুৱক-যুৱতীসকলে ইয়াক বহু দূৰলৈ লৈ যাব। এনে এটা দিন আহিব যিদিনা বহুবোৰ খেলত সোণৰ পদক একেলগে জিকা দেশসমূহৰ তালিকাত ভাৰতেও ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হ’ব।

বন্ধুসকল,

এইবাৰ ইঁউক্ৰেণৰ পৰা যিসকল ন-জোৱান উভতি আহিছে, যুদ্ধভূমিৰ পৰা আহিছে। বোমা-বাৰুদৰ মাজৰ পৰা আহিছে। কিন্তু আহি তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে ‘আজিৰ তাৰিখত ত্ৰিৰংগা পতাকাৰ মান-মৰ্যাদা কিমান সেই কথা আমি ইউক্ৰেণত উপলব্ধি কৰিব পাৰিছো’। কিন্তু বন্ধুসকল, মই আৰু এটা দৃশ্যৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰাব খুজিছো। যেতিয়া আমাৰ খেলুৱৈসকলে পদক অৰ্জন কৰি ‘প’ডিয়াম’ত থিয় হয়গৈ আৰু যেতিয়া ভাৰতৰ পতাকা উত্তোলিত হোৱা দেখিবলৈ পোৱা যায়, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ধ্বনিত হয়, আপোনালোকেও চাগৈ টেলিভিশ্বনৰ পৰ্দাত নিশ্চয় দেখিবলৈ পাইছে এই দৃশ্য, সেই মুহূৰ্তত আমাৰ খেলুৱৈসকলৰ চকুত আনন্দৰ, গৌৰৱৰ চকুলো নিগৰি বয়। এয়াই হৈছে দেশভক্তি!

বন্ধুসকল,

ভাৰতৰ দৰে এখন যুৱ-দেশক দিক-দৰ্শন কৰোৱাৰ ক্ষেত্ৰত আপোনালোক সকলো যুৱক-যুৱতীৰে বহুত ডাঙৰ ভূমিকা থাকে। আগন্তুক সময়াক যুৱ-প্ৰজন্মই গঢ় দিব পাৰে, আৰু তেওঁলোকেই গঢ়িব পাৰে, যিসকলে ইয়াৰ বাবে সংকল্প গ্ৰহণ কৰে, আৰু সংকল্পৰ লগতে সমৰ্পণৰ মনোভাৱেৰে নিজকে জড়িত কৰি পেলায়। আজি এই ‘খেল মহাকুম্ভ’ত গুজৰাটৰ বিভিন্ন অঞ্চলৰ পৰা, গাঁৱৰ পৰা, চহৰ কিম্বা জনপদৰ পৰা আপোনালোক লাখ লাখ যুৱক-যুৱতী ইয়াত আহি সমবেত হৈছেহি! আপোনালোকে আপোনালোকৰ সপোনবোৰক বাস্তৱ কৰাৰ বাবে দিন্-নিশাই পৰিশ্ৰম কৰি আহিছে। মই আপোনালোকৰ সপোনবোৰৰ মাজত আপোনালোকৰ অঞ্চলবোৰৰ ভৱিষ্যতক দেখিবলৈ পাইছো, আপোনালোকৰ জিলাবোৰৰ ভিৱিষ্যত দেখিবলৈ পাইছো। মই আপোনালোকৰ সপোনবোৰৰ মাজত সম্পূৰ্ণ গুজৰাট আৰু দেশৰ ভৱিষ্যত প্ৰত্যক্ষ কৰিছো। আৰু সেয়ে, আজি ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ পৰা ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ পৰ্যন্ত, ‘মে’ক ইন ইণ্ডিয়া’ৰ পৰা ‘আত্মনিৰ্ভৰ ভাৰত’ তথা ‘ভোকেল ফৰ লোকেল’ পৰ্যন্ত, নতুন ভাৰতৰ প্ৰতিটো অভিযানৰ দায়িত্ব ভাৰতৰ যুৱক-যুৱতীসকলে নিজে আগবাঢ়ি আহি কান্ধ পাতি লৈছেহি। আমাৰ যুৱ-প্ৰজন্মই ভাৰতৰ সামৰ্থ্যক সাব্যস্ত কৰি দেখুৱাইছে।

