Releases commemorative coin and postal stamp in honour of Sri Aurobindo
“1893 was an important year in the lives of Sri Aurobindo, Swami Vivekananda and Mahatma Gandhi”
“When motivation and action meet, even the seemingly impossible goal is inevitably accomplished”
“Life of Sri Aurobindo is a reflection of ‘Ek Bharat Shreshtha Bharat’
“Kashi Tamil Sangamam is a great example of how India binds the country together through its culture and traditions”
“We are working with the mantra of ‘India First’ and placing our heritage with pride before the entire world”
“India is the most refined idea of human civilization, the most natural voice of humanity”

নমস্কাৰ!

শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী বৰ্ষৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আপোনালোক সকলোকে মই হৃদয়ৰে অভিনন্দন জনাইছো। এই পূণ্য সময়ত মই সকলো দেশবাসীকো বহুত বহুত শুভকামনা জনাইছো। শ্ৰী অৰবিন্দৰ ১৫০তম জন্মবৰ্ষ সমগ্ৰ দেশৰ বাবে এটা ঐতিহাসিক উপলক্ষ। তেওঁৰ প্ৰেৰণা, তেওঁৰ বিচাৰসমূহ আমাৰ নতুন প্ৰজন্মলৈ লৈ যাবৰ বাবে দেশে এই সমগ্ৰ বছৰটো বিশেষভাৱে পালন কৰাৰ সংকল্প লৈছিল। ইয়াৰ বাবে এখন বিশেষ উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছিল। সংস্কৃতি মন্ত্ৰালয়ৰ নেতৃত্বত বহুত ভিন ভিন কাৰ্যক্ৰম হৈ আছে। এই ক্ৰমতে পুডুচেৰীৰ মাটিত, যি মহৰ্ষিৰ নিজৰ তপোস্থলীও, আজি ৰাষ্ট্ৰই তেওঁক আৰু এক কৃতজ্ঞ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰি আছে। আজি শ্ৰী অৰবিন্দৰ ওপৰত এটা স্মৃতি মুদ্ৰা আৰু পোষ্টেল ষ্টাম্পো জাৰি কৰা হৈছে। মোৰ বিশ্বাস যে শ্ৰী অৰবিন্দৰ জীৱন আৰু তেওঁৰ শিক্ষাৰ পৰা প্ৰেৰণা লৈ ৰাষ্ট্ৰৰ এই প্ৰয়াসে আমাৰ সংকল্পক এটা নতুন শক্তি দিব, নতুন বল দিব।

 

বন্ধুসকল,

ইতিহাসত বহুবাৰ এটাই কালখণ্ডত কেইবাটাও অদ্ভূত ঘটনা একেলগে হয়। কিন্তু, সাধাৰণতে তাক কেৱল এটা সংযোগ বুলি ভবা হয়। মই ভাবো, যেতিয়া এনেধৰণৰ সংযোগ হয়, তাৰ অন্তৰালত কিবা নহয় কিবা যোগ শক্তিয়ে কাম কৰে। যোগ শক্তি, অৰ্থাৎ এক সামূহিক শক্তি, সকলোকে একত্ৰিত কৰা শক্তি! আপোনালোকে চাওক, ভাৰতৰ ইতিহাসত এনে বহু মহাপুৰুষ হৈছে, যি স্বাধীনতাৰ ভাবো শক্তিশালী কৰিলে আৰু আত্মাকো পুনৰ্জীৱন দিলে। ইয়াৰে তিনিজন- শ্ৰী অৰবিন্দ, স্বামী বিবেকানন্দ আৰু মহাত্মা গান্ধী, এনেধৰণৰ মহাপুৰুষ, যাৰ জীৱনৰ সবাতোকৈ মহত্বপূৰ্ণ ঘটনাৰাজি এটা সময়তে ঘটিলে। এই ঘটনাৰাজিৰে এই মহাপুৰুষসকলৰ জীৱনো সলনি হ'ল আৰু ৰাষ্ট্ৰ জীৱনলৈও ডাঙৰ পৰিৱৰ্তন আহিল। ১৮৯৩ত ১৪ বছৰৰ পাছত শ্ৰী অৰবিন্দ ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতে। ১৮৯৩তে স্বামী বিবেকানন্দ বিশ্ব ধৰ্ম সংসদত নিজৰ বিখ্যাত ভাষণৰ বাবে আমেৰিকালৈ যায়। আৰু, এই বছৰতে গান্ধীজী দক্ষিণ আফ্ৰিকালৈ যায় য'ৰ পৰা তেওঁৰ মহাত্মা গান্ধী হোৱাৰ যাত্ৰা আৰম্ভ হয়, আৰু পিছলৈ দেশে স্বাধীনতাৰ মহানায়ক পালে।

