ব্লুমবাৰ্গ নতুন অৰ্থনীতি সন্মিলনত অংশগ্ৰহণ কৰা মিঃ মাইকেল ব্লুমবাৰ্গ, চিন্তাবিদ, উদ্যোগসমূহৰ কেপ্টেইন, বিশিষ্ট ব্যক্তিসকল।

মাইকেল আৰু তেওঁৰ টীমে ব্লুমবাৰ্গ ফিলানথ্ৰ’পিছত কৰা লক্ষ্যণীয় কৰ্মৰাজিৰ বাবে মই শলাগ লৈছো। ভাৰতৰ স্মাৰ্ট টিটি অভিযানৰ ৰূপৰেখা অংকনত এই টীমটোৱে অতি উত্তম সহযোগিতা আগবঢ়াইছে।

বন্ধুসকল,

আমি আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বিন্দুত উপনীত হৈছো। বিশ্বখনৰ মুঠ নাগৰিকৰ আধাতকৈয়ো অধিক লোকে ইতিমধ্যে নগৰ অঞ্চলসমূহত বসবাস কৰিবলৈ সক্ষম হৈছে. পৰৱৰ্তী দুটা দশকত, ভাৰত আৰু আফ্ৰিকাৰ কিছুমান ৰাষ্ট্ৰই নগৰীকৰণৰ বৃহৎ ঢৌ প্ৰত্যক্ষ কৰিব। কিন্তু ক’ভিড-১৯ মহামাৰীটোৱে বিশ্বখনৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ই আমাক দেখুৱাই দিছে আমাৰ বিকাশৰ ইঞ্জিনস্বৰূপ মহানগৰসমূহ প্ৰৱণ অঞ্চল হিচাপে। এই মহামাৰীটোৰ আৰম্ভণিৰেপৰা বিশ্বখনৰ বহু মহানগৰেই অতিশয় মন্দা অৰ্থনীতিৰ মুখামুখি হ’বলগীয়া হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই মহানগৰসমূহত বসবাস কৰিবলৈ যোৱাতেই এটা প্ৰশ্নবোধকৰ সৃষ্টি হৈ পৰিছে। পূৰ্বৰ দৰে জন সমাগম, ক্ৰীড়া আদি, শিক্ষা আৰু বিনোদন আদি হোৱা নাই। কেনেকৈ পুনৰ আৰম্ভ কৰিব সিয়েই সমগ্ৰ বিশ্ববাসীৰ সন্মুখত ডাঙৰ প্ৰশ্ন হৈ উঠিছে। ‘ৰিছেট’ অবিহনে পুনৰ আৰম্ভ (restart) সম্ভৱ হৈ নুঠিব। এয়া হৈছে ‘মাইণ্ডছেট’ৰ ‘ৰিছেট’। এয়া হৈছে ‘প্ৰচেছ’ৰ ‘ৰিছেট’। আৰু এয়া হৈছে ‘প্ৰেক্টিছ’ৰ ‘ৰিছেট’।

বন্ধুসকল,

মই ভাবো দুখন বিশ্ব যুদ্ধৰ পাছত এই ইতিহাস পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাই আমাক বহু শিক্ষা দিব পাৰিব। বিশ্ব যুদ্ধৰ পাছত, সমগ্ৰ বিশ্বখনেই এখন নতুন বিশ্বৰ দিশে কাম কৰিছিল। নতুন প্ৰট’কলৰ উদ্ভাৱন কৰা হৈছিল আৰু বিশ্বখন সলনি হৈ পৰিছিল। ক’ভিড-১৯ য়েও প্ৰতিখন ক্ষেত্ৰতে নতুন প্ৰট’কল উদ্ভাৱনৰ এটা সুযোগ আমাক প্ৰদান কৰিছে। যদি আমি ভৱিষ্যতৰ বাবে উন্নত স্থিতিস্থাপক চিষ্টেমত থাকিব খুজিছো, তেন্তে বিশ্বখনে এই সুযোগ গ্ৰহণ কৰিবই লাগিব। আমি বিশ্বখনৰ ক’ভিড পৰৱৰ্তী প্ৰয়োজনীয়তাসমূহৰ কথা ভাবিব লাগিব। আমাৰ নগৰীয়া কেন্দ্ৰসমূহত এটা ভাল আৰম্ভণি বিন্দু প্ৰোথিত কৰিব লাগিব।

