‘ৱাহে গুৰুজী কা খালসা

ৱাহে গুৰুজী কা ফটেহ’।

বন্ধুসকল, আজি এই পবিত্ৰ ধৰালৈ আহি মই সঁচাকৈয়ে ধন্য মানিছো। মোৰ পৰম সৌভাগ্য যে মই আজি দেশবাসীক কাৰ্তাৰপুৰ কৰিড’ৰ অৰ্পণ কৰাৰ সুযোগ লাভ কৰিলো। কৰসেৱাৰ সময়ত আপোনালোকে অনুভৱ কৰা অনুভূতিয়েই এই মুহূৰ্তত মোৰো হৈছে। মই আপোনালোকক, সম্পূৰ্ণ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা শিখ ভাই-ভনীসকলক বহুত বহুত অভিনন্দন জ্ঞপন কৰিছো।

আজি ‘শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক সমিতি’য়ে মোক ‘কৌমী সেৱা পুৰস্কাৰো’ প্ৰদান কৰিছে। এই পুৰস্কাৰ, এই সন্মান, এই গৌৰৱআমাৰ মহান সন্ত পৰম্পৰাৰ আদৰ্শ, ত্যাগ আৰু তপস্যাৰ প্ৰসাদ স্বৰূপ। গুৰু নানকদেৱজীৰ ৫৫০সংখ্যক জয়ন্তীৰ প্ৰাক মুহূৰ্তত কৰ্তাৰপুৰ কৰিড’ৰৰ লগতে এই সংহত পৰীক্ষণ চকীটোৰ কাম-কাজ আৰম্ভ হোৱা কথাই আমাৰ সকলোৰে বাবে আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। কাতি মাহৰ পূৰ্ণিমাৰ নিশা এইবাৰ দেৱ-দীপাৱলীয়ে অধিক জকমকাই উঠি আমাৰ সকলোকে আশিস দান কৰিব।

প্ৰিয় ভাই-ভনীসকল, এই কৰিড’ৰৰ নিৰ্মাণৰ পিচত এতিয়া ‘গুৰুদ্বাৰা দৰবাৰ চাহিব’ দৰ্শন কৰাতো তেনেই সহজ হৈ পৰিব। মই পঞ্জাৱ চৰকাৰ, ‘শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতি’ৰ লগতে এই প্ৰকল্পটো নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত হাতে-কামে সহযোগিতা আগবঢ়োৱা সকলো শ্ৰমিক-কৰ্মচাৰীবন্ধুসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

মই কাৰ্তাৰপুৰ কৰিড’ৰৰ প্ৰসংগত ভাৰতৰ আবেগ হৃদয়ংগম কৰি, সেই আবেগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সেই মতে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান ইমৰাণ খান নিয়াজীকো ধন্যবাদ জ্ঞাপন কৰিছো। মই পাকিস্তানৰ ফালৰ পথচোৱা নিৰ্মাণৰে জড়িত শ্ৰমিকবন্ধুসকলৰ প্ৰতিওকৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল, গুৰু নানকদেৱজী কেৱল শিখ পন্থৰে নহয়, কেৱল ভাৰতৰে নহয়, বৰং সমগ্ৰ মানৱতাৰ বাবেই প্ৰেৰণা-পুঞ্জ স্বৰূপ। গুৰু নানকদেৱজী এগৰাকী গুৰু হোৱাৰ লগতে এক বিচাৰধাৰা, জীৱনৰ আধাৰস্বৰূপো। আমাৰ সংস্কাৰ, আমাৰ সংস্কৃতি আমাৰ প্ৰমূল্য, আমাৰ লালন-পালন, আমাৰ ভাৱনা, আমাৰ চিন্তা-চৰ্চা, আমাৰ মাত-বোল, আমাৰ কথা-বতৰা, এইসকলোবোৰ গুৰু নানকদেৱজীৰ দৰে পূণাত্মাৰ দ্বাৰাইহে গঢ়ি উঠিছিল। যেতিয়া গুৰু দেৱ সুলতানপুৰলোধীৰ পৰা পৰিক্ৰমাৰ বাবে ওলাই গৈছিল তেতিয়া তেওঁ সমগ্ৰ যুগটোকে সলাই পেলাব বুলি কোনেনো ভাবিছিল বাৰু! তেওঁৰ উদাসীনতা, সেই যাত্ৰা, সম্পৰ্ক-সংবাদ, আৰু সমন্বয় সামাজিক পৰিৱৰ্তনৰ উত্কৃষ্ট উদাহৰণ বুলি ক’ব পাৰি। নিজৰ যাত্ৰাৰ উদ্দেশ্য গুৰু নানক দেৱজীয়ে নিজেই উল্লেখ কৰি গৈছে–

‘বাবে আখিয়া, নাথ জী, সচু চন্দ্ৰমা কূডু অন্ধৰা

কূডু অমাৱসি বৰতিআ, হণ্ড ভালণ চঢ়িয়া সংসাৰা’!!

বন্ধুসকল, আমাৰ দেশৰ ওপৰত, আমাৰ সমাজৰ ওপৰত অন্যায়, অধৰ্ম আৰু অত্যাচাৰৰ যি অমাৱস্যাই যেনেদৰে আৱৰি আছিল, তাৰ পৰা সকলোকে উলিয়াই আনিবৰ বাবেহে তেওঁ ওলাই আহিছিল। পৰাধীনতাৰ সেইচোৱা সময়ত ভাৰতৰ চেতনাক জাগ্ৰত কৰাৰ কাৰণে, সচেতন কৰাৰ বাবে তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিছিল।

বন্ধুসকল, এফালে গুৰু নানকদেৱজীয়ে দৰ্শনৰ জৰিয়তে সমাজৰ একতা, ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যৰ এক পথ দেখুৱাইছিল, আনহাতে, তেওঁ সমাজখনক এনে এক আৰ্থিক অৱস্থা উপহাৰ হিচাপে আগবঢ়াই দি গ’ল যে, যি সত্য, সততা আৰু আত্মসন্মানৰ ওপৰত বৰ্তী থাকিল। সত্য আৰু সততাৰে সম্পন্ন হোৱা বিকাশৰে সদায় উন্নতি আৰু সমৃদ্ধিৰ পথ মুকলি হয় বুলি তেওঁ শিকনি দি গৈছিল। তেওঁ কৈছিল, ধন আহিবও, যাবও কিন্তু সঁচা মূল্যৰ আদৰ সদায়ে থাকি যাব। তেওঁ শিকনি দিছিল যে যদি আমি প্ৰমূল্যবোধত অটল থাকি কাম কৰি যাও, তেন্তে তাৰ দ্বাৰা আহৰণ কৰা সমৃদ্ধি স্থায়ী হ’ব।
বন্ধুসকল, কাৰ্তাৰপুৰ গুৰু নানকদেৱজীৰ কেৱল কৰ্মভূমিয়েই নাছিল। কাৰ্তাপুৰৰ প্ৰতিটো ধূলিকণাত গুৰু নানকদেৱজীৰ ঘাম মিহলি হৈ আছে। এইডোখৰ ঠাইৰ বায়ুত তেওঁৰ বাণী সংমিশ্ৰিত হৈ আছে। কাৰ্তাৰপুৰৰ মাটিত হাল বায়েই তেওঁ নিজৰ প্ৰথম নিয়ম—‘কিৰত কৰো’-ৰ উদাহৰণ প্ৰস্তুত কৰিছিল, এইডোখৰ ঠাইতে তেওঁ ‘নাম জপো’-ৰ বিধি-নিয়ম যুগুতাই উলিয়াইছিল। ইয়াতে পৰিশ্ৰম কৰি উত্পাদন কৰা ফচল সকলোৰে মাজত ভাগ-বাটোৱাৰা কৰি খোৱাৰ ‘ৰীত’-ও আৰম্ভ কৰিছিল, ‘বণ্ড ছকো’-ৰ মন্ত্ৰও যুগুতাই উলিয়াইছিল।

বন্ধুসকল, এইডোখৰ পবিত্ৰ স্থানৰ বাবে আমি যিমানেই নকৰো কিয় সেয়া তেনেই সামান্য বুলিয়েই মানি ল’ব লাগিব। এইটো কৰিড’ৰ, এইটো সংহত পৰীক্ষণ চকীয়ে প্ৰতিদিনে সহস্ৰ শ্ৰদ্ধালুক সেৱা আগবঢ়াব, তেওঁলোকক ‘গুৰদ্বাৰা দৰৱাৰ চাহিব’ৰ কাষলৈ লৈ যাব। কোৱা কথা সদায় শক্তিৰ ৰূপত বায়ুমণ্ডলত ওপঙি থাকে। কাৰ্তাৰপুৰৰ পৰা লাভ কৰা গুৰুবাণীয়ে প্ৰদানকৰা শক্তি কেৱল আমাৰ শিখ ভাই-ভনীসকলকে নহয়, বৰং প্ৰতিগৰাকী ভাৰতবাসীৰ বাবেই আশীৰ্বাদ হৈ বৰষি থাকিব।

