বন্ধুসকল,

আপোনালোকে বিগত ৩৬ ঘণ্টা একেৰাহে বিভিন্ন সমস্যাৰ সমাধানৰ কাম লাগি আছে৷

আপোনালোকৰ প্রাণশক্তিক ছেল্যুট জনাইছো৷ মই কাকো ভাগৰুৱা দেখা নাই, সকলো সতেজ অৱস্থাত আছে৷

মই এক সু-পৰিকল্পিত কাম সম্পন্ন কৰাৰ সন্তুষ্টি দেখিবলৈ পাইছো৷ মই ভাবো এই সন্তুষ্টি আহিছে চেন্নাইৰ বিশেষ প্রাতঃভোজন- ইদলি, ধোছা, বড়া সম্বৰৰ পৰা। চেন্নাই চহৰে যি আতিথ্য প্ৰদান কৰে, সেয়া অতুলনীয়। মই নিশ্চিত যে ছিংগাপুৰৰ পৰা অহা আমাৰ দর্শকসকলকে ধৰি প্ৰত্যেকেই চেন্নাইক উপভোগ কৰিছে৷

বন্ধুসকল,

মই হেকাথনৰ বিজয়ীসকলক অভিনন্দন জনাইছো৷ বিশেষকৈ মই ছাত্ৰবন্ধুসকলৰ লগতে প্ৰতিগৰাকী তৰুণ বন্ধু-যিসকল ইয়ালৈ আহিছে তেওঁলোকক অভিনন্দন জনাইছো৷ আপোনালোকৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ইচ্ছা আৰু কোনো সমস্যা সমাধানৰ লক্ষ্যৰ উৎসাহ, যি কোনো প্ৰতিযোগিতাৰ বিজয়ী হোৱাতকৈও বেছি গুৰুত্বপূর্ণ৷

মোৰ তৰুণ বন্ধুসকল, আজি আমি ইয়াত বহু সমস্যাৰ সমাধান কৰিলো। মোৰ বিশেষকৈ ভাল লাগিছে সেই কেমেৰাৰ মাধ্যমেৰে সমাধান বিচাৰি পোৱাৰ বিষয়টো-যি কেমেৰাই চিহ্নিত কৰিব পাৰে কোনে মনোযোগ দি কাম কৰিছে৷ আৰু জানে নে এইটো কি হ’ব? মই সংসদত আমাৰ অধ্যক্ষক এই কথা ক’ম আৰু মই নিশ্চিত সংসদৰ বাবে এইটো যথেষ্ট ভাল হ’ব৷

মোৰ মতে আপোনালোক সকলোৱেই বিজয়ী৷ কাৰণ আপোনালোক কোনোৱে ক্ষতিশংকা লৈ ভয় কৰা নাই৷ আপোনালোকে পৰিণাম চিন্তা নকৰি যিকোনো প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ পিছুৱাই অহা নাই৷

এই সুযোগতে মই ছিংগাপুৰৰ শিক্ষামন্ত্রী মি. ওং ইয়ে কুং আৰু নানিয়াং টেকনিকেল ইউনিভাৰ্চিটী (এনটিইউ) ধন্যবাদ জনাইছো। এখেতসকলৰ সহযোগিতা আৰু সমর্থনৰ ফলতে ভাৰত-ছিংগাপুৰ হেকাথন সফল হৈছে৷

দ্বিতীয় ভাৰত-ছিংগাপুৰ হেকাথনক সফল কৰি তোলাৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উদ্ভাৱন শাখা, আইআইটি মাদ্ৰাজ আৰু সর্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ সুন্দৰ কাম কৰিছে৷

মই যোৱা বছৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত মই এই যুটীয়া হেকাথনৰ প্ৰস্তাৱ দিছিলো৷ যোৱা বছৰ এই অনুষ্ঠানটো ছিংগাপুৰৰ নানিয়াং টেকনিকেল ইউনিভাৰ্চিটীত অনুষ্ঠিত হৈছিল৷ এই বছৰ আইআইটি মাদ্ৰাজৰ ঐতিহাসিক তথা আধুনিক চৌহদত হেকাথন অনুষ্ঠিত হৈছে৷

বন্ধুসকল.

যোৱা বছৰ মোক কোৱা হৈছিল যে এই হেকাথন এটি প্ৰতিযোগিতা। এইবছৰ প্ৰতিটো দলে উভয় দেশৰ ছাত্ৰ-ছাত্রীসকলে বিভিন্ন সমস্যাৰ সমাধান একেলগ হৈ কৰিছে৷ সেয়েহে মই কওঁ যে এয়া প্ৰতিযোগিতাৰ পৰা সহযোগিতালৈ ৰূপান্তৰিত হৈছে।

আমাৰ দুয়োখন দেশে একেলগে বিভিন্ন সমস্যাৰ মোকাবিলা কৰাৰ শক্তি ইয়াতে অন্তর্নিহিত আছে৷

বন্ধুসকল,

এই ধৰণৰ হেকাথন তৰুণ প্ৰজন্মৰ অতি গুৰুত্বপূর্ণ। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে প্ৰতিযোগীসকলে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে৷ সেয়েহে সেয়া এক নির্দিষ্ট সময়ৰ ভিতৰত কৰিব লগা হয়৷

অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ উদ্ভাৱনী ক্ষমতাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে৷ মই দৃঢ়ভাবে বিশ্বাস কৰো আজিৰ হেকাথনত যি সমাধান পোৱা গৈছে, এইবোৰৰ জৰিয়তে অনাগত দিনত নতুন  প্ৰচেষ্টা গঢ় লৈ উঠিব৷

ভাৰতত আমি বিগত কেইবা বছৰ ধৰি স্মার্ট ইণ্ডিয়া হেকাথন আয়োজন কৰি আহিছো৷

বিভিন্ন চৰকাৰী বিভাগ, উদ্যোগৰ সৈতে জড়িত ব্যক্তি তথা আগশাৰীৰ প্ৰতিষ্ঠানসমূহে একেলগে এই প্ৰচেষ্টা চামিল হয়। স্মার্ট ইণ্ডিয়া হেকাথনৰ পৰা আমি বিভিন্ন চিন্তাভাৱনা, পুঁজি আৰু তাৎক্ষণিক সমস্যাৰ সমাধান কৰো৷ একেদৰে মই আশা কৰো যে এই হেকাথনৰ পৰা নানিয়াং টেকনিকেল ইউনিভাৰ্চিটী, কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু এআইচিটিয়ে নতুন প্ৰচেষ্টা হাতত ল’ব৷

বন্ধুসকল,

বৰ্তমান ভাৰত ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিৰ দেশ হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ সেইবাবে উদ্ভাৱন আৰু নতুন প্ৰচেষ্টাৱলী অতি গুৰুত্বপূর্ণ। ইতিমধ্যে প্ৰথম তিনিটা পৰিৱেশ অনুকূল নতুন প্ৰচেষ্টাৰ ভিতৰত ভাৰতে স্থান নিগাজি কৰিছে। বিগত ৫ বছৰ ধৰি আমি উদ্ভাৱন তথা ইয়াৰ সৈতে জড়িত দিশবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত উৎসাহ যোগাইছো৷