মোৰ ন-জোৱান বন্ধুসকল,

আজি ‘ছফ্টৱে’ৰ’ৰ পৰা ‘স্পে’চ পাৱাৰ’ পৰ্যন্ত, ‘প্ৰতিৰক্ষা’ৰ পৰা ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ পৰ্যন্ত, প্ৰতিটো ক্ষেত্ৰতে ভাৰতে প্ৰতিপত্তি দেখুৱাবলৈ সক্ষম হৈছে। ভাৰতৰ এই শক্তিক ‘স্প’ৰ্টছ স্পিৰিটে’ বহু গুণে বৃদ্ধ কৰিব পাৰে। এয়াই আপোনালোকৰ সাফল্যৰো মন্ত্ৰ। আৰু সেয়ে মই সদায়ে কওঁ ‘যিজনে খেলে, তেঁৱেই ফুলে’! আপোনালোক সকলো যুৱক-যুৱতীলৈ মোৰ পৰামৰ্শ- ‘সাফল্যৰ বাবে কেতিয়াও ক’তো চমু বাট নিবিচাৰিব! আপোনালোকে ৰে’লৱে’ প্লেটফৰ্মত নিশ্চয় দেখিছে, কিছুমান লোকে দলঙৰ ওপৰেদি যোৱাৰ পৰিৱৰ্তে ৰে’লপথ পাৰ হৈ যায়, তাকে দেখি ৰে’লবিভাগৰ তৰফৰ পৰা লিখিবলগীয়া হয় ‘ছৰ্টকাট উইল কাট ইউ ছৰ্ট’! ‘ছৰ্টকাট’ৰ বাট তেনেই ক্ষন্তেকীয়া হয়।

বন্ধুসকল,

সাফল্যৰ কেৱল এটাই মন্ত্ৰ- ‘লং টাৰ্ম প্লানিং’, আৰু ‘কণ্টিনিউয়াছ কমিটমেণ্ট’। কোনো এবাৰৰ জয় কেতিয়াও আমাৰ অন্তিম বিজয়  হ’ব নোৱাৰে, নতুবা পৰাজয়ো! আমাৰ সকলোৰে বাবে আমাৰ বেদে কৈছে- “চৰৈৱতি চৰৈৱতি”। আজি দেশেও অনেক প্ৰত্যাহ্বানৰ মাজত, নোৰোৱাকৈ, নাভাগৰাকৈ আৰু নতশিৰ নকৰাকৈ আগবাঢ়ি গৈ আছে। আমি সকলো মিলি কঠোৰ পৰিশ্ৰম কৰি অবিৰাম আগবাঢ়ি যাব লাগিব।

বন্ধুসকল,

খেলা-ধূলাত আমি জিকাৰ বাবে ‘৩৬০ ডিগ্ৰী প্ৰদৰ্শন’ দাঙি ধৰাৰ প্ৰয়োজন হয়, আৰু পূৰা টীমটোৱেই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব লাগে। ইয়াত ভাল ভাল ক্ৰীড়াবিদসকল উপস্থিত আছে। আপোনালোকে কওকচোন বাৰু ক্ৰিকেটত কোনোবাটো টীমে বেটিং ভালকৈ কৰে, কিন্তু বলিং তেনেই বেয়াকৈ কৰিলে, সেইটো টীমে বাৰু বিজয় সাব্যস্ত কৰিব পাৰিবনে? অথবা টীমটোৰ এজন খেলুৱৈয়ে খুবেই ভালকৈ খেলে, কিন্তু আন কেইগৰাকী সদস্যই যদি বেয়া খেলহে প্ৰদৰ্শন কৰে তেন্তে সেইটো দলেটোৱেও বাৰু জিকিব পাৰিবনে? জিকাৰ বাবে সম্পূৰ্ণ দলটোৱেই বেটিং, বলিং আৰু ফিল্ডিং সকলো দিশতে ভাল কৰিব লাগিব।

