প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১২ ফেব্ৰুৱাৰী, ২০১৯) হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব। তাতেই প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯, মহিলা পঞ্চায়ত প্রধানসকলৰ সভাত অংশ গ্ৰহণ কৰি প্রধানমন্ত্রী স্বচ্ছ শক্তি ২০১৯ – ৰ পুৰস্কাৰ প্রদান কৰিব। প্রধানমন্ত্রীয়ে কুৰুক্ষেত্রে স্বচ্ছ সুন্দৰ শৌচালয় প্রদর্শনীটোও ভালকৈ চাব আৰু তাত আয়োজিত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীয়ে হাৰিয়ানাত একাধিক উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।

স্বচ্ছ শক্তি, ২০১৯ হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান, যাৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণত গ্রামীণ মহিলাসকলৰ অগ্রণী ভুমিকা জনচক্ষুত তুলি ধৰা। সমগ্ৰ দেশৰ পৰা অহা মহিলা পঞ্চায়ত প্রধানসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰিব। এই বছৰৰ স্বচ্ছ শক্তি অনুষ্ঠানৰ লক্ষ্য হৈছে মহিলাসকলৰ সবলীকৰণ। এইবছৰ প্রায় ১৫ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।

পানীয়, জল আৰু অনাময় মন্ত্ৰালয়ে হাৰিয়ানা চৰকাৰৰ সৈতে যৌথভাবে স্বচ্ছ শক্তি ২০১৯ আয়োজনৰ দায়িত্ব গ্ৰহণ কৰিছে। উদ্যোক্তাসকলে স্বচ্ছ ভাৰত অভিযানত গ্রামাঞ্চল তৃণমূল স্তৰৰ পৰা শ্ৰেষ্ঠতম বা শীৰ্ষ পৰ্যায়ৰ কামলৈ সকলোকে অৱগত কৰা হ’ব। অনুষ্ঠানত স্বচ্ছ ভাৰত আৰু তাতেই আৰম্ভ কৰা স্বচ্ছ সুন্দৰ শৌচালয় নামৰ অভিনৱ প্রচাৰানুষ্ঠানৰ সাফল্যসমূহ তুলি ধৰা হ’ব।

পটভূমি:

প্রসঙ্গক্ৰমে, প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৭ চনত প্রথমবাৰৰ বাবে গুজৰাটৰ গান্ধীনগৰত স্বচ্ছ শক্তি আঁচনিখন আৰম্ভ কৰা হৈছিল। আন্তর্জাতিক মহিলা দিৱসত অনুষ্ঠিত স্বচ্ছ শক্তি ২০১৭ কাৰ্যক্ৰমণিকাত সমগ্ৰ দেশৰ পৰা অহা প্ৰায় ৬ হেজাৰ মহিলা পঞ্চায়ত প্রধান গুজৰাটত একত্রিত হৈছিল।

ইয়াৰ পিছৰ বছৰতেই স্বচ্ছ শক্তি ২০১৮ উত্তৰ প্রদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ৮ হাজাৰ গৰাকী মহিলা পঞ্চায়ত প্রধান, ৩ হাজাৰ মহিলা স্বেচ্ছাকৰ্মী আৰু অন্যান্য ক্ষেত্রত জড়িত মহিলাসকলে স্বচ্ছ ভাৰত গঢ়ি তোলাৰ বাবে আগবঢ়োৱা অসাধাৰণ প্ৰয়াসক স্বীকৃতি দিয়া হ’ব।

এইবাৰ এই কাৰ্যসূচীৰ তৃতীয় পর্বটো কুৰুক্ষেত্রৰ পৰাই আৰম্ভ কৰা হ’ব।

তৃণমূল স্তৰত, গ্রামীণ মহিলাসকলে কেনেদৰে সমাজলৈ পৰিৱর্তন আনিবলৈ দূত হিচাপে কাম কৰিছে আৰু এখন স্বচ্ছ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত সমূখত থাকি নেতৃত্ব প্ৰদান কৰি মহিলাসকলৰ দ্বাৰা আৰম্ভ কৰা উদ্যোগসমূহেই হৈছে এই স্বচ্ছ শক্তি। দুই অক্টোবৰ, ২০১৪ তাৰিখে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে যি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল, সেই কাৰ্যসূচীৰ অধীনতে চলি থকা উদ্যোগসমূহৰো অংশ হিচাপে আছে এই আন্দোলন। স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য হৈছে দুই অক্টোবৰ, ২০১৯ৰ ভিতৰত এক পৰিচ্ছন্ন আৰু মুকলিত মলত্যাগ মুক্ত ভাৰত গঢ়ি তোলা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi