প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন সাৰ্থক কৰিবলৈ চৰকাৰে গাওঁ আৰু চহৰৰ আন্তঃগাথনি, ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বস্ত্ৰশিল্প, প্ৰযুক্তি আৰু পৰ্যটনৰ  ওপৰত গুৰুত্ব দিছে৷ এই খণ্ডসমূহক আগুৱাই নিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ মেক  ইন ইণ্ডিয়াক গতি প্ৰদান কৰিবলৈ কৰ গাঁথনিকে ধৰি সকলো প্ৰক্ৰিয়া সৰল কৰা হৈছে৷ এই ব্যৱস্থাই দেশৰ নিৰ্মাণ খণ্ডলৈ নতুন উদ্যম কঢ়িয়াই আনিছে৷ বেংকৰ একত্ৰীকৰণ নীতিৰ ফলত ইতিমধ্যে ফলদায়ক পৰিণাম দেখিবলৈ পোৱা গৈছে৷

সৰু চহৰসমূহ নতুন ভাৰতৰ ভেটিঃ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ সবাতোকৈ উচ্চাকাংক্ষী যুৱক-যুৱতীসকল সৰু চহৰত বাস কৰে, যিবোৰ হ’ল নতুন ভাৰতৰ ভেটি৷ “আজি ভাৰতৰ মুঠ ডিজিটেল লেনদেনৰ আধাৰো অধিক লেনদেন সৰু চহৰত হোৱা দেখা যায়৷ দেশত পঞ্জীভুক্ত হোৱা ষ্টাৰ্টআপৰ আধাৰো অধিক টায়াৰ-২, টায়াৰ-৩ চহৰত হৈ আছে৷ সেয়ে আমি টায়াৰ-২, টায়াৰ-৩ চহৰত দ্ৰুত গতিৰে আধুনিক আন্তঃগাথনি নিৰ্মাণত মনোনিৱেশ কৰিছো৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল সংযোগ ক্ষীপ্ৰগতিৰে আগবাঢ়িছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

 

২০২৪ৰ ভিতৰত পুনৰ ১০০ বিমানবন্দৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে উড়ান আঁচনিৰ অধীনত শেহতীয়াকৈ ২৫০সংখ্যক যাত্ৰাপথ মুকলি কৰা হৈছে৷ ই দেশৰ ২৫০খন সৰু চহৰত বিমান সেৱা সহজলভ্য আৰু সুচল কৰি তুলিছে৷ “স্বাধীনতাৰ পৰা ২০১৪লৈ দেশত মাত্ৰ ৬৫টা কাৰ্যক্ষম বিমানবন্দৰ আছিল৷ যোৱা ৫বছৰত ই বৃদ্ধি হৈ এতিয়া ১০০ৰো অধিক বিমানবন্দৰ হৈছে৷ আমাৰ লক্ষ্য হ’ল ২০২৪ৰ ভিতৰত পুনৰ ১০০টা বিমানবন্দৰ মুকলি কৰা৷ ইয়াৰে অধিকাংশ টায়াৰ-২, টায়াৰ-৩ চহৰত নিৰ্মাণ হ’ব৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Modiplomacy: A billion people, one brand

Media Coverage

Modiplomacy: A billion people, one brand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”