ভাই-ভনীসকল,

ভাৰতৰ খেলক সাফল্যৰ শিখৰলৈ লৈ যাবলৈ হ’লেও দেশেও আজি এনেদৰেই ‘৩৬০ ডিগ্ৰী টীম ৱৰ্ক’ কৰাৰ প্ৰয়োজন আছে। সেয়ে, দেশে এক ‘হ’লিষ্টিক এপ্ৰোচ’ৰে কাম কৰি আছে। ‘খেলো ইণ্ডিয়া’ কাৰ্যক্ৰম এই ধৰণৰ এক ডাঙৰ উদাহৰণ। আগতে আমাৰ যুৱ-প্ৰতিভাসমূহ ছাপত পতিত হৈছিল, তেওঁলোকে সুযোগ পোৱা নাছিল। আমি দেশৰ প্ৰতিভাসমূহক বিচাৰি উলিয়াই, তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়ালৈ ধৰিছিলো। প্ৰতিভা থকাৰ পিচতো আমাৰ যুৱক-যুৱতীসকলে প্ৰশিক্ষণৰ অভাৱত পিচ পৰি ৰ’বলগীয়া হৈছিল। কিন্তু আজি উন্নতৰ পৰা উন্নততৰ প্ৰশিক্ষণৰ সুবিধা খেলুৱৈসকললৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। দেশে এই কথা সুনিশ্চিত কৰিবলৈ লৈছে, খেলুৱৈসকলে যাতে সমলৰ ক্ষেত্ৰত কোনো ধণৰ অভাৱ অনুভৱ কৰিবলগীয়া নহয়। বিগত ৭-৮ বছৰে ক্ৰীড়া বাজেটৰ পৰিমাণ প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। খেলুৱৈসকলৰ ভৱিষ্যতক লৈয়ো এটা ডাঙৰ চিন্তা থাকে। আপোনালোকে কল্পনা কৰিবচোন, খেলুৱৈসকলে যদি নিজৰ ভৱিষ্যতক লৈ  আশ্বস্ত হ’ব নোৱাৰে, তেওঁলোকে বাৰু খেলৰ নামত এশ শতাংশ উত্সৰ্গিত হ’ব পাৰিবনে? এই বাবেই আমি খেলুৱৈসকলে পাবলগীয়া ‘এনকাৰেজমেণ্ট এণ্ড এৱাৰ্ড’সমূহৰ ক্ষেত্ৰত ৬০শতাংশৰো অধিক বৃদ্ধি কৰিছো। বেলেগ বেলেগ আঁচনিৰ জৰিয়তে সেইসকল প্ৰশিক্ষককো পুৰস্কাৰ প্ৰদান কৰাৰ দিহা কৰা হৈছে, যিসকলে পদক অৰ্জন কৰা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। ইয়াৰ সুবাদতে  আজি গ্ৰামীণ এলেকাৰ পৰা, পিচপৰা শ্ৰেণীসমূহৰ পৰা, আদিবাসী সমাজৰ পৰাও সেইসকল প্ৰতিভাধৰ দেশৰ বাবে আগবাঢ়ি আহিছে, যাক লৈ দেশে গৌৰৱ কৰিব পাৰে।

বন্ধুসকল,

আমাৰ দেশৰ খেলুৱৈসকলে আৰু এটা বিচিত্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আগতে আপুনি যদি কাৰোবাক কৈছিল যে মই এগৰাকী খেলুৱৈ, তেন্তে শুনোতাসকলে প্ৰায়েই সোধে- বোলে, “ঠিক আছে, তুমি বাৰু খেলুৱৈ, হওতে সকলো শিশুৱেইতো খেলা-ধূলা কৰে, পিচে, আচলতে তুমিনো কৰা কি”? অৰ্থাত্, আমাৰ দেশত খেলক সহজে স্বীকৃতি প্ৰদানেই কৰা নহৈছিল।

বন্ধুসকল,

আচৰিত নহ’ব। এই সমস্যা কেৱল আপোনাৰ সন্মুখলৈকে কেৱল অহা নাছিল। আমাৰ দেশৰ ডাঙৰ ডাঙৰ খেলুৱৈয়েও এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