বন্ধুসকল, আপোনালোক সকলোৱে নিশ্চয় ভালকৈ জানে যে গুৰু নানকদেৱজীৰ দুগৰাকী অতিকে ঘনিষ্ঠ অনুগামী আছিল—ভাই লালো আৰু ভাই মৰ্দানা। এই দুগৰাকী জ্ঞানবানক নিৰ্বাচিত কৰি নানকদেৱজীয়ে আমালৈ বাৰ্তা দি গৈছে যে তেওঁৰ দৰবাৰত কোনো সৰু-বৰ নাই, কোনো উচ্চ-নীচ নাই; তেওঁৰ দৰবাৰত সকলো সমান। মনত ভেদা-ভেদ নৰখাকৈ সকলোৱে মিলি কাম কৰি গ’লে যে বিকাশ কিম্বা সমৃদ্ধি লাভ কৰাতো নিশ্চিত হৈ উঠে তেওঁ সেই শিকনিকে দি থৈ গৈছে।
ভাই-ভনীসকল, গুৰু নানকদেৱজীৰ দৰ্শন কেৱল মানৱ জাতিৰ ক্ষেত্ৰতে সীমিত নাছিল। কাৰ্তাৰপুৰতে তেওঁ প্ৰকৃতিৰো গুণানুকীৰ্তন কৰিছিল। তেওঁ কৈছিল—

‘পৱণু গুৰু, পানী পিতা, মাতা ধৰতি মহতু’।

অৰ্থাত বতাহক গুৰু জ্ঞান কৰা, পানীক পিতা আৰু ধৰিত্ৰীক আইৰ সমান জ্ঞান কৰা উচিত। আজি-কালি যেতিয়া প্ৰকৃতি ধ্বংসৰ কথা চৰ্চা কৰা হয়, পৰ্যাৱৰণৰ কথা পতা হয় অথৱা প্ৰদূষণৰ কথা কোৱা যায়, তেতিয়া গুৰুৰ এইসমূহ বাণীয়ে আমাক মাৰ্গ-দৰ্শন দিয়ে।

বন্ধুসকল, আমাৰ গুৰু কিমান দূৰদৃষ্টি সম্পন্ন আছিল ভাৱকচোন, যিখন পঞ্জাৱত পঞ্চ-আব, পাঁচখন নদী প্ৰবাহিত হৈছিল, সেয়াতো পানীৰে ভৰপূৰ আছিল, তেতিয়াতো পানীৰে উপচি আছিল, কিন্তু তেতিয়াই গুৰুদেৱে পানীক লৈ উদ্বিগ্নতা প্ৰকট কৰিছিল। তেওঁ কৈছিল—

‘পহলা পানী জিও হে, জিত হৰিয়া সভ কোয়’।

অৰ্থাত পানীক সদায় সকলোৰে আগত প্ৰথমিকতা দিয়া উচিত, কিয়নো পানীৰ পৰাই সকলো সৃষ্টিৰ জীৱন সম্ভৱ হয়। এবাৰ ভাৱকচোন, কিমান শতাব্দীৰ আগতেই এনে দৃষ্টি-ভংগী আছিল, ভৱিষ্যতৰ প্ৰতি ইমান গভীৰ চিন্তন আছিল। আজি-কালি আমি পানীৰ গুৰুত্ব পাহৰিবলৈও ল’লেও, প্ৰকৃতি-পৰ্যাবৰণৰ প্ৰতি উদসীনতা প্ৰদৰ্শন কৰিলেও কিন্তু গুৰু বাণীয়ে বাৰে বাৰে সোঁৱৰাই দিয়ে যে উভতি যোৱা, সেই সংস্কাৰক সদায় মনত ৰাখা, যি সংস্কাৰ আমাক এই ধৰিত্ৰীয়ে প্ৰদান কৰিছিল, যি সংস্কাৰ আমাক আমাৰ গুৰুৱে দি থৈ গৈছিল।

বন্ধুসকল, আমাৰ সমৃদ্ধ অতীতে এইখন ভাৰতক যিবোৰ আপুৰুগীয়া দানৰে মহীয়ান কৰিছিল, সেইবোৰ দান সংৰক্ষিত কৰাৰলগতে সমগ্ৰ বিশ্বব্যাপী ইয়াৰ বিস্তাৰ কৰাৰ বাবে আমি বিগত পাঁচোটা বছৰত এক প্ৰয়াস অব্যাহত ৰাখিছিলো। যোৱা এটা বছৰ ধৰি গুৰু নানকদেৱজীৰ ৫৫০সংখ্যক আবিৰ্ভাৱ সমাৰোহ চলি আছে, সেয়াও এই প্ৰয়াসৰে অংশ আছিল। এই কাৰ্যক্ৰমৰ আংশ হিচাপেই পৃথিৱী জুৰি থকা ভাৰতৰ উচ্চায়ুক্ত আৰু দূতাবাসসমূহে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, বিভিন্ন আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰি আহিছে। গুৰু নানকজী আৰু তেওঁৰ স্মৃতি বিজড়িত বিভিন্ন তথ্য সম্বলিত ডাক টিকট আদিও প্ৰকাশ কৰা হৈছে।

বন্ধুসকল, বিগত এটা বছৰ ধৰি দেশে-বিদেশে কীৰ্তন, প্ৰবচন, প্ৰভাতফেৰী, লংগৰৰ দৰে কাৰ্যক্ৰমৰ জৰিয়তে গুৰু নানকদেৱজীৰ শিকনিসমূহৰ ব্যাপক প্ৰচাৰত মনোনিৱেশ কৰা হৈছিল। ইয়াৰ আগতেও গুৰু গোবিন্দসিংজীৰ ৩৫০সংখ্যক আবিৰ্ভাৱ উত্সৱো এইদৰেই বিস্তৃত কাৰ্যসূচীৰে সমগ্ৰ পৃথিৱীতে উদযাপনৰ ব্যৱস্থা কৰা হৈছিল। গুৰু গোবিন্দ সিংজীৰ স্মৃতি আৰু তেওঁ প্ৰদান কৰা উপদেশসমূহ অমৰ কৰি ৰখাৰ বাবে গুজৰাটৰ জামনগৰত ৭৫০খন বিচনাযুক্ত এখন আধুনিক সা-সুবিধা সম্বলিত হাস্পটালো তেওঁৰ নামত স্থাপন কৰা হৈছে।

ভাই-ভনীসকল, গুৰু নানকদেৱজীৰ আদৰ্শ সমগ্ৰ পৃথিৱীৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব পৰাকৈ গুৰুবাণীৰ অনুবাদ বিশ্বৰ বিভিন্ন ভাষাত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইখিনিতে মই ইউনেস্কোৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছো। বিশ্ব-সংস্থাটোৱে ভাৰত চৰকাৰৰ আহ্বান স্বীকাৰ কৰি গুৰু নানকজীৰ ৰচনাৱলীৰ আনুবাদ কৰাত বিশেষ সহযোগিতা আগবঢ়াই আহিছে।

