সেৱা সংকল্প প্ৰস্তাৱ

Published By : Admin | February 24, 2026 | 16:53 IST
ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক নতুন আৰম্ভণি
'সেৱা তীৰ্থ'ত প্ৰথম কেবিনেট বৈঠক।

আজি যুগাব্দ ৫১২৭

বিক্ৰম সংবত ২০৮২

শক সংবত ১৯৪৭

ফাগুন মাহ

শুক্ল পক্ষ

অষ্টমীৰ দিনটোত

২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত  প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় 'সেৱা তীৰ্থ'ত কেন্দ্ৰীয় কেবিনেটৰ  প্ৰথমখন ঐতিহাসিক বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক আৰু এই ভৱনটো নতুন ভাৰতৰ পুনৰ্গঠনৰ এক দৃশ্যমান প্ৰকাশ। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমি এনে এক  ভৱিষ্যতক আদৰণি জনাইছো যি ভৱিষ্যত  গঢ় দিবলৈ  শতিকাজোৰা শ্ৰমৰ প্ৰয়োজন হৈছিল। স্বাধীনতাৰ পিছৰ বহু কেইটা  দশক ধৰি চৰকাৰসমূহে চাউথ ব্লকৰ  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই দেশৰ উত্তৰাধিকাৰক লালন-পালন কৰি আহিছে আৰু ভৱিষ্যতৰ সোপন ৰচিছে । আমি এনে এখন ভাৰতৰ সপোন দেখিছিলো,  যিখন ভাৰতৰ  চিন্তাধাৰা থলুৱাৰ সৈতে সংপৃক্ত , ইয়াৰ ৰূপ আধুনিক আৰু ইয়াৰ সম্ভাৱনাও অসীম। আজি এই সেৱা তীৰ্থ সেই ধাৰণাৰেই  এক মূৰ্ত ৰূপ, যিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব।

আজিৰ উপলক্ষ্যৰ সৈতে সংগতি ৰাখি  আমি এই ঠাইখনৰ ইতিহাসকো স্মৰণ কৰিছো। ‘সেৱা তীৰ্থ’ এনে স্থানত  নিৰ্মাণ কৰা হৈছে, যি স্থানত  ব্ৰিটিছ যুগৰ অস্থায়ী বেৰেক আছিল।  নিষ্ক্ৰিয় হৈ পৰাৰ  পিছতো  সেইবোৰ স্থায়ী হৈ পৰিছিল । এতিয়া এই নিষ্ক্ৰিয় বেৰেক থকা স্থানেই   ৰাষ্ট্ৰীয় শাসনৰ সক্ৰিয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হোৱাটো নতুন ভাৰতৰ সজীৱতাৰ এক অনন্য প্ৰতীক হিচাবে চিহ্নিত হৈছে।

দাসত্বৰ যুগৰ আগতে ভাৰত এফালে বস্তুগত ভৱিষ্যৎ আৰু আনফালে মানৱীয় মূল্যবোধৰ বাবে পৰিচিত দেশ হিচাপে সৰ্বজনবিদিত  আছিল। সেৱা তীৰ্থৰ ধাৰণা এই দুয়োটা আদৰ্শৰেই  সংমিশ্ৰণ। সেৱা তীৰ্থত অন্তৰ্নিহিত মূল মনোভাৱ হৈছে এই কৰ্মক্ষেত্ৰখনক তীৰ্থস্থানৰ  দৰেই পবিত্ৰ কৰি তোলা, কৰ্তব্য, সেৱা আৰু সমৰ্পণৰ সংগম ঘটোৱা।

‘সেৱা তীৰ্থ’ত অনুষ্ঠিত এই প্ৰথমখন বৈঠকৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীসভাই নিজৰ সংকল্পৰ কথা  পুনৰবাৰ এইবুলি প্ৰকাশ কৰিছে যে ইয়াত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তই ১৪০ কোটি দেশবাসীৰ বাবে সেৱাৰ মনোভাৱেৰে অনুপ্ৰাণিত হ’ব আৰু দেশ  নিৰ্মাণৰ বিশাল লক্ষ্যৰ সৈতে জড়িত হ’ব।

আমাৰ বাবে সাংবিধানিক মূল্যবোধ হৈছে নাগৰিকৰ মৰ্যাদা, সমতা আৰু ন্যায়ৰ সৈতে শাসন ব্যৱস্থাক সংযোগ কৰাৰ এক  নৈতিক প্ৰতিশ্ৰুতিৰ প্ৰকাশ। ‘সেৱা তীৰ্থ’ৰ কৰ্ম সংস্কৃতি এই মনোভাবেৰেই পৰিচালিত হ’ব, য’ত প্ৰতিটো নীতি সংবিধানৰ মৌলিক মনোভাব অনুসৰি গ্ৰহণ কৰা  হ’ব আৰু প্ৰতিটো সিদ্ধান্তই যাতে  দেশবাসীৰ আকাংক্ষা পূৰণ কৰিব পাৰে  সেয়া নিশ্চিত কৰা হ’ব।