ভাতৃ ভগ্নীসকল,

আজি এবাৰ আকৌ আমাৰ ভাৰত একেলগে এনেকুৱাই বহু সংযোগৰ সাক্ষী হৈ আছে। আজি যি সময়ত দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে, অমৃত কালৰ আমাৰ যাত্ৰা আৰম্ভ হৈছে, সেই সময়তে আমি শ্ৰী অৰবিন্দৰ ১৫০তম জয়ন্তী পালন কৰি আছো। এই কালখণ্ডতে আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তীৰ দৰে সময়ৰ সাক্ষীও হৈছো। যেতিয়া প্ৰেৰণা আৰু কৰ্তব্য, মোটিভেশ্যন আৰু একশ্যন একেলগে মিলি যায়, তেতিয়া অসম্ভৱ লক্ষ্যও অৱশ্যম্ভাৱী হৈ যায়। স্বাধীনতাৰ অমৃতকালত আজি দেশৰ সফলতা, দেশৰ প্ৰাপ্তি আৰু 'সবকা প্ৰয়াস'ৰ সংকল্প এই কথাৰ প্ৰমাণ।

 

বন্ধুসকল,

শ্ৰী অৰবিন্দৰ জীৱন এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতিবিম্ব। তেওঁৰ জন্ম বেংগলত হৈছিল কিন্তু তেওঁৰ বেংগলী, গুজৰাটী, মাৰাঠী, হিন্দী আৰু সংস্কৃত সহ কেইবাটাও ভাষাৰ জ্ঞান আছিল। তেওঁৰ জন্ম যদিও বেংগলত হৈছিল, কিন্তু নিজৰ বেছিভাগ জীৱন তেওঁ গুজৰাট আৰু পুডুচেৰীত কটায়। তেওঁ য'লৈকে গ'ল, তাত নিজৰ ব্যক্তিত্বৰ গভীৰ ছাপ ৰাখিলে। আজি আপোনালোকে দেশৰ যিকোনো অংশলৈ গ'লে, মহৰ্ষি অৰবিন্দৰ আশ্ৰম, তেওঁৰ অনুগামী, তেওঁৰ প্ৰশংসক সকলো ঠাইত পাব। তেওঁ আমাক দেখুৱালে যে যেতিয়া আমি আমাৰ সংস্কৃতিক জানি লওঁ, জীৱলৈ লওঁ তেতিয়া আমাৰ বিবিধতা আমাৰ জীৱনৰ সহজ উৎসৱ হৈ পৰে।

বন্ধুসকল,

এয়া স্বাধীনতাৰ অমৃত কালৰ বাবে বহুত ডাঙৰ প্ৰেৰণা। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ইয়াতকৈ উত্তম অনুপ্ৰেৰণা কি হ'ব পাৰে? কেইদিনমানৰ আগতে মই কাশীলৈ গৈছিলো। তাত কাশী-তামিল সংগম কাৰ্যক্ৰমৰ অংশ হোৱাৰ সুযোগ পাইছিলো। এয়া অদ্ভূত আয়োজন। ভাৰতে কেনেকৈ নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ মাধ্যমত অটুট আছে, অটল, এয়া আমি সেই উৎসৱত দেখিবলৈ পালো। আজিৰ যুৱক যুৱতীয়ে কি ভাবে, এয়া কাশী-তামিল সংগমত দেখিবলৈ পালো। আজি সমগ্ৰ দেশৰ যুৱসমাজ ভাষা-ভূষণৰ আধাৰত ভেদ কৰা ৰাজনীতিক পিছত এৰি, এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ৰাষ্ট্ৰনীতিৰে অনুপ্ৰাণিত। আজি যি সময়ত আমি শ্ৰী অৰবিন্দক স্মৰণ কৰি আছো, আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছো, সেই সময়ত আমি কাশী-তামিল সংগমৰ ভাবনাৰ বিস্তাৰ কৰিব লাগিব।

 