বন্ধুসকল,

ইয়াত, মই ভাৰতীয় মহানগৰসমূহৰ ধনাত্মক দিক প্ৰকাশ কৰিব খুজিছো। এই জটিল সময়ছোৱাত ভাৰতীয় মহানগৰসমূহে অতুলনীয় উদাহৰণ দাঙি ধৰিলে। লকডাউন ব্যৱস্থাৰ বিৰুদ্ধে বিশ্ব-জুৰি স্থিতিস্থাপকতাৰ ঘটনা সংঘটিত হৈছিল। তথাপি, ভাৰতীয় মহানগৰসমূহে এই প্ৰতিৰোধী ব্যৱস্থাসমূহ পালন কৰিছিল। ইয়াৰ কাৰণ হৈছে, আমাৰ বাবে, আমাৰ মহানগৰসমূহৰ সৰ্ববৃহৎ বিল্ডিং ব্লকসমূহ কংক্ৰিট নাছিল, ইয়াত আছিল সমাজৰ সহযোগ। এই মহামাৰীয়ে সমাজ হিচাপে, ব্যৱসায় হিচাপে আমাৰ জনসাধাৰণৰ সৰ্ববৃহৎ সম্পদকে পুনৰাই গুৰত্ব আৰোপ কৰিলে। ক’ভিড-পৰৱৰ্তী বিশ্বখন এই মূল আৰু প্ৰাথমিক সম্পদসমূহেৰে নিৰ্মাণ কৰাটো উচিত। মহানগৰসমূহ হৈছে বিকাশৰ স্পন্দনশীল ইঞ্জিন। এই বহু-প্ৰত্যাশিত পৰিৱৰ্তনক চালিত কৰিবলৈ মহানগৰসমূহে শক্তি প্ৰয়োগ কৰিছে।

মহানগৰসমূহে জীৱিকা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে প্ৰায়েই ইয়ালৈ যায়। কিন্তু, ইয়াৰ অৰ্থ এইটো নহয় যে জনসাধাৰণৰ কামৰ বাবেই আমি মহানগৰসমূহ গঢ়ি তুলিম। আমাৰ মহানগৰসমূহক জনসাধাৰণে বসতি কৰিবলৈ অধিক উপযোগীকৈ গঢ় দিয়াৰ এটা সুযোগ ক’ভিড-১৯ এ প্ৰদান কৰিলে। ইয়াত অন্তৰ্ভুক্ত হৈছেঃ উত্তম হাউছিং সুবিধা, উত্তম কৰ্ম পৰিবেশ, চমু আৰু ফলপ্ৰসূ ভ্ৰমণ। লকডাউনৰ সময়ছোৱাত, বহু মহানগৰৰ সমীপৱৰ্তী হ্ৰদ ও নদী পৰিস্কাৰ একেদৰে বায়ু বিশুদ্ধ হৈ পৰিল। এই সময়ছোৱাত পূৰ্বে কেতিয়াও প্ৰত্যক্ষ নকৰা চৰাই-চিৰিকতি আমি দেখিবলৈ পালো। এনে ঘটনাসমূহ সদায়েই ঘটি থাকিব পৰাকৈ বহনক্ষম মহানগৰ আমি নিৰ্মাণ কৰিব নোৱাৰোনে? আমাৰ এয়াই হৈছে ভাৰতত নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ মূল আধাৰ, য’ত এখন মহানগৰৰ সা-সুবিধাসমূহ থাকিব কিন্তু গাঁৱৰ উদ্দীপনাৰে জীপাল হৈ থাকিব।

বন্ধুসকল,

মহামাৰীটোৰ সময়ছোৱাত, আমাৰ কাম-কাজ অব্যাহত ৰাখিবলৈ প্ৰযুক্তিয়েও আমাক সহায় কৰিলে। ভিডিঅ’-কনফাৰেন্সিঙৰ দৰে এটা সাধাৰণ টুলৰ জৰিয়তে মই বহু সভা অনুষ্ঠিত কৰিলো। তদুপৰি ই মোক দূৰত্বৰ সেতুবন্ধনত সহায় কৰিলে আৰু আপোনালোক সকলোৰে সৈতে কথা পাতিবলৈ সহায়ক হৈ উঠিল। অথচ, ই ক’ভিড-পৰৱৰ্তী বিশ্বখনৰ বাবে এটা আকৰ্ষণীয় প্ৰশ্নৰো অৱতাৰণা কৰিলে। ভিডিঅ’-কনফাৰেন্সিঙৰ দৰে ক’ভিড-সময়ৰ শিক্ষা আমি আগুৱাই নি থাকিম নে? বা এখন সন্মিলনত ভাগ ল’বলৈ আমি দেশে-দেশে ঘূৰি থাকিম নে? আৰবান চিষ্টেমত চাপ হ্ৰাস কৰাটো আমাৰ পচ্ছন্দৰ ওপৰত নিৰ্ভৰ কৰিব।

এই পচ্ছন্দসমূহে তদুপৰি আমাক উত্তম কৰ্ম-জীৱন সন্তুলন বৰ্তাই ৰখাত সহায় আগবঢ়াব। আজিৰ দিনত, জনসাধাৰণক যিকোনো স্থানৰপৰাই কাম কৰিবলৈ, যিকোনো স্থানতে বসতি কৰিবলৈ, যিকোনো স্থানৰপৰাই বৈশ্বিক যোগান শৃংখলত বৰঙণি যোগান ধৰিবলৈ সক্ষম কৰি তোলাটো অতিশয় প্ৰয়োজনীয়। ইয়াৰ বাবেই আমি প্ৰযুক্তি আৰু জ্ঞান-নিৰ্ভৰ সেৱা খণ্ডৰ অৰ্থে সৰলীকৃত নীতি-নিৰ্দেশনা ঘোষণা কৰিছো। ই ‘ৱৰ্ক ফ্ৰম হ’ম’ আৰু ‘ৱৰ্ক ফ্ৰম এনিহোৱেৰ’ক সমৃদ্ধ কৰি তুলিব।

বন্ধুসকল,

সাশ্ৰয়ী হাউছিঙৰ উপলব্ধতা অবিহনে আমাৰ মহানগৰসমূহ সমৃদ্ধ হ’ব নোৱাৰে। এই কথা অনুধাৱন কৰিয়েই, আমি ২০১৫ ত ‘হাউছিং ফৰ অল’ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছিলো। মই জনাবলৈ পাই সুখী যে আমি আমাৰ পথত বহু দূৰ আগবাঢ়ি গৈছো। আমি ২০২২ৰ নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বেই নগৰ অঞ্চলৰ প্ৰত্যাশী পৰিয়ালসমূহলৈ এক কোটিৰো অধিক অৰ্থাৎ ১০ নিযুতৰো অধিক ঘৰ প্ৰদান কৰিলো। মহামাৰীটোৰদ্বাৰা সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, আমি তদুপৰি সাশ্ৰয়ী ভাড়া ঘৰৰ ব্যৱস্থা হাতত ল’লো। আমি ৰিয়েল এষ্টেট ৰেগুলেশ্যন এক্টৰ প্ৰৱৰ্তন কৰিলো। ই ৰিয়েল এষ্টেট খণ্ডটোৰ গতি-ধাৰা ৰূপান্তৰিত কৰিলে। তদুপৰি, এই ব্যৱস্থাই ইয়াক অধিক গ্ৰাহক-মুখী আৰু স্বচ্ছ কৰি তুলিলে।

বন্ধুসকল,

স্থিতিস্থাপক মহানগৰ গঢ়ি তুলিবলৈ যাওঁতে বহনক্ষম চলাচলে মূল ভূমিকা পালন কৰে। ২৭ খন মহানগৰত মেট্ৰ’ ৰেলৰ কাম অব্যাহত আছে। ২০২২ ৰ ভিতৰত দেশখনত ১০০০ কিঃমিঃ মেট্ৰ’ ৰেল চিষ্টেম গঢ়ি তুলিবলৈ আমি বহুদূৰ আগুৱাই আহিলো। আমাৰ মেক ইন ইণ্ডিয়াই ঘৰুৱা সামৰ্থ্য নিৰ্মাণত আশাৰ সঞ্চাৰ কৰে। ই পৰিবহণ ব্যৱস্থাটোৰ অৰ্থে উৎপাদনকে সমৃদ্ধ কৰি তোলে। ই আমাৰ বহনক্ষম পৰিবহণৰ লক্ষ্যক সৰ্বাংগীনভাৱে বিকশিত কৰাত সহায় আগবঢ়াব।