বন্ধুসকল, গুৰু নানকদেৱজী আৰু খাল্সা পন্থ সন্দৰ্ভত বিস্তৃত গৱেষণাৰ পথ প্ৰশস্থ কৰাৰ লক্ষ্যৰে ব্ৰিটেইনৰ এখন বিশ্ববিদ্যালয়ত গুৰু নানকদেৱজী আসন স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ঠিক এনে এক প্ৰয়াস কানাডাতো অব্যাহত ৰখা হৈছে। সেইদৰে অমৃতসৰত এখন আন্তঃ পন্থ বিশ্ববিদ্যালয় স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাই-ভনীসকল, আমাৰ গুৰুৰ স্মৃতি বিজড়িত স্থানসমূহত ভৰি থোৱাৰ লগে লগেই যাতে তেওঁৰ আৱদানসমূহৰ সাক্ষত দৰ্শন সম্ভৱ হ’ব পাৰে, নতুন প্ৰজন্মই যাতে তেওঁৰ সৈতে সহজতে একাত্ম হ’ব পাৰে, সেয়া সম্ভৱ কৰাৰ বাবেও প্ৰয়াস অব্যাহত ৰখা হৈছে। ইয়াৰ চুলততানপুৰ লোধীতো আপোনালোকে ইয়াৰ সাক্ষাত-দৰ্শন কৰিব পাৰিব। চুলতানপুৰ লোধীক এখন ‘ঐতিহ্য-চহৰ’ হিচাপে গঢ়ি তোলাৰ কাম অব্যাহত আছে। ‘ঐতিহ্য-চৌহদ’ নিৰ্মাণেই হওক কিম্বা প্ৰেক্ষাগৃহ নিৰ্মাণেই হওক, এনে বহু প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত অব্যাহত আছে। শ্ৰদ্ধালু তীৰ্থযাত্ৰীসকলক সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৰু নানকজীৰ স্মৃতি বিজড়িত বিভিন্ন স্থানসমূহক সংযোগ কৰি এখন ৰে’লগাড়ী সপ্তাহত দুবাৰকৈ চলোৱাৰো ব্যৱস্থা কৰা হৈছে। শ্ৰী আকাল তখ্ত, দমদমা চাহিব, কেশগড় চাহিব, পাটনা চাহিব আৰু হজুৰ চাহিবৰ মাজত ৰে’ল আৰু বিমান যোগাযোগ স্থাপনত গুৰুত্ব প্ৰদান কৰা হৈছে। ইতিমধ্যে অমৃতসৰ আৰু নইদাৰ মাজত বিশেষ বিমানৰ চলাচল আৰম্ভ কৰা হৈছে। সেইদৰে অমৃতসৰৰ পৰা লণ্ডনলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানসমূহত ‘ইক ওংকাৰ’ৰ চিহ্ন অংকনৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আৰু এটা অতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফলত পৃথিৱী জুৰি থকা শিখসকল বাৰুকৈয়ে উপকৃত হৈছে। দীৰ্ঘ দিন ধৰি বহুসংখ্যক ব্যক্তি ভাৰতলৈ আহিবলৈ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। পিছে এতিয়া সেইবোৰ অন্ত পেলোৱা হৈছে। এই পদক্ষেপৰ সুবাদত এতিয়া সেইসকল পৰিয়ালেও ভিছাৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকে এতিয়া সহজেই তেওঁলোকৰ আত্মীয়ৰে সন্মিলিত হ’ব পৰাৰ লগতে ইয়াৰ গুৰুৰ স্মৃতি বিজড়িত স্থানসমূহো দৰ্শন কৰিব পাৰিব।

ভাই-ভনীসকল, কেন্দ্ৰীয় চৰকাৰৰ আৰু দুটা সিদ্ধান্তৰ পৰাও শিখসকল বিশেষ ভাৱে উপকৃত হৈছে। সংবিধানৰ ৩৭০অনুচ্ছেদ বাতিল হোৱাৰ পিচত শিখ পৰিয়ালসমূহে জম্মু আৰু কাশ্মীৰতো দেশৰ অন্য প্ৰান্তত উপভোগ কৰি অহা অধিকাৰসমূহৰ সুযোগ পাব। ইমানদিনে বহু হাজাৰ পৰিয়াল এই অধিকাৰ উপভোগ কৰাৰ পৰা বঞ্চিত হৈ আহিছিল। সেইদৰে নাগৰিকত্ব সংধোন বিধেয়কত কৰা সংশোধনেও শিখ ভাই-ভনীসকলক লাভান্বিত কৰিব। সেইসকল লোকৰ বাবে ভাৰতৰ নাগৰিকত্ব লাভ কৰিবলৈ তেনেই সহজ হ’ব।

বন্ধুসকল, ভাৰতৰ একতা, ভাৰতৰ ৰক্ষা-সুৰক্ষাৰ বাবে গুৰু নানকৰ পৰা আদি কৰি গুৰু গোৱিন্দ সিংজী পৰ্যন্ত প্ৰত্যেকগৰাকী গুৰুৱে নিৰন্তৰ প্ৰয়াস কৰিছিল, অনেক বলিদানো দিছিল। এই পৰম্পৰাকে স্বাধীনতা সংগ্ৰাম আৰু স্বাধীন ভাৰতৰ সুৰক্ষাৰ প্ৰসংগত শিখ ভাইসকলে পূৰ্ণ শক্তিৰে অব্যাহত ৰাখিছিল। দেশৰ বাবে বলিদান দিয়া বন্ধুসকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবেও চৰকাৰে বহু সংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে। চলিত বৰ্ষতেজালিয়ানৱালা বাগ হত্যাকাণ্ডৰো ১০০বছৰ সম্পূৰ্ণ হ’ব। এই ঘটনাৰে জড়িত স্মাৰকসমূহকো আধুনিক কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে।