বন্ধুসকল,

মহৰ্ষি অৰবিন্দৰ জীৱনক যদি আমি ওচৰৰ পৰা চাওঁ, তেন্তে তাত আমি ভাৰতৰ আত্মা আৰু ভাৰতৰ বিকাশ যাত্ৰাৰ মৌলিকতা দেখা পাওঁ। অৰবিন্দ এনে ব্যক্তিত্ব আছিল- যাৰ জীৱনত আধুনিক শোধো আছিল, ৰাজনৈতিক প্ৰতিৰোধো আছিল, আৰু ব্ৰহ্ম বোধো আছিল। তেওঁৰ লিখা-পঢ়া ইংলেণ্ডৰ ভালৰো ভাল প্ৰতিষ্ঠানত হ'ল। তেওঁ সেই সময়ৰ সবাতোকৈ আধুনিক পৰিৱেশ পাইছিল, গ্লবেল exposure পাইছিল। তেওঁ নিজেও আধুনিকতাক সিমানেই মুকলি মনেৰে অংগীকাৰ কৰে। কিন্তু, একেদৰেই অৰবিন্দই দেশলৈ উভতি আহি ইংৰাজী শাসনৰ প্ৰতিৰোধৰ নায়ক হৈ পৰে। তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে স্বাধীনতা সংগ্ৰামত পূৰামাত্ৰাই ভাগ লয়। তেওঁ সেইসকল আৰম্ভণিৰ স্বতন্ত্ৰতা সেনানীৰ অন্যতম আছিল যি মুকলিকৈ পূৰ্ণ স্বৰাজৰ কথা কৈছিল, কংগ্ৰেছৰ ইংৰাজ-পৰস্ত নীতিৰ মুকলিকৈ আলোচনা কৰিছিল। তেওঁ কৈছিল- "যদি আমি নিজৰ ৰাষ্ট্ৰৰ পুনৰনিৰ্মাণ বিচাৰো তেন্তে আমি কান্দি থকা শিশুৰ দৰে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ আগত থেনথেনোৱা বন্ধ কৰিব লাগিব।"

বংগ ভংগৰ সময়ত অৰবিন্দই যুৱক যুৱতীসকলক মকৰল কৰে, আৰু ধ্বনি দিয়ে- No compromise! কোনো আপোচ নহ'ব! তেওঁ 'ভৱানী মন্দিৰ' নামেৰে pamphlet ছপোৱায় , নিৰাশাত আচ্ছন্ন মানুহক সাংস্কৃতিক ৰাষ্ট্ৰৰ দৰ্শন কৰোৱায়। এনে চিন্তাৰ স্পষ্টতা, এনে সাংস্কৃতিক দৃঢ়তা আৰু এই ৰাষ্ট্ৰভক্তি! সেয়ে সেই সময়ৰ মহান স্বতন্ত্ৰতা সেনানী শ্ৰী অৰবিন্দক নিজৰ প্ৰেৰণাৰ স্ৰোত বুলি গণ্য কৰিছিল। নেতাজী সুভাষৰ দৰে ক্ৰান্তিকাৰীয়ে তেওঁক নিজৰ সংকল্পৰ প্ৰেৰণা বুলি গণ্য কৰিছিল। আনহাতে, যদি আপোনালোকে তেওঁৰ জীৱনৰ বৌদ্ধিক আৰু আধ্যাত্মিক গভীৰতালৈ লক্ষ্য কৰে, তেন্তে আপোনালোকে সিমানেই গম্ভীৰ আৰু মনস্বী ঋষি দেখা পাব। তেওঁ আত্মা আৰু পৰমাত্মাৰ দৰে গম্ভীৰ বিষয়ৰ ওপৰত প্ৰবচন কৰিছিল, ব্ৰহ্ম তত্ত্ব আৰু উপনিষদৰ ব্যাখ্যা কৰিছিল। তেওঁ জীৱ আৰু ঈশৰ দৰ্শনত সমাজসেৱাৰ সূত্ৰ সংযোগ কৰে। নৰৰ পৰা নাৰায়ণলৈকে কেনেকৈ যাত্ৰা কৰিব পাৰি, এয়া আপুনি শ্ৰী অৰবিন্দৰ শব্দেৰে অতি সহজেই শিকিব পাৰে। এয়াই ভাৰতৰ সম্পূৰ্ণ চৰিত্ৰ, য'ত অৰ্থ আৰু কামৰ ভৌতিক সামৰ্থ্যও আছে, য'ত ধৰ্ম অৰ্থাৎ কৰ্তব্যৰ অদ্ভূত সমৰ্পণো আছে, আৰু মোক্ষ অৰ্থাৎ আধ্যাত্মৰ ব্ৰহ্ম-বোধো আছে। সেয়ে, আজি অমৃত কালত যি সময়ত দেশে আকৌ এবাৰ নিজৰ পুনৰনিৰ্মাণৰ বাবে অগ্ৰসৰ হৈছে, সেয়ে এই সমগ্ৰতাই আমাৰ 'পঞ্চ প্ৰণ'ত উদ্ভাসিত হয়। আজি আমি এখন বিকশিত ভাৰত গঢ়িবলৈ সকলো আধুনিক চিন্তাক, best practicesক স্বীকাৰ আৰু অংগীকাৰ কৰি আছো। আমি কোনো আপোচ নকৰাকৈ, কোনো দৈন্য-ভাব নোহোৱাকৈ 'ইণ্ডিয়া ফাৰ্ষ্ট' মন্ত্ৰক সন্মুখত ৰাখি কাম কৰি আছো। আৰু লগতে, আজি আমি আমাৰ ঐতিহ্যক, আমাৰ পৰিচয়কো সিমানেই গৰ্বেৰে পৃথিৱীৰ সন্মুখত দাঙি ধৰিছো।

ভাতৃ ভগ্নীসকল,

মহৰ্ষি অৰবিন্দৰ জীৱনে আমাক ভাৰতৰ আৰু এটা শক্তি উপলব্ধি কৰায়। দেশৰ এই শক্তি, 'স্বাধীনতাৰ এই প্ৰাণ' আৰু সেই দাসত্বৰ মানসিকতাৰ পৰা মুক্তি! মহৰ্ষি অৰবিন্দৰ পিতৃয়ে আৰম্ভণিতে ইংৰাজী প্ৰভাৱত তেওঁক ভাৰত আৰু ভাৰতৰ সংস্কৃতিৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰাখিব বিচাৰিছিল। তেওঁ ভাৰতৰ পৰা কেইবাহাজাৰ মাইল দূৰৰ ইংৰাজী পৰিৱেশত দেশৰ পৰা সম্পূৰ্ণৰূপত আঁতৰি থাকে। কিন্তু, যেতিয়া তেওঁ ভাৰতলৈ উভতে, যেতিয়া তেওঁ জে'লত গীতাৰ সংস্পৰ্শলৈ আহে, তেতিয়া সেই অৰবিন্দই ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ শক্তিশালী আৱাজ হৈ ওলায়। তেওঁ শাস্ত্ৰসমূহ অধ্যয়ন কৰে। ৰামায়ণ, মহাভাৰত আৰু উপনিষদৰ পৰা আৰম্ভ কৰি কালিদাস, ভৱভূতি আৰু ভৰ্তহৰিলৈকে গ্ৰন্থসমূহ অনুবাদ কৰে। যি অৰবিন্দক যুৱাৱস্থাত ভাৰতীয়তাৰ পৰা দূৰত ৰখা হৈছিল, মানুহে এতিয়া তেওঁৰ চিন্তাৰাজিত ভাৰতক দেখা পাবলৈ ল'লে। এয়াই ভাৰত আৰু ভাৰতীয়তাৰ আচল শক্তি। তাক নোহোৱা কৰিবলৈ কোনোবাই যিমানেই চেষ্টা নকৰক কিয়, তাক আমাৰ ভিতৰৰ পৰা উলিওৱাৰ যিমানেই চেষ্টা নকৰক কিয়, ভাৰত সেই অমৰ বীজ যি বিপৰীতৰো বিপৰীত পৰিস্থিতিত অলপ দবিব পাৰে, অলপ মুজৰিব পাৰে, কিন্তু মৰিব নোৱাৰে সি অজেয়, অমৰ। কিয়নো, ভাৰত মানৱ সভ্যতাৰ সকলোতকৈ পৰিষ্কাৰ বিচাৰ, মানৱতাৰ সকলোতকৈ স্বাভাৱিক স্বৰ। ই মহৰ্ষি অৰবিন্দৰ সময়তো অমৰ আছিল, আৰু ই আজিও স্বাধীনতাৰ অমৃত কালতো অমৰ। আজি ভাৰতৰ যুৱক যুৱতীয়ে নিজৰ সাংস্কৃতিক স্বাভাৱিকতাৰে ভাৰতৰ জয় ঘোষণা কৰি আছে। পৃথিৱীত আজি ভীষণ প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানসমূহৰ সমাধানত ভাৰতৰ ভূমিকা মহত্বপূৰ্ণ। সেয়ে মহৰ্ষি অৰবিন্দৰ পৰা প্ৰেৰণা লৈ আমি নিজক সাজু কৰিব লাগিব। সকলোৰে প্ৰয়াসত বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব। এবাৰ আকৌ মহৰ্ষি অৰবিন্দক নমন কৰি আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
For India, AI is 'All Inclusive' , mustbe human-centric: PM Modi

Media Coverage

For India, AI is 'All Inclusive' , mustbe human-centric: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of knowledge, wisdom and foresight
June 19, 2026

The Prime Minister, Shri Narendra Modi has said that virtues such as knowledge, wisdom and foresight are the foundation of success in life. He noted that a person enriched with these qualities is able to overcome even the most difficult challenges and emerge victorious.

The Prime Minister shared a Sanskrit Subhashitam-

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

The Subhashitam conveys that authentic knowledge of the subject, natural prudence, fearless self-confidence, powerful speech refined through practice, foresight to recognize the demands of the time and ever-new wisdom, these six qualities prove to be like 'kamadhenu' in every endeavor of a human being, which helps in achieving every goal.

The Prime Minister wrote on X;

“ज्ञान, विवेक और दूरदर्शिता जैसे सद्गुण जीवन में सफलता का प्रमुख आधार हैं। इनसे समृद्ध व्यक्ति कठिन से कठिन चुनौतियों में भी विजयी होता है।

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”