বন্ধুসকল,

স্মাৰ্ট, সমৃদ্ধিশালী আৰু স্থিতিস্থাপক মহানগৰ এখনৰ যাত্ৰাত প্ৰযুক্তি হৈছে এটা প্ৰধান অনুঘটক। মহানগৰ এখনক ফলপ্ৰসূতাৰে পৰিচালনা কৰা আৰু কংক্ৰিট কমিউনিটি গঢ়ি তোলাত প্ৰযুক্তিয়ে সহায় কৰে। আমি এনে ভৱিষ্য়তত দৃষ্টি নিক্ষেপ কৰিছো য’ত শিক্ষা, হেল্থকেয়াৰ, শ্বপিং, ফুড এক্সপেৰিয়েঞ্চৰ গৰিষ্ঠভাগ অনলাইনৰ জৰিয়তে সমাধা হ’ব। আমাৰ মহানগৰসমূহে ফিজিকেল আৰু ডিজিটেল ৱৰ্ল্ডৰ সেতুবন্ধনলৈ সাজু হোৱাটো আৱশ্যকীয়। আমাৰ দুই কাৰ্যক্ৰম যথাঃ ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্ট-আপ ইণ্ডিয়া অভিযানে এই দিশত সামৰ্থ্য আহৰণ কৰাত সহায় আগবঢ়াইছে। আমি দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰ জৰিয়তে ১০০ খন স্মাৰ্ট চিটি বাছনি কৰি উলিয়াইছো। ই আছিল সহযোগিতা আৰু প্ৰতিযোগিতামূলক মৈত্ৰীতন্ত্ৰৰ দৰ্শনৰ বৰ্ধনৰ অৰ্থে ৰাষ্ট্ৰজোৰা প্ৰতিযোগিতা।

এই মহানগৰসমূহে প্ৰায় দুই লাখ কোটি টকা বা ৩০ বিলিয়ন ডলাৰৰ প্ৰকল্প যুগুত কৰি উলিয়ায়। আৰু প্ৰায় এক লাখ চল্লিশ হাজাৰ কোটি টকা বা ২০ বিলিয়ন ডলাৰৰ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিছে বা সম্পূৰ্ণ হোৱাৰ পথচ আছে। বহু মহানগৰতেই প্ৰযুক্তি, ইন্টিগ্ৰেটেড কমাণ্ড আৰু কনট্ৰল চেন্টাৰৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰয়োগ কৰা যায়। এই কেন্দ্ৰসমূহে সম্প্ৰতি প্ৰায়ভাগ মহানগৰতেই ক’ভিড পৰিস্থিতি পৰিচালনা কৰিবলৈ ৱাৰ-ৰুমৰ ভূমিকা পালন কৰি আছে।

সদৌ শেষত, মই আপোনালোক সকলোকে এটা কথা মনত পেলাই দিব খুজিছো। যদি আপোনালোকে নগৰীকৰণত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে ভাৰতত ইয়াৰ আকৰ্ষণীয় সুযোগ আছে। যদি আপোনালোকে মবিলিটিত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে ভাৰতত ইয়াৰ আকৰ্ষণীয় সুযোগ আছে। যদি আপোনালোকে উদ্ভাৱনত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে ভাৰতত ইয়াৰ আকৰ্ষণীয় সুযোগ আছে। যদি আপোনালোকে বহনক্ষম চলুচনত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে ভাৰতত ইয়াৰ আকৰ্ষণীয় সুযোগ আছে। এই সুযোগসমূহৰ সৈতে স্পন্দনশীল গণতন্ত্ৰৰ সমাহাৰ ঘটিব। ইয়াত ব্যৱসায় অনুকূল বাতাবৰণ আছে। ইয়াত আছে এখন বৃহৎ বজাৰ। ভাৰতক বিশ্বৰ পচ্ছন্দৰ বিনিয়োগ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰখনে কোনোধৰণৰ ক্ৰুটি নকৰে।

বন্ধুসকল,

নগৰ ৰূপান্তৰ যাত্ৰাটো ভাৰত আগবাঢ়ি গৈছে। মোৰ কোনো সন্দেহ নাই যে সকলো পক্ষ যথাঃ নাগৰিক সমাজ, শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ তথা অতিশয় গুৰুত্বপূৰ্ণ নাগৰিক আৰু সমাজৰ সহায়েৰে, আমি স্থিনিস্থাপক আৰু সমৃদ্ধিশালী বৈশ্বিক মহানগৰৰ সপোন পূৰ্ণ কৰিবলৈ সক্ষম হ’ম।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.