মোৰ ন-জোৱান বন্ধুসকল,

আমাৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা সাফল্যই এতিয়ালৈ সমাজৰ এই চিন্তা-ধাৰাক সলনি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মানুহে এই কথা বুজিবলৈ ধৰিছে ক্ৰীড়াক্ষেত্ৰত কেৰিয়াৰ অৰ্থ ‘ৱৰ্ল্ড নাম্বাৰ ১’ হোৱাটোৱেইযে হ’ব লাগিব, এনে নহয়। ক্ৰীড়াৰে জড়িত যিকোনো সম্ভাৱনাৰে যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। কোনোবা প্ৰশিক্ষক হ’ব পাৰে, কোনোবাই ‘স্প’ৰ্টছ ছফ্টৱে’ৰ’ত অসাধাৰণ কৃতিত্ব আৰ্জিব পাৰে। ‘স্প’ৰ্টছ মনেজমেণ্ট’ও ক্ৰীড়াৰে জড়িত এখন বৃহত্ ক্ষেত্ৰ। বহুসংখ্যক যুৱক-যুৱতীয়ে ক্ৰীড়াবিষয়ক লেখা-মেলাৰে সুন্দৰ কেৰিয়াৰ গঢ়ি আছে। এনেদৰেই খেলাৰ লগতে প্ৰশিক্ষক, ফিজিঅ’থেৰাপিষ্ট, ‘ডায়েটিচিয়ান’ৰ দৰে বিভিন্ন সুযোগৰ সৃষ্টি হয়। এইবোৰ ক্ষেত্ৰক যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ৰূপত যাতে চাবগৈ পাৰে, তেওঁলোকযাতে আগবাঢ়ি যাব পাৰে, সেই লক্ষ্যৰেই দেশত ‘প্ৰফেশ্যনেল ইনষ্টিটিউট’ নিৰ্মাণ কৰি থকা হৈছে। উদাহৰণ স্বৰূপে, ২০১৮ চনত আমি মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছিলো। ক্ৰীড়াক্ষেত্ৰৰ উচ্চ শিক্ষাৰ বাবে উত্তৰ প্ৰদেশতো ‘মেজৰ ধ্যানচাঁদ ক্ৰীড়া বিশ্ববিদ্যালয়’ স্থাপন কৰা হৈছে। ‘আইআইএম-ৰোহটক’ত ‘স্প’ৰ্ট মনেজমেণ্ট’ৰ ‘পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা’ পাঠ্যক্ৰমৰ আৰম্ভ কৰা হৈছে। আমাৰ গুজৰাটতো স্থাপন কৰা ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়’ও ইয়াৰ এক ডাঙৰ উদাহৰণ। ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ে’ ইয়াত ক্ৰীড়া প্ৰেক্ষাপট গঢ়ি তোলাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। মোক কোৱা হৈছে যে গুজৰাট চৰকাৰে ক্ৰীড়া প্ৰেক্ষাপট আৰু আন্তঃগাঁথনিক আৰু অধিক ব্যাপক কৰি তোলাৰ বাবে তালুকা আৰু জিলা স্তৰত ক্ৰীড়া চৌহদো নিৰ্মাণ কৰি আছে। এইবোৰ সকলো  প্ৰয়াসে ক্ৰীড়াবিশ্বত গুজৰাট আৰু ভাৰতৰ পেছাদাৰী উপস্থিতিক আৰু অধিক শক্তিশালী কৰি তুলিব। মোৰ আৰু এটা পৰামৰ্শ হৈছে- গুজৰাটৰ বিশাল উপকূলীয় সংসাধন, আমাৰ হাতত দীঘলীয়া সামুদ্ৰিক উপকূল আছে, ইমান দীঘল সমুদ্ৰৰ পাৰক এতিয়া আমি খেলৰ বাবে, ক্ৰীড়াৰ বাবে আমাৰ এই উপকূলীয় এলেকাকো খেলৰ দিশত আগবাঢ়াই অনা উচিত। আমাৰ ইয়াত ইমানবোৰ সুন্দৰ ‘বীচ্চেছ’ আছে। ‘খেল মহাকুম্ভ’ত ‘বীচ্চ স্প’ৰ্টছ’-ৰ সম্ভাৱনা সন্দৰ্ভতো চিন্তা কৰাৰ প্ৰয়োজন আছে।