অটল ইনোভেচন মিচন, প্ৰধানমন্ত্রী ৰিছার্চ ফেল’শ্বিপ, ষ্টার্টআপ ইণ্ডিয়া অভিযানৰ দৰে আঁচনিসমূহ একবিংশ শতিকাৰ ভাৰতৰ মূল আধাৰ৷ দেশে বিভিন্ন ক্ষেত্রত উদ্ভাৱনক উৎসাহ যোগোৱাৰ লক্ষ্যৰে কাম কৰি আহিছে। আমি যান্ত্ৰিক শিক্ষা,, কৃত্রিম বুদ্ধিমত্তা, ব্লকচেন ব্যৱস্থাৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলক যাতে আধুনিক প্ৰযুক্তিৰ সম্পর্কে অৱগত কৰাব পাৰো, সেই চেষ্টা অব্যাহত ৰাখিছো৷ উদ্ভাৱনৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লক্ষ্যৰে বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চশিক্ষাৰ গৱেষণালৈকে এক ব্যৱস্থাপনা গঢ়ি তোলা হৈছে।

বন্ধুসকল,

আমি উদ্ভাৱন আৰু তাক উৎসাহ যোগোৱাৰ ক্ষেত্রত দুটি বিষয় চিন্তা কৰিছো৷ প্ৰথমতে, আমি বিচাৰো জীৱনযাত্রাক সহজ কৰাৰ লক্ষ্যৰে ভাৰতৰ বিভিন্ন সমস্যাৰ সহজ সমাধানৰ পথ বিচাৰি উলিওৱা৷ দ্বিতীয়তে, আমি বিচাৰো ভাৰতে সমগ্ৰ বিশ্বৰ বিভিন্ন সমস্যাৰ সমাধানৰ পথ বিচাৰি উলিয়াওক৷

আমাৰ লক্ষ্য আৰু প্ৰতিশ্ৰুতি হ’ল আন্তঃৰাষ্ট্ৰীয় সমস্যাৱলীৰ ক্ষেত্ৰত ভাৰতে সমাধান সুত্ৰ উলিৱাক৷

আমি বিচাৰো ব্যয়সাপেক্ষৰ সমাধানৰ জৰিয়তে দুখীয়া ৰাষ্ট্ৰসমূহে বিভিন্ন চাহিদা পুৰণত সক্ষম হওক৷ ভাৰতীয় উদ্ভাৱনে দুখীয়া আৰু অৱহেলিত লোকসকলক সহায় কৰিব৷

বন্ধুসকল,

মই বিশ্বাস কৰো প্ৰযুক্তিয়ে দেশ-বিদেশৰ সীমা নাইকিয়া কৰি মানুহক ঐক্যবদ্ধ কৰে। মই মন্ত্রী ওঙৰ পৰামর্শৱলীক আদৰণী জনাইছো৷

এই সুযোগ মই এনটিইউ, ছিংগাপুৰ আৰু ভাৰত চৰকাৰৰ সহযোগিতাত এছিয়াৰ উৎসাহী দেশসমূহক লৈ এনে এক হেকাথন আয়োজন কৰাৰ প্ৰস্তাৱ দিছো৷

আহক ‘গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন’ৰ সমস্যাৰ সমাধানৰ লক্ষ্যৰে এছিয়াৰ দেশসমূহে তেওঁলোকৰ মগজুৰে প্ৰতিযোগিতাৰ মাধ্যমেৰে বিভিন্ন সমাধান বিচাৰি উলিয়াওক৷

শেষত মই আকৌ এই প্ৰচেষ্টা সফল কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰী তথা আয়োজকক অভিনন্দন জনাইছো।

আপোনালোক চেন্নাইতে আছে৷ এইখন চহৰ ইয়াৰ সংস্কৃতি, ঐতিহ্য আৰু খাদ্যৰ বাবে বিখ্যাত৷ মই ছিংগাপুৰৰ বন্ধুসকলকে ধৰি সকলো অংশগ্ৰহণকাৰীক অনুৰোধ জনাও, আপোনালোকে চেন্নাই ভ্ৰমণৰ সমান্তৰালবাৱে মহাৱলিপুৰম ভ্ৰমণ কৰক৷ তাত শিখ খোদিত কৰি নির্মিত বিখ্যাত মন্দিৰ আছে৷ এই স্থানক ইউনেস্ক’ই ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতি দিছে৷

ধন্যবাদ,

সকলোকে বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi