Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত সপত্নীক উপস্থিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প। পত্নী মেলানিয়া ট্ৰাম্পৰ সৈতে অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ট্ৰাম্প। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব ট্ৰাম্প।

উল্লেখ্য যে এই ভ্ৰমণকালতে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডীয়ে নতুন দিল্লীৰ লগতে আহমেদাবাদ, গুজৰাটত একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰতীয়-আমেৰিকান সমাজৰ ভালেমান লোকৰ সৈতে মত-বিনিময় কৰিব।

ভাৰত আৰু আমেৰিকাৰ মাজৰ বৈশ্বিক কৌশলপূৰ্ণ সম্পৰ্কৰ ভেটি হৈছে আস্থা, উমৈহতীয়া মূল্যবোধ, পাৰস্পৰিক শ্ৰদ্ধা আৰু বুজাবুজি, তাৰ লগতে দুয়োখন দেশৰে নাগৰিক সমাজৰ মাজত থকা বন্ধুত্বসুলভ মনোভাৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এই সম্পৰ্কই সকলো ক্ষেত্ৰতে অধিক বিস্তৃতি লাভ কৰিছে, বিশেষকৈ বাণিজ্য, প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বিদ্যুৎশক্তি, আঞ্চলিক আৰু বৈশ্বিক সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা আৰু জনসাধাৰণৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ দিশবোৰ এই কালছোৱাত উন্নত হৈছে। স্মৰ্তব্য যে মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ বাবে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পুনৰীক্ষণ কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিব আৰু দুয়োখন দেশৰ কৌশলপূৰ্ণ সম্পৰ্ক অধিক গাঢ় কৰি তুলিব।

 

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Mann KI Baat Quiz
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
India Nov factory growth hits 10-month high on strong demand - PMI

Media Coverage

India Nov factory growth hits 10-month high on strong demand - PMI
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM greets BSF personnel on their Raising Day
December 01, 2021
Share
 
Comments

The Prime Minister, Shri Narendra Modi has greeted the BSF personnel and their families on the occasion of BSF's Raising Day.

In a tweet, the Prime Minister said;

"On their Raising Day, greetings to the @BSF_India family. BSF is widely respected for its courage and professionalism. The force makes a significant contribution towards securing India and is also at the forefront of many humanitarian efforts in times of crisis and calamities."