বন্ধুসকল,

আপোনালোকে যেতিয়ালৈকে খেলিব, ‘ফিট’ হৈ থাকিব, তেতিয়াহে দেশৰ সামৰ্থ্যৰে জড়িত হৈ থাকিব। তেতিয়াহে দেশৰ সামৰ্থ্যৰে আপোনালোকো ‘ভেল্যু এডিশ্যন’ কৰা একোগৰাকী মহাৰথী হৈ উঠিব। আৰু তেতিয়াই আপনালোকে ৰাষ্ট্ৰ নিৰ্মাণত আপোনালোকৰ অৱদান আগবঢ়াব। মোৰ সম্পূৰ্ণ ভৰসা আছে এই ‘খেল মহাকুম্ভ’ত আপোনালোক সকলো তাৰকাই নিজ নিজ ক্ষেত্ৰত নিশ্চিত ভাবেই উজলি উঠিব পাৰিব, নতুন ভাৰতৰ সপোনক সাকাৰ কৰিব পাৰিব। মই যুৱক-যুৱতীসকলৰ পৰিয়ালবৰ্গৰ প্ৰতিও আহ্বান জনাব খুজিছো। সময় বহুত সলনি হৈছে। যদি আপোনালোকৰ সন্তানৰ, ল’ৰাই হওক কিম্বা ছোৱালীয়েই হওক, যদি তেওঁলোকৰ খেলৰ প্ৰতি আগ্ৰহ থাকে, আপোনালোকে সেয়া বিচাৰি উলিয়াওক আৰু তেওঁলোকক উত্সাহিত কৰক। তেওঁলোকক আগবাঢ়ি যোৱাৰ বাবে উত্সাহ যোগাওক। আপোনালোকে তেওঁলোকক কেৱল কিতাপৰ পিনে ওভতাই নিয়াৰ প্ৰয়াস নকৰিব। সেইদৰেই মই প্ৰথম দিনাৰে পৰা, ‘মহাকুম্ভ’ৰ আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আহিছো যে গাঁওসমূহত যেতিয়া ‘মহাকুম্ভ’ৰ কাৰ্যক্ৰম চলোৱা হয়, তেতিয়া সমগ্ৰ গাঁওখনৰে উপস্থিতি সেই কাৰ্যক্ৰমত নিশ্চিত কৰা উচিত। দৰ্শকৰ হাততালি বাজিলেও খেলুৱৈসকলৰ মনত এক নতুন উত্সাহ-উদ্দীপনাই মনোবল বৃদ্ধি কৰি তোলে। গুজৰাটৰ প্ৰতিগৰাকী নাগৰিকেই ‘খেল মহাকুম্ভ’ৰ কোনোবা নহয় কোনোবা কাৰ্যক্ৰমত সোঁশৰীৰে উপস্থিত থকা উচিত। আপোনালোকে চাবচোন, গুজৰাটেও এদিন খেলৰ জগতখনত নিজৰ কৃৰ্তিমান প্ৰতিস্থা কৰিবলৈ সক্ষম হ’ব। হিন্দুস্তানৰ খেলুৱৈসকলৰ মাজত গুজৰাটৰ খেলুৱৈয়েও শাৰী পূৰাবগৈ পাৰিব। এই আশাৰেই মই আকৌ এবাৰ ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই টীমটোক ধন্যবাদ জনাইছো। যুৱক-যুৱতীসকলক শুভকামনা জনাইছো। মোৰ সৈতে একেলগে কওক- ‘ভাৰত মাতা কী জয়’!

‘ভাৰত মাতা কী জয়’!

‘ভাৰত মাতা কী জয়’!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged

Media Coverage

Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"