কেন্দ্ৰীয় কেবিনেটে নিজৰ সংকল্পৰ কথাই এইবুলি  পুনৰবাৰ প্ৰকাশ কৰিছে যে সেৱা তীৰ্থত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তই ‘নাগৰিক দেৱো ভৱ’ৰ মনোভাবেৰে  অনুপ্ৰাণিত হ’ব । এই স্থান ক্ষমতা প্ৰদৰ্শনৰ স্থান নহ’ব, বৰঞ্চ ই প্ৰতিগৰাকী  ভাৰতীয়ৰ সবলীকৰণৰ কেন্দ্ৰ হৈ পৰিব। ‘সেৱা তীৰ্থ’ৰ পৰা পৰিচালিত শাসনৰ প্ৰতিটো প্ৰচেষ্টাই  দেশৰ অন্তিমগৰাকী ব্যক্তিৰ জীৱন সৰল কৰি তোলাৰ  মনোভাবৰ সৈতে জড়িত হ’ব। আমি পুনৰ কওঁ যে  আমাৰ দৃষ্টিভংগী হৈছে আমি নাগৰিকৰ সংবেদনশীলতাৰ প্ৰতি স্বচ্ছ, সঁহাৰি জনাবলৈ সাজু  আৰু এনেদৰে সংবেদনশীল শাসন আৰ্হিক অধিক শক্তিশালী কৰি তুলিম।

‘সেৱা তীৰ্থ’ হৈছে এনে এক শাসনৰ আন্তঃগাঁথনি,  যিয়ে জড়তাৰ স্থানত গতিশীলতা, উদাসীনতাৰ স্থানত নিষ্ঠা আৰু সন্দেহৰ স্থানত  সমাধানৰ নিশ্চিতি প্ৰদান কৰিব।

এই দৃষ্টিভংগীৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা এটা বছৰত গ্ৰহণ কৰা সিদ্ধান্তই শাসন ব্যৱস্থাৰ উদ্দেশ্যক এক স্পষ্ট ৰূপ  প্ৰদান কৰিছে। লাখ লাখ নাগৰিকৰ জীৱনৰ পৰিৱৰ্তনে শাসন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা অধিক শক্তিশালী কৰি তুলিছে ।

বিগত দশকত দেশে ২৫ কোটিৰো অধিক নাগৰিকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰি অসম্ভৱক সম্ভৱ কৰি তুলিছে। এনে বহু কৃতিত্বৰ আঁৰত চৰকাৰৰ দূৰদৰ্শী চিন্তাধাৰা, সৰ্বাংগীন দৃষ্টিভংগী, অক্লান্ত পৰিশ্ৰম জড়িত হৈ আছে। দেশে আজি আয়ুষ্মান ভাৰতৰ জৰিয়তে লাখ লাখ লোকক স্বাস্থ্য সুৰক্ষা প্ৰদানৰ গৌৰৱ অৰ্জন কৰিছে । প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় ৮০ কোটি নাগৰিকক খাদ্য সুৰক্ষা প্ৰদান কৰি ক্ষুধাৰ অভিশাপৰ পৰা মুক্ত কৰা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণেৰে  লাখ লাখ পৰিয়াল তথা  মহিলাক এক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰা হৈছে। এইবোৰ পৰিসংখ্যাই এনে এক দিশৰ ইংগিত দিয়ে য’ত নীতিৰ চূড়ান্ত উদ্দেশ্য হৈছে নাগৰিকৰ জীৱন সৰল কৰি তোলা ।একেদৰে ৪০ নিযুতৰো অধিক ঘৰ নির্মাণ কৰাৰ ফলত  কোটি কোটি পৰিয়ালে আশ্ৰয় তথা নিৰাপত্তা লাভ  কৰিছে। জল জীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলৰ প্ৰায় ১২ কোটি ঘৰত নতুনকৈ খোৱাপানী যোগান ধৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই ভাৰতৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তনক এক নিৰন্তৰ সংস্কাৰৰ যাত্ৰা হিচাপে গ্ৰহণ কৰিছে । "নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন" মন্ত্ৰেৰে জি এছ টি, ডি বি টি, ডিজিটেল ইণ্ডিয়াৰ দৰে গ্ৰহণ কৰা সংস্কাৰৰ পদক্ষেপে  শাসন ব্যৱস্থাক অধিক স্বচ্ছ, অধিক কাৰ্যক্ষম আৰু অধিক নাগৰিককেন্দ্ৰিক কৰি তুলিছে। কৰৰ ব্যৱস্থাত ফেচলেছ নিৰূপণ প্ৰক্ৰিয়াই সততাক নিশ্চিত কৰাৰ লগতে প্ৰক্ৰিয়াটোৰ প্ৰতি সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰিছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে ভাৰতে আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ মাজত এক শক্তিশালী স্থানত নিজকে উপবিষ্ট কৰোৱাব পাৰিছে।

