ডাবল ইঞ্জিন চৰকাৰে ত্ৰিপুৰাক সলনি কৰিছেঃ প্ৰধানমন্ত্ৰী
ত্ৰিপুৰাই হাইৱে’, আই-ৱে, ৰেলৱে’ আৰু এয়াৰৱে’(হীৰা)ৰ অভূতপূৰ্ব উন্নয়ন দেখিবলৈ পাইছেঃ প্ৰধানমন্ত্ৰী
যোগাযোগ ব্যৱস্থাই কেৱল ভাৰত আৰু বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাই নহয়, বৰং ব্যৱসায়ৰ বাবেও এক শক্তিশালী লিংক তৈয়াৰ কৰেঃ প্ৰধানমন্ত্ৰী
মৈত্ৰী সেতুৱে বাংলাদেশতো অৰ্থনৈতিক সম্ভাৱনাৰ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ! খুলুমখা!

ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ৰমেশ বইছ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিল্পৱ দেৱ জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকলৰ লগতে ত্ৰিপুৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোকে পৰিৱৰ্তনৰ, ত্ৰিপুৰাৰ বিকাশ যাত্ৰাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷

ভাই-ভনীসকল,

আজিৰ পৰা তিনি বছৰৰ পূৰ্বে আপোনোলোকে, ত্ৰিপুৰাৰ জনসাধাৰণে এক নতুন ইতিহাস ৰচনা কৰিছিল আৰু সমগ্ৰ দেশক এক শক্তিশালী বাৰ্তা দিছিল৷ দশক দশক ধৰি ৰাজ্যৰ বিকাশৰ গতি ৰুদ্ধ কৰা নেতিবাচক শক্তিক অপসাৰণ কৰি, ত্ৰিপুৰাৰ জনসাধাৰণে এক নতুন শুভাৰম্ভণি কৰিছিল৷ যিখন প্ৰাচীৰে ত্ৰিপুৰা, ত্ৰিপুৰাৰ সামৰ্থ্যক প্ৰশমিত কৰি ৰাখিছিল, আপোনালোকে সেই প্ৰাচীৰ ভাঙি দিলে৷ সেই প্ৰাচীৰ ভাগি পৰিল৷ মোৰ সন্তুষ্টি অনুভৱ হৈছে যে মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত, বিপ্লৱ দেৱ জীৰ নেতৃত্বত চলি থকা চৰকাৰে তেওঁলোকৰ সংকল্প ক্ষিপ্ৰতাৰে সিদ্ধি কৰিবলৈ সক্ষম হৈছে৷

বন্ধুসকল,

২০১৭ চনত আপোনালোকে ত্ৰিপুৰাত বিকাশৰ ডাবল ইঞ্জিন লগোৱাৰ সিদ্ধান্ত লৈছিল৷ এটা ইঞ্জিন ত্ৰিপুৰাত, এটা ইঞ্জিন দিল্লীত৷ এই ডাবল ইঞ্জিনৰ সিদ্ধান্তৰ যি ফলাফল ওলাইছে, যি প্ৰগতিৰ পথ প্ৰশস্ত কৰিছে, সেয়া আজি আপোনালোকৰ সন্মুখত৷ আজি ত্ৰিপুৰাৰ পুৰণি চৰকাৰৰ ৩০ বছৰ আৰু ডাবল ইঞ্জিন চৰকাৰৰ ৩ বছৰত অহা পৰিৱৰ্তন স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে৷ য’ত কমিচন অবিহনে কাম হোৱাটো অসম্ভৱ আছিল, তাত এতিয়া চৰকাৰী সুবিধা পোনপটীয়াকৈ জনসাধাৰণৰ বেংক একাউণ্টত সোমাইছে৷ যিসকল কৰ্মচাৰীয়ে মাহেকীয়া দৰমহা লাভৰ বাবে চিন্তাত আছিল, তেওঁলোকে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে৷ য’ত কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, সেইসকল কৃষকে প্ৰথমবাৰলৈ ত্ৰিপুৰাত এমএছপি হাৰত সামগ্ৰী বিক্ৰী কৰাটো সুনিশ্চিত কৰিব পাৰিছে৷  মনৰেগাৰ অধীনত কাম কৰা বন্ধুসকলে আগতে ১৩৫ টকা লাভ কৰিছিল, সেইসকলক এতিয়া ২০৫ টকাকৈ দিয়া হৈছে৷ যি ত্ৰিপুৰাত হৰতাল সংস্কৃতিয়ে বছৰ বছৰ ধৰি পিছ পেলাই ৰাখিছিল, আজি তাত ব্যৱসায়ৰ সহজ পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰি থকা হৈছে৷ য’ত কেতিয়াবা উদ্যোগত তলা লগোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছিল, তাত এতিয়া নতুন উদ্যোগ, নতুন বিনিয়োগ হৈছে৷  ত্ৰিপুৰাৰ বাণিজ্য আকাৰ বৃদ্ধি কৰা হৈছে, ৰাজ্যখনৰ পৰা হ’বলগীয়া ৰপ্তানি প্ৰায় ৫ গুণলৈকে বৃদ্ধি কৰা হৈছে৷

বন্ধুসকল,

ত্ৰিপুৰাৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে৷ বিগত ৬ বছৰত ত্ৰিপুৰাই কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ধনৰ পৰিমাণ বৃদ্ধি পাইছে৷ ২০০৯ৰ পৰা ২০১৪ চনৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ পৰা ত্ৰিপুৰাই কেন্দ্ৰীয় বিকাশ প্ৰকল্পৰ বাবে ৩,৫০০ কোটি টকা সাহায্য লাভ কৰিছি—ল৷ পয়ত্ৰিশ শ কোটি টকা৷ ইয়াৰ বিপৰীতে ২০১৪ৰ পৰা ২০১৯ চনৰ সময়ছোৱাত আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত ১২,০০০ কোটিতকৈ অধিক টকা সাহায্য লাভ কৰিছে৷ বৰ্তমান ত্ৰিপুৰা সেইবোৰ ৰাজ্যৰ বাবে এক উদাহৰণ হৈ পৰিছে, য’ত ডাবল ইঞ্জিনৰ চৰকাৰ নাই৷ ত্ৰিপুৰাত এটা সময়ত শক্তি ঘাটি আছিল, সেইখন ৰাজ্যত এতিয়া শক্তি ৰাহি হৈছে৷ ২০১৭ চনৰ পূৰ্বে ত্ৰিপুৰাৰ কেৱল ১৯ হাজাৰ গ্ৰামীণ পৰিয়ালত নলসংযোগী পানী লাভ কৰিছিল৷ এতিয়া দিল্লী আৰু ত্ৰিপুৰাৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ বাবে প্ৰায় ২লাখ পৰিয়ালত নলসংযোগী পানী লাভ কৰিবলৈ সক্ষম হৈছে৷

২০১৭ চনৰ পূৰ্বে ত্ৰিপুৰাৰ ৫.৮০লাখ পৰিয়ালত গেছ সংযোগ আছিল৷ ৬লাখতকৈ কম৷ আজি ৰাজ্যখনৰ ৮.৫০লাখ পৰিয়ালত গেছ সংযোগ আছে৷ ডাবল ইঞ্জিন চৰকাৰ গঠনৰ পূৰ্বে ত্ৰিপুৰাত কেৱল ৫০শতাংশ গাঁও মুকলিত মলত্যাগ মুক্ত আছিল৷ বৰ্তমান ত্ৰিপুৰাৰ প্ৰায় প্ৰতিখন গাঁও মুকলিত মলত্যাগমুক্ত হৈছে৷ সৌভাগ্য যোজনাৰ অধীনত ত্ৰিপুৰাত ১০০শতাংশ বিদ্যুতীকৰণ কৰা হৈছে, উজ্জ্বালা যোজনাৰ অধীনত আঢ়ৈ লাখতকৈ অধিক লোকে বিনামূলীয়া গেছ সংযোগ দিয়াৰ লগতে ৫০হাজাৰতকৈ অধিক গৰ্ভৱতী মহিলাক মাতৃবন্দনা যোজনাৰ সুবিধা প্ৰদানেই হওক বা দিল্লী আৰু ত্ৰিপুৰাৰ ডাবল ইঞ্জিন চৰকাৰৰ এই কামে ত্ৰিপুৰাৰ মাতৃ-ভগ্নীসকলৰ সবলীকৰণ কৰাত সহায় হৈছে৷ ত্ৰিপুৰাত পিএম কিষাণ সন্মান নিধি আৰু আয়ুষ্মান ভাৰত যোজনাৰো লাভ কৃষক তথা দুখীয়া পৰিয়ালসমূহে লাভ কৰিছে৷ তদুপৰি, দেশবাসীয়ে এইটোও দেখিবলৈ পাইছে যে য’ত ডাবল ইঞ্জিনৰ চৰকাৰ নাই, আপোনালোকৰ সমীপৰে ৰাজ্যসমূহে দুখীয়া, কৃষক আৰ কন্যাসকলক সবল কৰা এই যোজনা ৰূপায়ণ কৰা নাই বা বহু লেহেমীয়া গতিৰে চলাই আছে৷

বন্ধুসকল,

ডাবল ইঞ্জিনৰ চৰকাৰৰ আটাইতকৈ বেছি প্ৰভাৱ দুখীয়া লোকসকলক পকী ঘৰ প্ৰদান কৰা গতিত পৰিলক্ষিত হৈছে৷ আজি যিসময়ত ত্ৰিপুৰা চৰকাৰে চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰিছে, সেই সময়তে ৰাজ্যখনৰ ৪০হাজাৰ পৰিয়ালে তেওঁলোকৰ নতুন ঘৰ লাভ কৰিছে৷ যিসকল দুখীয়া পৰিয়ালৰ আজি নিজৰ ঘৰৰ সপোন পুৰণ হৈছে, তেওঁলোকে ভালদৰে গম পাইছে এটা ভোটৰ শক্তি কিমান৷ আপোনালোকৰ এটা ভোটে নিজৰ সপোন পুৰণ কৰাৰ সামৰ্থ্য কিদৰে দেখুৱায়৷ আজি যেতিয়া আপোনালোকে ঘৰ লাভ কৰিছে, তেতিয়া সেই অনুভৱ নিশ্চয় হৈছে৷ মোৰ কামনা এই যে নতুন ঘৰে আপোনালোকৰ সপোনবোৰৰ লগতে আপোনালোকৰ সন্তানৰ আশা-আকাংক্ষাক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হ’ব৷

ভাই-ভনীসকল,

এয়া ডাবল ইঞ্জিন চৰকাৰৰে শক্তি যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, সেয়া গ্ৰামীণেই হওক বা নগৰেই হওক, এই ক্ষেত্ৰত ত্ৰিপুৰাত ক্ষিপ্ৰতাৰে কাম হৈছে৷ ত্ৰিপুৰাৰ সৰু-বৰ চহৰসমূহত দুখীয়াৰ বাবে ৮০ হাজাৰতকৈ অধিক পকী গৃহই স্বীকৃতি লাভ কৰিছে৷ ত্ৰিপুৰা দেশৰ সেই ৬খন ৰাজ্যৰ অন্যতম, য’ত প্ৰযুক্তিৰে নিৰ্মাণ হোৱা আধুনিক ঘৰৰ নিৰ্মাণ হৈছে৷

ভাই-ভনীসকল,

মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে ত্ৰিপুৰাত হীৰাৰ দৰে বিকাশ হওক, এনে ডাবল ইঞ্জিন লগাম৷ এতিয়া মই ভিডিঅ’ত দেখিলো, সুন্দৰভাৱে কৈছিলোষ হীৰা মানে হৈছে ঘাইপথ, জলপথ, ৰে’লপথ আৰু বিমানপথ৷ ত্ৰিপুৰাৰ আন্তঃগাঁথনিমূলক যোগাযোগ ব্যৱস্থা বিগত ৩ বছৰত ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে৷ বিমানবন্দৰৰ কামেই হওক বা, সমুদ্ৰ পথেৰে ইণ্টাৰনেট সংযোগ কৰাই হওক বা, ৰে’ল যোগাযোগেই হওক এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম চলিছে৷ আজিও ৩হাজাৰ কোটিতকৈ অধিক টকাৰ যিসমূহ প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন হৈছে, সেইবোৰ আমাৰ সেই হীৰা মডেলৰ এক অংশ৷

বন্ধুসকল,

আজি গাঁৱৰ বাবে পথ, ঘাইপথ বহলীকৰণ, দলং, পাৰ্কিং, ৰপ্তানিৰ বাবে আন্তঃগাঁথনি, স্মাৰ্ট চিটীৰ সৈতে জড়িত আন্তঃগাঁথনি ইত্যাদিবোৰ ত্ৰিপুৰাই উপহাৰ হিচাপে লাভ কৰিছে৷ আজি যোগাযোগ ব্যৱস্থাত যিবোৰ সুবিধা ত্ৰিপুৰাত বিকশিত কৰা হৈঠে, সেইবোৰে দূৰ-দুৰণিৰ গাঁৱৰ লোকসকলৰ জীৱন সহজ কৰাৰ লগতে জনসাধাৰণৰ আয় বৃদ্ধিতো সহায় কৰিছে৷ এই যোগাযোগ ব্যৱস্থাই বাংলাদেশৰ সৈতে আমাৰ মৈত্ৰী, আমাৰ ব্যৱসায়ো শক্তিশালী কৰাত সহায় কৰিছে৷

বন্ধুসকল,

এই সমগ্ৰ অঞ্চল, পূব, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ মাজত এক প্ৰকাৰৰ বাণিজ্য কৰিড’ৰ হিচাপে বিকাশ সাধন কৰা হৈছে৷ মোৰ বাংলাদেশ ভ্ৰমণৰ সমত মই আৰু প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা জীয়ে একেলগে ত্ৰিপুৰা বাংলাদেশক পোনপটীয়াকৈ সংযোগ কৰিবলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰিছিলো আৰু আজি সেই দলং উদ্বোধন কৰা হৈছে৷ বৰ্তমান ভাৰত আৰু বাংলাদেশৰ মৈত্ৰী আৰু যোগাযোগ ব্যৱস্থা কিমান শক্তিশালী হৈছে, সেই সন্দৰ্ভত আমি বাংলাদেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা জীৰ ভাষণ শুনিলো৷ সৱৰুম আৰু ৰামগড়ৰ মাজত নিৰ্মিত সেতুৰ জৰিয়তে আমাৰ মৈত্ৰী শক্তিশালী হোৱাৰ লগতে ভাৰত-বাংলাদেশৰ সমৃদ্ধিৰো যোগসুত্ৰ স্থাপন হৈছে৷ বিগত কেইটামান বছৰত ভাৰত-বাংলাদেশৰ মাজত পথ, ৰে’ল, জলপথৰ সংযোগৰ বাবে যি বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, এই সেতুৱে তাক আৰু অধিক শক্তিশালী কৰিছে৷ ইয়াৰ দ্বাৰা ত্ৰিপুৰাৰ লগতে দক্ষিণ অসম, মিজোৰাম, মনিপুৰৰ সৈতে বাংলাদেশ আৰু দক্ষিণ পূব এচিয়াৰ অন্যান্য দেশসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী হ’ব৷

ভাৰততে নহয়, বাংলাদেশতো এই সেতুৰ জৰিয়তে যোগাযোগ ব্যৱস্থা উন্নত হ’ব আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধ পাব৷ এই সেতু নিৰ্মাণৰ ফলত ভাৰত-বাংলাদেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ লগতে পৰ্যটন আৰু বাণিজ্যৰ বাবে, বন্দৰভিত্তিক উন্নয়নৰ দিশত নতুন সুযোগ সৃষ্টি হ’ব৷ সৱৰুম আৰু ইয়াৰ সমীপৱৰ্তী ক্ষেত্ৰ বন্দৰৰ সৈতে জড়িত যোগাযোগৰ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বৃহৎ কেন্দ্ৰত হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷

বন্ধুসকল,

মৈত্ৰী সেতুৰ উপৰি আন সুবিধা যেতিয়া গঢ় লৈ উঠিব, তেতিয়া উত্তৰ-পূবৰ বাবে যিকোনো ধৰণৰ যোগানৰ বাবে আমি কেৱল পথৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া নহয়৷ এতিয়া সমুদ্ৰ পথ, নদী পথ বাংলাদেশৰ বাবে বন্ধ হ’লেও প্ৰভাৱিত নহয়৷ দক্ষিণ ত্ৰিপুৰাৰ এই মহত্বৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সৱৰুমত সংহত তালাচী চকীৰ নিৰ্মাণো আজিৰ পৰা আৰম কৰা হৈছে৷ এই আইচিপিয়ে এক পূৰ্ণাংগ ল’জিষ্টিক হাবৰ দৰে কাম কৰিব৷ ইয়াত পাৰ্কিং, গুদামঘৰ, কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা থাকিব৷

বন্ধুসকল,

ফেনি দলং মুকলি কৰাৰ ফলত আগৰতলা, আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ বন্দৰৰ পৰা ভাৰতৰ আটাইতকৈ সমীপৰ চহৰত পৰিণত হ’ব৷ এনএইচ-৮ আৰু এনএইচ-২০৮ৰ বহলীকৰণৰ সৈতে জড়িত যিসমূহ প্ৰকল্প আজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে উত্তৰ-পূবৰ বন্দৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব৷ ইয়াৰ জৰিয়তে আগৰতলা, সমগ্ৰ উত্তৰ-পূব ল’জিষ্টিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হ’ব৷ এই পথেৰে পৰিবহণৰ ব্যয় যথেষ্ট কম হ’ব আৰু সমগ্ৰ উত্তৰ-পূবে সহজতে সামগ্ৰী লাভ কৰিব৷ ত্ৰিপুৰাৰ কৃষকসকলে তেওঁলোকৰ ফল-মূল, গাখীৰ, মচলা আৰু আনৰ সামগ্ৰীৰ বাবে দেশ-বিদেশ নতুন বজাৰ লাভ কৰিব৷ ইয়াত পূ্ৰ্বতে যিসমূহ উদ্যোগ স্থাপন হৈছিল সেইবোৰৰো লাভ হ’ব আৰু নতুন উদ্যোগতো জোৰ দিয়া হ’ব৷ ইয়াত প্ৰস্তুত কৰিবলগীয়া ঔদ্যোগিক সামগ্ৰী, বিদেশৰ বজাৰতো যথেষ্ট প্ৰতিযোগিতামূলক হ’ব৷ বিগত বছৰসমূহত ইয়াৰ বাঁহজাতীয় সামগ্ৰী, ধূপকাঠি উদ্যোগ, আনাৰসৰ সৈতে জড়িত ব্যৱসায়ত যি প্ৰোৎসাহন দিয়া হৈছে, সেইবোৰত এই সুবিধাবোৰে শক্তি প্ৰদান কৰিব৷

ভাই-ভনীসকল,

আগৰতলাৰ দৰে চহৰত আত্মনিৰ্ভৰ ভাৰতৰ নতুন কেন্দ্ৰ স্থাপনৰ সামৰ্থ্য আছে৷ বৰ্তমান আগৰতলাক উন্নত চহৰ হিচাপে গঢ় দিয়াৰ বাবে বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাটো এই প্ৰচেষ্টাৰে অংশ৷ নতুনকৈ নিৰ্মাণ কৰা সংহত কমাণ্ড চেণ্টাৰে চহৰৰ ব্যৱস্থাৱলীৰৰ এটা স্থানৰ পৰা স্মাৰ্ট প্ৰযুক্তিৰ জৰিয়কে পৰিচালনা কৰাত সহায় কৰিব৷ যানজঁটৰ সৈতে জড়িত সমস্যাৱলীৰ পৰা আদি কৰি অপৰাধ নিয়ন্ত্ৰণ কৰালৈকে এনে বিভিন্ন প্ৰকাৰৰ উপযোগিতাৰ বাবে প্ৰযুক্তিগত সহায় লাভ কৰিব৷ সেইদৰে বহুমহলীয়া পাৰ্কিং, বাণিজ্যিক পৰিসৰ আৰু বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণৰ জৰিয়তে আগৰতলাত সহজ জীৱন-যাপন আৰু সহজ ব্যৱসায়ৰ পৰিৱেশৰ যথেষ্ট সংস্কাৰ সাধন হ’ব৷

ভাই-ভনীসকল,

যেতিয়া এনেকুৱা কাম হয়, তেতিয়া ইয়াৰ পৰা আটাইতকৈ বেছি লাভ আমাৰ জনজাতীয় এলেকাত বসবাস কৰা লোকসকলৰ৷ আমাৰ সকলো বন্ধু তথা ব্ৰু শৰনাৰ্থীয়ে চৰকাৰৰ এনে প্ৰচেষ্টাৰ লাভালাভ পাবলৈ সক্ষম হৈছে৷ ত্ৰিপুৰাৰ ব্ৰু শৰনাৰ্থীসকলৰ সমস্যাৱলীৰ সমাধান কেইবা দশকৰ পাছত চৰকাৰৰ প্ৰচেষ্টাত হৈছে৷ হাজাৰ হাজাৰ ব্ৰু শৰনাৰ্থী বন্ধুৰ বিকাশৰ বাবে প্ৰদান কৰা ৬০০ কোটি টকাৰ বিশেষ পেকেজে তেওঁলোকৰ জীৱনত যথেষ্ট পৰিমাণ ইতিবাচক পৰিৱৰ্তন আনিব৷