বন্ধুসকল, গুৰু নানকজীয়ে কৈছিল—

‘বিচ দুনিয়া সেবি কমাইয়ে, তদৰগিহ বেসন পাইয়ে’।

অৰ্থাত সংসাৰত সেৱাৰ পথ গ্ৰহণ কৰিলেহে মোক্ষ লাভ কৰিব পাৰি; জীৱন সফল হয়। আহক এই পবিত্ৰ মুহূৰ্তত আমি গুৰুজনাই দেখুৱাই যোৱা আদৰ্শক আমাৰ জীৱনৰ পাথেয় কৰি লওঁ। আমি সমাজত সদ্ভাৱ-সম্প্ৰীতি অব্যাহত ৰখাৰ বাবে সকলো প্ৰচেষ্টা হাতত লওঁ আহকচোন।

‘নানক নাম চঢ়দী কলা, তেৰে ভাণে সৰৱত দা ভলা’!!!

বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে, সমগ্ৰ দেশ, সমগ্ৰ পৃথিৱীতে থকা শিখকলক গুৰু নানকদেৱজীৰ ৫৫০সখ্যক আবিৰ্ভাৱ তিথি আৰু কাৰ্তাৰপুৰ চাহিব কৰিড’ৰৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। ‘গুৰু গ্ৰন্থ চাহিব’ৰ সন্মুখত থিয় হৈ এই পবিত্ৰ কাৰ্যৰ অংশ হোৱাৰ সুযোগ লাভ কৰি মই নিজকে ধন্য মানিছো। আপোনালোক সকলোলৈকে প্ৰণিপাত জনাই—

সতনাম শ্ৰী ৱাহেগুৰু!

সতনাম শ্ৰী ৱাহেগুৰু!

সতনাম শ্ৰী ৱাহেগুৰু!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025

Media Coverage

Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs CCS Meeting to review the situation and mitigating measures in the context of ongoing West Asia Conflict
March 22, 2026
Short, Medium and Long term measures to ensure continued availability of essential needs discussed in detail
Alternate sources of fertilizers for farmers were also discussed to ensure continued availability in the future
Several measures discussed to diversify sources of imports required by chemicals, pharmaceuticals, petrochemicals and other industrial sectors
New export destinations to promote Indian goods to be developed in near future
PM instructs that all arms of government should work together to ensure least inconvenience to citizens
PM directs that a group of Ministers and Secretaries be created to work dedicatedly in a whole of government approach
PM instructs for sectoral groups to work in consultation with all stakeholders
PM asks for proper coordination with state governments to ensure no black-marketing and hoarding of important commodities

Prime Minister Shri Narendra Modi chaired a meeting of the Cabinet Committee on Security to review the situation and ongoing and proposed mitigating measures in the context of ongoing West Asia Conflict.

The Cabinet Secretary gave a detailed presentation on the global situation and mitigating measures taken so far and being planned by all concerned Ministries/Departments of Government of India. The expected impact and measures taken to address it across sectors like agriculture, fertilisers, food security, petroleum, power, MSMEs, exporters, shipping, trade, finance, supply chains and all affected sectors were discussed. The overall macro-economic scenario in the country and further measures to be taken were also discussed.

The ongoing conflict in West Asia will have significant short, medium and long term impact on the global economy and its effect on India were assessed and counter-measures, both immediate and long-term, were discussed.

Detailed assessment of availability for critical needs of the common man, including food, energy and fuel security was made. Short term, Medium term and Long term measures to ensure continued availability of essential needs were discussed in detail.

The impact on farmers and their requirement for fertiliser for the Kharif season was assessed. The measures taken in the last few years to maintain adequate stocks of fertilizers will ensure timely availability and food security. Alternate sources of fertilizers were also discussed to ensure continued availability in the future.

It was also determined that adequate supply of coal stocks at all power plants will ensure no shortage of electricity in India.

Several measures were discussed to diversify sources of imports required by chemicals, pharmaceuticals, petrochemicals and other industrial sectors. Similarly new export destinations to promote Indian goods will be developed in the near future.

Several measures proposed by different ministries will be prepared and implemented in the coming days after consultation with all stakeholders.

PM directed that a group of ministers and secretaries be created to work dedicatedly in a whole of government approach. PM also instructed for sectoral groups to work in consultation with all stakeholders.

PM said that the conflict is an evolving situation and the entire world is affected in some form. In such a situation, all efforts must be made to safeguard the citizens from the impact of this conflict. PM instructed that all arms of government should work together to ensure least inconvenience to the citizens. PM also asked for proper coordination with state governments to ensure no black-marketing and hoarding of important commodities.