মন্ত্ৰীসভাই এই সংকল্প লৈছে  যে "সেৱা তীৰ্থ"ৰ নবীকৃত শক্তি তথা "ৰিফৰ্ম এক্সপ্ৰেছ"ৰ দ্ৰুত গতিৰে আমি অদূৰ ভৱিষ্যতে বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত ভাৰতৰ স্থান নিশ্চিত কৰিম ।আজি কেন্দ্ৰীয় মন্ত্ৰীসভাই  "উন্নত ভাৰত ২০৪৭"ৰ ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতি নিজকে পুনৰবাৰ উৎসৰ্গা কৰিছে। এয়া এক দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় যাত্ৰা, য’ত আজি গ্ৰহণ কৰা সিদ্ধান্তই আগন্তুক প্ৰজন্মৰ বাবে ভৱিষ্যত গঢ় দিব। "সেৱা তীৰ্থ"ৰ এই প্ৰথমখন বৈঠকে আমাক মনত পেলাই দিছে  যে উন্নয়নৰ লক্ষ্য যিমানেই বৃহৎ হ'ব, সিমানেই ইয়াৰ প্ৰতি আমাৰ দায়িত্ব গভীৰ হ'ব লাগিব। এই স্থান কেৱল এখন  আধুনিক কৰ্মক্ষেত্ৰ নহয়। ইয়াৰ লগতে  ই শাসন ব্যৱস্থাৰ এক নতুন কৰ্ম সংস্কৃতিৰো প্ৰতীক। ইয়াৰ আধুনিক প্ৰযুক্তি তথা  দক্ষ কৰ্ম পদ্ধতিৰ জৰিয়তে চৰকাৰৰ দক্ষতাই নতুন উচ্চতাস্পৰ্শ কৰিব। ইয়াৰ মাজেৰে যোৱা প্ৰতিটো ফাইল আৰু ইয়াত কাম কৰা প্ৰতিগৰাকী কৰ্মযোগীয়ে এই অনুভৱৰ দ্বাৰা অনুপ্ৰাণিত হ’ব যে তেওঁলোকৰ কাম দেশৰ শেষ ব্যক্তিজনৰো জীৱন সৰল কৰাৰ সৈতে জড়িত। কেন্দ্ৰীয় মন্ত্ৰীসভাই  সম্পদৰ বিবেচনাপূৰ্ণ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে দেশখনে বছৰ বছৰ ধৰি অনুভৱ কৰা সংস্কাৰৰ অবিৰত যাত্ৰাক ত্বৰান্বিত কৰাৰ সংকল্প লৈছে।

'সেৱা তীৰ্থ'ত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ঐতিহাসিক প্ৰথমখন   বৈঠকে এই বিশ্বাসক আৰু অধিক শক্তিশালী কৰি তুলিছে যে ভাৰত আজি পৰিৱৰ্তনৰ এক মাইলৰ খুঁটিতউপনীত হৈছে, য’ত নীতি, উদ্দেশ্য আৰু নেতৃত্বই উন্নত ভাৰতৰ দিশত আগবাঢ়িছে।

‘সেৱা তীৰ্থ’ৰ দ্বাৰা পৰিচালিত এই নতুন কৰ্ম সংস্কৃতিয়ে ভাৰতক সক্ষম, শক্তিশালী আৰু স্বাৱলম্বী দেশ  হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত  প্ৰগতিৰ ভেটি স্থাপন কৰিব।

আমি আস্থা প্ৰকাশ কৰিছো যে এখন শক্তিশালী ভাৰতৰ এই পুনৰ্নিৰ্মাণে বিশ্বত বিৰাজমান  অস্থিৰতাৰ সময়তো বিশ্ব শান্তিৰ বাবে নতুন বাট মুকলি কৰিব। উন্নত ভৱিষ্যতৰ বাবে নতুন গোলকীয়  ব্যৱস্থাত ভাৰতে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰিব।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই  ‘সেৱা তীৰ্থ’ক সংবেদনশীল, সঁহাৰিজনক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ বিশ্বজোৰা  উদাহৰণ হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। মন্ত্ৰীসভাই সংকল্প লৈছে যে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সমৃদ্ধিশালী, সক্ষম আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই চৌহদটো  জাতীয় আকাংক্ষাৰ এক শক্তিশালী কেন্দ্ৰবিন্দু হৈ উঠিব।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
President Droupadi Murmu Honours Cinema Legends and Unsung Heroes at Padma Awards 2026

Media Coverage

President Droupadi Murmu Honours Cinema Legends and Unsung Heroes at Padma Awards 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Keralam meets Prime Minister
May 26, 2026

Chief Minister of Keralam, Shri V D Satheesan met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Chief Minister of Keralam, Shri @vdsatheesan met Prime Minister @narendramodi.”