বন্ধুসকল,

যেতিয়া ঘৰে ঘৰে পানী পাব, বিদ্যুৎ পাব, স্বাস্থ্যৰ সুবিধা পাব, তেতিয়া জনজাতীয় এলেকাত ইয়াৰ বিশেষ লাভ হয়৷ এই কাম কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ চৰকাৰে মিলি আজি কৰি আছে৷ আগিনী হাফাং, ত্ৰিপুৰা হাস্তেনী, হুকুম নী ছিমি য়া, কুৰুং বোৰোক বো, ছুকুলুগই তেনিখা৷ ত্ৰিপুৰানী গুনাং তেই নাইথোক, হুকুম নো, চুং বোৰোম যাফৰনানী চেংখা, তেই কুৰুং বোৰোক-ৰোকনৌ বোস, চৌই বোৰোম যাফাৰখা৷ আগৰতলা বিমানবন্দৰক মহাৰজা বীৰ বিক্ৰম কিশোৰ মানিক্য জীৰ নামত নামকৰণ কৰাটো ত্ৰিপুৰাৰ বিকাশৰ বাবে তেওঁ কৰা কামৰ সন্মানস্বৰূপ৷ ত্ৰিপুৰাৰ সমৃদ্ধিশালী সংস্কৃতি আৰু সাহিত্যৰ সেৱা কৰা সুপুত্ৰ শ্ৰী থংগা ডাৰলাংগ জী, শ্ৰী সত্যৰাম ৰিয়াং জী আৰু বেনীচন্দ্ৰ জামাতীয়া জীক পদ্মশ্ৰীৰে সন্মানীত কৰাৰ সৌভাগ্য আমাৰ হৈছে৷ সংস্কৃতিৰ আৰু সাহিত্যৰ এই সাধকসকলকৰ অৱদানৰ বাবে আমি ঋণী হৈ থাকিম৷ বেনীচন্দ্ৰ জামাতীয়া জী এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁৰ কামে আমাৰ সকলোকে প্ৰেৰণা যোগাই থাকিব৷

বন্ধুসকল,

জনজাতীয় হস্তকলাক, বাঁহজাতীয় শিল্পক, প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত প্ৰোৎসাহিত কৰাৰ ফলত জনজাতীয় ভাই-ভনীসকলে উপাৰ্জনৰ নতুন পথ পাইছে৷ মোক জনোৱা মতে ‘মুলী বেম্বো কুকিছ’ক প্ৰথমবাৰলৈ পেকেজ সামগ্ৰী হিচাপে মুকলি কৰা হৈছে৷ এয়া প্ৰশংসনীয় কাম৷  এই কামৰ জৰিয়তে বহুসংখ্যক লোকে সহায় পাব৷ এই বছৰ কেন্দ্ৰীয় বাজেটত জনজাতীয় এলেকাত একলব্য মডেল স্কুল আৰু অন্যান্য আধুনিক সুবিধাৰ বাবে ব্যাপক ব্যৱস্থা কৰা হৈছে৷ মোৰ বিশ্বাস এই যে অনাগত দিনত ত্ৰিপুৰা চৰকাৰে এইদৰেই ত্ৰিপুৰাবাসীৰ সেৱা কৰি থাকিব৷ মই পুনৰবাৰ বিল্পৱ জী আৰু তেওঁৰ সমগ্ৰ টীম, প্ৰশাসনৰ সকলো বিষয়াক জনতাৰ সেৱা কৰাৰ বাবে তিনি বছৰত তেওঁলোকে যি পৰিশ্ৰম কৰিলে,অনাগত দিনত তাতকৈ অধিক পৰিশ্ৰম কৰা, সেৱা কৰিব ত্ৰিপুৰাৰ ভাগ্য সলনি কৰিব বুলি আশা কৰিলো৷ এই বিশ্বাসেৰে মই পুনৰবাৰ সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors

Media Coverage

PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Pays Tribute to the Martyrs of the 2001 Parliament Attack
December 13, 2025

Prime Minister Shri Narendra Modi today paid solemn tribute to the brave security personnel who sacrificed their lives while defending the Parliament of India during the heinous terrorist attack on 13 December 2001.

The Prime Minister stated that the nation remembers with deep respect those who laid down their lives in the line of duty. He noted that their courage, alertness, and unwavering sense of responsibility in the face of grave danger remain an enduring inspiration for every citizen.

In a post on X, Shri Modi wrote:

“On this day, our nation remembers those who laid down their lives during the heinous attack on our Parliament in 2001. In the face of grave danger, their courage, alertness and unwavering sense of duty were remarkable. India will forever remain grateful for their supreme sacrifice.”