‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ‘জৈনাচাৰ্য’ শ্ৰী বিজয় বল্লভ সুৰিশ্বেৰ জী মহাৰাজ’ৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নিৰ্মিত ‘ষ্টেচ্যু অব পীচ’ উন্মোচন কৰি দিয়া ভাষণত সন্ত সমাজৰ প্ৰতি এই আহ্বান জনাইছিল। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে “ভক্তি আন্দোলনে যেনেকৈ স্বতন্ত্ৰতা আন্দোলনৰ বুনিয়াদ ৰচনা কৰিছিল, ঠিক তেনেকৈয়ে দেশৰ সন্ত, মহন্ত, মহাত্মা আৰু আচাৰ্যসকলেও ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ভেটী তৈয়াৰ কৰিব পাৰে”। তেওঁ আধ্যাত্মিক গুৰসকলক তেওঁলোকৰ ভক্তসকলৰে হোৱা প্ৰবচন আৰু বাৰ্তালোচনাসমূহত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপক্ষে চৰ্চা কৰাৰ গোঁহাৰী জনাইছিল।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ সমৰ্থনত মন্তব্য কৰি শ্ৰী শ্ৰী ৰবি শংকৰে কয় যে তেওঁৰ সংগঠনৰ যুৱ সতীৰ্থসকলে এটা ‘এপ্’ বিকশিত কৰিছে আৰু দৈনন্দিন কাম-কাজত ব্যৱহৃত সা-সামগ্ৰীসমূহৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি সমৰ্থনৰ প্ৰতিশ্ৰুতি দোহাৰে।

বাবা ৰামদেৱেও ‘পটঞ্জলি’ আৰু তেওঁৰ অনুসৰণকাৰীসকলক ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰে সংযোজিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ আধ্যাত্মিক গুৰুসকলক যোগাযোগ ৰাখি চলি সকলোকে ‘ভেকল ফৰ লোকেল’ৰ পক্ষত একত্ৰিত হৈ কাম কৰাৰ গোঁহাৰী জনায়।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰেৰণ কৰা এক ‘টুইট বাৰ্তা’ত সদগুৰু জগ্গী বসুদেৱে উল্লেখ কৰে, “আত্মনিৰ্ভশীলতা এক শক্তিশালী আৰু সুস্থিৰ ৰাষ্ট্ৰৰ বাবে অতিকে গুৰুত্বপূৰ্ণ এক বুনিয়াদী সামৰ্থ্য। এয়া একাকী হৈ থিয় দিয়াৰ আকাংক্ষা নহয়, বৰং ৰাষ্ট্ৰীয় ঐক্যৰ স্বভাৱসুলভতাক সমৃ্দ্ধ কৰি পৃথিৱীৰ মাজত নিজক প্ৰতিস্থা কৰাৰহে প্ৰয়াস এয়া। এয়া সম্ভৱ হ’ব দয়বদ্ধ নাগৰিকৰ সহযোগিতাৰেহে”।

স্বামী অৱধানন্দই সকলো শীৰ্ষস্থানীয় আধ্যাত্মিক নেতাৰ সামূহিক সমৰ্থনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানক ‘অনুপ্ৰাণিত কৰিব পৰা বিধৰ’ বুলি অভিহিত কৰে।

ভাগৱত ব্যাখ্যাকাৰ তথা আধ্যাত্মিক ব্যক্তি দেৱকী নন্দন ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান প্ৰতি সঁহাৰি জনাই তেওঁৰ অনুগামীসকলে ‘ভোকেল ফৰ লোকেল’ক জীৱনৰ মন্ত্ৰ কৰি লোৱাৰ অংগীকাৰ কৰিছে।

বিভিন্ন আধ্য্যাত্মিক নেতাই প্ৰেৰণ কৰা বাৰ্তাসমূহত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ভোকেল ফৰ লোকেল’ অভিযানৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আৰু প্ৰশংসা ধ্বনি উচ্চাৰিত হোৱা পৰিলক্ষিত হৈছে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit

Media Coverage

PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2026
March 25, 2026

PM Modi’s Blueprint for a Stronger India: Empowerment, Infrastructure & Economic Resilience in Action